অন্যযুগ/


অপৰাজেয় অৰ্জুন ভোগেশ্বৰ বৰুৱা : সততা আৰু সাধনাৰে সুন্দৰ এক প্ৰেৰণাময় ব্যক্তিত্ব

 অংকুৰণ আৰ্ফ

 

জয়সাগৰ পুখুৰীৰ পাৰৰ জোনাক 

নামতিৰ পৰা শিৱসাগৰ নগৰলৈ প্ৰায় পোন্ধৰ কিলোমিটাৰ বাট৷ বাইকেৰে যাওঁ৷ মাজতে পাই যাওঁ জেৰেঙা; ঐতিহাসিক জেৰেঙা পথাৰ৷ যাৰ বুকুত যুগমীয়া স্বদেশ প্ৰেমৰ জ্যোতিৰে জিলিকে জয়সাগৰ পুখুৰী আৰু জয়দৌল৷ জয়সাগৰ বুলি ক’লেই মনটো এনেয়ে ভাল লাগি যায়৷ জয়সাগৰে অহৰহ বুকুত কঢ়িয়াই লৈ ফুৰিছে ঐতিহ্যৰ সুগন্ধি; কঢ়িয়াই ফুৰিছে এক অনন্য গৌৰৱ৷ অসম আৰু অসমীয়া জাতিৰ বাবে অতুলনীয় গৌৰৱ৷ এই ঈৰ্ষণীয় গৌৰৱৰ নাম হ’ল- ভোগেশ্বৰ বৰুৱা৷ কাৰণ এই ঐতিহ্যমণ্ডিত জয়সাগৰ পুখুৰীৰ পাৰৰ মাটিতে জন্ম হৈছিল অসমৰ অৰ্জুনগৰাকীৰ৷ তেখেতৰ পিতৃৰ নাম আছিল ভদ্ৰেশ্বৰ বৰুৱা আৰু মাতৃৰ নাম আছিল আইকণ বৰুৱা৷ শিৱসাগৰলৈ গ’লে মাজে সময়ে মই ছাৰৰ ঘৰত সোমাওঁ৷ ছাৰৰ সৈতে কথা হওঁ৷ ৰসিক ছাৰে লাহে লাহে কথাবোৰ কৈ যায়৷ আমাৰ আলাপত ভিন্ন প্ৰসংগ ওলায়৷ তেখেতৰ শৈশৱ, কৈশোৰ, যৌৱন আৰু জীৱনৰ বিভিন্ন কথা৷ তাহানিৰ শিৱসাগৰ আৰু আজিৰ শিৱসাগৰ৷ তাহানিৰ অসম আৰু আজিৰ অসম ইত্যাদি অনেক কথা৷ তেখেতৰ কথাৰ মাজত মই প্ৰত্যক্ষ কৰোঁ এক এৰিব নোৱাৰা ভালপোৱা তেখেতৰ জন্মভূমি জয়সাগৰৰ প্ৰতি আছে৷ থকাটো স্বাভাৱিক৷ কিয়নো জয়সাগৰ পুখুৰীৰ পাৰতে তেখেতৰ জন্ম হৈছে৷ তেখেতৰ শৈশৱৰ অনেক মনোৰম স্মৃতি এই জয়সাগৰ পুখুৰীৱে ধৰি ৰাখিছে আজিও সযতনে৷ জয়সাগৰ পুখুৰীটোতে দিনৰ দিনটো সাঁতুৰি নাদুৰি ইপাৰ সিপাৰ হোৱা শৈশৱৰ বহুতো সোণোৱালী সময় আজিও যেন পুখুৰীটোৰ প্ৰতিটোপাল পানীৰ মাজত গোপনে বিলীন হৈ আছে! তেখেতে কেইবাদিনো মোক জীৱনৰ কথা ক’বলৈ জয়সাগৰ পুখুৰীৰ পাৰলৈ লৈ গৈছে আৰু পুখুৰীটোৰ বিভিন্ন স্থান দেখুৱাই তাহানিৰ দিনবোৰৰ কথা কৈ যায় অহনিৰ্শে৷ ধুমুহাত কেনেকৈ তেখেতলোকৰ থকা বাঁহৰ ঘৰটোৰ ভাঙি পৰিছিল আৰু ভাগি উৰি অহা শিমলু ডালটোৰ জোঙা আগটোৰ পৰা কেনেকৈ তেখেতৰ জীৱন ৰক্ষা পৰিছিল৷ ১৯৫০ চনৰ বৰ ভূঁইকপৰ সময়ত তেখেতে পুখুৰীৰ পাৰৰ শিলচটাত আঁউজি থাকোতে কেনেকৈ জয়দৌলটো হাউলি ইফালে সিফালে গৈছিল আৰু পুখুৰীৰ পানী আহি পাৰত কিদৰে অলেখ মাছৰ সৈতে ছিটিকি পৰিছিল, ব্ৰিটিছ সৈনিকে কেনেকৈ মাছৰ আশাত জয়সাগৰ পুখুৰীৰ পাৰ কাটি পুখুৰী সিঁচিছিল আৰু ট্ৰাকে ট্ৰাকে মাছ আমেৰিকালৈ পঠাইছিল, পানী নোহোৱা শুকান জয়সাগৰ পুখুৰীৰ বুকুত কিদৰে ব্ৰিটিছ কেম্পৰ সৈনিকে ফুটবল খেলিছিল, একেৰাতিৰ ভিতৰতে ধাৰাসাৰ বৰষুণত কেনেদৰে জয়সাগৰ পুখুৰী পানীৰে উপচি পৰিছিল, কিদৰে তেখেতে সৈনিকবোৰৰ সান্নিধ্যত বন্দুক চলাবলৈ শিকিছিল, কেনেদৰে জয়সাগৰ পুখুৰীৰ পাৰতে সৈনিকবোৰক দেখি দেখি শিকা বিভিন্ন শাৰীৰিক অনুশীলনৰ যোগেদি নিজকে প্ৰস্তুত কৰাৰ ফলত কোনো ইণ্টাৰভিউ নিদিয়াকৈ পোনে-পোনে সৈনিকৰ চাকৰি লাভ কৰিবলৈ সক্ষম হৈছিল ইত্যাদি অনেক কথা তেখেতৰ মুখেৰে মই শুনিছিলোঁ৷ জয়সাগৰ পুখুৰীৰ পাৰতে দৌৰি দৌৰি এদিন এই দৌৰবিদজনেই লুইতপৰীয়া জাতিৰ বুকুলৈ কঢ়িয়াই আনিছিল সেই গৌৰৱৰ ক্ষণ৷ ধন্য আৰু সমৃদ্ধ কৰিলে অসমীয়া জাতিক৷ তেখেতৰ শিৰত জিলিকিল প্ৰথম অসমীয়া অৰ্জুন বঁটা বিজয়ী হোৱাৰ মহাগৰিমা৷ সঁচাকৈ ভোগেশ্বৰ বৰুৱা জয়সাগৰ পুখুৰীৰ পাৰৰ জোনাক৷

 

লক্ষ্যমুখী গাণ্ডীৱধাৰী অৰ্জুন 

সৰুৰে পৰা মহাভাৰতৰ অৰ্জুনৰ দৰে ধীৰ স্থিৰ আৰু কেৱল লক্ষ্যমুখী গতিৰে গতিশীল আছিল ভোগেশ্বৰ বৰুৱা৷ এক অৰ্থত ক’বলৈ হ’লে তেখেত এগৰাকী আধুনিক অৰ্জুন৷ সৰুৰে পৰা তেখেতৰ জীৱনৰ লক্ষ্যৰ প্ৰতি সচেতন আছিল৷ আৰু সেই লক্ষ্যৰ অভিমুখে তেখেতে সততা আৰু সাধনাৰে নিৰন্তৰ অগ্ৰসৰ হৈছিল৷ সেইকাৰণে তেখেতে ১৯৬৬ চনৰ বেংকক এছিয়ান গেমছৰ পুৰুষৰ আঠশ মিটাৰ দৌৰত তেজস্বী ঘোঁৰাৰ দৰে দৌৰি জাপান, কোৰিয়া, থাইলেণ্ড, মালয়েছিয়া, ইৰাক, ইৰাণ ইত্যাদি দেশৰ প্ৰতিযোগীৰ প্ৰত্যাহ্বান নেওচি সৰ্বপ্ৰথম ৰঙা ফিটা স্পৰ্শ কৰি অসমৰ লগতে দেশৰ গৌৰৱ বঢ়ালে৷ 

সৰু কালৰে পৰা ভোগেশ্বৰ বৰুৱাই পঢ়া-শুনাতকৈ খেতি কৰা, বিহু মৰা, সাঁতোৰা, গাড়ী চলোৱা, বল খেলা আদিতহে বেছি গুৰুত্ব দিছিল৷ সাঁতুৰি ভাল পোৱা বাবে তেখেতক জয়সাগৰৰ মৌপিয়া গাঁৱৰ মানুহে “পানীৰ পোক” বুলি নাম দিছিল৷ সময়ৰ সোঁতত নিজৰ বিশ্বাস আৰু সাধনাৰ যোগেদি তেখেতে ৪০০ আৰু ৮০০ মিটাৰ দৌৰত কেইবাবাৰো ৰাষ্ট্ৰীয় খিতাপ জয় কৰাৰ পাছত ১৯৬৬ চনৰ এছিয়ান গেমছত ৮০০ মিটাৰ দৌৰত ৰেকৰ্ডসহ স্বৰ্ণপদক লাভ কৰাৰ কৃতিত্ব অৰ্জন কৰে৷ তদুপৰি ১৯৭০ চনত ৪×৪০০ মিটাৰ ৰীলে দৌৰত তেখেতে ৰূপৰ পদক লাভ কৰে৷ সোণৰ পদক লাভ কৰাৰ বছৰতে তেখেতক অৰ্জুন বঁটাৰে বিভূষিত কৰা হয়৷ পাছলৈ তেখেতক ভাৰত চৰকাৰে অল ইণ্ডিয়া কাউন্সিল অৱ স্পৰ্টছ, অৰ্জুন বঁটা বাছনি সমিতি, অল ইণ্ডিয়া এথেলেটিকচ বাছনি সমিটিৰ সদস্য হিচাপে মনোনীত কৰে৷ সুদীৰ্ঘ পঞ্চাছ বছৰ তেখেত অৰ্জুন বঁটা বাছনি সমিতিৰ সদস্য হিচাপে কাৰ্যনিবাহ কৰিছিল৷ তেখেতৰ এটা সপোন আছিল যে অসমত এখন “এথেলেটিকছ্‌ একাডেমি” স্থাপন কৰাৰ৷ কিন্তু বহুতো কাৰণৰ সেয়া বাস্তৱ হৈ নুঠিল৷

 

আমি কি শিকিব পাৰোঁ ভোগেশ্বৰ বৰুৱাৰ পৰা

ভোগেশ্বৰ বৰুৱা ছাৰৰ আজি ওপজা দিন৷ সমগ্ৰ অসমতে আজি তেখেতক সন্মান জনাই এই দিনটো “অভিৰুচি ক্ৰীড়া দিৱস” ৰূপে পালন কৰি কৰিছে৷ এয়া শুভ লক্ষণ৷ অসমীয়া মানুহে জীয়াই থাকোতেই এগৰাকী উপযুক্ত মানুহক প্ৰকৃত সন্মান দিছে৷ ভোগেশ্বৰ বৰুৱাদেৱ আজিও তাহানিৰ তগবগ তৰুণ তেজৰ দৰেই সতেজ হৈ আছে৷ আচলতে তেখেত চিৰতৰুণ৷ নিজক তেখেতে এইদৰে ৰাখিব জানে ৮৭ বছৰত আজি ভৰি দিছে তেখেতে৷ এনেদৰে এই বয়সতো সজীৱ হৈ থকাটোও এক সাধনা৷ আমি নতুন প্ৰজন্মই তেখেতৰ পৰা অনেক কথাই শিকিব লগা আছে৷ তেখেত হ’ল এগৰাকী সৎ, সাহসী, দৃঢ়মনা, কষ্টসহিষ্ণু, আত্মবিশ্বাসী, ধৈৰ্যশীল ব্যক্তি৷ এই গুণবোৰৰ বাবেই তেখেত আজি সফল৷ তাহানিতেই জয়সাগৰৰ কচু-ঢেঁকীয়া খাই দৌৰি দৌৰি অৰ্জুন বঁটা আঁজুৰি অনা ভোগেশ্বৰ বৰুৱাৰ পৰা নতুন প্ৰজন্মই এই গুণবোৰৰ জীৱনত প্ৰকৃত প্ৰয়োগৰ বিষয়ে শিক্ষা লাভ কৰিব পাৰে৷ জীৱনত সফল হ’বলৈ সুস্বাস্থ্য, সততা, সাহস আৰু একাগ্ৰ সাধনাৰ যে প্ৰয়োজন এই কথা তেখেতৰ পৰা শিকিব পাৰি৷ সফল হৈও মানুহ কিদৰে নম্ৰ হৈ থাকিব লাগে এই কথাও তেখেতৰ ব্যক্তিত্বই শিকায়৷ লগতে জীৱনত সময়ৰ সঠিক ব্যৱহাৰ আৰু নিয়মানুৱৰ্তিতা, শৃংখলাবদ্ধতাও যে প্ৰয়োজন সেই কথাও তেখেতৰ অমৃত জীৱনবোধে শিকায়৷ আহক আমি সকলোৱে অসমৰ প্ৰথম অৰ্জুনগৰাকীৰ পৰা এই আদৰ্শবোৰ গ্ৰহণ কৰি আমাৰ জীৱনবোৰ সুন্দৰ কৰি গঢ়ি তোলো৷ আৰু তেতিয়াহে তেখেতৰ প্ৰতি প্ৰকৃত সন্মান প্ৰদৰ্শন কৰা হ’ব৷

 ***

ভ্ৰাম্যভাষ -৮৬৩৮০৭৪২৭৮

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ