অন্যযুগ/


একত্ৰিকৰণৰ পাছত স্কুলবোৰৰ কি হ’ব?

 সত্যজিৎ গগৈ

 

 অসমৰ শিক্ষা ব্যৱস্থা পুতৌ লগা ৷ ৰাজনৈতিক লাভালাভৰ বাবেই চৰকাৰে ছাত্ৰ-ছাত্ৰীসকলকো হিতাধিকাৰীলৈ পৰিৱৰ্তিত কৰিলে৷ কেৱল কৰ সংগ্ৰহৰ বাবেই কাঠফুলাৰ দৰে যেনিয়ে-তেনিয়ে ব্যক্তিগত খণ্ডৰ স্কুল খুলিবলৈ অনুমতি দিয়া হৈছে ৷ চৰকাৰৰ সকলো কৰ্মচাৰী, নেতা-পালিনেতাই নিজৰ নিজৰ সন্তানক চৰকাৰী স্কুলত নপঢ়ুৱাই ব্যক্তিগত খণ্ডৰ স্কুলত পঢ়িবলৈ দিছে ৷ অসমৰ মুখ্যমন্ত্ৰীয়ে অসমৰ ভিতৰতে সৰ্ববৃহ আৰু খৰচী স্কুল স্থাপন কৰি লৈছে ৷ তেনে স্থলত চৰকাৰী স্কুলসমূহত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কম হোৱাটো স্বাভাৱিক কথা ৷ কিন্তু শৈক্ষিক পৰিৱেশ বিনষ্ট কৰি চৰকাৰে দৈনিক নতুন নতুন নিয়ম আৱিষ্কাৰ কৰি শিক্ষকসকলৰ মানসিক স্থিতিত ব্যাঘাত জন্মাইছে ৷ লগতে বছৰৰ ৩৬৫ দিনৰ ভিতৰত এক তৃতীয়াংশ দিনেই বন্ধৰ দিন আৰু উদযাপনৰ দিন হিচাপে পালন কৰিবলৈ বাধ্য কৰি আহিছে ৷  যাৰ বাবে স্কুলসমূহৰ শৈক্ষিক পৰিৱেশ বিনষ্ট হৈছে ৷ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা য’ত বেছি তাত বেছি শিক্ষক আৰু য’ত কম তাত কম শিক্ষক নিযুক্তি দিয়াৰ পৰিৱৰ্তে স্কুলসমূহক একত্ৰিকৰণ কৰিবলৈ লৈছে ৷ ইও এক প্ৰকাৰৰ চৰকাৰৰেই লাভালাভ বুলিব পাৰি ৷ সি যি কি নহওক, চৰকাৰে ১১৩৬৮ খন বিদ্যালয়ত কম ছাত্ৰ-ছাত্ৰী থকা বাবে একত্ৰিকৰণ কৰিবলৈ যো-জা চলাইছে ৷ ইয়াত আমাৰ ক’বলগীয়া একো নাই ৷ কিন্তু একত্ৰিকৰণ হৈ যোৱাৰ পাছত এৰা পৰা স্কুলসমূহৰ ঘৰ-দুৱাৰবোৰৰ কি হ’ব? তেনেকৈয়ে ভূত বাংলা হৈ পৰি থাকিব নে চৰকাৰে সেই স্কুলসমূহত কিবা কৰাৰ পূৰ্বপৰিকল্পনা হাতত আছে! 

আমি বিচাৰোঁ যে একত্ৰিকৰণৰ পাছত যিবোৰ স্কুল বন্ধ হৈ যাব সেই স্কুলসমূহক স্থানীয় পুথিভঁৰাললৈ পৰিৱৰ্তন কৰিব লাগে ৷ শিশুসকলৰ পৰা আৰম্ভ কৰি বৃদ্ধলৈকে সকলোৱে অধ্যয়ন কৰিব পৰাকৈ সকলো স্তৰৰ গ্ৰন্থ তাত সংৰক্ষণ কৰিব লাগে ৷ তাৰ বাবে চৰকাৰৰ তৰফৰ পৰা স্থানীয় শিক্ষিত যুৱক-যুৱতীসকলক সেই পুথিভঁৰালসমূহত নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে ৷ তেতিয়া স্কুলৰ পাঠ্যপুথিৰ বাহিৰেও আজৰি সময়ত ছাত্ৰ-ছাত্ৰীসকলে বাহিৰা কিতাপসমূহ পঢ়ি জ্ঞান অৰ্জন কৰিব পাৰিব ৷ তদুপৰি সেই অঞ্চলৰ জ্যেষ্ঠসকলেও বিভিন্ন ধৰণৰ গ্ৰন্থ ,শাস্ত্ৰ আদি পঢ়ি জ্ঞান অৰ্জনৰ লগতে কিতাপ পঢ়াৰ এক আন্দোলন গঢ়ি তুলিব পাৰিব ৷ তেনে কৰিলে চৰকাৰৰো লাভ হ’ব এনে ধৰণে-

১) এক মহৎ কাম কৰা হ’ব৷

২) কিতাপ পঢ়াৰ আন্দোলন গঢ়ি উঠিব৷

৩) মানুহবোৰ জ্ঞানী হ’ব৷

৪) নিবনুৱাৰ সংখ্যা কমিব৷

৫) ৰাজ্যখনত শিক্ষিতৰ হাৰ বাঢ়িব৷

৬) সমাজখন ভাল হ’ব৷

৭) ইয়াৰ দ্বাৰা অসমে বিশ্বত ৰেকৰ্ডো কৰিব পাৰিব৷ 

গতিকে চৰকাৰে এই বন্ধ হৈ যোৱা স্কুলসমূহত সমাজখন জীয়াই থকাৰ স্বাৰ্থত এই ভাল কামটো কৰিব পাৰে ৷ ইয়াৰ বাবে চৰকাৰৰো আগ্ৰহ লাগিব আৰু নেতাসকলো মানৱীয় গুণৰ অধিকাৰী হ’ব লাগিব ৷ এই ক্ষেত্ৰত যদি চৰকাৰৰ সদিচ্ছা নাথাকে তেন্তে এদিন এই বন্ধ হোৱা স্কুলবোৰ কোনোবা নেতাৰ ব্যক্তিগত সম্পত্তিহে হ’বগৈ ৷ আমি চৰকাৰলৈ এই প্ৰস্তাৱ আগবঢ়ালোঁ ৷ বিচাৰ কৰাৰ দায়িত্ব চৰকাৰৰ ৷

 

ঠিকনা : 

চাচনি-৭৮৬৬১০

নাহৰকটীয়া, ডিব্ৰুগড়,

অসম৷

ভ্ৰাম্যভাষ - ৭৩৯৯৬-৬২৮৬৭

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ