অন্যযুগ/


শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সম্পাদকলৈ মুকলি চিঠি

 সত্যজিৎ গগৈ

 

নমস্কাৰ গ্ৰহণ কৰিব৷ বিগত কেইটামান দিনৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু আহোমসকলৰ মাজত এক বিতৰ্কৰ সূত্ৰপাত হোৱা দেখিবলৈ পোৱা গৈছে৷ সেয়েহে এই চিঠিখন আপোনালৈ লিখিলোঁ৷ আপুনি নিশ্চয় আহোমসকলৰ বিষয়ে বহু ভালকৈ জানে৷ কিয়নো আপুনি অসমৰ অসমীয়া সন্তান৷ ঠিক তেনেকৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধান আৰু নীতি-নিয়ম সম্পৰ্কে আপোনাতকৈ কোনেও হয়তো ভালকৈ নাজানে৷ শেহতীয়াকৈ আপোনাৰ এখন সংবাদমেলত জানিব পাৰিলোঁ যে সংঘৰ সঙ্গীসকলে গাহৰি, কুকুৰা আদি পুহিব নোৱাৰিব আৰু এইবোৰৰ লগতে মদৰ ব্যৱসায়ো কৰিব নোৱাৰিব৷ এই কথাবোৰ সংবিধানত লিখিত ৰূপত নাই বুলিও আপুনি স্পষ্টকৈ কৈছে৷ কিন্তু পুহিব আৰু ব্যৱসায় কৰিব নোৱাৰিলেও খাব পাৰিবনে নাই? এই বিষয়ে আপুনি কিন্তু স্পষ্টকৈ নকলে৷ আমি ভাবোঁ যে পুহিব আৰু ব্যৱসায় কৰিব নোৱাৰে যেতিয়া খোৱাৰ ক্ষেত্ৰতো নিশ্চয় বাধা থাকিবই৷ আপুনি সংবাদমেলত উল্লেখ কৰিছে যে গাহৰি ব্যৱসায়েৰে কোটি টকা উপাৰ্জন কৰিব পাৰি৷ তথাপি সংঘৰ বাহিৰত থকাসকলে গাহৰিৰ ব্যৱসায় কৰিব পাৰে৷ একমাত্ৰ সংঘত থকা সঙ্গীসকলেহে এই ব্যৱসায় কৰিব নোৱাৰিব৷ যদিহে সংঘৰ নতুন প্ৰজন্মৰ সঙ্গীসকলে চাকৰিমুখী নহৈ ৪০/৪৫ দিনৰ ভিতৰতে গাহৰি, ব্ৰইলাৰ, কুকুৰা, হাঁহ আদি পালন কৰি ব্যৱসায়মুখী হব বিচাৰে, তেওঁলোকক সংঘই বাধা দিয়াটো উচিত হোৱা নাই যেন অনুভৱ হৈছে৷ বৰ্তমান সময়ৰ লগত আগবাঢ়ি যাওঁতে সকলোৱে কম সময়ত অধিক লাভৱান হোৱা ব্যৱসায়হে কৰিব বিচাৰে৷ সেয়েহে চাগে গাহৰি আৰু ব্ৰইলাৰ ব্যৱসায়টো বাছি লয়৷ অন্য বহু ব্যৱসায়ো আছে৷ যিবোৰ কৰিবলৈ বহু সময়ৰ প্ৰয়োজন হয়৷ সংঘৰ বহু সঙ্গীয়েও সংঘত থাকিও এনে ব্যৱসায় কৰিব বিচাৰে৷ কাৰণ সংঘৰ ভিতৰত থাকি তেওঁ আধ্যাত্মিকতা শিকিব বিচাৰে, আনহাতে ব্যৱসায়েৰে স্বাৱলম্বী হব বিচাৰে৷ কিন্তু ব্যৱসায়ৰ ক্ষেত্ৰত আপোনালোকে সেইসকলক বাধা দিয়াৰ দৰে হোৱা নাই জানো? নে সংঘই সেই নৱপ্ৰজন্মৰ সকলো যুৱক-যুৱতীক মাহে মাহে দৰমহা দি থাকিব? যিহেতু শ্ৰীমন্ত শংকৰদেৱেও গাহৰি, কুকুৰা পুহিব নোৱাৰিব বুলি (বা সিবোৰৰ ব্যৱসায় কৰিব নোৱাৰিব বুলি) কতো উল্লেখ কৰা নাছিলবৰঞ্চ তেওঁ বিভিন্ন ঠাইত ঘুৰি-ফুৰি দেখি যত যি ধৰণেৰে মানুহে থাকিব বিচাৰে, তেনেকৈয়ে থাকিবলৈহে কৈছিল৷ তদুপৰি যি সমাজত মাহ প্ৰসাদ খায়, তাত মাহ প্ৰসাদৰ ব্যৱস্থা আৰু যিসকলে মাদক দ্ৰব্যমাছ-মাংস আদি খায় তাত মাদক দ্ৰব্যৰ ব্যৱস্থাৰে তেনেদৰেই সমাজ পৰিচালনা কৰিবলৈ কৈছিল আৰু এতিয়াও তেনেদৰেই বহু সমাজ পৰিচালিত হৈ আছে৷ আপুনি এই কথাও সংবাদমেলত কৈছে যে সংঘৰ সংবিধানখন বহুবাৰ শুধৰণি কৰা হৈছে আৰু সংবিধানত গাহৰিৰ কথাও লিখিম নেকি বুলিও আপুনি প্ৰশ্ন কৰিছে! ইয়াৰ উত্তৰ হিচাপে মইয়েই আপোনাক কওঁ যে যদিহে সংঘই গাহৰিকুকুৰামদৰ ব্যৱসায় কৰিবখাব আৰু পুহিব নোৱাৰে, তেন্তে সংবিধানত ইয়াক সন্নিৱিষ্ট কৰিবই লাগিব৷ কাৰণ গাহৰি সম্পৰ্কে হিন্দু শাস্ত্ৰত বৰাহৰূপেৰে লিখিত ৰূপত আছে৷ গতিকে শাস্ত্ৰত লিখিত ৰূপত আছে যেতিয়া সংঘৰ সংবিধানখনতো লিখিত ৰূপত থাকিব লাগিব৷ ই একো আচৰিত কথা নহয়৷ 

এতিয়া আহিছোঁ গাহৰিৰ মাংস, ব্ৰইলাৰ মাংস, কুকুৰাৰ মাংস, হাঁহৰ মাংস আৰু মদ খোৱাৰ বিষয়ে৷ সংঘৰ সঙ্গীসকলে এইবোৰ পালন কৰিব আৰু ব্যৱসায় কৰিব নোৱাৰে যেতিয়া খাবও নোৱাৰে নহয়নে? কিন্তু আজিৰ তাৰিখৰ পৰা সংঘৰ সভাপতি আৰু সম্পাদকে অসমৰ প্ৰতিটো শাখাত নিজে উপস্থিত থাকি তদন্ত কৰকগৈচোন৷ তেতিয়া দেখিব যে সংঘৰ কিমান সংখ্যক সঙ্গীয়ে গাহৰিৰ মাংস, ব্ৰইলাৰ মাংস, কুকুৰাৰ মাংস, মদ আদি খাই আছে৷ তাৰ উপযুক্ত প্ৰমাণ আমাৰ অঞ্চলতেই আছে৷ প্ৰয়োজনত সেয়াও সংঘই আমাৰ পৰা লব পাৰে৷ নে সংঘই সকলো দেখিও চকুমুদা কুলি হৈ আছে! 

সদৌ শেষত আমি এইটোৱেই কামনা কৰোঁ যে যদি এইসমূহ কৰ্ম সঙ্গীসকলে কৰিব নোৱাৰে তেন্তে ইয়াক সংবিধান সংশোধন কৰি সন্নিৱিষ্ট কৰক৷ কিয়নো ঈশ্বৰে, কৃষ্ণই, বিষ্ণুৱে বা কোনো ধৰ্মগুৰুৱে মৃত্যুৰ আগত কৈ যোৱা নাই যে মোৰ মৃত্যুৰ পিত মোক তোমালোকে গুৰু হিচাপে মানি আৰাধনা কৰিবা বুলি৷ এই সকলো আমি মানুহেই সৃষ্টি কৰি লৈছোঁ৷ ধৰ্ম মানুহেই গঢ়ে আৰু মানুহেই ভাঙে৷ সেয়েহে আমি বিশ্বাস কৰোঁ যে আমি সকলো একেটা শক্তিৰেই সন্তান যি শক্তিয়ে আমাক জীয়াই ৰাখে৷ সেই শক্তিৰ নামেই বিভিন্নজনে বিভিন্ন ধৰণেৰে দি নিজৰ নিজৰ মনৰ মাজত বহুৱাই ৰাখে৷ 

আমি চিকিৎসালয়ত কোনো ৰোগীক তেজৰ প্ৰয়োজন হলে কোন কি ধৰ্মৰ বিচাৰ নকৰাকৈয়ে তেজ দি ৰোগীৰ জীৱন দান দিওঁ নহয়নে? কিয়নো আমাৰ এটাই ধৰ্ম আছে৷ সেয়া হল মানৱ ধৰ্ম৷ আমি এখন সুন্দৰ সমাজ বিচাৰোঁ৷ যত সকলো মানুহ একেলগে সুখ শান্তিৰে থাকিব পাৰে৷ 

সেয়েহে পুনৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সম্পাদক ডাঙৰীয়ালৈ আমাৰ অনুৰোধ থাকিল যে সংবিধানখন সংশোধন কৰি নৱপ্ৰজন্মৰ সংগীসকলক স্ব-নিৰ্ভৰশীল হবলৈ মুক্ত মনেৰে এৰি দিয়ক৷ তেতিয়াহে বৰ অসমখন আত্মনিৰ্ভৰশীল ৰাজ্য হিচাপে গঢ় লৈ উঠিব৷

 

ঠিকনা : 

২ নং দেওধাই গাওঁ৷

চাচনি-৭৮৬৬১০

নাহৰকটীয়া৷ ডিব্ৰুগড়৷ অসম৷

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ