অন্যযুগ/


সাৰমেয়ৰ জীৱন আৰু আধুনিক সমাজ

 নন্দিতা চক্ৰৱৰ্তী

 

         

“ সউদল কুকুৰ

প্ৰত্যেকটো ৰাস্তাৰ

আৱৰ্জনাৰ দ’মবিলাকৰ কাষে কাষে

সিহঁতৰ প্ৰত্যেকৰে মুখে মুখে

ৰস নাইকিয়া শুকান একোডোখৰ

জাতি বৰ্ণ বিচাৰ নোহোৱা হাড়....”

মাথোঁ ২১ বছৰীয়া এজন যুৱকৰ কলমেৰে নিৰ্গত “কুকুৰ” নামৰ এই কবিতাটো যেতিয়া ১৯৪৩ চনত প্ৰকাশ পাইছিল, তেতিয়া বহুতে তাচ্ছিল্য কৰি কৈছিল যে এটা সাধাৰণ কুকুৰো কবিতাৰ বিষয়বস্তু হ’ব পাৰে নে! আচলতে এইটো এটা প্ৰতীকধৰ্মী কবিতাহে, য’ত চিত্ৰিত হৈছে সমাজৰ ধনীক আৰু সৰ্বহাৰাৰ মাজৰ আৰ্থিক বৈষম্য আৰু জীৱন যন্ত্ৰণাৰ মুক্ত প্ৰকাশ৷  মাথো ২৪ বছৰ বয়সতে কলিকতাৰ সাম্প্ৰদায়িক সংঘৰ্ষত নিহত হোৱা অমূল্য বৰুৱাৰ “কুকুৰ” অসমীয়া কাব্য সাহিত্যৰ অন্যতম শ্ৰেষ্ঠ প্ৰতিবাদী কবিতা৷

পানীত উটি অহা কাঠৰ ডাঙৰ কুন্দাটোৱেই আদিম মানৱৰ প্ৰথম যাতায়াতৰ সাৰথি হোৱাৰ দৰে, নাওৰ আদিম ৰূপটো হোৱাৰ দৰে, কুকুৰ আছিল আদিম মানৱৰ প্ৰথম পোহনীয়া জন্তু৷ ই আছিল আদিম মানৱৰ চিকাৰৰ বিশ্বস্ত সহযোগী৷ তীব্ৰ ঘ্ৰাণশক্তিৰ অধিকাৰী হোৱা বাবে কুকুৰে চিকাৰৰ সন্ধান বহু আগতেই লাভ কৰে আৰু তাৰ ফলত চিকাৰীৰ বাবে চিকাৰ সহজ হৈ পৰে ৷ আনহাতে কুকুৰ প্ৰভুভক্ত বাবেই চিকাৰীজন বিপদত পৰিলে শত্ৰুৰ হাতৰ পৰা ৰক্ষা কৰিবলৈয়ো চেষ্টা কৰে৷ সেয়েহে আদিম মানৱে চিকাৰ কৰিবলৈ ওলাই গ’লেই লগত দুই তিনিটা কুকুৰ লৈ গৈছিল চিকাৰত সহায় কৰিবলৈ আৰু বিপদত তৰিবলৈ৷ কেৱল আদিম কালতেই নহয় এতিয়াও আফ্ৰিকাৰ চিকাৰী জাতিবিলাকৰ বাবে কুকুৰ বিশ্বস্ত সহযোগী৷ সপ্তম শ্ৰেণীত আমাৰ দ্ৰুতপাঠখনৰ নাম আছিল “অৰণ্যৰ মোহ” জিমকৰবেটৰ কেইটামান চিকাৰ কাহিনীৰ বৰ্ণনা সন্নিৱিষ্ট কৰা অকণমানি কিতাপখনত তেওঁৰ “ৰবীন” নামৰ কুকুৰটোৰ সঘন উপস্থিতি দেখিছিলো ৷

ভাৰতৰ প্ৰাচীন সাহিত্যসমূহতো কুকুৰৰ উল্লেখ পোৱা যায়৷ মহাভাৰতৰ কেইবাঠাইতো কুকুৰৰ কথা উল্লেখ আছে৷ ধৃতৰাষ্ট্ৰ আৰু পাণ্ডু তনয়ৰ সৈতে যোৱা কুকুৰটোক একলব্যই সাতপাট শৰেৰে বিদ্ধ কৰা, পঞ্চপাণ্ডৱৰ স্বৰ্গযাত্ৰাত কুকুৰৰ ৰূপত ধৰ্মৰাজৰ সংগ আদি কথাবিলাকে আদিম মানৱ সমাজত কুকুৰৰ জনপ্ৰিয়তা আৰু অপৰিহাৰ্যতাৰ কথাকেই প্ৰতিপন্ন কৰে৷ অসমীয়া অনেক লোককথা, সাধুকথা, গীত আদিত কুকুৰৰ উল্লেখ আছে৷ বেজবৰুৱাৰ অনেক সাধুতো কুকুৰৰ উল্লেখ আছে৷ আনহাতে কিছুমান ঠাইৰ নামৰ সৈতে কুকুৰ শব্দটোও সংযোজিত হৈ আছে৷ উদাহৰণস্বৰূপে গুৱাহাটীৰ হেদায়েৎপুৰৰ পুৰণি নাম আছিল কুকুৰমূতা৷  কুকুৰক লৈ অসমীয়াত কিছুমান পটন্তৰো আছে যেনে – “ছল পালে কুকুৰ গললৈকে জপিয়ায়”, “যেনে কুকুৰ তেনে টাঙোন”, “কুকুৰৰ ভুকভুকনিয়ে সাৰ” ইত্যাদি৷ অসমীয়াত এষাৰ কথা আছে – “অভুক্ত কুকুৰ, জাগ্ৰত প্ৰহৰী”৷ প্ৰহৰীয়ে যেনেদৰে কৰ্তব্য সম্পাদন কৰিবলৈ হলে শুব নালাগিব, সাৰে থাকিব লাগিব, ঠিক তেনেদৰে কুকুৰকো উদৰ পূৰাই খাবলৈ দিব নালাগিব৷ অৰ্ধাহাৰে থকা কুকুৰেহে জাগি থাকি গৃহস্থক ভালদৰে পহৰা দিব পাৰে৷ অতীতত গৃহস্থই কাঁহীৰ অৱশিষ্ট ভাতকেইটা খাবলৈ ঔছ্‌ ঔছ্‌ কৈ চিঞৰি মতা শব্দবিলাক এতিয়া শুনিবলৈ পোৱা নাযায়৷ কুকুৰৰ তীব্ৰ ঘ্ৰাণশক্তি আৰু তৎক্ষণাৎ শিকনি লোৱা গুণৰ বাবে আৰক্ষী আৰু সেনাই বিভিন্ন ক্ষেত্ৰত প্ৰশিক্ষণপ্ৰাপ্ত কুকুৰ ব্যৱহাৰ কৰি আহিছে৷ মহাকাশলৈয়ো প্ৰথমতে মানুহ নহয়, প্ৰেৰণ কৰা হৈছিল “লাইকা” নামৰ কুকুৰ এটাহে৷ যদিও ৰাছিয়াই কৈ আছিল যে লাইকা কেইবাদিনো মহাকাশত জীয়াই আছিল, ২০০২ চনত এই কথা পোহৰলৈ আহিছিল যে মহাকাশযানখন উৎক্ষেপণৰ কেইঘণ্টামানৰ ভিতৰতে লাইকাৰ মৃত্যু হৈছিল ৷ 

সময় পৰিৱৰ্তন হ’ল৷ আগৰ ৰঙাই, বগাই, কলী বুলি মতা কুকুৰৰ সাধাৰণ নামবিলাকৰ ঠাই ল’লে  জেক, টম, মাইক, প্ৰিন্স আদি বিলাতী নামবিলাকে৷ আগতে মানুহে কুকুৰ পুহিছিল যদিও সেইবিলাক মুকলিমূৰীয়াকৈ গোটেই চুবুৰীটো ঘূৰি ফুৰিছিল৷ কিন্তু এতিয়া তেনেকুৱা নহয়৷ একো একোটা কুকুৰ পোৱালি দহ-পোন্ধৰ হাজাৰ টকাত কিনি আনি নিজৰ সন্তানৰ দৰেই তুলি-তালি  ডাঙৰ কৰে৷ খাদ্য আৰু স্বাস্থ্যৰ ক্ষেত্ৰটো সমানেই যতন লয় আৰু আগৰ পিৰালিৰ চুকত ঠাই পোৱা কুকুৰে এতিয়া স্থান পালে ড্ৰয়িংৰূম অথবা গৃহস্থৰ শোৱাকোঠাত৷ সাধাৰণভাৱে চালে এইয়া সুন্দৰ ব্যৱস্থা৷ ভাগৱত পুৰাণেও সকলো জীৱৰ প্ৰতি সমান দৃষ্টি নিক্ষেপ কৰিবলৈ কৈছে৷ কিন্তু  বেছিভাগ মানুহেই কুকুৰক নিজৰ সন্তানৰ দৰে মৰম কৰিলেও সিহঁতৰ “বাহিৰ ফুৰুৱা” কামটো কৰায় পথৰ দাঁতিত, যিটো বৰ অশোভনীয়৷ দামী কুকুৰ, সিহঁতৰ দামী খাদ্য অথচ তেওঁলোকৰ চিন্তাবিলাক কিমান সস্তীয়া! এই কথাটো কুকুৰৰ গৰাকীসকলে ভাবি চাইছেনে? মৰমতে কোঁচত তুলি লোৱা কুকুৰটোও আপোনাৰ বাবে কেতিয়াবা প্ৰাণনাশৰ অন্যতম কাৰণ হ’ব পাৰে বুলি কিছুদিনৰ আগতে ডা০ দুলুমণি কলিতাই কাকতত লিখিছিল৷ তেখেতে কৈছিল যে কুকুৰৰ মুখৰ পৰা নিৰ্গত লেলাউটিতো কেতিয়াবা ৰেবিচ ভাইৰাছ থাকিব পাৰে৷ গতিকে সেই ক্ষেত্ৰতো আমি সাৱধান হোৱা ভাল৷ শেষত আৰু এটা কথা৷ প্ৰাণী মাত্ৰে জৈৱিক ক্ষুধা থাকে৷ আমি এনেদৰে  প্ৰাকৃতিক পৰিৱেশৰ পৰা আনি নিজৰ মনোৰঞ্জনৰ বাবে আৰু “ষ্টেটাচ ছিম্বল”  বৃদ্ধি কৰিবলৈকে যে সিহঁতক জৈৱিক ক্ষুধাৰ পৰা বঞ্চিত কৰি গোটেই জীৱন বন্দী কৰি থওঁ সেয়া বাৰু সঁচাকৈয়ে ন্যায়সংগত নে ? আহকচোন কথাবিলাক নতুনকৈ ভাবোঁ ৷

 

ইমেইল –nandita.gogoi71@gmail.com

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ