নন্দিতা চক্ৰৱৰ্তী
মানুহে যেতিয়ালৈকে প্ৰকৃতিৰ ৰাজ্যত বাস
কৰিছিল তেতিয়ালৈকে ধৰ্মৰ উৎপত্তি হোৱা নাছিল আৰু পুৰুষ নাৰীৰ মাজত কোনো পাৰ্থক্যও
নাছিল৷ দুয়োৰে কৰ্তৃত্ব আছিল সমান৷ কিন্তু সমাজৰ চতুৰ শ্ৰেণীটোৱে বাকীসকলৰ ওপৰত
প্ৰভুত্ব খুৱাবলৈ যেতিয়া ধৰ্মৰ সৃষ্টি কৰিছিল তেতিয়াৰ পৰাই নাৰীসকলক পুৰুষৰ
তলতীয়া কৰাৰ চেষ্টা আৰম্ভ হৈছিল৷ ভাৰতত ৰচিত হিন্দু ধৰ্ম গ্ৰন্থসমূহে নাৰীক পণ্য
সামগ্ৰীৰ সৈতে তুলনা কৰি আহিছে আৰু জীৱ-জন্তু যেনেদৰে বিক্ৰী কৰিব পাৰি নাৰীকো
তেনেদৰে বিক্ৰী কৰি অহা হৈছে যুগে যুগে৷ মহাভাৰতৰ যুগত যে নাৰীক পণ্য সামগ্ৰী বুলি
গণ্য কৰা হৈছিল সেয়া পাশা খেলত দ্ৰৌপদীক পণ ৰখা কথাটোৱেই প্ৰমাণ কৰে৷ নাৰী কেৱল
ভোগৰ সামগ্ৰী৷ পুৰুষে ইচ্ছা কৰিলেই তেওঁৰ সমূখত বিবস্ত্ৰা হ’ব লাগিব৷ ইচ্ছা কৰিলেই
পুৰুষে নাৰীক বিবস্ত্ৰা কৰিব পাৰে আৰু তাকে চাই পুৰুষ সমাজে আনন্দত মতলীয়া হ’ব
পাৰে৷ মহাভাৰতত উল্লেখ কৰা দ্ৰৌপদীয়ে ৰাজসভাত সমূখীন হোৱা অবৰ্ণনীয় কাহিনীয়ে
তাকেই প্ৰতিপন্ন কৰে আৰু অতি আচৰিত কথা এতিয়াও দ্ৰৌপদীৰ সেই দৃশ্য চাবলৈ বাৰে
বাৰে “দ্ৰৌপদীৰ বস্ত্ৰহৰণ”ৰ ভাওনা অনুষ্ঠিত কৰে নামঘৰ বিলাকত৷ পুৰুষতান্ত্ৰিক
সমাজখনৰ পৰা ইয়াতকৈ আৰু কিবা আশা কৰিব পাৰি জানো ?
“মনু সংহিতা “বুলি ক’লেই শ্ৰদ্ধাত আমাৰ
মূৰ দোঁ খাই যায়৷ ইযে ন্যায়ৰ প্ৰতীক! কিন্তু মনুৰ নাৰীৰ প্ৰতি মনোভাৱ কেনে আছিল
চাওক–
১)অতি লোভী পুৰুষ এজন হ’লেও সাক্ষী হ’ব
পাৰে, আনহাতে বহুত তিৰোতা পবিত্ৰ হ’লেও সাক্ষী হ’ব নোৱাৰে৷ কাৰণ তিৰোতাৰ বুদ্ধি
চঞ্চল৷
২)শয্যা, আসন আৰু আভূষণ প্ৰীতি, কাম,
ক্ৰোধ, কূটিলতা, দ্ৰোহভাৱ, দুষ্টতা – এইবোৰ তিৰোতাৰ কাৰণে সাধাৰণ কথা৷
ধৰ্মশাস্ত্ৰৰ ব্যৱস্থা মতে তিৰোতাৰ জাত কৰ্মাদি অনুষ্ঠানত বৈদিক মন্ত্ৰৰ ব্যৱহাৰ
নকৰিব ৷ স্ত্ৰীসকলৰ স্থিতি অনৃত( অসত্য)
ব্ৰহ্মবৈবৰ্ত পুৰাণত উল্লেখ আছে– যি
পুৰুষে ব্ৰাহ্মণক পতিব্ৰতা স্ত্ৰী দান কৰে তেওঁ চৈধ্যজন ইন্দ্ৰৰ সময় পৰ্যন্ত
স্বৰ্গত বাস কৰে আৰু স্বৰ্গৰ গণিকাৰ সংগসুখ লাভ কৰে ৷ আন এখন শাস্ত্ৰত কৈছে যি
বিধৱাই স্বামীৰ মৃত্যুক অনুসৰণ কৰে তাৰ তিনি কোটি বছৰ স্বৰ্গবাস হয়৷ কিন্তু
পত্নীৰ মৃত্যুত স্বামীয়ে জ্বলন্ত চিতাত প্ৰবেশ কৰেনে? স্বামীৰ মৃত্যুত তেওঁৰ পথ
অনুসৰণ কৰা নাৰী গৰাকীক “সতী” বুলি অভিহিত কৰা হয় কিন্তু সতী শব্দৰ পুলিংগ সূচক শব্দ
আছেনে? নাঃ, তেনে শব্দ সৃষ্টিৰ প্ৰয়োজন হোৱা নাই এতিয়াও; যেনেদৰে “হাউছ-ৱাইফ”
শব্দৰ বিপৰীতে আমি কেতিয়াও ব্যৱহাৰ নকৰো “হাউছ-হাজবেণ্ড” শব্দটো ৷ শাস্ত্ৰকাৰসকলে
নাৰীক পণ্য সামগ্ৰীৰ সৈতে তুলনা কৰাৰ, জীৱ-জন্তুৰ সৈতে তুলনা কৰাৰ অলেখ উদাহৰণ দিব
পাৰি ৷ “অশ্বমেধ” যজ্ঞত নাৰীয়ে কি ধৰণৰ নিকৃষ্ট ভূমিকা পালন কৰিব লাগে সেই কথা
ইতিহাসৰ ছাত্ৰ মাত্ৰে জ্ঞাত৷ গছৰ উপকাৰিতাৰ তুলনা দিবলৈ অতীততে– “এক বৃক্ষ দশ
পুত্ৰ সম” বুলি যে কৈছিল আমি সেই কথাটোক লৈ গৌৰৱ অনুভৱ কৰো কিন্তু “দশ পুত্ৰ” বুলিহে
কৈছে, তাত দুহিতাৰ স্থান নাই৷ প্ৰাচীন কালতো আশীৰ্বাদ দিলে “পুত্ৰৱতী ভৱঃ” বুলিহে
কৈছিল৷ জ্যোতিষ চৰ্চাত বৰ্ষচক্ৰৰ যি ফল গণনা কৰা হয় তাত প্ৰতিবছৰে ভিন্ন ভিন্ন
ৰাশিৰ অধিকাৰী সকলক “পুত্ৰ সম্পত্তি” হ’ব বুলি ভৱিষ্যতবাণী কৰে৷ হ’ব পাৰে
জ্যোতিষীৰ সেয়া গাজাখুৰী কথা কিন্তু তেওঁলোকৰ মনতো পুত্ৰীয়ে স্থান নাপায় কোনো
দিন, বিবাহত যে কোৱা হয়– “কন্যাদান”– “দান” শব্দই কি বুজায় ? সকলোৱেই যে নাৰীক পণ্য সামগ্ৰী হিচাপে
ব্যৱহাৰ কৰে তাৰ উদাহৰণ দি শেষ কৰিব নোৱাৰি৷ নাৰী কন্যা কালত পিতৃৰ অধীন, সাংসাৰিক
জীৱনত স্বামীৰ আৰু বৃদ্ধ কালত পুত্ৰৰ৷ নাৰীৰ স্বাধীনতা ক’ত? আছেনে স্বাধীনতা?
নাৰী সম্পৰ্কে গীতাৰ বিষাদ যোগত পাৰ্থই কি কৈছে চাওক –
“নেথাকিলে ধৰ্মৰ সাধনা, নজ্বলিলে ধৰ্মৰ
এগছি বন্তি,
কুলনাৰীসকলক অনীতিৰ প্ৰদোষে ধৰেহি ছাটি
পিছলিলে কুলনাৰী ধৰ্মৰ বাটৰ পৰা,
ঠন ধৰি উঠি আহে বৰ্ণসংকৰৰ যত বিকৃত
গঁজালি ৷
নৰকৰ নিৰন্ধ্ৰ বতাহে আহি কঁপায় তেতিয়া
লাহে লাহে বংশৰ শূচিতা;
পিতৃ-পিতামহ হয় স্খলিত স্বৰ্গৰ পৰা....”
(মহেন্দ্ৰ বৰাৰ ভাঙনি)
চাওক– “বৰ্ণ সংকৰৰ যত বিকৃত গঁজালি” ৰ
বাবে জগৰীয়া কেৱল নাৰীহে, তাৰ বাবে পুৰুষৰ কোনো দোষ নাই আৰু এনে এখন গ্ৰন্থকে আমি
ভগৱানৰ মুখ নিঃসৃত বুলি প্ৰশ্নাতীতভাৱে মানি আহিছো৷ আচলতে ভাৰতত এনে এখন
ব্ৰাহ্মণ্যবাদী গ্ৰন্থ নাই য’ত নাৰীক পণ্য সামগ্ৰীৰ সৈতে তুলনা কৰা নাই৷ আনকি
ভ্ৰমণ কালতো নাৰীক নিবলৈ বাৰণ কৰিছে ৷ কোৱা হৈছে – “পথে নাৰী বিৱৰ্জিতা”৷ তাৰ
পিছতো বাৰু আপুনি ক’ব নে যে পুৰুষতান্ত্ৰিক সমাজত নাৰীৰ স্থান উচ্চ বুলি ?
অসমত নৱ-বৈষ্ণৱ ধৰ্মৰ ৰথখন শক্তিশালীভাৱে
চলাই নিয়াত মাধৱদেৱৰ ভূমিকা আছিল অনন্য৷ তেওঁৰ পাণ্ডিত্যও আছিল শংকৰদেৱতকৈ এখোপ চৰা ৷ “নামঘোষা” খন তেওঁৰ মৌলিক
সৃষ্টি নহয় যদিও ই তেওঁৰ পাণ্ডিত্যৰ স্বাক্ষৰ বহন কৰিছে৷ তেওঁৰ গুৰু-ভক্তিও আছিল
অনন্য৷ কিন্তু নাৰীৰ প্ৰতি তেওঁৰ মনোভাৱ কেনে আছিল? শংকৰদেৱক লগ পোৱাৰ পাছত তেওঁ বিবাহৰ বাবে ঠিক কৰা
কইনাক বিবাহ নকৰি উদাসীন জীৱন যাপন কৰিছিল৷ সেই কালত এগৰাকী ছোৱালী বিয়া ঠিক
হোৱাৰ পাছত এনেদৰে যদি বিয়া ভাগি যায় সেই কইনাগৰাকী আনে গ্ৰহণ কৰিব নে ? সেই
কইনাগৰাকীৰ পাছত কি হ’ল? ইতিহাস নিমাত ৷ বৈষ্ণৱ সাধকসকলৰ নাৰীৰ প্ৰতি মনোভাৱ কেনে
আছিল? এই সম্পৰ্কে ড০ সত্যেন্দ্ৰনাথ শৰ্মাই The Neo Vaisnavite Movement and Satra Institution of Assam নামৰ
গ্ৰন্থত কৈছে –It has been the custom with the spiritual thinkers of all times
to condemn women” আৰু তাৰেই প্ৰতিফলন দেখা পাওঁ মহাপুৰুষ দুজনাৰ ৰচনাৱলীত ৷
পুৰুষপ্ৰধান সমাজত– পিতৃ প্ৰধান সমাজত নাৰীক কামনা চৰিতাৰ্থ কৰাৰ সমলৰূপেহে গণ্য
কৰা হয়, পুৰুষৰ সংগিনীৰূপে নহয় ৷ স্বাভাৱিকতে বৈষ্ণৱ সাধকসকলে নাৰী সংগ বৰ্জন
কৰিবলৈ কৈ গৈছে বাৰম্বাৰ ৷ ৰাসলীলাৰ যৌনাচাৰসমূহৰ বাবে শংকৰদেৱে গোপী সকলকহে দোষী
সাব্যস্ত কৰিছে(ব্যভিচাৰী দুষ্টা ব্ৰজ যুৱতী৷ তথাপি কৃষ্ণত ভৈল ভকতি) আনহাতে
বহুগোপীৰ সৈতে সম্পৰ্ক কৰা পুৰুষ কৃষ্ণ হৈ পৰিছে ধোৱা তুলসীৰ পাত ৷ তেওঁৰ বিষয়ে
শংকৰদেৱে কৈছে –
পৰম ঈশ্বৰে কৰে অকৰ্ম৷
তেজস্বীত কিছু নাহি অধৰ্ম ৷৷
সৰ্বভক্ষ্য বহ্নি সৱাকো শোষে৷
তথাপিতো যেন নোছোৱে দোষে ৷৷
পুৰুষ জাতিৰ হৈ ওকালতি কৰাৰ কি দুৰ্বাৰ যুক্তি !
স্বামীয়ে সামান্য দোষ এটাতে পত্নীক পুত্ৰৰ সমূখতে কেনেদৰে
“কুঁহিয়াৰৰ শিটা”ৰ দৰে পৰিত্যাগ কৰিছিল তাৰ এটা উদাহৰণ দিব বিচাৰিছো৷ ঘটনাৰ স্থান অষ্টাদশ শতিকাৰ
শেষ কালৰ অসম৷ মোৱামৰীয়া বিদ্ৰোহৰ ফলত সাধাৰণ লোকৰ নাজল-নাথল অৱস্থা ৷ বহু মানুহ
প্ৰাণৰ মমতাত পলাই গৈছিল নামনিলৈ৷ তেনেদৰে যাত্ৰা কৰিছিল টিয়কৰো এটা
পৰিয়াল ৷ “অধ্যাপক” উপাধিৰ পৰিয়ালৰ “যোগাই” নামৰ আঠ বছৰীয়া সন্তানৰ সৈতে
স্বামী-স্ত্ৰী ৷ তেওঁলোকে ব্ৰহ্মপুত্ৰৰ নামনিৰ সোঁতত নাও মেলি দিছিল৷ হঠাতে
পত্নীয়ে দেখিলে, নদীয়েদি এটা তামোল উটি আহিছে৷ তেওঁ বিশেষ চিন্তা নকৰি সেইটো
তুলি আনি অকণমান খাইছিল৷ পত্নীৰ এনে দুঃসাহস দেখি ব্ৰাহ্মণৰ “ব্ৰহ্মতেজ” উতলি উঠিল
৷ ব্ৰাহ্মণ-পত্নী হৈ এনে ‘দুষ্কাৰ্য’ কৰে! সেয়ে তেওঁ পত্নীক নদীৰ বালিতে নমাই
পুত্ৰ যোগাইক লৈ গুৱাহাটী পায়হি৷ পৰৱৰ্তীকালত সেই যোগায়ে “পৰশুৰাম” ৰূপে পৰিচিত
হয় আৰু তেওঁৰ দুই পুত্ৰই আছিল হলিৰাম আৰু যজ্ঞৰাম ৷ হলিৰামে ১৮২৯ চনত বাঙালী
ভাষাত লিখি উলিয়াইছিল “আসাম বুৰঞ্জি”খন আৰু যজ্ঞৰাম আছিল ইংৰাজী শিক্ষাৰে শিক্ষিত প্ৰথম অসমীয়া৷ তেওঁ বিলাতী
সুৰাৰ লগতে গো- মাংসও খাইছিল৷ হলিৰামৰে পুত্ৰ আছিল আমাৰ সকলোৰে পৰিচিত “আনন্দৰাম ঢেকিয়াল
ফুকন”৷ যি কি নহওক নৈত উটি অহা তামোল এটা খোৱা বাবেই নিজৰ পত্নীক ত্যাগ কৰা
কথাটোৱে এটা কথা আমাক জনাই দিয়ে যে নাৰীৰ ভাল লগা বেয়া লগাৰ লগত কোনো কথাই
নিৰ্ভৰ নকৰে৷ বহু পাঠকে নজনা এই কথাটোৱে আচলতে অসমত নাৰীক কিমান হেয় দৃষ্টিৰে
চোৱা হৈছিল বা এতিয়াও হৈ আছে তাকেই প্ৰমাণ কৰে ৷
অসম আন্দোলন, বড়ো আন্দোলন, মুক্তি
বাহিনীৰ ৰক্তক্ষয়ী সংঘৰ্ষ, বিভিন্ন জনগোষ্ঠীৰ সশস্ত্ৰ আন্দোলনে অসমক কেইটামান
বছৰৰ আগলৈকে অস্থিৰ কৰি ৰাখিছিল আৰু অস্থিৰতাত দিন অতিবাহিত কৰিছিল বহু নাৰীয়ে৷
শান্তিৰ দূতস্বৰূপ ভাৰতীয় সেনা-চিআৰপি বাহিনীৰ হাতত লাঞ্চিতা হোৱাৰ ভয়ে তেওঁলোকক
কুৰুকি কুৰুকি খাইছিল৷ ভাৰতীয় সেনাৰ সন্ত্ৰাস আজিৰ প্ৰজন্মই দেখা নাই ; কিন্তু
অপাৰেশ্যন বজৰং, অপাৰেশ্বন ৰাইনোক যি ওচৰৰ পৰা দেখিছিল তেওঁলোকে সেনাৰ বৰ্বৰতাও
দেখা পাইছিল ৷ বেছিভাগৰে দৃষ্টিত নাৰী মাথো ভোগৰ সামগ্ৰী হৈ পৰিছিল ৷
পুৰুষতান্ত্ৰিক ৰক্ষণশীল সমাজত কেতিয়াবা নাৰীকো নাৰীৰ বিৰুদ্ধে ঢাল
হিচাপে ব্যৱহাৰ কৰা হয় ৷ উদাহৰণস্বৰূপে বৰপেটাৰ নামঘৰত নাৰীৰ প্ৰৱেশ সম্পৰ্কীয়
কথাটো ৷ বহু পুৰুষ-নাৰীয়ে এই সম্পৰ্কে লিখা মেলা কৰিছে, প্ৰতিবাদ কৰিছে আৰু তেনে
স্থিতাৱস্থা বাহাল ৰাখিব খোজা, ৰক্ষণশীল নীতি নিয়মৰ প্ৰবক্তাসকলে তেতিয়া ঘোষণা
কৰে –ক’তা, আমাৰতো আপত্তি নাই ! বৰপেটাৰ আইসকলেই এই পৰম্পৰা ভংগ হোৱাটো নিবিচাৰে৷
আচলতে পৰম্পৰা ভংগ হোৱাটো নিবিচাৰে নে পৰম্পৰা ভংগৰ বাবে প্ৰয়োজনীয় যুক্তিবাদী
মনটো গঢ় লোৱাৰ পৰা তেওঁলোকক বাৰণ কৰা হৈছে ? “যিটো নামঘৰত নাৰীৰ প্ৰৱেশ নিষিদ্ধ
তাত পুৰুষ সমাজেও প্ৰৱেশ কৰাৰ যুক্তি নাই”– এনেদৰে কোনোবাই ভাবেনে? যিখন সমাজত পুৰুষেই সকলো আইন প্ৰস্তুত
কৰে, হৰ্তা-কৰ্তা-বিধাতা তাত এনেধৰণৰ যুক্তিবাদী চিন্তাই কেতিয়াবা মূৰ দাঙি উঠিব
বুলি আপুনি ভাবিব পাৰেনে?
নিজৰ যৌন কামনা চৰিত্ৰাৰ্থ কৰিবলৈ যি
গৰাকী নাৰীৰ আশ্ৰয় লয়, সেই নাৰীগৰাকীৰ নামৰ পাছত “বিশেষণ” যুক্ত হয় “গণিকা”
বুলি, পৰিচিত হয় “বেশ্যা” বুলি কিন্তু কামনা চৰিতাৰ্থ কৰা পুৰুষসকল ? নাঃ, তেনে
কোনো বিশেষ শব্দৰে তেওঁলোক পৰিচিত নহয় ৷ সেয়া যেন তেওঁলোকৰ অধিকাৰ ! দ্বিতীয়
বিশ্বযুদ্ধৰ সময়ত জাপানী সৈন্যই পৰাজিত ৰাষ্ট্ৰৰ সুন্দৰী নাৰীসকলক যৌন ক্ষুধা
নিবৃত্তিৰ বাবে ব্যৱহাৰ কৰিছিল আৰু তেনে নাৰীসকলক কিছুমান নিৰ্দিষ্ট ঠাইত ৰখা
হৈছিল য’লৈ সৈনিকসকল যাব পাৰে আৰু তেনে কেন্দ্ৰ বিলাকৰ কি নাম দিছিল জানেনে ?
COMFORT STATION কাৰ কমফৰ্ট ? নাৰীৰ ! নে পুৰুষৰ ? এনে কমফৰ্ট ষ্টেচনত “নৰকৰ কীট”ৰ দৰে জীৱন
কটাবলগীয়া হোৱা এগৰাকী নাৰী হ’ল ‘মাৰিয়া ৰোছা লোনা হেনছন’– যি এদিনতে ২৪ৰ পৰা ৩০
জনলৈ সেনাৰ ধৰ্ষণৰ বলি হৈছিল৷
আমাৰ অসমীয়া কবিসকলৰো দুই এজনে নাৰীক লৈ
যেন কেতিয়াবা তুচ্ছ-তাচ্ছিল্যও কৰিছে –আমাৰ তেনে ভাৱ হয় ৷ কৰি দেৱকান্ত বৰুৱাই
লিখিছে –
“মই জানো হে বহুবল্লভা
জনতা ভুঞ্জিত সেই দুখনি ওঁঠত
লিপষ্টিক কোন কোম্পানীৰ ৷”
সময় পৰিৱৰ্তন হয় ৷ সমাজ পৰিৱৰ্তন হয়৷
সংস্কৃতিৰো পৰিৱৰ্তন নোহোৱাকৈ নাথাকে ৷ নহয় মাথো নাৰীৰ প্ৰতি পুৰুষৰ মানসিকতা৷
নাৰী আগতেও আছিল উপভোগৰ সামগ্ৰী, এতিয়াও তাৰ ব্যতিক্ৰম হোৱা নাই৷ ৰং ৰূপ হয়তো
সলনি হৈছে কিন্তু চৰিত্ৰ? ওঁহো ৷ সলনি হোৱা নাই পুৰুষৰ মানসিকতাৰ ৷
