অন্যযুগ/


চাকৰিমুখী নহয়, কৃষিমুখী কৰক

সত্যজিৎ গগৈ

 

জনসংখ্যাৰ ফালৰ পৰা ভাৰতবৰ্ষ সৰ্ববৃহৎ দেশ হোৱাৰ লগে লগে ইয়াৰ জনগণক সুস্থভাৱে পৰিচালনা কৰিবলৈ চৰকাৰৰো দায়িত্ব বাঢ়িল। প্ৰতিযোগিতাৰ যুগত আমি সকলোৱে হাতে হাত ধৰি আগবাঢ়ি গলেহে সমাজখন চলিব। যদি কেৱল আত্মকেন্দ্ৰিকভাৱে সকলো কাম কৰা হ, তেন্তে দেশত খুউৱ কম দিনৰ ভিতৰতে অস্থিৰতাই দেখা দিয়াৰ সম্ভাৱনা আছে। সেয়েহে দেশৰ প্ৰতিখন ৰাজ্যই সু-সিদ্ধান্তৰে জনগণক আগুৱাই লৈ যাবলৈ বদ্ধপৰিকৰ হোৱাটো নিতান্তই প্ৰয়োজন। আমিও আমাৰ অসম ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ আহ্বান জনাওঁ যে ৰাজ্যখন যিহেতু আৰু অসমত চৰকাৰী চাকৰি দিবলৈও নিবনুৱাৰ তুলনাত খালী পদ নহবগৈ, সেয়েহে কৃষিপ্ৰধান ৰাজ্য হিচাপে অসমৰ শিক্ষিত নিবনুৱাসকলৰ বাবে চৰকাৰে কৃষিবিভাগৰ জৰিয়তে এটা ডাঙৰ বাজেট নিৰ্ধাৰণ কৰিব লাগে আৰু সেই বাজেটৰদ্বাৰাই অসমৰ চুকে কোণে সিঁচৰতি হৈ পৰি থকা সকলো কৃষিভূমিতে বতৰ অনুযায়ী সকলো ধৰণৰ খেতি কৰিবলৈ নিবনুৱাসকলক নিয়োগ কৰিব লাগে। যদি সম্ভৱ হয়, তেন্তে প্ৰতিখন জিলাতেই চৰকাৰীভাৱে খেতি কৰিবলৈ বিভাগত পদ সৃষ্টি কৰিব লাগে। সেই অনুপাতে যুৱক-যুৱতীসকলক নিয়োগ কৰি মাহেকীয়া পাৰিতোষিক দিয়াৰ ব্যৱস্থা কৰিব লাগে। লগতে প্ৰতিখন জিলাৰ পৰা উৎপাদন হোৱা শস্যসমূহ চৰকাৰৰ শীতল ভঁৰালত সংৰক্ষণ কৰি অনান্য ৰাজ্যৰ লগতে বিদেশলৈও  ৰপ্তানি কৰিব পাৰে। ইয়াৰ যোগেদি অসমত নিবনুৱা সমস্যা হ্ৰাস হোৱাৰ উপৰিও খাদ্য সামগ্ৰী ৰপ্তানিৰদ্বাৰা ৰাজ্যখন লাভাম্বিত হব আৰু বৰ্ধিত জনসংখ্যাৰ বাবেও খাদ্য সামগ্ৰীৰ নাটনি নহব। সাধাৰণতে অসমত প্ৰায় সকলো ধৰণৰ কৃষিয়েই কৰিব পৰাকৈ জলবায়ু উপযোগী। গতিকে চৰকাৰে যদি এই ক্ষেত্ৰত অলপ গভীৰভাৱে চিন্তা-চৰ্চা কৰি আগবাঢ়িব খোজে, তেনেহলে নিশ্চিতভাৱে অসমে অন্য এক সুকীয়া মৰ্যাদা লাভ কৰিবলৈ সক্ষম হব। চৰকাৰী চাকৰিৰ বাবে যিমানখিনি পাৰে চৰকাৰে কৰিবই। তাৰ উপৰিও বাকী থকা সৰহ সংখ্যক নিবনুৱাৰ সংস্থাপনৰ বাবে অসমত যিহেতু বহু উদ্যোগ প্ৰতিষ্ঠানো নাই। সেয়েহে বিভিন্ন দিশৰ পৰা চৰকাৰৰো সুবিধা হোৱাকৈ  খেতিয়েই হব পাৰে নিবনুৱা সমস্যা সমাধানৰ অন্য এক বিকল্প।

 

ঠিকনা:-

সত্যজিৎ গগৈ।

চাচনি-৭৮৬৬১০, নাহৰকটীয়া।

ডিব্ৰুগড়, অসম।

ভ্ৰাম্যভাষ - ৮১৩৪৮৬৯৩৪৪


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ