অন্যযুগ/


“লাওপানী” : চাওডাং সম্প্ৰদায়ৰ পৰম্পৰাগত পানীয়

 মলেন কুমাৰ গগৈ

লাওপানী


                                                             

       অসমত বসবাস কৰা বিভিন্ন খিলঞ্জীয়া জাতি জনগোষ্ঠী বা সম্প্ৰদায়ৰ লোকসকলে অতীজৰে পৰা তেখেতসকলৰ বিভিন্ন ধৰণৰ উৎসৱ-পাৰ্বণ আদিত পৰম্পৰাভাৱে তৈয়াৰ কৰা পানীয় ব্যৱহাৰ কৰি আহিছে৷ পৰম্পৰাগতভাৱে পুৰুষানুক্ৰমে ব্যৱহাৰ কৰি অহা সেই পানীয় বিলাকৰ উপাদান, বনোৱা পদ্ধতি, নাম আদি জনগোষ্ঠীভেদে বেলেগ বেলেগ৷ ইণ্টাৰনেটত উপলব্ধ তথ্যমতে আহোমসকলৰ পানীয়ৰ নাম হ’ল- সাঁজ, মিচিঙসকলৰ- আপং, দেউৰীসকলৰ- ‘চুজেন’, টিৱা সকলৰ- ‘জু্য’ ইত্যাদি৷ তেনেদৰে চাওডাং সম্প্ৰদায়ৰ লোকসকলেও পুৰুষানুক্ৰমে পৰম্পৰাগতভাৱে বিভিন্ন উৎসৱ-পাৱন, যেনে- মাঘ বিহু, ব’হাগ বিহু, ন-খোৱা, মৃতকক দিয়া, জলপনীয়া পতা, চাউল খোৱা আদি  বিভিন্ন অনুষ্ঠানত ব্যৱহাৰ কৰি অহা চাউলৰ পৰা প্ৰস্তুত কৰা পানীয় হ’ল “লাওপানী” (Laopani) বা চাউলৰ মদ৷

       এই লেখাত চাওডাং সম্প্ৰদায়ৰ লাওপানীৰ বিষয়ে এটি বিশ্লেষণাত্মক বিৱৰণ দিবলৈ চেষ্টা কৰাৰ মূল কাৰণ হল “লাওপানী” অসমৰ অন্যান্য জনগোষ্ঠীসমূহৰ পৰম্পৰাগত পানীয়তকৈ সুকীয়া বৈশিষ্ট্যৰে পৰিপূৰ্ণ  এবিধ পানীয়৷

       চাওডাং সম্প্ৰদায়ৰ লোকসকলে এবিধ শক্তিশালী পানীয় যে অতীজৰে পৰা ব্যৱহাৰ কৰি আহিছিল সেই বিষয়ে ১৮৮১ চনত বৃটিছ চৰকাৰৰ অধীনত পোনপ্ৰথমবাৰৰ বাবে প্ৰকাশ পোৱা লোকপিয়লৰ তথ্যত স্পষ্টকৈ উল্লেখ আছে৷ পৰৱৰ্তী সময়ত বৃটিছ লেখক আৰ.চি মুইৰহেড থমচন, ডি.এছচি. (R.C. MUIRHEAD THOMSON, D.Sc.) ৰ ১৯৪৮ চনত লণ্ডন লুজাক এণ্ড ক’ম্পেনী এল.টি.ডি (LONDOত্ত্ব LUদ্বAC গু COMPANY LTD.) য়ে প্ৰকাশ কৰা “আসাম ভেলী” (ASSAM VALLEY) নাম গ্ৰন্থৰ অষ্টম অধ্যায় (Chapter VIII)ত বিহুৰ বিষয়ে লিখা প্ৰবন্ধটোত চাওডাং সকলে ‘লাওপানী’ খাই কেনেদৰে বিহু পালন কৰে সেই বিষয়ে উল্লেখ কৰিছে এনেদৰে- “This festival is celebrated not only by the Assamese Hindus, but also by all the numerous valley people who have not yet been drawn into the Hindu  fold, such as Kacharis, Thengals, Chaudangs, Hunwals, etc. In fact it is only among these non hindus  or quasi hindu communities that the dancing reaches its full expression. Among the chaudangs  for example there is a great deal of drinking and dancing among both sexes. Rice  beer “Laopani” is consumed with great relish.......”

       “The young men’s dance is usually more violent and energetic  than that of the girls, and they one well fertified with  ‘Laopani’ .

       উক্ত গ্ৰন্থত উল্লেখ কৰাৰ দৰে বত্তৰ্মান সময়তো চাওডাং সম্প্ৰদায়ৰ লোকসকলৰ বিভিন্ন অনুষ্ঠানত লাওপানীৰ প্ৰচলন হৈ আহিছে৷

       এই লেখাৰ আৰম্ভণিতে চাওডাং সম্প্ৰদায়ৰ পৰম্পৰাগত পানীয় “লাওপানী” অসমৰ অন্য জনগোষ্ঠীৰ পৰম্পৰাগত পানীয়তকৈ সুকীয়া বৈশিষ্ট্যৰে পৰিপূৰ্ণ বুলি উল্লেখ কৰা হৈছে৷ সেই বৈশিষ্ট্যসমূহ চালি-জাৰি চালে প্ৰথমতেই দেখা যায় যে লাওপানী প্ৰস্তুত কৰিবলৈ যি পিঠা ব্যৱহাৰ কৰা হয়, যাক সম্প্ৰদায়টোৰ লোকসকলে  ‘হু-পিঠা’ বা “হুৰ পিঠা” বুলি কয়, সেই ‘হু-পিঠা’ বনাবলৈ ৭০-৮০ ৰ পৰা ১০১ বিধ পৰ্যন্ত ঔষধিগুণ সম্পন্ন শাক, বন, লতা, বিভিন্ন ধৰণৰ গছৰ পাত আদি ব্যৱহাৰ কৰে৷ সেই ঔষধি গুণসম্পন্ন আটাইবোৰ পাত, বন, লতা আদিৰ ভিতৰত কিছুমানৰ আচল নাম নেজানিলেও লোকসকলে নিজেই চিনি পাবলৈ স্থানীয়ভাৱে একো একোটা নাম দি লৈ সেই নামৰে পুৰুষানুক্ৰমে চিনাক্ত কৰি সেইবোৰ ব্যৱহাৰ কৰি আহিছে৷ সম্প্ৰদায়টোৰ কেইবাগৰাকী মহিলাৰ পৰা পোৱা তথ্য অনুসৰি কিছুমান তেনেধৰণৰ গছ-বনৰ নাম পাঠকৰ জ্ঞাতাৰ্থে এই সুযোগতে উল্লেখ কৰিছোঁ -

(১) কপৌঢেঁকীয়া, (২) বিহলঙনী,  (৩) টিকনি বৰুৱা,  (৪) বিয়নি সাবটা, (৫) চুবা আঠা,  (৬) দুৱামালি, (৭) বেলিপকা,  (৮) পৃথিৱী ঢকা, (৯) হালধী পাত বা টুকুৰা,  (১০) গাখীৰতি বন, (১১) নাহৰ পাত, (১২) ধপাততিতা পাত,  (১৩) তিতাফুলৰ পাত,  (১৪) সৰু মানিমুনি, (১৫) পানী বিহলঙনী, (১৬) মিঠা গছৰ পাত, (১৭) শুৱা গছৰ পাত,  (১৮) বনতুলসী,  (১৯) তেজমুই গছৰ পাত,  (২০) সাতবতালি গছৰ পাত, (২১) চটিয়না গছৰ পাত, (২২) বনজালুক, (২৩) পাণ,  (২৪) জলকীয়াপাত বা জলকীয়া, (২৫) জালুকৰ পাত বা জালুক,  (২৬) তুবুকীলতা, (২৭) কলিয়া লতা, (২৮) মধুৰি পাত, (২৯) কঠাল পাত, (৩০) মেকুৰি নাহৰ পাত, (৩১) লাইজাবৰি,  (৩২) ভমলতী, (৩৪) কাচিদৈ, (৩৫) বাঘঢেঁকিয়া, (৩৬) শুমশুমীয়া, (৩৭) চিপকাঠী,  (৩৮) চেংমৰা পাত, (৩৯) শুহনী বন, (৪০)  যমলাখুটি পাত, (৪১) কুকুৰাঠেঙীয়া পাত, (৪২) মতা কপৌ ঢেঁকীয়া, (৪৩) মৌ শেৱালি, (৪৪) কুঁহিয়াৰ পাত, (৪৫) মাটি কঠাঁলৰ পাত, (৪৬) আদা পাত,  (৪৭) ডিমৌপাত, (৪৮) আওনী পাণ,  (৪৯) পিপলী পাণ,  (৫০) বৰালি ভুকুৱা, (৫১) দ্ৰোন বন, (৫২) টেমেনা,  (৫৩) টকয়া আলু বা সোণবৰী, (৫৪) মাহুদি পাত, (৫৫) সোণবৰীয়াল, (৫৬) ডালচেনি পাত, (৫৭) তেজপাত, (৫৮) তৰা গছৰ পাত, (৫৯) মুৰমুৰী পাত, (৬০) মাটি সোঁৱা, (৬১) মদচোকা, (৬২) মতা তেজপাত, (৬৩) চাহপাত, (৬৪) বগা ফুটুকা, (৬৫) বনকপৌ, (৬৬) বৰঢেঁকিয়া, (৬৭) পাটি মুতুৰা, (৬৮) আঠা পাত, (৬৯) হাড়জোৰা পাত, (৭০) পানী খুটুৰা,  (৭১) কাচিয়তি, (৭২) তৰা কাজলি, (৭৩) জেতুলি পকা পাত, (৭৪)  মদং পাত, (৭৫) বৰমানিমুনি, (৭৬) লতীয়া পাণ, (৭৭) মাটি-টেমেনা পাত, (৭৮) সৰু বনজলকীয়া, (৭৯) ঢেঁকিয়ালতি, (৮০) পানী ঢেঁকিয়া, (৮১) যাত্ৰা মংগল, ইত্যাদি৷

       দ্বিতীয় বৈশিষ্ট্যটো হ’ল- এই যে, এই আটাইবোৰ বনৌষধি যাক ‘হু-পিঠা’ৰ দৰৱ বুলি কয়, সেইবোৰ হাবি-বননিৰ পৰা বিচাৰি আনি লৈ নিৰ্দিষ্ট পদ্ধতিৰে “হু-পিঠা” বনোৱা প্ৰক্ৰিয়াটো৷ ‘হু-পিঠা’ প্ৰস্তুত কৰাৰ প্ৰথম পদক্ষেপ হ’ল ইয়াৰ বাবে লাগতিয়াল বনৌষধি বিলাক পথাৰ, শাকনি,  হাবি আদিৰ পৰা বিচাৰি আনি গোটাই লোৱা৷ সাধাৰণতে বছৰৰ সকলো সময়তে “হু-পিঠা” বনাব পাৰি যদিও আটাইকেইটা মাহত আটাইবোৰ গছ-বন পোৱা নাযায় কাৰণে কাতি-আঘোণ মাহৰ পৰা চ’ত-ব’হাগ মাহৰ ভিতৰতেই কিছুমান গছ-বন হাবিৰ পৰা তুলি আনি ৰ’দত শুকুৱাই সংৰক্ষণ কৰি ল’বলগীয়া হয়৷ মহিলাসকলে হু-পিঠা বনাবলৈ লোৱা চাউলৰ পৰিমাণ অনুসৰি ৰ’দত শুকুৱাই থোৱা বনৌষধি নিৰ্দিষ্ট পৰিমাণৰ লৈ চাউলৰ লগত ঢেকীত খুন্দি হু-পিঠা বনায়৷ সেই কেঁচা পিঠা বিলাক খেৰ পাৰি দিয়া চালনিত এটা এটাকৈ সজাই ঢেঁকী ঘৰৰ চাঙত বা সুবিধাজনক জেগাত পাঁচৰ পৰা সাত দিনলৈকে ৰাখি তাৰ পৰা পিঠাখিনি এটা এটাকৈ এৰুৱাই অনা হয় যাক “হু-পিঠা” ভঙা বুলি কয়৷


       

        হাবিৰ পৰা উল্লেখিত ধৰণৰ গছ-বন-লতা বুটলি আনি চাউলৰ লগত মিহলাই খুন্দি পিঠা বনাই শুকুৱাই থলেই ‘হু-পিঠা’ হ’ব যেন লাগিলেও কথাটো তেনে ধৰণৰ সাধাৰণ নহয়৷ ‘হু-পিঠা’ বনোৱাৰ ক্ষেত্ৰত পুৰুষানুক্ৰমে ব্যৱহাৰ কৰি অহা মূল সামগ্ৰীটো হ’ল ‘মোৰ খোঁচনি’ যাক আমি সঁচ বুলিও ক’ব পাৰি৷ নতুনকৈ ‘হু-পিঠা’ বনাবলৈ লোৱা চাউল আৰু বনৌধষিবোৰ খুন্দি মিহি কৰি পিঠা বনাবলৈ লোৱাৰ সময়ত পুৰণি নিৰ্দিষ্ট পৰিমাণ ‘হু-পিঠা’ মিহলাই লৈ নতুন ‘হু -পিঠা’ বনোৱা হয়৷ এইদৰে অতীজৰে পৰা ‘‘মোৰ খোচনি’’ৰ দ্বাৰা পুৰণি ‘হু-পিঠা’ৰ সঁচ পুৰুষানুক্ৰমে প্ৰবাহিত হৈ আহিছে৷

       ‘হু-পিঠা’ ৰ সংৰক্ষণ আৰু লাওপানী বনাব পৰাকৈ প্ৰস্তুত কৰা প্ৰক্ৰিয়াটোও এটা বৈশিষ্ট্যপূৰ্ণ প্ৰক্ৰিয়া৷ ‘হু-পিঠা’ ভঙাৰ পিছত পোনে পোনে ‘লাওপানী’ বা চাউলৰ মদ প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰিব নোৱাৰি৷ অতি কমেও  চাৰি-পাঁচ দিন নিৰ্দিষ্ট সঁজুলিত ধোঁৱাত দি ৰখাৰ পিছতহে ‘হু-পিঠা’ লাওপানী বনাব পৰাকৈ উপযুক্ত হৈ উঠে৷ ইয়াৰ পৰা প্ৰয়োজনীয় পৰিমাণৰ ‘হু-পিঠা’ লৈ লাওপানী বনোৱা হয় আৰু অতিৰিক্ত ‘হু-পিঠা’ ধোঁৱাত দি ৰাখি এবছৰলৈকে সংৰক্ষণ কৰি ৰাখিব পাৰি৷

       ‘হু-পিঠা’ বনোৱা পদ্ধতিটো প্ৰথমৰ পৰা শেষলৈকে যেনেদৰে বৈশিষ্ট্যপূৰ্ণ ঠিক তেনেদৰে ‘হু-পিঠা’ ব্যৱহাৰ কৰি লাওপানী বা চাউলৰ মদ প্ৰস্তুত আৰু সংৰক্ষণ কৰা প্ৰক্ৰিয়াটোও তেনেকৈ বৈশিষ্ট্যপূৰ্ণ৷ লাওপানী প্ৰস্তুত কৰিবলৈ সাধাৰণতে শালি, লাহি, বৰা, চকুৱা আদি যিকোনো ধানৰ চাউল ব্যৱহাৰ কৰা হয় যদিও বৰা, চকুৱা, শালি আদি মিহলি ধানৰ চাউলৰ পৰা প্ৰস্তুত কৰা লাওপানী অধিক সোৱাদযুক্ত হয়৷ লাওপানী প্ৰস্তুত কৰিবলৈ লোৱা চাউল সিজাই এক ডেৰঘণ্টা সময় ঠাণ্ডা হ’বলৈ  দি কুলা, ডলা বা অন্য তেনেকুৱা ধৰণৰ সজুঁলিত ভীমকলৰ পাত পাৰি লৈ ভাতখিনি তাত মেলি  দিয়া  হয়৷ ভাতৰ  জোখ অনুপাতে ‘হু-পিঠা’ গুড়ি কৰি লৈ আৱশ্যক অনুযায়ী ঠাণ্ডা পানী বা কুহুমীয়া পানী বাতিত লৈ ‘হু-পিঠা’ গুড়িখিনি ভাতৰ লগত মিহলি কৰি পানী চটিয়াই দি হাতেৰে সানি দিয়া হয়৷ ‘হু-পিঠা’ গুৰি সম্পূৰ্ণকৈ সনাৰ পিছত পুনৰ ভীমকলৰ পাতেৰে পিঠা সনা ভাতখিনি ঢাকি দি দুই-তিনি দিনলৈ আচুতীয়াকৈ থৈ দিয়া হয়৷ এইদৰে থৈ দিয়া ভাতখিনিৰ পৰা এদিনৰ পিছতেই সোৱাদযুক্ত গোন্ধ ওলাবলৈ ধৰে আৰু নিদ্ধাৰিত সময়ত সুবিধা অনুসৰি ধোঁৱাত দি ৰখা মাটিৰ কলহ, মঠিয়া আদিত পাতৰ পৰা উঠাই আনি ভাতখিনি ভৰাই ৰখা হয়৷  তেনেদৰে থোৱাৰ পাঁচদিনমানৰ পিছৰ পৰা ভাতখিনি ভৰাই থোৱা পাত্ৰৰ পৰা লাওপানী উলিয়াই পৰিৱেশন কৰিব পৰা হয়৷ সেই পাত্ৰত পানী নিদিয়াকৈ উলিওৱা লাওপানীৰ চোক বেছি হয়৷ কলহত পানী মিহলি কৰি লাওপানী পৰিৱেশন কৰিবলৈ হ’লে পানী মিহলি কৰাৰ পৰা কমেও দহ বাৰ ঘণ্টা সময়ৰ পিছতহে উৎকৃষ্ট সোৱাদযুক্ত লাওপানী পাব পাৰি৷ লাওপানী উলিয়াই শেষ হ’লে থাকি যোৱা অৱশিষ্টক হুমলৰি বুলি কয়৷ সেই হুমলৰি গৰু, গাহৰি আদিৰ আহাৰ হিচাপে ব্যৱহাৰ কৰা হয়৷ এই দৰে প্ৰস্তুত কৰা লাওপানীৰ সংৰক্ষণৰ কাৰণে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা দেখা যায়৷ দীঘলীয়া সময়ৰ কাৰণে সংৰক্ষণ কৰিবলৈ হ’লে কলহ বা পাত্ৰৰ পৰা মিহলি নকৰাকৈ উলিয়াই লৈ বা কম পৰিমাণৰ পানী ভৰাই খেৰৰ ঠিলা মাৰি ৰাখে আৰু তেনেদৰে ৰাখিলে এবছৰতকৈও অধিক সময় লাওপানী ভাল হৈ থাকে৷ তাৰোপৰি কলহত ভৰাই থোৱা হুমলৰিযুক্ত লাওপানীত পানী নিদিয়াকৈ দুমাহমানলৈকে বেয়া নোহোৱাকৈ ৰাখিব পৰা যায়৷

       চাওডাং সম্প্ৰদায়ৰ এই পৰম্পৰাগত পানীয় ‘লাওপানী’ৰ বিষয়ে এইছেগতে আৰু কেইটামান কথা উল্লেখ নকৰিলে এই লেখা আধৰুৱা হৈ ৰ’ব৷ সেয়া হ’ল- লাওপানীৰ গুণগত মানদণ্ড৷  যিহেতুকে লাওপানী প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা ‘হু-পিঠা’ বনাবলৈ  ৭০-৮০ ৰ পৰা ১০০ বিধলৈকে বিভিন্ন গুণাগুণ যুক্ত বনৌষধি ব্যৱহাৰ কৰা হয়৷ গতিকে সেই বনৌষধিবিলাকত থকা সকলো ধৰণৰ উপাদান লাওপানীলৈ নিঃসৰিত হৈ যোৱাটো স্বাভাৱিক৷ ইয়াৰ গুণাগুণৰ সম্পৰ্কত সম্প্ৰদায়টোৰ আশীৰ উদ্ধৰ্ৰ ব্যক্তিৰ পৰা জানিব পৰামতে গৰম বতৰত লাওপানীৰ দেহৰ বাবে যথেষ্ট উপকাৰী আৰু তেখেতসকলে খেতি পথাৰৰ পৰা আহি লাওপানী খাইছিল বুলি জানিবলৈ দিয়ে৷ তাৰোপৰি বিজ্ঞানসন্মতভাৱে লাওপানীৰ গুণাগুণৰ বিষয়ে জানিবৰ কাৰণে চাউদাং জাতীয় পৰিষদ, অসম, যোৰহাট মহকুমাৰ সমিতিয়ে যোৱা ২০২৪ চনত যোৰহাট অসম কৃষি বিশ্ববিদ্যালয়ত লাওপানীৰ দুটা নমুনাৰ পৰীক্ষা কৰাইছিল৷ তলৰ ছবিত সেই পৰীক্ষাৰ ৰিপ’ৰ্টটো সংলগ্ন কৰা হ’ল:

অসম কৃষি বিশ্ববিদ্যালয়ৰ ৰিপ’ৰ্ট



       চাওডাং লোকসকলৰ এই পৰম্পৰাগত ‘হু-পিঠা’ আৰু লাওপানী কিছুমান পৰিয়ালে বিক্ৰী কৰি পৰিয়াল পোহপাল দি জীৱিকা নিৰ্বাহ কৰা দেখা যায়৷ বৰ্তমান অসম চৰকাৰে অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ পৰম্পৰাগত পানীয়ক প্ৰচাৰ আৰু সংৰক্ষণৰ বাবে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা দেখা গৈছে৷  চাওডাং সম্প্ৰদায়ৰ এই পৰম্পৰাগত পানীয়  ‘লাওপানী’ প্ৰস্তুত কৰা লোকসকল চৰকাৰৰ তেনেধৰণৰ পদক্ষেপৰ অন্তৰ্ভুক্ত হ’লে অতি পিছপৰা সম্প্ৰদায়টোৰ লোকসকল আৰ্থিকভাৱে যথেষ্ট উপকৃত হোৱাৰ থল নথকা নহয়৷

 

(প্ৰবন্ধটো প্ৰস্তুত কৰোঁতে দক্ষিণ যোৰহাটৰ চাওডাং সম্প্ৰদায় বসতিপ্ৰধান কুঁৱৰী পুখুৰী অঞ্চলৰ বিভিন্ন গাঁৱৰ জ্যেষ্ঠ পুৰুষ-মহিলাৰ সহায় লোৱা হৈছে৷)


লেখকৰ ঠিকনা:

তিমতিমীয়া গাঁও, কুঁৱৰী পুখুৰী,

যোৰহাট, অসম

ম’বাইল : ৯৮৫৪২ ৬৮১৩১

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ