অন্যযুগ/


অসমীয়া বনাম ইংৰাজী মাধ্যমৰ বিদ্যালয়

 কৰবী বৰ্মন কলিতা

 

অসমীয়া অভিভাৱকৰূপে  আৰম্ভণিতেই কওঁ আজিৰ শিক্ষা ব্যৱস্থাত কিন্তু মাধ্যম এক গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে৷ আমাৰ নিজৰ সন্তানেও ভৱিষ্যতৰ সম্ভাৱনাৰ (চাকৰিমুখী সম্ভাৱনাৰ) বাবে ইংৰাজী মাধ্যমতেই যে শিক্ষা গ্ৰহণ কৰিব এই সিদ্ধান্তত নিশ্চিত আছিলো৷ অসমীয়া আমাৰ মাতৃভাষা৷ কিন্তু মই নাভাবোঁ যে ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়ুওৱালে নিজৰ মাতৃভাষাক অৱহেলা কৰা হ’ব৷ মাতৃভাষাৰ ব্যৱহাৰ আৰু মাতৃভাষাকেই প্ৰথমে আয়ত্ত কৰাটোত আমি প্ৰাধান্য দি আহিছোঁ৷ যথাসম্ভৱ আনুষ্ঠানিক শিক্ষা আৰম্ভ হোৱাৰ আগৰে পৰাই মাতৃভাষাৰ প্ৰাথমিক জ্ঞানখিনি ঘৰুৱা পৰিৱেশত দিয়া হৈছে৷ ইংৰাজী মাধ্যমত পঢ়া হোৱাৰ পৰা জনা হোৱালৈ  স্কুলীয়া পাঠ্যক্ৰমৰ অৰ্ন্তগত মাতৃভাষাৰ বিষয়টোৰ লগতে কবিতা চৰ্চা, অসমীয়া পদ্য আবৃত্তিৰ লগত মোৰ নিজৰেই ছোৱালীজনীক জড়িত কৰি ৰাখিছো৷ কেৱল কথাটো হ’ল তাই মাতৃভাষা মাধ্যমৰ বিদ্যালয়ত পঢ়া নাই৷ আজিৰ দিনত মই ভাবোঁ ইংৰাজী ভাষা অবিহনে ৰাজনৈতিক, সামাজিক আৰু বৃহত্তৰ অৰ্থনৈতিক উন্নয়ন অসম্ভৱ৷ পৰিৱৰ্তিত গোলকীকৃত বিশ্ব আৰু পৰিৱেশে ইয়াৰ লগত সমতা বজাই ৰাখিবলৈ ইংৰাজীত শিক্ষা লাভ কৰাটো প্ৰয়োজনীয় হৈ পৰিছে৷  

সন্তানৰ ভৱিষ্যত আর্থিক সুযোগ প্ৰাপ্তি অন্য এটি বিশেষ কাৰক আদিৰ অভিভাৱকৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ প্ৰতি আকৰ্ষিত হোৱাতো৷ ইংৰাজী জানিলে চাকৰিত অধিক সুযোগ পোৱা যায়৷ বাণিজ্যিক ক্ষেত্ৰত ইংৰাজী ভাষাৰ প্ৰয়োজনীয়তা অতি সঠিক বুলি ভবা যায়৷ ছোৱালী সন্তানেই  হওক আমিও তাইক স্বাৱলম্বী কৰি তুলিবলৈ সদায় অনুপ্ৰাণিত কৰিম৷ তেহে উচ্চ শিক্ষিতা হৈ নিজৰ ভৰিত থিয় দিব পৰা ক্ষমতাখিনি তাই আয়ক্ত কৰিব পাৰিব৷ বাহিৰৰ পৃথিৱীখনৰ বিভিন্ন প্ৰতিবন্ধকতাৰ লগত যুঁজ দিব পাৰিব৷ সেই আত্মবিশ্বাসখিনি গোটাব পাৰিব আৰু শিক্ষাৰ সাৰ্থকতা লভিব পাৰিব৷ মই নিজে যদিও ব্যক্তিগত শিক্ষা প্ৰতিষ্ঠান এটাৰ লগত বহুবছৰৰ পৰা জড়িত, মোৰ এটা জীৱিকা আছে তথাপিতো  মাজে মাজে  অনুভৱ কৰো-  ক’ৰবাত যেন পিছ পৰি ৰ’লো জীৱনত৷ তাৰ বাবে মই আমাৰ দিনৰ অসমীয়া মাধ্যমৰ বিদ্যালয়বোৰক দোষ পোনপটীয়াকৈ দিব নিবিচাৰো৷ সেয়া সম্পূৰ্ণ আমাৰ অভিভাৱকৰ সিদ্ধান্ত আছিল৷ তাৰ বাবে তেওঁলোককো মই দোষাৰোপ নকৰো৷ কিয়নো আমি মধ্যবিত্ত পৰিয়ালৰ হোৱা বাবে ইংৰাজী মাধ্যমৰ ওচৰ চাপিব পৰা ক্ষমতাও নাছিল৷ তেনেস্থলত ক’ৰবাত যেন আত্মবিশ্বাসৰ অভাৱ, ইংৰাজী ভাষা সলসলীয়াকৈ ক’ব নোৱৰাৰ দুৰ্বলতাটোৱে জীৱনটোক গতিশীলতা প্ৰদান নকৰিলে৷ এনে ঘটনাৰ পুনৰাবৃত্তি যাতে আমাৰ সন্তানৰ লগত নহওক তাৰ বাবে আমি অভিভাৱকহাল সচেতন হ’ব বিচাৰো৷ সেয়ে  তাইক  ইংৰাজী মাধ্যমতেই পঢ়াবলৈ মনতে ঠিৰাং কৰিছিলো৷ মোৰ দৰেই ধাৰণাৰ সৈতে সাদৃশ্য ৰখা বাবেই চাগৈ অসমৰ ভাষা, সাহিত্য, শিক্ষা, সংস্কৃতি, সমাজ, ৰাজনীতি, সাংবাদিকতা তথা প্ৰশাসনৰ লগত জড়িত অধিকাংশ অসমীয়া লোকেও নিজৰ সন্তানক মাতৃভাষা মাধ্যমৰ বিদ্যালয়ত পঢ়ুওৱা পৰিলক্ষিত নহয়৷ 

এতিয়া আন কেতবোৰ কাৰকৰ কথা আলোচনা কৰোহক৷  অসমত বিশেষকৈ  মাতৃভাষা মাধ্যমত পঢ়া-শুনা কৰা ল’ৰা ছোৱালীৰ সংখ্যা কমি আহিছে৷  প্ৰায় সকলো অৱস্থাপন্ন অভিভাৱকে নিজৰ সন্তানক ইংৰাজী মাধ্যমৰ বিদ্যালয়ত ভৰ্তি কৰাৰ প্ৰৱণতা জাগি উঠিছে৷ একাংশ অভিভাৱকে আকৌ দেখাক দেখি বা সহজ ভাষাত চখতেই নিজৰ সন্তানক ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়ুৱাবলৈ বিচাৰে, অথচ নিজৰেই সেই দ্বিতীয় ভাষাটোৰ ওপৰত ন্যুনতম দক্ষতাও নাথাকে৷ নিজে শিকাব নোৱাৰাৰ ফলত সৰুৰে পৰাই  শিশুক টিউশ্বনৰ বোজা কঢ়িয়াবলৈ প্ৰস্তুত কৰি তোলা হয় মাথোঁ ইংৰাজীত দক্ষতা বৃদ্ধি কৰাবলৈ৷ কিছুমানে আকৌ সামৰ্থ বিশেষ নাথাকিলেও নিজৰ সামাজিক মৰ্য্যদা প্ৰতিপন্ন কৰিবলৈ নিজৰ সন্তানক  অলিয়ে-গলিয়ে গঢ়ি উঠা ব্যক্তিগত ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়ুৱাইছে৷ এনে প্ৰৱণতা গঢ় লৈ উঠাৰ প্ৰধান কাৰকসমূহ পৰ্য্যালোচনা কৰিলে দেখা যায় যে চৰকাৰী বিদ্যালয়বোৰত ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ দৰে সা-সুবিধাখিনি নথকাটো৷ মাতৃভাষা মাধ্যমৰ চৰকাৰী বিদ্যালয়ত একেজন শিক্ষকে কেইবাটাও শ্ৰেণীত পাঠদান কৰিবলগীয়া হয়৷ চৰকাৰে টেট অনুষ্ঠিত কৰি নিযুক্তি প্ৰদান কৰাৰ পৰাই  টেট উত্তীৰ্ণ শিক্ষকেৰে বিদ্যালয়ত শিক্ষকৰ সংখ্যা কিছু বৃদ্ধি কৰা হৈছে যদিও উপযুক্ত পাঠদানৰ বাবে এতিয়াও বহু হাজাৰ শিক্ষকৰ প্ৰয়োজন হৈ আছে৷ শিক্ষকসকলে পাঠদানৰ উপৰিও বিভিন্ন চৰকাৰী কাৰ্যসূচীত দায়িত্ব পালন কৰিবলগীয়া হয়৷ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ, লোকপিয়ল, নিৰ্বাচনৰ কাম ইত্যাদিবোৰত তেওঁলোকক নিয়োগ কৰা হয়৷ ইয়াৰ ফলত বিদ্যালয়ত পাঠদান কাৰ্য্যত ব্যাঘাট জন্মে৷ নতুন শিক্ষানীতিৰ কম প্ৰয়োগ, ডিজিটেল ক্লাচৰ অভাৱ, শিক্ষণ প্ৰণালীৰ অনুপযোগিতা, শিক্ষকৰ হেমাহি, বিদ্যালয়ে  ব্যৱহাৰিক শিক্ষাত গুৰুত্ব নিদিয়া চৰকাৰী মাতৃভাষা মাধ্যমৰ বিদ্যালয়ৰ এই এশ এবুৰি সমস্যাৰ বিপৰীতে ব্যক্তিগত খণ্ডত স্থাপন হোৱা বিদ্যালয় সমূহত ছাত্ৰ ছাত্ৰীয়ে সাধাৰণতে অধিক স-সুবিধা লাভ কৰে৷ ব্যক্তিগত ইংৰাজী মাধ্যমৰ  বিদ্যালয়ত পাঠদানৰ সময়ো চৰকাৰী বিদ্যালয়তকৈ বহুগুণে বেছি৷ তুলনামূলকভাৱে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ আন্তঃগাঁথনিও অধিক উন্নত হোৱা দেখা যায়৷ ইংৰাজী মাধ্যমৰ বিদ্যালয়ত  প্ৰস্ৰাৱগাৰ, খোৱা পানীৰ ব্যৱস্থা, বিভিন্ন খেল-ধেমালিৰ ব্যৱস্থা, কম্পিউটাৰ প্ৰশিক্ষণ, যোগ, নৃত্য, গীতৰ চৰ্চা অসমীয়া মাধ্যমৰ বিদ্যালয়তকৈ অধিক উন্নত মানদণ্ডৰ হয়৷ অসমত স্থাপিত জাতীয় বিদ্যালয়সমূহে যদিও ব্যক্তিগতভাৱে ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ দৰেই একেই আৰ্হিত কিছু দায়িত্ব পালন কৰিছে সেয়া যথেষ্ট নহয় বুলি ভাবো৷

ইংৰাজী ভাষা গ্ল’বেলাইজেশ্বনৰ যুগত আমাৰ জীৱনৰ প্ৰায় সকলো ক্ষেত্ৰত প্ৰভাৱ বিস্তাৰিত কৰিছে৷ বিজ্ঞান, প্ৰযুক্তি, চিকিৎসা, ব্যৱসায়, আৰু অন্যান্য শাখাত ইংৰাজী ভাষাৰ প্ৰভাৱ অপৰিসীম৷ স্কুলৰ পৰিসৰত ইংৰাজী শিকাৰ পৰা আৰম্ভ কৰি, বিশ্ববিদ্যালয়ত উচ্চতৰ শিক্ষাৰ ক্ষেত্ৰত ইংৰাজী বিশেষভাবে উল্লেখযোগ্য৷

প্ৰাথমিক স্তৰত  ইংৰাজী শিকাৰ দ্বাৰা ছাত্ৰ-ছাত্রীসকলে নতুন শব্দ, বাক্যগঠন আৰু সমগ্ৰ ভাষাৰ ৰূপৰেখা বুজা শিকিব পাৰে৷ ইয়াৰ দ্বাৰা তেওঁলোকৰ চিন্তনশীলতা আৰু প্ৰতিবিম্ব কৰাৰ ক্ষমতা বৃদ্ধি পায়৷ শৈশৱকাল হৈছে শিক্ষা আৰু ভাষা শিকাৰ বাবে এক অতি গুৰুত্বপূর্ণ সময়৷ এই সময়ছোৱাত শিশুসকলৰ মগজুৰ বিকাশ অধিক হয়৷ ইংৰাজী ভাষা শিকাৰ দ্বাৰা শিশুৰ বিষয়বস্তুৰ সৈতে ব্যৱস্থাপন্ন দৃশ্য শ্ৰাব্য সংযোগৰ মাধ্যমেৰে চিন্তা সুদৃঢ় আৰু আবেগৰ বিকাশ সাধন হয়৷ ব্যক্তিগতভাৱে প্ৰতিষ্ঠা কৰা ইংৰাজী মাধ্যমৰ বিদ্যালয়সমূহে পুৰণিকলীয়া শিক্ষা ব্যৱস্থাক আতঁৰাই সময়ৰ লগত ফেৰ মাৰিব পৰাকৈ উন্নত প্ৰযুক্তি পৰিচালিত শিক্ষাৰ প্ৰচলন কৰিছে৷ ইংৰাজী মাধ্যমৰ বিদ্যালয়ে শিশুৰ উচ্চ শিক্ষাৰ প্ৰস্তুতি অধিক সহজ কৰি তোলে আৰু ছাত্ৰ-ছাত্ৰীক নিয়মানুৱৰ্তিতাৰ  সুশিক্ষা প্ৰদান কৰে৷ মুঠতে আজিৰ প্ৰায়ভাগ অসমীয়া অভিভাৱকৰ মুখ্য উদ্দেশ্য হ’ল - সন্তানক ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়োৱাই সক্ৰিয় মানৱ সম্পদৰূপে গঢ়ি তোলা৷ 

অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ এনেবোৰ অৱক্ষয়ৰ কিছু সমাধান বিচাৰি  - 

ব্যক্তিগতভাৱে স্থাপিত জাতীয় বিদ্যালয়ৰ আৰ্হিৰ বিদ্যালয়বোৰে আৰু চৰকাৰী বিদ্যালয়সমূহে  সময়োপযোগী উন্নত প্ৰযুক্তি পৰিচালিত শিক্ষাৰ প্ৰচলন আৰম্ভ কৰিলে অসমৰ শিক্ষাখণ্ডত নতুন দিগন্তৰ সূচনা হ’ব বুলি আশা কৰা যায়৷  

কাৰিকৰী আৰু বৃত্তিগত শিক্ষাৰ সংযোজনে অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক সংঘবদ্ধ পদ্ধতিৰে আগবঢ়াই নি জীৱনৰ অভিজ্ঞতাৰে পুষ্ট হৈ জীৱন ধাৰণৰ প্ৰণালী উন্নতিকৰণত সহায়ক হ’ব পাৰে৷ 

ব্যৱহাৰিক দক্ষতা আৰু প্ৰশিক্ষণ মাধ্যমেৰে নতুন এচাম শিক্ষকৰ দল গঠন হ’লে এই বিদ্যালয়বোৰৰ শিক্ষাৰ মানো  উন্নত হ’ব৷  

কেৱল  ‘গুণোৎসৱক’ এটি দায়বদ্ধ  উৎসৱ হিচাপে নলৈ যদি প্ৰতিদিনে গুণোৎসৱৰ মূল আদৰ্শক মাপকাঠী হিচাপে লৈ বিদ্যালয়ৰ শিক্ষা ব্যৱস্থাক প্ৰকৃত অৰ্থত ছাত্ৰৰ মানসিক আৰু শাৰীৰিক বিকাশত গুৰুত্ব দিয়া হয় তেন্তে তেওঁলোকেও একোটা সক্ৰিয় মানৱ সম্পদৰূপে বাহিৰৰ পৃথিৱীৰ লগত আৰু সমাজৰ লগত সংগতি ৰাখি জীৱন নিৰ্বাহৰ বাট মুকলি কৰিব পাৰিব বুলি ঠিৰাং কৰা যায়৷ 

ইংৰাজী বিষয়ৰ পাঠদান প্ৰক্ৰিয়াক ফলপ্ৰসু কৰিলে অৰ্থ্যাৎ ভাষাটোৰ পঠন আৰু ভাষাটোৰ দ্বাৰা সৃষ্টিশীল লিখন শৈলীৰ মাত্ৰা বৃদ্ধি কৰিলে অসমীয়া মাধ্যমৰ ছাত্ৰৰ মাজত এই দ্বিতীয় ভাষাটোৰ প্ৰতি থকা শংকাভাৱ নাইকিয়া হ’ব৷ তেওঁলোকৰ মাজত আত্মবিশ্বাসৰ বৃদ্ধি পাব 

নিয়মানুৱৰ্তিতা, ছাত্ৰৰ পাঠ্যপুথিৰ ব্যৱহাৰিক জ্ঞানৰ দক্ষতা বৃদ্ধিৰ কৌশল, শিক্ষকৰ দ্বাৰা শিক্ষাক মনোগ্ৰাহী কৰি তোলাৰ প্ৰয়াস, বিদ্যালয় কৰ্তৃপক্ষৰদ্বাৰা সুস্থ পৰিৱেশৰ সংৰচনা আৰু আধুনিক প্ৰযুক্তি বিদ্যাৰ ব্যৱহাৰৰ দ্বাৰা অসমীয়া মাধ্যমৰ বিদ্যালয়বোৰক নতুনত্ব প্ৰদান কৰিব পৰা যায়৷ 

গতিকে মই ভাবোঁ যে চৰকাৰৰ লগতে অভিভাৱকসকল আৰু আমাৰ সমাজৰ বুদ্ধিজীৱীসকলে চিন্তাচৰ্চা কৰি চৰকাৰী বা বেচৰকাৰী অসমীয়া মাধ্যমৰ বিদ্যালয়ত কিছু পৰিৱৰ্তন সাধন কৰিলে দুখীয়া একাংশ ছাত্ৰ- ছাত্ৰী উপকৃত হ’ব ৷

***

 

 

ম’বাইল : ৭০০২৭৪১৮৬১

 

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ