অন্যযুগ/


মৃগমায়া

 অংগনা ভট্টাচাৰ্য্য

 

চকলা-চকলকৈ কাটি থোৱা জলফাইখিনি আগফালৰ চোতালৰ চৌফলীয়া ঠাইখিনিত ৰদাবলৈ দি বেঁকাকৈ কাষৰ ভাৰাতীয়া কোঠাকেইটালৈ চালে ৰদালিয়ে৷ 

শুই উঠাই নাই নেকি বাৰু?”

নিজকে প্ৰশ্ন কৰে ৰদালিয়ে৷ আৰু এবাৰ নিৰ্দিষ্ট কোঠাটোলৈ চাই ঘৰলৈ সোমাই আহে তাই৷ বাহিৰৰ ৰদৰ আভা নিজৰ চেহেৰাটোত সানি লৈ নিমিষতে উজলি উঠে ৰদালি৷

মোইনা এ, ত গেলি এ? শুনচোন৷ ৰুটিকেইখেন ভাজাহিয়ে৷”

ভিতৰৰ পৰা মাকে চিঞৰি মাতে তাইক৷ তাই দৌৰ মাৰি পাকঘৰ পায়গৈ৷ ৰুটিকেইখন ভাজি মাক-পিতাকক তৰকাৰীৰ সৈতে খাবলৈ দি তাই আজৰি হয় মানে নিৰ্দিষ্ট কোঠাটোৰ দুৱাৰ মেল খায়৷

তয়ো খাই নলকিয়? ঠাণ্ডা হৈ গেলি খাই কি ভাল পাবি?” -মাকে কয় তাইক৷ তাইৰ মাকলৈ কৃত্ৰিম খং উঠে৷

হ এ মা৷ আটাহ পাৰি নাথকিবিচুন৷ খাম নহয় মোই ৷”

মাকে ভোৰভোৰায়৷ ইতিমধ্যে তাইৰ চকুত পৰে তাইৰ প্ৰতীক্ষিত মুখখন৷ তাই ভিতৰলৈ সোমাই আহে৷ স্বেচ্ছাই তাই তেওঁৰ মুখামুখি হোৱাৰ মৰসাহ কৰিব নোৱাৰে৷ পদূলিৰ জপনা খুলি তেওঁ যায়গৈ৷ তেওঁ যোৱাৰ পিছত তাই পুনৰ বাৰাণ্ডালৈ ওলাই আহে৷ বাইকখন নেদেখা হোৱালৈকে চাই থাকে তাই৷ ...

মোইনা, তামুল দুটা কাট এ৷ কিমাননু বাৰাণ্ডাত থিয়া হৈ থাকা? আহ৷ আপী-চলী এনকে বাহিৰত পৰ দি থাকবা নাপ্পে৷ দেউতেৰে দেখলি দিব মচলা৷ গম পাবি৷”

তাই মাকৰ কথা শুনি ভিতৰলৈ আহিব বুলি ঘূৰিছিলহে, দেউতাকে বাৰাণ্ডাৰ চকীত বহি বাতৰি-কাকত পঢ়ি থকা দেখি তাই সঁচকিত হৈ উঠিল৷

তাইলৈ নোচোৱাকৈ মূৰ নোতোলাকৈয়ে দেউতাকে কয়,

বাৰাণ্ডা নহয়, পদূলিমুখোত থিয়া কৰে থলিও কুনিও নেনেহা তাইক৷ সেটু চিন্তা নাই ৰবা৷ কুনবাই এনকে ঘৰোৰ পৰাই টানি নিলিটো ৰক্ষাই পল্লু হৈ মই৷”

 দালিয়ে একে দৌৰে শোৱনি কোঠা পায়গৈ৷ নিতৌ শুনি থকা কথাবোৰে তাইক কাঁইটে বিন্ধাৰ দৰে বিন্ধে৷ তাইৰ বন্ধু-বান্ধৱ নাই বুলিবই পাৰি৷ আত্মীয়-চুবুৰীয়া সকলোৱে তাইক বিদ্ৰূপৰ ছলেৰেই কথা কয়৷ পঢ়া-শুনাত আগবাঢ়িব নোৱাৰিলেও ইতিকিঙৰ বজ্ৰকঠিন শব্দবোৰ তাই বুজি পায়৷ চেহেৰাৰ অস্পষ্ট ৰংটোৱে তাইৰ স্ফটিক-স্বচ্ছ হৃদয়খনকো কাবু কৰি পেলায়৷ তথাপি সেইবোৰ তাই সময়ৰ সৈতে সহ্য কৰিবলৈ শিকিছে৷ সহ্য কৰিবলৈ শিকা নাই কেৱল আত্মজসকলৰ কঠোৰতা৷ তাই দেউতাকৰ মুখামুখি নহয়েই৷ কাচিৎ হবলগীয়া হলেই দেউতাকে এনে দুটামান শব্দ তাইলৈ প্ৰক্ষেপ কৰে যে তাইৰ ভৰিৰ তলৰ মাটিখিনি হেৰাই যোৱা যেন অনুভৱ হয়৷ উশাহ লোৱাত কষ্ট পায় তাই৷ ওলাব খুজিও চকুপানী নোলায়৷ দীঘলকৈ উশাহ টানি সহজ হবলৈ যত্ন কৰে৷ নিজেই নিজক নবচালে এই ৰোগৰ পৰা যে তাইৰ পৰিত্ৰাণ অসম্ভৱ সেই কথা খুব ভালকৈয়ে বুজে তাই৷ 

 : সৰু।” পিছফালে ঘূৰি চায় তাই৷ হাতত ৰুটি-তৰকাৰী-আচাৰৰ কাঁহীখন লৈ বিমল থিয় হৈ আছে৷

 : মই ইটা একো নাখোং ৷ লৈ যা সেগ্লা৷

: খা৷ আই দি পঠোইছি৷ মই লৈহে আইহছু৷ খা৷ একো নহোয় দে৷ খং নকৰবি৷

: নাখং এ বিমল৷ মোৰ ভুক নাই৷

: জানু দে কিয়ো নাখ? কিয়নু দুখ কৰা সৰু? জানাই দেখুন দেউতেৰেক?

চকুপানী মচি স্থিৰ হয় ৰদালি৷ দুখত ভাঙি পৰিলেও তাইৰ দৰে ছোৱালী এজনীক আঁকোৱালি লবলৈ কোনোবা আহিব জানো? আনকি মাকো নাহে৷ হয়তো আহিব নোৱাৰে৷ তাই বিমললৈ চাই সেমেকা হাঁহি এটা মাৰে-

এতে থৈ যা কাঁহীখেন৷ মন গেলি খাম যা মই৷ তই যা৷ আজি দোকান নুখলা না কি ?”

ইতা খুলু ৰ৷ আমাৰ পুখৰীত মাছ মাচ্চিল এ আজি৷ বেপাৰী আহি লৈও গেল৷ দুটামান লৈ আইহ্লু দে তুহাক লোগি৷ বঢ়িয়া মাছ৷ খাবি৷ মই যাউ দে৷ তই খা৷ নাখকে নাথ্‌কিবি কিন্তু৷”

কোঠাটোৰ পৰ্দা ঠেলি বিমল গলগৈ৷ তাই পৰ্দাখনৰ ফালে চাই থাকিল৷ আহিব নেকি আৰু কোনোবা পৰ্দাখন ঠেলি তাইৰ কোঠালৈ? 

 যন্ত্ৰবৎ কাঁহীখন হাতত তুলি লৈ ৰদালিয়ে খাবলৈ ধৰে৷ এনেকৈ হলেও খাবই লাগিব৷ সময়ৰ সৈতে অভ্যস্ত হবলৈ শিকিছে তাই৷ নহলে আধা দিন তাইৰ নোখোৱাকৈয়ে পাৰ হব৷ তাই দেখিবলৈ শুৱনি নহয়৷ তাইৰ গাৰ বৰণ বায়েক তিনিজনীৰৰ দৰে পোহৰ নহয়৷ তাই বায়েকহঁতৰ দৰে পঢ়া-শুনাত আগবঢ়া নহয়৷ কিন্তু তাইৰ দোষ ক? চুবুৰীয়া-আত্মীয়ৰ উপলুঙা সহ্য কৰি কৰিও তাই হাঁহে৷ জনা হোৱাৰে পৰা মাক-বায়েকহঁতৰ হাতৰ কাম আজুৰি আনি কৰে তাই৷ গাঁৱৰ ভিতৰতে সিহঁত চহকী হলেও তাই বায়েকহঁতৰ পুৰণি কাপোৰ পিন্ধিয়েই ডাঙৰ হয়৷ কিন্তু কোনোদিনে আপত্তি কৰিবলৈ নিশিকিলে তাই৷ নিজৰ ধৰণেৰেই মনটোক গঢ়ি-পিতি লৈছে৷ ডাঙৰ বায়েকে বুজায় তাইক,

কি জানা সৰু, বৰমাই কশুনছু দেচুন, দেউতাই বুলে আমি দুটা জন্মাৰ পিছত লৰা হবো বুলি খাটাং আছিল৷ কিন্তু কত লৰা হবো? মামু জন্মিলাক৷ তাৰ পাছত আৰ বুলে চলি নালগে বুলি বিৰাট খং৷ কিন্তু মানহুগেলাৰ কথা শুনি বেজালি লগে মাক মাদলি পিন্ধে আৰু একবাৰ লৰাৰ আশা কল্লাক৷ সিবাৰ তই হলি৷ ওজা লুগেও লৰা নাপোই দেউতাৰ মস্ত খং৷ তাতে আৰু তই দেখাত বহুত ধুনীয়া নহলি না৷ সাতে-পাঁচে মিলি দেউতাই তোক সেনা কৰে৷ দুখ নকৰবি দে সৰু৷ আমি আছু নহয়৷ দেউতাৰ কথাত নধৰবি তোই৷”

তাই সঁচাকৈয়ে দেউতাকৰ কথাত নধৰে৷ সিহঁতৰ দেউতাকৰ পৈতৃক সম্পত্তি অজস্ৰ৷ তাতে তেওঁ বৰ ডাঙৰ চাকৰি এটাও কৰে৷ প্ৰতিপত্তিশীল ব্যক্তিগৰাকী সকলোৰে সন্মানৰ পাত্ৰ৷ তেওঁৰ প্ৰতিপত্তি আৰু আভিজাত্যত তাইহে চন্দ্ৰমাৰ গাত লাগি থকা কলা দাগটো হৈ জিলিকি আছে৷ অৱশ্যে সেই কলা দাগে দেউতাকৰ সন্মান অথবা সুখ সামান্যতমো ম্লান কৰিব পৰা নাই৷ তাই নিজেও নিজক ক্ষমা নকৰে৷ কিয় তাই সকলো ফালৰ পৰাই পিছপৰা? দেখাত? পঢ়া-শুনাত? বায়েকহঁত ইজনীতকৈ সিজনীৰা৷ সুন্দৰকৈ পঢ়ি-শুনি ভাল ভাল ঘৰলৈ ধুনীয়া মানুহ একোজনৰ গাৰ ছাঁ হৈ তেওঁলোকে এইখন ঘৰ এৰিছে৷ ডাঙৰ বায়েকে কোলাত তুলি লৈছে জোনাকৰ দৰে স্নিগ্ধ এপাহ কহুঁৱা-কোমল কপাহ৷ সৰু বায়েকৰ বিয়া হোৱা বেছি দিন হোৱা নাই৷ দুয়োজনীয়ে চাকৰিৰ বাবে আৱেদনো কৰি আছে৷ উচ্চ শিক্ষিতা বায়েক দুগৰাকীয়ে সুবিধা পালেই “খুব ডাঙৰ” চাকৰিও কৰিব৷ সিহঁত দুজনী সমবয়সীয়া৷ একেবাৰে সৰু বায়েকজনী মামু বিশ্ববিদ্যালয়ৰ অন্তিম বৰ্ষৰ ছাত্ৰী৷ ইতিহাসৰ দৰে জটিল বিষয় এটাতো বায়েকে বহুত বহুত নম্বৰ পাই থৈছে৷ 

কিন্তু তাই যে পঢ়াতো কেঁচা৷ নিয়ম মতে তায়ো এতিয়া কলেজ পাব লাগিছিল৷ কিন্তু কেইবা বছৰৰ মূৰকত চুঁচৰি-বাগৰি দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হৈ তাই নিজৰ ইচ্ছামতেই পঢ়া সামৰি পেলালে৷ নিজৰ প্ৰতি তাইৰ বিৰাগৰ অন্ত নাই৷ মাকে তাইক মৰম কৰে বুলি জানে৷ কিন্তু দেউতাকৰ ভয়তে বহু সময়ত তাইক সংগ নিদিয়ে, যিখিনি সময়ত হয়তো তাই কেৱল মাককেই বিচাৰে৷ অফিচৰ পৰা উভতি আহোঁতে দেউতাকে সদায়েই টাউনৰ পৰা সিহঁতলৈ ভাল ভাল খোৱাবস্তু আনে৷ বায়েকহঁতে দেউতাক অহালৈ আগ্ৰহেৰে ৰৈ থাকে৷ সিহঁতে ভাগে-ভাগে বস্তু পায়৷ কিন্তু তাইৰ ভাগৰ টোপোলাটো সদায় মাক বা কোনোবা এজনী বায়েকৰ হাতৰ পৰাহে লবলগীয়া হয়৷ তাইৰ বুকুখন কিবা একোটাই হেঁচা মাৰি ধৰে৷ তথাপি তাই নাকান্দে৷ মাকৰ চকুদুটা কেতিয়াবা চলচলীয়া হয়৷ তাই নেদেখাৰ ভাও ধৰে৷ দোষনো কাৰ? আই সৰস্বতী হেন ৰূপে-গুণে অপৰূপা মাকজনীয়েনো কি পাপৰ ফলত তাইৰ দৰে কুৰূপা এজনীক গৰ্ভত ঠাই দিব লাগে? বিষাই থকা বুকুখন আলফুলে ৰাখিয়েই তাই দেউতাকে আনি দিয়া মিঠা বগৰী নাইবা বুন্দিয়াৰ লাৰু চোবাবলৈ ধৰে৷

 বিশ্ববিদ্যালয়ৰ হোষ্টেলত থকা বায়েকে মাজে-সময়ে ঘৰলৈ আহে৷ বিশেষকৈ বন্ধ পালে৷ ডাঙৰ বায়েক দুজনীৰ দৰে তাই ঘৰুৱা কাম-কাজো বিশেষ নাজানে৷ কিন্তু নাচে-গানে পাৰ্গত৷ তায়েই এদিন দেউতাকক কলে,

কালি ঘৰক আহোঁতে ৰেলত আমাৰ হাইস্কুলখেনত নতুনকৈ জইন কৰা ছাৰজনক লগ পালু৷ তেওঁ বুলে আমাৰ ঘৰত থাকে?”

তোই যদেৰমাহে ঘৰলৈ আহা নাছলি নহয়৷ সেয়ে গম নাপো৷ লৰাজন উজনিৰ৷ শিৱসাগৰৰ৷ বৰ ভাল ৰিজাল্ট তাৰ৷ ভাল ঘৰৰো৷ স্কুলত জইন কৰি সি ভাড়াঘৰ বিচৰি হায়ৰান৷ আমাৰ গাৱঁতনো কুনি ঘৰ ভাড়াক লোগি দিব? এদিন বিমলে মোৰ ওচৰক লোগি তাক লৈ আহিল৷ তাৰ লগত কথা পাতি বৰ ভাল পালু মই৷ বিশ্ববিদ্যালয়ত গৱেষণা কৰি আছে৷ সুবিধা পালি সি অন্য চাকৰি কৰবো৷ অলপ ভাবি-চিন্তি আমাৰ পুৰণি ঘৰটোৰ এটা কোঠাত তাক থাকাৰ সুবিধাটো কৰি দিলু দে৷ আৰু ইটাক লোগি আমি একো অসুবিধা পনাই৷ বৰ অমায়িক লৰাটু৷ পঢ়া-শুনাতেই ব্যস্ত থাকে৷

 তুমি জাননা  দেউতা, তেওঁৰ বিষয়ো ইতিহাস৷ মই ভাব্‌ছু, কিত্তবা কিবা বিষয় আলোচনা কৰবাক লোগি মোই তেওঁৰ ওচৰক  যাবা পাৰিম৷”

কথাটু খুব ভালেই ভাবছা তোই৷ তাত মোৰ কোনো আপত্তি নাই৷ কিন্তু তই তাৰ কোঠাক লোগি নাযোবি৷ তাক ইয়াক লোগি  মাতি আনবি৷ আগতে কথাটো সুধিও লবিচোন৷ তেওঁৰ অসুবিধাও হবা পাৰে৷”

ব দেউতা৷ মইনু ঘৰত কেইদিন থাকিম? থাকা কেইদিনহে শিকবা পাৰিম৷”

ইতিহাসৰ ছাৰ দুদিন পিছৰ পৰা ৰদালিহঁতৰ ঘৰলৈ অহা হল৷ বায়েকৰ সৈতে পঢ়া-শুনাৰ কথা আলোচনা কৰে৷ বায়েকে কৈ থোৱা মতে ৰদালিয়ে চাহৰ যোগান ধৰে৷ তেওঁ বৰ ধুনীয়াকৈ ৰদালিৰ সৈতেও কথা-বতৰা পাতে৷ চাহ দি উভতি আহিবলৈ ধৰোঁতে ছাৰে ৰদালিক কয়,

বহাচোন ৰদালি৷ চাহকাপ দি থৈয়েই যোৱাঁ যে৷ বহাঁ অলপ৷ তুমিও কথা পাতাঁ আমাৰ সৈতে৷ আমিতো আৰু টিউচন কৰি থকা নাই৷”

দালি আচৰিত হয়৷ ঘৰখনৰ মানুহে মানুহ বুলি নভবা ছোৱালীজনীক ইমান শিক্ষিত ছাৰজনে কিয় জানো গুৰুত্ব দিয়ে? বায়েকে সিহঁতৰ লগত বহিবলৈ তাইক ইংগিত দিয়ে৷ ভয় ভয়কৈ তাই বহে৷ 

তুমি বুলে পঢ়া-শুনা বাদ দিছা?”

হয় ছাৰ৷ হায়াৰ ছেকেণ্ডেৰি কিবাকে পাছ কল্লু ৷ কলেজত নাম লগোবাক লোগি সাহসেই নহল৷”

বৰ বেয়া কাম কৰিলা৷ ইমান সোনকালে পঢ়িবলৈ এৰে জানো?”

দালিয়ে সেমেনা-সেমেনি কৰে৷ 

মন কৰিলে মোৰ ওচৰত পঢ়িব পাৰিবা৷ যি ভাল লাগে তোমাৰ৷ মোৰ যথেষ্ট কিতাপ-পত্ৰ আছে৷”

ইতিহাসৰ ছাৰ অহালৈ যেন ৰদালিয়ে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰে৷ বায়েকক নহয় যেন তাইকহে জীৱনৰ পাঠ পঢ়ুৱাবলৈ আহে তেওঁ৷ তেওঁৰ ব্যক্তিত্বত সন্মোহিত হৈ পৰে তাই৷ 

যেতিয়ালৈকে মই, মোক আৰু মোৰ এইকেইটা শব্দৰ পৰা নিজক মুক্ত কৰিব নোৱাৰঁ, তেতিয়ালৈকে জীৱনৰ মহাৰ্থৰ পৰা নিজকে বঞ্চিত কৰিব লাগিব৷ আৰু কি জানা, জীৱনৰ এক গভীৰ উদ্দেশ্য থাকিব লাগে৷ উদ্দেশ্যহীন জীৱনৰ কোনো অৰ্থ নাথাকে৷”

বাপৰে ছাৰ৷ আপনি ইমান কথা জানে৷ আজিক লগি এনেহেন কথা কুনিও ক’ নাই মোক৷”

এইবোৰ কথা নিজেই পঢ়ি-শুনি আয়ত্ত কৰা কথা অ৷ মই নিজে কোৱা কথা নহয়৷ আজিলৈকে ময়ো তেনেকৈ আনক কোৱা নাই এনে কথা৷ তোমাক আপোন আপোন লাগে বাবেহে কলোঁ কথাখিনি৷”

দালিৰ অভ্যন্তৰ কঁপি উঠে৷ কি এই আস্থা! কিহৰ আপোনত্ব! কোনেও একো বুলি নভবা ছোৱালীজনীৰ প্ৰতি তেওঁৰ কিহৰ এই আত্মীয়তা ?

 লাহে লাহে ৰদালি ইতিহাসৰ ছাৰৰ সৈতে সহজ হৈ পৰে৷ বায়েকে ছাৰৰ লগত ইতিহাস পঢ়ে৷ আৰু তাই তেওঁ যোগান ধৰা বিভিন্ন বিষয়ৰ গ্ৰন্থ পঢ়ে৷ তাইৰ হাতৰ চাহকাপ তেওঁক দিবলৈ নাপালে তাইৰ দিনটোৱেই আধৰুৱা যেন বোধ হয়৷ ৰদালি বহু দিনৰ মূৰত সুখী হয়৷ তাইৰ জীৱনটোৰ গতিয়েই  যেন সলনি হয়৷  জীৱনৰ প্ৰতি তাইৰো মোহ জন্মে৷ আশাৰ গজালি মেলে৷ সেউজীয়াই ভিৰ কৰে হৃদয়ৰ বাগিচাত৷ 

আজিকালি তই বৰ থৌগা হৈছা এ সৰু৷ কাৰণটো কি?”

বিমলৰ কথাত পেন্দোৱাকৈ চায় তালৈ ৰদালিয়ে৷ সি হাঁহি হাঁহি ভিতৰলৈ সোমাই যায়৷ ৰদালিয়ে সলাজ চাৱনিৰে আইনাখনলৈ চায়৷ তলৰ ওঁঠটো দাঁতেৰে কামুৰি ধৰে তাই৷ 

বায়েকে পঢ়া শেষ কৰি ঘৰলৈ ঘূৰি আহিবৰ কিছুদিন হল৷ গৱেষণা কৰিবলৈ মন থকা বায়েকে ইতিহাসৰ ছাৰৰ লগত আলোচনাত বহে৷ ৰদালিৰ দুচকুৱে ছাৰৰ আকুলতা বিচাৰি ফুৰে৷ একেই আস্থাৰে ছাৰে ৰদালিক কয়,

চাহ নিদিয়াঁ নেকি ৰদালি?” 

 দালি মমৰ দৰে গলি যায়৷ 

 ছাৰ, মই যি পঢ়িবা ইমান টান পাইছ্‌লু৷ মামুবাই কেনকে ইমান ডাঙাৰ ডাঙাৰ কিতাগ গিলা পঢ়ে যি৷ আপ্নি তো মাষ্টৰে হল৷

উজনিৰ ছাৰে কেতিয়াবা ৰদালিৰ কথাবোৰ নুবুজি মুখ মেলি ৰৈ যায়৷ তাই খিলখিলাই হাঁহি উঠে৷ 

নাহাঁহিবা৷ লাহে লাহে কোৱাঁ৷ মই বুজি পাম৷ আগতকৈ বহুত বুজা হৈছোঁৱেই নহয়৷ আৰু তোমাৰ কথা বুজিবলৈয়ে তোমালোকৰ ভাষাটো বুজিবই লাগিব ন ৰদালি?”

 দালি কঁপি উঠে৷ আৱেগত৷ পৰম আৱেশত৷ 

 প্ৰেমহীন জীৱনটোলৈ দেৱদূত হৈ আহে ইতিহাসৰ ছাৰ৷ আৰু তাই তেওঁক মাথোঁ পূজা কৰে৷ 

 ডাঙৰজনী বায়েকে লৰাৰ জন্মদিন উপলক্ষে দালিক দুদিনমান আগতীয়াকৈ মাতি পঠিয়ায়৷ অনিচ্ছা সত্ত্বেও তাই যাবলগীয়া হয়৷ বায়েকৰ ঘৰত নাথাকোঁ নাথাকোঁ বুলি দহদিনেই থাকিবলগীয়া হয় তাই৷ 

 দেউতাই কিয়ো ইমান ভাবি থাকে বুজি নাপাওঁ৷ দুয়ো দুয়োকে ভাল পায়৷ দুয়োৰে সমান-সমান পঢ়া-শুনা৷ ভৱিষ্যতে ভাল চাকৰিতো হবই৷ আহোমৰ লৰা হল বুলিয়ে দেউতাইনু কিয় ইমান হাহাকাৰ কৰবা লাগে? “

 ডাঙৰ বায়েকে ভিনিহিয়েকৰ আগত কৈ থকা কথাখিনি শুনি ৰদালিয়ে বিশেষ মন নকৰে৷ আপোন মনে তাই ভাত ৰান্ধি থাকে৷ কিন্তু কিছুপৰ পিছতেই বায়েকে তাইক মাতে৷

 তই কালি ঘৰত যাবা লাগবো এ সৰু৷ মা-দেউতাৰ অৱস্থা বয়া৷ মামুই কি কাম কল্লাক দেখলিনা? ইটা দেউতাই কোনোপধ্যেই আহোমৰ চলিৰ তাতে তাইক বিয়া নেদে৷ মামু কান্দি-কাটি বিছনাত৷ ইফালে মাৰো অৱস্থা বয়া৷ কালি তোক থৈ আহিম দে৷ আমিও একবাৰ খবৰটু লৈ আহিম৷ বুজে থৈ আহিম ইটাৰ দিনোত এগ্লা সৰু কথা৷ মিছামিছি অশান্তি কৰি লাভ নাই৷

কিন্তু মামুবাই কৰ চলি ঠিক কল্লাক? গুৱাহাটীৰ না কি ?” 

গুৱাহাটীৰ দে৷ ঘৰৰ বাৰাণ্ডাৰ চলিটু৷

মানে?”

ভাড়াত থাকা মাষ্টৰটু এ৷ তয়ো বুলে তাহাৰ লগত বহি থাকা আছলি এ৷ একো তত ধৰবাই নল্লি৷ তোৰ সমুখতে তাহুন প্ৰেমলীলা কৰি থাকলাক৷

... ৰদালি কেনেবাকৈ নপৰাকৈ থাকি যায়৷ 

পাছদিনাই তাই বায়েকহঁতৰ সৈতে ঘৰলৈ আহে৷ নিৰ্বিকাৰ হৈ৷ নিস্তেজ হৈ৷ নিস্তব্ধ হৈ৷ 

মাক বিছনাত৷ প্ৰথমেই তাই মাকৰ ওচৰলৈ যায়৷ বিমল মাকৰ কাষতে বহি থাকে৷

আইহলি সৰু৷

তই ইমান দুৰ্বল কিয়ো হৈছা এ মা?”

মাকে উচুপি-উচুপি এসময়ত জোৰকৈ কান্দি উঠে৷ লাহে-লাহে তেওঁ ৰদালিক কয়মামুৰ কাৰণে মোৰ চিন্তা হনাই৷ দেউতেৰে মান্তি হব৷ মই জানু৷ কালি মাষ্টৰৰ ঘৰৰ মানুহৰ লগোত ফোনত কথাও পাতচি৷ তাহাৰ একো আপত্তি নাই৷ কিন্তু মই তোক লোগি হে চিন্তা কচ্ছু এ আই৷

 মোৰ কি হল এ মা? দেউতাই মোক খং কচ্ছি নেকি?”

 সৰু৷ তাহুন তিনিটাৰ দৰে তয়ো মোৰে আপী এ আই৷ মই তোক কম মৰম কৰু বুলি ভুল নাভাব্বি দে৷ এওঁক ভয় কৰোঁ৷ কিন্তু তোৰ দুখ বুজু মই৷ ইমান দিনৰ মূৰত তোই নাউমান হাইহ্বা খুজিছ্লি৷ ঈশ্বৰৰ সহ্য নহল৷ 

 মাকৰ কথাত ৰদালিয়ে ইতস্ততঃ বোধ কৰে৷ অসহ্যকৰ বোধ কৰে পৰিৱেশটো৷  বিমলৰ সমুখতে মাকে এইবোৰ কি কবলৈ ধৰিছে? 

 তাই কেনেবাকৈ নকন্দাকৈ থাকি যায়৷ ধৰফৰাই উঠা কলিজাটোক কেনেবাকৈ শান্ত কৰে তাই৷ বিমল কোঠাটোৰ পৰা যাবলৈ ওলায়৷ মাকে কয়,

 কোত যা এ বিমল? বহ মোৰ কাষোত৷ তোই মোৰ কুনবা জন্মোৰ চলি আছলি এ বাপা৷ নহোলি তোৰ পৰা ইমান সহায় পাউ না মোই?”

 কি ক হে আই? সৰুৰ পৰা তুহাৰ ঘৰতে খাই ডাঙাৰ হলু৷ দেউতাই মৰবাৰ সময়ত কৈ গৈছিল পিতাই আমাক কৰা সহায়ৰ কথা৷ তুহাৰ সহায়তে পঢ়ি-শুনি ডাঙাৰ হৈ নিজাকে দোকানখেন দিলু৷ ইটা আমাৰ অৱস্থা ভাল হলাক বুলিয়ে তুমাক কেনকে পাহৰিম হা আই? তুমি ইমান চিন্তা নকৰবা৷ চব ঠিক হৈ যাব৷ নাখ-নলকে থাকি কষ্ট নেদবা নিজক৷

 দালিয়ে মাকক সাৱটি ধৰে৷ মূৰে-কপালে হাত বুলাই দিয়ে৷

অৱশেষত মামু আৰু ইতিহাসৰ ছাৰৰ বিয়াৰ তাৰিখ নিৰ্ধাৰণ হয়৷ যন্ত্ৰৱৎ ৰদালিয়ে ঘৰৰ কামবোৰ সামৰি লয়৷ বিয়াৰ কেইদিনমান আগতে হঠাতে মাকে তাইক তেওঁৰ কোঠালৈ মাতি পঠিয়ায়৷ কোঠাত দেউতাকক দেখি তাই সোমাবলৈ ভয় কৰে৷

আহ সৰু

ভয়ভয়কৈ তাই মাকৰ কোঠালৈ সোমাই আহে৷

কথাখেনি ভালকে বুজে কবো তাইক৷ খং নকৰবো৷

 মাকৰ কথাত দেউতাকে তেওঁলৈ পেন্দোৱাকৈ চায়৷ মাকে তলমূৰ কৰে৷

মামুৰ বিয়াৰ একমাহ পিছতে তোৰ বিয়া ঠিক কচ্ছু সৰু৷

 দালি আচৰিত হৈ মাকলৈ চায়৷ 

মায়েৰ দেখি চাবা নালগে৷ বিয়া ঘৰোত নহয়৷ মামুৰ দৰে শুক্লেশ্বৰ মন্দিৰত হবো৷ দিন ঠিক কৰা নাই৷ কৰিম সোনকালে৷ মামুক যদি বেলেগ জাতিৰ চলিৰ লগোত বিয়া দিবা পাৰু, তোক নৰাৰ একো কাৰণ নাই৷ নিজৰ আপীৰ কাৰণে সমাজৰ বিৰুদ্ধে যাবা মোই সাজু৷ সেইবুলি মোৰ আপীক দুখত পৰবা দিবা নৰু৷ আলে-আথানি হবা দিবা নৰু৷

 কথাখিনি কৈ দেউতাক গপগপাই ওলাই যায়৷  দেউতাকে কোৱা শেষৰ বাক্য দুষাৰি তাইৰ কাণত বাৰে বাৰে বাজে৷ তাই হুকহুকাই কান্দি পেলায়৷ এইখিনি মৰমৰ বাবে জীৱনটো হামৰাও কৰি থাকিল তাইক৷ দেউতাকৰ ভয়তে মাক-বায়েকহঁতেও তাইক মৰম কৰিব বিচাৰিও আঁতৰি যায়গৈ৷ মাত্ৰ কামৰ সময়তহে বিচাৰে তাইক সকলোৱে৷ সেইজন মানুহৰ মুখত এই কথা শুনি  তাইৰ হবলগীয়া দৰাৰ বিষয়েও সুধিবলৈ পাহৰি যায়৷ মাকে তাইৰ কাষলৈ আহি আলফুলে তাইৰ চকুপানী মোহাৰি দিয়ে৷

 আচলতে কি জানা সৰু, দেউতে এটা লৰা সন্তান কামনা কচ্ছিল৷ সেই কামনা পূৰণ নহই তোক দেখলিয়ে খং কৰে৷ কিন্তু যি নহোলিও তোক কুনুদিন কষ্টত ৰাখা নাই তেওঁ৷ জীৱনত দুখ কিয়ো আহে জানানা, সুখ উপলব্ধি কৰাৰ কাৰণে৷ মাষ্টৰক পাহৰি যা আই৷ বিমলে তোক বহুত সুখোত ৰাখবো৷ কথা দিছি সি মোক৷

 বিমল?”

 ওঁ ৷ বিমল তোৰ দৰা৷ বৰ ভাল চলি সি৷ তোই বৰ সুখত থাকবি৷

 মা, আমি কৰা সহায়ৰ বিনিময়ত তোই তাক মোক বিয়া কৰবা বাধ্য কৰোইছা নেকি ?”

 বিমলে তোক সৰুৰ পৰাই ভাল পায় এ সৰু৷ কিয় বা নাজনু, নিজৰ লৰা নাথকাই নেকি মোই তাক নিজৰ লৰা বুলি ভাবু এ৷ তাতে ইমান গুণী সি৷ মই তাৰ মনৰ কথা কিত্তবাৰ পৰাই জানু৷ কিন্তু জাতিৰ সমস্যাৰ কাৰণে মন মেলা নাছলু৷ ইটা মামুক যদি পাৰি তোক নৰা কথা কি আছে?”

 মোই দেখাত ইমান বয়া৷ সঁচাকে বিমলে মোক পচন্দ কচ্ছি না?”

 প্ৰেম-ভালপোৱাত কলা-বগা বুলি একো নাই এ আই৷ তই যাক ভালপা, তেওঁৰ লগত নহয়, তোক যুনি ভাল পায়, তেওঁৰ লগতহে বিয়া হবা লাগে৷ তিত্তেহে সংসাৰ সুখৰ হয়৷ মই গোটেই জীৱনটু দেউতেৰেৰ নামতে কাটে দিলু৷ কিন্তু মোই কি খাই ভাল পাউ বুলি যদি সুধা, তেওঁৰ হেহোনেহো লাগবো৷ কথাগেলা সেনায়েই৷ বিমলক লগ ধৰ৷ কথা পাত৷ মনৰ দুখ পাতলিব এ তোৰ আই৷ সুখী হো দুয়ো৷

 সুখ আৰু দুখৰ এবুকু অনুভূতি লৈ ৰদালি মাকৰ কোঠাৰ পৰা ওলাই আহে৷ কেতিয়াও বিয়া নহব বুলি ভবা ছোৱালীজনীৰ বিয়া৷ তাকো নিজে আগবাঢ়ি অহা পাত্ৰ৷ আনফালে প্ৰেমাস্পদ আঁতৰি যোৱাৰ বিৰহ৷ 

 বাৰাণ্ডাতে বহি তাই ভাবি ৰয় কথাবোৰ৷ নিৰলে৷ নীৰৱে৷

 কি ভাবি আছা এ সৰু?”

 বিমলৰ মাতত তাই উচপ খাই উঠে৷ তাক দেখি তাইৰ লাজ লাগিব লাগিছিল৷ কিন্তু লাজ-ভয় একোৱেই নালাগিল তাইৰ৷

 তোই বুলে মোক বিয়া কৰোবি এ?”

 মোই নেনলি কুনি নিবো তোক?” 

 বিয়া নহকে থাকিম৷ কি হবো নু?”

 তোৰ একো নহয়৷ মোৰ জীৱন যাব৷ সৰুৰ পৰাই তোৰ নিমিত্তে মল্লু৷ ইতা মাষ্টৰক দেখি যি লাইন মাল্লি তোই, মোই তো যাবি বুলিয়ে ভাবছিলু৷ কাপাল ভাল আছিল দে মোৰ৷

 দালিয়ে বিমলৰ দুচকুলৈ চায়৷ তাৰ দুচকুত পৃথিৱীৰ সমস্ত বিশ্বাস আৰু ভালপোৱা থূপ খাই থাকে৷ 

 ছাৰে মোক দিয়া কষ্টখেনি তোক মোই নেদু দে বিমল৷

 এটা-এটাকৈ শব্দকেইটা উচ্চাৰণ কৰে ৰদালিয়ে৷ বিমলৰ ওঁঠত নিমিষতে পৃথিৱীৰ সমস্ত ৰদালি বিয়পি পৰে৷

 

 

লেখিকাৰ ঠিকনা:

নলবাৰী

ফোন নং: ৮৬৩৮৪০৭৯১৫

 

 


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ