অন্যযুগ/


'অন্যযুগ' এক অনুভৱ আৰু উপলব্ধি

পৰাগজ্যোতি মহন্ত

স্থাৱৰ অথবা অস্থাৱৰ সকলো সম্পদেই মানুহক আৱৰি থাকে, ৰক্ষণাবেক্ষণ দি থাকে৷ গতিকে, মানুহৰ জীৱনৰ এৰাব নোৱৰা, অবিচ্ছেদ্য এই সম্পদ আহৰণৰ কাৰণে মানুহে কি কি নকৰে!স্বাস্থ্যও অতি দৰকাৰী সম্পদ৷ চিকিৎসা বিজ্ঞানৰ দৃষ্টিকোণেৰে স্বাস্থ্যক আৱশ্যকীয় সম্পদ হিচাপে গণ্য কৰা হৈছে, কথাষাৰ সকলোৰে জ্ঞাত৷ স্বাস্থ্য ভালে ৰাখিবলৈ হ’লে স্বাস্থ্যৰ উপযোগী সু-খাদ্যাভ্যাসৰ নিতান্তই প্ৰয়োজন৷ এই ক্ষেত্ৰত লাগতিয়াল খাদ্যপ্ৰাণৰ, যিয়ে শৰীৰক নিৰোগ আৰু স্বাস্থ্যৱান কৰি ৰাখে৷ মানুহৰ শৰীৰৰ লগতে মানসিক সুস্থতাও খুবেই দৰকাৰী৷ সময়ৰ পৰিৰ্তনৰ লগে লগে মানুহৰ জীৱন ধাৰণৰ প্ৰক্ৰিয়াও সলনি হোৱা সকলো সচেতন (শিক্ষিতই হওক বা অশিক্ষিতই হওক) ব্যক্তিৰ সহজেই অনুমেয়৷
মানসিক সুস্থতাৰ কাৰণে সুস্থ চিন্তাৰ প্ৰয়োজন৷ তাৰ কাৰণে‍ সুস্থ পৰিৱেশ, সুস্থ বাতাৰণ নিতান্তই প্ৰয়োজনীয়৷ মানুহৰ চিন্তাৰ গতিশীলতাক উত্তৰণ ঘটাবলৈ হ’লে অধ্যয়নৰ খুবেই প্ৰয়োজন৷ দৈনন্দিন ব্যস্ততাৰ মাজতেই যেনেকৈ নহওক অলপমান হ’লেও সময়ৰ সুৰুঙাৰে অধ্যয়নপিপাসু হোৱাটো নিতান্তই গ্ৰহণযোগ্য  আৰু ইতিবাচক কথা৷ বৌদ্ধিকভাৱে  অগ্ৰসৰ হ’বলৈ এজন সচেতন ব্যক্তি হিচাপে অধ্যয়নশীল হোৱাটো সকলোৰে কৰণীয় কৰ্তব্য বুলিও ভাবিবলৈ বাধ্য হ’ব লাগিব৷ বৌদ্ধিক অনগ্ৰসৰতাই এজন ব্যক্তিক কেতিয়াও সমাজৰ ওচৰ চপাই নিব নোৱাৰে৷
এই ক্ষেত্ৰত বৌদ্ধিক উত্তৰণৰ বাবে বিভিন্ন কিতাপ, বাতৰি কাকত, আলোচনী, ইন্টাৰনেটৰ জৰিয়তে সহজেই উপলব্ধ তথ্যসমূহ উৎকৃষ্টতম উৎস৷ এইখিনিতে এটা কথা উল্লেখ কৰি থ’ব খোজোঁ যে, সকলো বস্তুৰে ভাল, বেয়া দুটা দিশ থাকে৷ তাৰ পৰা ভাল দিশটোত দৃষ্টি ৰাখি বৌদ্ধিক ক্ষেত্ৰখনৰ পৰা জ্ঞান আহৰণ কৰিব পৰাটোৱে লক্ষ্যণীয় হোৱা উচিত৷ সকলো  কিতাপ, আলোচনীয়ে যে পঠনৰ উপযোগী বা বৌদ্ধিক সমল যোগাব পৰাকৈ বিবেচিত ঠিক তেনেকুৱা নহয়৷ সকলোৰে চিন্তাৰ ধাৰা বেলেগ বেলেগে৷ গতিকে, যিবিলাক কিতাপ-আলোচনীয়ে চিন্তাৰ খোৰাক যোগাব পাৰে, নতুনকৈ কিবা তথ্য পঢ়ুৱৈৰ বাবে যোগান ধৰিব পাৰে, তেনে লেখা সমৃদ্ধ কিতাপ-আলোচনীহে পঢ়াৰ বাবে বানি কৰাটো সমীচীন যেন ভাব হয়৷ অন্যথা, হিতে বিপৰীত হোৱাৰহে সম্ভাৱনা থকাৰ কথাটো নুই কৰিব নোৱাৰি৷ কিছু কিছু আলোচনী বা কাকতে বৌদ্ধিক উত্তৰণৰ কাৰণে যথেষ্ট অৰিহণা যোগাবলৈ সক্ষম যে হৈছে এই তথ্য ইতিমধ্যে বিদ্বান ব্যক্তিৰ আলোচনা তথা ৰচনাৰ পৰা জানিব পৰা গৈছে৷ এই বিষয়ত বিদ্বান লেখক শান্তনু কৌশিক বৰুৱাদেৱে যোৱা ২০১৮ বৰ্ষৰ ডিচেম্বৰত যোৰহাটত অনুষ্ঠিত গ্ৰন্থমেলাত উন্মোচিত স্মৃতিগ্ৰন্থ প্ৰজ্ঞা(PRAJNA)-অসমীয়া আলোচনীৰ সংগ্ৰাম আৰু উত্তৰণ- অৰুণ উদয়ৰ পৰা একবিংশ শতিকাৰ সূচনালৈশীৰ্ষক বিতংভাৱে‍ নহ’লেও বৌদ্ধিক উত্তৰণৰ ছবিখন দাঙি ধৰাৰ চেষ্টা কৰিলে৷ সেইপিনৰ পৰা এই বিষয়ত মতামত জনোৱাৰ সাহ অথবা অধিকাৰ নাই৷ আলোচনাখিনি হৃদয়ংগম কৰাহে উচিত, লগতে প্ৰত্যেকই সেই পথেৰে বাট বোলাটোহে যুগুত৷ কাৰো পক্ষেই ইমানবোৰ কিতাপ-আলোচনী অধ্যয়ন কৰাটো বৰ্তমানৰ ব্যস্ততাৰ যুগত সম্ভৱপৰ হৈ নুঠেগৈ৷ তথাপি, জ্ঞান আহৰণ আৰু বৌদ্ধিক পৰিপক্বতাৰ কাৰণে যতদূৰ সম্ভৱ অধ্যয়নৰ প্ৰয়াস কৰাটো দায়িত্বৰ লগতে কৰ্তব্যৰ ভিতৰতে পৰে বৌদ্ধিক সচেতনতা থকা প্ৰতিজন ব্যক্তিৰে৷ এইখিনিতে সুযোগৰ সদ্‌ব্যৱহাৰ কৰি কোৱাৰ লোভকণ সামৰিব খোজা নাই যে, যিকেইখনমান বাতৰিকাকত বা আলোচনী, সংখ্যাৰ ফালৰ পৰা তেনেই নগণ্য, অধ্যয়ন কৰাৰ চেষ্টা কৰোঁ তাৰে ভিতৰত অন্যযুগআলোচনীখন বৌদ্ধিক উত্তৰণৰ সময়োচিত বুলি ক’ব পাৰি৷ আলোচনীখনে প্ৰতিটো সংখ্যাতে লেখাৰ মানৰ অগ্ৰাধিকাৰ দি অহাটো পৰিলক্ষিত হয় যদিও আলোচনীখনে চলিত বছৰৰ ফেব্ৰুৱাৰি  মাহত তৃতীয় বছৰত অতিক্ৰম কৰিছেহে৷ আলোচনীখনৰ ব্যতিক্ৰধৰ্মী শিতানসমূহ পাঠকৰ দৃষ্টি আকৰ্ষণ কৰাৰ অন্যতম কাৰণ৷ সম্পাদকীয় পৃষ্ঠাৰ প্ৰতিটো লেখাত সম্পাদক ড° বসন্তকুমাৰ গোস্বামীদেৱৰ পাণ্ডিত্যৰ সম্ভেদ পোৱাটো উল্লেখযোগ্য৷ যোৰহাটৰ পৰা চিন্তাশিল্প’-ৰ দ্বাৰা প্ৰকাশিত আলোচনীখনে কম সময়ৰ ভিতৰতে সচেতন বৌদ্ধিক মহলৰ মাজত জনপ্ৰিয়তা আৰ্জিবলৈ সক্ষম হৈছে৷ আৰু এটা লক্ষ্যণীয় দিশ যে সামাজিক মাধ্যমৰ জৰিয়তেও সাম্প্ৰতিক সময়ৰ কিছুমান বিশেষ বিষয়বস্তুৰ ওপৰত পঢ়ুৱৈৰ  মতামত নিৰ্বাচন কৰি সংযোজন কৰা হয়৷ ইও এক প্ৰশংসনীয় পদক্ষেপ নতুবা৷ নৱপ্ৰজন্মৰ বাবে জনপ্ৰিয়তা অৰ্জনৰ অন্য এটা কাৰণ বুলিও ক’ব পৰা যায়৷ ই বৌদ্ধিক জগতৰ বাবেই অতি সুখৰ কথা৷
ভাষাজ্ঞান, আসোঁৱাহহীন শব্দৰ বানান, বাহুল্য বৰ্জন, নতুন চিন্তাৰ উদ্ৰেক, মাতৃভাষাৰ প্ৰতি সজাগ আৰু সচেতনতা আজিকালি খনচেৰেক নিৰ্দিষ্ট কাকত-আলোচনীৰ (সকলোৰে‍ কথা কোৱা হোৱা নাই, তাৰ ভিতৰতে কিছু সংখ্যক নথকা নহয়)বাদে মানি চলাটো দেখা নাযায়৷ এই ক্ষেত্ৰত অন্যযুগ’-ৰ ভূমিকা মন কৰিবলগীয়া৷ কোনোবা যি‍ কি নহওক, বৌদ্ধিক উত্তৰণৰ ক্ষেত্ৰত কিতাপ-পত্ৰ, আলোচনী, বাতৰি কাকতসমূহে এজন ব্যক্তিৰ মানসিক চিন্তাৰ জগতখনৰ উত্তৰণ ঘটাবলৈ যথেষ্ট অৱদান আগবঢ়াব পাৰে৷ সেই অৱদানেৰে অথবা বৌদ্ধিক প্ৰভাৱৰ জৰিয়তে ব্যক্তিয়ে নিজকে চিন্তাশীল কামত আত্মনিয়োগ কৰি প্ৰতিষ্ঠা লাভ কৰা অনেক উদাৰহণ আছে, সেই কথা অধ্যয়নৰ লগত জৰিত সকলো মানুহৰে জ্ঞাত৷ জীৱনৰ অধিক কাল সৃষ্টিশীল কামৰ মাজতে অতিবাহিত কৰা ব্যক্তি আমাৰ মাজতে এতিয়াও আছে৷
নৱপ্ৰজন্ম এই ক্ষেত্ৰত পিছ পৰি ৰোৱা নাই৷ অত্যন্ত প্ৰতিভাশালী লেখক-লেখিকাই এই কুৰি শতিকাত সাহিত্য, বিজ্ঞান সলো দিশতে নিজৰ নিজৰ বিৰল প্ৰতিভাক বিশ্ব দৰবাৰত চিনাকি কৰাব পৰাকৈ সক্ষমতা অৰ্জন কৰা দেখা গৈছে৷ সেয়েহে শেহত ক’ব পাৰি যে অধ্যয়নো মানুহৰ মগজুৰ বাবে অতিকৈ লাগতিয়াল সুষম আহাৰ৷ যিয়ে একোজন ব্যক্তিৰ মানসিক উদ্যম আৰু জীৱনৰ পৰিপূৰক৷
সাম্প্ৰতিক সময় সমস্যাৰে ভাৰাক্ৰান্ত৷ তেনে পৰিস্থিতিতো অন্যযুগ কতৃপক্ষৰ আপ্ৰাণ প্ৰচেষ্টাৰ ফলত পঢ়ুৱৈ-সমাজৰ নিষ্ঠা আৰু দায়বদ্ধতাৰ প্ৰতি লক্ষ্য ৰাখি শেহতীয়াভাৱে‍ অনলাইন সংস্কৰণ এটি ৱেব্‌ছাইট তথা এপ্ মুকলি কৰিছে৷ সুখৰ সংবাদ যে নতুনকৈ দায়িত্বভাৰ লোৱা বিশিষ্ট সাহিত্যিক, সমালোচক অতি শ্ৰদ্ধাৰ ড° মৃদুল শৰ্মাৰ সম্পাদনাত এই নতুন অনলাইন সংস্কৰণৰ জৰিয়তে পৰৱৰ্তী সংখ্যাবোৰে নিশ্চয় আশাৰ বতৰা কঢ়িয়াই আনিব৷ 
কোনোবা এজন প্ৰখ্যাত লেখকে কোৱা এষাৰ কথা মনত পৰিছে, সাধাৰণতে এখন কিতাপত নিৰ্দিষ্ট এটা বিষয়ৰ সম্পৰ্কত আলোচনা হোৱাৰ বিপৰীতে এখন আলোচনীত একাধিক বিষয়ৰ সম্পৰ্কত আলোচিত সম্ভাৰ পোৱা যায়৷ সেয়ে, আলোচনী এখনৰ চিন্তাৰ খোৰাক অথবা ফচল সাধাৰণতেই বেছি৷
অন্যযুগ অন্য এক নতুন যুগৰ বাৰ্তাবাহী হৈ থাকক সদায়ে৷ শেষত আলোচনীখনৰ প্ৰস্তাৱনা সংখ্যাটিৰ সম্পাদকীত উল্লিখিত দুটিমান মননশীল কথাৰেই কলমৰ সাঁফৰটো মাৰিব খুজিছোঁ— ‘‘…‘‘অন্যযুগে নতুন যুগৰ প্ৰতিনিধি হোৱাৰ প্ৰতিশ্ৰুতি ৰাখক... সমকালীন অসমক নিৰ্ভুলভাৱে উপস্থাপন কৰাৰ যত্ন কৰাৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰক... অসমৰ ভাষা-সাহিত্যৰ বোৱঁতী সুঁতিটো আধুনিক হৈয়ো যাতে শুদ্ধ পথেৰে বৈ যাব পৰাৰ প্ৰতি সততে চকু ৰখাৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰি যাওক৷ “সৰ্বজন হিতায়, সৰ্বজন সুখায়৷” 

আমাৰ বক্তব্যত যদি আগ-পিছ কেনেবাকৈ হৈছে, তেন্তে সুধীজনৰ ওচৰত ক্ষমা প্ৰাৰ্থনা৷

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ