অন্যযুগ/


কথা পাতিম আহাঁ (শিশু কবিতা)

পম্পি বৰা বৈশ্য
 
অ’ ককা অ ককা কিনো কৰি আছা
আহাচোন কথা পাতোঁ মোৰ কাষত বহা,
আজি স্কুলত বাইদেৱে‍ কি শিকালে শুনা।
 
হাগত কুলিয়ে মাতে, জেঠত আহে খৰ
আহাৰ শাও মহীয়া কঠীয়া সিঁচাৰ সময়।
ভাদ মাহত নামঘৰত ভকত-বৈষ্ণৱ বহে,
মহাপুৰুষ দুজনাৰ মৃত্যু তিথি পৰে।
 
আহিনত কঁহুৱা ফুলে, কাতিত কঙালী বিহু
ঘৰ-পথাৰ সকলোতে আকাশবন্তি জ্বলে।
আঘোণত ধান পকে, পুহত ভঁৰাল ভৰে
মাঘত মেজি জ্বলাই উঠি কণী যুঁজ খেলে। 
 
ফাগুন মানেই ৰঙৰ উৎসৱ বৰ মজা লাগে
পলাশ-মদাৰ ফুল ফুলে সৰাপাতে‍ ভৰে।
তত বছৰ শেষ হৈ নতুনক আদৰি আনে
এনেকৈয়ে বাৰ মাহ বছৰ ব্যাপি থাকে। 
 
  ককা,  ককা কিনো ভাবি আছা
মোৰো যে টোপনি আহিছে বিনালৈ যাওঁ বলা
গ্ৰীষ্ম, বৰ্ষা, শৰৎ, হেমন্ত, শীত, বসন্ত— ছয় ঋতু আছে
ৰূপহী অসমৰ কথা কৈ থাকিলে শেষেই নহব চাগে।
 
হেঙেৰাবাৰী গুৱাহাটী

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ