অন্যযুগ/


কণ-কবিতা (শিশু কবিতা)

অনসূয়া বৰঠাকুৰ

 

             (১)

পহুৱে বোলে খহু হলে

    শিহুৰ তেল ঘহোঁ’,

লেহুগাঁৱৰ বিহুত খুৱালে

    চাহৰ লগত ফেঁহু।

 

            (২)

দেখিছানে বাৰু কাকু?

   ৰাকুদা কিমান ডাকু!

লুকা-ভাকু নেখেলা বাবে

   চকুতে মাৰিলে ফাকু।

 

             (৩)

বাহত থকা হাঁহকেইটাৰ

   চোৱাঁ, ইমান সাহ!

কাহ হোৱাত মাহৰ লগত

   খালে গৰম চাহ।।

  

            (৪)

শহাই বোলে "মহা

   তুমি বাহিৰতে বহা,

মাহীজনীও অহা হলে

   পালোগৈহেঁতেন ৰহা"।

 

           (৫)

বেহালৈ গৈ পেহাই,

লে সেহাই সেহাই,

নাটানে আৰু দেহাই,

দিবিনে অলপ ৰেহাই?’

         ---

 

ঠিকনা :

  ৰথাং, দক্ষিণ ছিকিম

  ভ্ৰাম্যভাষ : ৯৪৩৫৫০৮৭৬৫

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ