অন্যযুগ/


ক’লা মাছ

মদাৰজ্যোতি

 

কোনোবাই শল-শালৰ কথা ক

মোৰ পিছে প্ৰিয়

শেলুৱৈ পানীৰ চেঙাহে

 

সিদ্ধাৰ্থৰ গল্পত অতিকায় হৈ অহাৰ দৰেই মাছটো

এদিন শলৰ পোণাতকৈও বুজন হল চেঙা

 

আবতৰীয়া(বিহুৰ বতৰৰ নহয়) উছৱ-কালতে

জাল, পল, জাকৈৰ লগতে

দৰিকণা ধৰা চালনী এখনৰে

ময়ো পালোঁগৈ বিলৰ পাৰ...

 

পলধাৰী ৰাইজৰ প্ৰলয়ত

তল-ওপৰ তল-ওপৰ পানী

যেন সাগৰৰ ঢৌ

ভয় ভয় ভাবৰ মাজতেই মোৰ চালনিতো কলা মাছৰ জাক

(আকাৰৰ কথা দোহৰা নাই)...

 

উঃ এনেকুৱা সপোনে খেদিলেই ভয় খাওঁ

 

লা মাছৰ পুৱতি সপোন

একৰ পৰা তিনিদিনে ফলিয়াবই এথোন

 

কি হ

কি হ

 

অচিন বেমাৰে বাহ ল

 

কি হ

কি হ

 

দুৰ্ভাবনাই অঘটন মাতিব

 

সাক থুই

সা... ক থুই

সা... আ... ক থুই

 

তথাপি এগছি জ্বলাব লাগিব নামঘৰত

 

কল-কাৰখানাৰ ধোঁৱাতকৈও কলা

সময়

লা মাছৰ বাকলিতকৈও আন্ধাৰ এই জগত

লীয়াপানীৰ যাতনাতকৈও কলা মহানাগৰিক ভীতি

 

মই তুলসীক ক

নহয়, ম তিনিৰ সাক্ষাতত...

 

যে একে ধৰণৰ সপোন প্ৰায়ে দেখোঁ

কেতিয়াবা কিনো

কেতিয়াবা ধৰোঁ কলা মাছ

আৰু আধুনিক জীৱনত সৰহখিনিৰ দৰেই

ময়ো মৰোঁ প্ৰতিদিনে

স্বপ্নিল দূৰ্ভাৱনাত

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ