অন্যযুগ/


কেৰ্কেটুৱাটো

 হৰেকৃষ্ণ ডেকা

 

বাৰাণ্ডাতে বহি আছোঁ।

বাতৰি কাকতত শব্দৰ মৰা-মৰি, কটা-কটি।

কেৰ্কেটুৱা এটা ক্ষন্তেক ৰল। মোলৈ চালে সি।

আৰু খৰধৰকৈ নাৰিকলজোপাৰ ওপৰলৈ

উঠি গল।

বাতৰি-কাকতত খেদা-খেদি, গ্ৰেপ্তাৰ।

নাৰিকলজোপাৰ পৰা কিবা এটা পৰাৰ শব্দ হল।

কেৰ্কেটুৱাটোৱে কুমলীয়া ডাব এটা কুটিছে

আৰু মাটিত পেলাইছে।

কাকতখনৰ শব্দবোৰ চকুত লৈ মই

সি নষ্ট কৰা ডাবটোলৈ চালোঁ।

সিও মোলৈ এপলক চালে।

ভীত চাৱনি। নিৰীহ চকু।

তাত অপৰাধ নাই।

কি শাস্তি দিম ?

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ