অন্যযুগ/


এটি দেওলগা সোঁত

গীতুমণি তালুকদাৰ
 
হঠাৎ বিস্ফোৰণ হ
এটা নিষিদ্ধ বিস্ফোটক
 
উধাতু খাই
উজাই আহিল
প্ৰচণ্ড এটা  বিষ
 
পৰিত্ৰাণ নাই
পৰিত্ৰাণ নাই 
 
বিস্ফোটকে
পোৱা নাই
মাত্ৰাৰ পূৰ্ণতা
 
ডাক্তৰ : ইনজেক্‌শ্বন
কবিৰাজ : বজ্ৰলেপন,
কাঁইটীয়া ফুটন
 
এয়া ৰণচণ্ডী তিৰী নে
পূঁজৰ আগ্নেয়গিৰি 
 
নিশ্বাসৰ মাজেৰে
নিষিদ্ধ জলঙাৰে
পৰম স্বস্তিৰে বৈ গ
লাভাৰ এটি দেওলগা সোঁত ...
 
 
ঠিকনা :
গাঁও : ডুমুৰীয়া
ডাকঘৰ : ভৌকামাৰী ( পাঠশালা)
জিলা : বৰপেটা (অসম)
পিন : ৭৮১৩২৫
ভ্ৰাম্যভাষ:  ৯১০১৪৬২৮২৬
ই-মেইল : gitumonitalukdar0456@gmail.com

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ