অন্যযুগ/


এই চহৰ

ভাস্কৰ জে নাথ

আগৰ দৰেই হ’ৰ্ডিংবোৰ
ইলেক্ট্ৰিক খুঁটাবোৰ

ইমান শালিকী : মাতি আছে ইলেক্ট্ৰিক তাঁৰত বহি
ইমান কাউৰী : কা কা কৰি

তেনেকৈয়ে ক’ৰ্ট-কাছাৰী
নিয়ম মতেই 

নিয়ম মতেই বৰষুণ পৰিছে
দ পৰিছে
বতাহ বলিছে
ধূলি উৰিছে

দূৰত দুটা কুকুৰ দেখিছোঁ
 
এটাই ভুকিছে
আনটোৱে প্ৰস্ৰাৱ কৰিছে
 
ইয়াত ভাল সলনি বুলিনো কি হৈছে?

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ