অন্যযুগ/


ঈশ্বৰ কোন

অত্ৰেয়ী গোস্বামী

সৰুতে পিতায়ে চুৱাপাতনিত ভাত চেলেকি থকা

কুকুৰ এটাক দেখুৱাই কৈছিল,

"সৌৱা চা ঈশ্বৰ"৷

এদিন পিতায়ে কাৰ্শলা এডালকো 

ঈশ্বৰ বুলি কৈছিল৷

 

ডাঙৰ হৈ দেখিলোঁ শালগ্ৰাম,

বুজিলো ৰাস্তাৰ শিলগুটিও ঈশ্বৰ৷

বাৰিষা কুমজেলেকুৱাবোৰ দেখিলে

মণি-মুকুতা খচিত 

ৰাজকীয় সজ্জাৰ

মানুহৰূপী ঈশ্বৰ শামুক হয়৷

নিমখ দিলে গলি যায়৷

বিজলুৱাবোৰত ঈশ্বৰৰ 

অৱশিষ্ট নাথাকে৷

 

আৰু এদিন হঠাৎ ঈশ্বৰ আহিছিল

আইক দেখুৱাই কলে,

"সৌৱা মই"৷

পিতাইৰ মিচিকিয়া হাঁহিত

মানৱী ঈশ্বৰ থিতাতে লুকাল৷

  

ঈশ্বৰ কোন?

ঈশ্বৰ জীৱ৷

তেই জীৱ ততেই ঈশ্বৰ৷ 

জীৱ জংগমঈশ্বৰ নহয়৷

  

ঈশ্বৰে কান্দেঈশ্বৰে হাঁহে 

নহলেনো কাণাই বিৰহী কোন সতে? 

 

ঈশ্বৰ সৃষ্টি 

ঈশ্বৰ জীৱ৷

 

ঠিকনা :

তিতাবৰযোৰহাট

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ