অন্যযুগ/


কিয় সোঁৱৰণি এপাহ গোলাপ

অমিতাভ ফুকন

 

কিয় তুলিকাত

ওমলে আন্ধাৰে

লুকুৱাই থোৱা বিলুপ্ত উশাহ

টঙি ৰখা চিত্ৰকৰ

গ্লানিৰ নয়ন

ধুমকেতুৰ পছোৱা

 

কিয় সৃজনত বালিচৰ

আপোনঘাটী পিৰালিত খৰাং

চৌপাশে বিস্তৰ অসুৰ

পিছলি পৰে অগৰু

নিস্তব্ধ ৰঙ্গস্থলী

তন্দ্ৰাতে সৰিল

ধঁতুৰা এপাহ

 

কিয় সোঁৱৰণি

এপাহ গোলাপ

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ