জ্যোতিৰেখা হাজৰিকা
জুবিন মই
জ্বলি আছোঁ এয়া
চন্দন কাঠৰ
জুই একুৰা হৈ
জুবিন মই
তোমালোকৰ বুকুত
ভালপোৱাৰ মন্ত্ৰ থাপি
দুচকুত বোৱাই
অশ্ৰুৰ সাগৰ
অহাৰ বাটেৰে
উলটিলোঁ মই
জুবিন মই
উজলি আছোঁ
তোমালোকৰ
মন-আকাশত
দ্বিতীয়াৰ জোন হৈ
জুবিন মই
মাটিৰ মায়া এৰিলোঁ
জুই ধোঁৱা ছাই হৈ
চাই যোৱা
চুই চোৱা
অৱশিষ্ট এঙাৰ নহয়
সোণাপুৰৰ সোণ মই
বুকুত হাত থোৱাঁ
আৰু
অনুভৱ কৰাঁ :
তোমালোকৰ
বুকুতেই থাকিম
চিৰদিন
চিৰকাল
হৈ
জুবিনক্ষেত্ৰ...
