পুলিন
কলিতা
(এক)
ফ্ৰান্সিচ
জেনকিন্স ব্ৰিটিছ অধিকৃত অসমৰ তৃতীয়গৰাকী “কমিচনাৰ” আৰু একে সময়তে উত্তৰ-পূব
সীমান্তত গৱৰ্ণৰ জেনেৰেলৰ প্ৰতিনিধি আছিল৷ “১৮৩৪ চনৰ প্ৰায় আৰম্ভতে…কাপ্তান
জেনকিন্স কমিচনাৰ নিযুক্ত হ’ল৷… ইংৰাজ শাসনত এই দেশ প্ৰথমতে একেবাৰে ভাৰত
গৱৰ্ণমেণ্টৰ অধীনত আছিল; কমিচনাৰ চাহাবেই দেশাধিপতি আৰু প্ৰধান বিচাৰক আছিল” (
আহোমৰ দিন, ২০১৮, পৃঃ ৩৭২-৩৭৩)৷ তেওঁৰ আগতে ডেভিদ স্কট আৰু পি চি ৰবাৰ্টচনে অসমত
প্ৰায় দহ বছৰ ( ১৮২৬-১৮৩৪) শাসন কাৰ্য চলাইছিল; পিছে এই ৰাজ্যৰ আধুনিক শাসন
প্ৰণালী গঢ় লৈ উঠিছিল জেনকিন্সৰ দিনতহে৷ জেনকিন্স অসমৰ কমিচনাৰ আৰু উত্তৰ-পূব
ভাৰতত আটাইতকৈ বেছি সময় কাৰ্যনিৰ্বাহ কৰি যোৱা ব্ৰিটিছ বিষয়া৷ অসমৰ প্ৰাকৃতিক
সম্পদ, ইয়াৰ ভূগোল আৰু বুৰঞ্জীৰ বিস্তৃত অধ্যয়ন আছিল জেনকিন্সৰ৷
“কমিচনাৰ
নিযুক্ত হোৱাৰ আগতেও… ইং ১৮৩২-৩৩ চনত এওঁ এবাৰ এই দেশৰ উৎপন্ন ইত্যাদিৰ বিষয়ে
অনুসন্ধান কৰিবলৈ এই অঞ্চললৈ আহিছিল”(আহোমৰ দিন, পৃঃ৩৭৩)৷ এই ‘অনুসন্ধান’ত পোৱা
তথ্য তেওঁ ভাৰত চৰকাৰৰ তৎকালীন সচিব ডব্লিউ এইচ মেকনাফটেনক দাখিল কৰিছিল Report on
the North-East Frontier of India শিৰোনামেৰে৷ এই প্ৰতিবেদনখন ১৯৯৫ চনত প্ৰখ্যাত
বুৰঞ্জীবিদ হেৰম্ব কুমাৰ বৰপূজাৰীৰ সম্পাদনাত গ্ৰন্থাকাৰে প্ৰকাশ কৰে গুৱাহাটীৰ
স্পেকট্ৰাম পাব্লিকেচনে৷ প্ৰতিবেদনখনত (গ্ৰন্থখনতো) দুটা খণ্ড আছে— প্ৰথম খণ্ডটোত
অসমৰ আৰু দ্বিতীয় খণ্ডটোত কাছাৰৰ অৰ্থনীতি আৰু সমাজৰ চিত্ৰ বৰ্ণনা কৰা হৈছে৷
উল্লেখ কৰি থোৱা দৰকাৰ যে কোচবিহাৰ সম্পৰ্কেও জেনকিন্সৰ এখন প্ৰতিবেদন আছে৷ সেইখন
এখন পৃথক প্ৰতিবেদন৷ অসম আৰু কাছাৰ সম্পৰ্কীয় এই প্ৰতিবেদনখন যুগুতাবৰ বাবে
জেনকিন্স কলিকতাৰপৰা চিলেট হৈ কাছাৰত উপস্থিত হৈছিল ১৮৩২ চনৰ ১৮ নৱেম্বৰত, বছৰটোৰ
শেষলৈকে তেওঁ কাছাৰতে আছিল আৰু ১৮৩৩ চনৰ ৮ জানুৱাৰিত ৰহা চকীত উপস্থিত হৈ সমগ্ৰ
উজনি অসম ভ্ৰমণ কৰিছিল৷ প্ৰতিবেদনখন তেওঁ কলিকতালৈ উভতি গৈ লিখিছিল৷ প্ৰতিবেদনখনত
লিপিবদ্ধ কৰা তাৰিখ হ’ল ১৮৩৩চনৰ ২২ জুলাই৷ তেওঁৰ ভ্ৰমণৰ দিন-বাৰ ক’তো উল্লেখ নাই৷
অনুমান কৰিব পাৰি য়ে এপ্ৰিল মাহৰ শেষৰ ফালে অথবা মে’ মাহৰ আৰম্ভণিতে তেওঁ উভতি
গৈছিল৷
(দুই)
ইয়াণ্ডাবু
সন্ধিৰ জৰিয়তে ১৮২৬ চনৰ ফেব্ৰুৱাৰি মাহতে বৃটিছে ‘অসম’ অধিকাৰ কৰিলেও, বা ডেভিড
স্কটে এটা শাসন ব্যৱস্থা আৰম্ভ কৰিলেও ব্ৰিটিছ সাম্ৰাজ্যৰ এই উত্তৰ পূব সীমান্তৰ
প্ৰশাসনিক গাঁথনি এটা সেই ১৮৩২ চনলৈ ভালকৈ গঠন হৈ উঠা নাছিল৷ জেনকিন্সে কোচবিহাৰ,
কাছাৰ আৰু অসমৰ পৃথক প্ৰতিবেদন যুগুত কৰিছিল বা তেওঁক তেনেকৈ কৰিবলৈ দিয়া হৈছিল৷
ইয়াৰ অৰ্থ— সেই সময়ত এই তিনিখন ‘ৰাজ্য’ৰ প্ৰশাসন পৃথক পৃথক আছিল৷ ব্ৰিটিছ শাসনৰ এই
কালছোৱাত এই তিনিওখন ‘ৰাজ্য’ই আছিল বংগপ্ৰদেশ (Province of Bengal) প্ৰশাসনৰ
অন্তৰ্ভুক্ত অঞ্চল৷ ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে কনবাং বা মান সম্ৰাটে মণিপুৰ, কাছাৰ
আৰু অসমৰ কৰ্তৃত্ব ব্ৰিটিছক একে সময়তে অৰ্পণ কৰিছিল৷ বৃটিছে তেতিয়া নামনি অসমক (
Lower Assam or senior division) বংগপ্ৰদেশৰ লগত চামিল কৰি প্ৰশাসন আৰম্ভ কৰে৷
বৃটিছে মণিপুৰ আৰু কাছাৰক পূৰ্বৰ ৰজাকে শাসন কৰিবলৈ দিয়ে, অৱশ্যে এজন পলিটিকেল
এজেণ্টৰ অধীনত দুয়ো ঠাইতে একোদলকৈ সৈন্য ৰাখি থয়৷ উজনি অসমৰ প্ৰশাসনীয় চৰিত্ৰ
নিৰ্ধাৰণ কৰিবলৈ বৃটিছে কেইবাটাও বছৰ লয়৷ এই মাজৰ সময়ছোৱাতে (transitional period) জেনকিন্সক
কাছাৰ আৰু অসমৰ অৰ্থনৈতিক পৰিস্থিতি অধ্যয়নৰ দায়িত্ব দিয়া হয়৷
(তিনি)
কাছাৰ
আৰু অসমত জেনকিন্স আছিল ১৮৩২ চনৰ ১৮ নৱেম্বৰৰপৰা ১৮৩৩ চনৰ এপ্ৰিল বা মে মাহলৈ :
পাঁচ বা অতি বেছি ছমাহ সময়৷ এই চমু ভ্ৰমণত তেওঁ অঞ্চলটো সম্পৰ্কে উচ্চমানৰ আৰু
বিস্তৃত মূল্যায়ন কৰিছিল৷ এই কামত তেওঁক সহায় কৰিছিল ইয়াত কাৰ্যনিৰ্বাহ কৰি থকা ব্ৰিটিছ
সামৰিক বিষয়া সকলে৷ কাছাৰ সম্পৰ্কে জেনকিন্সৰ মন্তব্য নেতিবাচকেই আছিল, কিন্তু
অসমৰ বিষয়ে তেওঁৰ মন্তব্য উচ্ছাসপূৰ্ণ — It will be universally allowed by every
one who tolerable acquaintance with Assam that in has had a natural advantages
of soils, climate, means of communication and position, it is no way inferior
to the finest provinces of British India and it is evident from history,
tradition and the remains of the works of the former dynasties that it has been
supported a very dense population, a fact which affords a presumption that the
people were on the whole happily governed.
(চাৰি)
নামনি
অসমক ১৮২৮ চনত বংগপ্ৰদেশ প্ৰশাসনৰ অন্তৰ্ভুক্ত কৰিলেও ১৮৩২ চনলৈ, অৰ্থাৎ জেনকিন্স
অহালৈ উজনি অসম অৰ্থাৎ প্ৰকৃত আহোম ৰাজ্যখনকলৈ বৃটিছে একো সিদ্ধান্ত ল’ব পৰা
নাছিলঃ মণিপুৰ আৰু কাছাৰৰ দৰে আগৰ ৰাজবংশকে এই অঞ্চল শাসন কৰিবলৈ দিব নে ব্ৰিটিছ
প্ৰশাসনত অঞ্চলটো চামিল কৰিব, এই লৈ ব্ৰিটিছ বিষয়াসকলৰ মাজত মতদ্বৈধতা আছিল৷
আলোচ্য গ্ৰন্থখনৰ পাতনিৰ চতুৰ্থটো বাক্যতে এই কথাৰ উল্লেখ আছে— The fate of Upper
Assam was how-ever left undecided for the next eight years whether to be
brought under the control of the government or to be made over to a native
prince. অথচ এই বৃহৎ অঞ্চলটোৰ বাকী অংশ সম্পৰ্কে ব্ৰিটিছসকল সিদ্ধান্তলৈ ইতিমধ্যেই
আহিছিল৷ পাতনিত গ্ৰন্থখনৰ সম্পাদকে লিখিছেঃ Lower Assam was actually annexed in
1828 to the Presidency of Bengal.…. Already David Scott, Agent to the Governor
General, had entered into a treaty with Raja Govinda Chandra of Cachar; the
latter undertook in return for British protection to pay a tribute of rupees
ten thou-sand. Raja Ram Singh of Jayantia too, in his agreement acknowledged
the authority of the government, but no tribute was demanded of him. Raja
Gambhir Singh of Manipur was not only vested with the powers of a sove-reign
ruler, but allowed to maintain an army, the Manipur Levy, 3000 strong, trained
and equipped by the British Government. ব্ৰিটিছৰ এই দোদুল্যমানতাৰ কাৰণ, গ্ৰন্থ
সম্পাদকৰ মতে, মানসকলৰ আৰু এটা অসম আক্ৰমণৰ শংকা ঃThe bogey of another war with
Ava much haunted the authorities in Calcutta that they had no alternative but
to conciliate, as far as practicable, the chiefs and tribes of the NorthEast
Frontier.
(পাঁচ)
এতিয়া
জেনকিন্সে কোৱা কথালৈ আহোঁ৷ প্ৰতিবেদনখনত প্ৰথমতেই শদিয়াত এটা সামৰিক ছাউনি গঠনৰ
পৰামৰ্শ দিছে জেনকিন্সে৷ আভাৰ পুনৰাক্ৰমণৰ শংকা বৃটিছে কঢ়িয়াই ফুৰিছিল বুলি যে
গ্ৰন্থখনৰ পাতনিতে সম্পাদকে কৈছিল, সেই কথা প্ৰমাণ কৰে জেনকিন্সৰ এইটো পৰামৰ্শই৷
আভাৰ আক্ৰমণ শদিয়াৰ চোতালেদিয়েই হ’ব আৰু এই আক্ৰমণক বাধাও দিব লাগিব শদিয়াতে—এই
কথাত সন্দেহ নাছিল ব্ৰিটিছৰ৷ অথচ এই শদিয়া অঞ্চলতে বাস কৰে “ the only people which
have disturbed the peace of Assam since our possesion” চিংফৌসকলে৷ ইফালে, শদিয়া
এখন দূৰৱৰ্তী আৰু দুৰ্গম ঠাই, য’লৈ কেৱল ব্ৰহ্মপুত্ৰৰে উজাইহে যাব পাৰি আৰু এই
কামটোও সময়ব্যয়ী; এতেকে জেনকিন্সৰ পৰামৰ্শ : শদিয়াত এটা শক্তিশালী সামৰিক ছাউনি
নিৰ্মাণ কৰা হওক৷ জেনকিন্সে শদিয়াৰ ব্যৱসায়িক সম্ভাৱনাও দেখাছিল— ইয়াক কেন্দ্ৰ কৰি
এফালে তিব্বতৰ ৰাজধানী লাচালৈ আৰু আনফালে আভালৈ যাব পাৰি৷ আৰু চীন দেশলৈকো এটা পথ
শদিয়াৰ মাজেদিয়েই আছিল৷ জেনকিন্সে শদিয়াক ভাল পোৱাৰ আৰু এটা কাৰণ আছিল ইয়াৰ জলবায়ু
: শদিয়াত দীৰ্ঘদিন ধৰি বাস কৰি থকা gunboat commander আলেকজেণ্ডাৰ ব্ৰুচ আৰু
এচিষ্টেণ্ট চাৰ্জন মেকলিয়ডৰ উদ্ধৃতি দি জেনকিন্সে কৈছিল যে শদিয়াৰ জলবায়ু
স্বাস্থ্যকৰ(salubrious)৷
আন
আন নথিৰপৰা আমি জানোয়ে ‘উজনি অসম’ৰ কৰ্তৃত্ব পুৰন্দৰ সিংহক দিয়াত আপত্তি আছিল
জেনকিন্সৰ, কিন্ত আলোচ্য প্ৰতিবেদনখনত এই বিষয়টো তেওঁ কৌশলেৰে এৰি গৈছে (it seems
unnecessary to enter at any length into the state or resources of that portion
of Upper Assam transferred to Rajah Poorunder Sing), তাৰ মাজতে তেওঁ দুটা বিষয়ত
দৃঢ় মত প্ৰকাশ কৰিছে — প্ৰথম, প্ৰতিৰক্ষা বা বহিৰ্বিদ্ৰোহ দমনত পুৰন্দৰ সিংহৰ
সৈনিকক বিশ্বাসত ল’ব নালাগে আৰু দ্বিতীয়, অঞ্চলটো ব্ৰিটিছৰ নিয়ন্ত্ৰণত থকা হ’লে
প্ৰতিৰক্ষা আৰু ব্যৱসায়ৰ দিশটো বেছি কটকটীয়া কৰিব পৰা গ’লহেঁতেন ( Had we retained
Upper Assam, I latter parts of the 7th para on my letter to Major White
recommended the strongest manner that military posts should have been
established at the months of all the rivers on the south bank of the
Burhampooter viz, of the Dibooroo, Booree Dihing, Disung and Dikhu for the
purpose of protecting merchants and encouraging the formation of villages along
the great river, that travellers of all kinds might obtain the supplies and
assistance they might stand in need of.) অসমৰ বাবে আজিও দৰকাৰী কাম এটা এইখন
প্ৰতিবেদনৰ জৰিয়তে জেনকিন্সে কৰি থৈ গৈছে — মণিপুৰ আৰু কাছাৰৰ সৈতে অসমৰ সীমা
চিহ্নিত আৰু স্থায়ীকৰণ৷
দুশ
বছৰৰ আগৰ অসমখনৰ এটা ডাঙৰ সমস্যা আছিল পথ যোগাযোগৰ : ৰাজ্যখনত এটাও ভাল পথ নাছিল৷
তেওঁৰ প্ৰতিবেদনত জেনকিন্সে ৰাজ্যখনৰ পথ যোগাযোগ উন্নত কৰাত বিশেষ গুৰুত্ব দিছিল,
তেওঁ কৈছিল যে ৰংপুৰৰপৰা শিঙিমাৰিলৈ (এই দুয়োখন ঠায়েই এতিয়াৰ অসমৰ বাহিৰত পৰিছে)
আৰু গোৱালপাৰাৰপৰা গুৱাহাটীলৈ দুটা সকলো ঋতুতে ব্যৱহাৰৰ উপযোগী ৰাস্তা সাজিব লাগে৷
প্ৰতিবেদনখনত অসমৰ সেই সময়ৰ ৰাস্তা-ঘাটৰ অৱস্থাৰ বিস্তৃত বিৱৰণ জেনকিন্স দিছে৷
প্ৰতিবেদনখনে সেই সময়ৰ অসমৰ মুদ্ৰা ব্যৱস্থাৰো ধাৰণা আমাক দিয়ে৷ এই প্ৰতিবেদনৰপৰাই
আমি জানিব পাৰো যে আহোম ৰাজ্যৰ সীমান্তৱৰ্তী জনগোষ্ঠীবোৰৰ মুৰব্বীসকলে নিজৰ নিজৰ
নামত মুদ্ৰা (মোহৰ) তৈয়াৰ কৰিব পাৰিছিল ( native chief are allowed to retain the
right of circulating coins of their own) আৰু কিছু পৰিমাণে জাল মুদ্ৰাৰো
(unlicensed coining) প্ৰচলন আছিল৷
অসমত
কি কি ধাতু বা মণিক পোৱা গৈছিল সেই সময়ত? সোণৰ কণিকাৰ উপৰি লো, কয়লা আৰু নিমখ(
Besides gold dust, iron, coal and salt)৷ সোণ সকলো নদীতে পোৱা গৈছিল, অৱশ্যে
সোৱণশিৰী আৰু ধনশিৰি নদীত আটাইতকৈ ভাল সোণ পোৱা গৈছিল৷ অসমীয়াসকলে ব্যৱহাৰ
নাজানিছিল, কিন্ত চূণ শিল, পেট্ৰলিয়াম, এলুমিনিয়াম আদি মণিকৰ সন্ধান জেনকিন্সে
পাইছিল৷ ঘৰৰ দৰে স্থায়ী নিৰ্মাণৰ বাবে প্ৰয়োজনীয় কঠিন শিলো দেখিছিল জেনকিন্সে৷
তেওঁ লিখিছে যে গুৱাহাটীৰ মন্দিৰ আৰু ইয়াৰ ছিৰিবোৰ গ্ৰেনাইট আৰু নাইছ জাতীয় শিলেৰে
নিৰ্মাণ কৰা যদি এইবোৰ শিলৰ কাম জনা অসমীয়া মানুহ নাছিল৷ কাঠৰ প্ৰাচুৰ্য আৰু ইয়াৰ
ৰপ্তানি থকাৰ কথাও লিখিছে জেনকিন্সি৷ ধান,সৰিয়হ, জালুক, লা,কপাহ আদিৰ খেতি তেওঁ
দেখিছিল৷ মুগাৰ বিষয়ে উচ্ছ্বসিত মন্তব্য কৰিছে এই ব্ৰিটিছ বিষয়াগৰাকীয়ে৷ তেওঁ পিছে
দুখো কৰিছে যে মুগা পালনক লাহেলাহে অৱহেলা কৰিবলৈ লোৱা হৈছে৷ এই সম্পৰ্কীয় মন্তব্যটো
উদ্ধৃত কৰাৰ প্ৰয়োজন আছিল যদিও এইটো যথেষ্ট দীঘল বাবে বৰ্জন কৰা হ’ল৷
(ছয়)
কাছাৰ
সম্পৰ্কীয় প্ৰতিবেদনখনৰ তলত জেনকিন্সে স্বাক্ষৰ কৰিছিল ১৮৩৩ চনৰ পহিলা জুন তাৰিখে৷
ইয়াৰ অৰ্থ, সেই বছৰৰ জুন মাহতে তেওঁ এইখন লিখি সামৰিছিল৷ প্ৰতিবেদনখনৰ এই অংশটো
সৰু : ১৫ পৃষ্ঠাতকৈ অলপহে বেছি৷ কাছাৰৰ (অৰ্থনৈতিক) অৱস্থা ভাল দেখা নাছিল
জেনকিন্সে : “The wastes of Cachar consists either of reed or timbre jungle”৷ এই
নল-খাগৰিৰ মাজে মাজে দুখীয়া মানুহৰ (lowest classes of ryots) বসতি, যি সকল চিলেটৰ
অত্যাচাৰী জমিদাৰৰপৰা পলাই থাকিব বিচাৰে( sought to escape the oppression of the
large Zeminders if Sylhet)৷ কাছাৰকলৈ ব্ৰিটিছৰ কৰণীয় সম্পৰ্কে জেনকিন্সৰ
দৃষ্টিভংগী স্পষ্ট : স্থানীয় শাসকৰ হাতত ইয়াৰ প্ৰশাসন এৰি দিয়াৰ কোনো যুক্তি নাই,
যথোপযুক্ত সামৰিক সাহায্য দি ইউৰোপীয় বিষয়াৰ হাতত ইয়াক এৰি দিলেহে কিবা এটা ভাল
হ’বগৈ৷
(সাত)
হেৰম্বকান্ত
বৰপূজাৰী অসমৰ এগৰাকী তীক্ষ্ণধী বুৰঞ্জীবিদ আছিল৷ অসমীয়া বৌদ্ধিক শিৱিৰে তেওঁৰ
যথাযোগ্য মূল্যায়ন। কৰিব পাৰিছে বুলি আমাৰ ধাৰণা নহয়৷ আলোচ্য গ্ৰন্থখনৰো কোনো
আলোচনা বা মূল্যায়ন আমাৰ চকুত পৰা নাই৷ মুখবন্ধ (preface) আৰু
পাতনি(introduction)সহ এইখন আহোম-কছাৰী শাসনৰ অন্ত কালৰ অৰ্থনৈতিক আৰু ৰাজনৈতিক
পৰিৱেশ আমাক জনাব পৰা ভাল গ্ৰন্থ৷
***
লেখকৰ
ফোন ৮৬৩৮৪৫৮৭৪৮
.jpeg)

