অন্যযুগ/


গণিতৰ ২৩ টা প্ৰশ্ন আৰু ডেভিড হিলৰ্বাট

 

প্ৰিয়দেৱ গোস্বামী

 

   সৰ্বকালৰ শ্ৰেষ্ঠ ব্ৰিটিছ গণিতজ্ঞ আইজাক নিউটনে কলন গণিত আৱিস্কাৰ কৰি আধুনিক গণিতৰ ভেঁটি প্ৰতিষ্ঠা কৰাৰ পাছৰ পৰাই গণিতৰ জয়যাত্ৰা আৰম্ভ হয়। প্ৰাকৃতিক নিয়মসমূহ গণিতৰ ভাষাৰে প্ৰকাশ কৰিব পাৰি। সেই বাবে কোৱা হয় প্ৰকৃতি গণিতৰ ভাষাৰে লিখা আছে। গণিতৰ আৰু এটা ভূষণ হল যে ই বিজ্ঞানৰ ৰাণী। অৰ্থা বিজ্ঞানৰ আনবোৰ শাখাৰ বিকাশৰ বাবেও গণিত অপৰিহাৰ্য। নিউটনৰ সমসাময়িক জাৰ্মান গণিতজ্ঞ লিৱনিজৰো অৱদান প্ৰচুৰ। দুয়োজনে প্ৰায় একে সময়তে কলন গণিতৰ ধাৰণা আগবঢ়াইছিলদ্যোগিক বিপ্লৱৰ সাফল্যৰ আঁৰতো আছিল এই কলন গণিতৰে অৱদান। কিন্তু দুয়োজনৰ বিষয়টোৰ প্ৰতি থকা ধাৰণা আছিল পৃথক নিউটনে কলন গণিতক বক্ৰৰ ক্ষুদ্ৰতম অংশৰ দিশৰ পৰিৱৰ্তনৰ ধাৰণাৰে বিশ্লেষণ কৰিছিল, অথচ লিৱনিজে ক্ষেত্ৰফলৰ ক্ষুদ্ৰতম অংশৰ যোগফল হিচাপে কলন গণিতৰ সূচনা কৰিছিল। এইখিনিতে উল্লেখ কৰিব পাৰি যে নিউটনৰ বহু আগতেই ভাৰতৰ্বষত কলন গণিতৰ ধাৰণাৰ বিকাশ ঘটিছিল। ৰ্বতমান এইটো প্ৰমাণ হৈছে যে স্পেইনৰ খ্ৰীষ্ট ধৰ্মপ্ৰচাৰকসকলৰ দ্বাৰা ভাৰতৰ ৰ্বতমান কেৰলম প্ৰদেশৰ পৰা এই তথ্য ইউৰূপলৈ সৰবৰাহ হৈছিল আৰু সম্ভৱ ইউৰুপৰ গণিতজ্ঞসকলে ভাৰতৰ পৰা যোৱা তথ্যৰ বিষয়ে অৱগত আছিল। কিন্তু ৰ্বতমান নিউটনক কলন গণিতৰ আৱিস্কাৰক হিচাপে স্বীকৃতি দিয়া হয়। গণিতৰ আধুনিক যুগৰ আগৰ সময়ছোৱাত গ্ৰীক, ভাৰত আৰু চীন দেশৰ বিষয়টোলৈ অৱদান আছিল প্ৰচুৰ। সংখ্যা আৰু বীজগণিতলৈ আগবঢ়োৱা অৱদানৰ বাবে আমাৰ দেশ সৰ্বজনবিদিত। ঠিক তেনেদৰে গ্ৰীকসকলৰ জ্যামিতি বিষয়ত অৱদান অতি উল্লেখযোগ্য। ইউক্লিডে (৩২৩ খৃঃপূঃ )১৩ টা খণ্ডৰ এলিমেন্ট নামৰ জ্যামিতি বিষয়ত  প্ৰনয়ণ কৰা কিতাপখনৰ দ্বাৰা জ্যামিতিৰ ভেঁটি সবলভাৱে গঢ়ি থৈ গৈছে। ইউক্লিডে জ্যামিতিৰ বিষয়ে আলোচনা কৰোঁতে কিন্তু সংখ্যা ব্যৱহাৰ কৰা নাছিল। তেওঁ জ্যামিতিক কিছুমান সংজ্ঞা আৰু স্বীকাৰ্যৰ ওপৰত প্ৰতিষ্ঠিত কৰি আলোচনা কৰিছিলএনে কেইটামান স্বীকাৰ্যৰ পৰা যুক্তি-তৰ্কৰ সহায়ত জ্যামিতিৰ উপপাদ্যসমূহ প্ৰমাণ কৰা হৈছে। গ্ৰীক গণিতৰ স্ৰষ্টাসকলে ভাবিছিল যে গণিতৰ মূল আধাৰ হল জ্যামিতি। এই জ্যামিতিৰ ওপৰত ভিত্তি কৰিয়েই গণিতৰ সৌধ গঢ়ি উঠিছিল বুলি এটা সময়ত বিশ্বাস কৰা হৈছিলআৰু এই ধাৰণাকেই বিশ্বাস কৰিছিল বিংশ শতিকাৰ এজন বিখ্যাত গণিতজ্ঞ ডেভিড হিলৰ্বাটেও

  ডেভিড হিলৰ্বাটৰ জন্ম হৈছিল ১৮৬২ চনৰ ২৩ জানুৱাৰী তাৰিখে প্ৰুছিয়াৰ কনিচৰ্বাগত,  বৰ্তমানৰ ৰাছিয়াত। ডেভিড হিলৰ্বাটৰ পিতৃ অট হিলৰ্বাট আছিল এজন ন্যায়াধীশ আৰু মাতৃ মেৰিয়া এগৰাকী সদাগৰৰ দুহিতা। এওঁলোকৰে প্ৰথম সন্তান আছিল ডেভিড হিলৰ্বাটএইজনা বিখ্যাত গণিতজ্ঞৰ ১৯৪৩ চনৰ ১৪ ফেব্ৰুৱাৰী তাৰিখে ৰ্জামানীৰ গটিংগেন চহৰত ৮১ বছৰ বয়সত মৃত্যু হয়

  বিংশ শতিকাৰ আৰম্ভণি সময়ছোৱাৰ ডেভিড হিলৰ্বাট আছিল এজন বিখ্যাত ৰ্জামান গণিতজ্ঞ। সেই সময়ৰ গণিতৰ জগতখনত হিলৰ্বাটৰ প্ৰভাৱ বিশেষভাৱে মন কৰিব লগা, লগতে সুদূৰপ্ৰসাৰীও আছিলইউক্লিডৰ দৰে তেৱোঁ আধুনিক গণিতক জ্যামিতিক ধাৰণাৰ ওপৰত ভিত্তি কৰি নিৰ্গমণ কৰাৰ চেষ্টা কৰিছিল। হিলৰ্বাটৰ সমসাময়িক বিংশ শতিকাৰ আন এজন প্ৰখ্যাত ফ্ৰেঞ্চ গণিতজ্ঞ আছিল হেনৰি পঁইনকেয়াৰ। হিলৰ্বাটে ভাৱিছিল যে কিয় গণিতে ইমান শুদ্ধ ফলাফলবোৰ প্ৰদৰ্শন কৰে। এনে প্ৰশ্নৰ সমাধান বিচাৰি তেওঁ অহৰহ গৱেষণা কাৰ্য চলাই গৈছিলইয়াৰ অন্তৰালত তেওঁ বিচাৰি পাইছিল গণিতৰ সংজ্ঞাসমূহৰ লগতে প্ৰমাণ ৰ্নিগমণৰ নীতি সমূহৰ চমৎকাৰিতাৰ্নিগমণৰ নিয়মসমূহে কোনো সমস্যা সমাধানৰ দিশত সঠিক পথত আগবঢ়াৰ পথ প্ৰসস্ত কৰে। বিশ্বৰ গণিতৰ জগতখনত বিশেষকৈ হিলৰ্বাট চিৰদিনৰ বাবে স্মৰণীয় হৈ থাকিব তেওঁ উল্লেখ কৰা ২৩ গৱেষণাৰ সমস্যাৰ বাবে। তেওঁ ১৯০০ চনত পেৰিছত অনুষ্ঠিত দ্বিতীয় আন্তঃৰাষ্ট্ৰীয় গণিত মহাসভাত সেই সময়লৈকে সমাধান নোহোৱা ২৩ গাণিতিক প্ৰশ্নৰ বিষয়ে উল্লেখ কৰিছিল। আমেৰিকান মেথমেটিকেল চছাইটিৰ বুলেটিনত ১৯০২ চনত হিলৰ্বাটৰ এই ২৩ প্ৰশ্ন প্ৰকাশ হৈছিল। সেইকেইটা অসমীয়ালৈ অনুৱাদ কৰিলে ভাবাৰ্থ শুদ্ধ ৰুপত প্ৰকাশ নাপাব পাৰে বুলি ভাৱি ইংৰাজীতেই তলত দিয়া হল -

1. Cantor's problem of the cardinal number of the continuum.

2. The compatibility of the arithmetical axioms.

3. The equality of the volumes of two tetrahedra of equal bases and equal altitudes.

4. Problem of the straight line as the shortest distance between two points.

5. Lie's concept of a continuous group of transformations without the assumption of the differentiability of the functions defining the group.

6. Mathematical treatment of the axioms of physics.

7. Irrationality and transcendence of certain numbers.

8. Problems of prime numbers (The "Riemann Hypothesis").

9. Proof of the most general law of reciprocity in any number field.

10. Determination of the solvability of a Diophantine equation.

11. Quadratic forms with any algebraic numerical coefficients

12. Extensions of Kronecker's theorem on Abelian fields to any algebraic realm of rationality

13. Impossibility of the solution of the general equation of 7th degree by means of functions of only two arguments.

14. Proof of the finiteness of certain complete systems of functions.

15. Rigorous foundation of Schubert's enumerative calculus.

16. Problem of the topology of algebraic curves and surfaces.

17. Expression of definite forms by squares.

18. Building up of space from congruent polyhedra.

19. Are the solutions of regular problems in the calculus of variations always necessarily analytic?

20. The general problem of boundary values (Boundary value problems in PDE's).

21. Proof of the existence of linear differential equations having a prescribed monodromy group.

22. Uniformization of analytic relations by means of automorphic functions.

23. Further development of the methods of the calculus of variations.

 

  তেওঁ ভাষণত উল্লেখ কৰিছিল যে, তেওঁ গণিতৰ প্ৰায়বোৰ শাখা পিয়ল কৰি সেই সময়লৈকে সমাধান নোহোৱা গৱেষণাযোগ্য এই প্ৰশ্নকেইটা ৰ্নিবাচন কৰিছে। তেওঁ লগতে উল্লেখ কৰিছিল যে এই প্ৰশ্নকেইটাৰ সমাধানে অনাগত দিনত গণিতৰ ক্ষেত্ৰখনক প্ৰভূতভাৱে প্ৰভাৱ পেলাব। হিলৰ্বাটৰ এই ২৩ প্ৰশ্নক বিংশ শতিকাৰ প্ৰথমাৰ্ধত গণিতৰ বিকাশৰ ক্ষেত্ৰত এক ইস্তাহাৰ হিচাপে গণ্য কৰা হৈছিলবৰ্তমান গণিতৰ ক্ষেত্ৰখন ইমান বিশাল যে এজন মানুহৰ বাবে গণিতৰ সকলোবোৰ শাখাৰ বিষয়ে সম্যক জ্ঞান আয়ত্ত কৰাটো সম্ভৱ নহয়। কিন্তু হিলৰ্বাটৰ সময়লৈকে এজন ব্যক্তিয়ে গণিতৰ সকলো শাখাৰ বিষয়ে মোটামুটিকৈ জ্ঞাত হৈ থাকিব পৰাটো সম্ভৱ হৈ আছিলহিলৰ্বাটৰ প্ৰশ্নসমূহৰ ভালেকেইটাৰ ইতিমধ্যে সমাধান হৈছে, কিন্তু কেইটামান সমাধান হবলৈ এতিয়াও বাকী।ইয়াৰ ভিতৰত Riemann hypothesis ৰ্বতমানলৈকে সমাধান নোহোৱা সংখ্যাতত্ত্বৰ অন্যতম প্ৰশ্ন। তেওঁ ভাবিছিল যে এই ২৩ টা মুখ্য প্ৰশ্নৰ উত্তৰসমূহে গণিতৰ ভেটি সুদৃঢ়ভাৱে গঢ়ি তুলিবকিন্তু ফলাফল তেওঁ আশা কৰা ধৰণৰ নহল। তেওঁ আগবঢ়োৱা তিনিটা অতি গুৰুত্বপূৰ্ণ উক্তি পৰৰ্ৱতী সময়ত সত্য নহয় বুলি প্ৰমাণ হল। হিলৰ্বাটে প্ৰস্তাৱ কৰিছিল যে গণিতৰ এটা সিদ্ধ পদ্ধতি হব যিটো সংগত,  সম্পূৰ্ণ আৰু সিদ্ধান্তত উপনীত হোৱাৰ যোগ্য। সংগত মানে তেওঁ বুজাইছিল যে এটা উক্তি আৰু ইয়াৰ ঋণাত্মকক একে সময়তে নিৰ্গমণ কৰাটো অসম্ভৱ। সম্পূৰ্ণ মানে তেওঁ বুজাইছিল যে প্ৰত্যেকটো সঠিকভাৱে লিখা উক্তি বা ইয়াৰ ঋণাত্মকক স্বীকাৰ্যৰ পৰা নিৰ্গমণ কৰিব পাৰি। আৰু সিদ্ধান্তত উপনীত হব পৰা মানে তেওঁ বুজাইছিল যে কোনো এক উক্তি বা ইয়াৰ ঋণাত্মকক প্ৰমাণ কৰাৰ বাবে এক ক্ৰমানুদেশ বা এলগৰিথম থাকিব। হিলৰ্বাটৰ সেই প্ৰশ্নকেইটা গণিতৰ জগতখনক বিশেষভাৱে প্ৰভাৱ পেলোৱা অতি মৌলিক সমস্যা আছিল। এই কথাকেইটাৰ মাজত গণিতৰ দৰ্শন নিহিত হৈ আছেইয়াৰে প্ৰথম দুটা সঁচা নহয় বুলি প্ৰমাণ কৰে অষ্ট্ৰিয়াৰ বিখ্যাত ৰ্তাকিক গণিতজ্ঞ পাছলৈ আমেৰিকা নিৱাসী ৰ্কুট গডেলে ১৯৩১ চনত আৰু আনটো সচাঁ নহয় বুলি প্ৰমাণ কৰে বৃটিছ গণিতজ্ঞ এলেন মেথচন টুৰিঙে। একে সময়তে টুৰিঙৰ ধৰণৰ ফলাফল আমেৰিকান গণিতজ্ঞ  Alonzo Church য়েও আৱিস্কাৰ কৰিছিল। এই দুই ফলাফল গণিতৰ জগতখনৰ বাবে অতি যুগান্তকাৰী আছিলগডেলে প্ৰমাণ কৰিছিল যে হিলৰ্বাটে আশা কৰা ধৰণে ফলাফলত উপনীত হব নোৱাৰি। আনহাতে টুৰিঙে আৱিষ্কাৰ কৰা ফলাফলক ৰ্বতমান টুৰিঙ টেষ্ট হিচাপে জনা যায়। হিলৰ্বাট এই সমাধান দুটাক লৈ সুখী নাছিল আৰু পৰৰ্বতী জীৱিত কালত তেওঁ গডেল আৰু টুৰিঙৰ লগত কেতিয়াও কোনো ধৰণৰ যোগাযোগ স্থাপন কৰা নাছিল। কবলৈ গলে হিলৰ্বাটৰ আশাত চেঁচা পানী পৰিল। টুৰিঙৰ তত্ত্ব ৰ্বতমান কম্পিউটাৰ বিজ্ঞানত বহুলভাৱে ব্যৱহাৰ কৰা হয়

  তেওঁ জ্যামিতিক এখিনি স্বীকাৰ্যলৈ লঘুকৃত কৰিছিল আৰু গণিতৰ আনুষ্ঠানিকতাৰ ভেটি প্ৰতিষ্ঠাৰ বাবে প্ৰচেষ্টা কৰিছিল। ১৯০৯ চনত প্ৰকাশিত তেওঁ অনুকলন সমীকৰণ বিষয়ক গৱেষণাই বিংশ শতিকাত ফলনীয় বিশ্লেষণ সৰ্ম্পকীয় গৱেষণাৰ বাট মুকলি কৰে। ১৮৯৫ চনত হিলৰ্বাট ৰ্জামানীৰ গটিংগেন বিশ্ববিদ্যালয়ৰ গণিতৰ অধ্যাপক হিচাপে নিযুক্ত হয়। জীৱনৰ বাকীছোৱা সময় তেওঁ তাতে কটায়। গটিংগেন বিশ্ববিদ্যালয়ত আগৰ পৰাই গণিত অধ্যয়নৰ এক উচ্চ পৰম্পৰা আছিল। ঊনবিংশ শতিকাত ইয়াত  Carl Friedrich Gauss, Peter Gustav Lejeune Dirichlet  আৰু  Bernhard Riemann  আদিৰ দৰে বিখ্যাত গণিতজ্ঞসকলে অধ্যাপনা কৰিছিল। ঠিক তেনেদৰে হিলৰ্বাটৰ কৃতিয়েও বিংশ শতিকাৰ প্ৰথম তিনিটা দশক গটিংগেন বিশ্ববিদ্যালয়ক উজলাই ৰাখিছিল। সমগ্ৰ পৃথিৱীৰ পৰা গটিংগেন বিশ্ববিদ্যালয়ৰ গণিত বিভাগলৈ ছাত্ৰ তথা অধ্যাপকসকলৰ আগমন ঘটিছিল। ইয়াৰ মূলতে আছিল গটিংগেনৰ বিখ্যাত অধ্যাপকসকল। হিলৰ্বাটৰ অধ্যয়ন অকল যে গণিততে সীমাৱদ্ধ আছিল তেনে নহয়, তেওঁৰ গাণিতিক পদাৰ্থবিদ্যাতো অলেখ অৱদান আছে। হিলৰ্বাটে গটিংগেনত কটোৱা সময়ছোৱাত পদাৰ্থ বিদ্যাত নবেল বটাঁ প্ৰাপক তিনিগৰাকী বিজ্ঞানীয়ে বিশ্ববিদ্যালয়খনক গৰিমামণ্ডিত কৰি ৰাখিছিল। তেওঁলোক আছিল ১৯১৪ চনৰ নবেল বটাঁ বিজয়ী  Max von Laue,  ১৯২৫ চনৰ James Franck  আৰু ১৯৩২ চনৰ  Werner Heisenberg হিলৰ্বাটে অসীম বিমীয় ক্ষেত্ৰত আগবঢ়োৱা ধাৰণাৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা গণিতৰ তত্ত্বক তেওঁৰ নামানুসাৰে হিলৰ্বাট স্পেচ নামেৰে নামাকৰণ কৰা হৈছে। এই ধাৰণা গাণিতিক বিশ্লেষণ আৰু কোৱাণ্টাম পদাৰ্থ বিদ্যাত বহুল ভাৱে প্ৰয়োগ কৰা হয়। ১৯০৯ চনত হিলৰ্বাটে সংখ্যাতত্ত্বৰ এটা বিখ্যাত অনুমান সঁচা বুলি প্ৰমাণ কৰে। সেইটো হল যে যিকোনো n ৰ বাবে সকলো ধনাত্মক অখণ্ড সংখ্যা ৰ্নিদিষ্ট সংখ্যাৰ n তম সূচকৰ যোগফলৰ সমান।উদাহৰণ স্বৰুপে  ইয়াত n=2 ১৯১০ চনত তেওঁ দ্বিতীয় Bolyai পুৰস্কাৰ লাভ কৰে। ১৯৩৯ চনত হিলৰ্বাট আৰু ফ্ৰাঞ্চৰ ইমাইল পিকাডে যুটীয়াভাৱে চুইডিছ অকাডেমিয়ে প্ৰদান কৰা প্ৰথম  Mittag-Leffler পুৰস্কাৰ লাভ কৰে১৯৩০ চনত তেওঁক সম্বৰ্ধনা জনাবলৈ আয়োজন কৰা এক অনুষ্ঠানত গণিত সৰ্ম্পকে উচ্চ প্ৰশংসাসূচক মন্তব্যত কৈছিল যে আমি নিশ্চয়কৈ জানিব লাগিব, আমি জানিম। সংখ্যাতত্ত্বত ৰিঙৰ ধাৰণা হিলৰ্বাটে আগবঢ়াইছিল১৯২০ চনত হিলৰ্বাটে গণিত বিষয়ত এক গৱেষণা প্ৰকল্পৰ প্ৰস্তাৱ গবঢ়াইছিল যাক হিলৰ্বাট প্ৰগেম হিচাপে জনা যায়। তেওঁ আশা কৰিছিল যে গণিতৰ ভেঁটি যুক্তিগতভাৱে সুদৃঢ়কৈ গঢ়িব পাৰিতেওঁ বিশ্বাস আছিল যে নীতিগতভাৱে গণিতৰ ভেঁটি স্বীকাৰ্যভিত্তিক১৮৯৯ চনত প্ৰকাশ কৰা Grundlagen der Geometrie  নামৰ কিতাপখনত জ্যামিতিক আনুষ্ঠানিক স্বীকাৰ্যৰ সহায়ত প্ৰতিষ্ঠা কৰিবলৈ তেওঁ প্ৰয়াস কৰিছিলপুথিখনৰ দ্বাৰা তেওঁ গণিতৰ বুনিয়াদী ভেঁটিৰ বিষয়ে নিজৰ মত ব্যক্ত কৰিছিল১৯১২ চনৰ পাচত হিলৰ্বাটে পদাৰ্থবিদ্যা অধ্যয়নত মনোনিৱেশ কৰে। তেওঁ আইনষ্টাইনৰ সাধাৰণ আপেক্ষিকতা তত্ত্ব অধ্যয়নতো মনোনিৱেশ কৰিছিল হিলৰ্বাটে কৈছিল "Physics is too hard for physicists"ইউক্লিডৰ পাছত জ্যামিতিৰ ক্ষেত্ৰখনলৈ হিলৰ্বাটে আগবঢ়োৱা ৰ্কমৰ প্ৰভাৱ অতি উল্লেখযোগ্য। ইউক্লিডিয়ান জ্যামিতিৰ স্বীকাৰ্যসমূহৰ পদ্ধতিগত অধ্যয়নৰ পাচত হিলৰ্বাটে আন ২১ টা তেনে স্বীকাৰ্যৰ প্ৰস্তাৱ আগবঢ়াইছিল,  লগতে তেওঁ ইয়াৰ গুৰুত্বৰ বিষয়েও বিশ্লেষণ আগবঢ়াইছিল। তেওঁ পেৰিছৰ মহাসভাত আগন্তুক শতিকাত বিকাশ হব লগা গণিতৰ ক্ষেত্ৰখনৰ প্ৰতি অতি আশাব্যঞ্জক উসাহজনক ভাষণ প্ৰদান কৰিছিল। বক্তৃতাৰ সামৰণিত তেওঁ কৈছিল যে আমি এই সমস্যাবিলাকৰ সমাধান মৌলিক চিন্তাৰ দ্বাৰাইহে লাভ কৰিব পাৰোঁ। গণিতৰ অনেক শাখাৰ ভিতৰত অভেদ তত্ত্ব,  বীজগণিতীয় সংখ্যা ক্ষেত্ৰ,  অনুকলন সমীকৰণ,  ফলনীয় বিশ্লেষণ,  গাণিতিক পদাৰ্থবিদ্যা আৰু পৰিৱৰ্তনৰ কলন গণিত হিলৰ্বাটৰ অন্যতম অধ্যয়নৰ ক্ষেত্ৰ আছিলহিলৰ্বাটৰ অনেক ছাত্ৰই পৰৱৰ্তী প্ৰৰ্যায়ত গণিতৰ জগত খনৰ বিখ্যাত ব্যক্তিৰূপে খ্যাতি অৰ্জন কৰি উজলি উঠিছিলইয়াৰ ভিতৰত Hermann Weyl, Emanuel  Lasker  আৰু  Ernst Zermelo আছিল অন্যতমApostolos Doxiadis য়ে গল্ডবাক অনুমানক বিষয় বস্তু হিচাপে লৈ লিখা এখন বৰ সুন্দৰ উপন্যাস ১৯৯২ চনত প্ৰকাশ কৰিছিলUncle Petros and Goldbach's Conjecture  নামৰ সেই উপন্যাসখনত হিলবাৰ্টক এজন সন্মানজনক গণিতজ্ঞ হিচাপে উপস্থাপন কৰা হৈছে। এক সংলাপৰ দ্বাৰা তেওঁক সোধা হৈছিল যে কিয় তেওঁ এই অনুমানটো প্ৰমাণ নকৰে। ইয়াৰ উত্তৰত হিলৰ্বাটে কৈছিল যে তেওঁ সোণৰ কণী পৰা হাঁহটো কিয় মাৰি পেলাব- কাৰণ এনে অনুমানবোৰ প্ৰমাণ কৰাৰ প্ৰয়াস কৰোঁতে গণিতৰ অনেক কথা আৱিষ্কাৰ হয় আৰু বিষয়টো সমৃদ্ধ হয়
 

 ১৯৩০ চনত তেওঁ বিশ্ববিদ্যালয়ৰ চাকৰিৰ পৰা অৱসৰ লোৱাৰ প্ৰায় তিনি বছৰৰ পাছত নাজী বাহিনীয়ে ৰ্জামানীৰ ক্ষমতা দখল কৰাৰ পাছৰ পৰা গটিংগেন বিশ্ববিদ্যালয়ৰ পৰিৱেশ সমূলি সলনি হবলৈ লয়ইহুদী শিক্ষকসকলক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছিল আৰু বহুতে চৰকাৰৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি বিশ্ববিদ্যালয় এৰি গুচি গৈছিল। নাজী বাহিনীৰ এনে ৰ্কাযৰ ফলত গটিংগেন বিশ্ববিদ্যালয়ৰ শৈক্ষিক গৌৰৱ ম্লান পৰিল। এবাৰ এখন সভাত নাজী বাহিনীৰ শিক্ষামন্ত্ৰীজনে কাষতে বহা হিলৰ্বাটক সুধিছিল যে চৰকাৰৰ নীতিৰ ফলত বিশ্ববিদ্যালয়খনৰ কিবা ক্ষতি হৈছে নেকি,  তেতিয়া উত্তৰত হিলৰ্বাটে কৈছিল যে আৰু কিবা ক্ষতি হবলৈ বাকী আছে নেকি!

***

ঠিকনা :

অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ

ডিব্ৰুগড় হনুমানবস্ক সুৰজমল কানৈ কলেজ,

পোঃ অঃ চি আৰ বিল্ডিং, ডিব্ৰুগড়-৭৮৬০০৩

ফোন-৯৪৩৫৪৭৩৮৭২


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ