অন্যযুগ/


সুখী জীৱনৰ বাবে

 প্রাঞ্জল বেজবৰা

 

মানৱ জীৱন এবাৰেই পোৱা যায়৷ যদিও পৃথিৱীৰ প্ৰায়বোৰ ধৰ্মতে পুনৰ্জন্মৰ বিশ্বাস আছে, কিন্তু এই জীৱনৰ আগতে কি আছিল আৰু এই জীৱনৰ পাছত কি হ’ব, সেই সম্পৰ্কে কোনেও নাজানে৷ গতিকে বৰ্তমান জীৱনটোকে সুখে-সন্তোষে যাপন কৰাটো সকলোৰে কাম্য৷ অথচ প্রায়বোৰ মানুহেই নিজে জীৱনত সুখী বুলি নাভাবে৷ যুগ যুগ ধৰি বিজ্ঞসকলে মানৱ জীৱনত সদায় সুখী হৈ থাকিবৰ বাবে অনেক পৰামৰ্শ আগবঢ়াই আহিছে৷ এই লেখাত তাৰে কেতবোৰ পৰামৰ্শ ইয়াত উল্লেখ কৰা হ’ল৷

·     সদায় মনত ৰাখিবা যে এই পৃথিৱীত সমস্যা নথকা মানুহ কোনো নাই৷ কেৱল তোমাৰহে সমস্যা আছে এনে নহয়৷ 

·        জীৱন থাকে মানে প্ৰত্যাহ্বান থাকিবই৷ মৃত লোকৰহে কোনো প্ৰত্যাহ্বান নাথাকে৷ 

·     এনে কোনো সমস্যা নাই যাৰ সমাধান নাই৷ তুমি যি কষ্ট ভুগি আছা, তাৰো নিশ্চিতভাৱে নিৰাময়ৰ ব্যৱস্থা আছে৷ 

·   তুমি মনতে নিজৰ সম্পৰ্কে যিখন ছবি তৈয়াৰ কৰিবা সিও তোমাৰ জীৱনৰ সুখক প্রভাৱিত কৰিব৷ মনৰ ভিতৰত নিজকে এজন গুৰুত্বপূৰ্ণ তথা সুন্দৰ ব্যক্তি হিচাপে অংকন কৰা৷ হীনমন্যতা পৰিহাৰ কৰাঁ৷ 

·     আনে তোমাৰ সম্পৰ্কে কি কয় সেই কথাত গুৰুত্ব নিদিবা৷ কিছুমান মানুহ সততে অতি নিষ্ঠুৰ৷ সিহঁতে তোমাক দুখ দিবৰ কাৰণেই তোমাৰ তোমাৰ বিষয়ে বেয়াকৈ কয়৷

·     যাৰে তাৰে লগত বন্ধুত্ব নকৰিবা৷ যি লোকে তোমাৰ জীৱনৰ প্ৰত্যাহ্বানবোৰক লৈ বিদ্ৰুপ কৰে, তেনেলোকৰ সৈতে কেতিয়াও বন্ধুত্ব নকৰিবা৷

·      তোমাৰ আজৰি সময়বোৰত তুমি ভালপোৱা কোনো কাম বা খেলা-ধূলা আদিত নিজকে ব্যস্ত ৰাখাঁ৷

·      কোনেও যাতে তোমাক টকা-পইচা কিম্বা পাৰ্থিৱ সম্পদেৰে ভীতি প্ৰদৰ্শন কৰিব নোৱাৰে তালৈ লক্ষ্য ৰাখিবা৷ আজিৰ দৰিদ্ৰজন কালিলৈকে চহকী হ’ব পাৰে৷

·     তুমি নিজে বিচৰা বস্তুটো পাবলৈ সাহসেৰে আগ বাঢ়াঁ৷ আমাৰ জীৱনটো বিপদাশংকাৰে ভৰা৷ তুমি যদি বিপদাশংকা গ্ৰহণ নকৰা, তুমি জীৱনত আকাংক্ষিত বস্তু পাবলৈ সক্ষম নহ’বা৷

        কেতিয়াও আনৰ কথা শুনি নিজক সলনি নকৰিবা৷ কিয়নো তোমাৰ ভুমিকা তোমাতকৈ ভালদৰে আন কোনেও পালন কৰিব নোৱাৰে৷ তুমি সৰ্বোৎকৃষ্ট৷ গতিকে সদায় তোমাৰ নিচিনা হৈয়েই থাকাঁ আৰু সুখী জীৱনৰ অধিকাৰী হোৱাঁ৷

 

***

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ