অন্যযুগ/


জুৱেলাৰি ডিজাইনিং (Jewellery Designing)

 ° বুলজিৎ বুঢ়াগোহাঁই


জুৱেলাৰি ডিজাইনিং (Jewellery Designing) পঢ়ি ছাত্র-ছাত্রীসকলে এটা সুন্দৰ কেৰিয়াৰ গঢ়িব পাৰে । এজন সফল জুৱেলাৰি ডিজাইনাৰ হবলৈ হলে প্ৰাৰ্থীগৰাকীৰ কিছুমান গুণ থকা দৰকাৰ, যেনে সৃষ্টিশীল মন, সুকুমাৰ কলাৰ প্রতি আসক্তি, আৰ্টৰ সুন্দৰ দক্ষতা, সংবেদনশীল চিন্তন, বৈজ্ঞানিক দৃষ্টিভংগী  আদি।

জুৱেলাৰি ডিজাইনিং(Jewellery Designing) পঢ়িব বাবে ছাত্র-ছাত্রীসকলে হাইস্কুল শিক্ষান্ত চূড়ান্ত পৰীক্ষা বা উচ্চতৰ মাধ্যমিকৰ যিকোনো শাখাত চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হব লাগে। জুৱেলাৰি ডিজাইনিঙত চাৰ্টিফিকেট, ডিপ্লমা, স্নাতক আদি পাঠ্যক্রম অধ্যয়ন কৰিব পাৰে। এইখিনিতে এটা কথা উল্লেখ কৰা ভাল হব যে – একাগ্রতা আৰু কাৰিকৰীসূলভ মন থাকিলে আনুষ্ঠানিক শিক্ষা অবিহনেও পৰম্পৰাগত প্রশিক্ষণেৰেও উচ্চমানদণ্ড সম্পন্ন আ-অলংকাৰ প্রস্তুত কৰিব পাৰে।

জুৱেলাৰি ডিজাইনিং পাঠ্যক্রম অধ্যয়ন কৰিব পৰা কেইখনমান শিক্ষানুষ্ঠান হল - জেমমোলজিকেল ইনষ্টিটিউট অৱ ইণ্ডিয়া ( http://giionline.com), আই এম এচ – ডিজাইন এণ্ড ইনোভেচন একাডেমী (http://www.diaindia.co.in),  ইণ্ডিয়ান ডাইমণ্ড ইনষ্টিটিউট ( http://www.diamondinstitute.net),  ইণ্ডিয়ান ইনষ্টিটিউট অৱ জেমচ এণ্ড জুৱেলাৰি ( http://www.iigj.org), পাৰ্ল  একাডেমী(http://pearlacademy.com), জেমমোলজিকেল ইনষ্টিটিউট অৱ আমেৰিকা (https://www.giaindia.in), ৰাষ্ট্ৰীয় অলংকাৰ ডিজাইন প্ৰতিষ্ঠান (http://nijd.org.in), ইণ্ডিয়ান ইনষ্টিটিউট  অৱ জুৱেলাৰি ডিজাইন (http://www.iijd.co.in) আদি।  

ৰাষ্ট্রীয় বৃত্তিমূলক আৰু গৱেষণা প্ৰশিক্ষণ পৰিষদে(http://ncvrtindia.org)  জুৱেলাৰি ডিজাইনিঙৰ বিভিন্ন বৃত্তিমূলক প্ৰশিক্ষণ প্ৰদান কৰে। জুৱেলাৰি ডিজাইনিঙৰ  প্রশিক্ষণ প্রদান কৰা অসমৰ এটা  প্রতিষ্ঠান হ'ল - আই. আই. ই. (https://iie.gov.in) এই শিক্ষানুষ্ঠানবোৰত জুৱেলাৰি ডিজাইনিঙৰ বিভিন্ন পাঠ্যক্রমত নাম ভৰ্তিৰ বাবে প্রয়োজন হোৱা শিক্ষাগত অৰ্হতা তথা নাম ভৰ্তি প্রক্রিয়া শিক্ষানুষ্ঠান অনুযায়ী বিভিন্ন হয়। সবিশেষ তথ্য জানিবৰ বাবে শিক্ষানুষ্ঠানবোৰৰ ৱেবছাইটত চাব পাৰে

 

জুৱেলাৰি ডিজাইনিঙৰ বিভিন্ন ডিপ্লমা আৰু ডিগ্রী লাভ কৰা সকলে চৰকাৰী আৰু বেচৰকাৰী বিভিন্ন খণ্ডত নিযুক্তি লাভ কৰিব পাৰে। যেনে - এনটিক হাউচ্ (Antique Houses), অকচন  হাউচ্ (Auction Houses), কালচাৰেল  এণ্ড আৰ্ট জব (Cultural & Art Jobs), এডুকেচনেল ইনষ্টিটিউট (Educational Institutions), গাৰমেণ্ট  এণ্ড ডিজাইন ফাৰ্ম (Garments and Design Firms), জেম  ৰিটেইলিং (Gem Retailing), জেম হলচেলিং (Gem Wholesaling), জুৱেলাৰি ডিজাইনিং কম্পেনি (Jewellery Designing Companies), জুৱেলাৰি হাউচ্ (Jewellery Houses), মিউজিয়াম (Museums), ৰিচাৰ্চ  এণ্ড ডেভেলপমেণ্ট   অৰ্গেনাইজেচন (Research and Development Organizations), ৰাইটিং এণ্ড  পাব্লিচিং  হাউচ্ (Writing and Publishing Houses) আদি ।

নিযুক্তি লাভ কৰিব পৰা বিভিন্ন পদবোৰ হ– Assistant Manager in Exploration, Auction House Cataloguer, Casting Manager, Embroidery Maker & Innovator, Engraver, Entrepreneur, Exhibition Manager, Fashion Consultant, Gem Grinder, Gem Polisher, Gemstone Appraiser, Grading Consultant, Illustrator, Jewellery Designer, Jewellery Historian, Jewellery Merchandiser, Jewellery Setter, Lecturer, Manager in Museum & Art Gallery, Planning and Concept Manager, Production Manager, Sales associate, Sales Representative, Scientist, Writer & Drafter আদি ।

জুৱেলাৰি ডিজাইনিঙত অধ্যয়ন তথা প্রশিক্ষণ লৈ আহিয়েই চাকৰি নকৰি নিজাববীয়াকৈ মানদণ্ড সম্পন্ন গহনালয় স্থাপন কৰি স্ব-নিয়োজনৰ বাট মুকলি কৰি লব পাৰে।

 ° বুলজিৎ বুঢ়াগোহাঁই

কেৰিয়াৰ পৰামৰ্শদাতা   তথা

মুৰব্বী, যান্ত্রিক অভিযান্ত্রিক বিভাগ, অসম ডনবস্ক বিশ্ববিদ্যালয়

ফোন: ৯৪৩৫১৮৮৬৩০

ই-মেইল: buljit@gmail.com

www.buljit.com

 

বি.দ্র. কেৰিয়াৰ বিষয়ৰ বিভিন্ন কথা কোনো আগ্ৰহী শিক্ষাৰ্থীয়ে জানিব বিচাৰে, তেন্তে প্ৰত্যেক শনিবাৰে বিয়লি ৬-৯ বজাৰ ভিতৰত ফোন(৯৪৩৫১৮৮৬৩০)ত যোগাযোগ কৰিব পাৰে ।

 

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ