অন্যযুগ/


কমতাপুৰৰ কাহিনী

° ৰক্তিম ৰঞ্জন শইকীয়া

 

কমতাপুৰ হল প্ৰাচীন অসমৰ ইতিহাসৰ এক গৌৰৱময় গাঁথা৷ প্ৰথমে কমতাপুৰ আছিল প্রাচীন কামৰূপ ৰাজ্যৰ এখন নগৰ৷ এসময়ত এই কমতাপুৰ নগৰ প্ৰাচীন কামৰূপ ৰাজ্যৰ ৰাজধানীও আছিল। পাছলৈ এই নগৰৰ নামেৰেই ৰাজ্যখনৰ নামো কমতাপুৰ হয়গৈ৷ নগৰখনৰ ইতিহাস বুজিবৰ কাৰণে আমি প্ৰথমে প্ৰাচীন কামৰূপৰ ৰাজ্যৰ শেষৰ অৱস্থাৰ ৰাজনৈতিক ইতিহাস জনাতো প্ৰয়োজনীয়। 

খ্ৰীষ্টীয় দ্বাদশ শতিকাৰ প্ৰথম ভাগত পাল বংশীয় ৰজাসকলে শাসন কৰা প্ৰাচীন কামৰূপ ৰাজ্য আভ্যন্তৰীণ সংঘাত ধৰ্মীয় সম্প্ৰদায়ৰ কাজিয়া, প্ৰাকৃতিক দুৰ্যোগত আৰু প্ৰজাবিপ্লৱত বিধ্বস্ত হয়৷ এই সুযোগতে কামৰূপৰ পাল ৰজা জয়পালৰ দিনত বঙ্গদেশৰ বৌদ্ধধৰ্মী বংগীয় পাল ৰজা ৰামপালৰ সেনাপতি মায়ানে ১১২৫ খ্ৰীষ্টাব্দৰ পৰা ১১৩০ খ্ৰীষ্টাব্দৰ ভিতৰত আক্ৰমণ কৰি একাংশ অধিকাৰ কৰে (অসমৰ ইতিহাস, পৃষ্ঠা ৭৪)। ইয়াৰ পাছতেই নামনি অসমত পাল ৰাজ্য কমেও চাৰি ভাগত বিভক্ত হয় (Kamarupa to Kamata: The Political Transition and the new Geopolitical Trendsa and Spaces, Proceedings of the Indian History Congress, Vol. 72, PART-I (2011), pp. 78-86))ব্ৰহ্মপুত্ৰৰ দক্ষিণে মধ্য অসমৰ কপিলী উপত্যকাত টঢিপেৰা কছাৰীসকলৰ আৰু বাকী অংশত ডিমাচা কছাৰীসকলৰ ৰাজ্যই মূৰ দাঙি উঠে৷ ব্ৰহ্মপুত্ৰৰ উত্তৰে উজনি অসমত ভুঞা আৰু চুটীয়া ৰাজ্যৰ গঠন হয়৷ আৰু কামৰূপ নগৰক কেন্দ্ৰ কৰি ব্ৰহ্মপুত্ৰৰ দক্ষিণে এক অংশই শেষৰজন পাল ৰজা জয়পালৰ অধীনত প্ৰাচীন কামৰূপ ৰাজ্যৰ নাম বহন কৰি থাকে৷ ব্ৰহ্মপুত্ৰৰ উত্তৰে বৰ্তমানৰ উত্তৰ বংগ আৰু গোৱালপাৰা অংশত মায়ানে তিংগদেৱ নামৰ এজনক শাসনৰ ভাৰ দিয়ে৷ তিংগদেৱে বিদ্ৰোহ ঘোষণা কৰাত ৰামপালৰ পুত্ৰ কুমাৰ পালে বৈদ্যদেৱ নামৰ সেনাপতিক বিদ্ৰোহ দমন কৰিবলৈ পঠায়৷ বৈদ্যদেৱে বিদ্ৰোহ দমন কৰি কামৰূপৰ পশ্চিম অংশ অধিকাৰ কৰিছিল৷ কিন্ত ১১৩৮ খ্ৰীষ্টাব্দত স্বাধীনতা ঘোষণা কৰিছিল৷ বৈদ্যদেৱৰ ৰাজত্বৰ শেষৰ ফালে বংগদশৰ সেন ৰজাসকলৰ লগত কামৰূপৰ সংঘৰ্ষ আৰম্ভ হৈছিল৷ এনে এখন যুদ্ধতে ১৯৪৫ চনত বৈদ্যদেৱৰ মৃত্যু হয়৷ বৈদ্যদেৱৰ মৃত্যুৰ পাছতে তেওঁৰ ৰাজ্য পুনৰ কামৰূপৰ অন্তৰ্ভুক্ত কৰা হয়।

জয়পালৰ পাছত ক্ৰমাৎ সমুদ্ৰপাল, পৃথু আৰু ৰজা সন্ধ্যা ৰাজপাটত উঠে (Kamarupa to Kamata: The Political Transition and the new Geopolitical Trendsa and Spaces, Proceedings of the Indian History Congress, Vol. 72, PART-I (2011), pp. 78-86))৷ সন্ধ্যা ৰজাৰ সময়তে এজন তাৰ্ক-আফগান অভিযানকাৰী মালিক উজবেগ টুঘ্রিল খানে কামৰূপ আক্ৰমণ কৰি ৰাজধানী অধিকাৰ কৰে আৰু ৰজা কাষৰীয়া অৰণ্যলৈ পলায়ন কৰে৷ পাছত বিশেষ পৰিস্থিতিত মালিক উজবেগ টুঘ্ৰিল খানে গাৰো পাহাৰৰ মাজেৰে মৈয়নসিঙলৈ পশ্চাৎসৰণ কৰোঁতে তাতে তেওঁক হত্যা কৰা হয়৷ কামৰূপ নগৰৰ ওপৰত সঘনাই হোৱা আক্ৰমণ আৰু পূৱফালে ক্ৰমাৎ শক্তিশালী হৈ উঠা কছাৰীসকলৰ হেঁচাৰ সন্মুখীন হৈ সন্ধ্যা ৰজাই হোৱা কামৰূপ ৰাজ্যৰ ৰাজধানী একেবাৰে পশ্চিম দিশে থকা দুৰ্গ নগৰী কমতাপুৰলৈ স্থানান্তৰ কৰে৷ কামৰূপৰ শাসন কেন্দ্ৰ পশ্চিমলৈ স্থানান্তৰ হোৱাৰ পাছত বৰ্তমানৰ মধ্য অসম আৰু পূৱ অসমত ৰাজনৈতিক শূন্যতাৰ সৃষ্টি হয় আৰু ৰাজ্যৰ নামো ৰাজধানীৰ নামেৰে কমতাপুৰ বুলি প্ৰসিদ্ধ হয়।

এই কমতাপুৰ নগৰ বৰ্তমান ভাৰতৰ পশ্চিমবংগ ৰাজ্যৰ কোচবিহাৰ জিলাৰ দিনহাটা মহকুমাত, ধৰলা নদীৰ পাৰত অৱস্থিত৷ এই ঠাইক এতিয়া গোঁসানীমাৰি বুলি জনাজাত৷ ৰাজধানী স্থানান্তৰৰ বহু পূৰ্বে পালৰজাসকলৰ সময়তে কমতাপুৰ নগৰ গঢ়ি তোলা হৈছিল৷ পূৰ্বৰ পাল ৰজাসকলৰ নিৰ্মাকাৰ্যসমূহ ইতিমধ্যে চিনাক্ত কৰা হৈছে৷ খ্ৰীষ্টীয় নৱম শতিকামানতে কমতাপুৰে নদী বন্দৰ আৰু বাণিজ্য কেন্দ্ৰ ৰূপে খ্যাতি অৰ্জন কৰিছিল (Kamtapur: An Unexplored History of Eastern India (650-1498), page 126-130))ৰাজধানী স্থানান্তৰৰ পাছত কমতাপুৰ দুৰ্গ আৰু বিশাল তথা সুদৃঢ়কৈ গঢ়ি তোলা হয়৷

ডা বুকানন হেমিল্টন নামৰ বৃটিছ বিষয়াজনে ১৮০৮ খ্ৰীষ্টাব্দতে এই দুৰ্গৰ ধ্বংসাৱশেষ পৰিদৰ্শন কৰি সবিশেষ বৰ্ণনা লিপিৱদ্ধ কৰিছিল৷ গোসাঁনীমঙ্গলনামৰ মধ্যযুগীয় পুথিখনতো এই নগৰৰ কিছু বৰ্ণনা আছে৷ ডা বুকানন হেমিল্টনৰ বৰ্ণনাটোকে খাঁ চৌধুৰী আমানতউল্লা আহমদে তেওঁৰ কোচবিহাৰৰ ইতিহাসগ্ৰন্থত অৰ্ন্তভুক্ত কৰিছে৷ ডা বুকানন হেমিল্টনৰ মতে কামতাপুৰ দুৰ্গৰ পৰিধি প্ৰায় ৩০.৬ কিলোমিটাৰ (১৯ মাইল) আছিল৷ এই দুৰ্গৰ প্ৰৱেশদ্বাৰ কেইখনৰ নাম আছিল শিলদুৱাৰ, জয়দুৱাৰ, বাঘদুৱাৰ, হোকো দুৱাৰ আৰু নিমাই দুৱাৰ৷ দুৰ্গৰ ভিতৰেৰে শিঙিমাৰী নদী উত্তৰৰ পৰা দক্ষিণলৈ বৈ গৈ দুৰ্গটোক দুভাগে ভাগ কৰিছিল৷ ইটাৰ প্ৰাচীৰেৰে আবৃত কমতাপুৰ দুৰ্গৰ প্রাচীৰৰ বাহিৰফালে এটা আৰু ভিতৰৰফালে এটা মুঠ দুটা খাৱৈৰদ্বাৰা ৰক্ষিত হৈছিল৷ এই খাৱৈসমূহে পানীৰে পূৰ্ণ আছিল। দুৰ্গৰ ভিতৰত ইটা আৰু শিলৰ বিভিন্ন ভাস্কৰ্য খোদিত কৰা খণ্ড সিঁচৰতি হৈ থকা বুকানন হেমিল্টনে প্ৰত্যক্ষ কৰিছিল (কোচবিহাৰৰ ইতিহাস’, পৃষ্ঠা ১১৭-১২১)।

দুৰ্গৰ ভিতৰেদি প্ৰৱাহিত শিঙিমাৰী নদীয়ে বাৰে বাৰে গতি সলনি কৰি থকাত প্ৰাচীন কমতাপুৰৰ বহু গুৰুত্বপুৰ্ণ কীৰ্তিচিহ্ন ধ্বংস পালে৷ অৱশ্যে এতিয়াও দুৰ্গপ্ৰাচীৰৰ কিছু অংশৰ লগতে অন্যান্য কিছুমান কীৰ্তিচিহ্ন পৰিলক্ষিত হয়৷ কমতাপুৰ দুৰ্গৰ ভিতৰত থকা ৰাজপাটনামেৰে পৰিচিত বৰ্তমান ধ্বংসস্তুপত পৰিণত হোৱা প্ৰাসাদ-দুৰ্গ সন্ধ্যা ৰজাই নিৰ্মাণ কৰা বুলি কোৱা হয় (Kamtapur: An Unexplored History of Eastern India -650-1498, page 89))

সন্ধ্যা ৰজাৰ পাছত সিন্ধুৰায়, ৰূপনাৰায়ণ আৰু সিংহধ্বজ ৰজা হয়৷ সিংহধ্বজক হত্যা কৰি তেওঁৰ মন্ত্ৰী প্ৰতাপধ্বজে কমতাপুৰৰ সিংহাসন দখল কৰি ১৩০৫-৩০ খ্ৰীষ্টাব্দলৈ শাসন কৰে৷ প্ৰতাপধ্বজৰ এগৰাকী কন্যা ৰাজনীক আহোম স্বৰ্গদেউ চুখ্ৰাংফাই বিবাহ কৰে৷ প্ৰতাপধ্বজৰ দিনতে ১৩২১-২২ খ্ৰীষ্টাব্দ বংগৰ চুলতান গিয়াচুদ্দিন আজম চাহে কমতা ৰাজ্য আক্ৰমণ কৰি সেই ৰাজ্যৰ মাজেৰে মধ্য অসমলৈ সোমাই আহে। বৰ্তমানৰ নগাঁৱতে কছাৰীসকলে তেওঁৰ গতিৰোধ কৰি উভতি যাবলৈ বাধ্য কৰে৷ শৰাইঘাটৰ ৰণৰ সমানেই গুৰুত্বপুৰ্ণ এই ৰণৰ বিষয়ে আমাৰ অজ্ঞতা পৰিতাপৰ বিষয়৷ ১৩৩০ চনত প্ৰতাপধ্বজৰ মৃত্যু হয়৷ তাৰ পাছত কমতা ৰাজ্যৰ বিভাজন হয়৷ উত্তৰ পুৱ অংশত ৰজা হয় তেওঁৰ পুত্ৰ দুৰ্লভনাৰায়ণ আৰু ৰংপুৰ (বৰ্তমান বাংলাদেশত) মৈমনসিঙকে ধৰি বাকীখিনি অংশৰ ৰজা হয় তেওঁৰ ভতিজা ধৰ্মনাৰায়ণ৷ ১৪২৮ চনত দুৰ্লভনাৰায়ণৰ বংশৰ উত্তৰাধিকাৰীসকলৰ পৰা খেন বংশীয় নীলধ্বজে ক্ষমতা হস্তগত কৰি ১৪৬০ খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰে৷ নীলধ্বজক এজন ভুঞাঁ আছিল বুলি কোৱা হৈছে যদিও (Kamatapur, an unexplored history of Eastern India, page, ১০১) আমি বুজিব লাগিব যে ভুঞাঁ শব্দই কোনো জাতি বিশেষক বুজোৱাৰ পৰিবৰ্তে মাটিগিৰি জমিদাৰ সামন্তকহে বুজোৱা হৈছে৷ নীলধ্বজক এজন ভূঞাঁ যদিও তেওঁ আছিল মংগোলীয় মূলৰ। কাৰণ খেনসকল হল মংগোলীয়া মূলৰ৷ খেং বা খেন বংশীয় লোক এতিয়াও ভুটানত পোৱা যায় The Historical Anecdotes of Kheng Nobilities, Journal of Bhutan Studies, Volume 13, 2005) নীলধ্বজৰ পাছত তেওঁৰ পুত্ৰ চক্ৰধ্বজ (১৪৬০-৮০ খ্ৰীষ্টাব্দ) ৰজা হয়৷ চক্ৰধ্বজৰ পুত্ৰ নীলাম্বৰৰ দিনত ১৪৯৮ ব্ৰীষ্টাব্দত গৌড়ৰ চুলতান আলাউদ্দিন হুচেইন শ্বাহে কমতাপুৰ দখল কৰি ৰাজধানী নগৰখন একেবাৰে ধ্বংস কৰে। হুছেইন শ্বাহে তেওঁৰ পুত্ৰ ডানিয়েলক শাসনকৰ্তা পাতি কমতাৰাজ্যৰ পৰা প্ৰস্থান কৰে যদিও স্থানীয় ভূঞাসকলে বিদ্ৰোহ কৰি ডানিয়েলক ওফৰাই কমতাপুৰৰ ক্ষমতা দখল কৰে৷ ভূঞাঁসকলে কমতাপুৰ নগৰক কেন্দ্ৰ কৰি কোনো ৰাজ্য গঢ়ি তোলাৰ পৰিৱৰ্তে কমতাপুৰ ৰাজ্যক অসংখ্য সৰু বৰ ৰাজ্যত ভগাই শাসন কৰিবলৈ লয়।

এনে পৰিস্থিতিত খেন সকলৰ অন্য এটা ঠাল কোচেসকলে (The Khoches) তেওঁলোকৰ নেতা বিশুৰ অধীনত পশ্চিম অসমত কমতাপুৰ ৰাজ্যৰ ভৌগোলিক পৰিসীমাত এখন ৰাজ্য স্থাপন কৰে (The Historical Anecdotes of Kheng Nobilities, Journal of Bhutan Studies, Volume 13, 2005, page. 34)কোচেসকল পৰৱৰ্তী কালত কোচ ৰাজ্য নামেৰে জনাজাত হয়৷ বিশু বা বিশ্বসিংহই ধুবুৰী জিলাৰ চিকনাগ্ৰামত ৰাজধানী পাতিলে৷ বিশ্বসিংহৰ বংশজসকলেও পাছত ৰাজ্যৰ ৰাজধানী হিচাপে কোচবিহাৰ নগৰ নিৰ্মাণ কৰি লোৱাত প্ৰাচীন কমতাপুৰ নগৰে কোচসকলৰ দিনত পুনৰ পূৰ্বৰ দৰে মূৰ দাঙি উঠিব নোৱাৰিলে৷ অৱশ্যে কোচৰজাসকলে নিজকে কমতেশ্বৰ বুলিয়েই পৰিচয় দিছিল৷


তথ্যসুত্ৰ :

. আহমদ, খাঁ চৌধুৰী আমানতউল্লা (২০১৪): কোচবিহাৰৰ ইতিহাস’, ভৱানী বুকছ, আনন্দৰাম বৰুৱা পথ, পাণবজাৰ, গুৱাহাটী-৭৮১০০১৷

. দেৱচৌধুৰী, নিশিপদ; বেগম, চেনেহী; বৰ্মণ শান্ত (২০০৭): অসমৰ ইতিহাস, অসম সাহিত্য সভা, চন্দ্ৰকান্ত সন্দিকৈ ভৱন, যোৰহাট-৭৮৫০০১৷

. Boruah, Nirode (2011): Kamarupa to Kamata: The Political Transition and the new Geopolitical Trends and Spaces, Proceedings of the Indian History Congress, Vol. 72, PART-I (2011), pp. 78-86 4. Debnnath, Salilen(2015):Kamatapur, An Unexplored History of Eastern India (650- 1498), Aayu Pubications, New Delhi-110086 5. Dorji , Lham (2005): The Historical Anecdotes of Kheng Nobilities The Historical Anecdotes of Kheng Nobilities, Journal of Bhutan Studies, Volume 13, 2005


ঠিকনা :

 ৰক্তিম ৰঞ্জন শইকীয়া

ভূতত্ত্ব বিভাগ, জগন্নাথ বৰুৱা মহাবিদ্যালয়

যোৰহাট-৭৮৫০০১

ভ্ৰাম্যভাষ : ৯৮৫৯৩৪৪৭১৭

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ