অন্যযুগ/


প্ৰাক-ঔপনিৱেশিক অসমৰ মুদ্ৰা অর্থনীতি

 


° ৰক্তিম ৰঞ্জন শইকীয়া


বিখ্যাত অর্থনীতিবিদ উইল কেণ্টনে (Will Kenton) ইনবেষ্টোপেডিয়ানামৰ ৱেৱপেজটোত অর্থনীতিৰ এটা সুন্দৰ সংজ্ঞা দাঙি ধৰিছে৷ উইল কেণ্টন সংজ্ঞা মতে  অৰ্থনীতি হৈছে আন্তঃসম্পৰ্কীয় উৎপাদন, উপভোগ আৰু বিনিময়ক সম্পর্কীত কৰা এক জটিল ব্যৱস্থা৷ এই ব্যৱস্থাটোৱে উৎপাদন, উপৰভোগ আৰু বিনিময়ৰ লগত সম্পর্কিত সকলো অংশগ্ৰহণকাৰীৰ মাজত সম্পদ কেনেকৈ আবণ্টন কৰা হয় সেইটো নিৰ্ধাৰণ কৰে৷[1] দেখা গৈছে যে অর্থনীতিৰ লগত অসংখ্য উপাংশ সম্পর্কিত হৈ থাকে৷ এই উপাংশবোৰৰ অন্যতম এটা উপাংশ “বিনিময়” ব্যৱস্থাটোক প্ৰতিনিধিত্ব কৰে মুদ্ৰাই৷ যিকোনো অর্থনীতিৰ এক বিশেষ স্তৰ হল মুদ্ৰাৰ প্ৰচলন৷ বিনিময় পদ্ধতিৰ পৰিৱর্তে বিনিময় মাধ্যম ৰূপে মুদ্ৰাৰ প্ৰচলনে অর্থনৈতিক বিকাশৰ এটা পৰিপক্ক স্তৰ নির্দেশ কৰে৷

          প্ৰাচীন বা মধ্যযুগৰ ৰাজ্য এখনত মুদ্ৰা অর্থনীতি এটা বর্তি থাকিবলৈ কিছুমান প্ৰয়োজনীয় চর্ত আছে৷ সেই চর্তকেইটা হল :

() এক বিস্তীর্ণ অঞ্চল জুৰি একক শাসনৰ অধীনত থকা এক বা ততোধিক ৰাজ্য, ত বেহা-বেপাৰ নির্বিঘ্নে চলি থাকিব পাৰে৷

() সম্ভ্ৰান্ত ধাতুৰ (বায়ুমণ্ডলৰ লগত সহজে জাৰণ বিক্ৰিয়া নকৰা ধাতু) এটা অবিৰত প্ৰৱাহ৷ আৰু

() ৰাজনৈতিক ইচ্ছা

প্ৰাচীন অসমৰ তিনিখন ৰাজ্য বর্মন কামৰূপ, শালস্তম্ভ কামৰূপ আৰু পাল-কামৰূপৰ আয়তন প্ৰকৃতার্থতেই বৃহৎ আৰু শাসনযন্ত্ৰটো সুস্থিৰ আছিল বাবে মুদ্ৰা অর্থনীতি চলাই ৰাখিবলৈ প্ৰয়োজনীয় প্ৰথম চর্তটো পূৰণ কৰিছিল৷ কিন্তু মধ্যযুগৰ ক্ষেত্ৰত ঘটনাটো তেনে নহয়৷ মধ্যযুগৰ অসমৰ ৰাজ্যবোৰৰ আকাৰ বৃহৎ হবলৈ বহু সময় লাগিছিল বাবে প্ৰকৃতার্থত মুদ্ৰা অর্থনীতিৰ প্ৰচলন হবৰ বাবে সুযোগ তেনেকৈ নাহিল৷

আমি বিভিন্ন সময়ত আহোম ৰাজ্যৰ আয়তনিক বিস্তাৰলৈ লক্ষ্য কৰিলে সমস্যটো বুজিব পাৰিম৷


চুকাফাৰ (১২২৮ খ্ৰীষ্টাব্দ) পৰা চুহেনফাৰ (১৪৯৭ খ্ৰীষ্টাব্দ) সময়লৈ ২৭০ বছৰৰ আহোম ৰাজ্যৰ মানচিত্ৰ (বিন্দুকৃত অংশ)


দিহিঙিয়া ৰজাৰ পৰা (১৮৯৭ খ্ৰীষ্টাব্দ) খোৰাৰজাৰ সময়লৈ (১৬০৩ খ্ৰীষ্টাব্দ)১০৬  বছৰৰ আহোম ৰাজ্যৰ মানচিত্ৰ (বিন্দুকৃত অংশ)


প্ৰতাপ সিংহৰ (১৬০৩ খ্ৰীষ্টাব্দ) পৰা লৰাৰজাৰ সময়লৈ (১৬৮১ খ্ৰীষ্টাব্দ) ৭৮ বছৰৰ আহোম ৰাজ্যৰ মানচিত্ৰ (বিন্দুকৃত অংশ)


গদাধৰ সিংহৰ (১৬৬১ খ্ৰীষ্টাব্দ)সময়ৰ পৰা ১৮২৬ খ্ৰীষ্টাব্দলৈ ১৬৫ বছৰৰ আহোম ৰাজ্যৰ মানচিত্ৰ

দেখা গৈছে গদাধৰ সিংহৰ সময়ৰ পৰাহে আহোম ৰাজ্য তুলনামূলক ভাৱে ডাঙৰ আকাৰৰ হৈছিল৷ দীর্ঘকাল ধৰি আহোম ৰাজ্যৰ আয়তনিক ক্ষুদ্ৰতাই মু্দ্ৰা অর্থনীতিৰ বিকাশত বাধা হৈ আছিল৷ মধ্যযুগৰ কছাৰী আৰু কোচ ৰাজ্যৰ প্ৰসংগটো অলপ পৃথক৷

প্ৰাচীন কালত মুদ্ৰা অর্থনীতি একোটা চলাবৰ বাবে প্ৰয়োজন হৈছিল সম্ভ্ৰান্ত ধাতুৰ এটা অবিৰত প্ৰৱাহ৷ কাৰণ সেইযুগৰ পৃথিৱীৰ অর্থনীতি আছিল সোণ আৰু ৰূপৰ দৰে মূল্যৱান ধাতুভিত্তিক৷ সোণ আৰু ৰূপৰ অবিৰত যোগান অবিহনে প্ৰাচীন আৰু মধ্যযুগত মুদ্ৰা অর্থনীতি বর্তাই ৰখা অসম্ভৱ আছিল৷ ৰোমান সাম্ৰাজ্যৰ অর্থনীতি ধ্বংসৰ অন্যতম কাৰণ আছিল ভূমধ্য সাগৰীয় অঞ্চলৰ সোণ-ৰূপৰ খনিবোৰ নিঃশেষ হৈ যোৱাটো৷[2] আধুনিক যুগত ধাতুবিদ্যাৰ চৰম বিকাশৰ হেতুকে বায়ুমণ্ডলৰ লগত সহজে জাৰণ বিক্ৰিয়া নকৰা মিশ্ৰধাতু সহজেই তৈয়াৰ কৰিব পাৰি যদিও প্ৰাচীন আৰু মধ্যযুগত এনে ধাতু বিচাৰি উলিওৱা এক জটিল সমস্যা আছিল৷ মানুহৰ হাতত বিকল্প অতি সীমিত আছিল৷ সোণ আৰু ৰূপৰ বাহিৰে বেলেগ সম্ভ্ৰান্ত ধাতু মানুহৰ হাতত নাছিল৷ গতিকে মুদ্ৰা মাৰিবৰ বাবে সোণ আৰু ৰূপৰ বাহিৰে অন্য বিকল্প ধাতু নাছিল৷

তাম প্ৰকৃতার্থত সম্ভ্ৰান্ত ধাতু নহয় যদিও সম্ভ্ৰান্ত ধাতুৰ অভাৱত তামেৰেও কেতিয়াবা মুদ্ৰা মৰাবলগীয়া হৈছিল৷ মিশ্ৰধাতু ব্ৰঞ্জৰ মুদ্ৰা মৰাৰো উদাহৰণ আছে৷ ধাতুৰ মুদ্ৰা মৰোৱাৰ আৰু এক প্ৰাথমিক চর্ত আছে৷ সেই চর্তটো হল মুদ্ৰা মূল্যতকৈ ধাতুৰ মূল্য কম হব লাগিব৷ কাৰণ মূদ্ৰাৰ মূল্যতকৈ ধাতুৰ মূল্য বাঢ়ি যোৱাৰ লগে লগে মানুহে মুদ্ৰা গলাই ধাতু হিচাপে বিক্ৰী কৰি দিয়ে৷ মুদ্ৰাত লিখা মূল্যতকৈ মুদ্ৰা তৈয়াৰ কৰিবলৈ ব্যৱহাৰ হোৱা ধাতুৰ মূল্য বাঢ়ি যোৱাৰ কাৰণেই স্বাধীন ভাৰতত কেইবাবিধো মুদ্ৰাত ব্যৱহাৰ হোৱা ধাতুৰ প্ৰকাশ সলনি কৰিবলগীয়া হৈছে ৷[3]

অসম তথা ভাৰতত সদায়েই মুদ্ৰা ধাতুৰ অভাৱ পৰিলক্ষিত হৈ আহিছে৷ উল্লেখযোগ্য যে ভাৰতৰ ভৌগোলিক পৰিসীমাত কোনো বৃহৎ সোণ ৰূপৰ খনি নাই৷ বিহাৰৰ সিংভূম আৰু ৰাজস্থানৰ জাভাৰৰ সীহ-দস্তাৰ খনিত পোৱা অণুমাত্ৰ ৰূপ নিষ্কাষণ কৰি উৎপাদন কৰিব পৰাকৈ প্ৰাচীন আৰু মধ্যযুগত কোনো প্ৰযুক্তি বিকাশ হোৱা নাছিল৷ সেয়ে প্ৰাচীন বা মধ্যযুগত ভাৰতৰ সোণ বা ৰূপৰ মুদ্ৰাত ব্যৱহাৰ হোৱা ভাৰতত উৎপাদন হোৱা নাছিল৷ প্ৰাচীন ভাৰতৰ সোণ-ৰূপৰ মুদ্ৰাত ব্যৱহাৰ হোৱা ধাতুবোৰ মূলত বহিঃবাণিজ্যৰ যোগেদি প্ৰাপ্ত হোৱা ধাতু৷

আমি খ্ৰীষ্টীয় চতুর্থ শতাব্দীৰ মাজভাগত (৩৫০-৩৭৪ খ্ৰীষ্টাব্দ) কামৰূপৰ সিংহাসন অধিকাৰ কৰা পুষ্যবর্মনকে প্ৰথম জ্ঞাত ঐতিহাসিক ৰজা বুলিব পাৰোঁ৷ তাৰ পূর্বৰ ভৌম বংশ ঐতিহাসিকতা লৈ এতিয়াও ইতিহাসবিদসকলৰ মাজত মতানৈক্য আছে বাবে আমি তাক আলোচনাৰ মাজলৈ নানো৷ পুষ্য বর্মনৰ ৰাজত্ব আৰম্ভ হোৱাৰ এশ বছৰ মান আগত খ্ৰীষ্টীয় তৃতীয় শতাব্দীৰ পৰা সমগ্ৰ ভাৰতৰ অর্থনৈতিক ক্ষেত্ৰখনলৈ এক যুগান্তকাৰী সংকট আহিছিল৷ এই সময়ৰ পৰাই ভাৰতৰ সৈতে বাহিৰৰ পৃথিৱীৰ দীর্ঘ দূৰত্বৰ বাণিজ্যবোৰ বিভিন্ন কাৰণত সমাপ্তি ঘটিবলৈ আৰম্ভ হৈছিল৷ খ্ৰীষ্টীয় তৃতীয় শতিকাত ৰোমান সাম্ৰাজ্যৰ সৈতে ভাৰতৰ বাণিজ্যৰ সমাপ্তি ঘটিছিল৷ তাৰ পাছতে ভাৰতৰ বাণিজ্যৰ সমাপ্তি ঘটিছিল ইৰাণ আৰু বাইজেন্তিয়ামৰ সৈতে৷ দীর্ঘদূৰত্বৰ বাণিজ্যৰ সমাপ্তিয়ে ভাৰতত ধাতৱ মুদ্ৰাৰ অভাৱৰ সৃষ্টি কৰিলে৷ মুদ্ৰা ধাতুৰ অভাৱত ৰজা সকলে পূর্বৰ দৰে নগদ ধনৰ অর্থনীতি চলাব নোৱৰা হৈ পৰিল৷ বাণিজ্যৰ সমাপ্তিৰ লগে লগে বৃহৎ বৃহৎ বাণিজ্যিক নগৰবোৰৰো পতন আৰম্ভ হল৷ গতিকে বাধ্যত পৰি ৰজাসকলে নগদ ধনৰ অর্থনীতিৰ পৰিৱর্তে বিষয়া-পুৰোহিতবৃন্দক সেৱাৰ বিনিময়ত মাটি দিবলগীয়া হল৷[4] এনে এক সর্বভাৰতীয় প্ৰেক্ষাপটত পুষ্যবর্মনে সোণৰ মুদ্ৰাৰ অর্থনীতি চলোৱাৰ কোনো সম্ভাৱনাই নাছিল৷ অসমতো সোণ আৰু ৰূপৰ দৰে কোনো মুদ্ৰা ধাতুৰ প্ৰাচুর্য কোনো কালেই নাছিল৷

অসমৰ নদীত সোণ ৰূপ উভৈনদী হৈ আছিল বুলি থকা ধাৰণাটো আটাইতকৈ ডাঙৰ ভূতাত্ত্বিক মিথ্যা৷ এইখিনিতে উল্লেখ কৰিব পাৰি যে ১৮৩৮ খ্ৰীষ্টাব্দত ৰেভিনিউ চিৰস্তাদাৰ আৰু তহচিলদাৰ হৈ থাকোঁতে মণিৰাম দেৱানে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ হৈ মধ্যযুগৰ অসমৰ সোণৰ বিষয়ক এটা বিস্তৃত টোকা যুগুত কৰিছিল৷ মণিৰাম দেৱানৰ মতে ৰজা ৰাজেশ্বৰ সিংহৰ দিনতেই সৰ্বাধিক বছৰি সাত হাজাৰ তোলা (৮১.৬৫২২ কিলোগ্ৰাম) সোণ ৰাজভঁৰাললৈ আহিছিল|[5] পৰৱর্তী কালতো ১৮৫৩ খ্ৰীষ্টাব্দত কেপ্তেইন ই টি ডেল্টনে (E T Daltonবুঢ়ীদিহিঙৰ উপনৈ জগলুত ১ টন বালিৰ পৰা ১৮ গ্ৰেইন (১ গ্ৰাম = ১৫.৪৩২৩৫৮৪), ডেল্টন আৰু হেনে চাহাবে (Major Hannayউত্তৰ পাৰৰ চিচি নদীত ১ টন বালি ধুই ১৫ গ্ৰেইন সোণহে সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল|[6]

সোণেৰে পূর্ণ অসমৰ কল্প কাহিনীটোৰ প্ৰচাৰত আধুনিক যুগৰ গৱেষকসকলৰ ভূমিকাও পৰিমৰা নহয়৷ ডঃ প্ৰতাপ চন্দ্ৰ চৌধুৰীৰ মতে অৰ্থশাস্ত্ৰত কামৰূপৰ সূৱর্ণকুড্যত বৃহৎ পৰিমাণৰ সোণ উৎপাদন হয় বুলি উল্লেখ আছে |[7] চৌধুৰী ডাঙৰীয়াৰ কথাখিনি ১৯৫৯ খ্ৰীষ্টাব্দৰ পৰা আজি ২০২৩ খ্ৰীষ্টাব্দলৈ ৬৪ বছৰে অসংখ্য গৱেষণাপত্ৰ আৰু গৱেষণাগ্ৰন্থত উল্লেখ হল৷ একেবাৰে শেহতীয়াকৈ ২০০৯ খ্ৰীষ্টাব্দত প্ৰকাশিত ডঃ দীনেশ বৈশ্যৰ গৱেষণাগ্ৰন্থ Traditional Science and Material Culture of Early Assam-অৰ ৩১৩ পৃষ্ঠাত ডঃ প্ৰতাপ চন্দ্ৰ চৌধুৰীৰ উক্তিটো পোনপটীয়াকৈ উদ্ধৃত কৰা হৈছে|[8] কিন্তু অর্থশাস্ত্ৰৰ পাত লুটিয়াই দেখা গল যে সম্পূর্ণ অর্থশাস্ত্ৰখনত সূৱর্ণকুড্যৰ নাম মাত্ৰ দুবাৰ উল্লেখ আছে আৰু কোনোটোতে ইয়াত সোণ উৎপাদন হোৱা বুলি কোৱা নাই৷ অর্থশাস্ত্ৰৰ মতে সূৱর্ণকুড্যত ৰঙচুৱা হালধীয়া বৰণৰ তৈলপর্ণিক (ধূনা) আৰু পাটকাপোৰ পোৱা যায় বুলিহে উল্লেখ আছে৷[9] এনেবোৰ খালৈত জাকৈ বোৱা ধৰণৰ গৱেষণাৰ বাবেইসোণৰ অসমৰ কল্পকাহিনীটোৰ অধিক প্ৰসাৰ ঘটিছিল৷

সর্বশ্ৰেষ্ঠ উৎপাদনশীল অৱস্থাত বছৰি ৮২ কিলোগ্ৰাম সোণ উৎপাদন কৰিব পৰা এখন ৰাজ্যত স্বর্ণমুদ্ৰাৰ অর্থনীতি চলিব নোৱাৰে৷ ১৯৭২ খ্ৰীষ্টাব্দত গোৱালপাৰাৰ পাগলাটেকত কিছুমান স্বর্ণমু্দ্ৰা আৱিষ্কাৰ হৈছিল৷ মুদ্ৰা বিশেষজ্ঞ এন জি ৰোডছ (N G Rhodes) আৰু এছ কে বসুৱে (S K Bose) এই মুদ্ৰাবোৰ ভাস্কৰ বর্মনৰ বুলি চিনাক্ত কৰিছে৷[10] ভাস্কৰ বর্মনৰ এনে মুদ্ৰা বাংলাদেশৰ মইনামতীতো পোৱা গৈছে৷ এই মুদ্ৰাসমূহ মৰাৰ সময়ত ভাস্কৰ বর্মনে বঙ্গোপসাগৰৰ বাণিজ্যপথ নিয়ন্ত্ৰণ কৰিছিল৷ ৰোডছ আৰু বসুৰ মতে এইবোৰ ৰোমান সোণ৷ সেই সময়ত পূব ৰোমান সাম্ৰাজ্যৰ জাহাজবোৰে বঙ্গোপসাগৰ ভ্ৰমণ কৰিছিল৷ ভাস্কৰ বর্মনৰ মুদ্ৰাৰ সোণবোৰ ৰোমান সোণ বুলি থকা ধাৰণাটো প্ৰমাণ কৰাৰ একমাত্ৰ উপায় হল এটা  মুদ্ৰাৰ সোণৰ লগত মিহলি হৈ থকা অণুমাত্ৰ মৌলবোৰ পৰীক্ষা কৰাটো৷ প্ৰকৃততে সমুদ্ৰপথৰ ওপৰত নিয়ন্ত্ৰণেই ভাস্কৰ বর্মনক সোণৰ মুদ্ৰা মুদ্ৰা প্ৰচলন কৰিব পৰাকৈ ক্ষমতা প্ৰদান কৰিছিল৷

পাগলাটেকৰ সোণৰ মুদ্ৰাৰ পাছত অসমত উদ্ধাৰ হোৱা দ্বিতীয় প্ৰাচীনতম মুদ্ৰা হল শালস্তম্ভীয় বংশৰ তামৰ মুদ্ৰাবোৰ৷ শালস্তম্ভীয়সকলে তামৰ খনি থকা বিহাৰৰ সিংভূম পর্যন্ত নিজৰ নিয়ন্ত্ৰণত ৰাখিছিল বাবে তামৰ এটা অবিৰত যোগান তেওঁলোকে চলাই ৰাখিব পাৰিছিল৷ যাৰ ফলত ৰাজ্যত তামৰ মূল্য কমি আছিল আৰু মুদ্ৰা হিচাপে বজাৰত টিকি থাকিব পাৰিছিল৷ শালস্তম্ভীয়সকলৰ পৰৱর্তী পাল সকলৰ পাছতে তামৰ উৎসবোৰৰ ওপৰত কামৰূপৰ নিয়ন্ত্ৰণ সমাপ্ত হল আৰু তামৰ মূল্যবৃদ্ধিৰ ফলত বজাৰৰ পৰা তামৰ মুদ্ৰাবোৰ অদৃশ্য হল৷ আমাৰ সৌভাগ্যৰ বিষয় এয়ে যে আমি টি্উলিপ চাহ বাগিচা, ধুলাপাদুং চাহ বাগিচা, দৰঙৰ নেওগপাৰা, কালিগাঁও আৰু মৰিগাঁৱৰ পাত্ৰবাৰী গাঁৱত পোৱা তামৰ মুদ্ৰাসমূহ অধ্যয়নৰ বাবে পাইছোঁ৷ যিখিনি তামৰ মুদ্ৰা পোৱা গৈছে তাৰ বৃহৎ পৰিমাণলৈ লক্ষ্য কৰি (মুঠ ৩১৩৯ টা) ইয়াৰ বহুল প্ৰচলনৰ বিষয়ে ধাৰণা কৰিব পাৰি৷ এই তামৰ মুদ্ৰাবোৰৰ ৰাজ্যৰ ভিতৰতে হোৱা বাণিজ্যৰ কাৰণে ব্যৱহাৰ হোৱাৰ সম্ভাৱনাই বেছি|[11] আচৰিতভাৱে ন-কুচী বৰগাঁৱত পোৱা শালস্তম্ভ মুদ্ৰা এটা পৰীক্ষা কৰোঁতে তাত ২৮% টিন ধাতু পোৱা গল৷ বিশিষ্ট ভাষাবিদ ডঃ প্ৰণৱজ্যোতি ডেকাই এক ব্যক্তিগত আলোচনাত আমাৰ আগত জনোৱা মতে বঙ্গ শব্দৰ অর্থ টিন বা ৰাং৷ বঙ্গদেশ মানে টিন পোৱা ৰাজ্য৷ বোধহয়দ্বাৰভাঙ্গাৰ আশেপাশে (দ্বাৰবংগ?) কোনো ঠাইত টিনৰ খনি আছিল যৰ টিন ধাতু ইতিমধ্যে শেষ হৈ গৈছে৷ সেই অঞ্চলৰ ভূতত্ত্বই টিনৰ অৱস্থিত সমর্থন কৰে৷ শালস্তম্ভীয়সকলৰ অধিকাৰৰ সীমা বিহাৰ পর্যন্ত বিয়পি থকালৈ লক্ষ্য কৰিলে মুদ্ৰাত টিন ধাতুৰ অৱস্থিতিত আচৰিত হব লগা নাই৷

প্ৰাচীন কামৰূপৰ ৰজাসকলৰ তাম্ৰফলকবোৰৰ পৰাও প্ৰাচীন যুগৰে পৰা এই অঞ্চললৈ তামৰ যোগান থকাটো প্ৰমাণিত হয়৷ ব্ৰহ্মপুত্ৰ উপত্যকাত এতিয়ালৈকে জ্ঞাত সকলোতকৈ প্ৰাচীন তামৰ টুকুৰাটো হল ভাস্কৰ বর্মনৰ ডুবি তাম্ৰফলকত ব্যৱহৃত তাম৷ তাৰ পাছতেই ইতিমধ্যে উল্লেখ কৰা শালস্তম্ভীয় মুদ্ৰাবোৰৰ স্থান আহিব৷ ১৮৪৮ খ্ৰীষ্টাব্দত শদিয়া ভ্ৰমণ কৰা কেপ্তেইন চিমোন ফ্ৰেচাৰ হেনে (Simon Fraser Hannay) নামৰ ব্ৰিটিছ সামৰিক বিষয়াজনে ভগ্ন তাম্ৰেশ্বৰী মন্দিৰত পৰি থকা তামৰ চালখন দেখিবলৈ পাইছিল৷[12] পৰৱর্তী কালত চুতীয়াসকলে মেৰামতি কৰি উদ্ধাৰ কৰা তাম্ৰেশ্বৰী মন্দিৰটো চুতীয়া ৰাজত্বৰো পূর্বৰে পৰা আছিল বুলি নির্মাণশৈলীৰ পৰা ধাৰণা কৰিব পাৰি৷ ব্ৰহ্মপুত্ৰ উপত্যকাত তামেৰে তৈয়াৰী ইয়াতকৈ ডাঙৰ নির্মাণৰ বিষয়ে জনা নাযায়৷ আহোম যুগত ৰংপুৰ নগৰৰ সোমদেৱতাৰ মন্দিৰৰ চালখন তামেৰে তৈয়াৰ কৰা হৈছিল৷ কামাখ্যাতো কাঠৰ সজাৰ ওপৰত তাম খুৱাই নির্মাণ কৰা এটা ঘৰ আছিল বুলি জনা গৈছে[13] কামাখ্যাৰ তামৰ ঘৰটো কলিয়াভোমোৰা ফুকনে কমলেশ্বৰ সিংহৰ আজ্ঞাত তৈয়াৰ কৰাইছিল৷[14]

উল্লেখযোগ্য যে পুৰণি কামৰূপ ৰাজ্যৰ পতনৰ পাছত অসম ভূখণ্ডত গঠিত হোৱা ৰাজ্যবোৰে তামৰ বাবে বেলেগ বেলেগ উৎসৰ ফালে চাবলগীয়া হৈছিল৷ পাহাৰীয়া জনজাতিসকলে তেওঁলোকৰ অঞ্চলত উৎপন্ন হোৱা ধাতুৰ সামগ্ৰী ব্ৰহ্মপুত্ৰ উপত্যকাৰ বজাৰলৈ আনিছিল৷ মিচিমিসকলে অন্যান্য সামগ্ৰীৰ লগতে তিব্বতৰ পৰা আহৰণ কৰা তামৰ পাত্ৰ আৰু পিতলৰ সামগ্ৰী শদিয়াৰ বজাৰলৈ আনিছিল৷[15] কিন্তু মধ্যযুগৰ অসমত অলৌহ ধাতুৰ সামগ্ৰীৰ চাহিদা আৰু পর্যাপ্ততালৈ লক্ষ্য কৰিলে ধাৰণা হয় পূব আৰু উত্তৰৰ পাহৰৰবোৰৰ পৰা হোৰাত ভৰাই অনা ধাতুৱে এই চাহিদা পূৰণ কৰিবলৈ সক্ষম নাছিল৷ গতিকে তামকে ধৰি অন্যান্য লৌহধাতুৰ মূল উৎস হৈ পৰিছিল বংগদেশৰ বজাৰ৷ ১৭৯৩ খ্ৰীষ্টাব্দৰ ২৮ ফেব্ৰুৱাৰীত কেপ্তেইন ৱেলছ আৰু গৌৰীনাথ সিংহৰ মাজত এখন বাণিজ্য চুক্তি হৈছিল৷ এই চুক্তিত বংগদেশৰ পৰা আমদানি হোৱা আৰু ৰপ্তানি হৈ থকা সামগ্ৰীসমূহৰ ওপৰত কৰ লগোৱা সম্পর্কে সিদ্ধান্ত লোৱা হৈছিল৷ এই চুক্তিৰ তৃতীয় দফাত বংগদেশৰ পৰা আমদানীকৃত সামগ্ৰীৰ তালিকাত থকা অন্যতম সামগ্ৰী আছিল তাম, সীহ আৰু বগীতাম (টিন)[16]| ১৮০৭-৮ খ্ৰীষ্টাব্দত বংগদেশৰ পৰা আহোম ৰাজ্যলৈ বছৰি ৪৮০০ টকাৰ তাম আমদানি হৈছিল বুলি ফ্ৰান্সিচ হেমিল্টনে নথিভুক্ত কৰিছে৷[17] অৱশ্যে আহোম ৰাজ্যত তামৰ মূল ব্যৱহাৰ হৈছিল মিশ্ৰ ধাতু তৈয়াৰ কৰাতহে৷

     প্ৰাচীন অসমৰ এখন বৃহৎ ৰাজ্য আছিল পালসকলৰ ৰাজ্য৷ পালসকলৰ কোনো মুদ্ৰা বহুত দিনলৈ আৱিষ্কাৰ নোহোৱাত কামৰূপী পালসকলে কোনো মুদ্ৰা মৰোৱা নাছিল বুলিয়েই ভবা হৈছিল৷ অৱশেষত অসমৰ পালসকলে মৰোৱা মুদ্ৰা আৱিষ্কাৰ হল৷ জয় প্ৰকাশ সিঙে পাল বংশীয় ৰজা হর্ষপালৰ এটা সোণৰ মুদ্ৰাৰ বিষয়ে বর্ণনা কৰিছে৷ অৱশ্যে এই মুদ্ৰা বজাৰত কিমান দুৰ প্ৰচলন আছিল সেয়া প্ৰশ্নৰ বিষয়৷

     পালসকলৰ পতনৰ পাছতে প্ৰাচীন কামৰূপে স্থায়ীভাৱে সমুদ্ৰপথ আৰু পূব ভাৰতৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱায়৷ ইয়াৰ ফলত অসমলৈ পশ্চিমৰ পৰা মুদ্ৰাধাতুৰ আমদানি বন্ধ হয় আৰু মুদ্ৰা মৰোৱা কার্য প্ৰায় বন্ধ হয়৷ সমুদ্ৰ যোগাযোগ ব্যাহত হোৱাৰ পাছত ধাতুৰ মূল্যই মুদ্ৰাৰ মূল্যক অতিক্ৰম কৰিলে৷ অৱধাৰিতভাৱে জনসাধাৰণে হাতত থকা ধাতুবোৰ তেতিয়াই গলাই পেলালে৷ সেয়ে অসমত পুৰণি কামৰূপৰ কোনো ধাতুৰ মুদ্ৰা সহজলভ্য নহয়৷

     শালস্তম্ভসকলৰ হর্জৰ বর্মন আৰু বনমাল বর্মনৰ নাম উল্লেখ থকা ৰূপৰ মুদ্ৰাও তেজপুৰৰ আশে-পাশে পোৱা গৈছিল বুলি প্ৰতাপ চন্দ্ৰ চৌধুৰীয়ে উল্লেখ কৰিছে৷[18] অসমত সোণ আৰু তামৰ মুদ্ৰাৰ তুলনাত ৰূপৰ মুদ্ৰাৰ প্ৰাচুর্য কিছু বেছি আছিল৷ অসমৰ ইতিহাসবিদসকলে অসমৰ ৰূপৰ তিনিটা উৎসৰ বিষয়ে কয়৷ ডঃ দীনেশ বৈশ্যই তেখেতৰ গৱেষণাগ্ৰন্থখনত ভূৱন চন্দ্ৰ সন্দিকৈৰ উদ্ধতি দি নগাপাহাৰৰ পৰা ওলোৱা ধনশিৰী, দৈগ্ৰোং, দৈয়াং আদি নদীত স্ৰোতনিক্ষেপিত কযা হিচাপে ৰূপ সংগ্ৰহ কৰা বুলি উল্লেখ কৰিছে৷[19] কিন্তু নগাপাহাৰৰ ভূতাত্ত্বিক সংৰচনা এনে ধৰণৰ যে তাত কোনো ৰূপৰ উৎস থাকিবই নোৱাৰো৷ ঊনবিংশ শতিকাৰ শেষৰ দশকত পদ্মেশ্বৰ নাওবৈচা ফুকনে লিখাঅসম বুৰঞ্জীত গাৰো-খাচীয়া পাহাৰৰ দক্ষিণ-পূব ফালে ৰূপ উৎপাদন হোৱা বুলি উল্লেখ কৰা হৈছে [20] আৰু এই কথাখিনি বহু কেইজন গৱেষকে গ্ৰহণ কৰিছে৷ গাৰো পাহাৰৰ পূব-দক্ষিণ দিশে খাচীয়া পাহাৰ অৱস্থিত আৰু খাচী পাহাৰৰ পূব-দক্ষিণ দিশে কার্বিপাহাৰ আছে৷ খাচীয়া পাহাৰ আৰু কার্বি পাহাৰত ভূতাত্ত্বিকভাৱে ৰূপৰ অৱস্থিতি সম্ভৱ নহয়৷ বেণুধৰ শর্মাই মণিৰাম দেৱান গ্ৰন্থৰদেৱানৰ এতলানামৰ অধ্যায়টোত বৰখামতি দেশৰ পৰা আহোম ৰাজ্যলৈ ৰূপ আমদানি হৈছিল বুলি উল্লেখ কৰিছে৷[21] সূর্যকুমাৰ ভূঞায়ো বৰখামতিৰ ৰূপৰ কাহিনীটো বিনাদ্বিধাই গ্ৰহণ কৰিছে[22]| আহোম ৰাজ্যৰ লোকসকলে উত্তৰ ব্ৰহ্মদেশৰ ইৰাৱতী নদীৰ উজনিৰ ফালৰমালিনামৰ এখন উপনদীৰ উপত্যকাৰ ২৭ আৰু ২৮ উত্তৰ অক্ষাংশৰ মাজৰ অংশটোক বৰখামতি দেশ বুলি উল্লেখ কৰিছিল৷ ১৭৫২ খ্ৰীষ্টাব্দলৈকে এই অঞ্চলটোত জনবসতি নাছিলেই৷ এই বৰখামতি এলেকাক পশ্চিমীয়া লোকসকলেখামতি লং” (Khamti Long) বুলি উল্লেখ কৰে৷[23] বৰখামতি অঞ্চলতো কোনো ৰূপৰ খনি নাই৷ তাৰ ভূতত্ত্বয়ো ৰূপৰ অৱস্থিতিক সমর্থন নকৰে৷ আমি ইতিমধ্যে আমাৰ এখন গৱেষণাপত্ৰত প্ৰমাণ কৰিছোঁ যে আহোম ৰাজ্যলৈ অহা ৰূপৰ উৎস আছিল উত্তৰ ব্ৰহ্মদেশৰ শ্বান মালভূমিৰ বউদউইন (Bawdwin) নামৰ খনিটো৷[24] ইয়াৰ পৰা পাহাৰীয়া পথেৰে ৬০০ কিলোমিটাৰ দুৰত্ব খোজকাঢ়ি হোৰাত ভৰাই ৰূপ আনি মুদ্ৰা অর্থনীতি চলোৱাতো সম্ভৱ নহয় বাবেই অসমৰ আহোম ৰাজ্যত সবল মুদ্ৰা অর্থনীতি এটাৰ প্ৰচলন কেতিয়াও নহল৷ অসমৰ ৰজাসকলে মৰোৱা ৰূপৰ মুদ্ৰাবোৰ সিংহাসনত আৰোহণৰ উপলক্ষ্যে মৰোৱা আনুষ্ঠানিক মুদ্ৰাহে৷ বজাৰত প্ৰচলনৰ উদ্দেশ্যে এইবোৰ মুদ্ৰা মৰোৱা হোৱা নাছিল৷

সম্পূর্ণ অনিশ্চিত আমদানীকৃত ৰূপৰ ওপৰত নির্ভৰ কৰা ৰাজ্য এখনৰ বাবে মুদ্ৰা অর্থনীতি চলোৱা সম্ভৱ নহয়৷ মুদ্ৰা মৰোৱা বুলি বুৰঞ্জীত উল্লেখ থকা বহু আহোম ৰজাৰ মুদ্ৰা পোৱা নাযায়৷ ইয়াৰ কাৰণ হল নতুন মুদ্ৰা মৰোৱাৰ সময়ত পুৰণি মুদ্ৰাকে গলাই নতুন মুদ্ৰা তৈয়াৰ কৰাৰ প্ৰথাটো৷

আহোম ৰাজ্যৰ গাতে লাগি থকা কোচ ৰাজ্যত সম্পূর্ণ পৃথক পদ্ধতি বিৰাজ কৰিছিল৷ মধ্যযুগৰ কোচ ৰাজ্যৰ সেইকালৰ সমগ্ৰ উত্তৰ পূর্বাঞ্চলৰ অর্থনীতিলৈ সকলোতকৈ গুৰুত্বপূর্ণ অৱদান হল এটা সার্থক মুদ্ৰা অর্থনীতিৰ প্ৰচলন৷ কোচ ৰজা নৰনাৰায়ণে প্ৰথমে বিভিন্ন জনজাতীয় গোষ্ঠী আৰু অর্ধ-জনজাতীয় ৰাজ্যসমূহ একগোট কৰি এটা সুস্থিৰ ৰাজনৈতিক পৰিৱেশ গঢ়ি তুলিছিল৷ তাৰ পাছত ৰাজ্যখনত তেওঁ অর্থনৈতিক সুদৃঢ়ীকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল৷ ৰাষ্ট্ৰ প্ৰযোজিত বিৰামহীন মুদ্ৰাৰ যোগান এই অর্থনৈতিক সুদৃঢ়ীকৰণ প্ৰক্ৰিয়াৰ গুৰুত্বপূর্ণ অংগ আছিল৷ নৰনাৰায়ণ আৰু পৰৱর্তী কোচ ৰজাসকলে মৰোৱা মুদ্ৰাক নাৰায়ণী মুদ্ৰা নামেৰে জনা গৈছিল আৰু প্ৰকৃতার্থত বিনিময়ৰ মাধ্যম ৰূপে ব্যাপক ৰূপে প্ৰচলন হৈছিল৷

কেৱল নৰনাৰায়ণৰ ৰাজত্ব কালতে মুঠ ১৫ লাখ মান নাৰায়ণী মুদ্ৰা মৰোৱা হৈছিল৷ এই পৰিমাণৰ মুদ্ৰা মাৰোঁতে মুঠ ১৫০ টা সাঁচ (Die) নৰনাৰায়ণৰ সমগ্ৰ শাসন কালত ব্যৱহাৰ হৈছিল৷[25] নাৰায়ণী মুদ্ৰাৰ উচ্চ মূল্যলৈ লক্ষ্য কৰি ১৫ লাখ নাৰায়ণী মুদ্ৰাৰ জৰিয়াতে কিমান পৰিমাণৰ লেনদেন হৈছিল তাক চিন্তা কৰিলে তৱধ মানিব লাগে৷

নৰনাৰায়ণে প্ৰায় সমগ্ৰ উত্তৰ পূর্বাঞ্চল অধিকাৰ কৰাৰ ঘটনাটোৱে গোটেই অঞ্চলটোত ব্যৱসায় বানিজ্যৰ বিকাশত অৰিহণা যোগাইছিল৷ বিভিন্ন ৰাজ্যৰ ৰজাসকলক নৰনাৰায়ণে তেওঁৰ নামত মুদ্ৰা মাৰিবলৈ বাধ্য কৰিছিল৷ এই কার্য্যই স্থানীয় বাণিজ্যিক কার্যকলাপত নাৰায়ণী মুদ্ৰাৰ গুৰুত্ব অভাৱনীয়ভাৱে বঢ়াই তুলিছিল৷ ইয়াৰ উপৰি বশ্যতা স্বীকাৰ কৰা ৰাজ্যসমূহে কোচৰজাক দিবলগীয়া পেচকচ নাৰায়ণী মুদ্ৰাত দিবলৈ বাধ্য কৰা হৈছিল৷ এই কথাটোৰ বাবেও অধীনস্থ ৰাজ্যবোৰৰ স্থানীয় ব্যৱসায়ীসকলে নাৰায়নী মুদ্ৰাৰ জৰিয়তে লেনদেন কৰিবলৈ আৰু অধীনস্থ ৰজায়ো নাৰায়ণী মুদ্ৰাৰ যোগে কৰ উঠাবলৈ বাধ্য হৈছিল যাতে আহৰণ হোৱা কৰ নাৰায়ণী মুদ্ৰাৰ জৰিয়তেই পেচকচ দিয়াত ব্যৱহাৰ কৰিব পাৰি৷|[26] কোচৰাজ্যৰ উপৰিও আহোম ৰাজ্য, জয়ন্তীয়া ৰাজ্য, খাচী ৰাজ্য, কাছাৰ, মণিপুৰ আদি ৰাজ্যত নাৰায়ণী মুদ্ৰাৰ প্ৰচলন আছিল৷

কিতাবত মঞ্জৰী, গুৰুচৰিত কথা, শ্ৰীশ্ৰী বদলা পদ্ম আতাৰ চৰিত্ৰ আদি মধ্যযুগীয়া ৰচনাত নগদ টকাৰ ব্যৱহাৰৰ বাৰাম্বাৰ উল্লেখে কোচ ৰাজ্যত এটা মুদ্ৰাভিত্তিক অর্থনীতিৰ সংকেত দিয়ে৷ সৰুসুৰা লেনদেনতো নগদ টকাৰ ব্যাপক ব্যৱহাৰ হৈছিল—“লোন তেল অন বস্ত্ৰ এনেতে ডেৰ কুৰি টকা ভাগিলঃ[27]| আনকি কোচ ৰাজ্যত কেতিয়াবা কৃষিজাত সামগ্ৰী জালুক, তামোল আদি ক্ৰয় কৰাৰ মাধ্যমো আছিল টকাই|[28], [29] ক্ৰয়-বিক্ৰয়ৰ উপৰি বিভিন্ন কর্মৰ বিনিময়ত দিবলগা বানচো মুদ্ৰাৰ জৰিয়তেই দিয়া হৈছিল|[30] অর্থাৎ মুদ্ৰাই সমাজৰ সর্বশেষ সীমাসমূহকো স্পর্শ কৰিবলৈ সক্ষম হৈছিল৷ কোচ ৰাজ্য দুভাগ হোৱাৰ পাছতো নাৰায়ণী মুদ্ৰা বজাৰত চলি থাকিল৷ হৰকান্ত সদৰামিনৰ মতে আহোম ৰাজ্যৰ অন্ত পৰাৰ সময়লৈকে বজাৰত নাৰায়ণী টকাৰ প্ৰচলন হৈ আছিল|[31]

এতিয়া স্বাভাৱিকতে উঠিব পৰা এটা প্ৰশ্ন হল কোচ ৰাজ্যত কোনো ৰূপৰ খনি নথকা সত্ত্বেও বজাৰত ইমানবোৰ মুদ্ৰাৰ অবিৰত প্ৰৱাহ এটা চলাই ৰাখিবলৈ ইমান বিপুল পৰিমাণৰ ৰূপ কৰ পৰা আহৰণ কৰিছিল৷ সম্প্ৰতি এই প্ৰশ্নৰ কোনো সঠিক উত্তৰ আমাৰ হাতত নাই৷ এই প্ৰশ্নৰ উত্তৰ হিচাপে বর্তমান আমি মাত্ৰ এটি প্ৰকল্পহে আগ বঢ়াম৷ কোচ ৰাজ্যৰ গাতে লাগি থকা তৎকালীন মোগলসকলৰ সময়ত ভাৰতৰ ৰূপৰ মুদ্ৰাই বিশ্বজুৰি ব্যাপ্তি লাভ কৰাৰ কাৰণটো হল ইউৰোপীয় যোগাযোগৰ জৰিয়তে দক্ষিণ আমেৰিকাৰ পৰা সোণ-ৰূপৰ অবিৰত যোগান পোৱাটো৷ মোগল সাম্ৰাজ্য পৃথিৱীৰ ভিতৰতে এক বৃহৎ অর্থনৈতিক শক্তি হৈ উঠাৰ মূল কাৰণ আছিল ভাৰতৰ নিশ্চিত পণ্য উৎপাদনৰ লগত ইউৰোপীয়সকলৰ জৰিয়তে দক্ষিণ আমেৰিকাৰ এণ্ডিজ পর্বতৰ ইন্কাসকলৰ ৰূপৰ খনিবোৰৰ পৰা হোৱা ৰূপৰ অবিৰত প্ৰৱাহ|[32] আমি ভাবোঁ মোগল সাম্ৰাজ্যৰ লগত নিবিড় যোগাযোগৰ আলম লৈ মধ্যযুগৰ অসমৰ কোচসকলো ইনকা ৰূপৰ দ্বাৰা উপকৃত হৈছিল আৰু এটি শক্তিশালী মুদ্ৰা অর্থনীতিৰ প্ৰচলন কৰিবলৈ সক্ষম হৈছিল৷ আমাৰ প্ৰকল্পটো প্ৰমাণ কৰাৰ একমাত্ৰ উপায় হল এটি নাৰায়ণী মোহৰৰ অণুমাত্ৰ মৌল (trace element) আৰু সমস্থানিকৰ (isotope)অধ্যয়ন কৰা৷

সর্বভাৰতীয় প্ৰেক্ষাপটত পুৰণি অসমৰ অর্থনীতি এটা বৃহৎ বিষয়৷ গতিকে মুদ্ৰা অর্থনীতিৰ লগত জড়িত ভৌত সংস্কৃতি আৰু চলমান অর্থনীতিৰ কিছু কথা সামৰি আমি কিছু প্ৰাৰম্ভিক তথ্য আপোনালোকলৈ বুলি আগবঢ়াই দিলোঁ৷

 

তথ্যসূত্ৰ :

. গোস্বামী, শ্ৰীশ্ৰী ভৱকান্ত (সম্পাদনা)(১৯৬৬): নিত্যানন্দ আতৈ ভনিত শ্ৰীশ্ৰী বদুলাৰ পদ্মআতাৰ চৰিত, শ্ৰীশ্ৰী কমলাবাৰী সত্ৰ, মাজুলি, যোৰহাট৷

. চলিহা, প্ৰদীপ (১৯৯৮): পুৰণি অসমৰ কাৰিকৰী শিল্প, অসম বিজ্ঞান সমিতি, গুৱাহাটী

. তামুলি ফুকন, কাসিনাথ (১৯০৬): আসাম বুৰন্জি পুথি, ইন্দ্ৰবংসি আসাম মহাৰজা সকলৰ বিবৰন, শ্ৰী ৰাধানাথ বৰবৰুআ দ্বাৰা সংসোধিত মতে, Calcutta, Printed at the Majumdar Press, 155, Bow Bazar Street.

. তামুলি, লক্ষ্মীনাথ (সম্পাদনা)(২০০৭): নাওবৈছা ফুকনৰ অসম বুৰঞ্জী, অসম প্ৰকাশন পৰিষদ, গুৱাহাটী-২১৷

. দেৱশর্মা, ৰজনীকান্ত (সম্পাদনা)(দ্বিতীয় প্ৰকাশ, ২০০২): কৌটিল্যৰ অর্থশাস্ত্ৰ, অনুবাদ ৰজনীকান্ত দেৱশর্মা আৰু ডঃ ডিম্বেশ্বৰ শর্মা, অসম প্ৰকাশন পৰিষদ, গুৱাহাটী-২১

. নেওগ, ডঃ মহেশ্বৰ (সম্পাদনা)(২০০৩): গুৰু চৰিত কথা, বিশ্ববিদ্যালয় প্ৰকাশন বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়

.  ভূঞা সুর্যকুমাৰ (সম্পা)(২০১০ চতুর্থ সংস্কৰণ): হৰকান্ত বৰুৱা সদৰামিনৰ অসম বুৰঞ্জী, বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগ, অসম চৰকাৰ, গুৱাহাটী

. শইকীয়া, নগেন (সম্পাদনা)(২০১৪): বেণুধৰ শর্মা ৰচনাৱলী (দ্বিতীয় খণ্ড), অসম প্ৰকাশন পৰিষদ, গুৱাহাটী-২১

. শইকীয়া, ডঃ ৰক্তিম ৰঞ্জন (২০২২): প্ৰাক-ঔপনিৱেশিক অসমৰ অর্থনৈতিক ইতিহাস, অসম পাবলিচিং কোম্পানী, কলেজ হোষ্টেল ৰোড, পানবজাৰ, গুৱাহাটী-

১০. Baishya, Dinesh (2009): Traditional Science and Material Culture of Early Assam, EBH Publishers (India), Guwahati-781001.

১১.Bardi Ugo (24th March, 2014): Peak Gold: How the Romans Lost their Empire, SRSrocco Report.

১২. Bhuyan, S. K. (1963): An Account of Assam by Francis Hamilton, Department of Historical and Antiquarian Studies, Assam, Gauhati.

১৩. Bhuyan, S.K (1949): Anglo Assamese Relations: 1771-1826, Department of History and Antiquarian Studies in Assam, Guwahati.

১৪. Bose, S. K (2013): The Commercial Coinage of Koch kingdom, Library of Numismatic Study, BF 70 Sector I, Salt Lake City, Kolkata-700064.

১৫. Bur Bundaree, Moneeram Revenue Sheristadar (1838): Native Account of Gold in Assam, The Journal of the Asiatic Society of Bengal”, Vol VII, pp. 621-625.

১৬. Butler, John (1847): A Sketch of Assam with some accounts of Hill tribes, Smith Elder and Co, 60 Cornhill, London.

১৭. Choudhury, Pratap Chandra (1959): History of Civilization of the People of  Assam to the 12th century AD, Dept. of  Antiquarian Studies in Assam, Guwahati.

১৮. Choudhury, Pratap Chandra (1988): Assam-Bengal Relations, From Earliest Times to the Twelfth Century A.D , Spectrum Publication , Guwahati- 781001.

১৯. Dalton, E. J.T (1853): Account of a visit to the Jugloo and Seesee in Upper Assam together with a note on the Gold Fields of that Province by Major Hanny, Journal of Asiatic Society of Bengal, No, VI. pp. 511-521.

২০. Dutta, Debajit (2015 March): Growth of Trade and Commerce in Koch kingdom: A Numismatic Study, Karatoya, Journal of Department of History, University of North Bengal. Vol. 8

২১. Flynn, Dennis and Giraldez, Arturo (2002): Cycle of Silver: Global Economic Unity through the Mid-Eighteenth Century, Journal of World History, Vol. 13 No. 2, pp. 391-427.

২২. Gupta, Parmeshwari Lal (1988): Coins, National Book Trust India, New Delhi.

২৩. Hannay, S. F (1848 June): Notes on Ancient Temples and other remains in the vicinity of Suddyah, Upper Assam, Journal of Asiatic Society of Bengal, Vol. XVII, Part I. pp. 459-473.

২৪. MS No 269, Department of History and Antiquarian Studies.

২৫. Rhodes, N.G and Bose, S.K (2003): The Coinage of Assam, Vol. 1, Pre Ahom Period, Library of Numismatic Studies, Ward No 2, Raja Rammohan Ray Road, Dhubri-783301, Assam.

২৬. Sharma, R. S (2016): Early Medieval Indian Society: A Study in Feudalisation, Orient Blackswan Private Limited, 1/24 Asaf Ali Road, New Delhi-110002.

২৭. Sharma, S. K and Sharma Usha (2015 Reprint): Documents on North East India (Vol 3), Mittal Publication, A-110, Mohan Garden, New Delhi -110059.

২৮. Terwiel, Barend Jan (2016): The Dispersion of the Khamti Shans, A lecture on the occasion of the Shan New Year Festival 2016, Celebrated at SOAS, Khalili Lecture Theatre, London, 27 November 2016.

২৯.https://www.investopedia.com/terms/e/economy.asp

 

 



[1] https://www.investopedia.com/terms/e/economy.asp

[2] Bardi, Peak Gold: How the Romans Lost their Empire.

[3] Gupta, Coins, p. 177

[4] Sharma, R. S (2016), Early Medieval Indian Society, A study in Feudalisation, pp.119-163

[5] , Bur Bundaree Native Account of washing for gold in Assam,  The Journal of the Asiatic Society of Bengal”, pp.621-625

[6] Dalton, Account of a visit to the Jugloo and Seesee in Upper Assam together with a note on the Gold Fields of that Province by Major Hanny, Journal of Asiatic Society of Bengal, pp. 511-521

[7] Choudhury, History of Civilization of the People of Assam to the Twelve century AD, p 370

[8] Baishya, Traditional Science and Material Culture of Early, p. 313

[9] edwSma^ (s¹pa), AT^SaÄ«, p_. 54, 56

[10] Rhodes and Bose, Coinage of Assam, Vol. 1, Pre Ahom Period, pp.. 12, 16

[11]  Rhodes and Bose, Coinage of Assam, Vol. 1, Pre Ahom Period, page. 33

[12] Hannay, Notes on Ancient Temples and other remains in the vicinity of Suddyah, Upper Assam, p. 459

[13] চলিহা, পুৰণি অসমৰ কাৰিকৰী শিল্প, পৃষ্ঠা ৩৯

[14]আৰু কলিয়া ভোমোৰা বৰফুকনে সর্গদেৱৰ আজ্ঞানুসাৰে গুআহাটিৰ কামাখ্যাত তামৰ ঘৰ কৰিলে, চত্ৰাকাৰত দেৱালই কৰিলে”-তামুলি ফুকন, আসাম বুৰন্জি পুথি, পৃষ্ঠা ৬৭-৬৮

[15] Butler, A Sketch of Assam with some accounts of Hill tribes, p. 122

[16] Sharma and Sharma, Documents on North East India (Vol 3), p. 13

[17] Bhuyan (Ed), An Account of Assam by Francis Hamilton, p. 48

[18] Choudhury, Assam-Bengal Relations, p. 275

[19] Baishya, Traditional Science and Material culture of Early Assam, p. 318

[20] গাৰো, খাসীয়া পর্ব্বতৰ পূৱ দক্ষিণ ফালৰ পর্ব্বতৰ পৰা ৰূপ মাটী আনিবলৈ মৰঙ্গিয়াল কচাৰী ও সৰু কচাৰি ৫ হাজাৰ ৰূপোৱাল বুলি খেলৰ নাম দি খেলুৱা পাতিলে বছৰি বছৰি এক হাজাৰ সোণ ৰূপ মাটী আনিবলৈ যোৱা মানুহ বোৰৰ লগতো হাজৰিকা , শইকীয়া ও বৰা কুৰিয়া বৰা যায়৷? তামুলি (সম্পা), পদ্মেশ্বৰ নাওবৈচা ফুকনৰ অসম বুৰঞ্জী, পৃষ্ঠা ৩০

[21] বৰখামতি দেশত থকা ৰূপৰখনিৰ পৰা কেঁচা ৰূপ আহিছিল৷……চিংফৌৱেদি চীন দেশৰ পৰা সীহ তাম আৰু ৰূপ আহিছিল”—শইকীয়া (সম্পা), বেণুধৰ শর্মা ৰচনাৱলী, দ্বিতীয় খণ্ড, পৃষ্ঠা ১০৪৭

[22] Bhuyan, Anglo Assamese Relations, p 55

[23] Terwiel, The Dispersion of the Khamti Shans, p. 1

[24] শইকীয়া, প্ৰাক-ঔপনিৱেশিক অসমৰ অৰ্থনৈতক ইতিহাস, পৃষ্ঠা ৯৬-১০৪

[25] Bose, The Commercial Coinage of Koch kingdom, p. 6

[26] Dutta, Growth of Trade and Commerce in Koch kingdom: A Numismatic Study, pp. 11-19

[27] নেওগ (সম্পা), গুৰু চৰিত কথা, পৃ: ৩৫|

[28]   কি আছে বুলিয়া গুৰু আতাত পুচিলা৷

     ওঠৰ সেৰ জালুকৰ আতা কথা কৈলা৷৷

    থই আহিছো তাক ৰঙা মাটি চাই

    শুনি গুৰু বুলিলন্ত জানা আমুকাই৷৷

   ওঠৰ সেৰত টকা ওঠৰ যে পাইবা৷

   সেহিসে টকাৰে কেইদিন প্ৰৱর্ত্তিবা৷৷”—গোস্বামী (সম্পা), শ্ৰীশ্ৰী বদলা পদ্মআতাৰ চৰিত্ৰ, পৃ ১২৪

[29] টঙ্কাৰ তামোল তিনি সত বিসে গণিআ আনি৷

    তোলা জত পাআ হাৰিআ দেখ৷৷

    তালা প্ৰতি লব্ধ পুৰিআ দেখা---|”--- MS No 269, Department of History and Antiquarian Studies

[30]   জিনৈমুখতে থিৰাই মাজিকঃ এটকা দি নৌকা ধৰি আহি উজাইঃ মন্দিয়াৰতে উঠি আহি পাই সেভা কৈলেহিঃ”-নেওগ (সম্পা), গুৰু চৰিত কথা, পৃ ১৬৫        

[31]আৰু মজুন্দাৰ বৰুৱাই কামৰূপত ২৪০০০ চৌবিশ হাজাৰ নাৰাণী টাকা তহচিল হয়”-ভূঞা (সম্পা), হৰকান্ত সদৰামিনৰ অসম বুৰঞ্জী, পৃ ১২৪

[32] Flynn and Giraldez, Cycle of Silver: Global Economic Unity through the Mid-Eighteenth Century, Journal of World History, pp. 391-427

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ