অন্যযুগ/


মধ্যযুগীয় চুতীয়া ৰাজ্যৰ বৰতোপ আৰু বাৰুদ নিৰ্মাণ প্ৰযুক্তি: অসমৰ স্থানীয় জ্ঞান ব্যৱস্থাৰ পুনৰনির্মাণ

 ড০ ৰক্তিম ৰঞ্জন শইকীয়া

 

খাৰ-বাৰুদৰ আৱিষ্কাৰে মধ্যযুগৰ পৰম্পৰাগত যুদ্ধলৈ আমূল পৰিৱর্তন আনিছিল৷ ইয়াক ব্যৱহাৰ কৰি তুলনামূলকভাৱে সৰু সৈন্যবাহিনী এটাইও যুদ্ধক্ষেত্ৰত বিশেষ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সমর্থ হৈছিল৷ মধ্যযুগীয়া আহোম বুৰঞ্জীবোৰত চুতীয়া ৰাজ্য অধিকাৰ কৰাৰ পাছত জব্দ কৰা সামগ্ৰীবোৰৰ তালিকাত বহুখিনি কামানো আছিল৷ ইয়াৰ পূর্বে কোনো আহোম বুৰঞ্জীত কামান ব্যৱহাৰৰ উল্লেখ পোৱা নাযায৷ কামানৰ উপস্থিতিয়ে অৱধাৰিতভাৱে বাৰুদৰ উৎপাদনকো সূচিত কৰে৷ কাৰণ বাৰুদৰ অবিহনে কামানৰ কোনো ব্যৱহাৰিক উপযোগিতা নাই৷ আহোম বুৰঞ্জীত সবিস্তাৰে উল্লেখ থকা বিবিধ কামানৰ বর্ণনাৰ পৰা ভাৰতৰ যি কেইখন ৰাজ্যই সর্বপ্ৰথমে আগ্নেয়াস্ত্ৰ ব্যৱহাৰৰ কৃতিত্ব লাভ কৰিছিল সেই কেইখন ৰাজ্যৰ ভিতৰত চুতীয়া ৰাজ্যকো অন্তৰ্ভূক্ত কৰিব পাৰি৷ মধ্যযুগত ভাৰতত চেগাচোৰোকাকৈ হ’লেও যিকেইখন ৰজাই যুদ্ধত বাৰুদ ব্যৱহাৰ কৰিছিল তাৰ ভিতৰত আলাউদ্দিন খিলিজিও অন্যতম৷ আলাউদ্দিন খিলিজিৰ (১২৯৬-১৩১৬) সৈন্যবাহিনীয়ে কেইবাখনো যুদ্ধত বাৰুদ ব্যৱহাৰৰ উল্লেখ পোৱা যায়৷ কিন্তু এই বাৰুদ কামানত ভৰাই গোলা নিক্ষেপ কৰাৰ পৰিৱর্তে বিস্ফোৰক হিচাপেহে ব্যৱহাৰ হৈছিল৷ সেইদৰে বাহমণি ৰাজ্যতো বিস্ফোৰক হিচাপে বাৰুদৰ ব্যৱহাৰ আছিল যদিও সেয়া কামান নাছিল৷[i] ১৫৩০ খ্ৰীষ্টাব্দত এক পৰ্তুগীজ ব্যৱসায়ী ফার্ণাও নুনিজৰ (Fernao Nuniz) টোকাত বিজয় নগৰৰ সেনা বাহিনীয়ে একধৰণৰ হাত বন্দুক ব্যৱহাৰ কৰাৰ বিষয়ে উল্লেখ আছে৷[ii] ভাৰতত যুদ্ধক্ষেত্ৰত আক্ৰমণকাৰী বাবৰৰ সৈন্যবাহিনীয়ে ১৫২৬ খ্ৰীষ্টাব্দত পানীপথৰ প্ৰথম যুদ্ধত ইব্ৰাহিম লোডীৰ সৈন্যবাহিনীৰ বিৰূদ্ধে পূর্ণ পর্যায়ত কামান ব্যৱহাৰ কৰে৷[iii]  কিন্তু পানীপথৰ যুদ্ধৰ দুবছৰৰ আগতেই ১৫২৪ খ্ৰীষ্টাব্দত সংঘটিত হোৱা চুতীয়া যুদ্ধত যিমান পৰিমাণৰ কামান বাজেয়াপ্ত হ’ল তাৰ পৰা প্ৰমাণ হয় বাবৰৰ ভাৰত আগমণৰ আগৰে পৰা চুতীয়া ৰাজ্যত খাৰবাৰুদৰ লগতে কামানৰো ব্যৱহাৰ সূলভ আছিল৷

চুতীয়া ৰাজ্যৰ কামান

মধ্যযুগৰ আহোম বুৰঞ্জীবোৰত চুতীয়াসকলৰ হাতত কামান থকাৰ বিষয়ে জনা যায়৷ আহোমসকলে চুতীয়া ৰাজ্যদখল কৰোতে জব্দ কৰা কামানসমূহৰ সংখ্যা বেলেগ বেলেগ বুৰঞ্জীত বেলেগ বেলেগকৈ আছে৷ ১৭ শতিকাৰ আহোম ৰাজ্যৰ ৰাজমন্ত্ৰী আঁতন বুঢ়াগোহাঁয়ে বাঁহগড়ীয়া বুৰঞ্জী ৰচনা কৰিছিল৷ এই বাঁহগড়ীয়া বুৰঞ্জীখন কেইবাখনো পুৰণি বুৰঞ্জীৰ লগত দেওধাই অসম বুৰঞ্জীৰ লগত ছপা হৈ ওলাইছে৷ এই বাঁহগড়ীয়া বুৰঞ্জীমতে আহোমসকলে চুতীয়া ৰাজ্য দখল কৰোঁতে ৭৯ টা স্থানীয়ভাৱে হিলৈ বুলি অভিহিত কৰা কামান জব্দ কৰিছিল৷[iv] দেওধাই অসম বুৰঞ্জীৰ লগতে সংকলিত হোৱা “চুটিয়াৰ কথা” নামৰ সৰু বুৰঞ্জীখনৰ মতে আহোমসকলে চুতীয়া ৰাজ্য জয় কৰাৰ পাছত ১০০০ টা হিলৈ হস্তগত কৰিছিল৷[v] সুকুমাৰ মহন্তৰ ঘৰত পোৱা অসম বুৰঞ্জীমতেও আহোমসকলে চুতীয়াসকলৰ পৰা ১০০০ টা হিলৈ জব্দ কৰিছিল৷[vi] বুৰঞ্জীভেদে হিলৈৰ সংখ্যাৰ তাৰতাম্য ঘটিলেও ইয়াৰ অৱস্থিতি সকলো বুৰঞ্জীয়ে নিশ্চিত কৰিছে৷ এই হিলৈ বা কামান তৈয়াৰ কৰিবলৈ প্ৰয়োজন লোৰ৷ ক’ৰ পৰা আহিছিল এই লো?

চুতীয়া ৰাজ্যৰ এটা অন্যতম ক্ৰান্তিক মণিক লোৰ উৎস সন্ধান কৰিবলৈ হ’লে আমি চুতীয়া ৰাজ্যৰ ভৌগোলিক সীমাৰেখা চিহ্নিত কৰিব লাগিব৷ প্ৰথম অৱস্থাত দ্বিতীয় চুতীয়া ৰজা ৰত্নধ্বজপালৰ (১২১০-১২৫০ খ্ৰীষ্টাব্দ) ৰাজ্যৰ পশ্চিম সীমা আছিল দিক্ৰং নদী৷ কিন্তু ১২২২ খ্ৰীষ্টাব্দৰ ভিতৰত দিক্ৰঙৰ পশ্চিমে থকা ভূঞা ৰাজ্য আৰু ন্যায়পাল নামৰ ৰজাজনৰ ৰাজ্য অধিকাৰ কৰাৰ পাছত ৰত্নধ্বজপালৰ ৰাজ্যৰ পশ্চিম সীমা কমতা ৰাজ্যলৈকে বিস্তাৰিত হয়৷[vii] মধ্যযুগীয় বুৰঞ্জীত কমতা ৰাজ্যৰ সীমান্তলৈকে ৰত্নধ্বজপালে এটা আলি বন্ধোৱাৰ কথা জনা যায়৷[viii]

ৰত্নধ্বজপালৰ সমসাময়িক কমতাপুৰৰ ৰজা আছিল সন্ধ্যা৷ শৈলেন দেৱনাথে তেখেতৰ কমতাপুৰ সম্পর্কীয় গ্ৰন্থখনত দেখুওৱা মতে কমতাপুৰৰ পূৱ সীমা আছিল মানাহ নদী৷ অর্থাৎ মানাহ নদীয়েই আছিল ৰত্নধ্বজপালৰ চুতীয়া ৰাজ্যৰ পশ্চিম সীমা৷[ix]

চুতীয়া ৰাজ্যৰ উত্তৰ আৰু পূৱফালে ক্ৰমে হিমালয় আৰু মিচিমি পর্বতমালা৷ পর্বতৰ ভুখিনি ভিতৰলৈ চুতীয়াসকলৰ অধিকাৰ বিস্তাৰিত হৈছিল আৰু তেওঁলোকে পর্বতৰ মাজত বহুখিনি সীমান্ত চকী স্থাপন কৰিছিল৷[x] এতিয়া চোৱা যাওক চুতীয়া ৰাজ্যৰ দক্ষিণ সীমালৈ৷ দিহিঙীয়া ৰজাৰ ৰাজত্ব কালত আহোম আৰু চুতীয়া ৰাজ্যৰ মাজত যি সংঘর্ষৰ সূত্ৰপাত হৈছিল তাৰ মূল কাৰণ আছিল চুতীয়া ৰাজ্যৰ দক্ষিণ সীমাত অৱস্থিত দিহিং নদীত ধৰা এটা ডাঙৰ বৰালী মাছ৷ সুকুমাৰ মহন্তৰ ঘৰত পোৱা অসম বুৰঞ্জীত আছে—

“…….একদিনাপ্ৰতি বৃহৎ বৰালি মাছ এটা দিহিঙ্গৰ মাজেদি উটি আহে৷ মাজে সীমা, উত্তৰফালে চুটিয়া ৰজা, দক্ষিণে দিহিঙ্গৰ ৺ ৰাজাৰ ৰাজ্য৷”[xi]

উপৰোক্ত তথ্যখিনি ব্যৱহাৰ কৰি আমি চুতীয়া ৰাজ্যৰ এখন সম্ভাব্য মানচিত্ৰৰ ধাৰণা কৰিব পাৰো৷ এই মানচিত্ৰখনে যিটো ভৌগোলিক সীমালৈ আঙুলিয়াই দিয়ে সেই ভৌগোলিক সীমাৰ ভিতৰত লোৰ কোনো পৰম্পৰাগত উৎস নাই৷ কিন্তু এই ভৌগোলিক সীমাৰ ভিতৰত লোৰ কিছুমান অপৰম্পৰাগত উৎস আছে৷ দিচাং আৰু দিহিং এই দুইখন নদীৰে উৎস হ’ল পাটকাই-নগা পর্বতমালা৷ দিহিং নদীয়েদি উজাই গৈ পাটকাই পর্বতত সোমোৱা অঞ্চলটোত পোৱা যায় “বোকা আকৰ” (Iron nodules)৷[xii] উল্লেখযোগ্য যে দিহিঙৰ পৰা সামান্য নামনিত দিচাং নদী নগা-পর্বতৰ পৰা ওলাই অহা স্থানতো এই ধৰণৰ বোকা আকৰ পৰিলক্ষিত হয়৷ দিচাঙৰ আগলি ভাগতে মধ্যযুগৰ আহোম ৰাজ্যৰ বিখ্যাত লো উৎপাদন কৰা স্থান তিৰু পাহাৰ অৱস্থিত৷ এই স্থানৰ বিস্তৃতি একেবাৰে দৈয়াং নদীৰ উৎসস্থললৈকে বিয়পি আছে৷

চুতীয়া ৰাজ্যৰ দক্ষিণ সীমাইদি বৈ যোৱা দিহিং নদীৰ আগলি অংশত থকা লোৰ আকৰবোৰৰ পৰা কি পদ্ধতিৰে লো আহৰণ কৰা হৈছিল সেই বিষয়ে কোনো লিখিত তথ্য নাই৷ কিন্তু আমি মধ্যযুগত প্ৰাপ্ত প্ৰযুক্তি আৰু লো উৎস থকা অঞ্চলত বর্তমান বসবাস কৰি থকা নগাসকলৰ মাজত প্ৰচলিত পৰম্পৰাগত পদ্ধতিৰ চুতীয়াসকলৰো লো আহৰণ কৰা পদ্ধতি এটা পুনৰ নির্মাণ কৰি উলিয়াব পাৰো৷ উল্লেখযোগ্য যে হেমেটাইটৰ গলনাংক প্ৰায় ১৫৬৫ ডিগ্ৰী চেণ্টিগ্ৰেড৷ লোৰ যিকোনো আকৰিকৰে গলনাংক ১৫২৮ ডিগ্ৰী চেণ্টিগ্ৰেডতকৈ অধিক৷ মধ্যযুগত পৃথিৱীৰ কোনো ঠাইতে ইমান উচ্চ উষ্ণতা সৃষ্টি কৰিব পৰা প্ৰযুক্তি নাছিল৷ গতিকে মধ্যযুগৰ লো শোধন প্ৰক্ৰিয়াটোত গোটা অৱস্থাতে শোধন কৰিব লগা আছিল৷ স্থানীয় কিছু উপকৰণৰ বাহিৰে সমগ্ৰ পৃথিৱীতে এই একেই পদ্ধতি চলি আছিল৷

এই পদ্ধতিটোৰ ভিতৰলৈ যোৱাৰ আগতে আমি ধাতু শোধন বুলিলে কি বুজায় তাক কিছু ব্যাখ্যা কৰিব লাগিব৷ ধাতুৰ আকৰিকবোৰ সাধাৰণতে অক্সাইড বা হাইদ্ৰক্সাইদ হিচাপে থাকে৷ হেমেটাইট হ’ল লোৰ অক্সাইড৷ এই অক্সাইডবোৰক কোনো বিজাৰক পদার্থৰ লগত বিক্ৰিয়া কৰিবলৈ দিলেই লো ধাতু মুক্ত হয়৷ কিন্তু গোটা অৱস্থাতে কোনো ধাতুক বিজাৰণ বিক্ৰিয়া ঘটাই মুক্ত কৰাটো এটা সহজ কাম নহয়৷ গোটা অৱস্থাতে লো শোধন কৰা প্ৰক্ৰিয়াটোক কাৰিকৰী ভাষাত ব্লুমেৰী (Bloomery) বুলি উল্লেখ কৰা হয়৷ সামান্য স্থানীয় সালসলনিৰ বাবে মধ্য আৰু প্ৰাচীন যুগত গোটেই পৃথিৱীতে একে পদ্ধতিৰে লো শোধন কৰা হৈছিল৷[xiii] ১৮৫৬ খ্ৰীষ্টাব্দত হেনে চাহাবে বচা দৈয়াঙত ব্লুমেৰী পদ্ধতিৰে লো শোধন কৰা দেখিবলৈ পাইছিল৷[xiv]

এই পদ্ধতিটোত আকৰিক খণ্ডবোৰ অতি গৰম কৰি বাৰে বাৰে এঙাৰৰ সংস্পর্শত উত্তপ্ত কৰা হয়৷ উত্তপ্ত লোৰ অক্সাইডবোৰৰ এঙাৰৰ লগত বিক্ৰিয়া ঘটি অক্সাইডবোৰ ভাগি যায় আৰু কার্বন ডাই অক্সাইড উৎপন্ন হয় আৰু লো-খিনি মুক্ত হয়৷ এইদৰে মুক্ত হোৱা লো-খিনিক ঢলা লো(Cast Iron) বুলি কোৱা হয়৷ ঢলা লো-খিনি পুনৰ উত্তপ্ত কৰি অতিপাত কোবাই থাকিলে তাৰ মাজত থকা অশুদ্ধিবোৰ ওলাই আহি পিটা লো (Wrought iron) সৃষ্টি হয়৷[xv] গৰম পিটা লো এঙাৰৰ গুৰিৰ মাজত সুমুৱাই তাক কোবাই কোবাই তীখা তৈয়াৰ কৰা হৈছিল৷ চুতীয়াসকলে যিবোৰ ঠাইৰ পৰা লো আহৰণ কৰা বুলি আমি ধাৰণা কৰিছোঁ সেইবোৰ ঠাইত স্থানীয় নগা জনজাতীয় লোকসকলে ১৯৯৯ খ্ৰীষ্টাব্দমানলৈকে সেই প্ৰাচীন পদ্ধতিৰে কোবাই কোবাই লো উৎপাদন কৰিছিল৷ বর্তমান গড়গাওঁ মহাবিদ্যালয়ৰ ভূতত্ত্ব বিভাগৰ অধ্যাপক ডঃ চন্দ্ৰাদিত্য গগৈয়ে ১৯৯৯ খ্ৰীষ্টাব্দৰ নৱেম্বৰ-ডিচেম্বৰ মাহত দিলি নদীৰ উজনিভাগ ভ্ৰমণ কৰোতে নগাসকলে স্থানীয়ভাৱে “লোহা পাথৰ” বুলি জনাজাত হেমেটাইটৰ টুকুৰাবোৰ এঙাৰৰ মাজত দি কোবাই কোবাই লো উৎপাদন কৰা দেখিবলৈ পাইছিল বুলি আমাক জনাইছিল৷ প্ৰাচীন আৰু মধ্যযুগৰ পৃথিৱীত প্ৰচলিত পদ্ধতিৰেই চুতীয়াসকলে লো উৎপাদন কৰিছিল বুলি আমি নিশ্চিত৷

লো গলাই বিভিন্ন আকৃতি দিব পৰা মাৰুৎ চুল্লী (Blast furnace) ঔপনিৱেশিক যুগতহে ভাৰতলৈ আহে৷ তাৰ আগতে লোৰে নির্মিত সামগ্ৰীক কোবাই কোবায়েই আকৃতি দিব লগা হৈছিল৷ যিকোনো মধ্যযুগীয় বৰটোপ তৈয়াৰ কৰা পদ্ধতিটোৰ এটা বর্ণনা ইতিহাসবিদ ইকবাল জি খানে (Iqbal G Khan) কৰিছে৷ ভিন্ন ৰূপ দেখা গ’লেও আচলতে সকলো একেটা মূল পদ্ধতিৰেই ভিন্ন ৰূপ৷ এই পদ্ধতিটোক “হুপ এণ্ড বাৰ” (Hoop and Bar) পদ্ধতি বুলি জনা যায়৷

এই পদ্ধতিত পিটালোৰ শকত দণ্ড কিছুমান একগোট কৰি এটা চুঙাৰ আকৃতি দিয়া হয়৷ তাৰপাছত লোৰ খাৰু কেইডাল মান সঠিক জোখত তৈয়াৰ কৰি খাৰু কেইডাল গৰম কৰি প্ৰসাৰিত অৱস্থাত দণ্ড সহায়েৰে তৈয়াৰ কৰা চুঙাটো ওপৰত পিন্ধাই দিয়া হয়৷ ঠাণ্ডা হোৱাৰ পাছত সংকুচিত খাৰুৱা কেইডালে চুঙাটোক নিকপকপীয়াকৈ বান্ধি পেলায়৷ তাৰপাছত লোৰ চুঙাটো বাৰে বাৰে উতপ্ত কৰি পিটি পিটি দেখাত গোটা চুঙাৰ দৰে কৰি দিয়া হয়৷

“হুপ এণ্ড বাৰ” পদ্ধতিৰে তৈয়াৰী কামান


চুতীয়া ৰাজ্যৰ বাৰুদ

চুতীয়া ৰাজ্যত কামান থকাৰ বিষয়ে বুৰঞ্জীবোৰত উল্লেখ থাকিলেও যুদ্ধত কামান ব্যৱহাৰৰ কোনো পোনপটীয়া উল্লেখ চকুত পৰা নাই৷ কিন্তু কামান থকাৰ কাৰণে ব্যৱহাৰো হৈছিল বুলি ধৰি লৈ সেই সময়ত বাৰুদ প্ৰস্তুত কৰাৰ প্ৰণালীটোৰ বিষয়ে ব্যাখ্যা কৰিবলৈ যত্ন কৰা হৈছে৷ চুতীয়া ৰাজ্যত বাৰুদ কেনেকৈ তৈয়াৰ হৈছিল তাৰ কোনো পোনপটীয়া উল্লেখ ক’তো পোৱা নাযায়৷ কিন্তু চুতীয়া ৰাজ্যৰ ভৌগোলিক সীমাৰ ভিতৰত পোৱা খনিজাত দ্ৰব্য আৰু আহোম ৰাজ্যত প্ৰচলিত বাৰুদ তৈয়াৰ কৰা পদ্ধতিৰ আধাৰত চুতীয়া ৰাজ্যৰো বাৰুদ তৈয়াৰ কৰা প্ৰণালীৰ বিষয়ে তথ্য দাঙি ধৰা হৈছে৷

      বাৰুদ তৈয়াৰ কৰাৰ মূল ৰসায়ন হ’ল যৱক্ষাৰ বা পটাছিয়াম নাইট্ৰেট বা ছল্ট পিটাৰ৷ চুতীয়া ৰাজ্য বা সামগ্ৰিকভাৱে অসমৰ কোনো ঠাইতে খনিজ ছল্ট পিটাৰ পোৱা নাযায়৷ সেয়ে মধ্যযুগৰ অসমত এক বিশেষ পদ্ধতিৰে পটাছিয়াম নাইট্ৰেট আহৰণ কৰা হৈছিল৷ চুতীয়াসকলে মধ্যযুগৰ অসমত প্ৰথম আগ্নেয়াস্ত্ৰ ব্যৱহাৰ কৰালৈ লক্ষ্য কৰিলে আহোমসকলে যৱক্ষাৰৰ উৎপাদন পদ্ধতিও চুতীয়াসকলৰ পৰা আহৰণ কৰা বুলি আমি প্ৰকল্প আগবঢ়াব পাৰো৷ কাৰণ চুতীয়া যুদ্ধৰ আগলৈকে আহোমসকলে আগ্নেয়াস্ত্ৰ ব্যৱহাৰ কৰাৰ কোনো তথ্য পোৱা নাযায়৷ আহোম ৰাজ্যত পটাছিয়াম নাইট্ৰেট উৎপাদন কৰাৰ বাবে যখৰীয়া নামৰ এটা বিশেষ খেলেই আছিল৷ যখৰীয়াসকলে বোধহয় চুতীয়াসকলৰ পৰাই এই পটাছিয়াম নাইট্ৰেটৰ উৎপাদন প্ৰণালীটো শিকি লৈছিল৷ অৱশ্যে এই বিষয়ে কোনো পোনপটীয়া তথ্যপ্ৰমাণ নাই৷ কেৱল পৰোক্ষ প্ৰমাণৰ ওপৰত ভিত্তি কৰিহে এই সিদ্ধান্তটো লোৱা হৈছে৷ অৱশ্যে সেই সময়ত মানুহে নিতান্ত যান্ত্ৰিকভাৱে ইয়াক আহৰণ কৰিছিল৷ পটাছিয়াম নাইট্ৰেট কি প্ৰক্ৰিয়াৰ মাজেৰে উৎপাদন হৈছিল সেই বিষয়ে মধ্যযুগৰ মানুহৰ কোনো ধাৰণা নাছিল৷

যখৰীয়াসকলে ব্যৱহাৰ কৰা পটাছিয়াম নাইট্ৰেট আহৰণ পদ্ধতিটো বুৰঞ্জীবিদ হিতেশ্বৰ বৰবৰুৱাই মানুহৰ মুখৰ পৰা সংগ্ৰহ কৰি লিপিবদ্ধ কৰি গৈছে৷ হিতেশ্বৰ বৰবৰুৱাই লিখি থৈ যোৱা মতে—“শুনা যায় ৰজাৰ দিনত হেনো ডাঙ্গৰকৈ গোহালী সজাই, তাত ছমাহমান একেৰাহে গৰু বন্ধায় (বিশেষকৈ ক’লা বৰণীয়া গৰু) আৰু মুতা্য৷ গৰুৰ মুতখিনি গোহালিতে শুকাবলৈ দিয়া হয়৷ এইদৰে ছমাহমান গৰুৰ হতুৱাই মুতুৱা হ’লে, তাৰপাছত তাত গৰু বান্ধিবলৈ এৰি দিয়ে আৰু সেই ঘৰটো এবছৰমান দুৱাৰ বান্ধি উদংভাৱে ৰখা হয়৷ পাছত ভেঁকুৰি সেই গোহালিৰ ভেঁটোটোত বগা বগা এবিধ মিহি বস্তু ওলায় (কাঠফুলা নহয়)৷ সেই বগা বস্তুখিনিৰ পৰাই কিবা উপায়েৰে যৱক্ষাৰ প্ৰস্তুত কৰা হৈছিল”[xvi]

প্ৰকৃততে হিতেশ্বৰ বৰবৰুৱাই উল্লেখ কৰা বগা বস্তুখিনিয়েই পটাছিয়াম নাইট্ৰেট বা যখাৰ বা যৱক্ষাৰ৷ ইয়াৰ পৰা বেলেগে যখাৰ প্ৰস্তুত কৰাৰ বিশেষ প্ৰয়োজনেই নাই৷ গৰুৰ গোহালিৰ মাটিৰ এটা বিশেষ ভৌতিক গুণ থাকে৷ সেই বিশেষ গুণটো হ’ল গৰুৰ গোহালিৰ মাটিৰ সৰন্ধ্ৰতা আৰু প্ৰৱেশ্যতা (Porosity and Pereability) অতি কম৷ মাটিৰ সৰন্ধ্ৰতা আৰু প্ৰৱেশ্যতাৰ কাৰণ হ’ল ক্ৰুম্বৰ গাঁঠনি (Crumb’s structure) নামেৰে জনাজাত মূৰ ফণিওৱা ফণীখনৰ দাঁতবোৰৰ দৰে মাটিৰ অণুবোৰ সজ্জ্বিত বিশেষ গাঁঠনিটো৷ ক্ৰুম্বৰ গাঁঠনিৰ দৰেই মাটি সৰন্ধ্ৰ বা প্ৰৱেশ্য হয়৷ কিন্তু গোহালিত গৰু ম’হৰ খুৰাৰ আঘাতত গোহালিৰ মাটিৰ ৪-৫ ইঞ্চি তলতে ক্ৰুম্বৰ গাঁঠনিটো ভাগি গৈ ইয়াৰ সৰন্ধ্ৰতা আৰু প্ৰৱেশ্যতা প্ৰায় শূণ্য হৈ এখন পানী নসৰকা থালৰ দৰে হৈ পৰে৷ আনহাতে গোহালিৰ একেবাৰে ওপৰৰ মাটখিনি আকৌ বান্ধোন নাইকিয়া ঢিলা হৈ পৰে৷ মজিয়াৰ মাটিয়ে এনে অৱস্থা পোৱাৰ পাছত গৰু বা ম’হে বাৰে বাৰে প্ৰস্ৰাৱ কৰিলে প্ৰস্ৰাৱখিনি মাটিৰ তললৈ সোমাই যাব নোৱাৰি মাটিৰ ৩-৪ ইঞ্চি তলতে ৰৈ যায়৷ আনহাতে গোহালিৰ মজিয়াত খেৰ আৰু শুকান ঘাঁহ পৰি থকাতো এক সাধাৰণ ঘটনা৷ এই পৰি থকা খেৰবোৰে যখাৰ বা পটাছিয়াম নাইট্ৰেট উৎপাদনত গুৰুত্বপূর্ণ ভূমিকা লয়৷ প্ৰস্ৰাৱত তিতি থকা খেৰবোৰ হৈ পৰে বিভিন্ন বেক্টেৰিয়াৰ বাসস্থান৷ এই বেক্টেৰিয়াবোৰৰ কিছুমানে ইউৰেজ (Urease) নামৰ এনজাইম ক্ষৰণ কৰে৷ ইউৰেজ এনজাইমে অনুঘটক হিচাপে কাম কৰি গৰু ম’হৰ প্ৰস্ৰাৱত থকা ইউৰিয়াক ভাঙি এমোনিয়াৰ উৎপাদন কৰে৷ এই এমোনিয়া পানীৰ লগত মিহলি হৈ এমোনিয়াম আয়নৰ (NH4+) সৃষ্টি কৰে৷ এই এমোনিয়াম আয়নে “এমোনিয়াম জাৰক অনুজীৱ”ৰ (Amonium Oxidizing Microbs) উপস্থিতিত বায়ুমণ্ডলৰ অক্সিজেনৰ সৈতে লগ হৈ নাইট্ৰেট আয়নৰ সৃষ্টি কৰে৷ এই প্ৰক্ৰিয়াটোক নাইট্ৰিফিকেশ্বন বুলি কোৱা হয়৷ নাইট্ৰেট আয়নবোৰে মাটিত থকা পটাছিয়াম, চডিয়াম আৰু কেলচিয়ামৰ মণিকসমূহৰ লগত বিক্ৰিয়া কৰি ধাতৱ নাইট্ৰেট (metal nitrates) বা যখাৰ সৃষ্টি কৰে৷ গোহালিৰ মজিয়াৰ মাটিৰ প্ৰৱেশ্যতা কম বাবে ধাতৱ নাইট্ৰেটবোৰে পানীৰ লগত দ্ৰৱীভূত হৈ তললৈ যাব নোৱাৰে৷ পানীভাগ বাস্পীভূত হোৱাৰ পাছত মাটিখিনিত নাইট্ৰেটবোৰ জমা হৈ থাকে৷ এই দৰে ধাতৱ নাইট্ৰেটবোৰ মাটিৰ ৩-৪ ইঞ্চি তলতে জমা হৈ হৈ ইমান সংপৃক্ত (Saturated) যে ধাতৱ নাইট্ৰেটৰ স্ফটিকবোৰ মাটিৰ ওপৰলৈ মূৰ দাঙি উঠে৷

এই স্ফটিকবোৰকে যখাৰৰূপে সংগ্ৰহ কৰা হয়৷ কিন্তু কেতিয়াবা ছ’ডিয়াম নাইট্ৰেট আৰু কেলচিয়াম নাইট্ৰেটৰ পৰিমাণ পটাছিয়াম নাইট্ৰেটতকৈ বেছি হ’লে এনে যখাৰৰ পৰা তৈয়াৰ কৰা বাৰুদৰ মান নিম্ন হয়৷ কাৰণ চডিয়াম আৰু কেলচিয়ামৰ নাইট্ৰেটবোৰ জলগ্ৰাহী৷ ইহঁতে বায়ুমণ্ডলৰ পৰা জলীয় বাস্প শোষণ কৰি বাৰুদৰ মান নিম্নগামী কৰে৷ সেয়েহে গৰু বান্ধি থকাৰ সময়ত গোহালিৰ মজিয়াত কাঠখৰি জ্বলোৱা ছাই (এঙাৰ নহয়) চটিয়াই দিয়া হৈছিল৷ কাঠখৰি জ্বলোৱা ছাইত পটাছিয়াম থাকে৷ এই পটাছিয়ামৰ লগত নাইট্ৰেট অয়ন লগ হৈ ৯৬% পর্যন্ত পটাছিয়াম নাইট্ৰেটৰ সৃষ্ট কৰিব পাৰে৷[xvii]  

 যখাৰৰ পৰা বাৰুদ প্ৰস্তুত প্ৰণালী সহজ৷ পটাছিয়াম নাইট্ৰেট (KNO3)বা যখাৰ ৭৫%, এঙাৰ ১৫% আৰু গন্ধক ১০% মিশ্ৰণ কৰিলেই বাৰুদ তৈয়াৰ হয়৷ বাৰুদ মিশ্ৰণটোত যখাৰে জাৰক পদার্থ হিচাপে কাম কৰে৷ বাৰুদ মিশ্ৰণটোত জুই লগাই দিলে যখাৰৰ সংযুতিত থকা অক্সিজেন মুক্ত হয়৷ এই অক্সিজেনে এঙাৰৰ গুৰি আৰু গন্ধকৰ গুৰিৰ জাৰণ ঘটায়৷ এই বিক্ৰিয়া অতি দ্ৰুতগতিত সংঘটিত হয় আৰু প্ৰচুৰ তাপ উৎপন্ন হৈ বিস্ফোৰণৰ সৃষ্টি কৰে৷ অসমৰ এই যৱক্ষাৰ প্ৰস্তুতৰ পদ্ধতিটো স্থানীয়ভাৱে বিকশিত হোৱা বুলি ধাৰণা হয়৷ কাৰণ বাৰুদৰ জন্মস্থান চীনদেশতো এই পদ্ধতি ব্যৱহাৰৰ উল্লেখ চকুত পৰা নাই৷

       আমি উল্লেখ কৰা বাৰুদ তৈয়াৰ কৰোতে ব্যৱহাৰ কৰা মিশ্ৰণটোৰ সামগ্ৰীবোৰৰ সামান্য ইফাল সিফাল কৰি বিস্ফোৰকৰ উপৰিও আঁতচবাজী, চক্ৰবান, ফুলজাৰী আদি মনোৰঞ্জনৰ লগত জড়িত উপাদানো তৈয়াৰ কৰিব পাৰি৷ বিস্ফোৰকৰ পৰা আতচবাজী, চক্ৰবান বা ফুলজাৰী তৈয়াৰ কৰাৰ প্ৰণালী লিপিবদ্ধ থকা এখন প্ৰাচীন সাঁচীপতীয়া পুথি নগাঁৱৰ বালিসত্ৰত এসময়ত সংৰক্ষিত আছিল৷ সেই জৰাজীর্ণ পুথিখনিৰ পাঠোদ্ধাৰ কৰি ড০ কেশৱানন্দ দেৱগোস্বামীয়ে প্ৰকাশ কৰিছিল৷[xviii] এই সকলো পদ্ধতিয়ে দীর্ঘকাল ধৰি চলি থকা এক বাৰুদ প্ৰস্তুতিৰ পৰম্পৰাৰ বিষয়ে ইংগিত কৰে৷ এই পৰম্পৰাৰ উৎস চুতীয়া ৰাজ্যত বুলি আমি ধাৰণা কৰো৷

চুতীয়া বাৰুদৰ উৎসঃ এক প্ৰকল্প

বর্তমান পৃথিৱীৰ সর্বজন স্বীকৃত তথ্যটোৰ মতে বাৰুদ চীনা সভ্যতাৰ অৱদান৷ বাৰুদ তৈয়াৰ কৰাৰ বিষয়ে প্ৰথম লিখিত বিৱৰণ পোৱা যায় ৮০০ খ্ৰীষ্টাব্দৰ মাজ ভাগত ৰচিত “ঝেনুয়ান মিয়াওদাও য়াওলুৱে” (Zhenyuan miaodao yaolüe) নামৰ তাওধর্মীয় পুস্তকখনত৷[xix] বাৰুদ প্ৰস্তুতিৰ কৌশল চীনাসকলে গোপনে ৰাখিছিল৷ কিন্তু ১২১১ খ্ৰীষ্টাব্দত চেঙ্গিজ খানৰ নেতৃত্বত মঙ্গোলসকলে গোবি মৰুভূমি অতিক্ৰম কৰি চীনদেশ আক্ৰমণ কৰে আৰু ১২১৮ খ্ৰীষ্টাব্দত বেইজিং অধিকাৰ কৰে৷[xx] চীনদেশ দখল কৰাৰ পাছত মঙ্গোলসকলে চীনা বাৰুদ প্ৰস্তুতিৰ কৌশল আয়ত্ব কৰি পাছত মধ্য এছিয়া আৰু য়ুৰোপ অভিযানত প্ৰচুৰ পৰিমাণে ব্যৱহাৰ কৰে৷ কেতিয়াও বাৰুদৰ ব্যৱহাৰ নেদেখা মধ্য এছিয়া আৰু ইউৰোপৰ অধিবাসীসকলে মঙ্গোলসকলৰ অগ্নিযুদ্ধত ভয়ত পেঁপুৱা লাগি মঙ্গোল আক্ৰমণক ঈশ্বৰৰ অভিশাপ বুলি গণ্য কৰিছিল৷ মঙ্গোলসকলৰ জড়িয়তেই বাৰুদ তৈয়াৰ কৰাৰ প্ৰযু্ক্তি সেইকালৰ পৃথিৱীত বিয়পি পৰে৷[xxi]

গতিকে ১২১৮ খ্ৰীষ্টাব্দৰ পাছতহে চুতীয়াসকলে বাৰুদ প্ৰস্তুতিৰ প্ৰযুক্তি হস্তগত কৰে বুলি আমি গণ্য কৰিব পাৰো৷ ১২১০ খ্ৰীষ্টাব্দৰ পৰা ১২৫০ খ্ৰীষ্টাব্দলৈ দিহিঙ-ব্ৰহ্মপুত্ৰৰ উত্তৰে সমস্ত ৰাজ্যখণ্ডৰ অধিপতি আছিল চুতীয়াসকলৰ সর্বশ্ৰেষ্ঠ ৰজা ৰত্নধ্বজপাল৷[xxii] চুতীয়া ৰাজ্যৰ লগত চীন-ব্ৰহ্মদেশৰ এটা শক্তিশালী বাণিজ্যিক সম্পর্ক আছিল৷[xxiii] গতিকে ৰত্নধ্বজপালৰ দীঘলীয়া ৰাজত্বকালতে, ১২১৮ খ্ৰীষ্টাব্দৰ পাছৰ কোনো সময়তে চুতীয়াসকলে মঙ্গোল অধিকৃত চীনদেশৰ কোনো অংশৰ পৰা বাৰুদ প্ৰস্তুতিৰ প্ৰযুক্তি আহৰণ কৰাৰ সম্ভাৱনা দেখা যায়৷

সামৰণি:

চুতীয়াসকল যে ভাৰতত কামান আৰু বাৰুদ প্ৰস্তুতিৰ বাটকটীয়া সেই বিষয়ে কোনো সন্দেহ নাই৷ কিন্তু পোনপটীয়া তথ্যৰ অভাৱত সেই প্ৰস্তুতিৰ বিষয়ে সবিশেষ ব্যাখ্যা কৰোতে বহু সময়ত প্ৰকল্পৰ আশ্ৰয় ল’বলগীয়া হয়৷ কিন্তু প্ৰাচীন আৰু মধ্যযুগীয় প্ৰযুক্তি কৌশলসমূহ অধ্যয়ন কৰিলে দেখা যায়, সেইকালত সমগ্ৰ পৃথিৱীত সামান্য স্থানীয় উন্নীতকৰণৰ সৈতে একেবোৰ প্ৰযুক্তিয়েই প্ৰচলন আছিল৷ গতিকে চুতীয়া প্ৰযুক্তিৰ বিষয়ে আগবঢ়োৱা প্ৰকল্পবোৰত সাংঘাতিক ভুল হোৱাৰ সম্ভাৱনা কম৷

পাদটীকা:



[i] Khan, Early Use of Cannon and Musket in India: A.D. 1442-1526, Journal of the Economic and Social History of the Orient, pp. 146-164

[ii] Stein, VijayNagar in book The Cambridge Economic History of India, Vol. 1, Edited by Tapan Raychaudhuri and Irfan Habib, p 117

[iii] Khan, Early Use of Cannon and Musket in India: A.D. 1442-1526, Journal of the Economic and Social History of the Orient, pp. 146-164

[iv] ভূঞা, সম্পা, ২০০১, চতুর্থ সংস্কৰণ, দেওধাই অসম বুৰঞ্জীৰ অন্তৰ্গত বাঁহগড়ীয়া বুঢ়াগোহাঁইৰ বুৰঞ্জী, পৃষ্ঠা ৯৩

[v] ভূঞা, সম্পা, ২০০১, চতুর্থ সংস্কৰণ, দেওধাই অসম বুৰঞ্জীৰ অন্তৰ্গত চুটিয়াৰ কথা, পৃষ্ঠা ১৪৬

[vi] ভূঞা, সম্পা, ২০০১, চতুর্থ সংস্কৰণ, অসম বুৰঞ্জী (সুকুমাৰ মহন্তৰ ঘৰত পোৱা), পৃষ্ঠা ১০

[vii] ড০ স্বর্ণলতা বৰুৱা (সম্পা), ২০০৭, চুতীয়া জাতিৰ বুৰঞ্জী, পৃষ্ঠা ১১১

[viii] “ইঠাইৰ পৰা কমতেশ্বৰ ৰজাৰ তলৈ আলি বান্ধি একদিনৰ অন্তৰ কৰি তাহাতে বহা বান্ধি নগৰ কৰিব দিলে৷ পাত্ৰ-মন্ত্ৰী অনেক লগত লৈ হাবি-পর্ব্বত কাটি আলি বান্ধিলে৷ আলি বান্ধি ৰজাৰ ৰাজ্য পালেগৈ”-ভূঞা, সম্পাদনা, ২০০১, চতুর্থ মুদ্ৰণ, দেওধাই অসম বুৰঞ্জীৰ অন্তর্গত চুটিয়াৰ কথা, পৃষ্ঠা ১৪৩

[ix] Sailen Debnath, Kamatapur: An Unexplored History of Eastern India (650-1494), Aayu Publications, D-134, Agar Nagar, Prem Nagar-III, New Delhi-110086, p.1

[x] বৰুৱা (সম্পা), ২০০৭ cutIya jaitr bur×I, পৃষ্ঠা ৪৪-৫৩

[xi] “একদিনাপ্ৰতি বৃহৎ বৰালি মাছ এটা দিহিঙ্গৰ মাজেদি উটি আহে৷ মাজে সীমা, উত্তৰফালে চুটিয়া ৰজা, দক্ষিণে দিহিঙ্গৰ ৺ ৰাজাৰ ৰাজ্য৷”--ভূঞা, ২০১০, চতুর্থ মুদ্ৰণ, সুকুমাৰ মহন্তৰ ঘৰত পোৱা অসম বুৰঞ্জী, পৃষ্ঠা ৮

[xii]ড০ প্ৰণৱজ্যোতি ডেকা, ২০১৬, আমাৰ নীলাচল-কামাখ্যা অনুসন্ধানৰ ইতিবৃত্ত, শ্ৰীমদ্ভগৱদ্গীতাৰ টীকা-ভাষ্য লিখে কিয়?,পৃষ্ঠা ৪৩

[xiii] Tylecote's, R.F, 1965, Iron Smelting in Pre-Industrial Communities, Journal of the Iron and Steel Institute, vol. 203, p.p. 340-348

[xiv] Hannay, S. F.(1856): 'Notes on the iron ore statistics and the economic geology of Upper Assam', Journal Of the Asiatic Society of Bengal, Vol. XXV Vol. No.4, pp.330-344

[xv] Pense, Alan W (October–November 2000), Iron through ages, Material Charecterization, Vol. 45. Issues. 4-5, pp 353-363

[xvi] বৰবৰুৱা, ১৯৯৭, আহোমৰ দিন, পৃষ্ঠা ৪৭৩

[xvii] Medieval Gunpowder Research Group (August 2004): The Saltpetre Extraction Experiments, Report number 3,  Middelaldercentret, Nykøbing, Denmark

[xviii] দেৱগোস্বামী, ২০১৩, বালিসত্ৰৰ বৰতোপ, তামৰ ফলি আদি আৰু আচতবাজী, পৃষ্ঠা. ৩৩-৫১

[xix] Lorge, The Asian Military Revolution: from Gunpowder to the Bomb,.p 32

[xx] Weatherford, Genghis Khan and Making of the Modern World, p. 99

[xxi] Haw, The Mongol Empire — the first 'gunpowder empire'? Journal of the Royal Asiatic Society, pp. 441-469

[xxii] বৰুৱা (সম্পা), চুতীয়া জাতিৰ বুৰঞ্জী, পৃ. ১০১,১১০, ১১১

[xxiii] McCosh, “Accounts on the Mountain Tribes in the Extreme NNE Frontier of Bengal’ p. 206

 

তথ্যসূত্ৰ:

১. দেৱগোস্বামী, কেশৱানন্দ (২০১৩): বালিসত্ৰৰ বৰটোপ, তামৰ ফলি আদি আৰু আতচবাজী, শ্ৰীশ্ৰু নৰোৱা বালিসত্ৰ পৰিচালনা সমিতি, ডাক বালিসত্ৰ, নগাও, অসম৷

২. গগৈ, ড০ লীলা (১৯৯৪): বুৰঞ্জীৰ ৰূপৰেখা: শিৱসাগৰ, এম কে পাৱলিচিং, গুৱাহাটী-৯৮১০০১

৩. দেৱগোস্বামী, কেশৱানন্দ (২০১৩): বালিসত্ৰৰ বৰটোপ, তামৰ ফলি আদি আৰু আতচবাজী, শ্ৰীশ্ৰী নৰোৱা বালিসত্ৰ পৰিচালনা সমিতি, ডাক বালিসত্ৰ, নগাঁও, অসম৷

৪. তামুলি, লক্ষ্মীনাথ (সম্পা)(২০০৭): নাওবৈচা ফুকনৰ অসম বুৰঞ্জী, অসম প্ৰকাশন পৰিষদ, গুৱাহাটী-২১

৫. বৰবৰুৱা, হিতেশ্বৰ (১৯৯৭): আহোমৰ দিন, অসম প্ৰকাশন পৰিষদ, গুৱাহাটী-২১

৬. বৰুৱা, ড০ স্বর্ণলতা (সম্পা)(২০০৭): চুতীয়া জাতিৰ বুৰঞ্জী, সদৌ চুতীয়া জাতি সন্মিলন, অসম

৭. ভূঞা, শ্ৰীসূর্য্য কুমাৰ (সম্পা)(১৯৬৪): তুঙ্গখুঙীয়া বুৰঞ্জী, বুৰঞ্জী আৰু পুৰাতত্ব বিভাগ, অসম চৰকাৰ, গুৱাহাটী

৮. ভূঞা, শ্ৰীসূর্য্য কুমাৰ (সম্পা)(১৯৮৮): অসম বুৰঞ্জী (সুকুমাৰ মহন্তৰ ঘৰত পোৱা), বুৰঞ্জী আৰু পুৰাতত্ব বিভাগ, অসম চৰকাৰ, গুৱাহাটী

৯. ভূঞা, শ্ৰীসূর্য্য কুমাৰ (সম্পা)(১৯৯০): দেওধাই অসম বুৰঞ্জী, বুৰঞ্জী আৰু পুৰাতত্ব বিভাগ, অসম চৰকাৰ, গুৱাহাটী৷

১০ Ball, V (Translated and Edited)(1889): (1676): Travels in India, Vol.II, by Jean Baptiste Tavernier, Baron of Aubonne, MacMillan and Co, London.

১১. Bhuyan, S. K. (1974): Anglo-Assamese Relations 1771-1826, Lawyer’s Book Stall, Panbazar, Guwahati, Assam

১২. Cressy, David (August 2011): Saltpetre, State Security and Vexation in Early Modern England, Past & Present, Volume 212, Issue 1, pp. 73-111.

১৩. Dutta-Baruah, Caroline (Edited) (2008): Adventures of of Jean-Baptist Chevalier in Eastern India (1752-1765), LBS Publications, Guwahati

১৪. Haw, Stephen G (July 2013): The Mongol Empire — the first 'gunpowder empire'? Journal of the Royal Asiatic Society, Third Series. Vol. 23, No. 3, pp. 441-469

১৫. Kelly, Jack (2004), Gunpowder, Alchemy, Bombards and Pyrotechnics: The History of the Explosive that Changed the World, Basic Books, A Member of the Perseus Books Group, 387 Park Avenue South, New York, NY 10016–8810.

১৬. Khan, Iqtidar Alam (May, 1981): Early Use of Cannon and Musket in India: A.D. 1442-1526, Iqtidar Alam Khan, Journal of the Economic and Social History of the Orient, Vol. 24, No. 2, pp. 146-164.

১৭. Lorge, Peter A. (2008), The Asian Military Revolution: from Gunpowder to the Bomb, Cambridge University Press, New York.

১৮. McCosh, J. (1836): “Accounts on the Mountain Tribes in the Extreme NNE Frontier of Bengal’ Journal of Asiatic Society of Bengal Vol. V, No. 52

১৯. Medieval Gunpowder Research Group (August 2004): The Saltpetre Extraction Experiments, Report number 3,  Middelaldercentret, Nykøbing, Denmark

২০. Stein, Burton (Reprint 1987): VijayNagar in book The Cambridge Economic History of India, Vol. 1, Edited by Tapan Raychaudhuri and Irfan Habib, Cambridge University Press.

২১.Talesh, Shehabuddin (2009): Tarikh-e-Aasham, Translated and Edited from original Persian by Mhzhar Asif, Department of Historical and Antiquarian Studies & Raushanara Foundation, Guwahati.

২২. Weatherford, Jack (2005): Genghis Khan and Making of the Modern World, Broadway Books, New York.

 

লেখকৰ ঠিকনা:

 

ভূতত্ব বিভাগ,

জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ