অন্যযুগ/


ইতিহাস এষণা : আহোম ৰাজ্যত পাইক প্ৰথাৰ ক্ৰমবিকাশ

  ৰক্তিম ৰঞ্জন শইকীয়া

 

উজনি অসমৰ আহোম ৰাজ্য গঠন আৰু সংবৰ্ধন প্ৰকৃতাৰ্থতেই এক ঐতিহাসিক বিস্ময় বুলিব পাৰি৷ কাৰণ আহোম ৰাজ্যৰ বীজ ৰোপণ হৈছিল এক পলসুৱা উপত্যকাত৷ কঠিন শিলৰ অভাৱ, অস্থিৰ নদীৰ পাৰ আৰু প্ৰৱল বানপানীৰ বাবে ৰজাই বাৰে বাৰে ৰাজধানী সলাই থাকিবলগীয়াত পৰিছিল৷ বুৰঞ্জীসমূহত এই বিষয়ে বাৰে বাৰে উল্লেখ পোৱা যায়৷১,২,৩ ইয়াৰ উপৰি আহোম ৰাজ্যত অৰ্থনৈতিক মণিকৰ অভাৱ লক্ষ্যণীয় আছিল৷ প্ৰাৰম্ভিক আহোম ৰাজ্যৰ প্ৰভাৱাধীন অঞ্চলৰ ভিতৰত দিহিং-দিখৌৰ কাষৰীয়া পাইকাই-নগা পৰ্বতত মাত্ৰ দুবিধ অর্থনৈতিক মণিকৰ অৱস্থিতি আছিল৷ প্ৰথমবিধ হ’ল মহঙৰ লোণ, দ্বিতীয় বিধ হ’ল দিহিঙৰ বুকুত পোৱা বোকা লোহা (Iron Nodule), আৰু তিৰু পাহাৰৰ লিমনাইট লোহা৷ অতি নিম্নমানৰ হ’লেও প্ৰথম ২৭০ বছৰ আহোমসকলে এই লোহাৰেই কাম চলাবলগীয়া হৈছিল৷ পাটকাই পাহাৰৰ মহঙীয়া লোণৰ ওপৰত সেই সময়ত দখল আছিল কছাৰীসকলৰ৷ চুকাফাই সেই লোণপুং কিছুদিনৰ বাবে দখল কৰিবলৈ সক্ষম হৈছিল যদিও পাছত  সেই লোণপুঙত নগা (নক্টে)সকলে দখল কৰি লয়৷ গতিকে প্ৰাৰম্ভিক আহোম ৰাজ্যত প্ৰকৃততে এবিধ মাত্ৰ ক্ৰান্তিক মণিকেই পোৱা গৈছিল৷ 

এবিধ মাত্ৰ নিম্নমানৰ ক্ৰান্তিক ধাতুক আশ্ৰয় কৰি এক কঠিন দুৰ্গম অস্বাস্থ্যকৰ উপত্যকাত আহোম ৰাজ্য গঢ়ি উঠাই নহয়, এটা সময়ত ই স্তৰীভূত ৰাজ্যৰ ৰূপ লৈছিল৷ সাধাৰণতে এনে উপত্যকাত স্তৰীভূত ৰাজ্য গঢ়ি উঠাটোৱেই এক বিস্ময়৷ এই অসম্ভৱ সম্ভৱ হৈছিল এক অগতানুগতিক অৰ্থনৈতিক নীতিৰ বাবে, য’ত মানুহকে শ্ৰমৰ আহিলা হিচাপে গঢ়ি তোলা হ’ল৷ এই নীতি মতে প্ৰতিজন মানুহক এক অৰ্থনৈতিক আহিলা বুলি ধৰি লোৱা হ’ল৷ এই কৰ্মপদ্ধতিত যিমানেই জনসংখ্যা বাঢ়িব, সিমানেই শ্ৰম বাঢ়িব৷ তাৰ বাবে প্ৰয়োজন হ’ল জনসংখ্যাৰ৷ ব্ৰহ্মপুত্ৰ উপত্যকাৰ একেবাৰে উজনিৰ এই প্ৰতিকূল পৰিস্থিতিত টিকি থকাৰ মূল অস্ত্ৰ আছিল জনসংখ্যা৷ অন্যহাতে প্ৰথমজনা স্বৰ্গদেউ চুকাফাৰ দুৰ্বলতাও আছিল জনসংখ্যাতে৷ প্ৰতিকূল পৰিৱেশত টিকি থাকিবলৈ নৱাগতসকলক প্ৰয়োজন হৈছিল জনসংখ্যাৰ৷ গতিকে প্ৰথম স্তৰতে বিভিন্ন লোকক জাতত তুলি লোৱা আৰম্ভ হ’ল৷ এই জাতত তুলি লোৱা প্ৰথা এনে ব্য্যাপক আছিল যে অতি সোনকালেই মৰাণ, বৰাহী, মটক, চুতীয়া, ব্ৰাহ্মণ, নগা, ভূঞা, গৰীয়া, গাৰো, মণিপুৰী, মিচিং, নট কলিতা, কছাৰী আদি সকলো সৰু-বৰ জনগোষ্ঠীৰ লোকক জাতত তুলি লোৱা হ’ল আৰু আহোম নামৰ সাংস্কৃতিক গোটটোৰ গঠন হ’ল৷ আহোমসকল নৃতাত্ত্বিক গোট নহয়, আহোম এটা সংস্কৃতি, আহোম হ’ল এটা জীৱন যাত্ৰা৷ পূৰ্বে তাইভাষীসকলে য’লৈকে গৈছে তাতে নিজৰ ভাষা আৰু সংস্কৃতি স্থানীয় লোকৰ ওপৰত জাপি দিছিল৷ কিন্তু ব্ৰহ্মপুত্ৰ উপত্যকাত শ্বানসকলৰ সাংখ্যিক সংখ্যালঘুত্বৰ বাবে সাংস্কৃতিক উপাদান কিছুখিনিৰ বাহিৰে তেওঁলোকৰ ভাষাটো হেৰাই গ’ল৷

চুকাফাই দিহিং উপত্যকাত পদাৰ্পণ কৰি এক শাৰীৰিক শ্ৰমভিত্তিক প্ৰাথমিক অৰ্থনৈতিক কাঠাম গঢ়ি তুলিছিল আৰু ইয়াৰে বিভিন্ন ৰূপত বিকাশ ঘটি মোৱামৰীয়া বিদ্ৰোহৰ সময়লৈকে চলি আছিল৷ চুকাফাই প্ৰজাৰ পৰা শ্ৰম শোষণ কৰাৰ ধৰণটোৰ পৰা আমি তেওঁৰ প্ৰজাসকলৰ মাজত দুটা পৃথক শ্ৰেণী লক্ষ্য কৰোঁ৷ প্ৰথমবিধ আছিল খাটনীয়াৰ, যি পাছলৈ পাইক নামে জনাজাত হ’ল৷ তেওঁলোকে প্ৰথম পৰ্যায়ত ৰজাৰ ঘৰত আৰু পাছলৈ ডা-ডাঙৰীয়াৰ ঘৰত আৰু ৰাজহুৱা কামো কৰি দিবলৈ বাধ্য আছিল৷ দ্বিতীয়টো শ্ৰেণী আছিল আছিল যোগনীয়াৰ৷ প্ৰধানকৈ মৰাণসকল এই শ্ৰেণীত আছিল৷ তেওঁলোকৰ মূল কাম আছিল ৰজাৰ ঘৰত প্ৰয়োজনীয় সামগ্ৰী যোগান দিয়া৷ তেওঁলোকক বোধহয় কিছু স্বায়ত্ত শাসন দিয়া হৈছিল আৰু ৰজাৰ ঘৰত কাম কৰিব নালাগিছিল৷মৰাণসকল সেই সময়ত বেছি প্ৰাথমিক পৰ্যায়ত থকা বাবে বোধহয় চুকাফাই তেওঁলোকক ৰজাৰ ঘৰত কাম কৰাৰ পৰা ৰেহাই দিছিল৷ মোৱামৰীয়া বিদ্ৰোহৰ আগলৈকে তেওঁলোকৰ এই স্বায়ত্ততা বৰ্তি আছিল৷

আহোম ৰাজ্যৰ এই প্ৰাৰম্ভিক পৰ্যায়ত প্ৰজাৰ পৰা শ্রম শোষণ কৰা প্ৰক্ৰিয়াটো পাছৰ পৰ্যায়ত পূৰ্ণ বিকাশ লাভ কৰা পাইক প্ৰথাৰেই প্ৰাথমিক ৰূপ আছিল৷ অৱশ্যে প্ৰথমে ই কোনো সংগঠিত প্ৰক্ৰিয়া নাছিল৷ বিষয়া আৰু প্ৰজাসকলে কেৱল আনুগত্যৰ বাবেই ৰজাৰ সেৱা কৰিছিল৷ পাল পাতি ৰজাৰ ঘৰত কাম কৰাৰো বিশেষ ধৰা-বন্ধা কঠোৰ নীতি নাছিল৷ চুকাফাই দুগৰাকী মৰাণ আৰু দুগৰাকী বৰাহী কন্যা বিয়া কৰাইছিল৷ প্ৰথমে ৰজাক কুঁৱৰীয়ে নিজেই ভাত ৰান্ধি খুৱাইছিল৷ বৰাহী কুঁৱৰীয়ে ৰন্ধা খাই চুকাফাই ভাল পালে৷ তেতিয়া কুঁৱৰীৰ সম্পৰ্কীয় এজনক আনি ৰান্ধনী ল’লেহি৷ এয়ে ৰজাৰ ঘৰত পাল খটাৰ আৰম্ভণি৷ সেই কালত জীৱন অতি কঠিন আছিল৷ এই সময়লৈকে ৰজাই জীৱন নিৰ্বাহৰ অৰ্থে পাল খাটিবলৈ মানুহ পালেও ডা-ডাঙৰীয়াসকলৰ অৱস্থা বেয়া আছিল৷ স্তৰীভৱন নথকা জনজাতীয় স্তৰৰ জীৱনত প্ৰজাসকলে মন গ’লে ডাঙৰীয়াসকলৰ কথা মানিছিল আৰু মন নগ’লে অমান্য কৰিছিল৷ এই অৱস্থাৰ বাবেই বৰগোহাঁইৰ দৰে ৰাজ্যৰ প্ৰধানমন্ত্ৰীয়ে ৰজাই উপহাৰ দিয়া হাতী এটাক খুৱাবলৈ নিজে ঘাঁহ বিচাৰি দৌৰি ফুৰিবলগীয়া হৈছিল৷ বৰগোহাঁয়ে প্ৰজাক অনুৰোধ কৰিও কেতিয়াবা হাতীৰ বাবে ঘাঁহ গোটাবলৈ সমৰ্থ হোৱা নাছিল৷ এদিন ঘাঁহ কাটিবলৈ যাওঁতে বৰষুণে পোৱাত বৰগোহাঁয়ে ৰাতিটো জংঘলতে কটাবলগীয়া হ’ল৷ মনৰ দুখত ডাঙৰীয়াই বৰগোহাঁইৰ পদৰ পৰাই পদত্যাগ কৰিছিল৷ সেই সময়তে সৰহকৈ পৰিয়াল-পৰিজন থকা এজন লোকে হাতীৰ বাবে ঘাঁহ গোটাবলৈ সক্ষম হোৱা বাবেই বৰগোঁহাইৰ পদবীটো দখল কৰিবলৈ সমৰ্থ হৈছিল৷ কাৰণ নতুনজনৰ ৭ টা পুতেক আৰু ৭ জনী বোৱাৰীয়েক আছিল আৰু দিনে সহজে ১৪ মুঠা ঘাঁহ হাতীৰ বাবে যোগাৰ কৰিবলৈ সক্ষম আছিল৷১০

 চুকাফাৰ নাতি চুবিনফাৰ (১২৮১-১২৯৩ খ্ৰীষ্টাব্দ) সময়লৈ ডাঙৰীয়াসকলেও এজন- দুজন মানুহ ঘৰুৱা কাম-বন কৰাবলৈ পাইছিল যদিও সেয়া পৰ্যাপ্ত নাছিল৷ কাৰণ সেই সীমিত মানুহৰ পৰাই ছান কাঢ়ি কেতিয়াবা ৰজাকো অতিৰিক্ত মানুহ দিবলগীয়া হৈছিল৷ ৰজা হ’লেও কেতিয়াবা ৰজাৰে জীৱন নিৰ্বাহ কৰাটো কঠিন হৈ পৰে৷ সেয়ে ৰজাৰ ভৰণ-পোষণৰ বাবে মানুহ দিব নোৱাৰি বুঢ়াগোহাঁয়ে ৰজাৰ ককৰ্থনা শুনি মনৰ দুখত নিৰুদ্দেশ যাত্ৰাও কৰিবলগীয়া হৈছিল৷১১ সেই সময়ত ৰজা নামমাত্ৰ মুৰব্বীহে আছিল আৰু গোটেই জনসমষ্টিটো পৰিচালিত হৈ থাকিবলৈ ৰজাৰ বিশেষ প্ৰয়োজনীয়তাও নাছিল৷ কোনো কোনো সময়ত ৰজাবিহীনভাৱেও জীৱন যাত্ৰা চলি আছিল৷ চুকাফাৰ আজোনাতি ত্যাওচুখামফাৰ ১৩৬৪ খ্ৰীষ্টাব্দত (১২৮৬ শক) মৃত্যুৰ পাছত ৬ বছৰ, চুতুফাৰ ১৩৭৬ খ্ৰীষ্টাব্দত হত্যাৰ পাছত ৭ বছৰ আৰু ত্যাওখামতিৰ ১৩৮৯ খ্ৰীষ্টাব্দত হত্যাৰ পাছত ৮ বছৰ কাল কোনো ৰজা নোহোৱাকৈয়ে আহোম জনসমষ্টিটো চলি আছিল৷ এই সময়লৈকে ‘আহোম ৰাজ্য’ত এখন পূৰ্ণাংগ ৰাজ্যত থাকিবলগীয়া উপাদান কমেইহে পোৱা যায় বাবে ৰাজ্যৰ পৰিৱৰ্তে জনসমষ্টি বুলি উল্লেখ কৰা হৈছে৷

উত্তৰ আৰু পূৱফালৰ পৰা চুটীয়াৰ হেঁচা, পশ্চিমৰ পৰা কছাৰীৰ হেঁচা আৰু দক্ষিণ ফালৰ পৰা নক্টে, ৱাংচু আদিৰ দৰে নগা গোষ্ঠীবোৰৰ লুটপাতৰ বিৰূদ্ধে যুঁজ কৰি কৰি এক প্ৰাথমিক কৃষি অৰ্থনীতি লৈ এই সময়ত আহোম জনসমষ্টিটো তিস্থি আছিল৷ সেই সময়ছোৱাত আহোম ৰাজ্যত কোনো অন্য কোনো অর্থনৈতিক গতিবিধি নাছিলেই৷ চুকাফাই দিহিঙত থিতাপি লোৱাৰ পাছতে ককায়েক চুখ্রানফাৰ ঠাইলৈ কটকী আৰু কিছু উপহাৰ পঠাইছিল৷১২ উপহাৰৰ তালিকাৰপৰাই চুকাফাৰ নেতৃত্বত অহা লোকসকলৰ প্ৰাথমিক পৰ্যায়ৰ জীৱন ধাৰণৰ বিষয়ে অনুমান কৰিব পাৰি৷ এই সময়লৈকে আহোম ৰাজ্য আছিল পতিত ভূমিত কোনো মাটি দখলৰ যুদ্ধাভিযান অবিহনে তিলতিলকৈ গঢ় লৈ উঠা জনপদ; মণিৰাম দেৱানৰ ভাষাত “স্বৰ্গীনাৰায়ন ৰাজাৰ নিজবাহুবলে শ্ৰী শ্ৰী কামাক্ষাৰ প্ৰসাদে পাতি লোৱা হাৰকাটোনৰ দেশ”৷১৩

ধীৰে ধীৰে আহোম ৰাজ্যৰ আয়তন বৃদ্ধিৰ লগে লগে বৃদ্ধি পালে জনসংখ্যা৷ এই বৰ্ধিত জনসংখ্যাক পাইক নাম দি কোনো বিশেষ নীতি-নিয়ম অবিহনেই ৰজাই বৰগোহাঁই আৰু বুঢ়াগোহাঁইৰ দৰে প্ৰধান বিষয়াক দি বিভিন্ন ঠাইত পাতিছিল আৰু কিছু নিজেও ৰাখিছিল৷১৪ যিহেতু নগদ দৰমহাৰ কোনো ব্যৱস্থা নাছিল সেয়ে এনে দৰে পাল খাটিবলৈ পোৱা মানুহৰ জৰিয়তেই খেতি-বাতি কৰা, যুদ্ধ কৰা বা ৰাজ্যৰ অন্য কামো কৰাবলগীয়া হৈছিল৷ ৰাজ্যৰ সীমা বৃদ্ধিৰ লগে লগে কাঁড়ী-পাইকো বৃদ্ধি পাইছিল৷ সেই সময়ৰ আহোম ৰাজ্যত জনতাই আছিল সম্পদ৷ যাৰ অধীনত বেছি জনতা আছিল তেওঁৰে ক্ষমতা বাঢ়ি গৈছিল৷ কাঁড়ী-পাইকৰ সংখ্যা বৃদ্ধিৰ লগে লগে বৃদ্ধি পাইছিল বৰগোহাঁই আৰু বুঢ়াগোহাঁই ফৈদৰ ক্ষমতা৷ পূৰ্বতে এই দুই বিষয়াৰ ক্ষমতা ইমান বেছি আছিল যে ৰজা বহু ক্ষেত্ৰত পুতলাৰ দৰেহে আছিল৷

শক্তিশালী ৰজাসকলৰ বাবে দুই বিষয়াৰ অধিক ক্ষমতা গ্ৰহণীয় নাছিল৷ প্ৰথমবাৰৰ বাবে চুহুংমুঙে এই দুই বিষয়াৰ বৰ্ধিত ক্ষমতাক নিয়ন্ত্ৰণ কৰিবৰ বাবে কেইবা তৰপীয়া ব্যৱস্থা হাতত লৈছিল৷ তেওঁ টিৰাপৰ ৱাংচু নগাৰ গাঁৱত ডাঙৰ হোৱা চুহুংমুঙৰ ভাতৃ (মতান্তৰে পুত্ৰ) কনচেঙক আনি বৰগোহাঁই আৰু বুঢ়াগোহাঁইৰ সৈতে সমান মৰ্যাদা দি বৰপাত্ৰগোহাঁইৰ পদ সৃষ্টি কৰিলে৷ নতুন বিষয়াৰ কাৰণে পাল খাটিবৰ বাবে প্ৰয়োজনীয় পাইক পূৰ্বৰ দুই বিষয়াৰ ভাগৰ পৰা ছান কাঢ়ি দিব খোজাত দুই বিষয়াই নিজৰ আৰ্থিক ক্ষতি হোৱাৰ আশংকাত দিবলৈ অমান্তি হ’ল৷ ক্ষমতাৰ ভাৰসাম্য ৰাখিবৰ বাবে ৰজাৰ এজন নিকট আত্মীয় ক্ষমতাশালী হোৱাটো প্ৰয়োজনীয় আছিল৷ সেয়ে বৰগোহাঁই আৰু বুঢ়াগোহাঁইৰ বিৰোধিতা স্বত্তেও ৰজাই নিজৰ আৰ্থিক ক্ষতি কৰি হ’লেও নিজৰ ভাগৰ পাইক দান কৰি হ’লেও বৰপাত্ৰগোহাঁইক প্ৰতিষ্ঠা কৰি১৫,১৬,১৭ দুইজনা গোহাঁইৰে অবাধ ক্ষমতাত লেকাম দিবলৈ যত্ন কৰিছিল৷ এই পদক্ষেপে বিষয়াৰ ক্ষমতা বহুখিনি হ্ৰাস কৰিলে যদিও ৰজা আৰু বিষয়াসকলৰ ক্ষমতাৰ দ্বন্দ্ব ইমানতে শেষ নহ’ল৷ একবাৰে গদাধৰ সিংহইহে বিষয়াসকলৰ ক্ষমতা সমূলি নাশ কৰি নিজকে একচ্ছত্ৰী ৰজা হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল৷ চুহুংমুঙে দুই শক্তিশালী ৰাজবিষয়াৰ আৰ্থিক আৰু ৰাজনৈতিক ক্ষমতা হ্রাস কৰাৰ উদ্দেশ্যে আন এটা কাম হাতত লৈছিল৷ সেয়া হৈছে এটা অভিজাত শ্ৰেণীৰ সৃষ্টি কৰি ক্ষমতাৰ অন্য কিছু উৎসৰ সৃষ্টি কৰা৷ এই উদ্দেশ্যেৰে তেওঁ ‘মেল’ প্ৰথা কটকটীয়া কৰি প্ৰতি মেলতে নিৰ্দিষ্ট পাইক দি এটা অভিজাত তন্ত্ৰ গঢ়ি তুলিলে৷১৮ মেলসমূহ হ’ল একো একোখন ৰাজ্য৷ ৰাজকোঁৱৰসকলক এই খণ্ডবোৰত সীমিত ক্ষমতাৰে শাসন পৰিচালনা কৰিবলৈ দিয়া হৈছিল।

চুহুংমুঙৰ পুত্ৰ চুক্লেংমুং বা গড়গঞা ৰজাই (১৫৩৯-১৫৫২ খ্ৰীষ্টাব্দ) ৰাজপাটত উঠাৰ পাছত  প্ৰথমবাৰৰ বাবে পাইকসকলে ৰজাৰ ঘৰত আগ বঢ়াবলগীয়া সেৱাৰ বাবে কিছু নীতি-নিয়ম নিৰ্ধাৰণ কৰিবলৈ চেষ্টা চলোৱা হৈছিল৷ ইয়াকে কৰিবলৈ যাওঁতে ৰজাঘৰ বহুখিনি অসুবিধাৰ মুখামুখী হৈছিল৷ দিহিং আৰু দিখৌৰ মাজখণ্ডত বসতি কৰা আৰু চুকাফাৰ লগত অহা লোকসকলৰ বংশধৰসকল তথা পূৰ্বেই জাতত তুলি আহোম কৰি লোৱা লোকসকলৰ ওপৰত বাধ্যতামূলক পালসেৱা বলৱৎ কৰাটো সহজ নাছিল৷ এই লোকসকলৰ মাজত তেতিয়াও বৰ্তি থকা জনজাতীয় মনোভাৱৰ বাবে মন গ’লে ৰজাৰ ঘৰত কাম কৰিছিল আৰু মন নগ’লে নকৰিছিল৷ কেৱল নতুনকৈ দখল কৰা ৰাজ্য অংশৰ প্ৰজাসকলেহে নিয়াৰিকৈ পাল সেৱা কৰিছিল৷ আচলতে তেতিয়ালৈকে আহোমসকলে ৰজাক নিজৰে এজন বুলি গণ্য কৰা মনোভাৱটোৰ বাবেই বাধ্যতামূলক পালসেৱাক দায়িত্ব বুলি গণ্য নকৰিছিল৷ আহোমসকলৰ মাজত পালসেৱাৰ প্ৰতি থকা অনীহালৈ লক্ষ্য কৰিয়েই বোধহয় পৰৱৰ্তী পৰ্যায়ত জাতত তুলি আহোম কৰা প্ৰথাটো ঢিলাই দিয়া হ’ল৷ গড়গঞা ৰজাৰ সময়ত পাইকৰ কোনো গোট বন্ধন নাছিল৷ গড়গঞা ৰজাই ঘৰমুৰি এজনকৈ পাইকে ৰজাৰ ঘৰত সেৱা আগবঢ়াবৰ বাবে নীতি নিৰ্ধাৰণ কৰিছিল৷১৯ ইয়াৰ জৰিয়তে তেওঁ প্ৰতিঘৰ মানুহকে শ্ৰমেৰে শোধাবলগীয়া কৰ ব্যৱস্থাটোৰ অধীনলৈ আনিব খুজিছিল৷ পিছে এই ব্যৱস্থাও নিকপকপীয়া নাছিল৷ বৃহৎ সংখ্যক পাইকে এই ব্যৱস্থাত সেৱা আগ নবঢ়োৱাকৈ সাৰি যাব পাৰিছিল৷ ২০-২৫ জন মানুহ থকা যৌথ পৰিয়াল এটাৰ পৰা এই ব্যৱস্থাত মাত্ৰ এজন মানুহে ৰজাৰ ঘৰত সেৱা আগবঢ়ালেই হৈছিল৷ তেনে পৰিস্থিতিত মানুহে পাল খটাৰ পৰা ৰেহাই পাবলৈ যৌথ পৰিয়ালবোৰ আৰু বৃহৎ কৰি একেঘৰতে থকা দেখুওৱাৰ সুবিধা আছিল৷ কিন্তু এই পৰ্যায়ত আহোম ৰাজ্যৰ বাবে তাতকৈ কঠোৰ হ’বলৈ গ’লে প্ৰজা বিদ্ৰোহৰ আশংকা আছিল৷

গড়গঞা ৰজাৰ দিনৰ অন্য এটা উল্লেখযোগ্য সংস্কাৰ আছিল মাটিৰ মালিকীস্বত্ব৷ আহোম যুগৰ মাটিৰ মালিকীস্বত্ব এক বিতৰ্কৰ বিষয়৷ মাটিৰ মালিকীস্বত্ব পাইকৰ নে ৰজাৰ নে খেলৰ এই লৈ বিভিন্নজন গৱেষকে ভিন্নমত পোষণ কৰে৷ কিন্তু আহোমযুগৰ বুৰঞ্জীতে এই বিষয়ে স্পষ্ট মত আছে৷ আহোম যুগৰ বুৰঞ্জীৰ ভিত্তিত আমাৰ মত হ’ল অন্ততঃ খোৰাৰজাৰ দিনলৈকে (১৫৫২- ১৬০৩ খ্ৰীষ্টাব্দ) মাটিৰ মালিকীস্বত্ব পাইকৰে আছিল৷ মোমাই তামুলীৰ আৰ্থিক সংস্কাৰৰ পাছত হে মালিকীস্বত্ব খেল অথবা ৰজাৰ হাতলৈ যায়৷ চুক্লেংমুং বা গড়গঞা ৰজাই ব্যাপক হাৰত পতিত মাটি ভাঙি পানীখেতিৰ উপযোগী কৰাৰ কাম হাতত লয়৷ অনুন্নত লোহাৰে তৈয়াৰী অস্ত্ৰেৰে ডাঠ হাবি ভাঙি পানীখেতিৰ বাবে উপযোগী কৰাটো এটা অতি কঠিন কাম৷ ৰজাই চলাই-ভুলাই পুৰুষানুক্ৰমিক ভূমিস্বত্বৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিহে অসন্তুষ্ট প্ৰজাৰ পৰা কাম আদায় কৰিব লগা হৈছিল-“দিখৌৰ দুইকোখে হাবি কাটি বহিব দিলে৷ দহ-কুৰিয়ে এঠাইকৈ হাবি কাটে৷ কতোৱে অকলে কাটে৷ ৰাজ মাৰি অনাবোৰে বোলে, তহঁততে মাগি খাম, এনে দুখ-বন কোনে কৰে, আমাৰ থানথিতে নাই৷ ৰজাদেৱে চাই ফুৰে৷ বোলে দুখ কৰিলেহে সুখ হয়৷ তোৰহে পো-নাতিয়ে আধিকৈ খাব।”২০ ইয়াৰ পৰা বুজিব পাৰি যে খুউৱ সম্ভৱ চুক্লেংমুং ৰজাই প্ৰজাক পুৰুষানুক্ৰমিক ভূমিস্বত্বৰ প্ৰতিশ্ৰুতি ৰাখিছিল৷ কাৰণ তাৰ কিছুদিন পাছতে হেমনাৰ ঘটনাটো হয়৷ গড়গাওঁ নগৰৰ গড় মাৰিবলৈ হেমনা নামৰ মানুহজনে নিজৰ মাটি ৰজাক এৰি নিদিলে আৰু ৰজায়ো মাটিৰ ওপৰত হেমনাৰ অধিকাৰ স্বীকাৰ কৰি মাটিৰ বাহিৰেহে গড় মৰাইছিল৷১৭ কিন্ত পাইকৰ মাটিৰ ওপৰত এই অধিকাৰ চিৰস্থায়ী নহ’ল৷ কিছুদিনৰ পাছতে মোমাই তামুলীৰ অর্থনৈতিক সংস্কাৰৰ পাছত  প্ৰজাই মাটিৰ ওপৰত অধিকাৰ হেৰুৱায়৷

১৬০৩ খ্ৰীষ্টাব্দত চুচেংফা বা প্ৰতাপসিংহ পাটত উঠে৷ প্ৰতাপ সিংহই এটা নতুন প্ৰশাসনিক পদ বৰবৰুৱাৰ সৃষ্টি কৰি মোমাই তামুলীক সেই পদত নিযুক্তি দিয়ে৷ মোমাই তামুলীৰ নিযুক্তিৰ এক বিশেষ তাৎপৰ্য আছে৷ মোমাই তামুলী অতি সাধাৰণ পাইকৰ পৰা উচ্চ পদলৈ উন্নীত হৈছিল৷ আহোম ৰাজ্যৰ বংশানুক্ৰমিক বিষয়াসকলৰ ক্ষমতাক কিছু পৰিমাণে লেকাম লগোৱাৰ উদ্দেশ্যেই প্ৰতাপসিংহই এনে এটা পদ সৃষ্টি কৰিছিল, যিটো বংশানুক্ৰমিক নহয়৷ এক বিশেষ পৰিৱেশ পৰিস্থিতিত মোমাই তামুলীৰ নিযুক্তি হৈছিল৷ মোমাই তামুলী কোনো সম্ভ্ৰান্ত পৰিয়ালৰ লোক নাছিল৷ কেৱল যোগ্যতাক ভিত্তি কৰি মোমাই তামুলীৰ নিযুক্তি হৈছিল৷ বুঢ়াগোহাঁই, বৰগোহাঁই আৰু বৰপাত্ৰগোহাঁইৰ নিযুক্তি সদায় নিৰ্দিষ্ট ফৈদৰ পৰা হৈছিল৷ সেই ফৈদ তিনিটাৰ অধীনত থকা লোকৰ সংখ্যা বাঢ়ি বাঢ়ি তেওঁলোক অতি ক্ষমতাশালী হৈ পৰিছিল৷ তেওঁলোকৰ ক্ষমতা নিয়ন্ত্ৰণ কৰিবলৈ এসময়ত বৰপাত্ৰগোহাঁইৰ পদ সৃষ্টি কৰাৰ দৰে অন্য এটা শক্তিকেন্দ্ৰ তৈয়াৰ কৰাৰ প্ৰয়োজন হৈ পৰিছিল৷ নতুন শক্তিকেন্দ্ৰটোৱে যাতে পুনৰ বংশানুক্ৰমিক শক্তিৰ কেন্দ্ৰ হৈ নপৰে তাৰ বাবে সাধাৰণ মানুহৰ মাজৰ পৰা এই নিযুক্তি দিয়াৰ ব্যৱস্থা কৰা হয়৷ 

প্ৰতাপসিংহৰ দিনত পাইকসকলে ৰজাৰ ঘৰত শ্ৰমদানৰ ব্যৱস্থাটোৰ ব্যাপক সলনি কৰা হয়৷ চুক্লেংমুং গড়গঞা ৰজাৰ দিনত ঘৰমুৰি এজনে পাইক খটাৰ যি পদ্ধতি আছিল তাত বৃহৎ সংখ্যক প্ৰাপ্তবয়স্ক লোকে বাধ্যতামূলক শ্ৰমদানৰ পৰা ৰেহাই পোৱাৰ সুযোগ আছিল৷ ৰাজকীয় কৰফাঁকিৰ এই সুৰুঙাসমূহ বন্ধ কৰি প্ৰতিজন লোকক শ্ৰমদানৰ বাবে বাধ্য কৰিবলৈ প্ৰতাপসিংহৰ দিনত ৰজাৰ উদ্যোগত ৰাজ্যত লোকপিয়ল কৰি প্ৰতিজন লোকক চাৰিজনীয়া একো একোটা গোটত সংঘবদ্ধ কৰি পাইক ব্যৱস্থাটো সুশৃংখলিত কৰি পেলোৱা হ’ল৷২২ এই ব্যৱস্থাৰ দ্বাৰা প্ৰতিজন লোকক বছৰি ৩ মাহৰ বাবে ৰজা, ডা-ডাঙৰীয়া অথবা ৰাষ্ট্ৰৰ কাম কৰিবলৈ বাধ্য কৰোৱা হ’ল৷ যি তিনিমাহ সময় এজন পাইকে পাল খাটিবলৈ যায়, বাকী কেইজনে সেই সময়ত সেই পাইকজনৰ খেতি-বাতি, ঘৰৰ কাম সকলো চাবলগীয়াত পৰিছিল৷ প্ৰতিজন পাইকে জীৱন ধাৰণৰ বাবে ২ পুৰাকৈ কৃষিমাটি বিনাকৰে ভোগ কৰিবলৈ পাইছিল৷ পিছে চাৰিজনীয়া পাইকৰ গোট ব্যৱস্থাটো বেছিদিন চলিবলৈ নাপালে৷ মোমাই তামুলীয়ে পাইক ব্যৱস্থাটোৰ পুনৰ সংগঠন কৰিলে৷ প্ৰতিজন পাইকৰ হিচাপ তন্নতন্নকৈ ‘কাঁড়ী কাকত’ত লিখি ৰখাৰ ব্যৱস্থা কৰা হ’ল৷ আহোম ৰজাৰ গন্ধীয়া ভঁৰালৰ সকলোতকৈ আৰ্থিকভাৱে মূল্যৱান সম্পদ আছিল কাঁড়ী কাকত৷ ৰাজ্যৰ মানুহ পিয়ল কৰাৰ পাছত প্ৰতিজন মানুহক পাইকৰ গোটলৈ আনি আজিকালিৰ নাগৰিক পঞ্জীৰ দৰে “কাঁড়ী কাকত তৈয়াৰ কৰা হৈছিল৷ এই কাঁড়ী কাকতবোৰ গন্ধীয়া ভঁৰালত পুৰুষানুক্ৰমে অতি নিয়াৰিকৈ সংৰক্ষণ কৰা হৈছিল৷ এইসমূহৰ ঘনাই ঘনাই নবীকৰণ কৰোৱা হৈছিল৷ ৰজাঘৰীয়া শোষণৰ পৰা যাতে কোনো পাইক পলাই সাৰিব নোৱাৰে তাৰ বাবে এই কাকতসমূহ গন্ধীয়া ভঁৰালত এনে কটকটীয়াকৈ সংৰক্ষণ কৰা হৈছিল যে তাত ইফাল-সিফাল কৰা দুঃসাধ্য আছিল৷ আমি অসম বুৰঞ্জীত ইয়াৰ উদাহৰণ পাওঁ৷ ৰাজেশ্বৰ সিংহৰ দিনত কীৰ্তিচন্দ্ৰ বৰবৰুৱাই কাঁড়ীকাকত মেলি পাইকৰ হিচাপ কৰোঁতে বাৰে বাৰে এপোৱা অৰ্থাৎ এজন পাইক কম ওলাইছিল৷ বৰবৰুৱাই পাইক এজনৰ সন্ধান নোলোৱা বাবে সংশ্লিষ্ট বিষয়াক দণ্ড কৰিবলৈ থিৰ কৰাত বিষয়াই মৰণত শৰণ লৈ ক’লে “দেউতা ঈশ্বৰ, ছাঁহে লিখিছে, গা লেখিলেই সেই হেৰোৱা পাইক ওলাব”৷ অৰ্থাৎ বৰবৰুৱা নিজেই সেই হেৰোৱা পাইক৷ আচলতে কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ পিতৃ ৰূপচন্দ্ৰ সাধাৰণ পাইক আছিল৷ সেয়ে তেওঁৰ পুত্ৰ কীৰ্তিচন্দ্ৰৰ নাম কাঁড়ীকাকতৰ পৰা কাট খোৱাই নাছিল৷ তেতিয়াহে কীৰ্তিচন্দ্ৰই স্বৰ্গদেউৰ অনুমতি লৈ গন্ধীয়া ভঁৰালৰ কাঁড়ী কাকতৰ পৰা নিজৰ নাম কটাই চমুৱা শ্ৰেণীভুক্ত হ’ল৷২৩

প্ৰথমে চাৰিজনীয়া পাইকৰ গোট থাকিলেও মোমাই তামুলীয়ে সোনকালেই চাৰিজনীয়া পাইকৰ গোট তিনিজনীয়া কৰিলে৷ ইয়াৰ যোগেদি পূৰ্বৰ ২৫ শতাংশ কৰ একে কোবেই ৩৩ শতাংশ কৰা হ’ল৷ বাকীসকল ডা-ডাঙৰীয়া আৰু ৰজাৰ ইষ্ট-কুটুম্বই ইয়াৰ বিৰোধিতা কৰিছিল যদিও ইয়াক গ্ৰাহ্য কৰা নহ’ল৷ ছাৰ এড্‌ৱাৰ্ড গেইটে ৰাজেশ্বৰ সিংহৰ দিনতহে চাৰিজনীয়া পাইকৰ গোট তিনিজনীয়া কৰা হয় বুলি উল্লেখ কৰিছে যদিও বুৰঞ্জীয়ে এই কাম প্ৰতাপসিংহৰ দিনতেই হয় বুলি স্পষ্টকৈ মত প্ৰকাশ কৰে৷ বেণুধৰ শৰ্মায়ো মোমাই তামূলীয়েই ৩ জনীয়া পাইক কৰাৰ কথাটো মানি লৈছে৷২৬ তিনিজনীয়া পাইকৰ গোট সম্পৰ্কে সকলোতকৈ বিশ্বাসযোগ্য তথ্য দিছে চাহাবুদ্দিন তালিচে তেওঁৰ “ফাতেয়া-ইব্ৰিয়া বা “তাৰিখ-ই আচাম গ্ৰন্থত৷ তেওঁ পাইকৰ গোট এটাক পৰিয়াল বুলি ভাবি লিখিছে যে এটা তিনিজনীয়া পৰিয়ালৰ এজনে ৰজাৰ ঘৰত পাল খাটিবলৈ যাব লাগে৷২৭ সকলোতকৈ পাইকৰ গোটৰ প্ৰথমজনক মূল, দ্বিতীয়জনক দোৱাল আৰু তৃতীয়জনক তেৱাল বুলি উল্লেখ কৰা বুৰঞ্জীসমূহত পোৱা যায় যদিও চতুৰ্থজনক কি বুলি উল্লেখ কৰা হৈছিল সেই বিষয়ে ক’তো উল্লেখ পোৱা নাযায়৷ বুৰঞ্জীৰ উপৰিও সেই সময়ৰ যিকোনো সামাজিক চিত্ৰ বৰ্ণিত গ্ৰন্থটো “মূল”, “দোৱাল”, “তেৱাল” ৰ নামহে পোৱা যায়৷২৮ ইয়াৰ পৰাই বুজিব পাৰি যে চাৰিজনীয়া পাইকৰ গোট অতি ক্ষণস্থায়ী আছিল বাবে ইয়াৰ বাবে কোনো নাম দিয়াই নহ’ল৷ গেইটৰ মতকে শুদ্ধ বুলি অৰ্থাৎ ৰাজেশ্বৰ সিংহৰ দিনত চাৰিজনীয়া পাইকৰ গোট তিনিজনীয়া হোৱা বুলি ধৰি লৈ ইয়াকে মোৱামৰীয়া বিদ্ৰোহৰ অন্যতম কাৰণ বুলি ড অমলেন্দু গুহ২৯, ডা ধ্ৰুৱজ্যোতি বৰা৩০ আৰু দ দেৱব্ৰত শৰ্মাই৩১ উল্লেখ কৰিছে যদিও তেখেতসকলৰ এই মতামত পুনৰ বিৱেচনাৰ থল আছে৷

ৰাজেশ্বৰ সিংহৰ ৰাজত্বকালত আহোম ৰাজ্যত বিশেষ ৰাজনৈতিক সংকট নাছিল যদিও ৰাজ্যৰ আৰ্থিক পৰিস্থিতি বিভিন্ন কাৰণত দুৰ্বল হ’বলৈ আৰম্ভ কৰে৷ ৰাজ্যৰ সীমিত ৰাজহৰ তুলনাত অধিক নিৰ্মাণ, ভ্ৰমণ, লাহ-বিলাহ, দান আদিয়ে ৰাজ্যৰ চালুকীয়া অর্থভাণ্ডাৰত বিৰূপ প্রভাৱ পেলাইছিল৷ ১৭৫০ খ্ৰীষ্টাব্দত “শকা-শাকিনী নামে প্ৰখ্যাত বানপানীৰ ফলত দিহিং আৰু ব্ৰহ্মপুত্ৰৰ মাজৰ ঠেক ভূমি খণ্ড ছিগি গৈ ব্ৰহ্মপুত্ৰ দিহিঙেদি ববলৈ আৰম্ভ কৰে৷ যাৰ ফলত মাজুলী দ্বীপৰ উৎপত্তি হয় আৰু উজনি অসমৰ ভূখণ্ডৰ ভৌগোলিক সংৰচনাটো বৰ্তমানৰ অৱস্থালৈ আহে৷৩২  এই বানপানীৰ প্ৰভাৱ মধ্যযুগৰ পাইক অৰ্থনীতিত কেনে ধৰণে পৰিছিল সেয়া অধ্যয়ন আজিও হোৱা নাই৷ মণিৰাম দেৱানে এটা গুৰুত্বপূৰ্ণ তথ্য দিছে৷ মণিৰামৰ মতে এই সময়ত অনেক লোকে গাঁও এৰি হাবিত পলাই থাকিবলৈ লৈছিল৷ ইয়াৰ কাৰণ হিচাপে মণিৰামে মাটিৰ অভাৱ বুলি উল্লেখ কৰিছে৷৩৩ এই সময়ত অসমৰ জনসংখ্যা আছিল ২৪ লাখ৷ ইয়াৰ ভিতৰত কাঁড়ী পাইক আছিল ১৬-২৫ লাখ৷৩৪  ১৬.২৫ লাখ মানুহৰ কাৰণে বিশাল ব্ৰহ্মপুত্ৰ উপত্যকাত মাত্ৰ দুপুৰাকৈ দিবৰ বাবে মাটিৰ অভাৱ হোৱাটো এটা আচৰিত কথা৷ ক’ত গ’ল ইমানবোৰ মাটি? আমি ধাৰণা কৰোঁ কৃষিযোগ্য বহুখিনি মাটি নদীৰ গতি সলনিৰ ফলত পিটনিলৈ পৰিৱৰ্তিত হৈছিল৷ নতুনকৈ হাবি ভাঙি মাটি উলিয়াবৰ বাবে ৰজাঘৰৰ কোনো উদ্যম নাছিল৷ হাড়ভঙা কষ্ট কৰি মাটি উলিয়াই ডাঙৰীয়া-দৌতাসকলৰ গেবাৰী খটাতকৈ পাইকসকল পলাই গৈ হাবিত থাকিবলৈ লৈছিল৷ সেই সময়ত ১৬.২৫ লাখ কাঁড়ী পাইক থকাসত্বেও ৰজাৰ ঘৰত পাল খাটিবলৈ মানুহৰ অভাৱে দেখা দিছিল৷ সেয়ে নৰাৰাজ্যৰ কটকীৰ আগত ৰাজ্যৰ ভুৱা জনসংখ্যা আৰু বৈভৱ প্ৰদৰ্শন কৰিবৰ বাবে মিছাৰ আশ্ৰয় ল’ব লগা হৈছিল৷ - “সেইবেলা ঁদেৱৰ আজ্ঞায়ে মানুহক তিনি সাজকৈ বস্ত্ৰ দি ভিন্নে ভিন্নে সলাই পিন্ধি আয়াযাত, ওলোৱা-সোমোৱা কৰিব দিলে, মানুহ বিস্তৰ দেখিবৰ কাৰণে৷ পাছে নৰাৰ কটকীয়ে বোলে, - হয়, ভাই-ৰজাৰ বহুত, তথাপি আলিৰ বন মৰাহে নাই, এনে বুলিলে”৷৩৫ পাইকৰ সংকটৰ আৰু এটা কাৰণ আছিল৷ আহোম সামন্ততন্ত্ৰই ক্ৰমাৎ পৈণত ৰূপ লোৱাৰ লগে লগে বিনাশ্রমত খোৱা অভিজাত চমুৱা শ্ৰেণীটোৰ সংখ্যা বাঢ়ি গৈছিল৷ লগতে বাঢ়ি গৈছিল বিষয়াৰ সংখ্যা৷ সত্ৰ-মঠ মন্দিৰৰ পুৰোহিত এই সকলোকে বৃহৎ পৰিমাণে ভূমি দান দিয়াৰ পাছত সকলো বিষয়াক দিবলৈ শালিখেতিৰ বাবে ভাঙি থোৱা মাটিৰ অভাৱ ঘটিল৷ নতুনকৈ মাটি ভঙাৰ দৰে হাড়ভঙা কষ্টৰ কাম কৰিবলৈ অনিচ্ছুক পাইকসকলে গভীৰ অৰণ্যলৈ পলায়ন কৰিছিল৷ সেই সময়ত আহোম ৰাজ্যৰ কৃষি উপযোগী মাটিৰ প্ৰায় আধাই দেৱোত্তৰ, ধৰ্মোত্তৰ, লাখেৰাজ, নিস্পিখেৰাজ আদি নামত ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণৰ পৰা গৈ ধৰ্মানুষ্ঠান আৰু পুৰোহিত শ্ৰেণীটোৰ কুক্ষিগত হৈছিল৷৩৬ 

ৰাজেশ্বৰ সিংহৰ সময়ৰ প্ৰজাৰ যি দুৰ্দশা সেয়া ফৰাচী পৰ্যটক চেভেলিয়াৰৰ টোকাৰ পৰা জানিব পাৰি৷ চেভেলিয়াৰে অসমত খাবলৈ নোপোৱা ক্ষীণকায় পেটে-কঁকালে লগা অসমীয়া কৃষকৰ ছবি এখন আমাক দেখুওৱাইছে৷ তেওঁৰ সমস্ত যাত্ৰটোত গুৱাহাটীৰ বাহিৰে আন কোনো ঠাইতে এজনো স্বাস্থ্যৱান সাধাৰণ মানুহৰ নেদেখি আচৰিত হৈছিল ৷ ইয়াৰ বিপৰীতে আহোম শাসনৰ বাহিৰত থকা গাৰো আৰু ভুটীয়া প্ৰজাসকল সুন্দৰ স্বাস্থ্যৰ অধিকাৰী আছিল৷৩৭ প্ৰায় একে জলবায়ুতে এনে বৈসাদৃশ্যৰ কাৰণ চেভেলিয়াৰে নুবুজিলেও আমি তাৰ ব্যাখ্যা বিচাৰি পাওঁ৷ ইয়াৰ কাৰণ কেইবাটাও প্ৰজন্ম ধৰি খাদ্যৰ অভাৱৰ বাহিৰে একো নহয়৷ বিজ্ঞানীসকলে প্ৰমাণ কৰিছে যে কেইবাটাও প্ৰজন্ম ধৰি খাদ্যৰ অভাৱত ভুগিলে উত্তৰ পুৰুষসকলৰ আকৃতি ক্ষীণকায় আৰু ক্ষুদ্ৰতৰ হৈ গৈ থাকে৷৩৮ চেভেলিয়াৰৰ সময়ৰ আহোম ৰাজ্যৰ কৃষকসকলৰো এই অৱস্থাই হৈছিল৷ সেয়ে চেভেলিয়াৰে আহোম ৰাজ্যৰ প্ৰজাসকলৰ অৱস্থাটো দাসৰ লগতহে তুলনা কৰিছে৷৩৯ 

আহোম ৰাজ্যৰ পাইক প্ৰথালৈ অহা গভীৰ সংকটৰ বিষয়টো আমি অইন এটা কথাৰ পৰাও অনুমান কৰিব পাৰোঁ৷ স্বৰ্গদেউ চুকাফাৰ সময়ৰে পৰা মৰাণ-দিহিং উপত্যকাৰ মৰাণসকল যোগনীয়াৰৰূপে আছিল৷ মূলতঃ ডিব্ৰুগড়-তিনিচুকীয়া জিলাত বাস কৰা মৰাণসকলে বিভিন্ন বনজ উৎপাদন যেনে- হাতী, খৰি, মৌ আদি যোগান ধৰিছিল আৰু ইয়াৰ বিনিময়ত পাইক প্ৰথাৰ বাহিৰত অৱস্থান কৰি এক প্ৰকাৰৰ স্বায়ত্ত শাসন উপভোগ কৰিছিল৷ শালিখেতিৰ উপযোগী কৰি থোৱা কৃষিমাটি আৰু পাইকৰ অভাৱ পূৰণৰ বাবে মৰাণসকলৰ স্বায়ত্ত শাসন ভাঙি পেলোৱাৰ যো-জা চলিছিল৷ ইয়াৰ পৰিণতিয়েই হ’ল মৰাণসকলৰ বিখ্যাত বিদ্ৰোহ৷৪০ পাছলৈ এই বিদ্ৰোহত জাতি-বৰ্ণ-ধৰ্ম নিৰ্বিশেষে সকলো পাইকে যোগ দিয়ে আৰু মোৱামৰীয়া বিদ্ৰোহ নাম পায়৷ 

মোৱামৰীয়াৰ প্ৰথমটো বিদ্ৰোহে পাইক অনুষ্ঠানটোৰ লাইখুঁটা লৰাই দিলে৷ পাইকৰ সংকট গভীৰৰ পৰা গভীৰতৰ হোৱাৰ খবৰ আমি পাওঁ লক্ষী সিংহই ৰুদ্ৰসাগৰ পুখুৰী খন্দাওঁতে হোৱা সমস্যাৰ পৰা৷ ৰুদ্ৰসিংহই জয়সাগৰ পুখুৰী খন্দাওঁতে ৪৫ দিনত সমাপ্ত কৰাব পাৰিছিল৷ শিৱসিংহই তিনিমাহত শিৱসাগৰ পুখুৰী খন্দাই সম্পূৰ্ণ কৰাব পাৰিছিল৷ এইসমূহ পুখুৰীৰ আধা আকাৰৰ ৰুদ্ৰসাগৰ পুখুৰী খন্দাওঁতে পুখুৰী খন্দোৱা অধীক্ষক বিষয়া আদাবৰীয়া বৰবৰুৱাক মূলে-দোৱালে তুলিও ৪ বছৰ লাগিছিল৷ ইমান দীঘলীয়া সময় জুৰি কাম কৰিবলগীয়া হোৱাত পাইকসকলে আদাবৰীয়া বৰবৰুৱাক খঙতে হেকেৰা বৰবৰুৱা উপনাম দিছিল৷৪১ ইয়াৰ পাছতো মোৱামৰীয়াসকলে আৰু দুবাৰ বিদ্ৰোহ কৰিছিল৷ তৃতীয়টো বিদ্ৰোহৰ সময়ত ১৭৮৮ খ্ৰীষ্টাব্দৰ ২০ জানুৱাৰিৰ নিশা আহোম ৰজা গৌৰীনাথ সিংহই ৰাজধানী ৰংপুৰৰ পানী দুৱাৰেদি ওলাই দিখৌ নদীয়েদি ভটিয়াই গুৱাহাটীলৈ পলাই গ’ল৷ লগে লগে আহোম ৰাজ্যৰ অৰ্থনীতিৰ এটা দীঘলীয়া অধ্যায়ৰো অন্ত পৰিল৷ মোৱামৰীয়াৰ তিনিটাকৈ বিদ্ৰোহে আহোম ৰাজ্যৰ অর্থনৈতিক ভেঁটিটো ছাৰখাৰ কৰি দিলে৷ পাইক আৰু খেলবোৰৰ কোনো থান-থিত নোহোৱা হ’ল৷ বিদ্রোহত গন্ধীয়া ভঁৰালবোৰ ধ্বংস হোৱাৰ বাবে কাঁড়ী কাকত, পেড়া কাকতৰ কোনো তথ্য নোহোৱা হ’ল৷ পাইকসকল বেছিভাগেই পলাই গ’ল৷ মোৱামৰীয়া বিদ্ৰোহৰ লগতে আহোম ৰাজ্য দীৰ্ঘদিন ধৰি পৰম্পৰাগতভাৱে বিকাশ হৈ এক নিৰ্দিষ্ট ৰূপ পোৱা অৰ্থনৈতিক কাঠামটোৱে চিৰদিনলৈ বিদায় ললে৷ মোৱামৰীয়া বিদ্ৰোহ দমন কৰিবলৈ ব্ৰিটিছ কোম্পানিৰ সেনাৰ অসম আগমনৰ লগে লগে অসমত এটা নতুন অৰ্থনৈতিক যুগৰ সূচনা হ’ল৷


টোকা আৰু তথ্যসূত্ৰ :

১. “মহাৰাজা হাবুঙ্গত তিনিবছৰ আছিল৷ তলযোৱা দেখি তাত নাথাকিল৷ লুইতে ভটীয়াই আহি দিখৌমুখ পালেহি৷...”---ভূঞা (সম্পা), সাতসৰী অসম বুৰঞ্জী, দ্বিতীয়খন বুৰঞ্জী, পৃ. ৫৬৷

২. দিহিঙে ভটীয়াই আহিলে, তিপাম পালেহি৷ তাতে তিনি বৎসৰ আছিল৷ পানী তল যোৱা গতিদেখি তাত নাথাকিলে৷ তাতে কানপুঙ্গক অধিকাৰ কৈ থ’লে৷ দিহিঙে ভটীয়াই আহিল, শলগুৰি পালেহি৷ তাতে পাঁচ বৎসৰ বহিছিল৷ তাতো হাবি গতি দেখি দিহিঙ্গে ভটীয়াই আহিল, হাবুঙ্গত ৰহিল” --- ভূঞা (সম্পা), সাতসৰী অসম বুৰঞ্জী, দ্বিতীয়খন বুৰঞ্জী, পৃ. ৫৫৷

৩. পাচে টিপামৰ গাটি তল যোৱা দেখি বহিব নোৱাৰি বোলে ‘আত থাকিবলৈ ভাল নহয়’ এই বুলি... ৰজা দিহিঙে ভটিয়াই আহি দিহিং নদীৰ কাষৰত, শলগুৰিত ৰ’লহি৷..-পাঁচ লাক্‌নি তাতে থাকি...“ৰাজা লুইতে ভটিয়াই হাবুঙ্গত ৰ’লহি৷.--.-- ‘পানীত তলযোৱা মাটি, থাকিবলৈ ভাল নহয়’ এই বুলি চুকাফা ৰাজা লুইতে ভটীয়াই দিখৌমুখ পালেহি৷ দিখৌমুখে উজাই আহি দিলিহৰ মুখ পালেহি”--- ভূঞা (সম্পা), দেওধাই অসম বুৰঞ্জী, পৃ. ৮৷

৪. ৰাজকুমাৰ, ইতিহাসে সোঁৱৰা ছশটা বছৰ, পৃষ্ঠা-৫২

৫. Terwiel, Ahom and the Study of Early Tai Society, Paper submitted to the Second Thai[1]European Research Seminar, Saarbruecken, Federal Republic of Germany.

 ৬. বৰাহিক কাঠ কটিয়া চাঙ্গমাই ও ভৰালি ও জবাধৰা ও বেজ ও কুকুৰা চোআ এনে বনুআ কৰি ললে--- তামুলি ফুকন, আসাম বুৰন্‌জি পুথি, ইন্দ্ৰবংসি আসাম মহাৰজাসকলৰ বিবৰন, পৃ. ১১৷

৭. পৰে ১১৭৩ সঁকত মটকক খৰিভাৰি বাৰিচোআ এনে ললে৷ এই মটককে মৰান বোলে”---তামুলি ফুকন, আসাম বুৰন্‌জি পুথি, ইন্দ্ৰবৎসি আসাম মহাৰজা সকলৰ বিবৰন, পৃ. ১১৷

৮: ৰজা বোলে, খৰি দি মৰাণ যাব৷ চ’ৰাত মৰাণ নবহিব৷--- ভূঞা (সম্পা), সাতসৰী অসম বুৰঞ্জী, পৃ. ২৫

৯. পাচে এদিন বৰাহী-জী কুঁৱৰীক ভাত সিজাব দিলে৷ ৰজা খাই ভাল পাই বোলে--“তই কেতেক ভাত ৰান্ধিবি? এতাৰ ভায়েৰ বা ভতিজা এটাক ভাত ৰান্ধিবলৈ দে৷” পাচে আনি ললে৷--- ভূঞা (সম্পা), দেওধাই অসম বুৰঞ্জীৰ অন্তৰ্গত বাঁহগৰীয়া বুঢ়াগোহাঁইৰ বুৰঞ্জী, পৃ. ৭৪

১০, এদিন টিঙ্গিৰাইত হাতী ধৰিলে, হাতী পালে ৩ টা৷ আৰে এটা বৰগোহাঁইক দিলে, দুটা ৰজাৰ নামে ৰাখিলে৷ ৰজাৰ হাতীলৈ বৰা-বৰুকে ঘাঁহ আনি দিয়ে৷ বৰগোহাঁয়ে আহোমহঁতক আনিব দিয়ে৷ আহোমৰ মন গলে ঘাঁহ আনে নগলে নানে৷ পাচে বৰগোহাঁয়ে আপু‌নি ঘাঁহ কাটি আনে গৈ৷ এদিন ঘাঁহ নাইকোতে গধূলি বৰগোহাঁয়ে আপুনি ঘাঁহ আনিবলৈ গৈ বতাহ-বৰিষণে পালে৷ তাতে ৰাতি হ’ল৷ পাচে বৰ দুখ-দেনা পাই বোলে,--এনে দুখ হব লাগিলে হাতী কেলেই লাগিছে? গোহাঁই বা হব লাগে কেলেই? পাচ দিন ৰজাত কলে বোলে,--মোক হাতীকো নেলাগে, বৰগোহাঁইও নহওঁ৷ সেই বেলা চাউকাংবাণ্ডুকৰ জী কুঁৱৰী আছিল৷ তেওঁ বোলে--মোৰ চাউকে বৰগোহাঁই পাতক! ৭ পুতেক ৭ বোৱাৰীয়েক, ঘাঁহ এমুঠাকৈ আনিলেও চৌধ্য মুঠা হব৷ এই বুলি ক’লত চাউকাংবাণ্ডুকক বৰগোহাঁই পাতিলে —ভূঞা (সম্পা), দেওধাই অসম বুৰঞ্জীৰ অন্তৰ্গত বাঁহগৰীয়া বুঢ়াগোহাঁইৰ বুৰঞ্জী, পৃ- ৭৬৷

১১. সেই বেলা মানুহ নিয়ম কৰিলে৷ দুই গোহাঁইক বোলে, তহঁতে মানুহ দুফলীয়াকৈ পালী দিবি৷ মোক দুই এক দিন পুহিবি৷ আৰবাজে হৰাপেৱা মানুহ দুই-চাৰিকৈ ভাল-ভাল মানুহকো লগত দিলে৷ এইৰূপে নিয়ম হ’ল৷ একদিন বুঢ়াগোহাঁইৰ যোগান টুটা দেখি ৰজা খঙ্গ কৰি ডাবি দিলে৷ বুঢ়াগোহাঁই মনত দুখ কৰি ওচি গ’৷ ক’লৈ গ’ল বতৰা নাপালে৷”—ভূঞা (সম্পা), সাতসৰী অসম বুৰঞ্জী, পৃ. ২৬৷

১২. ৰূপৰ তাউকিন, বটা, কলহ ৩টা, বেলা দুখন, তাউ কাপোৰ ১১ খন, বচোৱাল ১০ খন দি পঠালে”—ভূঞা (সম্পা), সাতসৰী অসম বুৰঞ্জী, পৃ. ৫৬

১৩. শইকীয়া (সম্পা), মণিৰাম দেৱানৰ বুৰঞ্জি বিবেকৰত্ন, পৃ ১০৯

১৪. পূৰ্ব্বে যি চুকাফায়ে যি বৰাহী মৰাণ পালে থামিথুমা, থাকুনথা, থাকুলখুন, এতিয়া তাৰ নাতি-পুতিক চৰগুৱা, পাইবেলাত, দিহিঙ্গত, জাঁজিত, বাঘচৌত কতোক লঙ্গককত পাতিলে৷ আনো থানে-থানে পাতিলে৷—ভূঞা (সম্পা), সাতসৰী অসম বুৰঞ্জী, পৃ. ৩১-৩২

১৫. একদিন ত্যাওচুহুমে বোলে দুই গোহাঁই ৰূপৰ উধান, আমি সোণৰ থালি, আৰু এক উধান লাগে৷ গোহাঁইবোৰে বোলে, গোহাঁইবোৰে বোলে, আগে পূৰ্ব্বৰ এক উধান যেন হ’ল, এতিয়াও হ’ব৷ ৰজা বোলে,--মোৰ বঙ্গহ৷ কংচেঙ্গক মানুহৰ ভাগ দিয়া, তোমালোকৰ লগত ল৷ সিবোৰে বোলে, দিব নোৱাৰে, লগতো নলওঁ৷ পাচে ৰজা খঙ্গকৈ বোলে, তহঁতৰ মানৃহ নালাগে, মই কি কৰিব পাৰোঁ চাওঁ৷ এই বুলি বৰাহী, চুটীয়া, যি হৰাপোৱা মানুহ সিবোৰত কৈ মানুহ বচাই দিলে৷ ত্যাও-কোঁৱৰ নাম দিলে৷ তাৰ পৰা তিনি উধান বোলে৷”--- ভূঞা (সম্পা), সাতসৰী অসম বুৰঞ্জী, পৃ. ৩০

১৬. ৰজাদেৱে নিয়মকৈ বোলে, গোহাঞিবোৰ হ’ল ৰূপৰ উধান মই হলোঁ সোণৰ থালি৷ আৰু বোলে, হাতীমূৰীয়া আহম কিছো দিয়োক বৰপাত্ৰলৈ৷ দুজনা গোহাঞে বোলে, ল’ৰাৰে একেশাৰীতে বহিব দিছে, ভাল বহিম৷ হাতীমূৰ আহম দিব নোৱাৰোঁ৷ ৰাজাদেৱে খঙ্গ কৰি বোলে, নেলাগে সিহঁতৰ মানুহ৷ এই বুলি বৰাহী, চুতীয়া, লুখুৰাসন; আৰে দহ হাতীমূৰ পাতি দিলে, আৰু দুজন গোহাঞিৰ দুশ দুশকৈ চাৰিশ নি লগত ল’লে৷—ভূঞা (সম্পা), সাতসৰী অসম বুৰঞ্জী, পৃ- ৬৯-৭০

১৭. “...ৰজাদেৱে দুই গোহাঁইক বোলে--“মঞি সোণৰ থালি, দুই গোহাঁই ৰূপৰ উধান, আৰু এক উধান লাগে৷ এতেকে কন্‌চেঙ্গ মোৰ বঙ্গহ, আকে মানুহ এভাগ দি এক উধান কৈ লোৱাহাৰ৷ সিভোৰেও বোলে,--পূৰ্ব্বে এক উধান নাই, এতিয়া ক’ৰ হব? উধানো নালাগে মানুহো দিব নোৱাৰো, আমাক লগো নালাগে৷ পাচে ৰজা দেৱে খঙ্গকৈ বোলে,--তহতৰ লগৰ মানুহ নালাগে৷ মঞি কন্‌চেঙ্গক লগৰ মানৃহ দি কি কৰিব পাৰোঁ চাওঁ৷ এই বুলি আপোনাৰ লগৰে মানুহ বৰাহী, চুটিয়া, লুখুৰাখোন সহিতে সিবোৰত কৈ বঢ়াই দিলে, নাম দিলে৷ তাৰে পৰা তিনি উধান হল”---- ভূঞা (সম্পা), দেওধাই অসম বুৰঞ্জীৰ অন্তৰ্গত বাঁহগৰীয়া বুঢ়াগোহাঁইৰ বুৰঞ্জী, পৃ. ৯২

১৮. ৰাজকুমাৰ, ইতিহাসে সোঁৱৰা ছশটা বছৰ, পৃ.১২৫৷

১৯. “ আতপাচে এপোৱাকৈ মানুহ ঘৰমুৰি তুলিলে, বন কৰাবলৈ৷ বনকো নিয়মকৈ দিলে৷ আহোমে কতো বই, কতো নবই৷ ৰাজমাৰি লোৱাবোৰে, যেইবোলে তাকে কৰে”—ভূঞা (সম্পা), সাতসৰী অসম বুৰঞ্জী, পৃ. ৩৬৷

২০.  ভূঞা (সম্পা), সাতসৰী অসম বুৰঞ্জী, পৃ. ৩৬

২১. দিখৌকোখে সীমা পাটমালি ভিতৰ কৰি নগৰ মেৰাই গড় বাজি লৈ তাতে এঘৰ মানুহ গুচাব নোৱাৰিলে৷ তাক হেমনা বুলি মাতে৷ সি কঙ্গনথাওমুঙ্গ নাতি বাঁজীবঞ্জা৷ ৰজাকো বৰকথা মাতে৷ সি বোলে,--মোৰ আৰা কটা মাটি, ৰজা কি? এই নিমিত্তে নামফালে গড় কিছু খণ্ড হৈ থাকিল৷ সি মৰিলতহে গড় বান্ধিব পাৰিলে-- ভূঞা (সম্পা), সাতসৰী অসম বুৰঞ্জী, পৃ ৩৫৷

২২. পাইকৰ ঘৰ মুৰি দোপোয়া এপোয়াকৈ খাটে চাৰি চয় পোয়াও ঘৰতে থাকে৷ এনেদেখি লুইতৰ পুঠি খাতিৰ, সূকান সুতিৰ মুখত, পাইক মানুহ দুনুহটো তাতে এঠাই হুই থাকিব দিলে৷ পাচে ঁতা গৈ সেই ঠাইতে আগতে থাকি মানুহ আপুনি লেখিব ধৰিলে৷:----- এই এইৰূপে চাৰি পোয়াই গোট পাইক কৰিলে৷ তাৰে পৰাহে মানুহৰ পিয়ল হল৷”---গোস্বামী (সম্পা), পুৰণি অসম বুৰঞ্জী, পৃ ৬০৷

২৩. ভূঞা, স্বৰ্গদেৱ ৰাজেশ্বৰ সিংহ, পৃ. ৩২

২৪. “পাচে বৰুৱা গৈ সমস্তৰো ভাগে ভাগে মানৃহ ফালি আনি তাৰে, আৰু অনিয়মে যিসকল আছিল তাকো নিয়ম কৰি তিনিপোৱা গোট, তাৰ কুৰিত বৰাটো, এশৰ ভিতৰত শইকিয়াটো, হাজাৰত তাৰে হাজৰিকাটো,--এই নিয়মে ৰাজ্য পাতিলে৷ বৰজনা আইকুঁৱৰী প্ৰমুক্ষে সকলেও ৰজাদেৱত ক’লে, অন্যায় কৰি ৰাজ্য ভাঙ্গিলে হেন বুলি৷ সি কথাত ৰাজাদেৱে মন নিদিলে৷ পাচে ‘তিনিজনা ডাঙ্গৰীয়াক মাতি আনিব দি বোলে, মোকো যিমানে আটিব, কুঁৱৰী গোহাঁই গাভৰু বোৰক যিমানে আটিব, তহঁতকো যিমান আটিব তাকো নিয়ম কৰি দি কাঁড়ী পাইকক আঠ-পুৰাকৈ চমুৱাক সাতপুৰীয়াকৈ পাতিবিহঁক৷”--- ভূঞা (সম্পা), সাতসৰী অসম বুৰঞ্জী, পৃ. ৭৬৷

২৫. Gait, History of Assam, p. 236

২৬: শইকীয়া (সম্পা), বেণুধৰ শৰ্মা ৰচনাৱলী, দ্বিতীয় খণ্ড, পৃ. ১৪৭০৷

২৭. Talesh, Tarikh-e-Aasham, p. 52

২৮. ব্ৰহ্মা বিষ্ণু ৰুদ্ৰ : ৰজ সত তম : কৰ্ম অনুসাৰে পালিছে : মূল দোৱাল তেৱাল : সেইৰুপ চৰ্চি আচে মহাপ্ৰলয় সিমাকৈ :” - নেওগ (সম্পা), গুৰু চৰিত কথা, পৃ. ২৮৯

২৯. গুহ, বৈষ্ণৱবাদৰ পৰা মায়ামৰীয়া বিদ্ৰোহলৈ, পৃ. ৫৬

৩০. বৰা, মোৱামৰীয়া গণ অভ্যুত্থান, পৃ: ১৯৬

৩১. শৰ্মা, মোৱামৰীয়া মহাবিদ্ৰোহঃ এক-ত্ৰিমাত্রিক গণ-অভ্যুত্থান, পৃ, ২৮, ৩০

৩২. Sarma and Phukan, Origin and some geomorphological changes of Majuli Island of the Brahmaputra River in Assam, India Geomorphology, pp. 1–19

৩৩. তাহান আমোলে মাটি দিতে নাপাৰাতে অনেকলোক পাইক এৰি দিএ জঙ্ঘল নাম মাত্ৰ নাথাকা থাকা হৈল৷”- শইকীয়া (সম্পা), মণিৰাম দেৱানৰ বুৰঞ্জি বিবেকৰত্ন, পৃ. ১৮২৷

৩৪. Guha, Mediaval and Early Colonial Assam, Society, Polity and Economy, p. 69

৩৫. ভূঞা (সম্পা), তুংখুঙ্গীয়া বুৰঞ্জী, পৃ- ৪৬-৪৭৷

৩৬. শৰ্মা, মোৱামৰীয়া মহাবিদ্ৰোহ: এক ত্ৰিমাত্ৰিক গণ-অভ্যুত্থান, পৃ. ৩২৷

৩৭.  Dutta Baruah (Edited), Adventures of of Jean-Baptist Chevalier in Eastern India: 1752- 1765, p. 178

৩৮. Sandrof, Persistent Life History: Effects of Extended Starvation, p. 20

৩৯. Dutta Baruah (Edited), Adventures of of Jean-Baptist Chevalier in Eastern India: 1752- 1765, p. 187

৪০. শৰ্মা, মোৱামৰীয়া মহাবিদ্ৰোহ: এক ত্ৰিমাত্ৰিক গণ-অভ্যুত্থান, পৃ. ৩১৷

৪১. “ তান পিতৃ লক্ষিসিংহ ৰাজা এক বৃহদ পৃষ্কৰনি নিৰ্ম্মান কৰি এক দেৱালয় স্থাপন কৰিতে মনোগত কৰিয়া আদাবৰিয়া বড়বড়ুৱাকে আজ্ঞা দিয়া মূল দোওাল তুলীলেন৷ ৰাজা ৰূদ্ৰসিংহেৰ দিনে জইসাগৰ পুষ্কৰণি ৪৫ ৰোজে প্ৰস্তুত কৰেন, তিনমাসেৰ মধ্যে দৌল পুষ্কৰনি সম্পূৰ্ণ তৈয়াৰ কৰি উৎসৰ্গা কৰেন৷ এবং তৎপূত্ৰ শীৱসিংহ ৰাজাই শীৱসাগৰৰ পুষ্কৰনি তিনমাসে তৈয়াৰ কৰেন ও তিনমাসে নিৰ্ম্মান কৰেন, সন্মাসভিন্তেৰে দোল পুষ্কৰনি প্ৰস্তুত কৰিয়া উৎসৰ্ৰ কৰেন৷ গৌৰীসাগৰ পুষ্কৰানি ও দৌল তৈয়াৰ কৰেন৷ এ সকল পুস্কৰনিৰ অৰ্দ্ধাভাগে ৰূদ্ৰসাগৰৰ পুষ্কৰানি তৈয়াৰ কৰাতেঞোঁ ও চাৰি বৎসৰে সম্পূৰ্ণ হয়৷ তাহাতে কাণ্ডিলোকেৰ ৩/৪ বৎসৰ দেৱাল খাটনি ধৰাতে তাহাৰা নাৰাজ হৈয়া আদাবৰিয়া বড়বড়ুৱাৰ হেকেৰা বড়বড়ুৱা নাম প্ৰক্ষাত কৰিল৷”-শইকীয়া (সম্পা), মণিৰাম দেৱানৰ বুৰঞ্জি বিবেক ৰত্ন-, পৃ. ১৮৯৷

গ্ৰন্থপঞ্জী :

১‘ গুহ, ড অমলেন্দু (২০১১): বৈষ্ণৱবাদৰ পৰা মোৱামৰীয়া বিদ্ৰোহলৈ, ষ্টুডেণ্টচ ষ্টৰ্‌চ, কলেজ হোষ্টেল ৰোড, পানবজাৰ, গুৱাহাটী-১

২. গোস্বামী, পণ্ডিত শ্ৰী হেমচন্দ্ৰ (১৯৭৭): পুৰণি অসম বুৰঞ্জী, লয়াৰ্ছ বুক ষ্টল, পানবজাৰ,ওৱাহাটী-৭৮১০০১৷

৩. তামুলি ফুকন, কাসিনাথ (১৯০৬): আসাম বুৰন্‌জি পুথি, ইন্দ্ৰবংসি আসাম মহাৰজা সকলৰ বিবৰন, শ্ৰীৰাধানাথ বৰবৰুআ দ্বাৰা সংসোধিত মতে, Calcutta, Printed at the Majumdar Press, 155, Bow Bazar Street..

৪. নেওগ, ডঃমহেশ্বৰ (সম্পাদনা)(২০০৩): গুৰু চৰিত কথা, বিশ্ববিদ্যালয় প্ৰকাশন বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয় প্ৰকাশন৷

৫. বৰা, ডাঃ ধ্ৰুৱজ্যোতি(১৯৯৮): মোৱামৰীয়া গণ অভ্যুত্থান, ১ম খণ্ড, বনলতা, পানবজাৰ

৬- ভূঞা, সূৰ্যকুমাৰ, (সম্পা)(১৯৯০):দেওধাই অসম বুৰঞ্জী, বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগ, অসম চৰকাৰ, গুৱাহাটী

৭. ভূঞা, সূৰ্যকুমাৰ, (সম্পা)(১৯৯০): তুংখুঙ্গীয়া বুৰঞ্জী, বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগ, অসম চৰকাৰ, গুৱাহাটী৷

৮. ভূঞা, ড সূৰ্য্য কুমাৰ(সম্পা)(২০০৯): সাতসৰী অসম বুৰঞ্জী, বাণীমন্দিৰ, গুৱাহাটী৷

৯. ভূঞা, সূৰ্যকুমাৰ, (সম্পা)(২০১৪, তৃতীয় সংস্কৰণ): স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ, অসম প্ৰকাশন পৰিষদ, গুৱাহাটী

১০. ৰাজকুমাৰ, সৰ্বানন্দ (২০১৩): ইতিহাসে সোঁৱৰা ছশটা বছৰ, বনলতা, ডিব্ৰুগড়

১১. শইকীয়া, ডঃ নগেন (২০০২) (সম্পা): মণিৰাম দেৱানৰ বুৰঞ্জি বিবেকৰত্ন (২য়খণ্ড), অসমীয়া বিভাগ, ডিব্ৰুগড় বিশ্ববিদ্যালয়

১২. শইকীয়া, নগেন (সম্পাদনা)(২০১৪): বেণুধৰ শৰ্মা ৰচনাৱলী (দ্বিতীয় খণ্ড), অসম প্ৰকাশন পৰিষদ, গুৱাহাটী-২১৷

১৩. শৰ্মা, দ দেৱব্ৰত (২০১৮): মোৱামৰীয়া মহাবিদ্ৰোহ: এক ত্ৰিমাত্ৰিক গণ অভ্যুথান, একলব্য প্ৰকাশন, যোৰহাট৷

১৪: Dutta-Baruah, Caroline (2008): Adventures of of Jean-Baptist Chevalier in Eastern India (1752-1765), LBS Publications, Guwahati.

15. Gait, Edward (1906): A History of Assam, Thacker, Spink & Co, London.

16. Guha, Amalendu (2015): Mediaval and Early Colonial Assam, Society, Polity and Economy, Anwesha, Guwahati-03

17. Sandrof, Moses Antony (1913): Persistent Life History: Effects of Extended Starvation, M. Sc Dissertation, University Program in Genetics and Genomics, Duke University.

18. Sarma, J.N And Phukan, M.K (2004): Origin and some geomorphological changes of Majuli Island of the Brahmaputra River in Assam, India, Geomorphology, Volume 60, Issues 1–2, Pages 1–19.

19. Talesh, Shehabuddin (2009): Tarikh-e-Aasham, Translated and Edited from original Persian by Mhzhar Asif, Department of Historical and Antiquarian Studies & Raushanara Foundation, Guwahati.

20. Terwiel, Barbnd Jan (1982, June 14-18): Ahom and the Study of Early Tai Society, Barbnd Jan Terwiel, Paper submitted to the Second Thai-European Research Seminar, Saarbruecken, Federal Republic of Germany.


ঠিকনা :

সহকাৰী অধ্যাপক, ভূতত্ব বিভাগ

জগন্নাথ বৰুৱা মহাবিদ্যালয়

ভ্ৰাম্যভাষ : ৯৮৫৯৩৪৪৭১৭


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ