অন্যযুগ/


অসমপ্ৰেমী এগৰাকী আমেৰিকান মহিলাৰ কথাৰে

  ৰক্তিম ৰঞ্জন শইকীয়া

 

যোৱাটো শতিকাৰ ষাঠীৰ দশকত উজনি অসমৰ যোৰহাট নগৰত এগৰাকী আমেৰিকান মহিলা আৰু তেওঁৰ তিনিগৰাকী কন্যাক “টেনডেম”(tandem) বুলি পৰিচিত বাইচাইকেলবিধত একেলগে উঠি ঘূৰি ফুৰা প্ৰায়েই দেখা গৈছিল৷ তেতিয়া ভাৰত স্বাধীন হোৱা কিছুদিনহে পাৰ হৈছিল৷ আধুনিকতাৰ পৰশ পৰিবলৈ আৰম্ভ কৰিছিল যদিও “টেনডেম”ত উঠি ফুৰা দৃশ্যই তেতিয়া ইমান কৌতুহলৰ সৃষ্টি কৰিছিল যে সেয়া চাবলৈ “অসম কৃষি বিশ্ববিদ্যালয়”ৰ প্ৰৱেশদ্বাৰত মানুহ জুম বান্ধিছিল৷ “টেনডেম”ত উঠি ফুৰা মহিলাগৰাকী আৰু সৰু ছোৱালী কেইজনী আছিল যোৰহাটস্থিত “মিছন হস্পিটেল” নামেৰে পৰিচিত “খ্ৰীষ্টান মেডিকেল চেণ্টাৰ”ৰ অধীক্ষক ডাঃ কেনেথ ভি ডদ্‌গচনৰ পত্নী চেলী আৰু তেওঁৰ তিনি কন্যা৷  

 

যোৰহাটৰ এই “খ্ৰীষ্টান মেডিকেল চেণ্টাৰ”ৰ এক দীঘলীয়া ইতিহাস আছে৷ উনৈশ শতিকাত অসমত ঔপনিৱেশিক শাসনৰ লগেলেগেই মিছনেৰীসকলৰ কার্যকলাপো আৰম্ভ হৈছিল৷ ১৮২৬ খ্ৰীষ্টাব্দৰ ইয়াণ্ডাবু সন্ধিৰ পাছত বৃটিছ সামাজ্যবাদে অসমত পোখা মেলিছিল৷ ইয়াৰ কিছুবছৰ পাছতেই ১৮৩৬ চনৰ পৰা অসমত আমেৰিকান বেপ্তিষ্ট মিছনেৰী সকলে খ্ৰীষ্টান ধর্মপ্ৰচাৰৰ কাম আৰম্ভ কৰিছিল (উৎস: The Assam Mission of the American Baptist Missionary Union, p. 18)৷ এই কামটো কৰিবলৈ তেওঁলোকে প্ৰধানত সেইকালৰ দুই অনগ্ৰসৰ ক্ষেত্ৰ, শিক্ষা আৰু স্বাস্থ্যৰ দিশত সেৱা আগবঢ়াই মানুহৰ মাজত সোমাই পৰিবলৈ যত্ন কৰিছিল৷ মিছনেৰী সকলে তেওঁলোকৰ মূল উদ্দেশ্যত কিমান সফল হ’ল সেয়া দীঘলীয়া আলোচনাৰ বিষয়৷ কিন্তু তেওঁলোকে তিনিটা বিশেষ দিশত অঞ্চলটোৰ ইতিহাসত গভীৰ প্ৰভাৱ পেলাবলৈ সমর্থ হৈছিল৷ তেওঁলোকে চর্যাপদ, নাগাজৰী খনিকৰ গাঁও শিলালিপি, ৰামায়ন, কীর্তন দশম আদিৰ মাজেৰে গঢ় লোৱা হাজাৰ বছৰীয়া লিখিত সাহিত্যৰে সমৃদ্ধ অসমীয়া ভাষাটোক আঁতৰ কৰি উজনিৰ শিৱসাগৰ জিলাৰ কথিত ভাষাটোক মান্য অসমীয়া হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ’ল (উৎস: নামনি অসমৰ মধ্যশ্ৰেণী, বৰুৱা এজেন্সি, পৃষ্ঠা ৭৩)৷ দ্বিতীয়তে ধর্মপ্ৰচাৰৰ কাৰণেই গঢ়ি তোলা বিদ্যালয়সমূহে অসমত শিক্ষা জগতত গভীৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল৷ তৃতীয়তে আধুনিক পশ্চিমীয়া চিকিৎসা পদ্ধতিৰ লগত মিছনেৰীসকলৰ যোগেদিয়ে অসমবাসী পৰিচিত হ’ল৷

 

অসমত আমেৰিকান ব্যাপ্টিষ্ট মিছনেৰীসকলৰ প্ৰধান কেন্দ্ৰ শদিয়া, শিৱসাগৰ, নগাঁও আৰু গুৱাহাটীত আছিল৷ যোৰহাটত আমেৰিকান ব্যাপ্টিষ্ট মিছনেৰীসকলৰ কার্যকলাপ সীমিত আছিল যেন ধাৰণা হয়৷ ১৯০৬ খ্ৰীষ্টাব্দত যোৰহাটত “ইষ্টাৰ্ণ থিয়লজিকেল কলেজ” (Eastern Theological College) প্ৰতিষ্ঠা হয়৷ ১৯১৮ খ্ৰীষ্টাব্দত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বোষ্টনৰ ‘আমেৰিকান বেপ্তিষ্ট ফৰেইন মিচন ছ’চচাইটিয়ে প্ৰকাশ কৰা এখন পুস্তিকাৰ মতে সেই সময়তে যোৰহাটত মিছনেৰীসকলে পৰিচালনা কৰা এখন বিদ্যালয় আছিল৷ এই বিদ্যালয়খনৰ বিষয়ে পাছত কোনো তথ্য নোপোৱালৈ চাই ইয়াক বন্ধ কৰি দিয়া যেন অনুভৱ হয়৷ ইয়াৰ পাছতে ১৯২৪ খ্ৰীষ্টাব্দত আমেৰিকান বেপ্তিষ্ট মিছনে যোৰহাটত এখন চিকিৎসালয় আৰম্ভ কৰে৷ আমেৰিকান মিছনটোৱে যোৰহাটত ইয়াৰ মূল উদ্দেশ্যত সফল হ’ব নোৱাৰিলেও ইয়াৰ চিকিৎসালয়খনৰ কেইবাজনো চিকিৎসকে অতি জনপ্ৰিয়তা অর্জন কৰিছিল৷ যোৰহাট নগৰৰ কথাটো বাদেই যোৰহাটৰ কাষৰীয়া গাঁওবোৰতো এই চিকিৎসক সকলৰ নাম ৰাইজৰ মুখেমুখে আছিল৷ ১৯৩৮ খ্ৰীষ্টাব্দৰ পৰা ১৯৫৭ খ্ৰীষ্টাব্দলৈ ডাঃ অলিভাৰ হেচেলব্লেডে (Oliver W. Hasselblad) সুখ্যাতিৰে এই চিকিৎসালয়ৰ অধীক্ষকৰ দায়িত্ব পালন কৰিছিল৷ ১৯৫৭ খ্ৰীষ্টাব্দত ডাঃ অলিভাৰ হেচেলব্লেড আমেৰিকা যুক্তৰাষ্ট্ৰলৈ উভতি যোৱাৰ পাছত সেই বছৰতে তেওঁৰ স্থানত নতুনকৈ যোগদান কৰিছিল ২৬ বছৰীয়া ডেকা চিকিৎসক ডাঃ কেনেথ ভি ডদ্‌গচন (Dr. Kenneth V. Dodgson)৷ ডাঃ কেনেথ ভি ডদ্‌গচনক সংগ দিছিল তেওঁৰ পত্নী চেলী আৰু জ্যেষ্ঠা কন্যা কিমে৷ যোৰহাটত ২৪ বছৰ সেৱা আগবঢ়োৱাৰ পাচত ডদ্‌গচন দম্পতিয়ে ১৯৮১ খ্ৰীষ্টাব্দত যোৰহাট এৰি আমেৰিকা যুক্তৰাষ্ট্ৰলৈ উভতি যায়গৈ৷

 

ডাঃ কেনেথ ভি ডদ্‌গচনে খ্ৰীষ্টিয়ান মিছন চিকিৎসালয়ত সেৱা আগবঢ়োৱাৰ সময়তে চেলী ডদ্‌গচন “ইষ্টার্ণ থিয়লজিকেল কলেজ” আৰু “যোৰহাট খ্ৰীষ্টিয়ান মেডিকেল চেণ্টাৰ”ৰ “স্কুল অৱ নার্চিঙ”ত  ইংৰাজী আৰু মনোবিজ্ঞান পঢ়ুৱাইছিল৷ এই দীঘলীয়া সময়চোৱাত ডদ্‌গচন পৰিয়ালৰ অসম আৰু অসমীয়া সংস্কৃতিৰ লগত এক বিশেষ আত্মীয়তা গঢ়ি উঠিছিল৷ সেয়ে পৰিয়ালটোৰ লোকসকলে এতিয়ালৈকে অসমৰ লগত সম্পর্ক ৰাখিবলৈ যত্ন কৰি আহিছে৷ তাৎপর্যপূর্ণভাৱে ডদ্‌গচন পৰিয়ালৰ শিশুকেইটিয়ে সেই সময়ত যোৰহাটত প্ৰতিষ্ঠা হোৱা “বাল্যভৱন” নামৰ মণ্টেছৰী পদ্ধতিত শিক্ষা প্ৰদান কৰা অসমীয়া মাধ্যমৰ বিদ্যালয়খনত অধ্যয়ন কৰিছিল৷ সেই সময়ত চেলী ডদ্‌গচন খ্ৰীষ্টিয়ান মিছন চিকিৎসালয়ৰ চৌহদৰ পৰা নিজৰ কন্যা কিম ডগচন সহ বহুকেইটা শিশুক বাল্যভৱনলৈ নিজে গাড়ী চলাই লৈ আহিছিল৷

 

কিম ডদ্‌গচন বেছিদিন বাল্যভৱনত শিক্ষা গ্ৰহণ কৰা নাছিল৷ তেওঁ পিছত আৱাসিক বিদ্যালয় এখনক বিদ্যালয়ৰ শিক্ষা সমাপ্ত কৰি আমেৰিকা যুক্তৰাষ্ট্ৰলৈ উচ্চশিক্ষা গ্ৰহণ কৰিবলৈ প্ৰস্থান কৰে৷ কিম ডদ্‌গচন আছিল নৃতত্ত্বৰ ছাত্ৰী৷ গতিকে বিভিন্ন সাংস্কৃতিৰ লগত জড়িত কাৰুশিল্প আৰু চিহ্নসমূহক লৈ তেওঁৰ অপাৰ আগ্ৰহ আছিল৷ ইয়াৰ উপৰিও বিদ্যালয়ৰ অধ্যয়ন কৰি থকা সময়ৰ পৰাই তেওঁ অসমীয়া সংস্কৃতিৰ এক গুৰুত্বপূৰ্ণ কাৰুশিল্প ‘শৰাই’খনৰ সাম্ভাব্য প্ৰতীকী অর্থ, অংকিত পৰম্পৰাগত চিহ্ন সমূহ, নির্মাণশৈলী, ব্যৱহাৰ আদি দিশসমূহৰ প্ৰতি আকর্ষিত হৈছিল৷ ধর্মনিৰপেক্ষ আৰু ধর্মীয় এই দুই ক্ষেত্ৰতে ইয়াৰ সমানভাৱে ব্যৱহাৰ হোৱাৰ কথাটোৱে তেওঁক বিশেষভাৱে আকর্ষণ কৰিছিল৷ গতিকে নৃতত্ত্বৰ স্নাতক ছাত্ৰী হিচাপে তেওঁ সম্পন্ন কৰিব লগা হোৱা গৱেষণাৰ বিষয় হিচাপে শৰাইকে বাচি লৈছিল৷ অসমৰ প্ৰতি থকা ভালপোৱা আৰু আগ্ৰহে তেওঁক এই কাম কৰিবলৈ প্ৰেৰণা দিছিল৷ সেয়া আছিল ১৯৭৯ চনৰ কথা৷ তেতিয়াও কিম ডদ্‌গচন পিতৃ-মাতৃ যোৰহাটতে কর্মৰত৷ তেওঁ অসমলৈ আহি যোৰহাট, মাজুলী, গুৱাহাটী ভ্ৰমণ কৰি শৰাইৰ বিভিন্ন ব্যৱহাৰবোৰৰ বিষয়ে টোকা প্ৰস্তুত কৰাৰ উপৰিও শৰাই নির্মাণ কৰা লোক দুজনমানকো লগ কৰিছিল৷ লগতে তেওঁ সমাজৰ বিভিন্ন শ্ৰেণীৰ লোক কাৰিকৰ, গৃহিনী, ডেকাগাভৰু, বয়সস্থ লোক, কৃষক, কৃষি শ্ৰমিক, সকলোকে লগ ধৰি শৰাই সম্পর্কে সাক্ষাৎকাৰ লৈছিল৷ শৰাই সম্পর্কে মতামত বিচাৰি তেওঁ হিন্দু, ইছলামধর্মী আৰু খ্ৰীষ্টানলোকৰো সাক্ষাৎকাৰ গ্ৰহণ কৰিছিল৷ কিম ডদ্‌গচন এতিয়াও এতিয়াও স্নাতক মহলাৰ শৰাই সম্পর্কীয় প্ৰকল্প প্ৰতিবেদনখন সংৰক্ষণ কৰি লগত ৰাখিছে৷

 

বর্তমান ৬৯ বছৰীয়া কিম ডদ্‌গচন এতিয়াও অসম তথা যোৰহাটক পাহৰি যোৱা নাই৷ ২০২৪ চনৰ অক্টোবৰ মাহত নিজৰ অতীত বিচাৰি তেওঁ পুনৰ যোৰহাটৰ বাল্যভৱন বিদ্যালয়লৈ আহি আনুষ্ঠানিক শিক্ষাৰ আদিপাঠ লোৱা শিক্ষানুষ্ঠানটোৰ লগত নিজৰ স্মৃতি ৰোমন্থন কৰে৷ বিদ্যালয়ত পঢ়ি থকাৰ সময়ত সৰসৰীয়াকৈ অসমীয়া ভাষাত ভাৱ বিনিময় কৰিব পৰা কিমে এতিয়া দীর্ঘদিনৰ অনভ্যাসৰ কাৰণে অসমীয়া ভাষা ক’ব নোৱাৰে যদিও তেওঁ কিছু পৰিমাণে অসমীয়া ভাষা বুজি পায় আৰু দুই এটা শব্দও ক’ব পাৰে৷ পেচাত এগৰাকী শিক্ষয়িত্ৰী কিম ডদ্‌গচন বাল্যভৱনত  অধ্যয়ন কৰোঁতে ব্যৱহাৰ কৰা অসমীয়া ভাষাৰ আদিপাঠ কেইখন এতিয়াও সাঁচি ৰাখিছে আৰু সেয়া নিজে পাঠদান কৰা বিদ্যালয়ত নিজৰ ছাত্ৰ-ছাত্ৰীক মাজে মাজে প্ৰদর্শন কৰে৷ বাল্যভৱন বিদ্যালয় আৰু সেইসময়ৰ বিখ্যাত শিক্ষয়িত্ৰী ‘বৰবাইদেউ’ৰ কথা আদৰেৰে সোঁৱৰণ কৰা কিম ডদ্‌গচন গুৱাহাটীত বাস কৰা বিদ্যালয়ৰ এগৰাকী বান্ধৱীৰ সৈতেও সম্পর্ক ৰাখি আছে৷ সাতসাগৰ তেৰনদীৰ শিপাৰে ‘লচ এঞ্জেলচ্’ নগৰীত বসবাস কৰিও অসম আৰু অসমীয়াৰ প্ৰতি অপাৰ ভালপোৱা বুকুত বান্ধি লৈ ফুৰা কিম ডদ্‌গচনৰ প্ৰতি শ্ৰদ্ধা জনালোঁ৷

 

তথ্যসূত্ৰ:

১. ৰায়চৌধুৰী, অনিল(১৯৯৮): নামনি অসমৰ মধ্যশ্ৰেণী, বৰুৱা এজেন্সি, গুৱাহাটী-১

২. Tilden, Charles (1918): Christianity in Practice: The Jorhat Christian Schools of Assam, American Baptist Foreign Mission Society, Boston, Mass.

. W. Felton Ross (1998): OBITUARY, Oliver W. Hasselblad, M.D. 1909-1997, International Journal of Leprosy and Other Mycobacterial Diseases, Volume 66, No. 2, pp. 241–4

. Memories and Condolences for Sally Dodgson, https://www.legacy.com/us/obituaries/democratandchronicle/name/sally-dodgson-obituary?id=7202401

.The Assam Mission of the American Baptist Missionary Union, Papers and Discussions of the Jubilee Conference Held in Nowgong-December 18-29, 1886. The Assam Mission of the American Baptist Missionary Union, Baptist Mission Press, 1887, Calcutta.

. The Instagram Handle of Vintage Assam, Jorhat, https://www.instagram.com/vintageassam/p/DBva8NHJnNu/?locale=ru&hl=am-et

. In Conversation with Kim Dodgson: Insights from the Legacy of Jorhat's Renowned Missionary Surgeon, Youtube Podcast, https://www.youtube.com/watch?v=ztjd3T_gHMQ

 (লিখক যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ ভূতত্ত্বৰ অধ্যাপক)

লেখকৰ ইমেইল: raktimrsaikia@gmail.com

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ