ড° ৰক্তিম ৰঞ্জন শইকীয়া
যোৰহাট
জিলাৰ জনগাঁথনি আৰু প্ৰব্ৰজনৰ ইতিহাসৰ ওপৰত আলোচনা কৰিবলৈ যোৱাটো এক প্ৰকাৰে দুঃসাহস
বুলিবই পাৰি৷ এই আলোচনাৰ পৰা বহু সময়ত এক খণ্ডিত চিত্ৰহে পোৱা যাব৷ সেয়ে আমি প্রথমেই
ক্ষমা বিচাৰিছো৷ যোৰহাট অঞ্চলটো এটা অর্বাচীন অঞ্চল৷ যোৰহাট বুলিলে কোনটো পৰিসীমাক
লোৱা হ’ব সেইটো এটা সমস্যা৷ বেছিভাগ ক্ষেত্রতে আমি জন পিটাৰ ৱেডে দি যোৱা পুৰণি যোৰহাট
নগৰৰ সীমাতে আবদ্ধ থাকিম৷ এই সীমাৰ মতে দক্ষিণে ঢলী, উত্তৰে বৰআলি, পূবে দিচৈ আৰু পশ্চিমে
খুটীয়াপোটাৰ ভিতৰত যোৰহাট অঞ্চল সীমিত৷১ কিন্তু প্ৰাক-আহোম যোৰহাট সম্পর্কে
পর্যাপ্ত তথ্যৰ অভাৱৰ কাৰণে আজিৰ আলোচনাৰ প্ৰথম পৰ্যায় আমি সামগ্রিকভাৱে উজনি অসমৰ
পটভূমিত আলোচনা কৰিম৷
পর্যাপ্ত
লিখিত তথ্যৰ অভাৱ, ভূতাত্বিক অৱস্থান, জলবায়ু আৰু যন্ত্ৰ বৈজ্ঞানিক গৱেষণাৰ
(Instrumental Research) অভাৱৰ বাবে অসম তথা যোৰহাটৰ অতি পুৰণি প্ৰব্ৰজনৰ বুৰঞ্জী ৰচনা
কৰোঁতে প্রায় ক্ষেত্ৰতে সমকালীন পৰিস্থিতি তথা পৰিৱেশগত তথ্যৰ ভিত্তিত অনুসিদ্ধান্তৰ
(Hypothesis) আশ্ৰয় ল’বলগীয়া হয়৷ অৱশ্যে নতুন নতুন তথ্যৰ আগমনৰ লগে লগে অনুসিদ্ধান্ত
সমূহৰো নবীকৰণ আৰু বিকাশ হয়৷
উজনি
অসমত প্ৰস্তৰযুগৰ কোনো গুৰুত্বপূৰ্ণ প্ৰত্নতাত্বিক সমলৰ আৱিষ্কাৰ নোহোৱা মানে এই অঞ্চলত
আদিম মানৱৰ বসতি নথকাটো প্ৰমাণ নহয়৷ অৱশ্যে এই অঞ্চলত মানৱৰ বসতি যে দেৰিকৈ হৈছিল
সেই বিষয়ে আমি নিঃসন্দেহ৷ ব্রহ্মপুত্ৰ উপত্যকাৰ উপগ্ৰহৰ ছবি চালে অনুমান কৰিব পাৰি
যে ই প্ৰকৃততে তিনিওফালে পৰ্বতেৰে আগুৰা এক বৃহৎ গহ্বৰৰ দৰে৷ পানী ওলাই যোৱা পথ মাত্ৰ
এটাই৷
১৭
শতিকাৰ চাহাবুদ্দিন তালিচৰ বিৱৰণমতে ইয়াত বছৰৰ আঠমাহেই অতিপাত বৰষুণ হৈছিল৷ আনকি শীতৰ
চাৰিমাহো পাতলীয়াকৈ বৰষুণ হৈছিল৷২ আকৌ আমি যদি যোৱা এশ বছৰৰ বাৰ্ষিক বৰষুণৰ
নতি মন কৰো দেখিম এই অঞ্চলত
বৰষুণ কমি আহিছে৷ অর্থাৎ আমি যিমানেই অতীতলৈ গৈ থাকো, সিমানেই বৰষুণৰ পৰিমাণ বাঢ়ি
গৈ থাকিব৷ যেতিয়া সিন্ধু উপত্যকাত মানুহে নগৰ গঢ়ি তুলিছিল তেতিয়া ব্রহ্মপুত্র উপত্যকা
আছিল বাৰমাহে অতিপাত বৰষুণ দি থকা, পানী ওলাই যাব নোৱাৰা, ম’হ-ডাঁহেৰে ভৰি থকা এক বৃহৎ
পিতনিস্বৰূপ৷ লাহে লাহে বৰষুণ হ্ৰাস পাই আহিল আৰু উপত্যকাটো মানুহৰ বসবাসৰ উপযোগী হ’বলৈ
আৰম্ভ কৰিলে৷
উপদ্বীপিয়
ভাৰত (Peninsular India) আৰু সিন্ধু-গঙ্গা উপত্যকাত মানুহৰ উপস্থিতি শেষ তুষাৰ যুগ
চলি থাকোতেও (১৬লাখ পৰা দহ হাজাৰ বছৰ আগতে) লক্ষ্য কৰা হৈছে৷ অর্থাৎ তুষাৰ যুগতো উপদ্বীপিয়
ভাৰত তথা সিন্ধু-গঙ্গা উপত্যকাত মানুহ আছিল৷ কিন্তু অসমত পৰিস্থিতি তেনে নাছিল৷ অসমত
হোৱা নৱপ্ৰস্তৰ যুগৰ সকলোতকৈ গুৰুত্বপূৰ্ণ প্ৰত্নতাত্ত্বিক আৱিষ্কাৰসমূহ হোৱা ঠাইসমূহ
হৈছে ডিমা-হাচাও জিলাৰ দাওজালি হাদিং, কামৰূপ জিলাৰ সৰুতৰ, মৰাকদোলা৷ এইসমূহৰ উপৰিও
উত্তৰ-পূৰ্বাঞ্চলৰ কেউখন ৰাজ্যতে নৱপ্ৰস্তৰ যুগৰ সামগ্ৰী পোৱা গৈছে৷ এটা কথা মন কৰিবলগীয়া
যে উত্তৰ পূৰ্বাঞ্চলৰ সৰহখিনি নৱপ্ৰস্তৰ স্থান পাহাৰীয়া ঠাইত অৱস্থিত৷৩
এই কথাটোৰ উপৰিও অন্য এটা ভূতাত্ত্বিক কাৰণত অসমৰ নদী উপত্যকা অঞ্চলত মানৱৰ বসতি দেৰিকৈ
হোৱা বুলি প্ৰমাণ কৰে৷ নদী উপত্যকা অঞ্চলত মানৱৰ বসতি যে দেৰিকৈ আৰম্ভ হৈছিল ইয়াৰ
মূখ্য কাৰণ হৈছে ইয়াৰ জলবায়ু৷ সেই সূত্র আমি যোৰহাটৰ ক্ষেত্ৰটো প্ৰয়োগ কৰিব পাৰো৷
কিন্তু
এইখিনিতে প্রশ্ন হয় অসম তথা যোৰহাটৰ নৱপ্ৰস্তৰ যুগৰ বাসিন্দাসকল কোন? পুৰণি শিলেৰে
নিৰ্মিত সামগ্ৰী, পোৰামাটিৰ সামগ্ৰী আদিৰ পৰা অসমত প্ৰাক-ঐতিহাসিক যুগৰ দুটা সাংস্কৃতিক
গোষ্ঠীৰ উপস্থিতি অনুভূত হয়৷ প্ৰথমটোৰ উত্তৰ-দক্ষিণপূব এছীয় নৱপ্ৰস্তৰ সংস্কৃতিৰ
লগত সম্পর্ক আছে৷ অন্যটো হ’ল প্ৰাথমিক কৃষক সংস্কৃতিৰ বাহক যিটো সম্পূৰ্ণ স্থানীয়ভাৱে
পৃথককৈ বিকশিত হৈছে৷৪
এই
দুই সংস্কৃতিৰ বাহকসকলৰ বিষয়ে এতিয়ালৈকে কোনো নৃতাত্ত্বিক আৰু পুৰাতাত্ত্বিক সমল
আৱিষ্কৃত হোৱা নাই৷ কিন্তু উত্তৰ-পূৰ্বাঞ্চলৰ এতিয়ালৈকে বৰ্তি থকা সকলোতকৈ প্ৰাচীন
জনগোষ্ঠীটোৰ লোককথাত এই বিষয়ে কিছু চিত্তাকৰ্ষক সমল পোৱা যায়৷ পূৰ্বাঞ্চলৰ এতিয়ালৈকে
বৰ্তি থকা সকলোতকৈ প্ৰাচীন জনগোষ্ঠী হ’ল অষ্ট্রো-এছিয়াটিক ভাষাভাষী খাচীসকল৷ গাৰো-খাচীসকলৰ
লোককাহিনীত সঘনাই উল্লেখ থকা এটা শব্দ হ’ল ‘বুৰুংনী মাণ্ডে’৷ ইয়াৰ অৰ্থ হ’ল বনৰীয়া
মানুহ৷ এতিয়াও হেনো পৰ্বতৰ গিৰিখাতবোৰত এইবিধ আধা মানুহ আৰু আধা বান্দৰজাতীয় জীৱবিধে
বাস কৰে৷ এইসকলে হেনো সাধাৰণ মানুহ দেখিলে পলাই যায় আৰু অকলে পালে মাৰি পেলায়৷ গাৰোপাহাৰৰ
অতি দুর্গম সিজু-চুমাঙ্গনী পার্বত্য অঞ্চলত ষাঠীৰ দশকত কোনো কোনো বৃত্তিজীৱি চিকাৰীয়ে
নিজেও ‘বুৰুংনী মাণ্ডে’ক লগ পোৱাৰ কথা জনা গৈছে৷ সেইদৰে জয়ন্তীয়া পাহাৰতো এবিধ আধাবান্দৰ
মানুহৰ কাহিনী প্রচলিত আছে৷ অতিপাত বৰষুণ দিয়া, অস্বাস্থ্যকৰ জয়ন্তীয়া পাহাৰ আৰু
কাছাৰ সমতলৰ সংযোগ স্থলৰ গিৰিকন্দৰ আৰু মহাদেৱ পৰ্বতমালাত এইবিধ মানুহ বাস কৰে৷ তথাকথিত
‘বুৰুংনী মাণ্ডে’ত কৈ এই মানুহবোৰ কিঞ্চিত উন্নতমানৰ৷ কাৰণ স্থানীয় মানুহৰমতে মাজে
মাজে এইসকল লোক জুইশলা, কাপোৰ আৰু নিমখৰ বাবে উপত্যকালৈ নামি আহে আৰু উল্লেখ কৰা বস্তুবোৰৰ
বিনিময়ত শুকান মাছ, ধোঁৱাত শুকুৱাই থোৱা পহু আৰু গাহৰিৰ মঙহ দিয়ে৷ ১৯৮০ চনত এনে এজন
ব্যক্তি ‘মহাদেৱ পৰ্বতৰ নামনিত দেখা পোৱা বুলি প্ৰতক্ষ্যদর্শীৰ বিৱৰণীত পোৱা গৈছে৷৫
স্থানীয় লোকে এই জনগোষ্ঠীটোক ‘দাইবো’ বুলি চিনাক্ত কৰিছিল৷ উল্লেখযোগ্য যে এই “দাইবো”
জনগোষ্ঠীৰ নাম ১৮৯১ চনৰ লোকপিয়লত পোৱা যায় যদিও এইসকলৰ কোনো বিৱৰণ পোৱা নাই৷ ১৯৮০
চনত এজন “দাইবো” লোক প্রত্যক্ষ কৰা ড°প্ৰণৱজ্যোতি ডেকাৰ মতে ব্যক্তিজন কেটোৰ ক’লা, ওঁঠ অত্যন্ত শকত, নাকটো চিম্পাঞ্জীৰ
দৰে চেপেটা, গোঁফৰ ঠাইত দুই তিনিডালমান ঠৰঙা নোমহে আছে৷ ব্যক্তিজন সাইলাখ পাপুৱা-নিউগিনীৰ
আদিম অধিবাসীৰ দৰে৷ অতি তাৎপৰ্যপূৰ্ণভাৱে তেওঁলোকৰ চকুৰ বগা অংশ ৰঙচুৱা বাদামী ৰঙৰ৷
এনে বৈশিষ্ট্যৰ চকু কেইটামান অতি প্রাচীন আদিম নিগ্রোমূলীয় গোষ্ঠীৰ মাজতহে দেখা যায়৷
এতিয়ালৈকে কোনো নৃতত্বৰ কিতাপত আমাৰ উত্তৰ পূৰ্বাঞ্চলত এনেধৰণৰ শাৰীৰিক বৈশিষ্ট্যৰ
লোকৰ উল্লেখ চকুত পৰা নাই৷ উত্তৰ পূৰ্বাঞ্চলত ‘বুৰুংনী মাণ্ডে’ আৰু “দাইবো” লোকৰ উপস্থিতিৰ
পৰা আমি এক অনুসিদ্ধান্তত উপনীত হ’ব পাৰো৷ আফ্ৰিকাৰ পৰা আজিৰ পৰা ৭০,০০০ হাজাৰ বছৰৰ
আগতে বৰ্তমানৰ নিগ্ৰো চাৰিত্ৰিক বৈশিষ্ট্যৰ “দৈহিকভাৱে আধুনিক মানুহ”
(Anatomically modern human)ৰ প্ৰব্ৰজন আৰম্ভ হয়”৷৬ আফ্ৰিকাৰ আৰবীয় উপদ্বীপ,
মধ্য এছিয়া হৈ আদিম মানৱ ভাৰতবৰ্ষত প্ৰৱেশ কৰে৷ এই আদিম মানৱৰ সোঁত উত্তৰ-পূৰ্বাঞ্চলৰ
পাহাৰবোৰৰ মাজেদিয়েই যাত্রা কৰি ৩৫০০০ বছৰৰ আগতে মালয় উপদ্বীপত উপস্থিত হৈ, তেতিয়াৰ
বাম সাগৰৰ পানী ভাঙি অষ্ট্ৰেলিয়া, পাপুৱা-নিউগিনি আদি ঠাইত উপস্থিত হৈছিলগৈ৷৭
এইদৰে যাওঁতে সহস্ৰ বছৰীয়া যাত্ৰাপথত আদিম মানৱৰ দলসমূহ থাকি গৈছিল৷ সেই আফ্রিকীয়
আদিম মানৱৰে হয়তো শেষ প্রতিনিধি ‘বুৰুংনী মাণ্ডে’, “দাইবো” অথবা আন্দামানৰ জাৰোৱা
জনগোষ্ঠী৷ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰাক-ঐতিহাসিক পুৰাতাত্ত্বিক সমলসমূহ এনে নিগ্রোমূলীয়
জনগোষ্ঠীৰহে অৱদান হোৱাটো সম্ভৱ৷ পাছৰকালত বিভিন্ন ঠাইলৈ প্ৰব্ৰজিত মানৱজাতিসমূহৰ বিভিন্ন
প্রাকৃতিক পৰিৱেশত জিনীয় উৎপৰিৱৰ্তন (Mutation) আৰু নিয়েণ্ডাৰথাল আদি মানৱসদৃশ প্রাণীৰ
সৈতে সংমিশ্ৰণ হৈ ক্ৰমবিকাশ ঘটি বিভিন্ন মানৱ প্ৰজাতি (Race)সমূহৰ উৎপত্তি হ’ল৷ এই
নতুনকৈ ক্ৰমবিকাশ ঘটা তুলনামূলকভাৱে উন্নত সাংস্কৃতিক পৃষ্ঠভূমিৰ মানৱ প্ৰজাতিসমূহে
পুনৰ প্ৰব্ৰজন আৰম্ভ কৰি নিজৰেই আদিম পূৰ্বপুৰুষসকলক বিভিন্ন স্থানত উৎখাত কৰিছিল৷
খ্ৰীষ্টজন্মৰ
প্ৰায় ২৫০০ বছৰ আগতে অষ্ট্রো-এছিয়াটিকভাষী (মন খেমৰ) খাচী লোকসকল পূবৰ কাম্পুচিয়া-লাওচৰ
পৰা পাটকাই পৰ্বতৰ মাজেদি আহি ব্ৰহ্মপুত্ৰ উপত্যকাত আহি থিতাপি লৈছিলহি৷৮
ঠিক যোৰহাটত নহ’লেও উজনি অসমত আৱিষ্কৃত নৱপ্ৰস্তৰ যুগৰ কিছু সামগ্রী অষ্ট্রো-এছিয়াটিক
ভাষী (মন খেমৰ) সকলে খ্ৰীষ্টজন্মৰ ২৫০০ বছৰ আগতে সৃষ্টি কৰা বুলি অনুমান কৰা হৈছে৷৯
ভাষাতাত্বিক
প্রমাণ, সামাজিক ৰীতি-নীতি, আৰু কিছুমান ঠাইৰ নাম যেনে- টীয়ক, টিপাম, কিছুমান শব্দ,
যেনে- জহা, জপা, টোকোনা আদিয়ে অষ্ট্রো-এছিয়াটিকভাষী খাচীসকল যে এসময়ত সমতল অসম,
উত্তৰ কাছাৰ তথা কাৰ্বি আংলঙৰ পাহাৰবোৰত বসবাস কৰিছিল, তাৰ সাক্ষ্য দিয়ে৷১০
গতিকে অসম সমভূমিৰ প্ৰায় মধ্যস্থলত যোৰহাটতো অষ্ট্ৰিক খাচীসকলে বসবাস কৰা বুলি আমি
ধাৰণা কৰি ল’ব পাৰো৷ এই অষ্ট্ৰিকভাষী খাচীলোকসকল পূবৰ কাম্পুচিয়া-লাওচৰ পৰা প্ৰায়
খ্ৰীষ্টজন্মৰ ২৫০০ বছৰ আগতে হোৱা জনপ্ৰব্ৰজনৰ লগত পাটকাই পৰ্বতৰ মাজেদি আহি ব্ৰহ্মপুত্ৰ
উপত্যকাত আহি থিতাপি লৈছিলহি৷১১ উত্তৰ-পূব ভাৰতৰ মেগালিথ সংস্কৃতিৰ অৱশেষবোৰ
অষ্ট্রো-এছিয়াটিক খাচীসকলৰে অৱদান৷ উত্তৰ-পূব ভাৰতত এতিয়ালৈকে মেঘালয়, অসম, অৰুণাচল,
মিজোৰাম, আৰু নগালেণ্ডত মেগালিথ আৱিষ্কাৰ হৈছে৷ জয়ন্তীয়া পাহাৰ, খাচী পাহাৰ, কাৰ্বি
আংলং জিলাৰ ৰংগকিমি নামৰ ঠাইত মেগালিথ আৱিষ্কাৰ হৈছে৷ উত্তৰ কাছাৰপাহাৰ জিলাৰ দেৰেবোৰা,
কাৰটাং, বোলাচান, কোবাক নামৰ ঠাইত কেইবাটাও মেগালিথ পোৱা গৈছে৷১২ গুৱাহাটী
বিশ্ববিদ্যালয়ৰ নৃতত্ব বিভাগৰ অধ্যাপক ড° দিলীপ কুমাৰ মেধিৰ নেতৃত্বত এটি দলে ইতিমধ্যে হামৰেণৰ পৰা জয়ন্তীয়া পাহাৰলৈকে
এই অঞ্চলটোত কুৰিটা মেগালিথ খনন কৰি উলিয়াইছে৷১৩ ২০০৪ চনৰ ডিচেম্বৰ মাহত
মিজোৰামত এটি মেগালিথ আৱিষ্কাৰ হৈছে৷১৪ সেইদৰে অৰুণাচলতো পশ্চিম কামেং জিলাৰ
জমিৰি নামৰ ঠাইত কেইটামান মেগালিথ আৱিষ্কাৰ হৈছে৷ নগাপাহাৰৰ আঙ্গামী অঞ্চলত মেগালিথ
আছে৷১৫ যোৰহাটকে ধৰি ধনশিৰীৰ পূবফালে কোনো ঠাইতে মেগালিথ আবিষ্কাৰ হোৱা
নাই৷ কিন্তু ইয়াৰ কাৰণ এইটো নহয় যে এই অঞ্চলটোত কোনোকালে অষ্ট্রো-এছিয়াটিকভাষী খাচীসকলৰ
বসতি নাছিল৷ আমাৰ ধাৰণা ইয়াৰ প্ৰকৃত কাৰণটো ভূতাত্বিকহে৷ ধনশিৰীৰ পূবফালে অৰুণাচলৰ
চাংলাং জিলা হৈ ম্যানমাৰ সীমান্তলৈকে মেগালিথ তৈয়াৰ কৰিব পৰা কোনো শিল বিচাৰি পোৱা
নাযায়৷ ইয়াৰ উপৰিও উজনি অসমৰ লোৰ আঁকৰৰ একমাত্ৰ উৎস iron nodule ৰ পৰা শিল কাটিব
পৰা ছেনী তৈয়াৰ কৰিব নোৱাৰি৷ জন হেনৰী হটনৰ মতে অষ্ট্ৰিকসকলে মেগালিথ সংস্কৃতিটো ইণ্ডোনেছিয়াৰ
পৰা বহন কৰি আনিছিল৷১৬
জনপ্রিয়
মতবাদমতে যোৰহাট তথা অসমলৈ আগমন হোৱা দ্বিতীয়টো জনস্রোত হ’ল তিব্বত-চীন ভাষাৰ বর্মী
উপভাষী মংগোলীয় লোকসকল৷ খ্ৰীষ্টজন্মৰ ২০০০ বছৰ আগতে চামে চামে এই লোকসকল অসমত প্ৰৱেশ
কৰিছিল৷১৭ বৰ্তমান ডিমাচা কছাৰী, বড়ো কছাৰী, মেচ আদি ভিন্ন নামেৰে জনাজাত
লোকসকলেই এই তিববত-বর্মীভাষী লোকসকলৰ বংশধৰ৷ এই লোকসকল দক্ষিণ তিব্বতৰ পৰা নামনি অসম
হৈ পশ্চিম দিশৰ পৰা যোৰহাট সোমাইছিল৷১৮ গেইটৰ মতে তিব্বত-বর্মী ভাষীলোকসকল
পূবদিশৰ পৰাহে যোৰহাট সোমাইছিল৷১৯ এই মতবাদ মতে অষ্ট্রো-এছিয়াটিকভাষী খাচীসকলে
নৱাগত মংগোলীয় বড়োসকলৰ হেঁচাত সমতল অসম, কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ পাহাৰ এৰি বৰ্তমানৰ
খাচীয়া পাহাৰত আশ্ৰয় ল’লেগৈ৷
সুনীতি
কুমাৰ চেটার্জী বা গেইটৰ মতবাদ বহুকেইটা বাস্তৱ কাৰণত গ্ৰহণযোগ্য নহয়৷ অসমত তিব্বত-চীন
ভাষাৰ বৰ্মী উপভাষী মংগোলীয় লোকসকলক যিমান প্রাচীন অধিবাসী বুলি ভবা হয়, তেওঁলোক
প্ৰকৃততে সিমান পুৰণি অধিবাসী নহয়৷ সুনীতি কুমাৰ চেটাৰ্জী আৰু তেওঁৰ শিষ্য বাণীকান্ত
কাকতিয়ে কিৰাটসকলক মংগোলীয় লোক বুলি চিনাক্ত কৰিছে যদিও তেওঁলোক কোনোপধ্যেই মংগোলীয়
হ’ব নোৱাৰে৷ সুনীতি কুমাৰ চেটার্জী বা বাণীকান্ত কাকতিয়ে যি গ্ৰন্থৰ ওপৰত ভিত্তি কৰি
অসমত প্রাক-ঐতিহাসিক যুগত অসমত মংগোলীয়সকলৰ বসতিৰ প্ৰমাণ দাঙি ধৰিছে সেয়া হ’ল দশম
শতিকাত ৰচিত কালিকা পুৰাণ৷ দশম শতিকাৰ গ্ৰন্থক ভিত্তি কৰি প্ৰাক-ঐতিহাসিক অসমৰ জনগাঁঠনিৰ
বিচাৰ কৰিবলৈ যোৱাটো এক অবৈজ্ঞানিক প্রক্রিয়াত বাদে একো নহয়৷ প্ৰাক-ঐতিহাসিক যুগৰ
অসমত মংগোলীয়লোকৰ বসতিৰ কোনো প্রমাণেই পোৱা নাযায়৷ আধুনিক ঐতিহাসিকসকলে কিৰাট মানে
মংগোলীয় লোক বুলি মানিবলৈ অস্বীকাৰ কৰিছে৷২০
কিৰাট
শব্দটো ‘প্রাকৃত ভাষা’ৰ কিৰাৰ শব্দৰ পৰা আহিছে৷ কিৰাৰ শব্দটোৰ মূল সংস্কৃত হ’ল ক্ৰিয়াকাৰ৷২১
ইয়াৰ অৰ্থ হ’ব চিকাৰী৷ ই চিকাৰ আৰু সংগ্ৰহৰ (Hunter and gatherer) জৰিয়তে জীৱন নিৰ্বাহ
কৰা অতি প্ৰাথমিক (Primitive) স্তৰৰ জনগোষ্ঠীক সূচিত কৰে৷ বড়ো-কছাৰীসকলৰ দৰে উন্নত
জাতিক নহয়৷ বড়ো-কছাৰীসকলৰ যি পৰম্পৰাগত উন্নত জলসিঞ্চন প্রণালী, সি তেওঁলোকক চিকাৰ
আৰু সংগ্ৰহৰ যোগেদি জীৱন ধাৰণ কৰা সমাজলৈ নিৰ্দেশ নকৰে৷ এই কিৰাটসকল প্ৰকৃততে খাচীসকলৰ
লগত সংঘৰ্ষ কৰি তেতিয়াও টিকি থকা প্রাচীন নিগ্ৰোমূলীয় লোকহে, যিসকল পাছলৈ ইণ্ডো-য়ুৰোপীয়
ভাষাভাষী লোকসকলৰ হেঁচাত সম্পূৰ্ণৰূপে নিজৰ নিজৰ স্থিতি হেৰুৱাই পাহাৰৰ মাজৰ অতি অস্বাস্থ্যকৰ
ঠাইলৈ পলায়ন কৰিবলৈ বাধ্য হ’ল৷ সৌ সিদিনালৈকে এইসকল লোক অতি বিচ্ছিন্নভাৱে দাইবোৰ
দৰে ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠীৰূপে বৰ্তি আছিল৷ কুমাৰ ভাস্কৰ বৰ্মনে শিলাদিত্য হৰ্ষবৰ্ধনলৈ
পঠোৱা উপহাৰৰ তালিকাত এযোৰ বনমানুহ আৰু এজোৰ জলমানৱো আছিল৷২২ এইসকল তেতিয়াৰ
উত্তৰ ভাৰতৰ মানুহৰ বাবে একেবাৰে অপৰিচিত নিউগিনিৰ অধিবাসীসদৃশ আদিম জনগোষ্ঠীৰে লোক
হোৱাটো সম্ভৱ৷
কিৰাটসকলক
মংগোলীয় কছাৰী বুলি ধৰি লৈ তেওঁলোকে অসমত প্ৰৱেশ কৰাৰ সময় হিচাপে সুনীতি কুমাৰ চেটার্জী
বা গেইটে যি সময় উল্লেখ কৰিছে তাৰ কোনো ভিত্তি তেখেতসকলে দাঙি ধৰা নাই৷ কমতাপুৰৰ ইতিহাসৰ
ৰচক শৈলেন দেৱনাথে অসমৰ অন্য এটা প্রাচীন জনগোষ্ঠীক কিৰাট বুলি উল্লেখ কৰিছে৷ এইসকল
হ’ল লিখিত তথ্যৰ অভাৱত সততে উপেক্ষা কৰা প্ৰাচীন অসমৰ দ্ৰাবিড়মূলীয় লোকসকল৷ শৈলেন
দেৱনাথে এই সকলকে কিৰাট বুলি সিদ্ধান্ত দিছে৷২৩ কিন্তু প্রাক-ঐতিহাসিক কালৰ
অসমত দ্রাবিড়মূলীয় লোকৰ উপস্থিতিৰ কথা আমি স্বীকাৰ কৰি ললেও দ্রাবিড়মূলীয়সকলক তেওঁলোকৰ
উন্নত সাংস্কৃতিক পৃষ্ঠভূমিৰ বাবে চিকাৰী-সংগ্ৰহকাৰী কিৰাট বুলিব নোৱাৰো৷ কিম্বদন্তীয়
প্ৰাগজ্যোতিষপুৰৰ নৰকাসুৰে যদি ইণ্ডো-য়ুৰোপীয় ভাষাভাষী লোকসকলক প্ৰতিনিধিত্ব কৰে,
তেন্তে শোণিতপুৰৰ বাণ ৰজাই কাক প্রতিনিধিত্ব কৰিব পাৰে? বাণৰজাই কিৰাট হত্যাকাৰী নৰকৰ
লগত বন্ধুত্ব স্থাপন কৰালৈ লক্ষ্য কৰি আমি তেওঁক কিৰাট বুলিব নোৱাৰো৷ তদুপৰি বানৰজাই
এক উন্নত সংস্কৃতিক প্রতিনিধিত্ব কৰে আৰু কিম্বদন্তীয়েও তেওঁক কিৰাট বোলা নাই৷ তাৰ
পৰিৱৰ্তে তেওঁক বোলা হৈছে অসুৰ বুলি৷ তেনে বাণৰজা কোন? অসুৰ নামে প্রখ্যাত দ্রাবিড়
আৰু নিগ্ৰো এক সংমিশ্রিত এক প্রাচীন জাতি প্রাচীন ভাৰতত আছিল৷ আনকি ১৮৯১ চনৰ লোকপিয়লতো
অসমত অসুৰ জনগোষ্ঠীৰ লোক আছে বুলি চিহ্নিত কৰা হৈছে৷ অসুৰসকল ধাতু কৰ্মৰ বাবে প্ৰসিদ্ধ
আছিল৷২৪ প্ৰাচীনকালৰে পৰা দ্ৰাবিড়মূলীয় লোকসকল শৈৱ আছিল৷ বাণৰজাও আছিল
এজন শৈৱ৷ গতিকে সিদ্ধান্তলৈ আহিব পাৰোঁ যে শৈৱ বাণৰজাই প্রাচীন অসমৰ অসমত দ্রাবিড়মূলীয়
লোকসকলক প্ৰতিনিধিত্ব কৰে৷ এই দ্ৰাবিড়মূলীয় লোকসকল অষ্ট্রো-এছিয়াটিকভাষী খাচীসকলৰ
কিছু পাছত বা সমসাময়িকভাৱে এই ভূখণ্ডলৈ আহিছিল৷ এই লোকসকলৰ লগত স্থানীয় নিগ্রোমূলীয়
কিৰাটসকলৰ কেনে সম্পৰ্ক আছিল কোৱাটো কঠিন যদিও প্রাচীন অসমত অসুৰ গোষ্ঠীৰ অৱস্থিতি
আৰু অনা ইণ্ডো-য়ুৰোপীয় ভাষাভাষী
লোকসকলৰ আগমনৰ সময়লৈকে কিৰাটসকলৰ অৱস্থিতিলৈ লক্ষ্য কৰি এই সম্পর্ক অতিপাত শত্রুতাপূর্ণ
নাছিল বুলিয়েই আমি ক’ব পাৰো৷ কিন্তু পূবফালৰ পৰা এই ভূখণ্ডত প্ৰৱেশ কৰা অষ্ট্ৰো-এছিয়াটিক
ভাষাভাষী খাচীসকলে পশ্চিমফালৰ পৰা অহা দ্রাবিড়মূলীয় লোকসকলৰ হেঁচাতেই সমতল অসম এৰি
খাচীয়া পাহাৰত উঠিবলগীয়া হ’লগৈ৷ খাচীসকলে পাহাৰলৈ উঠি যোৱাৰ লগে লগে পাহাৰত নিগ্ৰোমূলীয়
লোকসকলৰ শেষ আশ্রয়স্থলকনো শেষ হ’ল৷
দ্রাবিড়মূলীয়সকলৰ
পাছত অসম ভূখণ্ডলৈ আহে ইণ্ডো-য়ুৰোপীয়
ভাষাভাষী লোকসকল৷ নৰকাসুৰৰ কিম্বদন্তীমতে অসম ভূখণ্ডৰ পশ্চিমফালৰ পৰা (মিথিলা)
অহা এদল অভিযাত্ৰীৰ নেতা ৰাজকুমাৰজনে (নৰক) স্থানীয় কিৰাট নেতাজনক (মহীৰংগ বংশৰ ঘটকাসুৰ)
যুদ্ধত পৰাজিত কৰি হত্যা কৰে আৰু ৰাজপাট দখল কৰে৷ নৰক বংশৰ ৰজাসকলক ভৌম বুলি অভিহিত
কৰা হয়৷ এই কাহিনীয়ে অসমৰ পশ্চিমফালৰ পৰা অহা ইণ্ডো-য়ুৰোপীয় ভাষাভাষী লোকসকলৰ কিৰাট
ভূমিত আগ্রাসনকে সূচিত কৰে বুলি সৰ্বসম্মত ধাৰণা এটাৰ প্ৰচলন আছে৷ আজিৰ পৰা ২২০০ বছৰৰ
আগতে নামনি অসমত ইণ্ডো-য়ুৰোপীয় ভাষা কোৱা ডাঙৰ চকুৰ লোকসকলে স্থায়ী বসতি স্থাপন কৰাৰ
তথ্য আমি পাইছো৷ কামাখ্যা মন্দিৰৰ ভেটিৰ তলৰ মাটিৰ বয়স T L Dating পদ্ধতিৰে নিৰ্ণয়
কৰাৰ পাছত এই সিদ্ধান্ত লোৱা হৈছে৷২৫ ইণ্ডো-য়ুৰোপীয় ভাষা কোৱা ডাঙৰ চকুৰ
লোকসকলে ব্ৰহ্মপুত্ৰ উপত্যকাইদি বৰ্তমানৰ ম্যানমাৰলৈ গৈ এখনি ৰাজ্য পতাৰ তথ্য গেইটে
আমাক দিছে৷২৬ এই সূত্রমতে এজন ভাৰতীয় ৰজা সমুদাই (সমুদ্র?) ব্রহ্মপুত্র
উপত্যকাইদি গৈ ১০৫ চন মানত উত্তৰ ব্ৰহ্মদেশত ৰাজত্ব কৰিছিল৷ চৰিত পুথি আৰু বহু কেইখন
পুৰণি বুৰঞ্জীত উল্লেখ থকা পূবৰ কলিতা দেশৰ২৭ লগত সমুদ্ৰ ৰজাই প্ৰতিষ্ঠা
কৰা হিন্দু ৰাজ্যখনৰ লগত কিবা সম্পর্ক আছে নেকি সেইটো গৱেষণাৰ বিষয়৷
যোৰহাটৰ
কাষৰীয়া দৈয়াং ধনশিৰী উপত্যকা বৰ্মনসকলৰ দখললৈ যোৱাটো লক্ষ্য কৰি ইয়াৰ প্ৰভাৱ যোৰহাটতো
পৰা বুলি আমি প্রকল্প উপস্থাপন কৰিব পাৰো৷ দৈয়াং উপত্যকাত নগাজৰী খনিকৰ গাঁৱত আৱিষ্কাৰ
হোৱা শিলালিপিত বসুন্ধৰ বৰ্মন আৰু ৰত্নবৰ্মন, দুবৰণি শৈলপত্র লিপিত পুনৰ বসুন্ধৰ বৰ্মন,
আলিচিগা-টেঙানিৰ বসুন্ধৰ বৰ্মনৰ টেৰাকটা মোহৰ২৮ আদিয়ে এই উপত্যকাত বৰ্মন
প্ৰভাৱ সূচিত কৰে৷ বসুন্ধৰ বৰ্মনৰ টেৰাকটা মোহৰত বৰ্মনসকলৰ ৰাজচিহ্ন হাতী বা সিংহৰ
অনুপস্থিতিয়ে বসুন্ধৰ বৰ্মনক কামৰূপী বৰ্মনসকলৰ সামন্ত বুলিহে ধাৰণা দিয়ে৷ বৰ্মন
শব্দটোৱে ধাতুৰ কৱচধাৰী যোদ্ধাক (armour wearer) সূচায়৷ ই বৰ্মনসকলক অসমৰ পশ্চিমৰ
পৰা অহা ইণ্ডো-য়ুৰোপীয় ভাষা কোৱা যোদ্ধাৰ দল বুলি ইংগিত কৰে৷ অৱশ্যে কিছু ইতিহাসবিদে
বর্মনসকলক মংগোলীয় বুলিহে দাবী কৰে৷
৬৫০
চনত বৰ্মনসকলৰ শেষ ৰজা তথা পূব ভাৰতৰ এজন প্ৰতাপী নৃপতি ভাস্কৰ বৰ্মনৰ মৃত্যুৰ পাছত
উত্তৰাধিকাৰীৰ অভাৱত এক বিশৃংখলতাৰ সৃষ্টি হয়৷ এনে সময়তে মেচসকলৰ নেতা শালস্তম্ভই
সেই সময়ৰ কামৰূপ বা অসমৰ সিংহাসন দখল কৰে৷ মেচসকলৰ কামৰূপ দখল দৰাচলতে এই অঞ্চলৰ ইতিহাসৰ
এক অতি গুৰুত্বপূৰ্ণ ঘটনা৷ ভৌম নৰক, পুষ্যবর্মণ, শালস্তম্ভ, চুকাফা আৰু বিশ্বসিংহৰ
ৰাজনৈতিক ক্ষেত্ৰলৈ আগমন, এই কেইটা ঐতিহাসিক ঘটনাই ১৮২৬ চনলৈকে থকা অসমৰ জনগাঁঠনিটো
নিৰূপন কৰিছে৷ ৰত্নপালৰ (৯২০-৯৬০চন) বৰগাওঁ শিলালিপিত শালস্তম্ভৰ ক্ষমতা দখলৰ ঘটনাটো
এটা বিশেষ শব্দৰে সূচিত কৰিছে৷ এই শিলালিপি মতে ‘”বিধিছলনাবশত” শালস্তম্ভই কামৰূপৰ
সিংহাসন দখল কৰে৷
“এবং
বংশক্রমেণ ক্ষিতিমথ নিখিলাং ভুঞ্জতাং নাৰকাণা
ৰাজ্ঞাং
মেচ্ছাধিনাথো ৱিধিচলনাৱশাদেৱ জগ্ৰাহ ৰাজ্যম্৷
সালস্তম্ভঃ
ক্ৰমেস্যাপি হি নৰপতয়ো ৱিগ্ৰহস্তম্ভমুখ্যা
ৱিখ্যাতাঃ
সম্বভূবুর্দ্বিগুণিতদশতাসংখ্যয়া সংৱিভিন্নাঃ৷৷”২৯
এই
‘বিধিছলনাবশ” শব্দটোৰ প্ৰয়োগে শালস্তম্ভৰ সিংহাসন দখল যে এটা সহজাত প্রক্রিয়া নহয়
তাক নিৰ্দেশ কৰে৷ ম্লেচ শব্দটোৰ বুৎপত্তি ইতিহাসবিদসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ৷ চিদনী
এণ্ডেল, নগেন্দ্র নাথ বসু আদি পণ্ডিতসকলে সীমিত তথ্যপাতি আৰু বৃহৎ প্ৰেক্ষাপটৰ অভাৱত
চমুকৈ “মেচ” শব্দটো সংস্কৃত “ম্লেচ” শব্দৰ পৰা উদ্ভৱ হৈছে বুলি ঘোষণা কৰিছিল৷ প্ৰকৃততে
ম্লেচ আৰু মেচ দুটা সম্পূর্ণ পৃথক পটভূমিত সৃষ্টি হোৱা ভিন্নভাষামূলীয় শব্দ৷ ইহঁতৰ
অৰ্থও যুগে যুগে সলনি হৈ আহিছে৷ এই সম্পর্কে কিছু আলোচনাও চকুত পৰিছে৷ পশ্চিম ভাৰতৰ
গাঙ্গেয় সংস্কৃতিৰ বাহক সকলে নিজতকৈ পৃথক ভিন্ন সংস্কৃতিৰ বাহকসকলক ম্লেচ নামেৰে অভিহিত
কৰিছিল৷ সেয়েহে একে ভাষাগোষ্ঠীয় কিন্তু ভিন্ন সংস্কৃতিৰ গ্ৰীকসকলকো অভিহিত কৰা হৈছিল
ম্লেচ নামেৰে৷ পাছলৈ ম্লেচ শব্দটো প্ৰয়োগ হৈছিল বৌদ্ধ আৰু ইছলামধৰ্মীসকলক বুজাবলৈ৷
এই ম্লেচৰ লগত অসমত প্ৰচলিত মেচ শব্দৰ উৎপত্তি পটভূমি সম্পূর্ণ বেলেগ৷ অসমত মেচৰ পৰাহে ম্লেচ হৈছে, ম্লেচৰ পৰা মেচ নহয়৷ বৰগাওঁ শিলালিপিত
থকা ম্লেচ হ’ল মেচৰ সংস্কৃতকৰণ৷ শালস্তম্ভক ম্লেচাধিপতি বুলি উল্লেখ কৰাৰ কেইবাটাও
কাৰণ আছিল৷ “শালস্তম্ভ” কোনো নাম নহয়৷ ই হ’ল এক উপাধি৷ বৌদ্ধ মন্ত্রযান শাখাৰ এক স্বল্পখ্যাত
“সূত্র” হ’ল “শালিস্তম্ভ”৷ এই সূত্ৰৰ মূল পালি আৰু সংস্কৃত অংশ লোপ পালেও তিব্বতী অনুবাদ
এতিয়াও বর্তি আছে৷ শালস্তম্ভ নামটোৱেই সুচায় যে ব্যক্তিজন মন্ত্রযান শাখা (মহাযানৰ
এটা উপশাখা) বৌদ্ধ আছিল আৰু ভোট বা তিব্বতী মূলৰ আছিল৷ আমি আগতে উল্লেখ কৰিছো যে পশ্চিম
ভাৰতৰ গাঙ্গেয় সংস্কৃতিৰ বাহকসকলে নিজতকৈ পৃথক ভিন্ন সংস্কৃতিৰ বাহকসকলক ম্লেচ নামেৰে
অভিহিত কৰিছিল৷ মেচ নামৰ বৌদ্ধ জনগোষ্ঠীটোৰ ৰীতি নীতিও গাঙ্গেয় সংস্কৃতিৰ বাহকসকলৰ
লগত অমিল আছিল৷ সেয়েহে মেচৰ সংস্কৃতায়ন কৰি ম্লেচ কৰি থোৱা হ’ল৷ চিদনী এণ্ডেল, নগেন্দ্র নাথ বসু সকলোৱেই ম্লেচৰ পৰা মেচ হৈছিল বলি ভূল কৰিছিল৷ প্ৰকৃতাৰ্থত
অসমত মেচৰ পৰাহে ম্লেচ শব্দটো আহিছিল৷ অসমৰ ধৰ্মীয়
পৰিমণ্ডললৈ তিব্বতী তাৰা দেৱীৰ আগমন শালস্তম্ভৰে অৱদান৷ পাছলৈ শালস্তম্ভীয় মেচ ৰজাসকল
হিন্দু হৈ শৈৱপন্থী হয়৷ মেচ শব্দটোৰ মূল বিচাৰি আমি উভতি যাব লাগিব মেচসকলৰ আদি বাসস্থান
তিব্বত নেপালৰ মেচি (Mechi) নদীৰ পাৰলৈ৷ আগতেই উল্লেখ কৰা হৈছে যে বৃহত্তৰ কছাৰী গোষ্ঠীৰ
লোকসকল নেপাল আৰু দক্ষিণ তিব্বতৰ এক বৃহৎ অংশত সিঁচৰতি হৈ আছিল৷ সকলোৰে উপভাষাও পৃথক
পৃথক আছিল৷ মেচি নদীকেন্দ্রীক লোকসকলে নিজকে মেচ নামেৰে অভিহিত কৰিছিল আৰু তেওঁলোকৰ
ভাষাক অভিহিত কৰা হৈছিল “মেচে” বা মেচ নামেৰে৷ নেপালত এতিয়াও এই ভাষা কোৱা লোক বৰ্তি
আছে আৰু ২০০৮ চনত জাপানৰ মিনাচাকা বিশ্ববিদ্যালয়ৰ কাজুযুকি কিয়ু নামৰ গৱেষকজনে মেচে
ভাষাৰ ওপৰত এখন সুন্দৰ গৱেষণা গ্ৰন্থ ৰচনা কৰি উলিয়াইছে৷ ভান দ্ৰীয়েম (২০০১) নামৰ
গৱেষকজনে মেচসকলৰ বাসস্থান হিচাপে পূব নেপালৰ তেৰাই অঞ্চলৰ ঝাপা জিলা, ভূটানৰ ডুৱাৰ্ছ
কোশি নদী আৰু বৃহ্মপুত্ৰ উপত্যকাক চিহ্নিত কৰিছে৷৩০ এই মেচসকলেই বিভিন্ন
সময়ত কছাৰী আৰু বড়ো নামেৰে চিহ্নিত হৈছে৷ সুনীতি কুমাৰ চেটার্জীয়ে ভবাৰ দৰে মংগোলীয়
বৌদ্ধধর্মী মেচসকল খ্রীষ্টপূর্ব ২০০০ বছৰৰ আগতে নহয়, খ্রীষ্টীয় সপ্তম শতিকাতহে ব্ৰহ্মপুত্ৰ
উপত্যকাত প্ৰৱেশ কৰিছিল৷
তিব্বতী
মেচসকলৰ অসম প্ৰৱেশৰ বিশেষ ঘটনাটোৰ বিষয়ে ভাৰত বুৰঞ্জীত কোনো উল্লেখ পোৱা নাযায় যদিও
তিব্বতী আৰু ভূটানৰ সূত্ৰত এই ঘটনাৰ উল্লেখ আছে৷ এই ঘটনাৰ গুৰি বিচাৰি আমি কিছু আগুৱাই
যাব লাগিব৷ হিউয়েন চাং চীনদেশলৈ উভতি গৈ চীনা সম্রাট তাইজং (Taizong) ক সম্রাট হৰ্ষবৰ্ধনৰ
আতিথ্যৰ কথা ক’লত চীনা সম্রাটে “ৱাং হিউয়েন চি” (Wang Hiuen Tse) নামৰ দূতজনৰ নেতৃত্বত
এটা সঁজাতি দল ভাৰতলৈ প্ৰেৰণ কৰে৷ দুর্ভাগ্যক্রমে সঁজাতি দলটো ভাৰত পোৱাৰ আগতেই ৬৪৮
চনত হৰ্ষৰ মৃত্যু হয় আৰু তেওঁৰ মন্ত্রী অর্জুনে ক্ষমতা দখল কৰে৷ অৰ্জুন আছিল ঘোৰ বৌদ্ধ
বিৰোধী আৰু অত্যাচাৰী৷ তেওঁ চীনা সঁজাতি দলটোৰ সৰহ সংখ্যক সদস্যকে হত্যা কৰি হৰ্ষৰ
বাবে অনা সমস্ত উপহাৰ লুট কৰিলে৷ “ৱাং হিউয়েন চি” কোনোমতে প্ৰাণ লৈ পলাই নেপাল পালেগৈ৷
সেই সময়ত তিব্বতৰ শক্তিশালী সম্রাট চংগষ্টেন গাম্পোৱে নেপালৰ ৰাজকন্যা ভূকুতি দেৱী
আৰু চীন সম্ৰাটৰ কন্যা ৱেন চেঙক বিয়া কৰাইছিল৷ নেপালৰ ৰজাৰ সহযোগত চীনা ৰাজদূতে তিব্বতৰ
সম্ৰাট চংগষ্টেন গাপোৰ পৰা সামৰিক সাহাৰ্য লৈ অৰ্জুনক আক্ৰমণ কৰিলে৷ ভাস্কৰ বৰ্মনে
এই চীনা তিব্বতী সৈন্যবাহিনীক সামৰিক সাহাৰ্য প্ৰদান কৰিছিল৷ সন্মিলিত বাহিনীয়ে বিহাৰৰ
কোনো ঠাইত হোৱা যুঁজত অৰ্জুনক পৰাস্ত কৰি বন্দী কৰে আৰু চীনদেশলৈ পঠাই দিয়ে৷ এই যুদ্ধৰ
পাছতে কাকতালীয়ভাৱে ভাস্কৰ বৰ্মন আৰু সম্ৰাট চংগষ্টেন গাম্পোৰ অগাপিছাকৈ মৃত্যু হয়৷
উত্তৰাধিকাৰীবিহীন ভাস্কৰ বৰ্মনৰ ৰাজ্যত অৰাজকতাৰ সৃষ্টি হ’ল৷ উত্তৰ ভাৰত, উত্তৰ বংগ
আৰু কামৰূপৰ এই “মৎস্যন্যায়” অৱস্থাৰ সুযোগ গ্ৰহণ কৰি উত্তৰ বংগত অৱস্থান কৰা তিব্বতী
বাহিনীটোৰ নেতা শালস্তম্ভই কামৰূপৰ ক্ষমতা দখল কৰিলে৷ তিব্বতী বাহিনীটোত মেচী নদীৰ
কাষৰীয়া লোকৰ সংখ্যাধিক্যৰ বাইে তেওঁলোক হ’ল মেচ৷ পাছলৈ এইসকলৰ আগমন পথৰ আঁত ধৰি একে
অঞ্চলৰ অনেক লোক ব্রহ্মপুত্র উপত্যকাত প্ৰৱেশ কৰিলে৷ এই দৰেই “বিধি চলনা বশত” এটা নতুন
বংশ, এচাম নতুন মানুহ অসমৰ নৃতাত্বিক ইতিহাসত সংযোগ হ’ল৷৩১ গতিকে আমি নিশ্চিত
যে ভালদৰে বিশ্লেষণ কৰিলে বড়োসকলৰ বাথৌ ধৰ্মত বৌদ্ধধৰ্মীয় কিছু অৱশিষ্ট চিহ্ন ওলাবই,
যিহেতু শালস্তম্ভীয় বৌদ্ধ মেচসকলৰে বংশধৰ এই বড়োসকল৷ কিন্তু উজনি অসম তথা যোৰহাটলৈ
শালস্তম্ভীয় মেচ (কছাৰী) সকল বেচ কিছু দিনলৈ প্ৰৱেশ কৰিব পৰা নাছিল দৈয়াং ধনশিৰীত
তেতিয়াও বৰ্তি থকা বৰ্মন ৰাজ্যখনৰ বাধাৰ বাবে৷ এই বিষয়ে সবিশেষ পাছত ব্যাখ্যা কৰা
হ’ব৷
শালস্তম্ভীয়
মেচসকলৰ শেষ ৰজা আছিল ত্যাগ সিংহ৷ ত্যাগ সিংহৰ মৃত্যুৰ পাছত ৯৮৫-১০০০ চনৰ ভিতৰত পুনৰ
পূৰ্বৰ ভৌমসকলৰ বংশধৰ৩২ ব্ৰহ্মপালে সিংহাসন দখল কৰে৷ এই পৰৱৰ্তী ভৌমসকলক পাল নামেৰে
অভিহিত কৰা হয়৷ আগতেই উল্লেখ কৰা হৈছে যে শালস্তম্ভীয় মেচ (পাছলৈ কছাৰী, ডিমাচা,
চুতীয়া, বড়ো আদি) সকল অসমৰ আদিম অধিবাসী কিৰাটসকল বুলি ভূলকৈ চিনাক্ত কৰা হৈছে৷ মেচসকল
হ’ল উন্নত সভ্যতাৰ বাহক, আৰু তাই ভাষীসকলৰ দৰে পলমকৈ প্ৰব্ৰজন কৰা জনগোষ্ঠী৷ কিৰাটসকলৰ
দৰে আদিম চিকাৰীজীৱি নহয়৷ মেচসকলৰ কিছু কিছু স্থাপত্য ভাস্কর্য পূর্বৱর্তী ভৌম অথবা
বর্মনসকলতকৈ উন্নতহে আছিল৷ কিন্তু পালসকলৰ হাতত ক্ষমতা হেৰুৱাৰ পাছত তেওঁলোকক পাহাৰ
আৰু অৰণ্যলৈ যাবলৈ বাধ্য কৰা হৈছিল৷ সেয়ে আজিও কছাৰী আৰু বড়োসকলৰ মাজত প্রকৃত আদিম
জনজাতীয় সামাজিক গাঁঠনি নাই৷ কাৰণ তেওঁলোকৰ কিছুৱে ৰাজ্য হেৰুৱাই পাহাৰ আৰু অৰণ্যত
আশ্ৰয় লোৱাৰ ফলতহে বাধ্যত পৰি জনজাতীয় জীৱন প্ৰণালী গ্ৰহণ কৰিবলগীয়া হৈছিল৷৩৩
পালসকলে
প্রাচীন অসমৰ সভ্যতা-সংস্কৃতিলৈ বিপুল অৱদান আগবঢ়াইছিল৷ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ পাল
ভাস্কৰ্য সিঁচৰতি হৈ আছে৷ উজনিৰ তিনিচুকীয়াৰপৰা নামনিৰ গোৱালপাৰালৈকে পাল ভাস্কৰ্য
পোৱা গৈছে (ডিব্ৰুগড়ৰ ওচৰৰ ম’ৰামৰা থানত খান্দি উলিওৱা ভাস্কর্য বা লখিমপুৰৰ মালিনী
থান)৷ ৰাজ্যিক প্রত্নতত্ত্ব সঞ্চালকালয়ে ডিব্ৰুগড়ৰ ম’ৰামৰা থানত খনন কৰি উলিওৱা পাল
যুগৰ মন্দিৰ, প্ৰাক অসমীয়া আখৰত সংস্কৃত ভাষাত লিখিত শিলালিপি আৰু ভাস্কর্যই উজনি
অসমত পাল আধিপত্যৰ কথা সোঁৱৰাই দিয়ে ৷
উজনিৰ
পাল আধিপত্যৰ অন্য এটা প্রমাণো আমি পাওঁ৷ 1875 চনত এজন ব্ৰিটিছ বিষয়া নেই এলিয়াচ
(Nei Alias) ব্ৰহ্মদেশৰ পুৰণি ৰাজধানী মান্দালয়ত চৰকাৰী কর্তব্যত থাকোঁতে এখন শ্বান
ভাষাৰ বুৰঞ্জীৰ সহায়ত “Shans of Upper Burma and South China” নামৰ এটা টোকা প্রস্তুত
কৰিছিল৷ সেই টোকাটোৰ মতে, চাম্ লুম্ ফা নামৰ এজন শ্বান ৰাজকোঁৱৰে চুকাফাৰ আগতেই দিহিং
উপত্যকা আক্ৰমণ কৰি জয় কৰিছিল৷৩৪ অন্য এখন পুৰণি বুৰঞ্জীমতে পৰাজিত ৰাজ্যখনে
এটা তিনি বছৰীয়া কৰ দিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈছিল আৰু এই কৰ আছিল ২৫ টা ঘোঁৰা, ৭ টা
হাতী, ৭৬ কিলোগ্রাম (আজিৰ হিচাপত) সোণ আৰু ৬৩৫ কিলোগ্রাম (আজিৰ হিচাপত) ৰূপ৷৩৫
এই কথাখিনিয়ে উজনি অসমত এখন স্তৰীকৃত ৰাজ্যৰ সংকেত দিয়ে৷
একাদশ-দ্বাদশ
শতিকাত পালসকলৰ পতনৰ সমসাময়িকভাৱে উজনি অসমত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে আৰু দক্ষিণ পাৰে
তিব্বত বর্মী ভাষী মেচ (বড়ো-কছাৰী) মূলীয় লোকসকলৰ চুতীয়া ৰাজ্য আৰু কছাৰী ৰাজ্য
গঠন হয়৷
দক্ষিণপৰীয়া
কছাৰী ৰাজ্যৰ কেন্দ্ৰ আছিল যোৰহাট৷ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে কছাৰী ৰাজ্যৰ লোকসকলৰ
বিষয়ে কেইটিমান নিশ্চিত তথ্য পোৱা যায়৷ ১৮৩৯ চনত ই আৰ গ্ৰেঞ্জ নামৰ এজন ব্ৰিটিছ বিষয়াই
ডিমাপুৰৰ ইতিহাস সম্পর্কে অনুসন্ধান কৰোঁতে উত্তৰ কাছাৰৰ ডিমাচা কছাৰীসকলৰ লগত মত বিনিময়
কৰিছিল৷ স্থানীয় লোকসকলে তেওঁক ডিমাপুৰ নগৰখন চতুৰ্থ কছাৰী ৰজা চক্ৰধ্বজে সজা বুলি
কৈছিল আৰু চক্ৰধ্বজৰ পূৰ্বৱৰ্তী ৰজাসকলৰ ৰাজধানী যোৰহাটত থকা বুলি দাবী কৰিছিল৷৩৬ ডিমাপুৰত
কছাৰী ৰাজধানী স্থাপনক লৈ মতভেদ আছে৷ সোনাৰাম থাওচেনৰ মতে ১০৮৬ চনত৩৭ উপেন্দ্ৰ
চন্দ্ৰ গুহৰ মতে ১১৫০ চনত৩৮ চনত দৈয়াং ধনশিৰী উপত্যকাৰ ডিমাপুৰলৈ ৰাজধানী
তুলি নিয়া হয়৷ এই মতভেদলৈ নগৈও আমি এটা সিদ্ধান্তত উপনীত হ’ব পাৰোঁ যে ১০৮৬ চনৰ আগলৈকে
ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে কছাৰী ৰাজ্যৰ কেন্দ্ৰ আছিল যোৰহাট৷ কিন্তু বহুদিনৰ পাছত আহোমসকল
যোৰহাটলৈ অহাৰ সময়ত যোৰহাট অতি জলাতক, পাতল জনবসতি থকা অস্বাস্থ্যকৰ ঠাইহে আছিল বুলি
উল্লেখ পোৱা যায়৷ কোনো যুঁজ-বাগৰ নোহোৱাকৈ কছাৰীসকলে হঠাতে যোৰহাট ত্যাগ কৰা, ৰাজধানী
হৈ থকা ঠাই এখন অতি জলাতক অস্বাস্থ্যকৰ হৈ পৰা, এই দুইটা ঘটনাৰে ব্যাখ্যা অন্ততঃ আজিৰ
তাৰিখলৈকে নাই৷ আমি তাক ব্যাখ্যা কৰিবলৈ যত্ন কৰিম৷
গেইটে
উল্লেখ কৰিছে যে এসময়ত দিহিং নদী ডিব্ৰুগড়ৰ পৰা বহু পূবলৈ গৈ ব্ৰহ্মপুত্ৰত পৰিছিল৩৯(মানচিত্ৰ
১)৷ মাজুলীৰ চিনেই নাছিল৷ সেই সময়ৰ উজনি অসমৰ মানচিত্ৰখনৰ থূলমূল আভাস এটা দিবলৈ যত্ন
কৰা হ’ল ৷
এনে
অৱস্থাত একাদশ শতিকাত এটা তাৎক্ষণিক ভূতাত্বিক প্ৰক্ৰিয়াৰ সংঘটন হ’ল৷ যাৰ ফলত দিহিং
নদীখনে পথ সলাই ব্ৰহ্মপুত্ৰৰ সমান্তৰালকৈ বৈ গৈ বোকাখাতৰ ওচৰৰ লখৌত ব্ৰহ্মপুত্ৰত পৰিলগৈ৷
ভূতাত্বিক সংঘটনটোৰ পাছত যোৰহাটৰ মানচিত্ৰখন কেনে হৈছিল তাক চিহ্নিত কৰা হ’ল৷
দিহিং
নদীৰ গতি সলনিৰ পাছত সমগ্ৰ যোৰহাট জিলাৰ দক্ষিণ অংশত প্রলয়ংকৰ ভূতাত্বিক পৰিৱৰ্তন
সংঘটিত হ’ল৷ তাৰ প্ৰমাণো আমি ইতিমধ্যে সংগ্ৰহ কৰিবলৈ সক্ষম হৈছো৷ কছাৰীসকল থকাৰ সময়ত
যোৰহাটক বোলা হৈছিল বচা দৈয়াং৷৪০ এই নামটোৰ লগত দৈয়াং নদীৰ আগলি ভাগৰ
সম্পৰ্ক থকা বুলি আমি ভাবো৷ উপগ্ৰহৰ পৰা পোৱা চিত্ৰত যোৰহাটৰ দক্ষিণ অঞ্চলৰ মাজেদি
বৈ যোৱা কেইবাখনিও মৰা নদীৰ সম্ভেদ পোৱা যায়৷ ধোদৰ আলিৰ সমান্তৰালভাৱেও এখন মৰা নদীৰ
চিন পোৱা যায়৷ তদুপৰি দক্ষিণ যোৰহাটত মৰা নদী সর্ম্পকে বহু জনশ্ৰুতিৰ প্ৰচলন আছে৷৪১
দক্ষিণ যোৰহাটৰ বহু ঠাইত ৩-৪ মিটাৰ মাটিৰ তলত বালি চত পোৱা গৈছে৷ এই সমূহৰ আঁত ধৰি
কছাৰীসকলৰ যোৰহাট ত্যাগৰ লগত ওপৰত উল্লিখিত ভূতাত্বিক সংঘটনটোৰ সম্পৰ্ক প্ৰমাণ কৰিবলৈ
এই লেখক আৰু ড° নুৰুল আমিনে “ভাৰতীয়
জাতীয় বিজ্ঞান একাডেমী” (Indian National Science Academy)ৰ অৰ্থ সাহাৰ্যত ২০১২ চনত
এটি গৱেষণা চলাইছিল৷ এই গৱেষণাতে কছাৰীসকলৰ যোৰহাট ত্যাগৰ লগত ভূতাত্বিক পৰিৱৰ্তনটোৰ
সম্পৰ্ক স্থাপন কৰিবলৈ সক্ষম হৈছিলো৷ এই গৱেষণাৰ বিস্তৃত ফলাফল ইতিমধ্যে দুখনকৈ সন্মানীয়
আন্তঃৰাষ্ট্ৰীয় পত্ৰিকাত প্ৰকাশ হৈছে৷ অত্যাধুনিক OSL সময় নিৰূপণ পদ্ধতি ব্যৱহাৰ
কৰি আমি প্ৰমাণ কৰিছো যে ১১০০ চনত দক্ষিণ যোৰহাটত এটা প্রলয়ংকৰী ভূতাত্বিক পৰিৱৰ্তনৰ
ফলত দক্ষিণ যোৰহাটৰ কেইবাখনো বৃহৎ নদীৰ এক বিস্তীর্ণ নদীতন্ত্ৰ সম্পূৰ্ণৰূপে ধ্বংস
হৈছিল৷ উক্ত ধ্বংসলীলাৰ ভূতাত্ত্বিক চিন এতিয়াও দক্ষিণ যোৰহাটৰ মাটিৰ তলত প্রকৃতিয়ে
সংৰক্ষণ কৰিছে৷ ইয়াৰ পাছত ১৩০০ চনমানতো অন্য এটা সমমানৰ দুৰ্যোগে দক্ষিণ যোৰহাটৰ অৱশিষ্ট
নদীতন্ত্ৰটো ধ্বংস কৰিলে৷৪২,৪৩ এই দ্বিতীয় দুৰ্যোগটোৰ সময় নির্ণয়ত
OSL ৰ উপৰি অত্যাধুনিক AMS Radio Carbon dating পদ্ধতিটোৰো ব্যৱহাৰ কৰা হৈছিল৷
যোৰহাট
নগৰৰ পৰা ন-আলি বা গড়আলিয়েদি যিমানেই দক্ষিণে নগাপাহাৰৰ ফালে গতি কৰা হয় সিমানেই
ৰাইজৰ মাজত প্ৰচলিত এটা কিংবদন্তীৰ মুখামুখি হোৱা যায়৷ যোৰহাটৰ দক্ষিণে বিস্তীর্ণ
অঞ্চলটোত অৱস্থিত ন-আলি, ঢেকিয়াজুলি, দক্ষিণ সোণাৰি গাওঁ, কৰঙাখাট, নামনি কহাঁৰ গাওঁ,
কৰঙা খৰীয়া চুক গাওঁ, দুলীয়াগাওঁ, চৰাইবাহী বাহেক গাওঁ, কুকুৰাপহীয়া গাওঁ, কুঁৱৰীপুখুৰী
চেতীয়া গাওঁ, তিমতিমিয়া গাওঁ আদিৰ ৰাইজে কয় যে ভোগদৈ নদীখন হেনো সেই ঠাইবোৰৰ মাজেদি
বৈ গৈছিল৷ উল্লিখিত অঞ্চলসমূহৰ নিৰ্দিষ্ট কিছুমান ঠাইত বর্তমান মাটিত গাঁত খান্দিলেই
পৰিষ্কাৰ বালিৰ চত আৰু পানী পোৱা যায়৷ এই বালিবোৰৰ বৈশিষ্ট্য নদীয়ে জমা কৰা বালিৰ
দৰে৷ ইয়াৰ উপৰিও বালিবোৰত নদীৰ বালিত দেখা পোৱা “কাটন স্তৰ” (Cross Bedding) নামেৰে
জনাজাত ভূতাত্ত্বিক গঠনবোৰ সঘনাই দেখা পোৱা যায়৷ এই গঠনবোৰে স্পষ্টভাৱে এই বালি চতবোৰ
কোনো প্রাচীন নদীৰ বুলি ইংগিত কৰে৷
উপগ্ৰহীয়
চিত্ৰত যোৰহাটৰ দক্ষিণৰ অঞ্চলসমূহৰ অধ্যয়ন কৰিলে সেই অঞ্চলত পূবৰ পৰা পশ্চিমলৈ কিছুমান
এৰা নদীৰ চিহ্ন দেখা যায়৷ উপগ্ৰহীয় চিত্ৰৰ লগতে জনশ্ৰুতিৰ পম খেদি যোৰহাট নগৰৰ পৰা
দক্ষিণলৈ নগাপাহাৰৰ ফাললৈ এনে এৰা নদীৰ স্থানসমূহত খনন কৰিলে মাটিৰ তলত কেইবাঠাইতো
বালিৰ চতসমূহ পোৱা যায়৷ অঞ্চলটোৰ কেইবাঠাইতো পোৱা এই বালিৰ চতসমূহে মৰানদী বা এৰা
সূঁতিৰ অৱস্থানৰ কথাৰে ইংগিত দিয়ে৷ এনে কিছু মৰানদীৰ ঠাইত প্ৰাচীনকালতে শিপাৰে সৈতে
উঘাল খাই নদীত উটি অহা অসংখ্য গছো পোৱা যায়৷ গছৰ পৰিমাণলৈ লক্ষ্য কৰিলে এনে লাগে যেন
কিবা বৃহৎ প্রাকৃতিক দুর্যোগহে ঘটিছিল৷ এই মৰানদীবোৰ কেতিয়া বৈ আছিল তাক প্ৰমাণ কৰাটো
অতি প্ৰয়োজনীয়৷ OSL (Optically Stimulating Luminescence) সময় নিৰূপণ প্রণালী নামৰ
এটা অত্যাধুনিক পদ্ধতিৰে এই বালিসমূহৰ বয়স নির্ণয় কৰিব পাৰি৷ ভাৰতৰ মাত্ৰ কেইটামান
গৱেষণাগাৰতহে এই সুবিধা আছে৷ এনে এক গৱেষণাগাৰত তাৰ উপসঞ্চালক ড°যোগেশ নাগৰৰ সৈতে লগ হৈ কেইবাটাও ঠাইৰ বালিৰ
নমুনাসমূহৰ বয়স নিৰ্ণয় কৰা হৈছিল৷ প্ৰাচীন মৰানদীৰ বালিত পোতখাই থকা গছৰ টুকুৰা এটা
পঠোৱা হৈছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ মায়ামিত থকা এটা গৱেষণাগাৰলৈ “ৰেডিঅ কার্বন ডেটিং”
কৰিবৰ বাবে৷ এই বিশ্লেষণসমূহে অঞ্চলটোৰ ইতিহাসত নতুন দিশত আলোকপাত কৰিছে৷
ড০
শইকীয়া আৰু ড০ আমিনৰ অধ্যয়নত দক্ষিণ যোৰহাটত বৰ্তমানৰ ভোগদৈৰ নামনি অংশৰ
সমান্তৰালকৈ পূবৰ পৰা পশ্চিমলৈ ন-আলি ঢেকিয়াজুলি, কৰঙাখাত, কুঁৱৰীপুখুৰী আদি ঠাইৰ
মাজেৰে বৈ যোৱা কিছু মৰানদীৰ সন্ধান ওলাইছিল৷ এই মৰানদীসমূহৰ চিহ্ন অধ্যয়ন কৰিলে এনে
লাগে যেন এই মৰানদীবোৰ বৰ্তমান ভোগদৈ উজনি অংশৰ (অৰ্থাৎ দিচৈৰ) পৰা যেন বৈ আহিছিল৷
OSL সময় নিৰূপণ প্ৰণালীৰে পৰীক্ষা কৰি এই নদীয়ে জমা কৰা বালিসমূহ তিনিটা বয়সৰ বুলি
ইংগিত পোৱা গৈছে৷ অর্থাৎ এই বৃহৎ অঞ্চলটোত তিনিটা বেলেগ বেলেগ সময়ত বালি জমা হৈছিল
আৰু ই তিনিখন নদীৰ সম্ভেদ দিয়ে৷ এই মৰানদীসমূহৰ বয়সে এটা বিশেষ ধাৰা (trend) প্ৰদৰ্শন
কৰিছে৷ আটাইতকৈ দক্ষিণত অৱস্থিত (কৰঙাখাত, দক্ষিণ সোণাৰি গাওঁ, কহঁৰ গাঁৱৰ মাজেদি বৈ
যোৱা) সকলোতকৈ পুৰণি নদীখন প্ৰায় ১০০০ বছৰ পুৰণি৷ তাৰ উত্তৰ দিশত যিখন নদী অৱস্থিত
(ন-আলি ঢেকিয়াজুলি পেট্র’ল পাম্পৰ ওপৰেদিয়েই বৈ গৈছিল) সেইখন প্রায় ৬০০ বছৰ পুৰণি৷
আটাইতকৈ উত্তৰত অৱস্থিত নদীখন (কুঁৱৰী পুখুৰীয়েদি বৈ গৈছিল) আকৌ প্রায় ৮০০ বছৰ পুৰণি৷
৬০০ বছৰ পুৰণি নদীখনৰ বুকুত পোৱা গছৰ “ৰেডিঅ কার্বন ডেটিঙে” গছডাল প্রায় ৫৫০ বছৰ পূৰণি
বুলি ফলাফল দিছে৷ এই অধ্যয়নৰ পৰা আমি এটা কথাত নিশ্চিত হ’ব পাৰো যে যোৱা প্ৰায় ৬০০
বছৰ আগলৈ যোৰহাটৰ দক্ষিণে পূবৰ পৰা পশ্চিমলৈ এখন ডাঙৰ নদী বৈ আছিল আৰু নদীখনে দক্ষিণৰ
পৰা উত্তৰলৈ গতি পথ সলনি কৰিছিল৷ আমাৰ এই অধ্যয়নৰ পৰা সেই অঞ্চলৰ কিংবদন্তিসমূহ সত্য
বুলিয়েই প্ৰমাণ কৰিছে৷ এই মৰা নদীসমূহ হ’ল বৰ্তমানৰ ভোগদৈৰ পুৰণি গতি পথ৷ অৰ্থাৎ আজিৰ
পৰা দুই বা তিনি শতিকাৰ আগলৈ ভোগদৈ যোৰহাটৰ দক্ষিণেৰে বৈ আছিল৷ এতিয়া প্ৰশ্ন হ’ল এই
নদীখন ক’লৈ গ’ল তথা ভোগদৈ আজিৰ অৱস্থালৈ কেনেকৈ আহিল?
ইতিহাসৰ
তথ্যমতে কমলেশ্বৰ সিংহৰ ৰাজত্ব কালত ১৭২৪ শকত (১৮০২ চন) পূৰ্ণানন্দ বুঢ়াগোঁহায়ে দিচৈৰ
দিশ পৰিৱৰ্তন কৰি ভোগদৈ নদী খন্দায় (বুৰঞ্জি বিবেকৰত্ন,পৃষ্ঠা: ২০১)৷ মৰিয়নিৰ ওচৰৰ
দকলঙিয়াত দিচৈ নদীৰ খান্দি গতি পৰিৱৰ্তন কৰা হৈছিল বুলি জনশ্রুতি আছে৷ আগতে উল্লেখ
কৰিছোঁ যে দক্ষিণ যোৰহাটত অৱস্থিত আউনীআটী সত্ৰৰ কৰঙাখাত স্বৰ্গদেউ জয়ধ্বজ সিংহৰ ৰাজত্ব
কালত, ১৬৫৩ চনত, এই অঞ্চলত দিচৈ নদীয়ে এৰি যোৱা পতিত ভূমিত প্রতিষ্ঠা কৰি কেইঘৰমান
পাইক সংস্থাপন কৰা হৈছিল৷ এই ঐতিহাসিক তথ্যৰ লগতে ড০ শইকীয়া আৰু ড০
আমিনৰ অধ্যয়নৰ পৰা এই কথা প্রতীয়মান হয় যে দিচৈ নদীৰ গতি ১৮০২ চনৰ পূৰ্বেও সলনি
হৈছিল৷ কিন্তু দিচৈনদীৰ এই গতিপথ মানুহে খান্দি সলনি কৰিছিলনে? কাৰণ ১৮০২ চনত শেষবাৰৰ
বাবে দিচৈনদীৰ গতি পৰিৱৰ্তন হোৱাৰ সময়ত আহোমৰাজ্য মোৱামৰীয়া বিপ্লৱৰ মাধমাৰৰ পৰা
মূৰ দাঙি উঠিবই পৰা নাছিল৷ ৰাজ্যৰ এনে নাজল-নাথল অৱস্থাত মৰিয়নিৰ পৰা গোলাঘাটৰ গেলাবিললৈকে
এই বৃহৎ নদীখন প্রাকৃতিক নতি বা ঢাল (Natural Slop) বজাই ৰাখি খান্দি নিব পৰাকৈ আহোম
ৰাজতন্ত্ৰ কাৰিকৰী আৰু আৰ্থিকভাৱে সক্ষম আছিল নে? নে অন্য কিবা প্রাকৃতিক সংঘটনৰ বাবেহে
নদীৰ গতি সলনি হৈছিল৷
এটা
লক্ষ্যণীয় দিশ হ’ল যে মোটামুটিভাৱে প্রশাসনিক যোৰহাট মহকুমাটোৰ প্রাকৃতিক নতি
(Natural Slop) কাষৰীয়া শিৱসাগৰ আৰু গোলাঘাটৰ লগত নিমিলে৷ ব্ৰহ্মপুত্ৰৰ দক্ষিণে শিৱসাগৰ
আৰু গোলাঘাটৰ জিলাৰ প্ৰাকৃতিক নতি দক্ষিণৰ পৰা উত্তৰলৈ৷ অৰ্থাৎ এই ঠাইৰ নদীসমূহে দক্ষিণৰ
পৰা উত্তৰলৈ বৈ গৈ ব্ৰহ্মপুত্ৰত পৰিছে৷ কিন্তু প্রশাসনিক যোৰহাট মহকুমাটোত প্রাকৃতিক
নতি বা ঢাল হ’ল পূবৰ পৰা পশ্চিমলৈ৷ সেয়েহে যোৰহাটৰ প্ৰায় সকলো নদী বা জান পূবৰ পৰা
পশ্চিমলৈ বৈ আছে ৷ বৰ্তমানৰ ভোগদৈ নদী নামনি অংশ পূবৰ পৰা পশ্চিমলৈ ব্ৰহ্মপুত্ৰৰ প্ৰায়
সমান্তৰালকৈ বৈ আহিহে গেলাবিলত লাগিছেহি৷ কিন্তু ভোগদৈৰ উজনিৰ কিছু অংশ দক্ষিণৰ পৰা
উত্তৰলৈ বৈ আছে৷ অৰ্থাৎ ভোগদৈৰ নামনি অংশ ইতিমধ্যে বৈ থকা অন্য কোনো প্ৰাকৃতিক নদীৰ
অংশ৷ সেয়ে হলে দক্ষিণৰ পৰা ধাৰাবাহিকভাৱে উত্তৰলৈ গতি সলাই থকা পুৰণি দিচৈ আহি ইতিমধ্যে
বৈ থকা অন্য এখন নদীত লগ লাগিছিলহি৷ প্রশ্ন হয়, এই লগলগা প্ৰক্ৰিয়াটো প্রাকৃতিক নে
মানৱসৃষ্ট৷ এই ঘটনা হৈছিলেই বা কেতিয়া৷ ইতিহাসে এই বিষয়ে কি কয়?
১৮০৮
ৰ পৰা ১৮১৪ চনৰ ভিতৰত সংগ্ৰহ কৰা তথ্যৰ ভিত্তিত প্ৰস্তুত কৰা An Account of Assam ত
ফ্রান্সিছ বুকানন হেমিল্ট’নে লিখা মতে গৌৰীনাথ সিংহ যোৰহাটলৈ অহাৰ সময়ত দিচৈনদী দক্ষিণৰ
পাহাৰৰ পৰা বৈ থকা এখন নদী আছিল – Since the disturbances in the region of
Gaurinath, the royal residence has been removed to Jorhat, about twenty miles
west from Ranggapur. It stand on both sides of the Dichoi river (Dessoye, A)
which comes from the mountains on the souther frontier (Page 18). ইয়াৰ অৰ্থ হ’ল
কমলেশ্বৰ সিংহৰ ৰাজত্বকালত ১৭২৪ শকত (১৮০২ চন) পূর্ণানন্দ বুঢ়াগোঁহায়ে দিচৈৰ দিশ
পৰিৱৰ্তন কৰি ভোগদৈ নদী খন্দোৱাৰ আগতেই দিচৈ নদীৰ গতি পৰিৱৰ্তন হৈ বৰ্তমানৰ ভৈাগদৈৰ
ৰূপ লৈছিল৷ ভোগদৈৰ গতিপথৰ এই পৰিৱৰ্তন হৈছিল প্ৰাকৃতিক ভাবে দিচৈ যে প্রাকৃতিকভাৱেই
বৰ্তমানৰ ভোগদৈৰ পথেৰে বৈ গৈছিল তাৰ ইংগিত নাওবৈচা ফুকনৰ অসম বুৰঞ্জীত পোৱা যায় –
“…আৰো যোড়হাটত ন বাহৰ কৰাল, অপৰ মোয়ামৰিয়াৰ দৌৰাত্যত বিবুদ্ধি গড় বান্ধি থাকোতে,
খোয়া দ্রব্য ঢুকালত খোয়া বস্তু পাবলৈ দিচৈ নদিত ভোগ দিয়াত, সেই ৰাতিয়েই দিচৈৰ পানি
বাৰ্হি যি পোনে পানি ভাগি আহিল, সেই পোনেই বহলকৈ ভোগদৈ নদি নাম দি খনাই দিয়ালে,..”
নাওবৈছা ফুকনৰ অসম বুৰঞ্জী (পৃষ্ঠা- ১৬২)৷ অর্থাৎ ভোগদৈ ভাঙি আহি গতি সলনি কৰিছিল মোৱামৰীয়া
বিদ্ৰোহৰ সময়ত (১৭৯২- ৯৫) আৰু পূৰ্ণানন্দ বুঢ়াগোঁহায়ে ইয়াক খান্দি বহল কৰিছিল তাৰ
কেইবা বছৰো পাছত ১৮০২ চনত৷
ইতিহাসৰ
এই বিৱৰণৰ লগত ড০ শইকীয়া আৰু ড০ আমিনৰ অধ্যয়নৰ কিছু মিল আছে৷
তেওঁলোকৰ অধ্যয়নমতে যোৱা ১০০০ বছৰমান আগৰ পৰাই ক্রমাগতভাৱে বৰ্তমানৰ ভোগদৈৰ পুৰণি
গতিপথ দক্ষিণৰ পৰা উত্তৰলৈ সলনি হৈ আহি আছিল৷ আৰু ১৮ শতিকাৰ শেষৰফালে মোৱামৰীয়া বিদ্ৰোহৰ
সময়ত ইয়াৰ বাঢ়নী পানীয়ে ভাঙি বৰ্তমানৰ গতিপথত ৰয়হি৷ এই গতিপথত নদীখন প্রাকৃতিকভাৱে
সুস্থিৰ হোৱাৰ আগতে মানুহে ইয়াৰ গতিপথ বহলাই ইয়াক স্থায়ীৰূপ দিয়ে৷ এইখিনিতে এটা
মন কৰিবলগীয়া কথা হ’ল যে ভোগদৈৰ নদীৰ অবয়ব ইয়াৰ দুয়োকাষে থকা জাঁজী আৰু কাকদোঙাৰ
দৰে নহয়৷ এই দুয়োখন নদীত বিশেষ গেদ জমা নহয়, অথচ ভোগদৈ নদী গেদ জমা হৈ একেবাৰে বাম
হৈ পৰিছে৷ কাৰণ ভোগদৈ এই অংশ প্রাকৃতিক নতি বা ঢালৰ ফালে বৈ থকা নাই৷ সেয়েহে ইয়াৰ
বহন ক্ষমতা কম৷ ফলত ভোগদৈৰ বুকুত ইমান গেদ জমা হোৱা দেখা যায়৷
যোৰহাটৰ
দক্ষিণ অঞ্চলৰ এই মৰা নদীসমূহৰ বয়সৰ ধৰণটোৱে যোৰহাট মহকুমাটোৰ অস্থিৰ ভূপ্রকৃতিৰ কথাকে
ইংগিত দিয়ে৷ এই সংঘটনসমূহৰ পৰা আমি উজনি অসমৰ জনপ্ৰব্ৰজনৰ ধৰণটোক পুনৰ অংকন কৰিব পাৰো৷
আমি উল্লেখ কৰিছো যে প্ৰায় ১০৮৬ চনলৈকে ডিমাপুৰৰ কছাৰীসকল যোৰহাট জিলাকেন্দ্ৰিক আছিল
(E. R. Grange (1940), Extracts From the Journal of an Expedition in to the Naga
Hills, Journal of Asiatic Society of Bengal, Vol. IX, pp. 953-958)৷ তাৰপাছত অজান
কাৰণত কছাৰীসকলে বৰ্তমানৰ প্ৰশাসনিক যোৰহাট মহকুমা এৰি গুচি গৈছিল৷ কিন্তু দেৰগাঁৱৰ
পৰা পুনৰ কছাৰী বসতি আৰম্ভ হৈছিল৷ বুৰঞ্জীয়ে কয় যে-“দেৱৰগাঁৱত, মৰঙ্গিত কছাৰী আছিল,
আহোমে বাদ কৰিলে....”( সাতসৰী অসম বুৰঞ্জী, পৃষ্ঠা-৩২)৷ এহাজাৰ বছৰৰ আগতে যোৰহাট চ্যুতিৰ
সক্ৰিয়তাৰ বাবে দিহিং নদীৰ গতি সলনিৰ ফলত যোৰহাটৰ ভূপ্রকৃতিৰ অভাৱনীয় পৰিৱৰ্তন ঘটিছিল৷
সেই সময়তেই হয়তো যোৰহাটৰ আঞ্চলিক প্রাকৃতিক নতিৰ সলনি হৈ দক্ষিণা-উত্তৰৰ পৰা পূবা-পশ্চিমাহৈ
গ’ল৷ এই সময়তে যোৰহাটে মুখামুখি হ’ব লগা হৈছিল প্ৰলয়ংকৰী প্রাকৃতিক দুৰ্যোগৰ (প্ৰান্তিক,
১-১৫ ফেব্ৰুৱাৰি, ২০১৩)৷ একে সময়তে দিচৈ নদীয়ে গতি সলনি কৰি উত্তৰলৈ গতি কৰিবলৈ ললে৷
এই সময়তে যোৰহাটৰ কছাৰীসকল যোৰহাট এৰি গুছি গৈছিল৷
আজিৰ পৰা এহাজাৰ বছৰৰ পূৰ্বেই যোৰহাট অঞ্চলত এখন সুস্থিৰ কৃষক সমাজ গঢ়ি উঠাৰ বৈজ্ঞানিক তথ্য পোৱা গৈছে৷ সকলোবোৰ উদ্ভিদে শিপাৰ জৰিয়তে পানী শোষণ কৰোঁতে দ্রৱীভূত অৱস্থাত কোৱাৰ্টজ মনিকো শোষণ কৰে আৰু এইসমূহ উদ্ভিদবোৰৰ গা-গছ অংশত জমা হয়৷ উদ্ভিদৰ গা-গছৰ ভিতৰত থকা কোৱাৰ্টজ মনিকবোৰক কোৱা হয় ‘ফাইট’লিথ’৷ বেলেগ বেলেগ উদ্ভিদৰ ফাইট’লিথৰ আকৃতি বেলেগ বেলেগ হয়৷ সেয়ে এইসমূহক উদ্ভিদৰ “আঙুলিৰ চাপ” (Finger Print) বুলিব পাৰি৷ উদ্ভিদজোপা মৰি-পচি গলেও ফাইট’লিথবোৰ সংৰক্ষিত হৈ থাকে৷ দক্ষিণ যোৰহাটত ১০০০ বছৰৰ আগতে বৈ যোৱা মৰা নদীৰ বালিত পানীধানৰ (Wet Rice) ফাইট’লিথৰ সন্ধান পোৱা গৈছে৷ মহাৰাষ্ট্ৰৰ পুণেত অৱস্থিত ‘ফাইট’লিথ গৱেষণা কেন্দ্ৰ’ত এই বালি পৰীক্ষা কৰোঁতে তথ্যটো আৱিষ্কাৰ হৈছে৷ পানীধানৰ ফাইট’লিথে যোৰহাটত অন্ততঃ এহাজাৰ বছৰ পুৰণি প্ৰাক-আহোম কৃষক সমাজ এখনৰ ধাৰণা আমাক দিয়ে৷
আমি
ইতিমধ্যে উল্লেখ কৰিছো যে ১০০০ বছৰৰ আগৰ তাৎক্ষণিক ভূতাত্বিক সাল-সলনিৰ ফলত বোধহয়
যোৰহাট অঞ্চলৰ বহু ঠাই তললৈ বহি গৈ জলাতক হৈ পৰিল৷ সমগ্ৰ অঞ্চলটো বানপানীৰ কবলত পৰিল
আৰু বসবাসৰ অনুপযোগী হৈ পৰিল৷ যাৰ ফলত কছাৰীসকলে যোৰহাট ত্যাগ কৰি ডিমাপুৰলৈ উঠি যাবলৈ
বাধ্য হ’ল৷ যোৰহাটত ভূ-জলৰ বাবে যিমানবোৰ নলীনাদৰ খনন হৈছে সকলোতে প্রথমে ১৫-২০ মিটাৰমানৰ
এটি বোকাৰ স্তৰ পোৱা যায়৷ এই স্তৰটোৱেই সমগ্ৰ অঞ্চলটো বহু শতিকা বন্ধ পানীৰ মাজত থকাৰ
কথাটো সিদ্ধ কৰে৷ পৰৱৰ্তী সময়ত বৰআলি নামৰ বৃহৎ মথাউৰিটো তৈয়াৰ নোহোৱালৈকে যোৰহাট
হাবি-বনেৰে পৰিপূৰ্ণ জলাতক ঠায়েই হৈ থাকিল৷ “বৰআলিটো” যে বান নিয়ন্ত্ৰণৰ কাৰণে তৈয়াৰ
কৰা হৈছিল তাক বুৰঞ্জীত স্পষ্টভাৱেই উল্লেখ আছে৷৪৪ পাছত গৱেষকসকলেও বান নিয়ন্ত্ৰণত
“বৰআলি”ৰ ভূমিকাৰ কথা স্বীকাৰ কৰিছে৷৪৫ জন পিটাৰ ৱেডেও এই কথাটো লক্ষ্য কৰিছিল৷ এই
সময়ৰ পৰা পৰৱৰ্তী ৭০০ বছৰত মিৰজুমলা, চেভেলিয়াৰ আদি যিমান বহিৰাগত পূবলৈ সোমাই আহিছিল
সকলোৱেই লখৌৰ পৰাই দিহিঙেদি ব্ৰহ্মপুত্ৰৰ সমান্তৰালকৈ উজাই আহিছিল৷ দিহিং আৰু ব্ৰহ্মপুত্ৰৰ
মাজৰ ভূখণ্ডক তেতিয়াৰ পৰা মাজালি নামেৰে চিহ্নিত কৰিবলৈ লোৱা হ’ল৷ তাৎপর্যপূর্ণ কথাটো
উল্লেখ আছে পৰৱৰ্তী সময়ৰ আহোম বুৰঞ্জীসমূহত৷ ১৪ শতিকালৈ আহোমসকল দিখৌ নদীৰ পূবপাৰেই
আছিল৷ দিখৌ পাৰ হৈ আহোমসকলে কছাৰী ৰাজ্য অভিমূখে অভিযান চলোৱা সময়ৰ বিভিন্ন ঘটনা বুৰঞ্জীসমূহত
উল্লেখ আছে৷ এই সকলোবোৰ বুৰঞ্জীয়ে কিন্তু কছাৰীসকলৰ অৱস্থান দেৰগাঁৱৰ পৰাহে দেখুৱাই৷
বুৰঞ্জীয়ে কয় যে-“দেৱৰগাঁৱত, মৰঙ্গিত কছাৰী আছিল, আহোমে বাদ কৰিলে....”৷৪৬
কিন্তু দিখৌ আৰু দেৰগাঁৱৰ মাজৰ খণ্ডত যে লোকবসতি আছিল তাৰ কোনো উল্লেখ নাই৷ ই আমাৰ
অনুসিদ্ধান্তটোকে সিদ্ধ কৰে৷ এই ডিমাচা-কছাৰীসকলে প্ৰথমে যোৰহাটক কেন্দ্ৰ কৰি পূবৰ
ফালে ৰাজ্য সুদৃঢ় কৰাৰ পাছত প্রাকৃতিক দুৰ্যোগত যোৰহাট বিধ্বস্ত হয়৷ তাৰ পাছত কছাৰীসকলে
দৈয়াং-ধনশিৰীৰ পৰা পালসকলক আঁতৰাই খ্ৰীষ্টীয় একাদশ শতিকাত ডিমাপুৰত ৰাজধানী স্থাপন
কৰে আৰু কাছমাৰী পথাৰৰ জয়স্তম্ভৰ সংস্কৃতিটো আৰম্ভ কৰে৷৪৭ অৱশ্যে খ্রীষ্টীয় ১৬ শতিকাত
আহোমসকলে ডিমাপুৰ দখল কৰাৰ পাছত সমগ্ৰ উপত্যকাতো পৰিত্যক্ত হয়৷ কপিলী উপত্যকাৰ অসংখ্য
ইটাৰ স্থাপত্য, পোৰা মাটিৰ ভাস্কৰ্য এই কছাৰীসকলৰে অৱদান৷
আহোমসকল
উজনি অসমলৈ অহাৰ বহুকাল পাছলৈকে, অন্ততঃ ১৪৭৩ চনলৈকে দিখৌ নদীয়েই আহোম আৰু কছাৰী ৰাজ্যৰ
সীমা আছিল৷ কিন্তু চুহুংমুং দিহিঙ্গিয়া ৰজাৰ ৰাজত্ব কালত, ১৫২৬ চনত কছাৰীসকলক ধনশিৰি
উপত্যকালৈ হোঁহোকাই পঠাই মৰঙীত আহোমসকলে কোঠ মাৰে৷ সেয়া আছিল আমি আগতে উল্লেখ কৰা
দ্বিতীয়টো প্ৰাকৃতিক দুৰ্যোগৰ কিছু পাছৰ ঘটনা৷ সেই সময়ত যোৰহাট অঞ্চলত সংগঠিত জনবসতিৰ
উমান পোৱা নাযায়৷ তাৰ সলনি এই বৃহৎ অঞ্চলটোত বিচ্ছিন্ন কছাৰী গোট কিছুমানহে থকা বুলি
অনুমান কৰিব পাৰি৷ মৰঙীত কোঠ মৰাৰ পাছতে প্ৰণালীবদ্ধভাৱে আহোমসকলে যোৰহাটত বিভিন্ন
মানুহ বহুৱাবলৈ আৰম্ভ কৰে৷৪৮ ইয়াৰ পাছতে স্বতঃস্ফূৰ্তভাৱে সৰহীয়াকৈ প্ৰব্ৰজন বহুকাললৈ
প্ৰায় বন্ধ হোৱা বুলিব পাৰি৷ ইয়াৰ পৰিৱৰ্তে ৰাজ পৃষ্ঠপোষকতাত হোৱা ক্ষুদ্ৰ পৰিসৰত
হোৱা আন্তঃক্ষেত্ৰীয় প্ৰব্ৰজনেহে প্রধান্য পাইছিল৷ সামগ্ৰিকভাৱে এনেবিধৰ সকলো প্ৰব্ৰজনৰ
তথ্য পোৱাটো জটিল৷ চুহুংমুং দিহিঙ্গিয়া ৰজাই চুতীয়া যুঁজৰ পাছত চুতীয়া ৰাজ্যৰ কমাৰসকলকে
ধৰি বহু বৃত্তিয়াল লোকক বচাত বহুৱাইছিল৪৯৷ উজনি ভূখণ্ডক দিহিঙৰ বানপানীৰ পৰা ৰক্ষা
কৰি সৰহীয়াকৈ মানুহ বাস কৰাৰ উপযোগী কৰিবলৈকে চুহুংমুং দিহিঙ্গিয়া ৰজাই গড়গাঁৱৰ
পৰা দিহিঙৰ পাৰে পাৰে এটা মথাউৰি বন্ধাইছিল৷৫০ অৱশ্যে ই বোধকৰো যোৰহাট পর্যন্ত
আহি পোৱা নাছিল৷
প্ৰতাপসিংহ
স্বৰ্গদেউৰ দিনতে উক্ত মথাউৰিক দেৰগাওঁ পৰ্যন্ত সম্প্ৰসাৰণ কৰি “বৰআলি” নাম দিয়ে৷৫১
এইজনা স্বৰ্গদেৱে গজপুৰ নাম দি গাওঁ এখন স্থাপন কৰি তাত হাতীশাল পাতে৷ মিৰজুমলা আহি
এই ঠাইত জিৰণি লওঁতে গাওঁখন পৰিত্যক্ত অৱস্থাত পাইছিল৷ হাতীশালত থকা চাৰিটা হাতী তেতিয়াও
শিকলিৰে বান্ধি থোৱাতেই আছিল৷৫২
কিন্তু
এতিয়াও যোৰহাটত জনবসতি পাতলেই আছিল৷ স্বৰ্গদেউ জয়ধবজ সিংহৰ ৰাজত্বকালত, ১৬৫৩ চনত,
এই অঞ্চলত দিচৈ নদীয়ে এৰি যোৱা পতিত ভূমিত আউনীআটী সত্ৰৰ এখন খাত প্ৰতিষ্ঠা কৰি কেইঘৰমান
পাইক সংস্থাপন কৰা হৈছিল৷ কৰঙা বনেৰে পূৰ্ণ পতিত ভূমিত প্রতিষ্ঠিত এই খাতখনেই পাছলৈ
‘কৰঙাখাত’ নামেৰে জনাজাত হয়৷ ১৬৫৩ চনতে ৰজাঘৰীয়া পৃষ্ঠপোষকতাত খাত প্ৰতিষ্ঠা হ’লেও
এই বৃহত্তৰ অঞ্চলটোৰ অধিকাংশ ঠায়েই সেই সময়ত জনপ্ৰাণীহীন অৰণ্যৰে পৰিবেষ্টিত আছিল
বুলিহে তথ্যসূত্ৰৰ পৰা অনুমান কৰিব পাৰি৷ দক্ষিণ যোৰহাটৰ টোকোলাই অঞ্চল স্বৰ্গদেউ গদাধৰ
সিংহই (১৬৮১-১৬৯৬ চনলৈ) ভকত বৈষ্ণৱসকলক নির্বাসন দিয়া স্থান হিচাপে ব্যৱহাৰ কৰিছিল৷৫৩,৫৪,৫৫
গতিকে আমি অনুমান কৰিব পাৰোঁ যে মোৱামৰীয়াৰ শেষ বিদ্ৰোহৰ সময়লৈকে (১৭৮৫-১৭৯৮ চন)
বৃহত্তৰ বচা দৈয়াং অঞ্চলত অৰণ্যৰ মাজে মাজে ক্ষুদ্র অসংগঠিত জনসমষ্টিহে আছিল৷
আগতে
আমি উল্লেখ কৰিছো যে যোৰহাটত মানুহ বসবাসৰ প্ৰধান অন্তৰায় আছিল দিহিং নদীৰ বানপানী৷
১৭৫০ চনলৈকে যোৰহাট দিহিং নদীৰ পাৰতে আছিল৷৫৬
মাজুলীৰ সৃষ্টি হোৱাই নাছিল৷ আচলতে উজনি অসমৰ নদীসমূহ
সুস্থিৰ নহয়৷ নদীসমূহৰ গতিপথ সঘনাই সলনি হৈছিল৷ ১৭৫০ চনত “শকা-শাকিনী” নামে প্রখ্যাত
বানপানীৰ ফলত দিহিং আৰু ব্ৰহ্মপুত্ৰৰ মাজৰ ঠেক ভূমিখণ্ড চিগি গৈ ব্ৰহ্মপুত্ৰ দিহিঙেদি
ববলৈ আৰম্ভ কৰে৷ যাৰ ফলত মাজুলী দ্বীপৰ উৎপত্তি হয় আৰু যোৰহাটৰ ভূখণ্ডৰ ভৌগোলিক সংৰচনাটো
বৰ্তমানৰ অৱস্থালৈ আহে৷৫৭
বৰ্তমানৰ
সংৰচনাটো হ’ল উল্লেখ কৰা হ’ল(মানচিত্ৰ মানচিত্র J N Sarma, আৰু M.K Phukan,
Geomorphology, Volume 60, Issues 1-2, 3 May 2004)৷
ঐতিহাসিক
উজনি অসমৰ সকলোতকৈ ডাঙৰ আৰু বিধ্বংসী প্রাকৃতিক সংঘটন এই মাজুলী সৃষ্টি হোৱা বানপানীটোৰ
বিষয়ে বিহুগীতত “লুইতে এৰিলে লুইতৰ সুঁতি দিহিঙে এৰিলে কুল” বুলি চিৰস্থায়ীকৈ জনমানসত
প্রোথিত হ’ল৷ কিন্তু সকলোতকৈ স্পষ্টভাৱে মাজুলী সৃষ্টি হোৱাৰ ভূতাত্ত্বিক ঘটনাটো এটা
লোকগাঁথাত সংৰক্ষিত হৈ আছিল৷ এতিয়াও সঠিকভাৱে মূল্যায়ন নোহোৱা এই কাহিনীটো পদ্যৰূপে
বৰ্ণিত হৈছে “সন্তাৱলী” নামৰ ধৰ্মীয় পুথিখনত৷ আজিৰ পৰা ৮০ বছৰৰ আগতে দ্বাৰিকানাথ দ্বিজ
নামৰ বৈষ্ণৱ পণ্ডিতজনাই উজনি নামনিৰ সমূহ সত্ৰ পৰিভ্ৰমণ কৰি মুখে মুখে চলি অহা বিভিন্ন
কাহিনী লিপিবদ্ধ কৰিছিল৷ দ্বাৰিকানাথ দ্বিজ ডাঙৰীয়াই সংগ্ৰহ কৰা লোকগাঁথাৰ ভিত্তিত
সংকলন কৰা “সন্তাৱলী” পুথিখনত মাজুলীৰ উৎপত্তি সম্পৰ্কীয় ভূতাত্ত্বিক সংঘটনটো বৰ্ণিত
হৈছে এনেদৰে--
“এহি
বুলি ব্ৰহ্মপুত্ৰে কৰিল যুগুতি৷
প্রচণ্ড
শৱদে বহি গৈল দুই সুঁতি৷৷
দক্ষিণে
দিহিঙ্গ গৈল লৌহিত্য উত্তৰে৷
মধ্যত
চাপৰি পেলাই পোতে ৰত্নপুৰে৷৷
ৰত্নপুৰ
নামগুটি হইলেক গুপ্ত৷
মাজুলী
চাপৰি নাম হইল বেকত৷৷
চতুপাশে
ব্ৰহ্মপুত্ৰে ধৰিল আৱৰি৷
মধ্য
দেখি নাম ভৈল মাজুলী চাপৰি৷৷”
আজিৰ
ব্ৰহ্মপুত্ৰক সেয়েহে বহুদিনলৈ দিহিং বুলিয়েই উল্লেখ কৰা হৈছিল৷ ১৭৯৫ চনত ফ্লেমিচ
মানচিত্ৰকাৰ ফিলিপ ভান্দাৰমেলেনে (বেলজিয়ামৰ ফ্লেন্দাৰ্চ অঞ্চলৰ ডাচ্চভাষী লোক) অংকন
কৰা মানচিত্ৰত মাজুলীক স্পষ্টকৈ চিহ্নিত কৰা হৈছে৷ কিন্তু এই মানচিত্ৰত আজিৰ ব্ৰহ্মপুত্ৰক
দিহিং বুলিহে কোৱা হৈছে৷
সেইদৰে
১৮৪৭ চনত প্ৰকাশিত মেজৰ জন বাটলাৰ ৰচিত গ্ৰন্থ ‘A sketches of Assam’ তো বৰ্তমানৰ ব্ৰহ্মপুত্ৰক
দিহিং বুলিহে চিহ্নিত কৰা হৈছে৫৯৷
![]() |
বাটলাৰৰ মানচিত্ৰত দিহিং নদী |
দিহিঙৰ বানপানীৰ লগত সংঘৰ্ষ কৰি কৰি যোৰহাটত মানুহৰ পট্টন ধীৰে ধীৰে হ’লেও চলি আছিল৷ ৰুদ্ৰসিংহ স্বৰ্গদেউৰ দিনত দুজন কায়স্থ ভূঞাঁক ভাটিত সোণাৰী বন শিকাই আনি যোৰহাটৰ ওচৰৰ চাৰিগাঁৱত পতা হয়৷ ৰাজেশ্বৰ সিংহৰ দিনতো লাতুৱা বৰদলৈক এখন ৰাজশাল পাতি বহুওৱা হয়৷ যোৰহাটৰ কায়স্থ সোণাৰীসকল এই তিনিটা পৰিয়ালৰে পৰা উদ্ভৱ হোৱা৷৬০ ৰাজেশ্বৰ সিংহৰ সময়লৈ খাচ যোৰহাটৰ আশেপাশে বেচ কিছু ঠাই বসবাসৰ বাবে উপযোগী হৈছিলগৈ৷ জনবসতি আছিল প্ৰধানতঃ নদীৰ পাৰে পাৰে৷ যোৰহাটৰ পৰা কিছু পশ্চিমে যোৰহাটৰ দুৱাৰমুখস্বৰূপ কাকডোঙা নদীৰ মুখত আৰু দিহিঙৰ পাৰত এখন বৃহৎ নাওশলীয়া গাওঁ দেখাৰ কথা ১৬৬২ চনত মিৰজুমলাৰ লগত অহা চাহাবুদ্দিন তালিচে তেওঁৰ “তাৰিখ –ই- আসাম” নামৰ বিৱৰণটিত উল্লেখ কৰিছে৷৬১ সেই সময়ত কাকদোঙা ব্ৰহ্মপুত্ৰৰ পৰিৱৰ্তে ব্ৰহ্মপুত্ৰৰ সমান্তৰালকৈ বৈ থকা দিহিং নদীতহে পৰিছিল৷ ৷ ১৭৫৬ চনত ফৰাচী ব্যৱসায়ী জন বেপ্টিষ্ট চেভেলিয়াৰ দিহিঙেদি উজাই আহোঁতে সেই নাওশলীয়া গাওঁখনৰ কথা উল্লেখ কৰিছে৷ ইয়াৰ উপৰিও জন বেপ্টিষ্ট চেভেলিয়াৰ দিহিঙেদি দেৰগাঁৱৰ পৰা আহি থাকোঁতে দিহিঙৰ দুয়োপাৰে বহুতো ভৰাগাওঁ দেখাৰ কথা লিখিছে৷ তেতিয়াই দিহিং নদীৰ পাৰৰ বালিগাওঁ (বৰ্তমান ব্ৰহ্মপুত্ৰৰ পাৰত) এখন ডাঙৰ গাওঁ বুলি লিখিছে৷৬২
ৰাজেশ্বৰ
সিংহ স্বৰ্গদেউৰ দিনতে মণিপুৰৰ ৰাজকন্যা কুৰঙ্গনয়নীৰ লগত বিবাহসূত্ৰে অহা লোক সকলক
মগলুখাতত (মনাইমাজি গাঁৱৰ কাষত) সংস্থাপিত কৰাৰ পাছতে যোৰহাটৰ জনগাঁথনিত এটা নতুন সংযোজন
হ’ল৷
মোৱামৰীয়াৰ
বিদ্ৰোহৰ মাজতে ১৭৮৯ চনত পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে গৌৰীসাগৰ কোঠ পৰিত্যাগ কৰি যোৰহাটলৈ
আহে আৰু বৃহত্তৰ বচা দৈয়াঙ অঞ্চলটো সংগঠিত কৰিবলৈ আৰম্ভ কৰে৷ ১৭৯১ চনত পূৰ্ণানন্দ
বুঢ়াগোহাঁয়ে যোৰহাটৰ পৰা সুদূৰ দক্ষিণত চৰাইপানী নদীৰ পৰা ধনশিৰী নদীলৈ এটা বৃহৎ
গড় বন্ধাইছিল৷৬৩ উদ্দেশ্য আছিল গড়ৰ ভিতৰৰ অঞ্চলবোৰ সংগঠিত কৰি শাসন সুদৃঢ় কৰা৷ কিন্তু
বুঢ়াগোহাঁয়ে গড়ৰ ভিতৰত গাওঁ সংগঠিত কৰিবলৈ নাপালে৷ গড় ভাঙি মোৱামৰীয়াসকলে বুঢ়াগোহাঁইৰ
ওপৰত এনে হেঁচাৰ সৃষ্টি কৰিলে যে ১৭৯২ চনতে বুঢ়াগোহাঁই ডাঙৰীয়াই পুনৰ হুঁহুকি দিচৈ
বাহৰলৈ ঘুৰি যাব লগা হ’ল৷ তথাপিটো এই অঞ্চলত ৰজাঘৰীয়া নিয়ন্ত্ৰণ কিছু পৰিমাণে থকা
বুলি অনুমান কৰিব পাৰি৷
কিয়নো
১৭৯২ চনতে কেপ্টেইন ৱেলচ্ৰ লগত অহা ডাঃ জন পিটাৰ ৱেড নামৰ বিষয়াজনে যোৰহাটৰ বিস্তৃতি
দক্ষিণে ঢলী নদীলৈকে আছিল বুলি উল্লেখ কৰিছে৷৬৪ কিন্তু যতদূৰ সম্ভৱ এই নিয়ন্ত্রণ প্রতীকীহে
আছিল৷ কাৰণ বৰ্তমানৰ চৰাইবাহী অঞ্চলতে মোৱামৰীয়াসকলৰ মুখ্য শিবিৰটো আছিল৷ এই অৱস্থানটো
কেপ্টেইন ৱেলচ্ৰ প্ৰতিবেদনৰ সূত্ৰ ধৰি নিৰ্ণয় কৰা হৈছে৷৬৫ ৱেডৰ মতে তেতিয়া যোৰহাটৰ
উল্লেখযোগ্য গাওঁ হ’ল দুলীয়া গাওঁ, আৰীয়া গাওঁ, আঁৰিয়াধৰা গাওঁ৷ ৱেডৰ মতে যোৰহাটৰ
চাৰিওফালে কছাৰীলোকৰ বসতি আছিল৷৬৬ মোৱামৰীয়া বিদ্রোহে যোৰহাটৰ জনসংখ্যাৰ
ওপৰত অতি বিৰূপ প্ৰভাৱ পেলাইছিল৷ কেপ্টেইন ৱেলচ্-এ দেৰগাঁৱৰ পৰা যোৰহাটলৈ এই বৃহৎ
অঞ্চলটোত বৃহৎ বৃহৎ জনশূণ্য গাওঁ আৰু এৰা পৰলীয়া খেতি পথাৰ দেখিছিল৷৬৭
১৭৯৪
চনত কেপ্টেইন ৱেলচ্ৰ পালি সেনাপতি মেকগ্ৰেগৰ চাহাবে লগত মাত্র ৩০ জন চিপাহী লৈ ঢলী
নদী পাৰ হৈ দিচৈ বাহৰলৈ (এতিয়াৰ যোৰহাট) অভিযান চলাওঁতে দক্ষিণ যোৰহাট অৰণ্যাবৃত্ত
অছিল বুলিয়েই উল্লেখ পোৱা যায়৬৮,৬৯৷ ১৭৯৪ চনত গৌৰীনাথ সিংহই আহোম ৰাজ্যৰ
ৰাজধানী যোৰহাটলৈ তুলি আনিলে আৰু ১৭৯৫ চন মানত যোৰহাটৰ দাঁতি কাষৰীয়া অঞ্চলত এটি নিয়মিত
ৰজাঘৰীয়া শাসন ব্যৱস্থাৰ প্ৰৱৰ্ত্তন হয়৷
১৭২৪
শকত (১৮০২ চন) পূৰ্ণানন্দ বুঢ়াগোঁহায়ে দিচৈৰ দিশ পৰিৱৰ্তন কৰি ভোগদৈ নদী খন্দায়৷৭০
কমলেশ্বৰ সিংহৰ ৰাজত্বকালতে স্বৰ্গদেৱৰ আজ্ঞাত পূৰ্ণানন্দ বুঢ়াগোহাঁই ডাঙৰীয়াই ন-আলিটো
বন্ধাইছিল৷৭১ ন-আলিৰ কাষে-কাষে ৰজাবাহৰলৈকে নাও চলাচলৰ উপযোগী এটি খাল আছিল
বুলি জনা যায়৷৭২ এই খালটো ৰজাবাহৰলৈকে নাও চলাচলৰ উপযোগী আছিল বুলি জনা
যায়৷ বৰ্তমানৰ ন-আলিটো ঢলী নৈ অতিক্ৰম কৰি যোৱা অংশৰ উত্তৰত আৰু দক্ষিণত আহল বহল খালটোৰ
ভগ্নাংশ যোৱা দশকলৈকে দেখা পোৱা গৈছিল৷ বজালবাৰী পাৰ হৈ বগীভেটা আৰু ৰাণীভেটাত এই খালতো
দেখা পোৱা গৈছিল৷৭৩ যোৰহাটলৈ উজনি অসমৰ ৰাজধানী অহাৰ পাছতে যোৰহাটত ৰাজপৃষ্ঠপোষকতাত
শেষবাৰৰ বাবে প্রণালীবদ্ধ জনপ্ৰব্ৰজন ঘটে৷ বিশদ লিখিত বিৱৰণ নাথাকিলেও মৌখিকভাৱে এই
পৰ্বটোৰ বিষয়ে বহুকথাই প্রচলন আছে৷ আমি দক্ষিণ যোৰহাটত এনে মুখে মুখে প্রচলিত কিছুমান
তথ্য আমি সংগ্ৰহ কৰিছিলো৷ স্বৰ্গদেউ গৌৰীনাথ সিংহৰ ৰাজত্বকালৰ শেষফাল তথা কমলেশ্বৰ
সিংহৰ ৰাজত্বৰ সময়তে বিভিন্ন বিষয়াসকল-“গোঁহাই, ফুকন, বৰবৰুৱা, বৰুৱা, চাংকং, বুৰুক
আৰু বিভিন্ন কৃষি শিল্পৰ তত্বাৱধায়ক বৰুৱা, দলৈ, বৰা, শইকীয়া, হাজৰিকা যোৰহাট নগৰক
কেন্দ্ৰ কৰি বহিছিল৷৭৪ বিষয়াসকলৰ লগতে তেওঁলোকৰ খাটোৱালসকলৰ গাওঁ, বিভিন্ন বৃত্তিয়াল
ফৈদৰ লোকসকল যোৰহাটৰ আশেপাশে থিতাপি লৈছিল৷ বৃত্তিয়ালসকলৰ ভিতৰত আছিল গা-ছোৱা (চাওদাং),
গন্ধিয়া, হাতীচুঙ্গী, চৰাইচুঙ্গী, শেনচোৱা, কুকুৰাচোৱা, কাটনী, কুকুৰাপহীয়া, জালুকবৰীয়া,
পানবৰীয়া, তামোলবৰীয়া, গজপুৰীয়া, দুলীয়া, দোলাকাষৰীয়া আদি৷ এই সময়তে ৰজা প্ৰজাৰ
মনোৰঞ্জনৰ অৰ্থে চৰাইবাহী অঞ্চলৰ হাবিত শেন আৰু কণুৱা চৰাই পালনৰ ব্যৱস্থা কৰা হৈছিল৷
এতিয়া অৱশেষ মাত্ৰ থকা ন-আলিৰ কাষৰ যুৰীয়াপুখুৰীত মাছ পুহি কণুৱাৰ আহাৰৰ ব্যৱস্থা
কৰা হৈছিল৷ চৰাইচোং পথাৰত হৈছিল শেন আৰু কণুৱাৰ প্ৰমোদ যুঁজ৷৭৫ বিষয়াসকলৰ
লগতে তেওঁলোকৰ বংশ পৰিয়াল, ইষ্ট কুটুম্ব, চিনাকিসূত্ৰে আৰু বৈবাহিকসূত্রেও বহুলোক
এই অঞ্চলত নিগাজীকৈ থাকিবলৈ লৈছিল৷
প্ৰব্ৰজনৰ
স্বৰূপ গাইগুটীয়া হোৱাৰ লগে লগে এই সমূহৰ প্ৰকৃত আৰু সামগ্ৰিক নথীকৰণ প্রায় অসম্ভৱ
হৈ পৰিল৷ তথাপিও আমি নিজে উল্লেখযোগ্য বুলি ভবা প্রৱজন কিছুমানৰ খতিয়ান দিয়া হ’ল৷
ৰসেন্দ্ৰ
বৰুৱাৰ জন্ম যোৰহাটৰ এঘৰ পুৰণি অসমীয়া ব্ৰাহ্মণ পৰিয়ালত৷ এই পৰিয়ালৰ লোক সকলে পাৰাৰ
সহায়ত পুখুৰীৰ পানী শোধন প্ৰক্ৰিয়াৰ লগত জড়িত আছিল৷৭৬ সেয়ে এই পৰিয়াল ৰাজধানীৰ
লগতে যোৰহাটলৈ অহা বুলি আমি অনুমান কৰো৷
যোৰহাটৰ
কাকতি গাওঁ অঞ্চলত গৌৰীনাথ সিংহই অসম বুৰঞ্জীৰ এক বিতৰ্কিত চৰিত্ৰ হৰনাথ ডাৰোগা পৰ্বতীয়া
বৰুৱাৰ পূৰ্বপুৰুষ লোকনাথ চাংকাকতিক মাটি-ভেটি দি পাতিছিল৷ চাংকাকতিয়ে বসতি কৰা বাবে
ঠাই ডোখৰৰ নাম হ’ল কাকতি গাওঁ৷৭৭
মোৱামৰীয়া
বিপ্লৱৰ সময়ত আৰু কেপ্টেইন ৱেলচৰ অসম আগমনৰ পাছৰেপৰা যোৰহাটৰ জনগাঁঠনিত উল্লেখযোগ্য
পৰিৱৰ্তন আহে৷ বহুদিন বন্ধ হৈ থকা পশ্চিমৰ দুৱাৰ খোল খায়৷ মোৱামৰীয়া বিদ্ৰোহৰ পাছতে
পূৰ্ণানন্দ বুঢ়াগোঁহায়ে নচিবচন্দ্ৰ আৰু ফকীৰচন্দ্ৰ নামৰ দুজন উত্তৰ ভাৰতীয় চিপাহীক
যোৰহাটতে স্থায়ীভাৱে ৰখাৰ ব্যৱস্থা কৰিছিল৷ কমলেশ্বৰ সিংহ স্বৰ্গদেৱৰ দিনত শদিয়া
ৰণত বন্দীহোৱা লোকসকলক দিচৈৰ পাছত বহুৱাইছিল৷৭৮
মানৰ
দিনত যোৰহাটৰ জনসংখ্যা বিস্তৰ ক্ষতি হ’ল৷ লোক দিহিঙে-দিপাঙে পলাল৷ ব্ৰিটিছ অহাৰ পাছত
যোৰহাটৰ জনগাঁঠনিৰ ব্যাপক পৰিৱৰ্তন হ’ল৷ মাৰোৱাৰী, বংগ দেশীয় আৰু চাহবনুৱা সকলৰ আগমন
ঘটিল৷ যোৰহাটৰ জনগাঁঠনি পূৰ্বৰ অৱস্থালৈ লৈ যাবলৈ শেষ প্ৰচেষ্টা চলাইছিল পুৰন্দৰ সিংহই৷
পুৰন্দৰ সিংহৰ এই প্ৰচেষ্টাৰ সম্পূৰ্ণ বিৱৰণ আমি এতিয়াও উদ্ধাৰ কৰিব পৰা নাই৷ আমাৰ
হাতত থকা সীমিত তথ্যমতে ১৮৩৪ চনত কোম্পানিয়ে পুৰন্দৰ সিংহক উজনি খণ্ডৰ “লালবন্দি”
দি যোৰহাটত ৰজা পতাৰ পাছত পুৰন্দৰে ৰাজ্যখন পুনৰ থানথিত লগাই বিভিন্ন বিষয়াক বিভিন্ন
ঠাইত বহুৱালে৷ যোৰহাটৰ দক্ষিণ অঞ্চলত ৰাজকীয় কামৰ বাবে চাৰিখন নতুন বিষয়-বাব সৃষ্টি
কৰি বিষয়াসকলক চাৰিঠাইত নিগাজিকৈ থকাৰ সুবিধা কৰি দিলে৷ সেই বিষয়াকেইজন হ’ল-
(ক)
বুৰুক বৰুৱা: বিভিন্ন ঠাইত সিঁচৰতি হৈ থকা বুৰুক (চোৰাংচোৱা) সকলৰ লগতে দিহিঙ্গিয়া
খেলটোও জাপি দি তাৰ তদাৰক কৰিবৰ বাবে চাংৰুং বৰুৱাৰ বংশৰ মানে ধৰি নিয়া নিগম বৰুৱাৰ
পুত্ৰ “কৃষ্ণৰাম”ক বুৰুক বৰুৱা পাতিলে৷
(খ)
টিপমীয়া বৰুৱা: শলগুৰীয়া তামুলী ভূঞা বংশৰ কায়স্থ মালভোগক টিপমীয়া বৰুৱা পাতি যোৰহাটৰ
দক্ষিণ অঞ্চলৰ সকলো পাম-খেতিৰ তদাৰক কৰিবলৈ দায়িত্ব দিলে৷ প্রসংগক্রমে উল্লেখযোগ্য
যে মালভোগ বৰুৱাৰ লগত মান অনা বদনক কাটোঁতা ৰূপচিং বঙালৰ অতি ঘনিষ্ঠতা তথা অহাযোৱা
আছিল বুলি জনশ্রুতি আছে৷ মালভোগ টিপমীয়া বৰুৱাৰ (পাছত চিৰস্তাদাৰ) নাতি কেশৱ বৰুৱাৰ
মাতৃৰ নামেৰেই যোৰহাটৰ “বৰুৱানী বাট” হৈছে বুলি আমাক বুঢ়ালোকে জনাইছে৷
(গ)
খঙিয়া বৰুৱা: ৰজাঘৰীয়া খঙিয়া, গুৰযোগনীয়া অঞ্চলৰ সমগ্ৰ ব্যৱস্থাৰ তদাৰক কৰিবৰ বাবে
মালভোগ টিপমীয়া বৰুৱাৰ পৰামৰ্শক্রমে “ভোবোল” নামৰ ব্যক্তিক দায়িত্ব দি পকামুৰাত সংস্থাপিত
কৰিলে৷ ভোবোল খঙিয়া বৰুৱা, পাছলৈ ঠেঙাল মৌজাত স্থায়ীভাৱে থাকিবলৈ লোৱা ৰায়বাহাদুৰ
শিৱপ্ৰসাদ বৰুৱা আৰু বিখ্যাত চাহ খেতিয়ক হেমেন্দ্ৰ প্ৰসাদ বৰুৱাৰ উপৰি পুৰুষ৷
(ঘ)
হাতী বৰুৱা: বৰ্তমান কৰঙাৰ হাতীবৰুৱা বংশৰ উপৰিপুৰুষজনক হাতীবৰুৱা পদত নিয়োগ কৰিলে৷৭৯
যোৰহাটলৈ
বিভিন্ন সময়ত হোৱা আন্তঃক্ষেত্রীয় প্ৰব্ৰজনৰ উল্লেখনীয় হ’ল ধৰ্মীয় অনুষ্ঠানৰ সৈতে
হোৱা প্ৰব্ৰজন৷ প্ৰতিখন সত্ৰৰ প্ৰব্ৰজনৰ লগে লগে সত্ৰৰ লগত অতি ঘনিষ্ঠভাৱে জড়িত লোক
সমষ্টিটোৰো প্ৰব্ৰজন ঘটিছিল৷ আমি সকলো সত্ৰৰ প্ৰব্ৰজনৰ বুৰঞ্জী অধ্যয়ন কৰিব এতিয়াও
পৰা নাই৷ আমি অধ্যয়ন কৰিবলৈ সমৰ্থ হোৱা দুই এখন সত্ৰৰ লগত হোৱা প্ৰব্ৰজনহে আজি উল্লেখ
কৰা হ’ব৷
প্ৰথম
মোৱামৰীয়া বিপ্লৱৰ পাছতে কাংশপাৰ মাজঠাই সত্ৰৰ সত্ৰাধিকাৰ প্ৰমূখ্যে কিছু শিষ্য-প্রশিষ্যসহ
আহি দক্ষিণ যোৰহাটত আহি থিতাপি লয়হি৷৮০ এই সত্ৰৰ আজি চিনচাব নাই যদিও পুৰণি ভেঁটি
থকা বাৰীখন আজিও “গোঁসাই বাৰী” বুলি জনা যায়৷ মান ভগনৰ সময়তে আনুমানিক ১৮২০ চনৰ আশেপাশে
নগাওঁ জিলাৰ ডুবৰীতলিৰ পৰা “কাংশপাৰ উজনিঠাই” সত্ৰৰ শিষ্য কিছুলোক দক্ষিণ যোৰহাটত থিতাপি
লয়হি৷৮১ যোৰহাটৰ আশেপাশে থকা চাওখাতৰ “আধাৰসত্ৰ”, বালিগাওঁৰ “ঔৱা সত্ৰ”, পতীয়া গাঁৱৰ
“কঠীয়াতলী” কৰঙাৰ “কাঠবাপু” “চৰাইবাহী” চেচাঁ, ন পামৰ “কচুং”, খুটীয়াপোটা সত্ৰ, আদি
অনেক খ্যাত অখ্যাত সত্ৰ যোৰহাটলৈ বিভিন্ন সময়ত শিষ্য ভক্ত সমন্বিতে আহি বহিছিল৷ এই
সকলো সত্ৰৰে বুৰঞ্জীসমূহ পৃথক-পৃথকভাৱে বিশদ অধ্যয়ন কৰিলে যোৰহাটৰ প্ৰব্ৰজনৰ ইতিহাসত
গুৰুত্বপূৰ্ণ সংযোজন হ’ব৷
হাতীগড়
দেৱালয়ৰ পুৰোহিত লেহুবৰ শৰ্মাক ১৭৮৬-৮৭ চনত পূৰ্ণানন্দ বুঢ়াগোঁহাই ডাঙৰীয়াই বৰ্তমানৰ
ঠাইত সংস্থাপন দিয়ে৷ বুঢ়ীগোঁসানী দেৱালয়ৰ যোনীপীঠ আৰু প্ৰতিমা ৰূদ্ৰসিংহ স্বৰ্গদেউৰ
দিনত জয়ন্তীয়াপুৰৰ পৰা গড়গাঁৱলৈ অনা হৈছিল৷ প্ৰতিমাজনাৰ পূজাৰী সনাতনো জয়ন্তীয়াপুৰৰ
পৰাই দেৱীজনাৰ লগত আহিছিল৷ যোৰহাটলৈ ৰাজধানী অহাৰ পাছত দেৱীমূর্তি পূজাৰী সহিতে যোৰহাটলৈ
আহিল৷৮২
যোৰহাটলৈ
ঐতিহাসিক সময়চোৱাত প্ৰব্ৰজন হোৱা জনগোষ্ঠীসমূহৰ অন্যতম হ’ল পশ্চিম দিশৰ পৰা অহা ইছলাম
ধৰ্মীলোকসকল৷ আমাৰ আলোচনাটো যিহেতু জনগোষ্ঠীভিত্তিক, সেয়ে আমি এই জনগোষ্ঠীকেইটিক চিনাক্ত
কৰোঁতে ধৰ্মীয় পৰিচয়েৰে চিনাক্ত কৰাৰ পৰা সচেতনভাৱে বিৰত থাকিম৷ অসমৰ তুৰ্কী আৰু
আফগানমূলৰ লোকসকলক সামগ্ৰিকভাৱে গৰীয়া নামেৰে চিনাক্ত কৰা হয়৷ তেওঁলোক প্ৰকৃততে তুর্কীনে
নে আফগানমূলীয় তাক তেজৰ জিনীয় মানচিত্র অবিহনে চিনাক্ত কৰা সম্ভৱ নহয়৷ বহু আফগানলোক
আকৌ ইতিমধ্যে হিন্দু ধৰ্ম লৈ ধৰ্মান্তৰিত হৈ কায়স্থ কুলত স্থান পাইছিল৷৮৩ ১২০৫ চনত
বখতিয়াৰ খিলিজিৰ অধীনত হোৱা তুৰ্কী আক্ৰমণৰ প্ৰভাৱ নামনি অসমতে সীমিত আছিল৷ বখতিয়াৰ
খিলিজিৰ লগত আহি অসমত থাকি যোৱা তুর্কীলোকসকলৰ বসতি আদিতে নামনি অসমতে সীমাবদ্ধ আছিল৷
তেওঁলোকৰ কোনো কোনো পাছলৈ উজনিলৈ আহিলেও তেতিয়া তেওঁলোক তুর্কী নে আফগান তাৰ চিন নাইকিয়া
হৈ গৰীয়া বুলিহে চিহ্নিত হৈছিল৷ ১৫৩২ চনত তুৰ্বক নামৰ আফগান সেনাপতিজনে আহোম ৰাজ্য
আক্ৰমণ কৰোঁতে যুঁজত নিহত হয়৷ তেওঁৰ লগত আহি যুদ্ধবন্দী হৈ থাকি যোৱা সৈন্যসকলক চুহুংমুং
দিহিঙ্গিয়া ৰজাই উজনিৰ যোৰহাটৰ আশেপাশে নাওবৈচা, কাকজান, ম’হবন্ধা আদি স্থানত সংস্থাপন
দিয়ে৷৮৪ পাছত তেওঁলোক মৰীয়া নামেৰে জনাজাত যায়৷ অধ্যাপক মমদ তাহেৰে তেওঁলোকক আফগান
বুলি উল্লেখ কৰিলেও৮৫ আমি শাৰিৰীক গঠন, সংস্কৃতি আদিৰ ওপৰত ভিত্তি কৰি তেওঁলোকক
বংগদেশৰ স্থানীয় ধৰ্মান্তৰিত লোক বুলিহে ভাৱো৷ সেনাপতি আফগান হ’লেই সৈন্য সকলো আফগান
হ’ব বুলি আমি ধৰি ল’লে কিৰাট সৈন্য লৈ মহাভাৰতৰ যুদ্ধত অংশ লোৱা ভগদত্তকো কিৰাট বুলিব
লাগিব৷ মৰীয়াসকলৰ তেজৰ জিনীয় মানচিত্ৰই হে এই কথাবোৰ পৰিষ্কাৰ কৰিব৷ মীৰজুমলাৰ লগত
অহা সৈন্যসকলৰ ভিতৰত তুৰ্কী, ইৰাণী, আফগান, ৰাজপুত সকলো জাতিৰ লোক আছিল৷ এই সকলৰ কিছু
সংখ্যক হ’লেও যে উজনিত থাকি গৈছিল সি ধূৰূপ৷
মোমাই
তামুলি বৰবৰুৱাই সমগ্ৰ আহোম ৰাজ্যত গাওঁ সংগঠন কৰোঁতে প্ৰতিখন গাঁৱত দুঘৰকৈ গৰীয়ালোক
বহুৱাইছিল৷৮৬ সেই সূত্ৰে যোৰহাটলৈও কিছুসংখ্যক গৰীয়া অহাতো সম্ভৱ৷ স্বৰ্গদেউ প্ৰতাপ
সিংহ আৰু ৰুদ্ৰসিংহৰ দিনত ভাটীৰফালৰ পৰা বহু তুর্কী আৰু আফগানমূলৰ কাৰিকৰী বিদ্যা জনা
লোকক উজনিত বহুৱাইছিল৷৮৭ যোৰহাটৰ নিমাতীৰ আশেপাশে বহু গৰীয়ালোক আছিল৷ ১৮২২
চনত ম’হগড় ৰণত (ককিলামুখত) মানৰ হাতত অসমীয়া সেনা পৰাস্ত হোৱাত এই লোকসকল তাৰ পৰা
পলাই যায়৷ তেতিয়াৰ পৰা ঠাইডোখৰ “গৰীয়াভগা” নামে জনাজাত হয়৷ সেইদৰে চাৰিগাঁৱৰ ওচৰৰ
গৰীয়াবাৰী, লহপহীয়া বাগিচাৰ পুৰণি নাম গৰীয়াহাবি আদি শব্দই যোৰহাটৰ গৰীয়া বসতিৰ
প্ৰাচীনত্বৰ বিষয়ে ধাৰণা দিয়ে৷৮৮ যোৰহাটৰ বালিবাটৰ গৰীয়াকেইঘৰ আহোম ৰাজাই পতা ফাৰ্চীপঢ়ীয়া
ফৈদৰ অধঃস্তন পুৰুষ৷ সেইদৰে মাছৰ বজাৰৰ ওচৰৰ কেইঘৰমান গৰীয়া, ১৭০৩ চনত যোৰহাটলৈ আনি
শিলাকুটীয়া ফৈদত দিয়া ৰোহিলাখণ্ডৰ পাঠান লোকৰ বংশধৰ৷ বাহাদুৰ গাওঁবুঢ়াকে ধৰি বিৰিণাশায়েকৰ
গৰীয়া কেইঘৰ আখৰকটীয়া ফৈদৰ লোক৷ পাঠান নে তুৰ্কীমূলৰ তাক জনা ন’গল৷ ১৮৫৭ চনৰ বিদ্ৰোহী
ফৰমুদ আলি আছিল গুণাকটীয়া ফৈদৰ৷ ৰূদ্ৰসিংহৰ দিনত আহি গড়গাঁৱত বসতি লৈছিল৷ পাছত ৰাজধানী
অহাৰ পাছত যোৰহাটলৈ আহি বৰ্তমানৰ ৰয়েল ৰোডত বসতি লৈছিল৷৮৯ অসম বিখ্যাত হাতীদাঁতৰ শিল্পী,
যোৰহাটৰ ফিজনুৰ গৰীয়া আছিল বক্তাৰ খনিকৰৰ পৰিয়ালৰ৷৯০ এইসমূহৰ উপৰিও জোলা, দৰ্জী,
নবাব, চৈয়দ, বাঘ মেলমৰা হাজৰীকা, আদি অনেক তুর্কী আৰু আফগানমূলীয় পৰিয়ালে যোৰহাটৰ
সামগ্ৰিক বিকাশত অৰিহণা যোগাইছে৷
ব্ৰিটিছ
ৰাজত্বতো যোৰহাটলৈ বিভিন্ন লোকৰ প্ৰব্ৰজন ঘটিছিল৷ ব্যৱসায়সূত্রে ঢাকাৰ পৰা আহি যোৰহাটত
বসতি কৰিবলৈ লোৱা পূর্ববংগৰ লোকসকল বর্তমান ঢাকাইপট্টিত বাস কৰে৷৯১ কিছু সংখ্যক পূর্ববংগৰ
অভিবাসীলোকো যোৰহাটত আছে৷ আমাৰ হাতত থকা তথ্যমতে ২০০১ চনৰ লোকপিয়লত সমগ্ৰ যোৰহাট জিলাত
৪৭,৬৫৮ জন গৰীয়া মৰীয়া আৰু পূর্ববংগৰ অভিবাসীৰ ভিতৰত ৪৫,০০০ জনেই গৰীয়া মৰীয়া৷৯২
চাহবাগিচাৰ
শ্ৰমিকসকলেও যোৰহাটৰ জনসংখ্যাৰ বুজন অংশ অধিকাৰ কৰিছে৷ পৰিৱেশৰ তাড়নাত তেওঁলোক মূলসুঁতিৰ
পৰা বাহিৰত থাকি গ’লেও তেওঁলোকৰ অসমীয়া জাতিগঠনত ভূমিকাক স্বীকাৰ কৰি ল’বই লাগিব৷
১৮৫৩ চনত যোৰহাটত প্ৰথমখন চাহবাগিচা প্রতিষ্ঠা হয়৷ ১৮৯২ চনত যোৰহাটত বাগিচা আছিল ১১০
খন৷ পাছলৈ বাগিচাৰ সংখ্যা কমি যায়৷ এই বাগিচাসমূহৰ শ্ৰমিকসকল মূলতঃ ঝাৰখণ্ড, বিহাৰ
আৰু ওড়িষাৰ আদিবাসী অধ্যুষিত অঞ্চলৰ পৰা আহি যোৰহাট তথা অসমক আর্থিক আৰু সাংস্কৃতিকভাৱে
সমৃদ্ধ কৰিছে৷
মাৰোৱাৰীসকলো
যোৰহাটত বহু দিন ধৰি বাস কৰি আহিছে৷ পুৰন্দৰ সিংহৰ ৰাজত্বকালত যোৰহাটত নাৰেং কেঞা বা
নৌৰঙ্গৰায় কেডিয়া নামৰ ব্যক্তিজনৰ এখন দোকান থকাৰ কথা জনা যায়৷৯৩ পুৰন্দৰ সিংহৰ
কোনটো ৰাজত্বকাল স্পষ্ট নহ’লেও প্ৰথম ৰাজত্বকাল বুলি ধৰি ললে সেই দোকান খন ১৮১৮ চনত
থকা বুলি অনুমান কৰিব পাৰি৷ জ্যোতিপ্ৰসাদৰ উপৰিপুৰুষ নৌৰঙ্গৰাম ১৮১১ চনত অসমলৈ আহিছিল৷
নাৰেং কেঞাই নৌৰঙ্গৰাম নেকি তাক গৱেষণা কৰিবলগীয়া৷ ১৮৪০ চনত যোৰহাটত বৰগোলা নামৰ দোকানখন
আৰম্ভ হয়৷৯৪ ১৮৬৫ চনত যোৰহাটৰ বজাৰত ১৬০ খন দোকান আছিল আৰু তাৰ ২৮ খন আছিল
মাৰোৱাৰী ব্যৱসায়ীৰ৷ ব্যৱসায়সূত্ৰে কেইটিমান শিখ, বঙালী পৰিয়ালৰো যোৰহাটলৈ বিভিন্ন
সময়ত আগমন হয়৷ সকলোখিনিৰ আলোচনা আজি সম্ভৱ নহয়৷
যোৰহাটৰ
ওচৰৰ লিচুবাৰীৰ “কলনী” নামে জনাজাত অঞ্চলটোত বিমলা প্ৰসাদ চলিহাৰ দিনত দেশ বিভাজনৰ
পাছত ভাৰতলৈ অহা কিছুলোকক সংস্থাপন দিয়া হৈছিল৷ তেতিয়া অটব্য হাবিৰে ভৰি থকা চাপৰিটোক
“ৰিফিউজী কলনি” নামেৰে জনা গৈছিল বুলি আমি জানিব পাৰিছো৷
১৯৭২
চনত অথবা তাৰ পাছতো পূর্ববঙ্গৰ পৰা যোৰহাটলৈ প্ৰব্ৰজন হোৱাতো বিভিন্ন সূত্ৰই দাঙি ধৰিছে৷
এই প্ৰব্ৰজনৰ বিষয়ে বিদ্যায়তনিক আলোচনা আজিৰ পৰিসৰত সামৰিব নোৱাৰি বুলি আমি ভাবো৷
সেই বিষয়ে এটা সুকীয়া আলোচনা হ’লেহে সকলো দিশ আলোচনা কৰিব পৰা হ’ব বুলি আমাৰ ধাৰণা৷
এই
খিনিলৈকে যোৰহাটলৈ বিভিন্ন সময়ত প্ৰব্ৰজন হোৱা জনসমষ্টিসমূহৰ এক থূলমূল বিৱৰণ দাঙি
ধৰাৰ প্ৰয়াস কৰা হ’ল৷ এই বিৱৰণ সম্পূৰ্ণ নহয়৷ ইয়াৰ যোগেদি প্ৰব্ৰজনৰ এক ধাৰণাহে
দিবলৈ যত্ন কৰা হৈছে৷ এক সম্পূৰ্ণ বিৱৰণৰ বাবে দীঘলীয়া অধ্যয়নৰ প্ৰয়োজন আছে৷ ভবিষ্যতে
এই বিষয়ৰ অধিক তাত্ত্বিক আৰু যান্ত্ৰিক গৱেষণাই নতুন তথ্য আৰু তত্বৰ সমাৱেশ ঘটাব বুলি
আমাৰ আশা৷
পাদটীকা:
১An Account of
Assam by Dr John Peter Wade, P.347
২Talesh,
Shehabuddin, Tarikh-e-Aasham, Translated by Mhzhar Asif, 2009, p.48.
৩The Neolithic
Cultures of Northeast India and Adjoining Regions: A Comparative Study, K.N.
Dikshit and Manjil Hazarika, Journal of Indian Ocean Archaeology No. 7 & 8,
2011-12.
৪The Neolithic
Cultures of Northeast India and Adjoining Regions: A Comparative Study, K.N.
Dikshit and Manjil Hazarika, Journal of Indian Ocean Archaeology No. 7 & 8,
2011-12 5
৫প্ৰকাশ, ২০১৫, জানুৱাৰী,
পৃষ্ঠা -৪
৬Sapiens, page
14
৭Guns, Germs and
Steel, page 42
৮The History and
Culture of Khasis, p.5
৯“Pre-Historic
Culture in Assam”, Studies in the Early History of Assam, p.211. ১০A
culture History of Assam, Vol.1, pp. 6
১১The History and
Culture of Khasis p.5
১২Ahmed, Dr.
Kamaluddin(1994): Art and Acchitecture of Assam , pp. 51
১৩Indian
Archeology 1995-96-A Review (2002): Director General of Archeological Survey of
India, pp.128
১৪Deka, Phani,
(2007): The Great Indian Corridor in the East, pp.115-116
১৫Dewar, Stephen
(1966): Folklore (Winter,), Vol.77, No.4, pp. 26
১৬Hutton, Dr.
J.H. Journal of Royal Anthropological Institute, Vol.L. VIII, pp.406
১৭Chatterjee S.K
(1970): The Place of Assam in the History of Civilization of India. p. 9
১৮Endle, Rev
Sidney (1911): The Kacharis.p.4
১৯Gait, Edward
(1906): A History of Assam, pp.9
২০Kamatapur, An
Unexplored History of Eastern India (650-1498), page 7
২১Deka, Dr Pranav
Jyoti (2013): Century old Castes, Tribes and Guilds, page35 ২২হৰ্ষ চৰিত,
পৃষ্ঠা- 194
২৩Kamatapur, An
Unexplored History of Eastern India (650-1498), page 7
২৪Century old
Castes, Tribes and Guilds, page-78
২৫Unpublished
data of Dr B P Duwarah, Department of Geology, Gauhati University.
২৬Gait, Adward
(1906): A History of Assam, p.9
২৭“……….আতাৰ আদি কলিতা
দেশত৷……আএ উপায় নাপায় দেশ এৰি অটব্য অৰণ্যে চৰা পৰ্ব্বত পাৰ হৈ তিনিমণি ফাটে আবৰমিৰি
মাটিমিৰিএদি অচমদেশ ওলালহি পোন্ধেৰ দিনে…” –গুৰুচৰিত কথা, পৃষ্ঠা- 147
২৮History, Art
and Archaeology of Doiyang Dhansiri Vally, Assam, page 44- 48
২৯প্ৰাগ্জ্যোতিষৰ
ইতিহাস---
৩০Kiryu, Kazuyuki
, An Outline of the Meche Language-grammar, text and glossary
৩১Kamatapur: An
Unexplored History of Eastern India (530-1498)), page 18-19.
৩২Chaudhuri, PC.
, History of Civilization of Assam to the 12th century AD, Page 244
৩৩Century old
Castes, Tribes and Guilds, page
৩৪Elias,
Introductory Sketch of the History of the Shans in Upper Burma and Western
Yunnan, p. 9
৩৫Gogoi, The Tai
and the Tai Kingdoms : With a Fuller Treatment of the Tai Ahom Kingdom in the
Brahmaputra Valley, p. 160
৩৬E. R. Grange
(1940), Extracts From the Journal of an Expedition in to the Naga Hills,
Journal of Asiatic Society of Bengal, Vol. IX, pp. 953-958
৩৭থাওচেন, সোনাৰাম
(১৯৬২): ডিমাচা কছাৰী, পৃষ্ঠা-৪৭, ১৯৬২
৩৮গুহ, উপেন্দ্র চন্দ্র,(১৯২১),
কাছাড়ের ইতিবৃত্ত, ঢাকা পৃষ্ঠা-৭০-৭১
৩৯Gait, Edward
(1906): A History of Assam, p. 132
৪০Sharma Benudhar
(Ed), (1972): An Account of Assam, by Dr. John Peter Wade, written in 1800, p.
365
৪১বৰদলৈ মনোৰঞ্জন,
শইকীয়া, ড°ৰক্তিম ৰঞ্জন (সম্পা)(২০
১২): শিপা, পৃষ্ঠা-১৮, যোৰহাট৷
৪২Saikia, Raktim
Ranjan and Amin, Nurul (2016): A Study of River Channel Modifications of Jorhat
District of Assam, Indian Journal of History of Science, 51 No. 3, page 556-559
৪৩Saikia, Raktim
Ranjan, Amin, Nurul and Nagar, Yogesh Chand (2016): Dating of Paleochannel
Sediment of Jorhat District of Assam, North Eastern India, International
Research Journal of Engineering and Technology (IRJET) e-ISSN: 2395-0056
Volume: 03 Issue: 11
৪৪তামুলি ফুকন, কাশীনাথ,
আসাম বুৰঞ্জী, পষ্ঠা-১৭
৪৫শর্মা, অমূল্য চন্দ,
ঐতিহাসিক দষ্টিৰে শেষ ৰাজধানী যোৰহাট, যোৰহাট ২০০, পষ্ঠা-১
৪৬ভূঁঞা, সূৰ্য্যকুমাৰ
(২০০৯): সাতসৰী অসম বুৰঞ্জী, পষ্ঠা-৩২
৪৭Sarma, P J
(2007): Archaeology of Early Settlement in Dhansiri Doyang Valley, Assam: A
Study in reginal Perspective
৪৮তামুলি, লক্ষীনাথ
(সম্পা)(২০০৭): নাওবৈচা ফুকনৰ অসম বুৰঞ্জী, পৃষ্ঠা-৪৫
৪৯বৰবৰুৱা, হিতেশ্বৰ
(১৯৯৭): আহোমৰ দিন, অসম প্ৰকাশন পৰিষদ, গুৱাহাটী-২১, পৃষ্ঠা-৪৬৬
৫০তামুলি ফুকন, কাশীনাথ,
আসাম বুৰঞ্জী, পৃষ্ঠা-১৭
৫১তামুলি, লক্ষীনাথ
(সম্পা)(২০০৭): নাওবৈচা ফুকনৰ অসম বুৰঞ্জী, পৃষ্ঠা-৮৩
৫২Talesh, Shehabuddin,
Tarikh-e-Aasham, Translated by Mhzhar Asif (2009): Deperatment of Historical
and Antiquarian Studies & Raushanara Foundation, Guwahati, p.41
৫৩“ধৰ্ম প্ৰৱৰ্তাই
দেশ নষ্ট কৰিব বুলি মহন্ত সকলক চেউনী, বচা আদি ঠায়ে ঠায়ে দূৰ কৰি পাতিলে”-হৰকান্ত
বৰুৱা সদৰামিনৰ অসম বুৰঞ্জী, পৃষ্ঠা:৬০, সম্পাদক: সূৰ্য্য কুমাৰ ভূাঁ, বুৰঞ্জী আৰু
পুৰাতত্ব বিভাগ, অসম চৰকাৰ, গুৱাহাটী৷
৫৪“জোৰহাটৰ তাতপয্য
এই পূৰ্বস্মিন কালে টোকোলাই বচা নাম ক্ষাত আছিল ৰাজদ্রোহী প্ৰভৃতি লোককে এই টোকোলাই
বচাতে ৰাখিত, কিন্তু অতিশয় জুৰ তাপৰ জাগা”- বুৰঞ্জি বিবেকৰত্ন, ২০০২, পৃষ্ঠা: ১৯৩
৫৫“সন্দিকৈ বৰফুকন
পাতি স্বৰ্গদেৱে তেওঁ বৰফুকনকে পঠাই মাজথলৰ পৰা মহন্তসকলক নিওৱাই চেউনী বচাত পতোৱালে”-নাওবৈচা
ফুকনৰ অসম বুৰঞ্জী, ২০০৭, পৃষ্ঠা: ১১২
৫৬Sarma, J.N And
Phukan, M. K (2004): Origin and some geomorphological changes of Majuli Island
of the Brahmaputra River in Assam, India, Geomorphology, Volume 60, Issues 1–2,
Pages 1-19.
৫৬Sarma, J.N And
Phukan, M.K (2004): Origin and some geomorphological changes of Majuli Island
of the Brahmaputra River in Assam, India, Geomorphology, Volume 60, Issues 1–2,
Pages 1–19.
৫৭শর্মা, ড°যোগেন্দ নাথ (১৯৯৩), অসমৰ নদ-নদী, অসম সাহিত্য
সভা, যোৰহাট, পৃষ্ঠা- ২৩
৫৮Author:
Phelippe Vandermaelen, Full Title : Assan et Bautan, Asie No. 84, ৫৯Publisher:
Ph. Vandermaelen ৫৯ Butlar, Major John, A sketches of Assam
৬০বৰবৰুৱা, হিতেশ্বৰ
(১৯৯৭): আহোমৰ দিন, অসম প্ৰকাশন পৰিষদ, পৃষ্ঠা-৪৬২
৬১Talesh,
Shehabuddin, Tarikh-e-Aasham, Translated by Mhzhar Asif, 2009
৬২Dutta-Baruah,
Caroline (Ed and Translated) (2008):Adventures of of Jean-Baptist Chevalier in
Eastern India (1752-1765)
৬৩বৰা, ধ্ৰুৱজ্যোতি
(১৯৯৮): মোৱামৰীয়া গণ অভ্যূত্থান, ২য় খণ্ড, পষ্ঠা-১২৩
৬৪"Jorhat is
eight miles in length and six mile in breadth. It is bounded west by Dhuli, on
the south by high road, which leads from Coliabur to the capital of
Rungpoor..." An Account of Assam, by Dr. John Peter Wade, written in 1800,
Edited by Benudhar Sharma, Assam Jyoti, Suwagpur, Guwahati, Assam, 1972,
pp.347.
৬৫ “..the
Moamoria camp, which was four miles to the south west of Jorhat... ” Captain
Welsh’s Expedition to Assam in 1792, 1793 and 1794; Edited by Liet. Col. J.
Johnstone, Calcutta, printed at the Foreign Department Press, 1877, pp. ৬৬Sharma
Benudhar (Ed) (1972) : An Account of Assam, by Dr. John Peter Wade, written in
1800, pp. 347, 364, 365.
৬৭ Johnstone,
Liet. Col. J (Edt) (1877): Captain Welsh’s Expedition to Assam in 1792, 1793
and 1794; Calcutta, printed at the Foreign Department Press, p.37
৬৮ "-The
party left Deorgaon in the evening and Marching all night arrived very early in
the morning in the
vicinity of the
Moamaria camp, which was four miles to the south west of Jorhat. Not willing to
encounter so a large force, they made a detour to the right, proceeding by a
circuitous route, so as to reach Jorhat by passing to the right flank of the
enemy who was posted facing to that place-" Captain Welsh’s Expedition to
Assam in 1792, 1793 and 1794; Edited by Liet. Col. J. Johnstone, Calcutta,
printed at the Foreign Department Press, 1877, pp. 36.
৬৯“- ইতিমধ্যে সাহেব
মমদু দেবগাওোঁ পাই লাহবৰ বৰুৱা চৰাঙ্গচোওাঁ সমেত ৰাতৃ ধলি পাৰ হৈ আউবাটে দক্ষিণ ফলিয়া
কৈ জাইয়া মটকে খাপত পৰি জুই দি নিলগ হৈ গ’ল-“ বুৰঞ্জি বিবেকত্ন, ২০০২, পৃষ্ঠা-২০২
৭০দেৱান, মণিৰাম, বুৰঞ্জি
বিবেকৰত্ন, ২০০২, পৃষ্ঠা- ২০১৷
৭১তামুলি, লক্ষীনাথ
(সম্পা)(২০০৭): নাওবৈচা ফুকনৰ অসম বুৰঞ্জী, পৃষ্ঠা-১৬২৷
৭২“অতীতৰ ন-আলি ঢেকিয়াজুলি”,
থিৰেশ্বৰ চাৰিঙ্গিয়া বৰদলৈ, স্মৃতিগ্ৰন্থ, ৰূপালী জয়ন্তী, তিতাৰাম বৰদলৈ উচ্ছ মাধ্যমিক
বিদ্যলয়, (সম্পাদক: ডাঃ নবীন চন্দ্ৰ বৰদলৈ) পৃষ্ঠা-৪
৭৩ডাঃ নবীন চন্দ্ৰ
বৰদলৈৰ পৰা পোৱা তথ্য
৭৪আমাৰ আঞ্চলিক শিক্ষা
ক্ৰমণিকা, ভুৱন বৰুৱা, স্মৃতিগ্ৰন্থ, ৰূপালী জয়ন্তী, তিতাৰাম বৰদলৈ উচ্চ মাধ্যমিক
বিদ্যলয়, (সম্পাদক: ডাঃ নবীন চন্দ্ৰ বৰদলৈ) পৃষ্ঠা-৯
৭৫বিপ্লবী ন-আলি ঢেকিয়াজুলি,
ভুৱন বৰুৱা, পৃষ্ঠা- ৬
৭৬বৰবৰুৱা, হিতেশ্বৰ,
আহোমৰ দিন, ১৯৯৭, অসম প্ৰকাশন পৰিষদ, গুৱাহাটী-২১, পৃষ্ঠা-৪৭৪
৭৭বৰুৱা, গোলোকেশ্বৰ,
২০০৫, চিপাহী বিদ্ৰোহ আৰু পৰ্বতীয়া বৰুৱা, উৎপল বৰুৱা, গুৱাহাটী-২৪ ৭৮সাতসৰী
অসম বুৰঞ্জী, পৃষ্ঠা- ১৪৬৷
৭৯বিপ্লবী ন-আলি ঢেকিয়াজুলি,
ভুৱন বৰুৱা, পৃষ্ঠা-১৫
৮০মহাপুৰুষ শ্ৰীশ্ৰী
অনিৰুদ্ধ দেৱৰ চৰিত্ৰ আৰু শ্ৰীশ্ৰী কাংশপাৰ সত্ৰৰ ইতিবৃত্ত, সম্পাদনা: শ্ৰীযুৱত চন্দ্ৰ
মহন্ত, প্রকাশক ডা° নবীন চন্দ্ৰ বৰদলৈ,
যোৰহাট, পৃষ্ঠা-৫২, ১৯৯০ চন৷
৮১মহাপুৰুষ শ্ৰীশ্ৰী
অনিৰুদ্ধ দেৱৰ চৰিত্ৰ আৰু শ্ৰীশ্ৰী কাংশপাৰ সত্ৰৰ ইতিবৃত্ত, সম্পাদনা: শ্ৰীযুৱত চন্দ্ৰ
মহন্ত, প্রকাশক ডা° নবীন চন্দ্ৰ বৰদলৈ,
যোৰহাট, পৃষ্ঠা-৫৩, ১৯৯০ চন
৮২নেওগ, মহেশ্বৰ, পবিত্ৰ
অসম, ১৯৬০, অসম সাহিত্য সভা, পৃষ্ঠা- ৬৫
৮৩ডেকা, ড°প্ৰণৱজ্যোতি, ২০১০, আমাৰ নীলাচল কামাখ্যা
অনুসন্ধানৰ ইতিবৃত্ত, ভূমি, সম্পাদনা, ৰশ্মিৰেখা বৰা, বিশ্বনাথ চাৰিআলি, পৃষ্ঠা ৭৬
৮৪আলী, চেলিম, অসমৰ
মুচলমান, সমাজ আৰু সংস্কৃতিৰ ৰূপৰেখা, ২০০৯, মহাজত জয়ন্তী উদ্যাপন সমিতি, যোৰহাট চেণ্ট্ৰেল
ক্লাৱ, পৃষ্ঠা ৩৪৮, ৩৫০
৮৫তাহেৰ, ড° মহ্মদ, ২০০৯, অসমীয়া মুচলমান: ইতিহাস আৰু
অৱদান, যোৰহাট ইছলামিক চেণ্টাৰৰ দ্বাৰা আয়োজিত বক্তৃতানুষ্ঠানত দিয়া ভাষণ, যোৰহাট,
পৃষ্ঠা ২৷
৮৬Gogoi, L,
Historical Literature of Assam, Guwahati, Page. 224
৮৭আলী, চেলিম(সম্পা),
অসমৰ মুচলমান, সমাজ আৰু সংস্কৃতিৰ ৰূপৰেখা, ২০০৯, মহাৰজত জয়ন্তী উদ্যাপন সমিতি, যোৰহাট
চেণ্ট্ৰেল ক্লাৱ, পৃষ্ঠা ৩৫০-
৮৮উক্ত গ্রন্থ, পৃষ্ঠা
৩৫০-
৮৯আলী, চেলিম(সম্পা),
অসমৰ মুচলমান, সমাজ আৰু সংস্কৃতিৰ ৰূপৰেখা, ২০০৯, মহাজত জয়ন্তী উদ্যাপন সমিতি, যোৰহাট
চেন্ট্ৰেল ক্লাৱ, পৃষ্ঠা ৩৫০-
৯০বৰবৰুৱা, হিতেশ্বৰ,
আহোমৰ দিন, ১৯৯৭, অসম প্ৰকাশন পৰিষদ, গুৱাহাটী-২১, পৃষ্ঠা:৪৭০
৯১আলী, চেলিম (সম্পা),
অসমৰ মুচলমান, সমাজ আৰু সংস্কৃতিৰ ৰূপৰেখা, ২০০৯, মহাজত জয়ন্তী উদ্যাপন সমিতি, যোৰহাট
চেন্ট্ৰেল ক্লাৱ, পৃষ্ঠা ৩৫০
৯২তাহেৰ, ড° মমদ, ২০০৯, অসমীয়া মুচলমান: ইতিহাস আৰু
অৱদান, যোৰহাট ইছলামিক চেণ্টাৰৰ দ্বাৰা আয়োজিত বক্তৃতানুষ্ঠানত দিয়া ভাষণ, যোৰহাট,
পৃষ্ঠা ৭৷
৯৩বৰা, ৰূপশ্রী, ১৯৯৭,
“১৮২৬ চনৰ পৰা চলিত শতিকাৰ দুৱাৰ্ডলিলৈ যোৰহাটৰ দুখৰীয়া ছবি, যোৰহাট- ২০০, সম্পাদনা
প্রভাত সভাপণ্ডিত৷
৯৪পুজাৰী, অৰুণচন্দ্ৰ,
১৯৯৭, ইংৰাজ আমোলত যোৰহাটৰ ক্ৰমবিকাশ, যোৰহাট-২০০, সম্পাদনা প্রভাত সভাপণ্ডিত৷
৯৫ Hunter, W W
(1879): A statistical Account of Assam, p.248.
1. Ahmed Dr.
Kamaluddin (1994): Art and Acchitecture of Assam, Spectrum Publication,
Guwahati-1.
২· Bareh,
Hemlet (1967): The History and Culture of Khasis, Calcutta.
3. Baruah K L:
"Pre - Historic Culture in Assam", Studies in the Early History of
Assam. (ed.) M. Neog.
8. Baruah, B.
K, (1951): A culture History of Assam, Vol. 1.
৫. Butlar,
Major John (1847) : A sketches of Assam, Smith, Elder and Co, 60, Cornhill,
London
৬. C. P.
Rajendran, Kusala Rajendran, B. P. Duarah, S. Baruah, and Anil Earnest (2004):
Interpreting the style of faulting and paleoseismicity associated with the 1897
Shillong, northeast India, earthquake: Implications for regional tectonism,
TECTONICS, VOL. 23, American Geophysical Union.
৭. Chaudhuri,
PC. (1959): History of Civilization of Assam to the 12th century AD, Department
of History and Antiquarian Studies, Government of Assam, Guwahati.
৮. Chatterjee,
S.K, (1970): The Place of Assam in the History of Civilization of India.
University of Gauhati.
৯. Debnath,
Sailen (2015): Kamatapur: An Unexplored History of Eastern India (530- 1498)),
page 18-19, Aayu Publications, D-134, Agar Nagar, Prem Nagar III, New
Delhi-110086.
১০. Deka, Phani
(2007): The Great Indian Corridor in the East, Mittal Publication, 4594/9,
Dariyaganj, New Delhi-11002
১১. Deka, Dr
Pranav Jyoti (2013): Century old Castes Tribes and Guilds of Assam,, Pee Gee
India, Monjera House, 1st Floor, M. L. N. Road, Panbazar, Guwahati- 781001.
১২. Dikshit,
K.N and Hazarika, Manjil (2011-12): The Neolithic Cultures of Northeast India
and Adjoining Regions: A Comparative Study, Journal of Indian Ocean Archaeology
No. 7 & 8
১৩. Diamond,
Jared (1999): Guns, Germs, and Steel, The Fates of Human Societies, W.W. Norton
and Company Inc, 500 Fifth Avenue, New York 10110.
১৪. Dewar,
Stephen, (Winter, 1966): Folklore, Vol.77, No.4.
১৫. Dutta-Baruah,
Caroline (2008): Adventures of of Jean-Baptist Chevalier in Eastern India
(1752-1765), LBS Publications, Guwahati-781001.
১৬. Dutta, H.
N. (2012): History, Art and Archaeology of Doiyang-Dhansiri Valley, Assam,
Lawers Book Stall, Panbazar, Guwahati-781001, Assam
১৭. Duwarah, Dr
B P (2004) Unpublished data, Department of Geology, Gauhati University.
১৮. Endle, Rev
Sidney (1911): The Kacharis, MacMillan and Co Limited, St. Martin Street,
London.
১৯. Gait,
Edward (1906): A History of Assam, Thacker, Spink & Co.
২০. Gogoi, Lila
(1986): The Buranjis, Historical Literature of Assam, Omsons Publications.
২১. Grange, E.
R. (1940): Extracts From the Journal of an Expedition in to the Naga Hills,
Journal of Asiatic Society of Bengal, Vol. IX.
২২. Harari,
Yuval (2014): Sapiens, A brief History of Humankind, Harper Collins Publishers.
২৩. Hunter, W W
(1879): A statistical Account of Assam, Vol. 1, Tkubner & Co, London.
২৪. Hutton, Dr.
J.H: Journal of Royal Anthropological Institute, Vol.L. VIII,
২৫. Indian
Archeology 1995-96-A Review (2002), Director General of Archeological Survey of
India, Janapath, New Delhi.
২৬. Johnstone,
Liet. Col. J (Edt) (1877): Captain Welsh’s Expedition to Assam in 1792, 1793
and 1794; Calcutta, printed at the Foreign Department Press.
২৭. Kiryu,
Kazuyuki (2008): An Outline of the Meche Language-grammar, text and glossary,
Mimasaka University, Japan.
২৮. Mazumdar,
R. C. (1971): History of Ancient Bengal, Calcutta.
২৯. Saikia,
Raktim Ranjan and Amin, Nurul (2016): A Study of River Channel Modifications of
Jorhat District of Assam, Indian Journal of History of Science, 51 No.3, Indian
Natonal Science Academy, New Delhi.
৩০. Saikia,
Raktim Ranjan, Amin, Nurul and Nagar, Yogesh Chand (2016): Dating of
Paleochannel Sediment of Jorhat District of Assam, North Eastern India,
International Research Journal of Engineering and Technology (IRJET) e-ISSN:
2395 -0056 Volume: 03 Issue: 11
৩১. Sarma, J.N
And Phukan, M.K (2004): Origin and some geomorphological changes of Majuli
Island of the Brahmaputra River in Assam, India, Geomorphology, Volume 60,
Issues 1-2.
৩২. Sharma,
Benudhar (Ed), (1972): An Account of Assam by Dr John Peter Wade, Asam Jyoti,
Guwahati-8.
৩৩. Singh R K,
Bhaumik P, Akhtar MDS, Singh HJ, Mayor S, Asthana M (2011): Gondwana Sediments
and Their Hydrocarbon Prospectivity in Gondwana Basins and Exploration
activities therein, GEOIndia2011, Gearter Noida, New Delhi, India.
৩৪. Sarma, PJ
(2007): Archaeology of Early Settlement in Dhansiri-Doyang Valley, Assam: A
Study in reginal Perspective, Unpublished thesis submitted to Department of
Archaeology, Deccan College Post-Graduate And Research Institute (Deemed
University), Pune-411006.
৩৫. Talesh,
Shehabuddin, Tarikh-e-Aasham, Translated by Mhzhar Asif, (2009): Deperatment of
Historical and Antiquarian Studies & Raushanara Foundation, Guwahati
৩৬. Vandermaelen,
Phelippe (1827): Assan et Bautan, Asie No.84,A Hand Coloured Lithographic map
Published by Phelippe Vandermaelen.
৩৭. আলী, চেলিম
(সম্পা), অসমৰ মুচলমান, সমাজ আৰু সংস্কৃতিৰ ৰূপৰেখা, ২০০৯, মহাৰজত জয়ন্তী উদ্যাপন
সমিতি, যোৰহাট চেন্ট্ৰেল ক্লাৱ, পৃষ্ঠা৷
৩৮. গুহ, উপেন্দ্র
চন্দ্র (১৯২১): কাছাড়ের ইতিবৃত্ত, পৃষ্ঠা৭০-৭১, ঢাকা৷
৩৯. গোস্বামী ড°মালিনী (অনুবাদ) (২০০৫): বাণভট্ট বিৰচিত হর্ষচৰিত,
অসম প্ৰকাশন পৰিষদ, গুৱাহাটী-২১৷
৪০. ঠাকুৰ, জগন্নাথ(১৯৯৭):
অসমত বগা বঙাল খেদাৰ সংগ্ৰাম, যোৰহাট২০০, সম্পাদনা: প্রভাত চন্দ্র সভাপণ্ডিত, ১৯৯৭চন,
যোৰহাট৷
৪১.ডেকা, ড°প্ৰণৱজ্যোতি (২০১০): আমাৰ নীলাচল কামাখ্যা
অনুসন্ধানৰ ইতিবৃত্ত, ভূমি, সম্পাদনা, ৰশ্মিৰেখা বৰা, বিশ্বনাথ চাৰিআলি৷
৪২.তামুলি, লক্ষ্মীনাথ
(সম্পা)(২০০৭): নাওবৈচা ফুকনৰ অসম বুৰঞ্জী, তামুলী, অসম প্ৰকাশন পৰিষদ, গুৱাহাটী-২১৷
৪৩.তামুলি ফুকন,
কাশীনাথ,আসাম বুৰঞ্জী৷
৪৪.তাহেৰ, ড° মহ্মদ (২০০৯): অসমীয়া মুচলমান: ইতিহাস
আৰু অৱদান, যোৰহাট, ইছলামিক চেণ্টাৰৰ দ্বাৰা আয়োজিত বক্তৃতানুষ্ঠানত দিয়া ভাষণ, যোৰহাট,
পৃষ্ঠা ৭৷
৪৫. থাওচেন, সোনাৰাম
(১৯৬২): ডিমাচা কছাৰী, অসমৰ জনজাতি, সম্পাদনা: শ্রীপ্রমোদ চন্দ্র ভট্টচাৰ্য্য, অসম
সাহিত্য সভাৰ হৈ লয়াচ” বুক ষ্টল, পান বজাৰ, গুৱাহাটী ৷
৪৬. দেৱান, মণিৰাম(২০০২)
: বুৰঞ্জি বিবেকৰত্ন (২য় খণ্ড), সম্পাদনা, ডঃ নগেন শইকীয়া, অসমীয়া বিভাগ, ডিব্ৰুগড়
বিশ্ববিদ্যালয়৷
৪৭. নাথ, ডঃ ডম্বৰুধৰ
(১৯৯১): অসম বুৰঞ্জী, ষ্টুডেণ্ট ষ্টচ্, পানবজাৰ, গুৱাহাটী৷
৪৮.নেওগ, ডঃমহেশ্বৰ
(সম্পাদনা)(১৯৯১): পবিত্র অসম, অসম সাহিত্য সভা৷
৪৯. নেওগ, ডঃমহেশ্বৰ
(সম্পাদনা)(২০০৩): গুৰু চৰিত কথা, বিশ্ববিদ্যালয় প্রকাশন বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়,
গুৱাহাটী৷
৫০-পুজাৰী, অৰুণচন্দ্ৰ
(১৯৯৭): ইংৰাজ আমোলত যোৰহাটৰ ক্ৰমবিকাশ, যোৰহাট-২০০, সম্পাদনা প্রভাত সভাপণ্ডিত
৫১ বৰদলৈ, থিৰেশ্বৰ
চাৰিঙ্গিয়া(১৯৭৭) : অতীতৰ ন-আলি ঢেকিয়াজুলি, স্মৃতিগ্ৰন্থ, ৰুপালী জয়ন্তী, তিতাৰাম
বৰদলৈ উচ্চ মাধ্যমিক বিদ্যলয়, সম্পাদক: ডাঃ নবীন চন্দ্ৰ বৰদলৈ৷
৫২.বৰদলৈ মনোৰঞ্জন,
শইকীয়া, ড°ৰক্তিম ৰঞ্জন (সম্পা)
(২০১২): শিপা, ৰাজেন্দ্ৰ নাথ শইকীয়া শিক্ষা সংস্কৃতি ন্যাস, যোৰহাট-৯৷
৫৩.বৰবৰুৱা, হিতেশ্বৰ
(১৯৯৭) : আহোমৰ দিন, অসম প্ৰকাশন পৰিষদ, গুৱাহাটী-২১,
৫৪.বৰা, ডাঃ ধ্ৰুৱজ্যোতি(১৯৯৮):
মোৱামৰীয়া গণ অভ্যূত্থান, ২য় খণ্ড, বনলতা, পানবজাৰ৷
৫৫ বৰা, ৰূপশ্রী,
(১৯৯৭): ১৮২৬ চনৰ পৰা চলিত শতিকাৰ দুৱাৰ্ডলিলৈ যোৰহাটৰ দুখৰীয়া ছবি, যোৰহাট-২০০, সম্পাদনা
প্রভাত সভাপণ্ডিত৷
৫৬.বৰুৱা ভুৱন (১৯৯২):
বিপ্লবী ন-আলি ঢেকিয়াজুলি, ন-আলি ঢেকিয়াজুলি, যোৰহাট-৯৷
৫৭.বৰুৱা, গোলোকেশ্বৰ
(২০০৫): চিপাহী বিদ্ৰোহ আৰু পৰ্বতীয়া বৰুৱা, প্ৰকাশক উৎপল বৰুৱা, গুৱাহাটী-২৪৷
৫৮.বৰুৱা, ভুৱন
(১৯৭৭) : আমাৰ আঞ্চলিক শিক্ষা ক্ৰমণিকা, ভুৱন বৰুৱা, স্মৃতিগ্ৰন্থ, ৰূপালী জয়ন্তী,
তিতাৰাম বৰদলৈ উচ্চমাধ্যমিক বিদ্যলয়, সম্পাদক: ডাঃ নবীন চন্দ্ৰ বৰদলৈ৷
৫৯.ভটাচার্য, জয়ন্ত
ভুষণ (১৯৯৩): কছাৰী ৰাজ্য, উত্থান আৰু পতন, অসম সাহিত্য সভা, যোৰহাট৷ ৬০.ভূঞা, সূৰ্য্য
কুমাৰ (সম্পা) (১৯৩০): হৰকান্ত বৰুৱা সদৰামিনৰ অসম বুৰঞ্জী, বুৰঞ্জী আৰু পুৰাতত্ব বিভাগ,
অসম চৰকাৰ, গুৱাহাটী৷
৬১.ভূঞা, সূর্যকুমাৰ,
(সম্পা) (২০০৯): সাতসৰী অসম বুৰঞ্জী, বাণীমন্দিৰ (বাণীমন্দিৰ সংস্কৰণ), গুৱাহাটী৷
৬২.ভূঞা, সূৰ্য্য
কুমাৰ: হৰকান্ত বৰুৱা সদৰামিনৰ অসম বুৰঞ্জী, সম্পাদক: বুৰঞ্জী আৰু পুৰাতত্ব বিভাগ,
অসম চৰকাৰ, গুৱাহাটী৷
৬৩. মহন্ত, শ্ৰীযুৱত
চন্দ্ৰ(সম্পাদনা) (১৯৯০): মহাপুৰুষ শ্ৰীশ্ৰী অনিৰুদ্ধ দেৱৰ চৰিত্ৰ আৰু শ্ৰীশ্ৰী কাংশপাৰ
সত্ৰৰ ইতিবৃত্ত, প্রকাশক ডা° নবীন চন্দ্ৰ বৰদলৈ,
যোৰহাট৷
৬৪.শর্মা, ড°যোগেন্দ্র নাথ (১৯৯৩), অসমৰ নদ-নদী, অসম সাহিত্য
সভা, যোৰহাট,পৃষ্ঠা ২৩৷
(প্ৰৱন্ধটোৰ বহু
সিদ্ধান্ত প্ৰকল্পৰ (Hypothesis) পর্যায়তে আছে৷ নতুন তথ্যৰ আগমনৰ লগেলগে প্ৰকল্পৰো
সংশোধন কৰা হ’ব৷)
লেখকৰ ঠিকনা:
সহকাৰী অধ্যাপক, ভূতত্ব বিভাগ,
জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়, যোৰহাট৷

.jpeg)


.jpeg)



.jpeg)
.jpeg)
