অন্যযুগ/


বিশিষ্ট অভিনেতা ৰবি শৰ্মাৰ সৈতে অলপ আলাপ

সাক্ষাৎ গ্ৰহণ : ৰিমলী বৰকটকী

      ৰবি শৰ্মাৰ নামৰ ভনিতা মেলি কিবা কোৱাৰ অসমীয়া পাঠক-দৰ্শকক নিশ্চয়কৈ প্ৰয়োজন নাই। হয়, বৰ্তমান সময়ত অসমীয়া ছবিজগতৰ আটাইতকৈ জনপ্ৰিয়, পৰিপক্ক তথা অপ্ৰতিদ্বন্দ্বী নায়কজনৰ কথাই কৈছোঁ। জনপ্ৰিয় অভিনেতা, গায়ক, কাহিনীকাৰ ৰবি শৰ্মাৰ সৈতে আমি চিনেমা আৰু আন দুই-এক বিষয়ক লৈ এক কথোপকথন কৰিবলৈ ওলাইছোঁ।

প্ৰশ্ন : শৰ্মা ডাঙৰীয়া নমস্কাৰ। প্ৰথমেই আপোনাক সুধিব বিচাৰিছোঁ যে ৰবি শৰ্মাই নিজকে কি ৰূপে চিনাকি দিবলৈ ভাল পায়?অভিনেতা, কণ্ঠশিল্পী অথবা কাহিনীকাৰ ৰূপে?
ৰবি শৰ্মা : নমস্কাৰ। মই নিজকে সমাজৰ বাবে ভাল চিন্তা কৰা এজন মানুহৰ শাৰীত ৰাখিব খোজোঁ। আৰু মোৰ বাবে এইদৰে ভাল কৰাৰ মাধ্যম হৈছে- চিনেমা। কাৰণ তথ্যগত যিকোনো তিক্ত কথাক আমি চিনেমাৰ ৰূপত মনোগ্ৰাহী কৰি মানুহৰ আগত তুলি ধৰিব পাৰোঁ। যাতে মানুহৰ চিন্তাধাৰাত ভাল আৰু বেয়াৰ পাৰ্থক্য নিৰূপণ কৰাত চিনেমাৰ এক প্ৰভাৱ থাকে। যদিহে মই প্ৰতিবাদো কৰোঁ, সমাজ আৰু জাতিৰ গাথা বা বেথাকো তুলি ধৰোঁ অথবা জাতি-মাটি-সংস্কৃতিৰ হকে যিসকলে আহুতি দি গৈছে-তেওঁ‌লোকক শ্ৰদ্ধা জনাব খোজোঁ- তেন্তে ইয়াৰ মাধ্যম চিনেমাই হ'ব। যাতে জাতিটোক লৈ আমাৰ যুৱ-প্ৰজন্ম স্বাভিমানী হ'ব পাৰে। সেয়ে নিজকে ছবি-নিৰ্মাতা বা সাংস্কৃতিক কৰ্মীৰূপে পৰিচয় দিবলৈ ভালপাম।
প্ৰশ্ন : চিনেমা আপোনাৰ বাবে কি?
ৰবি শৰ্মা : চিনেমা হৈছে কলাৰ আটাইতকৈ শক্তিশালী দৃশ্য-শ্ৰব্য মাধ্যম (কিতাপৰ পিছতে)। যাক আমি মনোৰঞ্জক কৰি মানুহৰ আগত প্ৰদৰ্শন কৰিব পাৰোঁ।
প্ৰশ্ন : শ্ৰী ৰঘুপতিৰ কাহিনী লিখাৰ ধাৰণাটো কিদৰে মনলৈ আহিল?
ৰবি শৰ্মা : এটা অভাৱ অনুভৱ কৰিছিলোঁ। সাধাৰণতে আমাৰ কাহিনী কওঁতে কিছুমান সৰু সৰু বস্তু এৰি থৈ যোৱা যায়। দেখা যায় যে প্ৰায়বিলাক ছবিৰ ক্ষেত্ৰতেই হয় হলীউড,নহয় বলীউড অথবা কোনোবা লেখকৰ পৰা প্ৰতিলিপি লোৱাবিধৰ হয়। আমাৰ জাতিৰ যি আৱেগ- আনকি খুচৱন্ত সিঙেও লিখি গৈছে যে- অসমীয়া জাতিৰ দৰে আদৰুৱা, কথাচহকী, সমৃদ্ধিশালী জাতি পাবলৈ নাই। গতিকে আমাৰ এই সংস্কৃতিক লৈয়েই কৰিব লগা বহুতো কাম আছে। আগতে কৰা কামবোৰত আনে মোৰ বাবে কাহিনী লিখিছিলে, এইবাৰ ভাবিলোঁ যিহেতু মই নিজে লিখিব পাৰোঁ গতিকে  নিজেই লিখোঁ আৰু পূৰ্বে উল্লেখ কৰা উপাদানসমূহো বজাই ৰাখোঁ।

প্ৰশ্ন : সংগীতৰ লগত আপোনাৰ সম্পৰ্কৰ বিষয়ে অলপ জনাব নেকি?
ৰবি শৰ্মা : সংগীত মোৰ বাবে জীৱন ধাৰণৰ এক প্ৰক্ৰিয়া। মোক কোনো উপাদানেই ইমান আমোদ দিব নোৱাৰে, যিমান সংগীতে দিব পাৰে। চাপগ্ৰস্ত মন-মগজুক শীতলোৱা একমাত্ৰ উপায় সংগীত মোৰ বাবে।

প্ৰশ্ন : অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ বৰ্তমান অৱস্থা কেনে বুলি ভাবে? যদিহে পঁয়ালগা অৱস্থাত আছে আৰু যদিহে উত্থান হৈছে-দুয়োৰে কাৰণ কি বুলি ভাবে?
ৰবি শৰ্মা : আমি নিজৰ ভিতৰতে ছবি নিৰ্মাণ কৰি সন্তুষ্ট হ'বলৈ চেষ্টা কৰোঁ। আমাৰ উদ্যোগটোৰ বজাৰখন সৰু- এই কথা আমি গ্ৰহণ কৰি লৈছোঁ। মোৰ এই কথাটিত অলপ আপত্তি আছে। কাৰণ, চিনেমাৰ পৰিভাষা সেইটো নহয়। চিনেমা ভাষিক হে, ক্ষেত্ৰভিত্তিক নহয়। আজি শ্ৰী ৰঘুপতিয়ে প্ৰমাণ কৰিলে যে চিনেমা এখনৰ গুণগত মান ভাল হোৱাৰ বাবে এতিয়া চেন্নাই, হাইদৰাবাদ, কলকতা পৰ্যন্ত, কোনো ছাবটাইটল নোহোৱাকৈ অসমীয়া চিনেমা চলিছে। বিভিন্ন বাধা আছে অসমীয়া চিনেমাৰ ক্ষেত্ৰত, পিছে মোৰ কথা হ'ল- যদিহে দহজন অসমীয়া মানুহেই ছবিখন চাইছে আৰু চাই কৈছে- "আমাৰ অসমীয়া চিনেমাৰ দৰে চিনেমা বিশ্বতেই নাই" -এইধৰণে ভাবিব পৰাকৈ নিখুঁতকৈ আৰু শলাগ ল'ব পৰাকৈ কৰিম, উত্থান-পতন যিয়েই নাথাকক কিয়। আৰু আমি অসম আৰু অসমৰ মানুহক বাদ দি চিনেমা কৰিব নোৱাৰোঁ। যিমানেই প্ৰযুক্তিগত দিশত আগবঢ়া নহওক কেলৈ!
প্ৰশ্ন : "অসমীয়া চিনেমা অসমীয়া মানুহে নাচায়"- সততে উঠা এই জাতীয়তাবাদী আৱেগ বা অভিযোগ সম্পৰ্কে কি মন্তব্য কৰিব?
ৰবি শৰ্মা : ধৰক আপোনাক কোনোবাই একাপ চাহ ক'ৰবাত ফ্ৰীতে খুৱালে। চাহকাপ বেয়া, তেতিয়া পাছত দুনাই কোনোবাই একেদৰেই আপোনাক তালৈ চাহ খুৱাবলৈ নিলে যাব জানো? নিশ্চয় নাযায়। কথাটো তেনেকুৱাই। চিনেমা আৱেগত চলা বস্তু নহয়। চিনেমা চাবলৈ মানুহে নিজৰ কষ্টোপাৰ্জিত ধন ব্যয় কৰে, সময় দিয়ে। গতিকে চিনেমা একোখন অকল আৱেগত নচলে।

প্ৰশ্ন : হিয়া দিয়া নিয়াৰ আগৰ কাম বা প্ৰথম কাম কি আছিল অভিনয়ৰ ক্ষেত্ৰত?
ৰবি শৰ্মা : প্ৰথমে মই মডেলিং কৰিছিলোঁ আৰু হিয়া দিয়া নিয়াৰ আগত- পুৰুষ মডেলৰ প্ৰথম আছিলো আমিখিনি। আৰু হিয়া দিয়া নিয়াৰ আগতে জে পি দাস দাদাৰ -"বুকু ভৰি মৰম আছে"-গীতটোত অভিনয় কৰিছিলোঁ।

প্ৰশ্ন : বৰ্তমানলৈকে,আপুনি নিজৰ কামক লৈ সন্তুষ্ট নে?
ৰবি শৰ্মা : এজন শিল্পী নিজৰ কামক লৈ কেতিয়াও সম্পূৰ্ণৰূপে সন্তুষ্ট নহয়। মই আৰু ভাল কাম কৰিব খোজোঁ।

প্ৰশ্ন : চিনেমাৰ কোন ধাৰাই আপোনাক বিশেষভাৱে আকৰ্ষিত কৰে?
ৰবি শৰ্মা : মোৰ বাবে চিনেমাৰ কোনো ধাৰা নাই। মোৰ বাবে চিনেমাৰ দুটাই ভাগ হৈছে- ভাল চিনেমা আৰু বেয়া চিনেমা।

প্ৰশ্ন : ৰবি শৰ্মা হতাশ কেতিয়া হয়?
ৰবি শৰ্মা : মই হতাশ হোৱাবিধৰ মানুহেই নহওঁ। মই পৰিকল্পনা কৰোঁ। ৰৈ থকা আৰু একো নকৰা মানুহৰ মাজত পাৰ্থক্য আছে। এজন ব্যক্তিয়ে ৰৈ থাকিও বহুত কিবাকিবি কৰিব পাৰে, পিছে নকৰোঁ বুলি ভবাজনে একো নকৰে। ভবামতে কিবা নহ'লে মই আত্মদৰ্শন কৰোঁ, আৰু নিজকে জুকিয়াই চাই ক'ত কি খুটি-নাটিৰ বাবে হোৱা নাই সেইখিনি উলিয়াই সেইমতে কাম কৰোঁ। এইখিনিয়ে মোক হতাশ হ'বলৈ সময় নিদিয়ে। আৰু মই সদায়েই সমস্যা সমাধানত আগভাগ লোৱা মানুহ।

প্ৰশ্ন : অভিনয় কৰিবৰ বাবে আনুষ্ঠানিক শিক্ষাৰ প্ৰয়োজন কিমান জৰুৰী বুলি ভাবে?
ৰবি শৰ্মা : যিমানেই সংগীত-শিল্পী বা গায়ক এজনে গীত গাবৰ বাবে শিকিব লাগে, সিমানেই জৰুৰী বুলি ভাবোঁ। যদিহে দক্ষতা আৰু অভিনয়ৰ প্ৰতি প্ৰেম নিজৰ ভিতৰত নাথাকে, তেন্তে কোনেও চাবুক মাৰি কাকো অভিনয় কৰাব বা গান গোৱাব নোৱাৰে। ভাল অভিনেতা-বেয়া অভিনেতা বুলিও কোনো কথা নাই। মাত্ৰ কোনোবাজন অভিনেতা আৰু আনজন অভিনেতা নহয়।

প্ৰশ্ন : ভৱিষ্যতত আৰু শ্ৰী ৰঘুপতিৰ দৰে ছবি আমি আপোনাৰ পৰা পাম নেকি?
ৰবি শৰ্মা : শ্ৰী ৰঘুপতিৰ দৰে আন চিনেমা কৰিম। অলপ ধাৰাটো পৰিৱৰ্তন কৰিম মাথোঁ।

প্ৰশ্ন : অসমীয়া দৰ্শকে কেনে ছবি চাই ভাল পায়?
ৰবি শৰ্মা : আমাৰ মানুহে যি চাই ভাল পায়,তাকেই চাব বিচাৰে। আৰু মোৰ কাম হৈছে তেওঁলোকে চাব বিচৰাৰ পৰা মই দেখুৱাব বিচৰাখিনি তেওঁলোকক দেখুওৱাটো। আৰু যদিহে আমাৰ প্ৰদৰ্শনত কিবা খুটি-নাটি থাকে,তেন্তে তাক স্বীকাৰ কৰি, শুধৰাই পুনৰ ন স্বাদ দিবলৈ আগবাঢ়িবলৈও জানিব লাগিব। হললৈ ছবি চাবলৈ অহা দৰ্শকে যাতে তেওঁৰ পইছাখিনি উচিত ঠাইত ব্যৱহাৰ কৰিলে বুলি হাঁ‌হিমুখে যাব পাৰে- সেইটোৱেই বিচাৰোঁ।

    

ৰবি শৰ্মালৈ আমাৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। লগতেই আগত ভৱিষ্যতত তেওঁৰ আৰু সুন্দৰ কামেৰে আমাক সমৃদ্ধিশালী কৰি যাব বুলি উত্তৰোত্তৰ কামনা কৰিলো।

 


মেইল-
 rimli.borkotoky1985@gmail.com

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ