অন্যযুগ/


ইণ্ডাষ্ট্ৰিয়েল ছাইক’ল’জি (Industrial Psychology)

  বুলজিৎ বুঢ়াগোহাঁই

 

ইণ্ডাষ্ট্ৰিয়েল ছাইক’ল’জি, যাক অৰ্গেনাইজেশ্বনেল ছাইক’ল’জি বুলিও কোৱা হয়, ই হৈছে মনোবিজ্ঞানৰ এটা শাখা, যি কৰ্মস্থান তথা সংগঠনত মানুহৰ ব্যৱহাৰৰ অধ্যয়নৰ সৈতে জড়িত৷ এই খণ্ডৰ মনোবিজ্ঞানীসকলে মানৱব্যৱহাৰৰ ওপৰত ভিত্তি কৰি নানা ধৰণৰ সমস্যা সমাধান কৰাৰ লগতে কৰ্মচাৰী আৰু সংগঠনৰ সামগ্ৰিক কাৰ্যক্ষমতা উন্নত কৰাৰ বাবে মনোবৈজ্ঞানিক তত্ত্ব আৰু গৱেষণা প্ৰয়োগ কৰে৷

ইণ্ডাষ্ট্ৰিয়েল ছাইক’ল’জিষ্ট (Industrial Psychologist) এজনে বিভিন্ন ক্ষেত্ৰসমূহত কাম কৰে, যেনে -চাকৰি দিবলৈ উপযুক্ত প্ৰাৰ্থী নিৰ্বাচনৰ বাবে মনোবৈজ্ঞানিক পৰীক্ষা আৰু গঠিত সাক্ষাৎকাৰ পদ্ধতি ব্যৱহাৰ কৰে; কৰ্মচাৰীৰ উৎপাদনক্ষমতা আৰু উৎসাহ বৃদ্ধি কৰিবলৈ প্ৰেৰণামূলক পদ্ধতি আৰু সুস্থ কৰ্মপৰিৱেশ গঢ়ি তোলে; কৰ্মস্থানত সংঘটিত দ্বন্দ্বৰ সমাধান আৰু মানসিক স্বাস্থ্য সংৰক্ষণত সহায় কৰে; প্ৰশিক্ষণ আৰু উন্নয়নমূলক কাৰ্যসূচী সাজে আৰু ৰূপায়ণ কৰে; সাংগঠনিক পৰিৱৰ্তন আৰু উন্নয়নৰ সুবিধা প্ৰদান কৰা আদি৷

মনোবিজ্ঞান আৰু ব্যৱসায় উভয়ৰে প্ৰতি আগ্ৰহী ব্যক্তিৰ বাবে এই কেৰিয়াৰ পথটো উপযুক্ত৷ এই পেছাত আগবাঢ়িবৰ বাবে সাধাৰণতে মনোবিজ্ঞানত স্নাতক ডিগ্ৰীৰ পাছত ইণ্ডাষ্ট্ৰিয়েল ছাইক’ল’জিত স্নাতকোত্তৰ ডিগ্ৰী বা পিএইচ ডি কৰাটো প্ৰয়োজনীয়৷

এজন সফল  ইণ্ডাষ্ট্ৰিয়েল ছাইক’ল’জিষ্ট (Industrial Psychologist) হবলৈ হ’লে প্ৰাৰ্থীগৰাকীৰ  কিছুমান গুণ থকা দৰকাৰ, যেনে –বিশ্লেষণাত্মক দক্ষতা (Analytical Skills), যোগাযোগ কৌশল (Communication Skills), সমস্যা সমাধান ক্ষমতা (Problem-Solving Ability), আন্তঃ-ব্যক্তিক দক্ষতা (Interpersonal Skills), ব্যৱসায়িক পৰিচালনাৰ জ্ঞান (Knowledge of Business Operations), সূক্ষ্ম দৃষ্টিভংগী (Attention to Detail) আদি৷

ইণ্ডাষ্ট্ৰিয়েল ছাইক’ল’জিষ্টসকলে ব্যৱসায়, চৰকাৰী সংস্থা, কাৰখানা, ঔদ্যোগিক প্ৰতিষ্ঠান কৰ্পোৰেট হাউচ আৰু শৈক্ষিক প্ৰতিষ্ঠানত নিযুক্তি লাভ কৰে৷

কৰ্পৰেট খণ্ড (Corporate Settings): ইণ্ডাষ্ট্ৰিয়েল ছাইক’ল’জিষ্টে ডাঙৰ প্ৰতিষ্ঠানসমূহত কনছালটেণ্ট (পৰামৰ্শদাতা) বা ইন-হাউচ ছাইকলজিষ্ট হিচাপে নিযুক্তি লাভ কৰে৷ তেওঁলোকে কৰ্মচাৰী বাছনি, প্ৰশিক্ষণ, আৰু সংস্থাগত উন্নয়নৰ ওপৰত বিশেষভাৱে কাম কৰে৷

পৰামৰ্শদাতা প্ৰতিষ্ঠান (Consulting Firms):  কিছুমান  ইণ্ডাষ্ট্ৰিয়েল ছাইক’ল’জিষ্টে পৰামৰ্শদাতা প্ৰতিষ্ঠানৰ বাবে কাম কৰে, তেওঁলোকে বাহ্যিক গ্ৰাহকসকলৰ বাবে মানৱসম্পদৰ পদ্ধতি আৰু সাংগঠনিক পৰিৱেশন উন্নত কৰাত বিশেষজ্ঞ৷

চৰকাৰী সংস্থা  (Government Agencies): কৰ্মশক্তিৰ ব্যৱস্থাপনা, কৰ্মচাৰীৰ সন্তুষ্টি, আৰু জনসেৱাৰ দক্ষতাক উন্নত কৰাৰ বাবে চৰকাৰী সংস্থাসমূহেও ইণ্ডাষ্ট্ৰিয়েল ছাইক’ল’জিষ্টসকলক নিয়োগ দিব পাৰে৷

একাডেমিক্ষেত্ৰ (Academia): বিশ্ববিদ্যালয়ত শিক্ষাদান কৰা বা ইণ্ডাষ্ট্ৰিয়েল ছাইক’ল’জিৰ ক্ষেত্ৰত গৱেষণা কৰাও এটা কেৰিয়াৰ পথ৷

স্বাস্থ্য আৰু গৱেষণা প্ৰতিষ্ঠান (Healthcare and Research Institutes): কিছুমানে  ইণ্ডাষ্ট্ৰিয়েল ছাইক’ল’জিষ্টে স্বাস্থ্য খণ্ড বা গৱেষণা ক্ষেত্ৰত কাম কৰি কৰ্মস্থলৰ সৈতে জড়িত স্বাস্থ্য সমস্যা, আৰামদায়কতা (ergonomics), বা মনোবল সম্পৰ্কে অধ্যয়ন কৰে৷

নন-প্ৰফিট সংস্থা (Nonprofit Organizations): কিছুমান ইণ্ডাষ্ট্ৰিয়েল ছাইকলজিষ্টে নন-প্ৰফিট সংস্থাসমূহৰ সৈতে কাম কৰি সংস্থাটোৰ কাৰ্যক্ষমতা আৰু কৰ্মচাৰীৰ সম্পৃক্ততা (employee engagement) বৃদ্ধি কৰাৰ বাবে কৌশল বিকাশ কৰে৷

দেশৰ বিভিন্ন স্থানৰ লগতে অসমতো  ‘মনোবিজ্ঞান (Psychology)’ত শিক্ষা গ্রহণ কৰিব পৰা শিক্ষানুষ্ঠান আছে৷ গুৱাহাটী বিশ্ববিদ্যালয় (http://www.gauhati.ac.in), ডিব্ৰুগড় বিশ্ববিদ্যালয় (http://www.dibru.ac.in), কটন বিশ্ববিদ্যালয়  (https://cottonuniversity.ac.in), অসম মহিলা বিশ্ববিদ্যালয় (https://www.awu.ac.in), লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠান, তেজপুৰ (https://www.lgbrimh.gov.in), অসম ডন বস্ক’ বিশ্ববিদ্যালয় (https://www.dbuniversity.ac.in), অসম ডাউন টাউন বিশ্ববিদ্যালয় (http://www.adtu.in), ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয় (https://www.rgu.ac), গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয় (https://gcuniversity.ac.in) আদি৷

‘মনোবিজ্ঞান (Psychology)’ৰ বিভিন্ন পাঠ্যক্রমত নামভৰ্তি কৰিব পৰা অসমৰ বাহিৰৰ কেইখনমান শিক্ষানুষ্ঠান হ’ল - দিল্লী বিশ্ববিদ্যালয় (www.du.ac.in), কলকতা বিশ্ববিদ্যালয় (https://www.caluniv.ac.in), পুণে বিশ্ববিদ্যালয়  ( http://www.unipune.ac.in), পাঞ্জাৱ বিশ্ববিদ্যালয় ( http://puchd.ac.in), বৰকাতুল্লাহ বিশ্ববিদ্যালয়, ভূপাল (http://www.bubhopal.ac.in), খ্ৰীষ্ট বিশ্ববিদ্যালয় (https://christuniversity.in/), প্ৰেচিডেন্সি কলেজ (https://presidencycollege.ac.in/), বেনাৰস হিন্দু বিশ্ববিদ্যালয়  (https://www.bhu.ac.in), এমিটি বিশ্ববিদ্যালয় (https://www.amity.edu), ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য আৰু স্নায়ুবিজ্ঞান প্ৰতিষ্ঠান (https://nimhans.ac.in), টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল ছায়েন্স(https://tiss.edu), জামিয়া মিলিয়া ইছলামিয়া (https://jmi.ac.in), চেণ্ট্ৰেল ইনষ্টিটিউট অৱ ছাইকিয়াট্ৰি (https://cipranchi.nic.in), আলিগড় মুছলিম বিশ্ববিদ্যালয় (https://amu.ac.in), চণ্ডীগড় বিশ্ববিদ্যালয় (https://www.cuchd.in), পাৰুল বিশ্ববিদ্যালয় (https://paruluniversity.ac.in), চুইকাৰ একাডেমী অৱ ৰিহেবিলিটেশ্বন ছায়েন্সছ (https://sarsacademy.org.in),  ফাৰ্গুছন কলেজ (https://www.fergusson.edu), ইনষ্টিটিউট অৱ হিউমেন বিহেভিয়াৰ এণ্ড এলাইড ছায়েন্স (https://ihbas.delhi.gov.in), ইন্দিৰা গান্ধী ৰাষ্ট্রীয় মুক্ত বিশ্ববিদ্যালয় (http://www.ignou.ac.in) আদি৷   এই প্ৰতিষ্ঠানসমূহত বিভিন্ন পাঠ্যক্রমত নামভৰ্তি কৰিব বাবে প্রয়োজন হোৱা সবিশেষ তথ্য জানিবৰ বাবে প্ৰতিষ্ঠানসমূহৰ ৱেবছাইটত চাব পাৰে৷ লগতে নাম ভৰ্তি বাবে বিজ্ঞাপন বাতৰি কাকতত প্রকাশ হয়৷

 

বুলজিৎ বুঢ়াগোহাঁই

কেৰিয়াৰ পৰামৰ্শদাতা তথা

মুৰব্বী, যান্ত্রিক অভিযান্ত্রিক বিভাগ, অসম ডন বস্ক’ বিশ্ববিদ্যালয়

ফোন: ৯৪৩৫১৮৮৬৩০

ই-মেইল: buljit@gmail.com

www.buljit.com

 

বি.দ্র. কেৰিয়াৰ বিষয়ৰ বিভিন্ন কথা কোনো আগ্ৰহী শিক্ষাৰ্থীয়ে জানিব বিচাৰে,তেন্তে প্ৰত্যেক শনিবাৰে বিয়লি ৬-৯ বজাৰ ভিতৰত ফোন(৯৪৩৫১৮৮৬৩০)ত যোগাযোগ কৰিব পাৰে৷

 

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ