অন্যযুগ/


ইমানবোৰ

অনুভৱ তুলসী

আপুনিয়েই কওকচোন, মোৰ মূৰে কাম নকৰা হৈছে

উল্কাপাত অৱস্থান ৰু নাভি দুদু নিতম্ব

আপুনিয়েই কওকচোন, মোৰ মূৰে কাম নকৰা হৈছে  

শঙ্কুমুনি অৱস্থান উৰুসন্ধি কলাফুল কেঁচাপাট কটি

আপুনিয়েই কওকচোন, মোৰ মূৰে কাম নকৰা হৈছে  

অশ্বচক্র অৱস্থানকাষলতি কাণপটি গলধন থুঁতৰি

আপুনিয়েই কওকচোন, মোৰ মূৰে কাম নকৰা হৈছে

ভ্ৰমৰঙ্গ অৱস্থানতলুৱা আঙুলি নখচন্দ্ৰ চুলি

 

তিলৰ পেটৰ তেল উৰহ ওকণী

মই উমানতে কিবা এটা কৈ দিম

হাঁহিয়াতৰ পাত্ৰ হ’ম

 

তুলা-ধুনাৰ এই বতৰত

ভূমি-ভূমাৰ উৰ্বৰতাৰ

পৰিমাপ স্কেলৰ ফাকটি

 

একেলেথাৰিয়ে ভূত-ভেটি খেলিয়েই আছোঁ  

নাটকৰ কোনো এক উষ্ম অৱস্থানত

হাৰি আছোঁ হাৰি হৰি ধৰাশায়ী

 

মোৰ মূৰে কাম নকৰা হৈছে

পাকভোঁহৰ অৱস্থান বোকা পানী এঠা-বেথা

আপুনিয়েই কওকচোন

শ্ৰব্য ৰূপ

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ