অন্যযুগ/


হ’টেল মেনেইজমেণ্ট (Hotel Management)

 ° বুলজিৎ  বুঢ়াগোহাঁই

হ’টেল মেনেইজমেণ্ট (Hotel Management)-ক কেৰিয়াৰ হিচাপে গ্রহণ কৰিব বিচাৰিলে শিক্ষাৰ্থীগৰাকীয়ে এই বিষয়ত চাৰ্টিফিকে, ডিপ্লমা, স্নাতক, স্নাতকোত্তৰ আদি পাঠ্যক্রম অধ্যয়ন কৰিব পাৰে৷ হ’টেল মেনেইজমেণ্টৰ বিভিন্ন পাঠ্যক্রমত নামভৰ্তিৰ বাবে প্রয়োজন হোৱা শিক্ষাগত অৰ্হতা পাঠ্যক্রম অনুযায়ী বিভিন্ন হয়৷
হ’টেল মেনেইজমেণ্ট পাঠ্যক্রমত নামভৰ্তিৰ বাবে বেছিভাগ শিক্ষানুষ্ঠানৰ বাছনি পৰীক্ষা  হয়৷ বাছনি পৰীক্ষাত Numerical Ability and Analytical Aptitude, Reasoning and Logical Deduction, General Knowledge & Current Affairs, English Language, Aptitude for Service Sector আদি বিষয় সামৰি লয়৷ লগতে শিক্ষাৰ্থীসকলে গ্রুপ ডিছ্‌কাশ্বন (Group Discussion) আৰু সাক্ষাৎকাৰৰ মুখামুখি হ’ব লাগে৷ হ’টেল মেনেইজমেণ্টৰ স্নাতক পাঠ্যক্রমত নামভৰ্তিৰ বাবে এটা উল্লেখযোগ্য বাছনি পৰীক্ষা নেশ্বনেল কাউন্সিল ফৰ হ’টেল মেনেইজমেণ্ট এণ্ড কেটাৰিং টেক্‌ন’লজি (National Council for Hotel Management and Catering Technology)’-এ পৰিচালনা কৰে। এই পৰীক্ষাৰ সবিশেষ ইয়াৰ ৱেবছাইটত (http://www.nchm.nic.in) চাব পাৰে৷
হ’টেল মেনেইজমেণ্টক কেৰিয়াৰ হিচাপে গ্রহণ কৰিব বিচৰাসকলৰ কিছুমান গুণ থাকিব লাগে৷ যেনে— ধৈৰ্য, নিয়মানুৱৰ্তিতা, একনিষ্ঠতা, উদ্যমী, সুন্দৰ যোগাযোগৰ দক্ষতা, সকলো শ্রেণী মানুহৰ লগত কথা পাতিব পৰা দক্ষতা, সুন্দৰ কথনশৈলী তথা প্রকাশভংগী, কষ্ট কৰাৰ মানসিকতা আদিৰ প্রয়োজন৷
দেশৰ বিভিন্ন স্থানৰ লগতে অসমতো হ’টেল মেনেইজমেণ্ট পাঠ্যক্রম অধ্যয়ন কৰিব পৰা শিক্ষানুষ্ঠান আছে৷ এই শিক্ষানুষ্ঠানকেইখন হ’ল— ইন্‌ষ্টিটিউট অব হ’টেল মেনেইজমেণ্ট, কেটাৰিং টেকন’লজি‍ এণ্ড এপ্লাইড ন্যুট্ৰিশ্ব, গুৱাহাটী (http://www.ihmctanghy.org.in), অসম ডাউন টাউন বিশ্ববিদ্যালয় (https://adtu.in), গেটৱেন্‌ষ্টিটিউট অব হ’টেল মেনেইজমেণ্ট  (www.gatewayihm.com) আদি।   
হ’টেল মেনেইজমেণ্ট পাঠ্যক্রম অধ্যয়ন কৰিব পৰা অসমৰ বাহিৰৰ কেইখনমান শিক্ষানুষ্ঠান হ’ল— ইন্‌ষ্টিটিউট অ হ’টেল মেনেইজমেণ্ট, কেটাৰিং এণ্ড ন্যুট্ৰিশ্ব, নতুন দিল্লী (http://www.ihmpusa.net); ইন্‌ষ্টিটিউট অ হ’টেল মেনেইজমেণ্ট, কেটাৰিং টেকন’লজি‍ এণ্ড এপ্লাইড ন্যুট্ৰিশ্বন, মুম্বাই (http://www.ihmctan.edu ); ইন্‌ষ্টিটিউট অ হ’টেল মেনেইজমেণ্ট, কলকাতা (http://www.ihmkolkata.org); ইন্‌ষ্টিটিউট অ হ’টেল মেনেইজমেণ্ট, বাংগালোৰ (http://www.ihmbangalore.kar.nic.in ); ইন্‌ষ্টিটিউট অ হ’টেল মেনেইজমেণ্ট, কেটাৰিং টেকন’লজী এণ্ড এপ্লাইড ন্যুট্ৰিশ্বন, শ্বিলং ( http://www.ihmshillong.nic.in ), ° আম্বেদকাৰ ইন্‌ষ্টিটিউট অ হ’টেল মেনেইজমেণ্ট, কেটাৰিং এণ্ড ন্যুট্ৰিশ্বন, চণ্ডীগড় (http://ihmchandigarh.org); দিল্লী ইন্‌ষ্টিটিউট অব হ’টেল মেনেইজমেণ্ট এণ্ড কেটাৰিং টেকন’লজি, নতুন দিল্লী (http://www.dihm.net); ইন্‌ষ্টিটিউট অ হ’টেল মেনেইজমেণ্ট, কেটাৰিং টেকন’লজি এণ্ড এপ্লাইড ন্যুট্ৰিশ্বন,গোৱা (https://ihmgoa.gov.in ); ইন্‌ষ্টিটিউট অব হ’টেল মেনেইজমেণ্ট, চেন্নাই (www.ihmchennai.org ); ইন্‌ষ্টিটিউট অব হ’টেল মেনেইজমেণ্ট, কেটাৰিং টেকন’লজি এণ্ড এপ্লাইড ন্যুট্ৰিশ্বন, হায়দৰাবাদ (http://www.ihmhyd.org ); ইন্‌ষ্টিটিউট অব হ’টেল মেনেইজমেণ্ট, কেটাৰিং টেকন’লজি এণ্ড এপ্লাইড ন্যুট্ৰিশ্বন, জয়পুৰ (http://www.ihmjaipur.com ); ইন্‌ষ্টিটিউট অব হ’টেল মেনেইজমেণ্ট, হাজিপুৰ (http://ihmhajipur.net); ইন্‌ষ্টিটিউট অব হ’টেল মেনেইজমেণ্ট, কেটাৰিং এণ্ড ন্যুট্ৰিশ্বন, চিমলা (http://ihmshimla.org); ইন্‌ষ্টিটিউট অব হ’টেল মেনেইজমেণ্ট, আহমেদাবাদ (http://www.ihmahmedabad.com ); ইন্‌ষ্টিটিউট অব হ’টেল মেনেইজমেণ্ট, ভূপাল (https://www.ihmbhopal.ac.in); ইন্‌ষ্টিটিউট অব হ’টেল মেনেইজমেণ্ট, কেটাৰিং টেকন’লজি এণ্ড এপ্লাইড ন্যুট্ৰিশ্বন, ভূৱনেশ্বৰ (http://www.ihmbbs.org ); ইন্‌ষ্টিটিউট অ হ’টেল মেনেইজমেণ্ট, গুৰদাসপুৰ (http://www.ihmgurdaspur.org ); ইন্‌ষ্টিটিউট অ হ’টেল মেনেইজমেণ্ট, গোৱালিয়ৰ (http://www.ihmgwalior.net ); ইন্‌ষ্টিটিউট অব হ’টেল মেনেইজমেণ্ট, লক্ষ্নৌ (http://www.ihmlucknow.com ); ইন্‌ষ্টিটিউট অব হ’টেল মেনেইজমেণ্ট, শ্রীনগৰ (http://www.ihmsrinagar.org ); ইন্‌ষ্টিটিউট অব হ’টেল মেনেইজমেণ্ট, তিৰুৱন্তপুৰম (https://www.ihmctkovalam.ac.in); ইন্‌ষ্টিটিউট অব হ’টেল মেনেইজমেণ্ট, ঔৰংগাবাদ (http://www.ihmaurangabad.ac.in); অশোক ইন্‌ষ্টিটিউট অব হস্পিটেলিটি এণ্ড টুৰিজ্‌ম মেনেইজমেণ্ট ( https://itdc.co.in/); বানাৰসিদাস চান্দিৱালা ইন্‌ষ্টিটিউট অব হ’টেল মেনেইজমেণ্ট এণ্ড কেটাৰিং টেকন’লজি (http://www.bcihmct.ac.in); লক্ষ্য ভাৰতী ইন্‌ষ্টিটিউট অব ইণ্টাৰনেচনেল হ’টেল মেনেইজমেণ্ট (http://www.lbiihm.com); ৰয় বিশ্ববিদ্যালয়, দিল্লী (http://www.raiuniversity.edu); ছ. আৰ. এম. ইন্‌ষ্টিটিউট অব হ’টেল মেনেইজমেণ্ট (http://www.srmuniv.ac.in); ° ৱাই. এ. আৰ. নেশ্বনেল ইন্‌ষ্টিটিউট অব টুৰিজ্‌ম এণ্ড হস্পিটেলিটি মেনেইজমেণ্ট (http://www.nithm.ac.in); চণ্ডীগড় ইন্‌ষ্টিটিউট অব হ’টেল মেনেইজমেণ্ট এণ্ড কেটাৰিং টেকন’লজি (http://cihmct.com); চিটকাৰা স্কুল অব হস্পিটেলিটি, চণ্ডীগড় ( http://www.chitkara.edu.in/hospitality) আদি৷ এই শিক্ষানুষ্ঠানবোৰৰত নামভৰ্তি কৰিব বাবে প্রয়োজন হোৱা সবিশেষ তথ্য জানিবৰ বাবে শিক্ষানুষ্ঠানবোৰৰ ৱেবছাইটত চাব পাৰে৷ লগতে নামভৰ্তি বাবে বিজ্ঞাপন বাতৰি কাকতত প্রকাশ হয়৷
হ’টেল মেনেইজমেণ্টত শিক্ষাগ্রহণ কৰা শিক্ষাৰ্থীৰ বাবে বিভিন্ন ধৰণৰ কেৰিয়াৰৰ সুবিধা আছে৷ নিযুক্তি লাভ কৰিব পৰা ক্ষেত্রবোৰৰ কিছুমান হ’ল— হ’টেল, ৰেষ্ট্যুৰেণ্ট, এয়াৰলাইন কেটাৰিং, হস্পিটেল মেনেইজমেণ্ট এণ্ড কেটাৰিং, হ’টেল আৰু কেটাৰিঙৰ প্রতিষ্ঠান; ৰেলৱে’, বেংক আদিৰ কেটাৰিং বিভাগ, অতিথিশালা, পৰ্যটন বিভাগ আদি


ভ্ৰাম্যভাষ: ৯৪৩৫১৮৮৬৩০
ই-মেইল: buljit@gmail.com

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ