অন্যযুগ/


হাইকু

অনুবাদ: হৰেকৃষ্ণ ডেকা


নিয়ৰৰ এখন পৃথিৱী,

আৰু প্ৰতিটো নিয়ৰকণাৰ ভিতৰত

 সংগ্ৰামৰ এখন জগত

 

ইছা (১৭৬৩-১৮২৮)

যদি মই পাৰিলোঁহেতেন,

চেৰীফুলৰ সৰা পাহিৰ দৰে

গান গাই থাকিলোঁহেতেন

 

বাছো (১৬৪৪-১৬৯৪)

 

শামুক

ফুজি পৰ্বতৰ ওপৰলৈ উঠ,

কিন্তু লাহে লাহে, লাহে লাহে

 

ইছা

বসন্ত:

নাম নোহোৱা এখন পাহাৰ

কুৱঁলীৰ ওৰণিৰ আঁৰত

 

বাছো

 

শৰতৰ জোনাক-

পোক এটাই চেষ্টনাটজোপা

নিৰৱে কুৰুকি আছে

 

বাছো

শৰতৰ বতাহ-

পৰ্বতৰ ছাঁ

লৰে

 

ইছা

-----

শ্ৰব্য ৰূপ

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ