অন্যযুগ/


গিনীপিগ্

অপূৰ্ব কুমাৰ শইকীয়া

মুম্বাই অন্তৰ্দেশীয় বিমান বন্দৰৰ পৰা বাহিৰলৈ ওলাই অহাৰ পিছতহে তাৰ অনুভৱ হ'ল 'মানুহ মহানগৰবিলাকলৈ নিজকে হেৰুৱাবলৈ আহেবোলা কথাটো তাৰ মানে সঁচা ! বাহিৰত হাতে হাতে প্লে'কাৰ্ড প্ৰদৰ্শন কৰি অগণন মানুহকোনোবাজন বিশুদ্ধ গাড়ীচালককোনোবাজন হয়তো যোগাযোগৰ অভাৱত অনাত্মীয় হৈ পৰা আত্মীয়বয়সে তাৰ কৌশলী হাতেৰে সলনি কৰি দিয়া থোপোৰা মুখ এখন লৈ কেইবাদশকৰ আগৰ এজন পুৰণা বন্ধুসকলোৱে যেন একেসুৰে তাক কৈছে : স্বাগতম বন্ধুস্বাগতম !

বাহিৰলৈ ওলোৱা ৰাস্তাটো বিচাৰোঁতেই সি ইতিমধ্যে বিশ মিনিটমান লগাইছে৷ লাগেজ বেল্টডাল বিচাৰি উলিয়াওঁতে তাৰ এপৰ লাগিলআঙুৰ বৰণীয়া চকুৰ ছোৱালী এজনীয়ে এইকণ সহায় নকৰাহেঁতেন তাৰ দিগদাৰেই আছিল৷ বেল্টৰ পৰা তাৰ বেগটো তোলোঁতেও তাৰ গোটেইখন খেলিমেলিনিজৰ বেগ বুলি সি তিনিবাৰ মান তুলি ল'লে আন মানুহৰ বেগবিমান যাত্ৰীসকলে এক কৃত্ৰিম ভদ্ৰতা বজাই ৰাখিব লগা হোৱা নিয়মটো থকা বুলিহে হয়তো তাৰ পিঠিত ঔ নপৰিল৷ অৱশ্যে বিমান বন্দৰৰ কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীৰ জোৱান বোৰৰ ব্যৱহাৰ ভাল৷ অনভিজ্ঞ বিমান যাত্ৰী সিতাৰ প্ৰতিটো খোজতে সেয়া ধৰা পৰিছে৷ অৱশ্যে 'টকা-সিকাতাৰ ইমান নথকা নহয়অন্ততঃ এটি দূৰণিবটীয়া দেশীয় ভ্ৰমণৰ বাবে খৰচৰ সামৰ্থ তাৰ আছে৷ পিছে যাত্ৰাৰ বাবেই যাত্ৰাৰ অৰ্থহীন বিলাস তাৰ নাই৷

তাক ইতিমধ্যেই কৈ থোৱা হৈছে যে বিমান বন্দৰৰ পৰাই সন্মান সহকাৰে তাক আদৰি নিয়া হ'ব৷ নিশাটো কটোৱাৰ বাবে তাৰ কাৰণে হোটেলো নিৰ্দিষ্ট কৰা হৈ আছে৷ এসময়ত এক ভয়ংকৰ বেমাৰেৰে আক্ৰান্ত হোৱা সূত্ৰে সি এই সুবিধাটো পাইছে৷ এই প্ৰমোদ ভ্ৰমণটো আয়োজন কৰিছে কেন্দ্ৰীয় চৰকাৰৰ আশিসধন্য এটা ঔষধ কোম্পানিয়ে৷ চাইনাৰ্জী নামৰ ঔষধ কোম্পানিটোৱে পাঁচবছৰৰ আগতে বিস্ময়-দৰৱ এটা গৱেষণা কৰি উলিয়াইছিল৷ মূত্ৰাশয়ৰ কৰ্কট ৰোগৰ ঔষধ৷ যিসকল ৰোগীৰ আজিৰ পৰা পাঁচবছৰ আগতেই মৃত্যু নিশ্চিত আছিল সেইসকলৰ এশৰ ভিতৰত আশীজনেই এতিয়াও সুন্দৰভাৱে জীয়াই আছে৷ এই ঔষধটোৱে কৰ্কটৰ নামত দেহত সোমোৱা বিদেশী শতুৰুক খেদাবলৈ ঘূৰাই আনিছে দেহৰ নিজৰে সামৰিক শক্তিক৷ তথাপি বছৰচেৰেকৰ চিকিৎসাৰ পিছত এই সুন্দৰ ঔষধটোৰো পাৰ্শ্বক্ৰিয়া দেখি ডাক্তৰসকল চিন্তিত হৈছে৷ মূল বেমাৰটো ভাল হ'লেও ঔষধটোৱে দেহত বিপজ্জনকভাৱে বঢ়াইছে এটা পুৰুষ হৰম’ন যাৰ বাবে ৰোগীৰ উদ্বেগজনকভাৱে বাঢ়িছে প্ৰেম আৰু যৌনতাৰ বাসনা৷ ঈড্ ওলাই পৰিছে দাঁত নিকটাইইগ’ পলাইছে নেগুৰ দাঙি ! কথা বিষম৷ কিন্তু এই ঘটনাটো হৰম’নবিধ বঢ়াৰ বাবেই ঘটিছেনে বেলেগ কাৰণতহে ঘটিছে দেশখনৰ ভিন্নস্থানত এইটো ঔষধেৰে চিকিৎসা চলাই থকা ডাক্তৰসকলো নিশ্চিত নহয়৷ গতিকে প্ৰয়োজন হৈছে আন এটা গৱেষণাৰ৷ আৰু এই গৱেষণাৰ বাবে ধৰি অনা হৈছে দহোটা গিনীপিগ্৷ প্ৰমোদ ভ্ৰমণলৈ বুলি অহা বেচেৰা বেচেৰীহঁতে কাহানিও নাজানিব যে এয়া চাইনাৰ্জী কোম্পানিৰ প্ৰচাৰ আৰু গৱেষণাৰ সম্পৰীক্ষা৷ খুৱ সন্তৰ্পণে আৰু সংগোপনে কামটো আগ বাঢ়িছে৷ গিনীপিগকেইটাক অতি পৰিকল্পিতভাৱে চৰমানন্দৰ এক তুৰীয় অৱস্থালৈ লৈ যোৱা হ'ব আৰু সেই অৱস্থাৰ আগত আৰু পাছত দুবাৰ তেজ পৰীক্ষা কৰি হৰমৰ হিচাপ উলিওৱা হ'ব ! অপ্ৰমাদী ব্যৱস্থা এটা৷ সিহঁত টি ভিত ওলাবসাংবাদিক এজাকে ঘেৰি ধৰিবএখন ডকুমেণ্টেৰী চিনেমা হ'আৰুযে কত কি !

এই দহোটা গিনীপিগৰ মাজৰে সিও এটা৷ নগাঁও জিলাৰ ভিতৰুৱা অঞ্চল এটাত তাৰ ঘৰকিন্তু সি বাস কৰে 'পৃথিৱীনামৰ অত্যাধুনিক গাঁও এখনত৷ সি ইংৰাজী খবৰ কাগজ পঢ়িব জানেবাইল ফোনত দীঘল মেছেজ তিনিটা ভাষাত লিখিব জানেইণ্টাৰেনটৰ জগতখনৰো সি অসংকোচ বাসিন্দাদেশৰ প্ৰধান নগৰত বাস নকৰিও নিজকে দেখনিয়াৰ কৰি ভাল পোৱা সি এজন 'মেট্ৰ’ছেক্সুৱেলযুৱক৷ প্ৰসাধন সামগ্ৰী ব্যৱহাৰ কৰা কথাটোও সি লুকুৱাব নোখোজে৷ সি বাস কৰা পৃথিৱী নামৰ গাঁওখনৰ মুম্বাইলণ্ডন আৰু পেৰিছ একোটা চাৰিআলি মাত্ৰবিভিন্ন সংস্কৃতিৰ চাৰিআলিভাদৈ পাঁচআলি৷ এই চাৰিআলিছয়আলিবোৰতে মায়াবজাৰ বহেআনন্দমেলাই হাত বাউলি দি মাতে৷ এনে নিমন্ত্ৰণ প্ৰত্যাখ্যান কৰা টান৷

বিমান বন্দৰৰ বাহিৰত প্লে'কাৰ্ড লৈ থিয় হৈ থকা গাড়ীচালক এজনক সি শেষত গৈ বিচাৰি উলিয়ালে৷ 'মোহিত দলৈবোলা নাম এটা বিভিন্ন কাপুৰনাইডু আৰু ডুবেহঁতৰ মাজত উন্নত শিৰে জিলিকি থকা দেখি তাৰ মনলৈ গৰ্বৰ ভাব এটা আহিল৷

থুলমূলকৈ সিহঁতক প্ৰমোদ ভ্ৰমণৰ কাৰ্যসূচীৰ আভাস দিয়া হৈছে৷ তিনিদিনীয়া কাৰ্যসূচীৰ প্ৰথম নিশাটো জিৰণিৰ বাবে ৰখা হৈছে৷ দ্বিতীয় দিনটোৰ পূৰ্ণ ব্যস্ততাৰ মাজতে অতি আকৰ্ষণীয় অনুষ্ঠানটোৰ লোভো সিহঁতক দেখুওৱা হৈছে৷ জনপ্ৰিয়তাৰ শীৰ্ষত থকা হিন্দী কথাছৱিৰ এগৰাকী আগশাৰীৰ অভিনেত্ৰীৰ লগত এটি সম্পূৰ্ণ দিন কটোৱাৰ সুবিধা সিহঁতক দিব খোজা হৈছে৷ ঘটনাক্ৰমে সেই অভিনেত্ৰীগৰাকী আছিল তাৰ আটাইতকৈ প্ৰিয়তাৰ ফেণ্টাচীজগতৰ লগৰী৷ একেধৰণৰ প্ৰমোদৰ সুবিধা সিহঁতৰ লগত থকা মহিলা কৰ্কটৰোগী পাঁচগৰাকীকো দিয়া হৈছে বুলি মোহিতে গম পাইছে৷ একালৰ সুদৰ্শন চুপাৰষ্টাৰ যি এতিয়াও চেগাচোৰোকাকৈ হিট চিনেমা উপহাৰ দি গৈছে সেইগৰাকী বয়সীয়া অথচ চৌম্বক ব্যক্তিত্বৰ নাৰী কৰ্কটৰোগী দলৰ মূল আকৰ্ষণ হিচাপে ৰখা হৈছে৷ সিহঁতক বাছনি কৰা হৈছে বয়স অনুযায়ীনিমন্ত্ৰিত আটাইকেইজন ৰোগী পঞ্চলিৰ তলৰ৷ মহিলাৰ দলটোক আচুতীয়াকৈ ৰখা বাবে তেওঁলোকৰ ক্ষেত্ৰত লোৱা আমোদ প্ৰমোদৰ ব্যৱস্থাৰ ভালেখিনি গম পোৱা নগ'ল৷

তাৰ সপোন কুঁৱৰীৰ লগত মুম্বাইৰ অলিয়ে-গলিয়েসাগৰৰ পাৰপাৰ্ক আৰু দামী ৰেষ্টোৰাঁসমূহত এটি পূৰ্ণদিন ভ্ৰমণৰ সুবিধাতাক আৰু কি লাগে মৃত্যুৰ কোলাত শেষবাৰৰ বাবে শোৱাৰ আগতে মানুহে কি বুলি আক্ষেপ কৰে ? 'জীৱনত কেৱল কামেই কৰিলোঁনিজৰ আনন্দৰ বাবে একো কৰাই নহ'বুলিয়ে নহয়নে! যুক্তিয়ে চকু পোন্দোৱাই ধৰেহৃদয়ে স্বৈৰতান্ত্ৰিক অনুশাসন এটা জাপে আৰু সকলো জানি-বুজিও একান্ত বাধ্য সমজুৱা এজনৰ দৰে তাৰ নিচিনা মানুহে অযথাকৈ দীঘল সমাজৰ সংবিধানখন মানি লোৱাৰ সহজ পথটো লয়৷ মোহিতে এতিয়া নিজকে পতিয়ন নিয়াইছে যে সি সংবিধান বহিৰ্ভূত একো কৰিবলৈ যোৱা নাই৷ তথাপি নিষিদ্ধ আনন্দ নহ'লেও অকণমান 'অসাধুআনন্দৰ অন্বেষণ ই নিশ্চয়কৈ হয় !

বছৰটোৰ চাৰিখন ছৱিৰ দুখন মেগা হিটেৰে সফলতাৰ জখলাডালৰ ভালেমান ওপৰত তাইৰ অৱস্থানহয়তো সেই ঠাইৰ পৰা মাটিত ঘূৰি ফুৰাচৰি ফুৰা দ্বিপদীচতুষ্পদীসকলক ভালকৈ মনিবই পৰা নাযায়৷ সকলোকে লৰি-চৰি ফুৰা একোটা অনুন্নত জীৱ যেন বোধ হয়কিন্তু এই অনুন্নত প্ৰাণীবোৰক অস্বীকাৰ কৰিবও নোৱাৰি কাৰণ ইহঁতেই দেশৰ কেইজনমান বচা বচা মানুহৰ তপিনাত চূড়ান্ত সফলতাৰ মোহৰটো মাৰে আৰু জীৱনতকৈ ভালেমান ডাঙৰ ৰূপ এটাৰে সজাই-পৰাই বজাৰলৈ উলিয়াই দিয়ে৷ ইহঁতেই তেজ-মঙহৰ মানুহ কেইজনমানক পূজাৰ বেদীত স্থাপন কৰেসিহঁতলৈ টকা-সম্পত্তিৰ ধল বোৱাই আনেঐশ্বৰ্য আৰু সফলতাক এজাক পগলা কুকুৰৰ ৰূপত সিহঁতৰ পিছফালে মেলি দিয়ে৷ বক্স অফিচ বোলা আজৱ চন্দুকটোৰ টেঁটুলৈকে ঠাঁহি ঠাঁহি ৰূপৰ মুদ্ৰা ভৰোৱাৰ ব্যৱস্থাটোও কৰে ইহঁতেই৷ ইহঁতক দেখাদেখিকৈ নেওচা দিয়াটো টান৷ এখন যেন বিশাল লাঙিজালত পৰা ইহঁত এজাক নিঃসহায় কাৱৈ ! সন্মোহনৰ লাঙিজাল৷ এইজনী অভিনেত্ৰীয়ে যদি টি ভিত ওলাই আৰ্চেনিকৰ টেবলেট এটা খাই তাই দেখিবলৈ ধুনীয়া হোৱা বুলি কয় আৰু বিধিসন্মত সতৰ্কীকৰণ হিচাপে 'আৰ্চেনিক খোৱা স্বাস্থ্যৰ বাবে ক্ষতিকৰবুলিও লগতে কয়, তথাপি দেশত আৰ্চেনিক সেৱন কৰি সিপুৰীলৈ যোৱা নতুন পুৰুষৰ অভাৱ নহ'ব৷ ইংৰাজীত ইয়াকে হেনো কয় মাছ হিষ্টেৰিয়া!

গাড়ীত উঠাৰ পাছত মোহিতে খিৰিকীৰে বাহিৰৰ জগতখনলৈ চালে৷ হৈ-হাল্লাজনকলৰৱৰ মাজত যেন হেৰাই যাব খুজিছে মহানগৰখনৰ আত্মা৷ লোহাবালিচিমেণ্টৰ প্ৰকাণ্ড মেমথবোৰৰ মাজে মাজে শুনা গৈছে সেই মহানাগৰিক আত্মাৰ হা-হুতাশ! আধুনিকতাৰ চৰা দাম ভৰিছে মহানগৰখনে৷ অসমক বুজাবলৈ যদি আমি এহাল বলধৰ লগত পথাৰলৈ যোৱা নাঙল লোৱা হোজা এজনক লওঁ মুম্বাইৰ মানুহজন হ'ব চুট টাই পিন্ধা এজন কোটিপতি বেপাৰী !

ড্ৰাইভাৰজনে সিহঁতৰ কাৰ্যসূচী সম্বন্ধে বিশেষ নাজানেতাক কেৱল অসমৰ পৰা অহা মোহিত দলৈ নামৰ মানুহজনক চিটী পেলেচ নামৰ হোটেল এখনলৈ কঢ়িয়াই নিবলৈ দায়িত্ব দিয়া হৈছে৷ কথা এষাৰ পতাৰো কোনো অৱকাশ নাই৷

প্ৰচণ্ড যান-জঁট৷ গাড়ীখন আগুৱাইছে এজনী গাভিনী গুঁইৰ দৰে ,লাহে লাহে আৰু সচকিত হৈ! বহুসময়ৰ সংগ্ৰামৰ অন্তত গাড়ীখন গৈ এখন সুদৃশ্য হোটেলত সোমালগৈ৷ পাৰ্কিং প্লেচত গাড়ীৰ পৰা নামি আহি চোতালত ভৰি দিওঁতে হোটেলখনৰ ৰিচেপশ্যন কাউণ্টাৰৰ পৰা ভব্য গব্য মানুহ এজন নামি আহি তাৰ লগত কৰমৰ্দন কৰিলে৷ মানুহজনে তাৰ যাত্ৰাৰ খা-খবৰ ল'লে আৰু যাত্ৰাপথত কিবা অসুবিধা পাইছে নেকি তাৰো ভু ললে৷ নাতিশীতোষ্ণ আনুষ্ঠানিকতা৷ মানুহজন আছিল চাইনাৰ্জী কোম্পানিৰ এজন অধস্তন বিষয়া৷ তেওঁকে দেশৰ বিভিন্ন ঠাইৰ পৰা অহা দহোজন সৌভাগ্যৱান ব্যক্তিৰ অভ্যৰ্থনাৰ দায়িত্ব দিয়া হৈছে৷ কোম্পানিটোৰ ঔষধৰ 'এনডৰ্ছমেণ্ট্বা বিজ্ঞাপনৰ নামত অভিনেত্ৰীগৰাকীয়ে কিমান টকা লৈছে সিহঁতৰ ধাৰণা নাই৷ এইবিলাক ব্যৱসায়ৰ জমা-খৰচ আৰু তহবিলৰ হিচাপ-নিকাচ সিহঁতে নুবুজে৷ অলপ সময়ৰ আনুষ্ঠানিকতাৰ পাছত পেটুৱা মানুহজনে দেশৰ ভিন্ন প্ৰান্তৰ পৰা অহা বাকী চাৰিজন পুৰুষৰ লগত তাক চিনাকি কৰাই দিলে৷ সেই চাৰিজনৰ তিনিজনেই যুৱকৰ শাৰীত নাইতাৰে অন্ততঃ দুজনক যদি সি অসমত লগ পালেহেঁতেন নিশ্চয় 'খুৰাবুলি সম্বুধি তেওঁৰ জীয়েকৰ দুই নম্বৰ সন্তানটো প্ৰাকৃতিকভাৱে জন্ম হ'ল নে চিজাৰিয়ান কৰোৱাব লগা হ'ল তাৰে বুজ ললেহেঁতেন৷ ছেঃবৰ বেয়া কথা হ'ল ! পুৰুষৰ আত্মগৌৰৱৰ সৌধটো যেন হুৰুসকৈহে খহি পৰিল আৰু এক চৰম লজ্জাবোধে তাক হেঁচা মাৰি ধৰিলে৷ জীৱনৰ মাজডোখৰত ইমান ফেণ্টাচীৰ দৰকাৰনে ? সি এই প্ৰশ্নটো নিজকো কৰিলে আৰু ভবামতেই সন্তোষজনক উত্তৰ এটা পাবলৈ সক্ষম নহ'ল৷ বেছিভাগ বস্তুৰে গ্ৰাহকৰ কোনো বয়স নাথাকেকোনে জানো কৈছিল: ঘৰৰ চালত শুকুলা বৰফৰ তৰপ দেখি তুমি নাভাবিবা ভিতৰত উমি উমি জ্বলি থকা তুঁহ জুইকুৰা নুমাল বুলি৷ আমোদজনকভাৱে মোহিতহঁতৰ লগৰ মহিলাৰ দলটোক একেখন হোটেলতে আচুতীয়াকৈ ৰখা হৈছে৷

নিৰ্মেঘ আকাশৰ জোনালী ৰাতি এটা৷ অযুত সম্ভাৱনাৰ উত্তেজনাৰে গৰ্ভৱতী মনৰ এটি উজাগৰী ৰাতি৷ সিহঁতক জনাই দিয়া পাছদিনাৰ ব্যস্ত কাৰ্যসূচী মতে শেহতীয়া মডেলৰ বিলাসী গাড়ী এখনত মহানগৰ পৰিভ্ৰমণৰ বাবে অভিনেত্ৰীগৰাকীও সিহঁতৰ লগত যাবপুৱাৰ ব্ৰেকফাষ্টদুপৰীয়াৰ আহাৰ আৰু তাৰ মাজে মাজে মুম্বাই দৰ্শনৰ কাৰ্যসূচী৷ সিহঁতৰ অবাধ স্বাধীনতাশালীনতাৰ পৰিধিৰ ভিতৰতে সিহঁতে সুধিব পাৰিব যিকোনো প্ৰশ্নবহিব পাৰিব ওচৰতে গাত গা লগাকৈকৌতুকৰ আদান প্ৰদান কৰিব পাৰিবইচ্ছা কৰিলে দামী উপহাৰ দিয়াৰ সুবিধাকণো ল'ব পাৰিব (উপহাৰ লোৱাৰ সুবিধা একানাইসেই সুবিধা নাই !)৷ পিছে মোহিতহে অলপ অস্বস্তিৰ মাজত আছেসাৱলীলভাৱে হিন্দী আৰু ইংৰাজীত সি কথা পাতিব নাজানে৷ সাধাৰণ অৱস্থাত যিকণ জনাৰ অৱকাশ আছিল লাজ আৰু ভয়ত অণ্ঠ-কণ্ঠ শুকোৱা বাবে হয়তো সি তাইৰ লগত ওঁআঁয়া আদি মন'শ্যিলেবল্ ব্যৱহাৰ কৰাৰ বাহিৰে গত্যন্তৰ নাথাকিবগৈ৷ চকু ছাট্ মাৰি ধৰা সৌন্দৰ্যৰ পোহৰত সি হয়তো জাতিংগাৰ চৰাইকেইটাৰ দৰে দিক-বিদিক্ হেৰুৱাব৷ মনলৈ আহিব আত্মহত্যাৰ বাসনা৷

 ৰাতি ভালকৈ শোৱা নহ'লেই৷ চিলমিল টোপনিসপোন-বিৰতি আৰু জাগ্ৰত অৱস্থাৰ মাজতে সি ত্ৰিশংকু হৈ ওলমি ৰ'ল৷ পুৱা নদীয়া অমৰাৰ দৰে টেলেকা চকুৰে সতীৰ্থকেইজনক দেখিয়েই মোহিতৰ ভাব হ'ল যে ওলোমা-বাদুলিৰ দৰে সপোন আৰু দিঠকৰ মাজত ওপঙি থকা অৱস্থা এটা আটাইকেইজনে ইতিমধ্যেই  পাৰ কৰি উঠিছে৷ 'কাইলৈ পূজা'ৰ দৰে খুৱ ভাল লাগি থকা অৱস্থা এটাতে মোহিতো সাৰ পালে বেলিটো নোলাওঁতেই৷ মগজুৰ কাম শেষ হৈছেদুষ্ট ইন্দ্ৰিয়ই দেহ মনৰ গোটেইকেইটা কোঠালি ইতিমধ্যেই অধিগ্ৰহণ কৰি লৈছে৷ প্ৰতীক্ষাৰ এক মিনিটেই যেন হৈ পৰিছে অনন্ত কাল৷ পুৱাতে আহি লেব'ৰেটৰি টেক্‌নিচিয়ানৰ দল এটাই সিহঁতৰ তেজৰ নমুনা লৈ গল৷ সিহঁতক কোৱা হ'ল যে এয়া নিতান্তই সাধাৰণ নিয়মমাফিক পৰীক্ষা৷

চাইনাৰ্জী কোম্পানিৰ গাড়ীখন অলপ পিছতে আহিল চালকৰ লগত অকলশৰে৷ উমান পোৱা গল অভিনেত্ৰীগৰাকীৰে টকাৰ লেনদেনত কিবা গণ্ডগোল লাগিছেতাতে বিখ্যাত প্ৰযোজক এজনৰ শেহতীয়া কথাছৱিখনৰ চিত্ৰগ্ৰহণৰ কাৰ্যসূচীও ওপৰাউপৰিকৈ পৰিছে৷ কিবা এটা অজুহাত দেখুৱাই অভিনেত্ৰীয়ে আজিৰ মোহিতহঁতৰ কাৰ্যসূচীটো বাতিল কৰিব খুজিছে৷ কিন্তু কোম্পানিও সুদাই এৰি দিয়া ভকত নহয়৷ আইনগতভাৱে ইতিমধ্যে চুক্তিপত্ৰ কৰা হৈ আছেকিবা কাৰণে আজিৰ কাৰ্যসূচী নাকচ হলে ব্ৰীচ্ছ অৱ কণ্ট্ৰেক্ট ৰ কেচ এটা দি সুতে-মূলে আদায় কৰাৰ ব্যৱস্থা আছে৷ হয়তো সকলোখিনি গালোঁ বালোঁ খোলাকটিৰ তাল’ হে হোৱাৰ পথত ! ঠোঁট-মুখ চেলেকি ঘৰৰ লৰা ঘৰলৈ উভতিব লাগিব৷

সময় চেঁকুৰিছে প্ৰচণ্ড গতিৰেজুন মাহৰ দীঘল দিননাতিশীতোষ্ণ জলবায়ু৷ জলবতাহথলবতাহে নিজৰ কাম কৰি আছে৷ হঠাতে উধাতু খাই পেটুৱা বিষয়াজন ওলালহি৷ দোষী দোষী ভাবেৰে মানুহজন তেল টেঙা ঘঁহি চিকুণ হৈ ৰিচেপ্‌শ্বন কাউণ্টাৰত বহি থকা মোহিতহঁতৰ দলটোৰ ওচৰ চাপিল৷ দোষ স্বীকাৰ কৰিবলৈ ইংৰাজী ভাষাত যিমান কেইটা শব্দ উপলব্ধ সেই আটাইকেইটাকে ব্যৱহাৰ কৰি মানুহজনে সমস্যাটোৰ কথা ক'লে'অভিনেত্ৰী আহিবকিন্তু তেওঁ গোটেই দিনটো আপোনালোকক দিব নোৱাৰিব৷ প্ৰগ্ৰেম কাৰ্টেইল্ কৰা হব৷'

মানে?’ - মোহিতহঁতে সমস্বৰে চিঞৰিলে৷

মানে হয়তো অভিনেত্ৰীয়ে আপোনালোকৰ লগত পাৰ্কত এখন্তেক বহিব বা দুপৰীয়াৰ ভাতটো হোটেল এখনত আবেলি একেলগে খাব৷ ইয়াতকৈ বেছি আশা কৰাটো উচিত নহব৷

বাচ্এয়াতো দেখ দেখ প্ৰৱঞ্চনা!’ স্বামীনাথন বোলা দাক্ষিণাত্যৰ মানুহজনে দেদাউৰি পাৰি উঠিল, ‘আমাক আপোনালোকে ফুকলীয়া ল'ৰা বুলি ভাবিছে নেকিকিবা এটা কৰকনহলে হুলস্থূল লগাই দিম বাপ্পেকে!' পিছৰ ফালে স্বামীনাথনৰ মাতটো আন তিনিজন সংগীৰ মাতেৰে সমৃদ্ধ হৈ কোৰাছ হৈ পৰিল৷ এক ক্ষীণ অংশীদাৰিত্বৰে মোহিতেও নিজৰ অধিকাৰ সাব্যস্ত কৰিব খুজিলে৷

'মোক অলপ ভাবিবলৈ দিয়ক।' বুলি পেটুৱাজনে সকলোকে মনে মনে থাকিবলৈ অনুৰোধ জনালে আৰু কিছুসময় হোটেলখনৰ লবীত কাণত মবাইলটো হেঁচা মাৰি ধৰি পায়চাৰি কৰিবলৈ ধৰিলে৷ দেখা গল কাণ জোঁকাৰি দলঘাঁহ খোৱা বলধটোৰ দৰে কাণ-মূৰ জোঁকাৰি পেটুৱা কাৰোবাৰ লগত কিছু সময়ৰ বাবে বাক-বিতণ্ডাত লিপ্ত হল আৰু নিজৰ যুক্তিটো প্ৰতিপন্ন কৰিবলৈ প্ৰাণটাকি চেষ্টা কৰা যেন দেখা গল৷ কমেও পোন্ধৰ মিনিট মানৰ কথা-বতৰাৰ অন্তত পেটুৱাৰ মুখলৈ অত সময়ে নিৰুদ্দেশ হৈ থকা হাঁহি এটা উভতি অহা যেন লাগিল৷ বোধহয় অভিনেত্ৰী ৰাজী হৈছে৷

হয়তেওঁ মোহিতহঁতক নিজে লগ ধৰি তেওঁৰ সমস্যাৰ কথা কব খুজিছে৷ বান্দ্ৰাৰ উপকণ্ঠৰ ঘৰ এটাত তেওঁ আটাইকেইজনকে লগ পাব খুজিছে৷ কোনো কথা নাইমোহিতহঁত অসন্তুষ্ট হোৱাৰ প্ৰশ্ন নুঠেসমস্যানো কাৰ নাইৰজাৰ পৰা দোলাভাৰীলৈকে সকলোৰে সমস্যাবহুল জীৱন৷ কাৰোবাৰ যদি ধনৰ সমস্যাকাৰোবাৰ মনৰখেনোৰ কামৰখেনোৰ সময়ৰ!

গাড়ী ষ্টাৰ্ট দিলে৷ ঠিক যেন কইনাৰ ঘৰলৈ বুলি দৰা-গাড়ীৰ হুলস্থূলীয়া যাত্ৰাৰ আৰম্ভণি৷ সকলোৰে মুখত আখৈহে যেন ফুটিছে৷ হঠাতে যেন সিহঁতৰ অনুভৱ হ'ল যুগ যুগ ধৰি সিহঁত যেন আত্মীয়তাৰ বান্ধোনেৰে বন্দী৷ কেৰালাৰ স্বামীনাথনৰ হঠাতে অসমৰ বিদেশী সমস্যাৰ কথা জানিবলৈ মন গ'ল৷ মোহিতৰ মন গল কেৰালাৰ পদ্মনাভা মন্দিৰৰ ভিতৰৰ গোপন কোঠাত সঞ্চিত হীৰা আৰু সোণৰ পৰিমাণৰ কথা জানিবলৈউঃ! তাৰ পৰাই এমুঠিমান হীৰা আনিব পৰা হ'লে ! জম্মুৰ প্ৰদীপ নিগমৰ পৰা মিছ জম্মুৰ নীলাছৱিৰ অভিনয়ৰ কথা জানিবলৈ মন কৰিলে উৰিষ্যাৰ সন্তোষ মহাপাত্ৰই৷

কথা-বতৰাৰ পৰা স্পষ্ট হ'ল এই পাঁচজনৰ তিনিজনেই বিবাহিতপ্ৰত্যেকৰে সুখৰ সংসাৰেই বুলিব পৰা অৱস্থাশৰীৰী ৰহস্যখননৰ ব্যাকুলতা এই কেইজনৰ থাকিব নোৱাৰে। কিন্তু পুৰুষ মননৰ কিবা এটি চিৰন্তন অভাৱবোধ ৰিণিকি ৰিণিকি যেন প্ৰকাশিত হৈছে ঘটনাবিলাকৰ মাজেদি৷ নহলে অন্তৰৰো অন্তৰৰ আৱেগবোৰ এনেকৈ তিতা কাপোৰ ৰ'দত শুকাবলৈ দিয়াৰ দৰে সকলোৱে দেখি থকাকৈ এওঁলোকে মুকলি ঠাইত মেলি নধৰিলেহেঁতেন৷

ইহঁতৰ কেইজনমান আগতে মুম্বাইলৈ আহি গৈছে৷ গাড়ীখনে ৰাস্তাৰ ভিৰ ঠেলি আগুৱাই যোৱাৰ লগে লগেই যেন আটাইকেইজন হৈ পৰিল মুম্বাই পৰ্যটন বিভাগৰ একোজন গাইড৷ অমিতাভ বচ্চনৰ ঘৰৰ আগেৰে গাড়ীখন পাৰ হৈ যোৱাৰ লগে লগে পাছৰ পাঁচমিনিটলৈ সাত হিন্দুস্তানী’ আৰু অগ্নিপথ’ ৰ কথাই যেন পাতিব খুজিলে আটাইকেইজনে৷ জাহাংগীৰ আৰ্ট গেলাৰীৰ আগেৰে যাওঁতে অৱশ্যে এজনেহে বেছিকৈ বেলবেলালেচিত্ৰশিল্পৰ জ্ঞানসমৃদ্ধ সেইজন অসম মুলুকৰ মোহিত দলৈ৷ লিঅনাৰ্ডৰ স্ফুমাট’ পেইন্টিঙৰ কথা উলিয়াওঁতে বাকী কেইজনে মোহিতলৈ বেছ ঈৰ্ষাৰ চকুৰে চোৱা যেন দেখা গ'ল : পণ্ডিত বোলাবলৈ আহিছ ? - সেয়া হীনমন্যতাৰ চাৱনি৷

এইবাৰ গাড়ী আগবাঢ়িল এটি অনুন্নত যেন লগা অঞ্চলৰ মাজেদি৷ শাৰী শাৰী ঘৰঅপৰিষ্কাৰ বাট-পথঅসংখ্য সৰু সৰু গুমটিগান বাজনাৰ হট্টগোলযেন এখন আনন্দমেলাহে বহিছে অঞ্চলটোত৷ এইবাৰ তথাকথিত গাইডকেইজনৰ চকুলৈ তিৰবিৰণি আহিলকথা-বতৰালৈ আহিল চঞ্চলতা আৰু ৰহস্যময়তা৷ মুখত আঙুলিৰে সোপা দি সিহঁতৰ তিনিজনমানে ফিচিঙা-ফিচিঙি কৰিবলৈ ধৰিলে৷ এনেকৈ কিছুদূৰ যোৱাৰ পিছত মোহিতে ৰাস্তাৰ কাষৰ দুমহলীয়া ঘৰ এটাৰ বাৰাণ্ডাত এটা অদ্ভূত দৃশ্য দেখিলে৷ কঁকালৰ পৰা ওপৰলৈ এজনী সম্পূৰ্ণ নিৰাভৰণ মহিলাই এটি ৰঙচুৱা হাঁহিৰে সিহঁতৰ গাড়ীখনৰ আৰোহীকেইজনক হাত বাউল দি মাতিলে আৰু নিজৰ ৰস সৃষ্টিত নিজেই আপ্লুত হৈ খিকখিকাই হাঁহিবলৈ ধৰিলে৷ তাইৰ হাঁহিৰ তালে তালে চঞ্চল হৈ উঠিল তাইৰ বুকুৰ অৰ্ধগোলকীয় দ্বৈত নাৰীসত্তা ! পাগলী তিৰোতা ব পাৰে !

মহাপাত্ৰইহে মোহিতক বুজালে -পাগলী তিৰোতা নহয়তাই এজনী মতলবী তিৰোতাহেসিহঁত বৰ্তমান যি অঞ্চলটোৰ মাজেদি আগবাঢ়ি গৈ আছে ই মুম্বাইৰ কদৰ্যতম অঞ্চলসমূহৰ অন্যতমকামাথিপুৰা ইয়াৰ নামড্ৰাগজুৱাদেহ বাণিজ্যএইড্‌ছ্‌ আৰু হত্যাকাণ্ডৰ থলীউদ্ভিন্ন পৌৰুষৰ সমাধিক্ষেত্ৰ ! এয়া মুম্বাই নামৰ ৰূপহী নাৰীগৰাকীৰ কৰঙনৰ এটুকুৰা নগা ঘাঁ !

হোটেলৰ পৰা চিধাই বান্দ্ৰালৈ ইমান দূৰ নাছিল৷ ইচ্ছাকৃতভাৱেই হয়তো পেটুৱাৰ নিৰ্দেশমতে গাড়ীখন এইফালেদি নিয়া হৈছে৷ স্বামীনাথনে হুলস্থূল লগালে : কি দৰকাৰ গাড়ীখনে লেচেৰী পাক দি থকাৰ ইহঁতে আমাক পতিতালয়ৰ গ্ৰাহক বুলি ভাবিছে নেকি ?

গাড়ীখন যেতিয়া গৈ বান্দ্ৰাৰ উপকণ্ঠৰ সুদৃশ্য ঘৰ এটাৰ আগত ৰ'লগৈ তেতিয়া ঠিক তিনিমান বাজিছে৷ ভোকত সকলোৰে পেটে কলমলাইছে৷ দেৰিকৈ হলেও দুপৰীয়াৰ আহাৰৰ আয়োজন চলিল৷ সুদৃশ্য ঘৰটোৰ মাজৰ খোৱাকোঠাটোলৈ সকলোকে লৈ যোৱা হল আৰু আধা ছাঁআধা পোহৰৰ ৰোমাণ্টিক পৰিৱেশ এটাত সিহঁতক সকলোৰে পচন্দ অনুসৰি আমিষ আৰু নিৰামিষ খাদ্যৰ যোগান ধৰা হল৷ সিহঁতৰ পিছে পিছে বেলেগ এখন গাড়ীত আহি উপস্থিত হোৱা পেটুৱাই ক্ষমা-প্ৰাৰ্থনা বিচৰাৰ সুৰত মোহিতহঁতক কলে, 'আপোনালোকে বেয়া নাপাবখোৱাৰ টেবুলত আপোনালোকক প্ৰিয়ম চোপ্ৰাই সংগ দিব নোৱাৰিব৷ কিন্তু আপোনালোকে খাই বৈ খন্তেক জিৰাওকতেওঁ আহি আছে !'

আহি আছেআহি আছেআহিল ! সন্ধিয়াৰ আগে আগে গোটেইখন খদমদম লাগিল৷ অৱশেষত সৌন্দৰ্যময়ীলাস্যময়ীযৌনতাৰ প্ৰতীক প্ৰিয়ম চোপ্ৰা আহি ওলাইছেহি৷ সকলোৱে কাপোৰ কানি ঠিক কৰিলেচুলিবোৰ ফণিয়ালেমুখবোৰ মোহাৰিলে আৰু অতি উদ্‌গ্ৰীৱ হৈ মিলন মুহূৰ্তটিলৈ বাট চাই ৰ'ল৷ পাঁচজনীয়া দলটোৰ আটাইতকৈ জ্যেষ্ঠ সদস্য জয় ৰেড্ডীয়ে মুখৰ অদম্য বলিৰেখাবোৰ হাতেৰে মোহাৰি মুহূৰ্ততে নোহোৱা কৰিব খুজিলে৷ মহাপাত্ৰৰ মুখখনলৈ চাই সি চকিত হৈ উঠিল ভৱিষ্যতে তাইৰ বিছনাত জঁপিয়াই উঠাটোৱেই যেন সি জীৱনৰ ব্ৰত কৰি লব খুজিছে৷ প্ৰিয়ম চোপ্ৰাৰ মুখৰ গৰ্বৰ স্থানকণ লবৰ বাবে সৌন্দৰ্য আৰু গম্ভীৰতাৰ যেন হেতা-ওপৰা লাগিছে৷

'ৰী গাইজ'প্ৰিয়ম চোপ্ৰাই কলে'পাঁচমিনিটকেৱল পাঁচমিনিট মই আপোনালোকক দিব পাৰিমপ্লিজ, প্লিজ ফৰগিভ মি ! বাৰঘণ্টাৰ অৰ্থহীন কম্পেনীতকৈ মই আপোনালোকক পাঁচমিনিটৰ কোৱালিটী সময় প্ৰদান কৰিব খুজিছোঁ ! আপোনালোক সন্মতনে?”

কোৱালিটী সময়এইটো আকৌ কি বস্তুপিছে গত্যন্তৰ নাইএইজনী সৌন্দৰ্যৰ ৰাণীৰ ওচৰত কোনোধৰণৰ ঋণাত্মক কথা কোৱাৰ কোনো অৱকাশ নাই৷ সিহঁতে সমস্বৰে চিঞৰিলে'হয়আমি ৰাজী!'

'গুড বয়জ'প্ৰিয়ম চোপ্ৰাই কলেআপোনালোক বহা জাগাতে বহি থাকক আৰু পিছৰ মুহূৰ্ত কেইটামানলৈ শ্বাসৰুদ্ধ হৈ অপেক্ষা কৰক ! 

ভালকৈ মন কৰা হোৱাই নাছিলডাঙৰ কোঠাটো আছিল প্ৰকৃততে এটা হলঘৰ৷ সমুখত এখন আঁৰকাপোৰ তৰা মঞ্চ৷ এটা কণমানি কিন্তু সুন্দৰ অ'ডিটৰিয়াম৷

এক মিনিটদুই মিনিটতিনিমিনিটহলটোৰ চাইকেডেলিক লাইটবোৰ এটা এটাকৈ নুমাই নাইকিয়া হমঞ্চৰ সমুখৰ ফালে কেৱল দেখা গল দুডাল প্ৰকাণ্ড আৰু ৰঙীণ মমৰ পোহৰ৷  মুহূৰ্ততে এটা ক্ষীণ পোহৰৰ উৎসই এক মায়াময় পৰিৱেশৰ সৃষ্টি কৰিলে৷ আঁৰ কাপোৰ উঠিলমুকলি জনপ্ৰাণীহীন মঞ্চসেউজকোঠাৰ পৰা ভাঁহি আহিল এটি নাৰী কণ্ঠসেই কণ্ঠটিয়ে ঘোষণা কৰিলে এইবুলি যে খন্তেক পিছতে আৰম্ভ হ'ব এটি নিৰাৱৰণ নাৰীদেহৰ মুকাভিনয়৷ নিৰাৱৰণ প্ৰিয়ম চোপ্ৰাৰ সৌন্দৰ্য প্ৰদৰ্শনৰ অনুষ্ঠান৷ কোৱা বাহুল্য যে দুৰ্বল কলিজাৰ ব্যক্তিৰ বাবে এই অনুষ্ঠানটি নিষিদ্ধ ঘোষণা কৰা হৈছে৷ চাইনাৰ্জী কোম্পানিৰ ঔষধে কামুক কৰি তোলা পাঁচজন অসহায় পুৰুষৰ তীক্ষ্ণ দৃষ্টি আৰু বুকুৰ ধপধপনিৰ কোলাহলৰ মাজত এইবাৰ ধৰা দিলে প্ৰিয়ম চোপ্ৰাই৷ সম্পূৰ্ণ নিৰাৱৰণ গ্ৰীক ভাস্কৰ্যৰ দৰে এটি নাৰীদেহহালিছে-জালিছেবিভিন্ন কৌণিক অৱস্থানেৰে উন্মুক্ত কৰিছে সৌন্দৰ্যৰ অদেখা স্বৰূপ৷ প্ৰকট হৈ পৰিছে দেহৰ উচ্ছ্বলতাৰ তটৰেখা৷ এটা শৰীৰো ইমান সুন্দৰ হ'ব পাৰেনে শালীনতা আৰু ভদ্ৰতা বৰ্তাই একেথৰে চকীত বহি ৰ'ল পাঁচোটা পুৰুষ শৰীৰযেন সিহঁত এখন সম্ভ্ৰান্ত কাপোৰৰ দোকানৰ পাঁচটা পুৰুষ ডামীবাকহীননিষ্প্ৰাণ !

পাঁচ মিনিটৰ বাবে যেন সময় স্থৱিৰ হৈ ৰল৷ সেউজ কোঠাৰ পৰা পুনৰ নাৰী কণ্ঠৰ ঘোষণা শুনা গল -   'শ্ব’ শেষ।' ! মোহিতহঁতক আন্তৰিক ধন্যবাদ জনাই মুহূৰ্ততে মঞ্চৰ পৰা নোহোৱা হল প্ৰিয়ম চোপ্ৰা৷ সিহঁতৰ কবলৈ একো নাছিলএক নয়নাভিৰাম দৃশ্য দেখাৰ পিছত সিহঁতৰ বোধ হল আটাইৰে মুম্বাই যাত্ৰা সফল হৈছে৷

এক যান্ত্ৰিক বিজুতি৷ সেউজকোঠাৰ মাইক্ৰফোনটো হঠাতে অন হৈ গহয়তো ভুলতে কাৰোবাৰ হাত লাগিল৷ ভিতৰৰ পৰা ভাঁহি আহিছে কথা কটাকটিৰ কোলাহল৷ হয়তো কিবা কাৰণত এক মজলীয়া প্ৰাবল্যৰ কাজিয়াৰ সূত্ৰপাত হৈছে৷ কথাবিলাক বিশৃংখলআগগুৰি নোহোৱা আৰু অস্পষ্ট৷ ভালকৈ কাণ উনাই শুনিব খোজোঁতে সিহঁতে এইবাৰ স্পষ্টকৈয়ে শুনিলে এটি পুৰুষ আৰু এটি নাৰীকণ্ঠৰ চিৎকাৰ৷

পুৰুষ কণ্ঠ : এইটো এক লাখ টকাৰ ফ্লেছ কালাৰ্ড ষ্টকিং . . .

নাৰীকণ্ঠ : চ’ হোৱাট মই কি কৰিব লাগে ?

পুৰুষ কণ্ঠ : ইয়াৰ দাম আপোনাৰ এনডৰ্ছমেণ্ট্ ফিজৰ বাকী অংশৰ পৰা কাটি ৰখা হকাৰণ আমাৰ চুক্তিপত্ৰত এই ষ্টকিংটোৰ কথা নাছিল৷

নাৰীকণ্ঠ : হাও ডেয়াৰ ইউ ! আপুনি জানেনে আপোনাৰ এই লেমেনকেইটাৰ বাবে মোৰ কিমান লছ হল আজিৰ দিনটোত ?

পুৰুষ কণ্ঠ : এইটো নহলে আপুনি ধুনীয়া শৰীৰৰ ন্যুড ছোৱালী এজনীৰ এক্টিং কেনেকৈ কৰিলেহেঁতেন ?

নাৰীকণ্ঠ : ইট ৱজ ইঅৰ হেড এইক্ ! এই ভয়ুৰ কেইটাক বুৰ্বক বনোৱাৰ আইডিয়াটোতো আপোনাৰে আছিল৷ এণ্ড ডে’ চিম্প্লী  ডিজাৰ্ভড ইট !

...আকৌ এক তাৎক্ষণিক নীৰৱতা৷ হয়তো কথাটো কোনোবাই ধৰিব পাৰি মাইক্ৰফোনৰ চুইছটো অফ কৰি দিলে৷ মুহূৰ্ততে এক অসহজ নীৰৱতা সিহঁতৰ মন আৰু দেহৰ সৰ্বত্ৰ বিয়পি পৰিল৷

পুনৰ পেটুৱা আহি ওলাল৷ সামৰণি অনুষ্ঠানৰ শলাগৰ শৰাই৷ 'সমজুৱাৰ একাষাৰ'ৰ ব্যৱস্থা নথকা সভাখন ভংগৰ আনুষ্ঠানিক ঘোষণাটো হ'ল৷ সকলোটি এখোজ দুখোজকৈ গৈ হলঘৰটোৰ বাহিৰত ৰৈ থকা গাড়ীখনত উঠিলগৈ৷ চিটী পেলেচলৈ ওভটনি যাত্ৰা৷ সকলোৰে মুখত বিজয়া দশমীৰ ৰাতিৰ নিঃস্বতা৷ উভতি অহাৰ ৰাস্তাটো বেলেগঅৱশ্যে এইটো সংসাৰৰে নিয়ম৷ বাটত মোহিতে এইবাৰ এখন অনামী নদী দেখিলেএজন অপৰাধীৰ দৰে কেৰোঘেহোকৈ যেন নৈখন মহানগৰীৰ ভিতৰলৈ সোমাই আহিছেৰাতিৰ গভীৰতাত তৰা কেইটামান আহি তাতে গা-জোবোৰা দিবলৈ নামিছে৷ মোহিতৰ ভাব হ'ল যে এইটো কেনে আমোদজনক কথানদীৰ সান্নিধ্য পালে তৰায়ো মেঘৰ ঘৰ এৰে ?

কথাৰ মাজতে পেটুৱাই পিছদিনাৰ কাৰ্যসূচীৰ কথা কলে৷ পুৱাতে তেজৰ নমুনা লোৱাৰ কথাটো ক'বলৈও নাপাহৰিলে৷

হঠাতে মোহিতৰ অনুভৱ হ'ল -এক প্ৰচণ্ড দুখ আৰু অপৰাধবোধে তাক এখন ভাৰী কম্বলৰ দৰে মেৰিয়াই ধৰিছে আৰু তাৰ শ্বাসৰুদ্ধ হ'ব খুজিছে৷ এইবাৰ এই অনুভূতি সমূহৰ টনা-আজোঁৰাৰ পৰা নিজকে মুক্ত কৰিবলৈ সি পকেটৰ পৰা মবাইলটো উলিয়াই ল'লে৷ কেইবাবাৰো বুটাম টিপি এঘাৰ অংকীয়া সংখ্যা এটা সজাই সি মবাইলটো কাণত লগাই ধৰিলে৷ কিছুসময়ৰ পিছত বোধহয় আঢ়ৈহাজাৰ কিলোমিটাৰ মান আঁতৰৰ আন এটা মবাইলত ফোন অহাৰ সংকেত বাজিল৷ সেই মবাইলটো কোনোবা এটি কোমল হাতে হয়তো তুলি ধৰিলে,এটুকুৰা নিৰাপদনিৰিবিলি ঠাইলৈ মবাইলটো লৈ যোৱা হল আৰু হেল্ল’’ বুলি কোৱা শুনা গল৷

মোহিতৰ মাতটো থোকাথুকি হল ,চকুদুটা সেমেকিল আৰু কিছুসময় একো কথা নোকোৱাকৈ এনেয়ে ৰৈ থাকিল৷ সিফালৰ কোমল হাতৰ উথপথপ্ লাগিল৷ মোহিতৰ মাতটোৱেই তাইৰ বাবে যেন অমৃতসুধাসেয়ে সি হেল্ল’’ বুলি কোৱাৰ পিছত সেই সুধা পান কৰি তাইৰ মাতটো অমৰ হব খুজিলে আৰু সেই অমৰত্বকে প্ৰমাণ কৰিবলৈ তাই বেলবেলাই কথা কৈ যাবলৈ ধৰিলে৷ অনন্ত বাক্-ধাৰা৷ এই বাক্-স্ৰোতত বাধা দিয়াৰ কৌশলটো সি জানেকিন্তু ইমান দূৰৰ পৰা সেই কৌশলটো প্ৰয়োগ কৰিব নোৱাৰি !

মই বৰ্তমান ক'ত আছোঁ তুমি জানানে ?’ - মোহিতে সুধিলে৷

জানোবৰ্তমান তুমি মোৰ লগতে আছা ! তুমি মোৰ পৰা এটি মাত্ৰ কলৰ দূৰত্বত আছাঠিক ভগৱানৰ দৰে !

ফাজলামি নকৰিবা !

নাই কৰা অ’, তুমি পাহৰি যোৱা যে এষাৰ মৰম সনা বাক্যই তিনিটা শীত উমাল কৰিব পাৰে৷ তুমি এতিয়া মোৰ পৰা কথা শুনাৰ যি দূৰত্বত আছা মই আশা কৰোঁ এই দূৰত্বতে মই আজীৱন তোমাক ৰাখি থ'ব পাৰোঁ৷ এয়াই মোৰ উচ্চাশা !

বুদ্ধিমতী হৈও বৰ আবেগিক ছোৱালী তুমিমই ইয়াত এতিয়া এজন চৰম উপভোক্তাৰ ৰূপত ! বিস্তাৰিতভাৱে তোমাৰ জানিবলৈ মন যোৱা নাইনে ?’

’, আমাৰ কৰৈয়ণী গাঁৱৰ পৰা নিউইয়ৰ্কলৈকে সকলো গ্ৰাহকৰে একেই স্বৰূপ৷ গ্ৰাহকে বজাৰত এভেইলেবল আটাইতকৈ ভাল বস্তুটো আটাইতকৈ সস্তাত কিনিব খুজিবই৷ বেপাৰীৰ চৰিত্ৰটো ঠিক ওলোটা ... তুমিও দেখোন মোৰ প্ৰেমৰ গ্ৰাহকহাঃ,হাঃ !

তোমাৰোযে কেনে ষ্টাইলিছ ভাষাভয়েই লাগে কথা পাতিবলৈ ...

’, ’, ভয় নাখাবাগ্ৰাহক হৈ যদি ভয়েই খালানিগমে মৰিলাতাতে প্ৰেমো যদি বণিজ হয় ...

কোমল হাতে দূৰৰ পৰাই মবাইলতে উচ্চস্বৰে হাঁহিলে৷ তাইৰ হাঁহিৰ বোৱতী ধাৰাটোক গতি প্ৰদান কৰিবলৈ মোহিতেও ঢেকঢেকাই হাঁহি দিলে৷

সি নিজেও নুবুজিলেএয়া এজন প্ৰৱঞ্চিত গ্ৰাহকৰ হাঁহি নে এজন সনাতন প্ৰেমিকৰ হাঁহি!

*******

শ্ৰব্য ৰূপ

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ