বিশ্বজিৎ শইকীয়া
একবিংশ শতিকাৰ সমাজ ব্যৱস্থাতো লিংগবিষয়ক আলোচনায়ে পুৰুষ আৰু নাৰী এই দুই বিন্দুৰ পৰিসৰক অতিক্ৰম কৰিব পৰা নাই৷ বিষমলিংগীয় ধাৰণাক স্বাভাৱিক বুলি ধৰি অহা পৰম্পৰাগত সামাজিক চেতনাই সামাজিক লিংগ নিৰ্মাণ, আন লৈংগিকক সত্ত্বাৰ স্বাভাৱিক উপস্থিতি আৰু সমকামী ধাৰণাক নস্যাদ কৰে৷ প্ৰচলিত লিংগবাদী সমাজ ব্যৱস্থাত সমকামিতাক সমাজ-বাস্তৱতাৰ পৰিমণ্ডলৰ পৰা আঁতৰাই হেয় দৃষ্টিৰে চাই অহা হৈছে৷ পুৰুষ-নাৰী বাইনেৰী ধাৰণাৰ বাহিৰৰ অন্য লিংগ-পৰিচয়ৰ ব্যক্তিসকলো সমাজ-বাস্তৱতাৰে এক অংশ৷ ‘স্বাভাৱিক’ আৰু ‘প্ৰাকৃতিক’ বুলি মানি অহা সমকালীন সমাজৰ ধাৰণাৰ ওপৰত বাট্লাৰে যৌনতা, লিংগ আৰু যৌন সচেতনতাক একাত্ম কৰি প্ৰশ্ন তুলিছে৷ চিমোন দ্য বোভোয়াৰ দৰে তেওঁৰ গ্ৰন্থ Gender Trouble ত Sex আৰু Genderক ক্ৰমে natural আৰু cultural নিৰ্মাণ হিচাপে বিভাজন কৰি দেখুৱাইছে৷ সমাজ গঠন প্ৰক্ৰিয়াত LGBTQ+সম্প্ৰদায়ৰ লোকসকলৰো সমানে গুৰুত্ব আছে৷ বিশ্বসাহিত্য আৰু চলচিত্ৰ জগতত সমকামিতা বা LGBTQ+ বিষয়ক প্ৰসংগ মানৱীয় দৃষ্টিকোণেৰে উপস্থাপন হৈ আহিছে৷ অসমীয়া সাহিত্যতো এই দিশবোৰে প্ৰভাৱ নেপেলোৱাকৈ থকা নাই৷ সমকামিতাক উপজীৱ্য হিচাপে লৈ ৰচনা কৰা উপন্যাস হিচাপে মাইনী মহন্তৰ স্পৰ্শ (২০০৬)ক এই শ্ৰেণীৰ প্ৰথম পৰ্যায়ৰ উপন্যাস হিচাপে ধৰিব পাৰি৷
‘প্ৰবাসী’ নামৰ হোষ্টেল এটাৰ পটভূমিত ‘স্পৰ্শ’ উপন্যাসখনৰ কাহিনীৰ বিকাশ
ঘটিছে৷ উপন্যাসখনৰ মূল চৰিত্ৰ মানসীয়ে প্ৰবাসীত কেইবাগৰাকী নাৰীক ওচৰৰ পৰা পোৱাৰ অভিজ্ঞতাই
তাইক পূৰঠ কৰিছে৷ ‘প্ৰবাসী’ত থাকিবলৈ লোৱা মানসীৰ গতানুগতিক জীৱনৰ কিছু খণ্ডচিত্ৰৰে
এডাল মালা গাঁঠি উপন্যাসখনৰ কাহিনীভাগ নিৰ্মাণ কৰা হৈছে৷ ব্যক্তিৰ চেক্সুৱেল নিড্
আৰু আইদেন্টিটিৰ ওপৰতো উপন্যাসখনত প্ৰশ্ন আৰোপ কৰা হৈছে৷ মানসী নামৰ কেন্দ্ৰীয় চৰিত্ৰটো
জৈৱিকভাৱে এগৰাকী ছোৱালী যদিও তাই কোনো পুৰুষৰ প্ৰতি আৱেদন অনুভৱ কৰা নাই৷ মানসী এগৰাকী
স্ত্ৰী-সমকামী বা লেজ্বিয়ান হিচাপে পাঠকৰ চকুত ধৰা দিছে৷ সৰুৰে পৰা মানসীৰ ব্যৱহাৰ
আন ছোৱালীতকৈ বেলেগ আছিল৷ মাক-দেউতাকৰ লগত সৰুতে পূজালৈ গ’লে ভনীয়েক আকাশীয়ে ভালপোৱা
পুতলাবোৰ মানসীৰ ভাল লগা নাছিল৷ বৰঞ্চ তাই ভাল পাইছিল গাড়ী-বাইক আদি ধৰণৰ খেল্নাবোৰ৷
চাইকেল চলাই ঘুৰি ফুৰি ভালপোৱা উৎপতীয়া স্বভাৱৰ মানসীয়ে ল’ৰাৰ সাজ-পোছাকহে পিন্ধি ভাল
পাইছিল৷ পিছলৈ যেতিয়া চাকৰিসূত্ৰে ঘৰৰ বাহিৰত থাকিবলৈ ল’লে তেতিয়া তাই চুলিকোছাও বইজ-কাট্
কৰি লৈছিল৷ মানসী নামৰ চৰিত্ৰটোৱে এক প্ৰকাৰৰে তথাকথিত লিংগকেন্দ্ৰীক স্বাভাৱিক সামাজিক
ধাৰণাৰ বিপৰীতে সমাজ নিধাৰ্ৰিত নাৰী-পুৰুষ (ল’ৰা-ছোৱালী)ৰ আচৰণ-গণ্ডীৰ বাহিৰত থিয় দিছে৷
‘প্ৰবাসী’ নামৰ হোষ্টেলটোত মানসীয়ে বহুকেইগৰাকী নাৰীৰ জীৱন-যন্ত্ৰণা আৱিষ্কাৰ কৰিব পাৰিছিল৷ হোষ্টেলত তাই মঞ্জুমালা, (নীলা পেহী) অলপকা, বৰ্ণালীহঁতৰ জীৱনটোক ফঁহিয়াই চাবলৈ সুবিধা পাইছিল৷ ‘প্ৰবাসী’তে মানসীৰ ৰুমমেট বৰ্ণালীৰ সৈতে অজ্ঞাতে এক সম্পৰ্ক গঢ়ি উঠে৷ মানুহ স্বাভাৱিকতে সমকামী৷ এই ধাৰণাটোৱে প্ৰতিফলিত হৈছে বৰ্ণালীৰ ক্ষেত্ৰত৷ জীৱনটো নিজৰ মতে উপভোগ কৰা বৰ্ণালীয়ে অভিজাত সৌন্দৰ্য কেন্দ্ৰ এটাত বিউটিচিয়ান হিচাপে কাম কৰে৷ ক্ষণিকতে আকৰ্ষিত কৰিব পৰা গাৰ সৌন্দৰ্যৰ গৰাকী বৰ্ণালী৷ প্ৰথম প্ৰেমৰ স্পৰ্শত উন্মাদিনী বৰ্ণালীয়ে বয়ফ্ৰেণ্ডেৰ সৈতে গঢ়ি উঠা সম্পৰ্ক, চেৰাপুঞ্জী-শ্বিলং-সোনাপুৰত কটোৱা মধুৰ মুহূৰ্তবোৰ মানসীৰ আগত খুব আগ্ৰহেৰে প্ৰকাশ কৰিছে৷ বৰ্ণালীয়ে যি সময়ত তাইৰ বয়ফ্ৰেণ্ডৰ কথা কয় সেই সময়ত মানসীয়ে প্ৰৱেশ কৰিছে মনৰ এক গভীৰ ৰহস্যৰ মাজলৈ আৰু ক’ব নোৱাৰাকৈয়ে তাইক অদ্ভূত অনুভুতিয়ে মনোজগতত আচ্চন্ন কৰিছে৷ বৰ্ণালীৰ প্ৰতি গঢ়ি উঠা টানৰ বাবেই তাইৰ মুখত বয়ফ্ৰেণ্ডৰ সৈতে পাৰ কৰা সময়ৰ কথাবোৰ কওঁতে মানসীৰ মন-আকাশলৈ ডাৱৰ চাপি আহিছে৷ এনে অনেক ৰহস্য পুহি ৰখা মানসীৰ আন এক আশ্চৰ্যজনক গোপন অধ্যায় জড়িত আছিল মামণি খুৰীয়েকৰ সৈতে৷ যি গৰাকী মামণি খুৰী ঢুকোৱাৰ খবৰত তাইৰ মন ভাৰাক্ৰান্ত হৈ উঠিছে আৰু সেই ৰহস্যজনক দুৰ্বোধ্য সাঁথৰবোৰে তাইক বেৰি ৰাখিছে৷ নকৈ কিশোৰ অৱস্থা লাভ কৰা মানসীক মামণি খুড়ীৰ সুঠাম দৈহিক গঠনে মুগ্ধ কৰিছিল৷ মামণি খুড়ীয়েকৰ দৰে বিকশিত শৰীৰ এটা মানসীয়ে নিজৰ মাজত বিচাৰি হাবাথুৰি খাইছে৷ যি গৰাকী সুন্দৰ ৰূপৱতী মামণি খুৰীয়েকৰ প্ৰতি গিৰিয়েক মোহনৰ কোনো আকৰ্ষণ মানসীয়ে দেখা নাছিল৷ বৰং, নিচাত আসক্ত খুৰাকজন এসময়ত ঘৰ এৰি গুচি গৈছিল৷ খুৰীয়েকে ঘৰত অকলে থকা অৱস্থাত মানসীয়ে মাজে মাজে ৰাতি ৰখিবলৈ যাবলগীয়া হৈছিল৷ বৰ্ষামুখৰ তেনেকুৱা এটা ৰাতিয়েই মানসীৰ খুৰীয়েকৰ সৈতে শাৰীৰিক সম্পৰ্ক গঢ়ি উঠিছিল৷ ৰূপৱতী যৌৱনা মামণি খুৰীয়েকে গিৰিয়েকৰ পৰা পাবলগীয়া চেক্সুৱেল চেটিচ্ফেক্সন (যৌন-মানসিক পৰিতৃপ্তি)ৰ পৰিপন্থী উৎস বিচাৰি পাইছিল মানসীৰ মাজত৷ সেই ৰাতি খুৰীয়েকৰ কামাতুৰ আচৰণত যোগ দিয়া মানসীয়ে পিছ মুহূৰ্ততে নিজৰ আচৰণত ঘৃণা উগাৰিছে৷ মামণি খুৰীৰ হাতৰ উন্মুক্ত স্পৰ্শত মানসীৰ দেহত যি অদ্ভুত শিহৰণে সাৰ পাইছিল তাক তাই পাহৰি পেলাব পৰা নাই ৷ যি পিছলৈও তাইৰ চেতন-অৱচেতন স্থায়ীকৈ মনত ৰৈ গৈছিল - “মামণি খুৰীক আকৃষ্ট কৰা মোৰ কলা বৰণৰ ক্ষীণকায় শৰীৰটোৱে কোনো পুৰুষক আমন্ত্ৰণ কৰাৰ অধিকাৰ নাপাব নেকি, সেয়া মই কোনো দিনে যুকিয়াই চোৱা নাছিলোঁ৷” (মহন্ত, পৃ. ৩০)
মামণি খুৰী আৰু মানসীৰ মাজত গঢ়ি উঠা সমকামী সম্পৰ্কটোত ইজনীয়ে আনজনীৰ নিসংগতাৰ সংগী হৈছে৷ স্বামী থাকিও নিচাত আসক্ত স্বামীৰ পৰা কোনো আপদাল নোপোৱাকৈ নিসংগতাত দিন-ৰাতি পাৰ কৰা খুৰীয়েকে তথাকথিত সমাজৰ ৰক্ষণশীল ননবাইনেৰী ধাৰণাক অতিক্ৰমী যি আচৰণ কৰিছিল তাক লৈ তেওঁ অনুশোচনা কৰা নাই৷ বৰঞ্চ, ই তেওঁৰ এক প্ৰতিবাদলৈহে পৰিণত হৈছে- “কেতিয়াবা পৰম্পৰা, গতানুগতিকতা এইবোৰৰ বিৰুদ্ধে যুঁজিবলৈ মানুহক অপ্ৰাপ্তিয়ে বাধ্য কৰায়৷ পৰিপূৰ্ণতা প্ৰাপ্তিৰ গতিপথ দুঃসাহসে এনেকুৱা এটা চূড়ান্ত শিখৰলৈ লৈ যায়, য’ত শুদ্ধ, অশুদ্ধ লৈ বুজাবুজিৰ প্ৰশ্নই লক্ষ্যৰ পথত বাধাৰ সৃষ্টি কৰিব নোৱাৰা হয়৷ মামণি খুৰীও আছিল গতানুগতিক সমাজ ধাৰণাৰ বঞ্চনাৰে পিষ্ট এটা প্ৰতিবাদ৷”(মহন্ত, পৃ. ৩০)
উপন্যাসখনত মানসীৰ আন এক সমকামী সম্পৰ্ক গঢ়ি উঠিছে তাইৰ ৰূপমেট বৰ্ণালীৰ সৈতে৷ বৰ্ণালী অন্তসত্ত্বা অৱস্থাত বয়ফ্ৰেণ্ডে তাইক এৰি গুচি গৈছিল৷ তেনে অৱস্থাত নিজকে শেষ কৰি দিব খোজা বৰ্ণালীৰ কাষত সেই সময়ত সাহস হৈ ঠিয় দিছিল মানসীয়ে৷ নাৰ্চিংহোমত বৰ্ণালীক ভৰ্টি কৰোৱাৰ সময়ত হাজবেণ্ডৰ নাম মানস বৰুৱা লিখি তাইৰ আহিব লগীয়া সন্তানটোক এটা আশ্ৰয়ৰ নাম দিয়ে৷ বৰ্ণালীয়ে এটি কন্যা সন্তান জন্ম দিয়ে৷ পিতৃ পৰিচয়হীন সন্তানটোক বৰ্ণালীয়ে প্ৰথমে সন্তানহীন দম্পতী এহালক গতাই দিব খুজিছিল যদিও মানসীয়ে এই সিদ্ধান্তত অমান্তি হয়৷ মানসীয়ে সন্তানটোক ডাঙৰ কৰাৰ সপোন দেখে আৰু সন্তানটিৰ নাম থয়- তৰা৷
বয়ফ্ৰেণ্ডৰ প্ৰতাৰণাৰ আঘাতে বৰ্ণালীৰ মনত সকলো পুৰুষৰ প্ৰতি ঘৃণা জন্মিছিল৷ বৰ্ণালী আৰু মানসীয়ে একেলগে জীৱনৰ যন্ত্ৰণাবোৰৰ পৰা মুক্তিৰ পথৰ অনুসন্ধান কৰিছে৷ দুয়ো দুয়োৰে যন্ত্ৰণাৰ সৈতে পৰিচিত হৈ পৰস্পৰৰ প্ৰতি আকৰ্ষিত হয়৷ দুয়ো একেলগে থাকিবলৈ লোৱা কথাটো বহুতে নানা ধৰণে বুবু-বাবা উলিয়াইছিল যদিও মানসীয়ে সেইবোৰত বৰ পাট্টা নিদিয়ে৷ এনেবোৰ চাৰিত্ৰিক প্ৰকাশে মানসীক এগৰাকী নিৰ্ভয়, বিন্দাছ-ব’ল্ড প্ৰকৃতিৰ ব্যক্তি হিচাপে চিত্ৰিত কৰিছে৷ তৰাৰ জন্মৰ পিছৰ পৰা সিহঁতৰ সম্পৰ্কটো আৰু কটকটীয়া হৈ আহিল৷ বৰ্ণালীৰ প্ৰতি মানসীৰ তীব্ৰ প্ৰেম আৰু আকৰ্ষণৰ উদ্গীৰণে তাইৰ শৰীৰ আৰু মনৰ মাজত বাৰে বাৰে দ্বন্দ্বৰ সৃষ্টি কৰিছে৷ বৰ্ণালীক হেৰুৱাৰ ভয়ে মানসীক শংকিত কৰিছে- “মোৰ মাজত নথকা আটাইবোৰ সৌন্দৰ্যৰে অধিকাৰী হৈ থকা বৰ্ণালীৰ প্ৰতি মই ইৰ্ষাম্বিত হোৱাৰ বিপৰীতে এক আচহুৱা অনুভূতিৰে আকৃষ্ট হৈ পৰোঁ কিয়? বৰ্ণালীক কেতিয়াবা হেৰুৱাব লাগিব, সেই আশংকাই মোক দুবৰ্ল কৰি তোলে৷ মই মোৰ নিজৰ ভিতৰত এটা পৰিৱৰ্তন অনুভৱ কৰো৷ মই সঁচাকৈ বেলেগ ধৰণৰ নেকি? মোৰ শৰীৰ মোৰ মন...৷” (মহন্ত, পৃ. ৬০)
উপন্যাসখনত মানসী চৰিত্ৰটোৱে কোনো মুহূৰ্তত পুৰুষৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰা নাই৷ তাই নিজৰ নাৰী শৰীৰটো লৈও প্ৰতিটো সময়তে আন এগৰাকী নাৰীৰ প্ৰতিহে আকৰ্ষণ অনুভৱ কৰিছে৷ মানসীৰ কুচিৎ শৰীৰটোৱে কোনোবা পুৰুষৰ মনত আবেদন জগাই তোলাৰ বিপৰীতে তাইৰ শৰীৰটোত কঢ়িয়াই লৈ ফুৰা মনটোৱে বিচাৰি ফুৰিছে কোনোবা নাৰীৰ মন আৰু শৰীৰৰ সান্নিধ্য৷ মানসীৰ কামনা এগৰাকী পুৰুষৰ বিপৰীতে এগৰাকী এগৰাকী নাৰীৰ স্পৰ্শহে৷ আনহাতে বৰ্ণালীৰ চৰিত্ৰটোৰ মাজেদি এটা জটিল যৌন পৰিচয়ৰ সন্ধান দেখা পোৱা গৈছে৷ লিংগ (gender) বা যৌনতা (sexuality) পৰিচয় এক প্ৰকাৰৰ সামাজিক নিৰ্মাণ৷ সামাজিকীকৰণে ব্যক্তিক যি ধৰণে লৈংগিক বা যৌন আচৰণ কৰিবলৈ শিকাই ব্যক্তিয়ে তেনে দৰেই তাক আয়ত্ব কৰে৷ বাটলাৰৰ মতে, লিংগ নিৰ্দিষ্ট নহয়৷ বৰঞ্চ, সামাজিক পৰিস্থিতিৰ মাজেদিহে লিংগ প্ৰণয়ন হয়৷ তেওঁ কয় যে; জন্মতে কাৰো লিংগ নিৰ্ণয় হৈ নাহে৷ সামাজিক আচৰণ আৰু পৰিৱেশন (performance) দ্বাৰা লিংগ নিশ্চিত কৰা হয়৷ বৰ্ণালী চৰিত্ৰটো প্ৰথম অৱস্থাত এজন ল’ৰাৰ সৈতে প্ৰেমৰ চৰম পৰিণতি হিচাপে তাই অন্তঃসত্বা হয়৷ প্ৰেমিকজনে বৰ্ণালীক এৰি থৈ যোৱাৰ সময়ত তাইৰ কাষত সাহস হৈ ঠিয় দিয়া মানসীৰ সৈতে সম্পৰ্ক গঢ়ি উঠে৷ অৱশ্যে মানসীয়ে বৰ্ণালীক লৈ যি আকৰ্ষণ অনুভৱ কৰিছিল, তেনে আকৰ্ষণ বৰ্ণালীয়ে কৰা নাই৷ মানসীৰ হৃদয়ত বৰ্ণালীৰ প্ৰতি আন্তৰিক প্ৰেম আৰু আকুলতাৰ বিপৰীতে বৰ্ণালী পৰিস্থিতিয়ে বাধ্য কৰোৱা নিৰ্জীৱ পুতলা এটাৰ দৰেহে ক্ৰিয়া কৰিছে৷ যাৰ হৃদয়ত মানসীৰ প্ৰতি আছে কৃতজ্ঞতাবোধহে৷ যদিও সিহঁত দুজনীৰ মাজত শাৰিৰীক সম্পৰ্কও গঢ়ি উঠাৰ কথা পোহৰলৈ আহিছে৷ নিসংগতাবোধে ছানি ধৰা দুয়োৱে সমকামী সম্পৰ্কক বাছি লৈছে৷ তেনে এটা সম্পৰ্কক দুয়োৱে এক স্বাভাৱিক দুৰ্ঘটনা বুলি স্বীকাৰ কৰি লৈছে আৰু ইয়াক তেওঁলোকৰ কোনো অনুশোচনা নাই৷
“বিপৰীত লিংগৰ কোনো ব্যক্তিক আকৰ্ষণ কৰিব নোখোজা এক শৰীৰক লৈ মই নিঃসংগতাত ভুগিছিলোঁ৷ আনহতে পুৰুষ বন্ধুৰ প্ৰতাৰণাই সমগ্ৰ পুৰুষ শ্ৰেণীৰ প্ৰতি মনত ঘৃণাৰ জন্ম দিয়া বৰ্ণালী আছিল অসুখী৷ কোনো এক পৰিস্থিতিত একেলগে থাকিবলৈ লৈ মনৰ আবেগ অনুভূতিক উপলব্ধি কৰি দুয়ো দুয়োৰে প্ৰতি ভীষণভাৱে আকৰ্ষিত হৈছিলোঁ৷ কোনো এক দুবৰ্ল মুহূৰ্তত আমি পৰস্পৰৰ স্পৰ্শৰ মাজত বিলীন হৈ নিজকে সুখী কৰি তুলিছিলো৷ মাত্ৰ এনিশাৰ সেই ঘটনাই আমাৰ মাজত একো সংঘাতৰ সৃষ্টি কৰিব নোৱাৰিলে৷ আমি আগৰ দৰেই বন্ধুত্বৰ আবেগেৰে স্বাভাৱিক সম্পৰ্কক ধৰি ৰাখিলো৷” (মহন্ত, পৃ. ৭৯)
পুৰুষৰ প্ৰতি বিদ্বেষৰ ভাৱ গঢ় লৈ উঠা বৰ্ণালীয়ে আকৌ এবাৰ পুৰুষৰ প্ৰেমত পৰে৷ বৰ্ণালীয়ে ডুবাইত ট্ৰেইনিঙৰ বাবে যোৱাৰ সময়ত তৰাক মানসীয়ে অকলেই চোৱা-চিতা কৰিছিল৷ ডুবাইত বৰ্ণালীৰ সঞ্জয় মালহোত্ৰাৰ সৈতে চিনাকী হয় আৰু সিহঁতৰ মাজত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে৷ মানসীয়েও বৰ্ণালী আৰু সঞ্জয়ক সম্পৰ্কটোক সমৰ্থন কৰিছে৷ ভালপোৱাৰ স্বাৰ্থতেই বান্ধি নাৰাখি বৰ্ণালী আজীৱন সুখী হোৱাটোহে তাই কামনা কৰিছে৷ মানসীয়ে তাই আৰু বৰ্ণালীৰ মাজৰ সম্পৰ্কৰ কথা সঞ্জয়ক কৈ সিহঁতৰ সম্পৰ্ক বিচ্ছেদ কৰোৱাৰ কথা মনে মনে ভাবিও সেই স্বাৰ্থপৰতাৰ কাম কৰিব পৰা নাই৷ মানসীয়ে তাইৰ ভালপোৱাৰ সুখৰ বাবেই নিজ প্ৰেমক সঞ্জয়ৰ হাতত গতাই দিছে৷ যদিও ইয়াৰ লগত এক প্ৰকাৰৰ তথাকথিত আইদেন্টিটিৰ প্ৰসংগ জড়িত আছে৷ সঞ্জয়ৰ সৈতে বৰ্ণালীৰ বিয়া হ’লে তৰাই পিতৃৰ পৰিচয় পাব৷ আমাৰ সমাজে বিপৰীত লৈংগিক ব্যক্তিৰ বিবাহকহে মান্যতা দি আহিছে৷ মানসীৰ সৈতে তাইৰ সম্পৰ্কত ভৱিষ্যতৰ কোনো আশা নাই৷ আনহাতে; সঞ্জয়, মানসীৰ বাবে হৈ পৰিছে ভৱিষ্যতৰ ছায়া দিব পৰাকৈ এজোপা বটবৃক্ষ৷ বৰ্ণালীয়ে শেহত straight জগতত ভৰি থৈ সঞ্জয়ৰ সৈতে বিয়াত বহে৷ তৰাৰ স্পৰ্শত মানসীৰ আবেদনশূণ্য শৰীৰটোত মাতৃত্বৰ সত্ত্বা জাগি উঠিছিল৷ মাতৃত্বৰ সত্ত্বাই মানসীক এগৰাকী পূৰ্ণা নাৰীৰ ৰূপত গঢ়ি তুলিছে- “সৃষ্টিৰ পাতনিৰ পৰা প্ৰতিগৰাকী নাৰীৰ বাবে চিৰআকাংক্ষিত সেই আলসুৱা স্পৰ্শ৷ হঠাৎ মই পুতলাটো সাৱটি চিঞৰি চিঞৰি ক’বলৈ লওঁ- মইও সেই স্পৰ্শই বিচাৰো৷ মই নাৰী৷ মই ব্যতিক্ৰম নহয়৷” (মহন্ত, পৃ. ৯৭)
উপন্যাসখনত তথাকথিত সমাজে বান্ধি দিয়া প্ৰেমৰ সংজ্ঞাৰ ওপৰত প্ৰশ্ন কৰা হৈছে- “ভালপোৱাৰ সম্পৰ্ক কেৱল সমাজে বান্ধি দিয়া চৰ্ত অনুসৰিহে হ’ব পাৰে নেকি?” (মহন্ত, পৃ. ৬৬) যিখন সমাজে কাহানিও মানসীহতঁৰ সম্পৰ্কটোক মানি ল’ব পৰাকৈ মানসিকতা গোটাব পৰা নাই৷ তেনে সমাজৰ চিন্তাৰ বিপৰীতে মানসী একপ্ৰকাৰৰ প্ৰতিবাদী কণ্ঠৰ প্ৰতিভূ হিচাপে ধৰা দিছে৷ যদিও মানসীৰ প্ৰতিবাদ তীব্ৰতৰ হৈ নুঠিল৷ সংখ্যাগৰিষ্ঠতাৰ আধিপত্যৰ সামাজিক দপ্দপ্নিত সংখ্যালঘু প্ৰতিবাদী চিঞৰ জীৰ্ণ গৈছে৷ অন্তৰ্জগতত অহৰহ চলি থকা প্ৰতিবাদ আৰু তাৰ নিৰ্মম পৰাজয়ত মানসীয়ে হুমুনিয়াহ কাঢ়িছে - “মোৰ মুখৰে ওলাই অহা শব্দবোৰে কেৱল বন্ধ কোঠাটোৰ বেৰবোৰত খুন্দিয়াবলৈহে সমৰ্থ হয়৷” (মহন্ত, পৃ. ৯৭)
শৰীৰ আৰু মনৰ অসন্তুলন উপলব্ধিত নিজকে পৃথক
বুলি ভাবিবলৈ ধৰা মানসীয়ে বৰ্ণালীৰ স্পৰ্শত তাই শৰীৰত কঢ়িয়াই লৈ ফুৰা অভিশাপৰ পৰা যেন
মুক্তিৰ বাট বিচাৰি পাইছিল৷ শৈশৱ আৰু যৌৱনৰ দোমোজাত কালৰ পৰাই বুকুত লৈ ফুৰা দুখবোৰ
মোহাৰি পেলাইছিল বৰ্ণালীৰ স্পৰ্শই৷ অসম্পূৰ্ণ যেন লগা অসুন্দৰ ভাঁজহীন অৱয়বটোৱে মানসীৰ
সুন্দৰ মনটোক লোক-চক্ষুৰ পৰা ঢাকি ৰাখিছিল৷ একমাত্ৰ বৰ্ণালীয়েহে দেখিছিল মানসীৰ সুন্দৰতা-
“ধুনীয়া শৰীৰতকৈ ধুনীয়া মন এটাহে মানুহক সুন্দৰভাৱে জীয়াই থকাৰ বাবে প্ৰয়োজন হয়৷” (মহন্ত,
পৃ. ৭০) এনেকৈ পৰস্পৰৰ আশ্ৰয়তে সিহঁতৰ মাজত সমকামী সম্পৰ্ক গঢ়ি উঠিছে৷ মানসীৰ প্ৰৱাহমান
জীৱনৰ ৰূপৰেখা গঢ়িত শৈশৱ-যৌৱনৰ দুমোজাৰ কালছোৱাত মামণি খুৰীৰ স্পৰ্শই তাইৰ চেতন-অৱচেতন
মনত যি শিহৰণ জগাই তুলিছিল সেই সত্ত্বা পুনৰ বৰ্ণালীৰ স্পৰ্শত সাৰ পাইছে৷
সহায়ক
গ্ৰন্থ :
মহন্ত,
মাইনী৷ স্পৰ্শ৷ বনলতা, পঞ্চম প্ৰকাশ, ২০০৯৷
Beauvoir,
Simone De. The Second Sex. translated by H. M. Parshley. Lowe and Brydone, 1956.
Butler,
Judith. Gender Trouble : Feminism and the Subversion of Identity. Routledge, 1990.
ঠিকনা :
গৱেষক,
অসমীয়া বিভাগ
অসম বিশ্ববিদ্যালয়,
ডিফু চৌহদ
ম’বাইল
নং - ৬০০১৫২৬৮২৫
