অন্যযুগ/


ক’ৰোনা-কালৰ কথাৰ কাহিনী

 পুলিন কলিতা

 

ঈশ্বৰ আৰু প্ৰযুক্তি — এই দুয়োটা মহাশক্তিক ভ্ৰুকুটি দেখুৱাই এই বিশ্বৰ সমস্ত ক্ৰিয়াশীলতাক স্তব্ধ কৰি আহিছিল এটি মহামাৰী৷ নাম— ক’ৰোনা৷ বতাহ আৰু উশাহতে বিয়পা এই মহামাৰীয়ে নিৰুপায় কৰি পেলাইছিল একৈশ শতিকাৰ মানৱ সভ্যতাক—যি সভ্যতাই মহাবিশ্ব জয় কৰাৰ আঁচনি তৰিছিল৷ হোমো ছেপিয়েন্সৰ হাতলৈ জুই আৰু চকা অহাৰেপৰা এটি মূহূৰ্তৰ বাবেও স্তব্ধ হ’বলগীয়া নোহোৱা মানৱ সভ্যতাৰ চকৰি বন্ধ হৈ পৰিছিল— মাহৰ পিছত মাহ বছৰৰ পিছত বছৰ৷ অৱশেষত জয় বিজ্ঞানৰে হৈছিল, কিন্তু এই স্তব্ধতাই মানৱ সভ্যতাত কেতবোৰ অপৰিৱৰ্তনীয় ক্ষত ৰাখি থৈ গ’ল৷ মানৱ সভ্যতা থাকে মানে এই ক্ষতচিহ্ন থাকি যাব— সময়ে যদিও মচি পেলায় বহু ক্ষতচিহ্ন, এই চিহ্ন মচি পেলাব নোৱাৰিব৷

 

এই ক্ষতচিহ্ন অপৰিৱৰ্তনীয়হে, অবৰ্ণনীয় নহয়৷ আনহাতে, মানুহে এই ক্ষতচিহ্ন পাহৰিবও বিচৰা নাই; বৰং ইয়াক স্থায়ীহে কৰি ৰাখিব বিচাৰিছে— বিশেষকৈ সাহিত্যত৷ সমগ্ৰ বিশ্বতে৷ অসমতো৷

 

ক’ৰোনা আৰু ইয়াৰ অবিচ্ছেদ্য সহচৰ লকডাউনে যেতিয়া বিশ্ববাসীক গৃহবন্দী কৰিছিল, তেতিয়াই চিৰ সৃষ্টিশীল মানৱ মন সাৰ পাই উঠিছিল৷ ফলত সৃষ্টিৰ এটা সোণালী সময় আৰম্ভ হৈ গৈছিল৷ সমগ্ৰ বিশ্বতে৷ অসমতো৷ কি কৰিছিল হাৰিও হাৰিব নিবিচৰা মানুহে? সাহিত্যৰ ভাণ্ডাৰ নমাই আনিছিল নিজৰ নিজৰ মস্তিষ্কৰ মন্থন কৰিঃ লিখিছিল গল্প, কবিতা, উপন্যাস, নিবন্ধ, নাটক৷ নিৰ্মাণ কৰিছিল ভাস্কৰ্য, চলচ্চিত্ৰ৷ লিখি গাইছিল গান৷ নাচিছিল৷ অসম আৰু অসমীয়া ভাষাতো ইয়াৰ অভাৱ হোৱা নাছিল৷ ক’ৰোনা-কালত অসমীয়া ভাষাত সৃষ্টি হোৱা বিশাল সাহিত্য-ভাণ্ডাৰটোৰপৰা তিনিখন গ্ৰন্থ আলোচনাৰ বাবে বুটলি আনিছো৷ এয়া কোনো শিক্ষাসদী, প্ৰণালীবদ্ধ আৰু পৰিকল্পিত নিৰ্বাচন নহয়, সহজপ্ৰাপ্ত নিৰ্বাচনহে৷ প্ৰাপ্তিৰ আধাৰত এনে আলোচনা আগবঢ়াই নিবলৈ আমি আগ্ৰহী৷

 

৷৷ পাৰ্ক খুলিছে৷৷

 

আলোচনাৰ বাবে হাতত লোৱা প্ৰথমখন গ্ৰন্থৰ নাম “পাৰ্ক খুলিছে ”৷ সম্পাদকৰ মতে এইখন ‘লকডাউন ক’ৰণা মহামাৰীৰ অনুভৱ সম্পৃক্ত গল্প সংকলন’৷ সম্পাদক — জ্যোতি খাটনিয়াৰ৷ অসম সাহিত্য সভাই ২০২০চনত প্ৰকাশ কৰা এই কিতাপখনত নতুন আৰু পুৰণি মিলি ২৬জন লেখকৰ সমসংখ্যক গল্প আছে৷ অসম সাহিত্য সভাৰ তেতিয়াৰ সভাপতি ড কুলধৰ শইকীয়াই গ্ৰন্থখনৰ আগকথা লিখিছে৷ এটা সুচিন্তিত সম্পাদকীয় আছে গ্ৰন্থখনত, য’ত এই সংকলন-গ্ৰন্থখনৰ বিষয়-বস্তুক ‘সংকটৰ বাটেৰে সংশয়ৰ সাহিত্য’ বুলি ব্যাখ্যা কৰা হৈছে৷ অৱশ্যে গ্ৰন্থখনৰ ভিতৰ সোমোৱাৰ আগতে অসম সাহিত্য সভাক এই ‘সংকটৰ বাটেৰে সংশয়ৰ সাহিত্য’ যোগান ধৰা লেখকসকলৰ তালিকাখন এবাৰ চকু ফুৰোৱাৰ দৰকাৰ — তেহে গ্ৰন্থ-সম্পাদকৰ যোগাযোগৰ পৰিসৰ আৰু চিন্তাৰ সমৃদ্ধিৰ উমান এটা কৰিব পৰা যাব— ড° লক্ষ্মীনন্দন বৰা( দৈহিক), ড° কুল শইকীয়া (পার্ক খুলিছে), হৰেকৃষ্ণ ডেকা (বেক-বেঞ্চাৰ), জয়ন্ত মাধৱ বৰা (বেলি আৰু বতাহৰ সাধু), হেমন্ত বর্মন (শৱযাত্রা), ড° মদন শর্মা(হেঁপাহৰ দিনবোৰ), ডাঃ সুৰেশ চক্রবর্তী (অতিমাৰী), ডাঃ অপূর্ব কুমাৰ শইকীয়া (মহামাৰী অতিমাৰী), জ্যোতিষ শিকদাৰ (লকডাউন), মাইনী মহন্ত (লাভ এণ্ড লাইট), মণিকুন্তলা ভট্টাচাৰ্য ( মীনা বজাৰৰ বিলুপ্তি), মণিকা দেৱী (আওবাটৰ জালাবটা), গীতালী বৰা (গ’ডো আৰু গন্তব্যৰ এটা গল্প), সুৰঞ্জনা শর্মা (শূন্যস্বপ্ন), সুপ্রকাশ ভূঞা (নেদেখা যুঁজ এখন), অভিজিত শৰ্মা বৰুৱা (ভাইৰাছভোজী বেক্টেৰিয়া), দীপাংকৰ মল্ল বৰুৱা( সময় অ’ ধীৰে চলো), ড° প্ৰণৱ শইকীয়া (নীল আকাশত ওপজা গাঁৱৰ ছবি), চামচুল বাৰিক (এটি শেহতীয়া সাঁথৰ), ড° পৰাগ কুমাৰ ভট্টাচাৰ্য( যুদ্ধ), ডাঃ নীলাক্ষী চলিহা গগৈ(পানী পিয়া নদীবোৰ), পুলিন কলিতা (ভাইৰাছ), সৃষ্টি শ্রেয়ম (সময়), মনোৰঞ্জন বড়ি( জীৱন অপৰাজেয়), মঞ্জু কটকী( ক’ৰোনা প্ৰভাৱ) আৰু শিৱানী বৰা (কাহিনীৰ টোপোলা লকডাউন-আশীর্বাদ বনাম)৷

 

সংকলনটোৰ প্ৰথমটো গল্পই (ড° লক্ষ্মীনন্দন বৰা, দৈহিক), আমাক সেই বিশেষ সময়টোৰ ফটোগ্ৰাফিক দৃশ্য এটা তুলি ধৰে৷ তেওঁৰ নিজস্ব শৈলী (বৰ্ণনামূলক) এৰি বিবৃতি সুলভভাৱে ইয়াত কাহিনী কৈছে গল্পকাৰে৷ এই গল্পৰ মূল চৰিত্ৰ ধীমান সূত্ৰধাৰ৷ ‘কেতিয়াও ব্যাধিৰ নামত মূৰ কামোৰণি এটা নোহোৱা চাৰিকুৰি বয়সীয়া’ মানুহ সূত্ৰধাৰ৷ তেৱেঁই এইবাৰ অসুখত পৰিল৷ পুত্ৰ-পত্নী চিন্তাত পৰিল, অথচ সূত্ৰধাৰৰ মতে এইটো তেওঁৰ যাবৰ হোৱাৰ চিন —‘প্ৰাণ প্ৰয়াণৰ সময়ত কফ বাত পিত্ত আদি যত কণ্ঠ নিৰোধনে তোমাৰ স্মৰণ’৷ তথাপি তেওঁ চহৰৰ চিকিৎসালয়লৈ গ’ল; য’ৰপৰা তেওঁ জীৱন্তে উভতিব নোৱাৰিলে৷ সূত্ৰধাৰ চহৰলৈ যোৱাৰ আগতে ডাঙৰকৈ এটা সবাহ পাতিছিল, য’লৈ ‘‘তেওঁৰ লগত ধৰ্মকথা আলচ কৰা আতৈসকলতো আহিছিলেই, চৰিপোতা সত্ৰৰ অধিকাৰ প্ৰভুও আহিছিল’৷ পিছে সংকট কালৰ কি কালিকা— ‘শৱদেহ পাটীত শুৱাই দিয়া হ’ল৷ কান্দি কান্দি ঢলি পৰিল পত্নী সাধনী আৰু বোৱাৰীয়েক৷ গঞাক খবৰ দিয়া হ’ল৷ সূত্ৰধাৰৰ লগত একেলগে গোসাঁইত শৰণ লোৱা আতৈসকলকো৷ কিন্তু ক’ৰোনাত মৃত্যু হৈছে বুলি সন্দেহ কৰি কোনো নাহিল৷- বনমালীহঁতে উদফাইৰ দৰে ৰোগটোত আৰু হৃদযন্ত্র বিকল হোৱাত মৃত্যু হোৱা বুলি কোৱা সত্ত্বেও৷ দিনটো পাৰ হ’ল৷ সন্ধিয়া লাগিল৷ তথাপি কোনো শটো চাবলৈকো নাহিল৷ চাংখন তৈয়াৰ হ’ল৷ চাংখন দাঙি দুই পুত্ৰই পিতৃৰ শৱদেহ লৈ বাঁহনিৰ সেই পমা গছ দুজোপাৰ মাজৰ ঠাইকণলৈ য’ত ককাকক খৰি দিয়া হৈছিল৷ পিছে পিছে গৈ থাকিল সিহঁতৰ বন্ধু আতিকুৰ হুছেইন৷’

 

বৰ কম কথাত পৰিপাটীকৈ মহামাৰী এটাই অনা ভয়ানক সংকটৰ দৃশ্য এটা গল্পটোত আঁকিছিল ড বৰাই৷ পৰিতাপৰ কথা, এই গল্পটো প্ৰকাশৰ পাছতেই একেই ক’ৰোনাই প্ৰাণ লৈছিল অসমীয়া ভাষাৰ এগৰাকী শক্তিশালী গল্পকাৰৰ৷ সম্ভৱতঃ ‘দৈহিক’ ড বৰাৰ শেষ গল্প৷

 

আমাৰ সাহিত্যক তেওঁৰ সৃষ্টিৰে সমৃদ্ধ কৰা আন এগৰাকী প্ৰবীন গল্পকাৰ হ’ল কুল শইকীয়া৷ এই সংকলনত তেওঁ ‘পাৰ্ক খুলিছে’ নামৰ গল্পটোত ড বৰাৰ দৰেই সংকটৰ ছবি আঁকিছে, অৱশ্যেই তেওঁৰ নিজস্ব শৈলীত৷ এই গল্পটোত মৃত্যু পোনপটীয়াকৈ নাই, কিন্তু কোনো প্ৰিয়জনৰ মৃত্যুৱে কাৰোবাৰ মনত সৃষ্টি কৰা একাকিত্বৰ ছবি এখন আছে— ‘চহৰীয়াই ভাবিলে অলপতে তেওঁ সৰু ছাতি এটা কিনি ল’ব, এজন মানুহৰ বাবে সিয়েই যথেষ্ট হ’ব— বৰষুণৰ টোপালৰ আকাৰ কিছু ডাঙৰ হৈ আহিছে, চকুৱে-মুখে সেইবোৰ বৈ পৰিছে, তেওঁ দূৰৈৰ পৰাই বিজ্ঞাপনৰ ডাঙৰ হ’র্ডিংখনৰ কাষেৰে দৃষ্টি নিক্ষেপ কৰিলে৷নীলা পৰ্দাৰ কোঠাটোত লাইট জ্বলা নাই৷’

প্ৰায়েই কথন শৈলী সলাই গল্প কৈ আমাক চমক দিয়া হৰেকৃষ্ণ ডেকাৰ গল্প ‘বেক-বেঞ্চাৰ’ এইটো সংকলনৰ এটি উল্লেখযোগ্য গল্প৷ সংকট আৰু মৃত্যুৰ ছবিখন ইয়াত বহলকৈয়ে আছে, কিন্তু সমান্তৰালভাৱে আছে জীৱনৰে জয়গান৷ নিৰাশাৰ অন্ধকাৰে সমাজ ঢাকি পেলোৱাৰ সময়ৰ এইটো আশাৰ পোহৰ বিলোৱা গান— ‘ছাৰো থিয় হৈছিল, ক’লে, ক’লৈ যোৱা, ওহোঁ, ভাতসাঁজ ইয়াতেই খাই যাবা৷ সেই ভাড়াঘৰটোত মোৰ আৰু এজনী বোৱাৰী আছে নহয়, তাই কৈ পঠিয়াইছে, তোমালৈও ভাত ৰান্ধিছে৷ মই চকীত বহি ছাৰলৈ চাই ৰলোঁ৷ মই ক’ভিডত মৰা মৃতদেহ এটাৰ দাহ কাৰ্যৰ পৰা আহিছোঁ৷ এই হৃদয়ৱান অংকৰ শিক্ষকজনৰ মনত কোনো শংকাৰ সৃষ্টি হোৱা নাই৷ মই বীজাণুৰ বাহক হৈ আহিছো নেকি বুলি তেওঁ এবাৰো ভবা নাই৷’

 

 এই তিনিটা গল্পত একেৰাহে ক’ৰোনাই মধ্যবিত্ত সমাজলৈ অনা সংকটৰ ছবি চাওঁতেই লগা এলাহটো কাটিবলৈ ভুমুকি মাৰে ‘বেলি আৰু বতাহৰ সাধু’ৱে৷ জয়ন্ত মাধৱ বৰাৰ এই গল্পটোৱে ক’ৰোনাই নিম্নবিত্ত সমাজক দিয়া যাতনাৰ কথা নিৰ্মমভাৱে আমাক কয়৷ এই গল্পটোৱে লগতে আমাক কয় যে সুবিধাবাদ আৰু দুৰ্যোগবোৰৰ মৃত্যু কোনো পৰিস্থিতিতে নহয়৷ একে ধৰণৰে ছবি এখন আমি পাওঁ হেমন্ত বৰ্মনৰ গল্প ‘শৱযাত্ৰা’তো৷ লকডাউন আৰু ক’ৰোনাই প্ৰান্তীয় সমাজখন কেনেকৈ থৰহৰি কম্পমান কৰিছিল, তাৰ নিৰ্মম ছবি এখন পোৱা যায় মণিকা দেৱীৰ ‘‘আওবাটৰ জালাবটাত৷ ক’ৰোনাকাল-আধাৰিত এইটো এটা ভয়ানক সুন্দৰ গল্প৷ গীতালি বৰাৰ গল্প ‘গ’ডো আৰু গন্তব্যৰ এটা গল্প’ক ক’ৰোনাকালীন গল্প বুলি আমি চিহ্নিত কৰিব বিচৰা নাই৷ এই পৰিস্থিতিক বাহিৰত ৰাখিলেও এই গল্পটোৰ একো হানি-বিঘিনি নহয়৷ মাইনী মহন্তৰ ‘‘লাভ এণ্ড লাইট’ সংকলনটোৰ এটা ভিন্নস্বাদৰ গল্প৷ সংকলনখনৰ আন গল্পবোৰো কম-বেছি পৰিমাণে সফল, অৱশ্যে সন্দেহ নথকাকৈ সুপাঠ্য আৰু নিটোল৷

 

৷৷ আমাৰ গাঁওখনি অতিকৈ শুৱনি৷৷

 

আমি আলোচনাৰ বাবে হাতত লোৱা ‘আমাৰ গাঁওখনি অতিকৈ শুৱনি’ হ’ল এখন শিশুকেন্দ্ৰিক উপন্যাস৷ তৰুণী লেখিকা প্ৰতিভা ভাগৱতীৰ এই উপন্যাসখন ২০২৫ চনত প্ৰকাশ কৰিছিল জাগৰণ সাহিত্য প্ৰকাশনে৷ তাৰ আগতে এইখনে লাভ কৰিছিল সদৌ অসম লেখিকা সংস্থাৰ বাণী পাঠক সোঁৱৰণি শ্ৰেষ্ঠ শিশু উপন্যাস বঁটা৷

 

ক’ৰোনা-কালে শিশু আৰু কিশোৰসকলৰপৰা জীৱনৰ এটা বিশেষ সময় কাঢ়ি নিছিল৷ বিশেষকৈ চহৰবাসী শিশু আৰু কিশোৰহঁতৰ জীৱনৰ বৰ বেয়াকৈ ক্ষতি কৰিছিল এই মহামাৰীয়ে৷ বিদ্যালয় আৰু চোতাল — দুয়োটাকে হেৰুৱাই এই শিশু-কিশোৰহঁতে মোবাইলৰ স্ক্ৰীনত কৰিবলগীয়া হৈছিল ভৱিষ্যত নিৰ্মাণৰ আখৰা৷

 

তাৰ মাজতে ৰাহুলৰ দৰে দুটি-এটি শিশুৰ বাবে আছিল একোখন মৰুদ্যানঃ পিতৃয়ে জীৱিকাৰ সন্ধানত ওলাওঁতে এৰি অহা গাঁওখন৷ এইখন গাঁৱত তাৰ বাবে ৰৈ আছিল এগৰাকী সাদৰী বৰমাক, এজন স্নেহশীল বৰদেউতাক আৰু এজন ভাতৃ!

 

উপন্যাসখনৰ মূল চৰিত্ৰ মৌমন৷ তাৰ বয়স আঠ বা দহ বছৰ৷ ৰাহুল তাতকৈ দুবছৰৰ সৰু৷ লকডাউনে সৃষ্টি কৰা পৰিস্থিতিত ৰাহুলক তাৰ মাক আৰু কণমানি ভনীয়েকৰ সৈতে দেউতাকে থৈ যায় বকুলতলী গাৱঁত৷ চহৰৰ জীৱনত ক্ৰমে অভ্যস্ত হ’বলৈ ধৰা ৰাহুলে লাহে লাহে গ্ৰাম্যজীৱনটো ভাল পাবলৈ ধৰে৷ তাৰ এই পৰিৱৰ্তনৰ, শুদ্ধকৈ ক’বলৈ হ’লে অভিযোজনৰ ঘাই অনুঘটক আছিল পাছে মৌমন৷ মৌমন হ’ল সমাজত প্ৰচলিত অৰ্থতে, আক্ষৰিকভাৱেই ভাল ল’ৰা৷ এনে ভাল ল’ৰাৰ স্নেহপূৰ্ণ সংগই ৰাহুলক এনেদৰে মুহি পেলালে যে লকডাউন খোলোতে সি বাধ্য হৈহে গাঁও এৰিছিল৷ বয়সৰ তুলনাত জ্ঞানী মৌমনৰ সহানুভূতিশীল ব্যৱহাৰৰ লগতে বৰমাক-বৰদেউতাকৰ স্নেহাশ্ৰয়ৰো ভুমিকা ইয়াত আছিল৷ সকলো মিলি লকডাউন ৰাহুলৰ বাবে এটা আমোদজনক আৰু শিক্ষণীয় অভিজ্ঞতা আছিল৷

 

উপন্যাসখনৰ ভাষা বৰ কোমল আৰু গ্ৰাম্য প্ৰভাৱপুষ্ট৷ এই ভাষাটো গ্ৰাম্য সমাজ এখন অংকন কৰিবলৈ বৰ উপযুক্ত — ভাষাটোৰ সকলো শক্তি লেখিকাই বৰ সুন্দৰকৈ ইয়াত ব্যৱহাৰ কৰিছে— ‘মৌমনৰ মাকে পুৱাই চাউল তিয়াই থৈছিল পিঠাগুৰি খুন্দিবলৈ৷ তাৰ ক্লাছ শেষ হোৱাৰ পাছত ঢেঁকীত ওচৰৰে সাদৰী বৰমাকৰ লগ লাগি পিঠাগুৰি খুন্দে৷ মৌমন গুণগুণহঁতৰ লগত খেলাত লাগে৷ পিঠাগুৰি খুন্দি হ’লেই লাডু, পিঠা কৰিব মাকে আৰু মৌমনহঁতে দগৰি খাব৷ লগতে পানীপিঠাও খাব সিহঁতে৷ সি গুণগুণ আৰু চিকিকো মাতি আনিলে৷ দুপৰীয়ালৈকে আটাইকেইটা লগ হৈ সিহঁতৰ ঘৰত চোতালতে খেলি থাকিল৷ ঢেঁকীৰ ঢেংকুশ ঢেংকুশ শব্দই পৰিৱেশটো মধুৰ কৰি তুলিছে৷ পিঠা, লাডুৰ সদায় সোৱাদ নোপোৱা ৰাহুল আৰু ৰিচাইয়ো বৰমাকৰ হাতৰ পিঠা, লাডুৰ সোৱাদ পাব৷ ঘৰৰ খাটি গাখীৰ খাবলৈ পাব৷ বাৰীৰ শাক-পাচলি খাবলৈ পাব৷ গাঁৱত থাকিলে এইবোৰেই ভাল৷’ গ্ৰাম্য প্ৰকৃতিৰ সৈতে ভাল চিনাকি লেখিকাৰ আছে৷ এই কথাৰ প্ৰমাণ এই চুম্বক বৰ্ণনা— ‘ফৰিংফুটা জোনাক নিশা৷ আকাশত তিৰবিৰ তৰাৰ পোহৰ, চিৰ্মিক্‌ পোহৰ৷ ৰূপালী ডাৱৰবোৰ ইফালৰপৰা সিফাললৈ ঢপলিয়াই ফুৰিছে৷ জোনবাইজনীয়ে আনন্দ মনেৰে পোহৰ বিলাইছে৷ চোতালত জোনাকী পৰুৱাৰ অবাধ বিচৰণ৷ তাৰ মাজতে ক’ৰবাৰপৰা এছপৰা ক’লা ডাৱৰে ভুমুকি মাৰিছেহি৷ শাওণৰ বতৰ৷ গতিকে বৰষুণ অহাটো স্বাভাৱিক৷ ৰাহুলে নিশাৰ গাঁৱৰ এনে নৈসর্গিক দৃশ্য আগতে কেতিয়াও দেখা নাই৷ আইতাকে চোতালতে মূঢ়া এটা পাৰি বহি লৈছে৷’

 

শিশু উপন্যাসবোৰত উপদেশ থাকেই, ইয়াত নতুনত্ব নাই৷ লেখকসকলে ভাবেই যে উপদেশেই যদি নাথাকিল এইখননো শিশু উপন্যাস হ’লনে! ফলত এইবোৰ প্ৰায়েই শিশুৰ বিকৰ্ষণৰ বস্তু হৈ পৰে৷ আলোচ্য উপন্যাসখন কিশোৰ প্ৰজন্মই জানিবলগীয়া বহুত শিক্ষণীয় কথাৰে ভৰপূৰ হৈ আছে৷ কিন্তু এইবোৰ কাহিনীৰ গতিৰ সৈতে এনেকৈ মিলি আছে যে কিশোৰ পঢ়ুৱৈয়ে তাৰ উমানকে নাপায়৷ এনে উপদেশৰ ভিতৰত খেতি-বাতিৰ প্ৰতি শিশু আৰু কিশোৰহঁতৰ আগ্ৰহ সৃষ্টিত গুৰুত্ব দিয়াৰ কথা যেনেকৈ আছে থলুৱা শাক-পাতবোৰ খোৱাৰ উপযোগিতাৰ কথাও আছে৷ শিশুৰ সামাজিকীকৰণৰ প্ৰয়োজন আৰু কৌশলৰ বিৱৰণ যেনেদৰে আছে তেনেদৰে আছে পৰিয়াল এটাৰ সদস্যসকলৰ পাৰস্পৰিক মৰম-শ্ৰদ্ধাৰ গুৰুত্বৰ কথাও৷ এটা প্ৰায় প্ৰবচনত পৰিণত হোৱা৷ মন্তব্য আছে শিশু সাহিত্য সম্পৰ্কে৷ এই মতে ‘আঠৰপৰা অষ্ঠাশী বছৰ পৰ্যন্ত পাঠযোগ্য’ সাহিত্যই শিশু সাহিত্য৷ এই প্ৰবচনটো এইখন উপন্যাসৰ ক্ষেত্ৰত এশ শতাংশই খাটে৷ এইখন ‘ধানপুৰীয়া কঁঠাল’— সমালোচকৰ চকুত নপৰি প্ৰাপ্য স্বীকৃতিৰ বঞ্চিত উপন্যাস৷

 

৷৷ তলা খুলি বাহিৰলৈ ওলাই আহক, কথা আছে৷৷

 

তেওঁৰ লেখাৰ মাজেৰে সমাজক পোহৰ দেখুৱাব বিচাৰে মইনা গোস্বামীয়ে৷ চাৰি কুৰি অভিমুখে আগ বাঢ়িছে তেওঁৰ বয়স, পিছে তেওঁ এতিয়াও তেজীঘোঁৰা হৈয়েই আছে৷ এই শক্তিৰেই তেওঁ আহ্বান দিছে জনতাক — ‘তলা খুলি বাহিৰলৈ ওলাই আহক, কথা আছে’৷ এইখন মইনা গোস্বামীৰ শেহতীয়া উপন্যাস৷ ‘‘আঁক-বাক’ প্ৰকাশনে ২০২৫ চনত প্ৰকাশ কৰা উপন্যাসখনত গোস্বামীয়ে লকডাউনে দিশহাৰা কৰা সমাজখনৰ ৰুঢ় বাস্তৱৰ ছবি এখন অংকন কৰিছে৷

 

উপন্যাসখনৰ মূল চৰিত্ৰ ‘জান’৷ উচ্চতৰ মাধ্যমিক পৰীক্ষা দি ফলাফলৰ বাবে অপেক্ষা কৰি আছে সি৷ অৰ্থাৎ জান এজন কিশোৰ৷ এই কিশোৰজনৰ দৃষ্টিৰে ঔপন্যাসিকে ক’ৰোনা-কালৰ গ্ৰাম্য অসমৰ ছবিখন আমাক দেখুৱাইছে৷ উপন্যাসখনত আৰু চাৰিটা মূল চৰিত্ৰ আছে৷ ইয়াৰে প্ৰথমটো ‘ৰুণু’৷ তেওঁ জানৰ মাক৷ দ্বিতীয়টো ‘ৰুণুৰ পিতাক’; তৃতীয়টো ‘‘কণ’— দাদা বুলি মাতিলেও তেওঁ ৰুণুৰ ‘ফ্ৰেণ্ড, ফিলোছফাৰ এণ্ড গাইড’ আৰু প্ৰেমিক৷ তেওঁক জানে কণমামা বুলি মাতে৷ চতুৰ্থটো ‘পোহৰ’, জানৰ এজন সহপাঠী প্ৰত্যুষৰ ভনীয়েক৷ অৱশ্যে পোহৰ আৰু প্ৰত্যুষৰ বয়সৰ ব্যৱধান মাত্ৰ তিনি মিনিট৷ এই ফালৰপৰা জান আৰু পোহৰ সমবয়সী আৰু একেটা বৰ্ষৰে ছাত্ৰ-ছাত্ৰী৷ চুচুক-চামাককৈ দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক এটা আৰম্ভ হৈছে, যি ধৰণে প্ৰেম আৰম্ভ হৈছিল কণ আৰু ৰুণুৰ মাজত৷

 

 তেত্ৰিছটা অধ্যায় থকা উপন্যাসখন আৰম্ভ হৈছে জান আৰু পোহৰৰ মিঠা মিঠা আলাপেৰে৷ কিন্তু আমাৰ বিবেচনাত উপন্যাসৰ কাহিনীৰ আৰম্ভণি দ্বিতীয় অধ্যায়তহে৷ বৰ অৰ্থপূৰ্ণ এই আৰম্ভণি— ‘জানৰ মাকে বৰষুণ বৰ ভাল পায়৷ শৈশৱৰ সেই একো নুবুজা দিনৰে পৰা তেওঁ দুখৰ বৰষুণত তিতিছে৷ দবাপিটা বৰষুণৰ দিন এটাত উপজিছিল তেওঁ৷ সদ্যোজাত কেঁচুৱাক লৈ পোৱাঁতী মাকে চুঁচৰি-চুঁচৰি গোটেই ঘৰটোত পানী নপৰা অকণমান ঠাই বিচাৰি ফুৰিছিল৷ ঘৰৰ চালেৰে পৰা পানীৰ ফোটাই কেঁচুৱাটোক জোকাই জোকাই যেন পৃথিৱীলৈ আদৰিছিল৷’ দুখৰ এই বৰষুণজাক জানৰ মাকৰ আজীৱন লগৰীয়া— দৰিদ্ৰতাই খাওঁ খাওঁ কৰি থকা পৰিয়াল এটাত আগলি-যৌৱনলৈকে কটাই বিবাহসূত্ৰে তাৰপৰা মুক্তি পাইছিল ৰুণুৱে, পিছে তেনেবোৰ দিন তেওঁ বেছিদিন নাপালে: একে একে হেৰুৱাবলগীয়া হ’ল গিৰীয়েক, শাহুৱেক আৰু শহুৰেক আৰু এনেদৰেই জীৱিকাৰ যুঁজ এখনত অলপ বেলেগ ধৰণে জঁপিয়াই পৰিবলগীয়া হ’ল: পাচলিৰ খেতি নিজে কৰাই নহয়, বজাৰত বস্তা পাৰি বহি বিক্ৰীও কৰিবলৈ ল’লে ৰুণুৱে৷

 

ৰুণুৰ আদৰ্শ ‘‘কণ দাদা’, উচ্চশিক্ষিত এই ব্যক্তিজনে গাঁও নেৰিলে, গাঁৱৰ মানুহক পথ দেখুৱাব বিচাৰিলে, তাৰ বাবে তেওঁ পত্নী-সন্তানকো এৰিবলগীয়া হ’ল৷ নিজৰ বৈষয়িক উন্নতিতকৈ সমাজখনৰ সামগ্ৰিক উন্নতি তেওঁৰ বাবে বেছি জৰুৰী, সেয়ে তেওঁ কনক কৃষক নামেৰে বাতৰি কাকতত ইতিবাচক কথা আৰু বিশেষকৈ কবিতা লিখে৷ এই কণ দাদাই ৰুণুৰে নহয় জানৰো আৰু অলপ পাছতে পোহৰৰো পথপ্ৰদৰ্শক হৈ পৰে৷

 

পোহৰ আৰু প্ৰত্যুষ যমজ ভাই-ভনী৷ কিন্তু দুয়ো সম্পূৰ্ণ বিপৰীত ব্যক্তিত্বৰঃ পোহৰ সমাজমুখী, দৃঢ়চেতা আৰু স্পষ্ট; প্ৰত্যুষ অন্তৰ্মুখী, দুৰ্বলচেতা আৰু অনিশ্চিত৷ অৱশ্যে জান আৰু কণৰ প্ৰভাৱত পাছলৈ তাৰ চৰিত্ৰলৈ পৰিৱৰ্তন আহে৷

 

লকডাউন আৰু ক’ৰোনাই গাঁওবোৰ দাৰিদ্ৰ্যৰ অন্ধকাৰত পোত খুৱাই দিছিল৷ এই মানুহবোৰে কাৰোবাৰ খেতিপথাৰত নহ’লেবা কোম্পানীত কম দৰমহাত চাকৰি কৰিছিল৷ কাৰোবাৰ যদি অলপ মাটি আছিলো, সেইবোৰ কেতিয়াবাই বিক্ৰী হৈ গৈছে৷ ক’ৰোনা-কালে এই মানুহবোৰক জীৱিকাৰ বাবে আকৌ প্ৰকৃতিৰ বুকুলৈ-মাটিৰ বুকুলৈ ঠেলি দিছে—‘এতিয়া নাই৷ ধনৰ অহংকাৰে নৈ-বিল সকলোকে এফালৰ পৰা উছন কৰি আহিছে৷ জগলীয়াৰ সুঁতিটোৰ ওপৰত থকা বাঁহৰ সৰু দলংখনৰ পৰা আৰু প্ৰায় তিনি কিলোমিটাৰ গ’লে ৰিজাৰ্ভখন পায়৷ প্রায় ১২০০ বিঘা মাটিৰ ৰিজার্ভ৷ কচু, ঢেঁকীয়া, তিতাভেকুৰি, মানিমুনি, সময়মতে ওলচহৰা, কলমৌ শাক, তেজপাত, তেঁতেলী, আম-জাম-কঁঠাল, শিলিখা, আমলখি, ভঁইৰা, ঔটেঙা, বনৰীয়া কল, ফাটাফুটকি আদি অনেক ভর্তি হৈ থাকে৷ এইবোৰকে আনি মানুহবোৰে ঘৰতো খায়, পাৰিলে বেচেও৷ ৰিজাৰ্ভখনৰ চাৰিওফালে থকা সাতপখলি, গুৱালহাটী, দীঘলকুছি, হাৰোপাৰা, গড়গৰা আদি গাঁৱৰ অভাৱী মানুহখিনিৰ বাবে ৰিজার্ভখনেই গতি৷’

লকডাউন-ক’ৰোনাই কঁকাল নভঙা সমাজ এখনো আছে৷ সমবয়সী দুজন ল’ৰাৰ জীৱনলৈ ভূমুকিয়ালেই এই কথাৰ উমান পাব পৰা যায়৷ প্ৰথমতে এয়া নাৰায়ণৰ কথা—‘নাৰায়ণৰ পিতাকে ঔষধ কোম্পানী এটাত কাম কৰিছিল৷ কাম কৰিলে হাজিৰা পায়, কাম নকৰিলে নাপায়৷ মাহটো কাম কৰিলে আঠ হাজাৰ পায়৷ এতিয়া কোভিডৰ নামত সেয়াও বন্ধ৷ পিতাকে এতিয়া ওচৰৰ গাঁওকেইখনৰ ঘৰে ঘৰে গৈ সুযোগ-সুবিধা বুজি হাঁহ-মুৰ্গীৰ কণী বিচাৰে, শাক-পাচলিৰ নামত য’ত যি পাই আনি দোকানখনত বেচে৷ এজনী গাই আছে৷ গাখীৰ অলপ দিয়ে৷ তাকো চাহ খাবলৈ অকণমান ৰাখি বাকীখিনি বিকি দিয়ে৷’ তাৰ পাছত এয়া প্ৰত্যুষৰ কথা—‘দেউতাই মোক চাহাব ‘বনাব’ খুজিছিল৷’

‘এতিয়া কি কৰিম বুলি ভাবিছা?’

‘NEET দিব লাগে বোলে৷ দেউতাৰ মতে মই ডাক্তৰ হ’ব লাগে৷’

‘তোমাৰ কি কৰিবৰ মন যায়?’

‘একো কৰিবৰে মন নোযোৱা হৈছে৷’

‘কি ছাবজেক্ট ভাল লাগে তোমাৰ?’

‘ফিজিক্স৷’

 এই বৈপৰীত্যৰে ভৰা এই সমাজখনত জান এটা সৰু দ্বীপ, এছাটি মলয়া বতাহ, এচাকি পোহৰ৷ জান অধ্যয়নশীল, হাজাৰ অভাৱৰ মাজতো মাক ৰুণুৱে তাক কিতাপৰ অভাৱ অনুভৱ কৰিবলৈ দিয়া নাই, অথচ ‘ককাকে বাতৰি কাকতখন বন্ধ কৰি দিছে৷ ভাইৰাছ আহিব বুলি সংশয় তেওঁৰ৷’ অধ্যয়ন আছে বাবেই সমাজ আৰু সময়ক বুজি পায় জানে৷ এই জ্ঞানেৰেই সি এদিন এখন কিতাপ লিখে, সহলেখক তাৰ মাক ৰুণু৷ প্ৰকাশৰ ব্যৱস্থা কৰি দিয়ে কণে, বেটুপাতৰ ছবি আঁকে পোহৰে৷ এই কিতাপখনৰ উন্মোচনী অনুষ্ঠানত আমি প্ৰথম আৰু শেষবাৰৰ বাবে লগ পাওঁ উপন্যাসখনৰ সবাতোকৈ বলিষ্ঠ চৰিত্ৰটোক— ‘ৰুণুৰ পিতাক’৷ কায়িকভাৱে নাথাকিলেও উপন্যাসখনৰ আৰম্ভণিৰেপৰা এই চৰিত্ৰটো উপস্থিত আছে— কাহিনীৰ লগে লগে এই চৰিত্ৰটোৱে গতি কৰিছে৷ ৰুণু অসমীয়া উপন্যাসৰ এটা ব্যতিক্ৰম চৰিত্ৰ— দৃঢ়, অকুতোভয়, জীৱন আৰ সমাজ সম্পৰ্কে স্পষ্ট দৃষ্টিভংগী ধাৰক৷ ৰুণুক গঢ় দিছে পিতাকে, কণদাদাক জীৱন বাটৰ সহচৰ৷ কাহিনীৰ একেবাৰে শেষৰ ফালেহে ৰুণুৰ পিতাকৰ ভাল নামটো গম পোৱা যায়৷ বৃত্তিত উপান্ত কৃষক এই মানুহজনৰ নাম বিষ্ণুপ্ৰসাদ দাস৷ জান অৰ্থাৎ জিষ্ণু কুমাৰ আৰু ৰুণু দাশৰ (হয় দাশ) কিতাপ উন্মোচন কৰি তেওঁ দিয়া ভাষণটো বহুতো শিক্ষণীয় কথাৰে ভৰা—‘আমাৰ সৰমাই আৰু নাতি খান্দবাৰ যত্ন কচ্ছি৷ কি কৰবা লাগে, কি কৰবা নালগে জানা বাবে মাটি চহৱাৰ দৰে দেখি-শুনি মনটোও চহাবা লাগে বুলি জানছি৷ এহেত দুটাৰ কামটোই পিথিৱীখান আকদিন ভাল হ’ব বুলি মোক সপান দেখুৱেছি৷ কেৱল এহেতে কিতাপখানত কোৱাত দৰে আমি টুকুৰা-টুকুৰ হৈ থাকা ইলেকতিকৰ তাঁৰ হ’বা নালাগে৷ তাঁৰমাখা জৰা দি দি তাঁৰৰ বাণ্ডিল কৰবা পাৰি আৰু সেই বাণ্ডিলটোৰে প্লাগত লুগে সমাজৰ কাৰেণ্ট পঠে দিবা পাৰি৷ তাৰ পাছতো সমাজৰ কাৰেণ্ট পাছ নহৱা মানুহ কিছুমান থাকে৷ কিছুমানক কিন্তু হাতে-ভৰিয়ে বান্ধি মুখত সপা দি ৰাখলিও মনৰ মাজত হৰহৰে বৈ থাকে অন্যায় বান্ধ ভাঙাৰ হুতাহ৷ বন্দী কৰি থলিও এহেনাই হ’ল স্বাধীন মানুহ৷ আমাৰ নাতি আৰু সৰমাইৰ কিতাপখান পঢ়ি মই তাকে বুজছু৷ মগজুত তালা লগুৱে থোৱা মাখাক সেটোত ধৰিয়েই আটাহ পাৰি কছি-তালা খুলি ওলে আহ-কথা আছে৷..’

 

এইখন এখন অতি বলিষ্ঠ উপন্যাস৷ ক’ৰোনা আৰু লকডাউন এই উপন্যাসত এটা প্ৰতীক: কৰ্প’ৰেট অৰ্থনীতিয়ে সাধাৰণ মানুহৰ মাজত জাপি দিয়া বা দিব বিচৰা এটা ডাঙিব নোৱৰা বোজাৰ প্ৰতীক৷ উপন্যাসখন পঢ়াৰ আৰু পঢ়ুওৱাৰ আৰু সমালোচকসকলে খুটি-নাতি মাৰি আলোচনা কৰাৰ দৰকাৰ৷

 

লেখকৰ ফোন ৮৬৩৮৪৫৮৭৪৮

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ