অন্যযুগ/


মহিম বৰাৰ গল্প : জীৱনবোধৰ বাস্তৱতা

 

অসীম চুতীয়া

 

অসমীয়া চুটিগল্পৰ ইতিহাসত মহিম বৰা এক বিশেষ সন্ধিক্ষণৰ সৃষ্টিশীল প্ৰতিনিধি৷ তেখেতে এনে কিছুমান গল্প সৃষ্টি কৰিছে যিবোৰ গল্পৰ বিষয়বস্তু, অনুভূতিৰ গভীৰতা, ৰূপক-চেতনা আৰু মানৱীয় বোধৰ দিশত অসমীয়া সাহিত্যৰ শ্ৰেষ্ঠ গল্পসমূহৰ মাজত স্থান ল’বৰ যোগ্য৷ মহিম বৰাৰ স্বাভাৱিক সৃষ্টিশীল স্বাক্ষৰ বহন কৰা শ্ৰেষ্ঠ গল্পসমূহৰ ভিতৰত ‘কাঠনিবাৰী ঘাট’, ‘টোপ’, ‘মাছ আৰু মানুহ’, ‘হাড়মাল’, ‘ৰাতি ফুলা ফুল’ আদি উল্লেখযোগ্য৷ তেখেতে অসমীয়া চুটিগল্পক কেৱল কাহিনী-কেন্দ্ৰিক ধাৰাৰ পৰা উলিয়াই আনি এক গভীৰ অনুভৱ আৰু দাৰ্শনিক উপলব্ধিৰ ক্ষেত্ৰলৈ উন্নীত কৰিছে৷ এই গল্পসমূহত কাহিনীয়েই প্ৰধান উপাদান নহয়; কাহিনীৰ আঁৰত লুকাই থকা মানৱ-অভিজ্ঞতাৰ সূক্ষ্মতম স্তৰসমূহেই মুখ্য উপজীৱ্য৷ জীৱন-মৃত্যু, যৌৱন-ক্ষয়, আশা-হতাশা, কৰুণা, আত্মীয়তা আৰু নিঃসঙ্গতাৰ দৰে মৌলিক অনুভৱবোৰ এই গল্পসমূহত কাব্যিক সংবেদনশীলতাৰে উদ্ভাসিত হৈছে৷ তলত মহিম বৰাৰ গল্পৰ বিশেষত্বসমূহ আলোচনা কৰা হ’ল–

১.০১ : জীৱন আৰু প্ৰকৃতিৰ অন্তৰংগ সহাৱস্থান

মহিম বৰাৰ গল্পত মানুহ আৰু প্ৰকৃতিৰ সম্পৰ্ক গভীৰ মানৱীয়, দাৰ্শনিক বোধ আৰু অস্তিত্বচেতনাৰ মাজেৰে উদ্ভাসিত৷ বৰাৰ গল্পসমূহত প্ৰকৃতি মানুহৰ জীৱন, অনুভৱ, মানসিকতা আৰু নিয়তিৰ সৈতে নিবিড়ভাৱে জড়িত এক জীৱন্ত শক্তি৷ অৰণ্য, বিল, নদী, পথাৰ, পশু-পক্ষী, মাছ, গছ-গছনি আদি তেওঁৰ গল্পত মনোৰম সৌন্দৰ্যৰ উপাদান হৈ ধৰা দিয়া নাই৷ এই উপাদানসমূহে যেন নিজস্ব অস্তিত্ব আৰু সত্তাৰে উজ্জীৱিত হৈ উঠিছে৷ সেইবাবেই মহিম বৰাৰ গল্পত মানুহ আৰু প্ৰকৃতিৰ মাজত আন্তৰিক সহাৱস্থান, সহমৰ্মিতা আৰু একাত্মতাৰ অনুভূতি প্ৰকাশ পাইছে৷

‘কুমাৰী অটবী’ গল্পত গল্পকাৰে অৰণ্য প্ৰকৃতিৰ এক গম্ভীৰ, ৰহস্যময় আৰু মোহময় ৰূপ অংকন কৰিছে৷ পূৰ্ণ, দীনেশ আৰু গণেশ নগৰীয়া জীৱনৰ একঘেয়ামি আৰু ক্লান্তিৰ পৰা অলপ সময়ৰ বাবে মুক্তি বিচাৰি বৰডিকৰাৰ অৰণ্যাঞ্চললৈ গৈছে৷ গণেশে কাজিৰঙাত পশু চিকাৰ কৰিবলৈ যোৱাৰ অভিজ্ঞতা বৰ্ণনা কৰাৰ মাজেৰে অৰণ্যৰ গভীৰতা, নিস্তব্ধতা, ভয় আৰু অপাৰ সৌন্দৰ্য উন্মোচন কৰিছে৷ ইয়াত বৰ্ণিত অৰণ্যখন হৈছে নিজস্ব নিয়ম আৰু শক্তিৰে পৰিচালিত একপ্ৰকাৰৰ স্বাধীন জগত৷ মানুহ তাত সাময়িক অতিথিমাত্ৰ৷ এই উপলব্ধিৰ মাজেৰেই গল্পকাৰে মানুহৰ সীমাবদ্ধতা আৰু প্ৰকৃতিৰ বিশাল সত্তাক প্ৰতিফলন ঘটাইছে৷

মানুহ আৰু প্ৰকৃতিৰ সম্পৰ্কৰ আটাইতকৈ গভীৰতম প্ৰকাশ ঘটিছে ‘মাছ আৰু মানুহ’ গল্পত৷ গল্পটোৰ আৰম্ভণিতে জীৱকান্তই ডাঙৰ মাছ ধৰিবলৈ গৈছে ব্যক্তিগত গৌৰৱ, সংসাৰৰ প্ৰয়োজন আৰু সামাজিক সন্মানৰ আশাৰে৷ ডাঙৰ মাছ ধৰিব পাৰিলে ঘৈণীয়েক আনন্দিত হ’ব, গাঁৱৰ মানুহৰ মাজত সন্মান বৃদ্ধি পাব আৰু উৰুকাৰ ভোজো জমিব– এই আশাই তাৰ মন ভৰাই ৰাখিছে৷ সেইবাবে আৰম্ভণিতে মাছটো তাৰ বাবে চিকাৰ বা লাভৰ বস্তু৷ কিন্তু ঘটনাৰ অগ্ৰগতিত গল্পটোৰ তাৎপৰ্য গভীৰ অস্তিত্ববাদী স্তৰলৈ উন্নীত হৈছে৷ ডাঙৰ মাছটোৱে জীৱকান্তক বিলৰ মাজলৈ টানি নিয়াৰ পিছত সি মৃত্যুভয়ৰ সন্মুখীন হয়৷ বিলৰ বিশাল, নীৰৱ বুকুত সেই মুহূৰ্তত সি অনুভৱ কৰে যে সি আৰু মাছ দুয়ো সমান অসহায় জীৱ৷ মানুহ আৰু মাছৰ মাজৰ সকলো শত্ৰুতা তেতিয়া বন্ধুত্বলৈ ৰূপান্তৰিত হৈছে৷ লেখকে এই অনুভৱক অত্যন্ত তাৎপৰ্যপূৰ্ণভাৱে ব্যাখ্যা কৰিছে–

‘‘দুয়োৰে মাজত বহি আছে কাল৷ সিহঁতৰ যিকোনো এটাক বা দুয়োটাকে কালে লৈ আহিছে নিজৰ বুকুলৈ৷ লগত আৰু কোনো নাই, দুয়ো অকলশৰীয়া৷’’

এই উপলব্ধিৰ মাজেৰে গল্পটোৱে দাৰ্শনিক তাৎপৰ্য বহন কৰিছে৷ জীৱন-মৃত্যুৰ সংকটময় মুহূৰ্তত মানুহ আৰু অন্য জীৱৰ মাজত কোনো মৌলিক পাৰ্থক্য নাথাকে৷ সেই মুহূৰ্তত দুয়ো সময় আৰু নিয়তিৰ হাতত সমভাৱে পৰাধীন৷ মাছটো এতিয়া আৰু চিকাৰ নহয়, জীৱকান্তৰ সহযাত্ৰী, সমভাগী৷

গল্পটোৰ এই পৰ্যায়ত মহিম বৰাই এক অসাধাৰণ মানৱীয় সত্য উন্মোচন কৰিছে৷ জীৱকান্তই উপলব্ধি কৰে যে যিদৰে তাৰ সংসাৰ, ল’ৰা-তিৰোতা, আশা-আকাংক্ষা আছে, তেনেদৰে হয়তো মাছটোৰো নিজৰ এখন জগত আছে৷ সেইবাবেই শেষ মুহূৰ্তত সি মাছটোক এৰি দিয়ে৷ গল্পটোত জীৱকান্তই সহজ স্বীকাৰোক্তি দিছে–‘‘পুৰণা ৰচি, ছিঙি দিলে’’৷ কিন্তু পাঠকে সহজেই অনুভৱ কৰে যে এইটো সচেতন মুক্তি৷ মাছটোক ধৰি ৰাখিবলৈ সি আৰু আন্তৰিকভাৱে আগ্ৰহী নহয়৷ এই মুক্তিৰ মাজেৰেই গল্পকাৰে সহমৰ্মিতা আৰু সহাৱস্থানৰ দৰ্শন প্ৰকাশ কৰিছে৷

জীৱকান্তৰ মনৰ যি উপলব্ধি, সেয়া গল্পটোৰ কেন্দ্ৰীয় বক্তব্য–

‘‘মাছটোহে তাৰ পৰম আত্মীয়৷ সিহঁত দুয়ো পৰম বন্ধু, নলে-গলে লগা বন্ধু৷’’

এই অনুভৱে মানুহ আৰু প্ৰকৃতিৰ মাজৰ সম্পৰ্কক এক নতুন মাত্ৰা দিছে৷ প্ৰকৃতিৰ উপাদানসমূহ মানুহৰ শত্ৰু নহয়৷ সিহঁতও জীৱন, ভয়, যন্ত্ৰণা আৰু অস্তিত্বৰ সংগ্ৰামৰ অংশীদাৰ৷ সেইবাবে মহিম বৰাৰ গল্পত মানুহক প্ৰকৃতিৰ বিজেতা হিচাপে নহয়, বৃহৎ জীৱনচক্ৰৰ এক ক্ষুদ্ৰ অংশ হিচাপে দেখা যায়৷

মহিম বৰাৰ গল্পত মানুহ আৰু প্ৰকৃতিৰ সম্পৰ্ক অস্তিত্ববাদী চেতনাৰে সম্পৃক্ত৷ ‘মাছ আৰু মানুহ’ গল্পত মাছ আৰু জীৱকান্ত দুয়ো জীৱনৰ সৈতে যুঁজ দিয়া সত্তা, মৃত্যুভয়ত কঁপি উঠা প্ৰাণ৷ মৃত্যু, ভয়, যন্ত্ৰণা আৰু সংগ্ৰামৰ ক্ষেত্ৰত মানুহ আৰু অন্যান্য জীৱৰ মাজত মৌলিক কোনো ভেদাভেদ নাই– এই সত্যই গল্পটোক এক বিশ্বজনীন তাৎপৰ্য প্ৰদান কৰিছে৷ অন্যহাতেদি মহিম বৰাৰ গল্পত ‘‘মানুহ বনাম প্ৰকৃতি’’ৰ ধাৰণা দেখা নাযায়৷ তেওঁৰ গল্পত প্ৰকৃতিৰ মাজতেই মানুহে নিজৰ অস্তিত্ব বিচাৰে৷ ‘মাছ আৰু মানুহ’ গল্পত বিল, পানী, আকাশ আৰু মাছ– এই সকলো উপাদান জীৱকান্তৰ মানসিক অৱস্থাৰ সৈতে একাত্ম হৈ পৰিছে৷ প্ৰকৃতি ইয়াত কেতিয়াবা নীৰৱ সাক্ষী, কেতিয়াবা সক্ৰিয় অংশগ্ৰহণকাৰী৷

মহিম বৰাৰ ভাষাশৈলীয়েও মানুহ আৰু প্ৰকৃতিৰ সম্পৰ্কক অধিক শক্তিশালী কৰি তুলিছে৷ তেওঁ অত্যন্ত চিত্ৰধৰ্মী, সংবেদনশীল আৰু কাব্যময় ভাষাৰে প্ৰকৃতিক জীৱন্ত ৰূপ দিছে৷ উদাহৰণস্বৰূপে–

‘‘বিলৰ বহল বুকুখন ৰূপৰ কাঁহী এখনৰ দৰে চকমকাই উঠিছে৷’’

এই ধৰণৰ বৰ্ণনাই প্ৰকৃতিক অনুভৱৰ বিষয়ও কৰি তুলিছে৷

১.০২ : প্ৰতীকী ব্যঞ্জনাৰে জীৱন-সত্যৰ উন্মোচন

মহিম বৰাৰ গল্প-সাহিত্যৰ অন্যতম উল্লেখযোগ্য বৈশিষ্ট্য হৈছে প্ৰতীকৰ সুসংহত আৰু তাৎপৰ্যপূৰ্ণ প্ৰয়োগ৷ তেওঁ গল্পত প্ৰতীক ব্যৱহাৰ কৰিছে মানৱ-জীৱনৰ প্ৰকৃত সত্য, সামাজিক বাস্তৱতা, মানসিক সংকট, নাৰীৰ অসহায় অৱস্থা, সমাজৰ অৱক্ষয়, মানৱিক মূল্যবোধৰ পতন আৰু অস্তিত্বৰ বেদনাক অধিক তীক্ষ্ণ আৰু শিল্পসন্মতভাৱে প্ৰকাশ কৰিবলৈ৷ তেওঁৰ প্ৰতীকসমূহ স্বাভাৱিকভাৱে কাহিনীৰ ভাঁজত মিহলি হৈ থাকে আৰু গল্পৰ অন্তৰ্নিহিত তাৎপৰ্যক বহুগুণে ইংগিতপূৰ্ণ কৰি তোলে৷ সেইবাবেই মহিম বৰাৰ গল্পত প্ৰতীক হৈ পৰিছে আভ্যন্তৰীণ সত্য উন্মোচনৰ এক শক্তিশালী শিল্পকৌশল৷

‘ৰাতি ফুলা ফুল’ গল্পত ‘ৰাতি ফুলা ফুল’পাহ নিজেই এক অৰ্থৱহ প্ৰতীক৷ এই ফুলজোপা নমিতাৰ জীৱন, অপূৰ্ণ যৌৱন আৰু নিভৃত বেদনাৰ প্ৰতীক হিচাপে উদ্ভাসিত হৈছে৷ ফুলপাহ ফুলাই তপনক দেখুৱাবলৈ নমিতাৰ মাকৰ আগ্ৰহৰ মাজেৰে ছোৱালীজনীক উপযুক্ত পাত্ৰৰ আগত উপস্থাপন কৰাৰ গৃহস্থ মনোভাৱ আৰু সমাজৰ চিৰাচৰিত নাৰীকেন্দ্ৰিক মানসিকতা প্ৰকাশ পাইছে৷ গল্পটোত গল্পকাৰে লিখিছে–

‘‘প্ৰমীলা, নমিতা আৰু জেঠায়েকে ফুলজোপাৰ চাৰিওফালে চকী, মূঢ়া পাতি বাৰাণ্ডাৰ প্লাগ্‌পইণ্টৰপৰা টেবুল-লাইট এটা জ্বলাই ফুলজোপাৰ ওপৰত পোহৰ পৰাকৈ বাৰাণ্ডাৰ খুটাটোৰ ওপৰত বান্ধি দিলে৷’’

ই যেন নমিতাৰ যৌৱন, সৌন্দৰ্য আৰু অপেক্ষাক আলোকিত কৰি তোলাৰ একপ্ৰকাৰৰ প্ৰতীকী আয়োজন৷ কিন্তু ‘ৰাতি ফুলা ফুল’ৰ দৰে নমিতাৰ জীৱনো ক্ষণস্থায়ী, নিঃশব্দ আৰু অৱহেলিত৷ ফুলপাহ যিদৰে অন্ধকাৰ নিশাত ফুলি পুনৰ ম্লান হয়, নমিতাৰ জীৱনো তেনেদৰে নিভৃত বেদনা আৰু ব্যৰ্থতাৰে ক্ষয়িষ্ণু৷ ইয়াৰ মাজেৰে গল্পকাৰে সমগ্ৰ নাৰীজাতিৰ অসহায়তা, পুৰুষতান্ত্ৰিক সমাজত নাৰীৰ যৌৱনৰ অবমূল্যায়ন আৰু হৃদয়হীন ভোগবাদী মানসিকতাক প্ৰতীকী ৰূপত প্ৰকাশ কৰিছে৷

‘আবু’ গল্পতো প্ৰতীকৰ তাৎপৰ্যপূৰ্ণ প্ৰয়োগ দেখা যায়৷ ইয়াত বৰঠাকুৰৰ বাৰীখন যৌৱন-লাৱণ্যভৰা গাভৰু ছোৱালী এজনীৰ প্ৰতীক হিচাপে ৰূপায়িত হৈছে৷ বাৰীখনৰ ধবংসস্তূপৰ বৰ্ণনাৰ মাজেৰে সমাজত নাৰীৰ সত্তাৰ অপমান আৰু লাঞ্ছনাৰ এক প্ৰতীকী ব্যঞ্জনা প্ৰকাশ পাইছে–

‘‘জকমকাই ফুলি থকা নাৰ্জিফুলৰ পৰিয়ালটোৰ ওপৰেদি কেইবাটাও মানুহ পাৰ হৈ যোৱাত সম্পূৰ্ণ বিপৰ্যস্ত হৈ ধৰাশায়ী হৈছে৷’’

ই যেন নাৰীসত্তাৰ ওপৰত হোৱা অবমাননা আৰু সহিংসতাৰ এক নিঃশব্দ প্ৰতীক৷ সেইবাবেই বৰঠাকুৰে ‘‘বাৰীখনৰ এই নগ্নৰূপটো চাবলৈ সাহ নহ’ল৷’’ ‘নগ্নৰূপ’ শব্দটোৱে গল্পটোৰ প্ৰতীকী তাৎপৰ্যক অধিক শক্তিশালী কৰি তুলিছে৷

‘হাড়মাল’ গল্পৰ নামকৰণেই প্ৰতীকধৰ্মী৷ ইয়াত ‘হাড়মাল’ শব্দটোৱে সোণেশ্বৰীৰ শাৰীৰিক-মানসিক অৱক্ষয়ৰ প্ৰতীক হিচাপে কাম কৰিছে৷ স্বামী ৰামেশ্বৰৰ সংসাৰ উন্নতিৰ বাবে অক্লান্ত পৰিশ্ৰম, দাৰিদ্ৰ্য, গৰ্ভপাত আৰু অৱহেলাৰ ফলত সোণেশ্বৰী অকালতে ক্লান্ত, শীৰ্ণ আৰু সৌন্দৰ্যহীন হৈ পৰে৷ গল্পটোৰ বিশেষ তাৎপৰ্য এইখিনিতে যে গল্পকাৰে সোণেশ্বৰী আৰু পুৰণি চাইকেলখনৰ মাজত এক প্ৰতীকী সম্পৰ্ক স্থাপন কৰিছে৷ চাইকেলখন যিদৰে ক্ৰমে জীৰ্ণ আৰু অপ্ৰয়োজনীয় হৈ পৰিছে, সোণেশ্বৰীকো তেনেদৰেই ৰামেশ্বৰৰ দৃষ্টিত মূল্যহীন যেন লাগিবলৈ আৰম্ভ কৰিছে৷ গল্পকাৰে লিখিছে–

‘‘সি এই ভগা চাইকেলখনত উঠি ফুৰাটো সঁচাকৈয়েই নুশুৱায়... কিন্তু সোণেশ্বৰী... তাইৰ কথা ভবাৰ লগে লগে সি এক নতুন অস্বস্তি অনুভৱ কৰিলে৷’’

চাইকেলখনৰ ওপৰত জন্মা বিৰাগ ক্ৰমে সোণেশ্বৰীৰ প্ৰতিও বিৰক্তিত পৰিণত হয়৷ ইয়াৰ মাজেৰে গল্পকাৰে ভোগবাদী আৰু আত্মকেন্দ্ৰিক মানসিকতাই কেনেদৰে মানৱীয় সম্পৰ্কক ক্ষয়িষ্ণু কৰি তোলে, সেয়া প্ৰতীকী ৰূপত প্ৰকাশ কৰিছে৷ গল্পটোৰ শেষত লিখিছে–

‘‘বেচিব নালাগে নেকি সেই হাড়মালডাল?’’

–এই বক্তব্যত ‘হাড়মাল’ শব্দটোৱে একেলগে চাইকেল আৰু সোণেশ্বৰী দুয়োকে সূচাইছে৷ এই দ্ব্যৰ্থবোধক প্ৰতীকেই গল্পটোৰ কৰুণ তাৎপৰ্য অধিক তীক্ষ্ণ কৰি তুলিছে৷

‘এখন নদীৰ মৃত্যু’ গল্পত কলং নৈৰ মৃত্যু মানে থলুৱা সমাজ-সংস্কৃতিৰ অৱক্ষয়ৰ প্ৰতীক হৈ ধৰা দিছে৷ নদীৰ স্ৰোত বন্ধ হোৱা মানে যেন জীৱনৰ গতি, ঐতিহ্য, সংস্কৃতি আৰু সমাজৰ প্ৰাণশক্তিৰ ক্ষয়৷ এই গল্পত নদী একপ্ৰকাৰৰ বৃহত্তৰ সভ্যতাৰ অস্তিত্বৰ প্ৰতীক হিচাপে দেখা দিছে৷ আনহাতে ‘টোপ’ গল্পত শ’ল মাছ আৰু বৰশী টোপোৱাৰ ঘটনাবোৰে প্ৰতীকী ব্যঞ্জনাৰ ইংগিত দিছে৷ হৰিবল বুঢ়াৰ জীৱন যেন সেই শ’ল মাছটোৰ দৰেই ৰহস্যময় আৰু গভীৰ৷ গল্পকাৰে লিখিছে–

‘‘শ’ল টোপোৱাদি টোপাই কোনেও তাক পাৰলৈ আনিব পৰা নাই৷’’

অৰ্থাৎ বুঢ়াৰ জীৱনৰ অতীত আৰু মানসিক বেদনা কোনেও সম্পূৰ্ণ উপলব্ধি কৰিব পৰা নাই৷ বৰশী টোপাবলৈ গৈ কেঁচুৱা পুতি থোৱা দৃশ্য দেখাৰ পাছত বুঢ়াই বৰশী টোপাবলৈ এৰা আৰু গাঁও ত্যাগ কৰা ঘটনাৰ মাজেৰে তেওঁৰ অন্তৰৰ আঘাত আৰু সমাজৰ পাপ-অন্ধকাৰ প্ৰতীকী ৰূপত প্ৰকাশ পাইছে৷ গল্পটোৰ এই অংশ বিশেষভাৱে তাৎপৰ্যপূৰ্ণ–

‘‘সিহঁতে কিবা এটা বস্তু আৱৰি ধৰিছে... আগদিনা পুৱতি ৰাতি কোনোবাই ওচৰত পুতি থৈছিল৷’’

এই দৃশ্যটো সমাজৰ নিষ্ঠুৰতা, পাপ আৰু অমানৱীয়তাৰ প্ৰতীক৷ সেই অভিজ্ঞতাৰ পাছতেই হৰিবল বুঢ়াই ‘‘বৰশি এৰিলোঁ, দুদিনমানৰ পাছত গাঁৱো এৰিলোঁ’’ বুলি কোৱা কথাষাৰে তেওঁৰ অন্তৰজীৱনৰ মানসিক আঘাতক ইংগিত দিছে৷

১.০৩ : গ্ৰাম্য জীৱনৰ বাস্তৱধৰ্মী চিত্ৰায়ণ

মহিম বৰাৰ গল্প-সাহিত্যৰ অন্যতম প্ৰধান বৈশিষ্ট্য হৈছে অসমীয়া গ্ৰাম্য জীৱনৰ সজীৱ, বাস্তৱধৰ্মী আৰু অন্তৰংগ চিত্ৰায়ণ৷ তেওঁৰ গল্পৰ অধিকাংশ প্লট গঢ় লৈ উঠিছে গাঁওক কেন্দ্ৰ কৰি৷ গাঁও তেওঁৰ বাবে  অসমীয়া সমাজ-সংস্কৃতি, জীৱন-সংগ্ৰাম, লোক-বিশ্বাস, উৎপাদন পদ্ধতি, সম্পৰ্কবোধ আৰু সময়-পৰিৱৰ্তনৰ এক জীৱন্ত নথি৷ সেইবাবেই তেওঁৰ গল্পসমূহত অসমীয়া গ্ৰাম্য সমাজৰ নিখুঁত ছবি ফুটাই তোলাৰ লগতে ক্ৰমে লুপ্তপ্ৰায় হৈ যোৱা গাঁৱলীয়া ঐতিহ্য আৰু সংস্কৃতিকো সংৰক্ষণ কৰাৰ সচেতন প্ৰয়াস লক্ষ্য কৰা যায়৷

‘মাছ আৰু মানুহ’ গল্পত মহিম বৰাই অসমীয়া গ্ৰাম্য জীৱনৰ উৎপাদন প্ৰক্ৰিয়া, লোকাচাৰ, সামাজিক সহযোগিতা আৰু সামূহিক সংস্কৃতিৰ এক জীৱন্ত ছবি অংকন কৰিছে৷ ভোগালী বিহুৰ উৰুকাৰ আগদিনা গাঁৱৰ ৰাইজে একেলগে মাছ মাৰিবলৈ যোৱাৰ ঘটনাই গাঁৱলীয়া সমাজৰ সমূহীয়া জীৱনবোধক প্ৰকাশ কৰিছে৷ গল্পটোৰ আৰম্ভণিতে লিখিছে–

‘‘গাঁৱৰ প্ৰায় দুকুৰি মানুহ, ল’ৰা-ডেকা-বুঢ়া মিলি, কেঁকুৰিত গোট খাই শেষবাৰ হৰিধবনি কৰিছে৷’’

–এইধৰণৰ বৰ্ণনাই অসমীয়া গ্ৰাম্য সমাজৰ সামূহিক উৎসৱমুখৰ পৰিৱেশক সজীৱ কৰি তোলে৷ মাছ ধৰা প্ৰক্ৰিয়া, পল, জুলুকি, পচা, কোল আদি সঁজুলিৰ উল্লেখ আৰু ৰৌ, বাহু, বৰালি, আৰি, কুঢ়ি আদি মাছৰ নাম ব্যৱহাৰে গল্পটোক একেবাৰে মাটিৰ লগত সংলগ্ন কৰি তুলিছে৷ ডাঙৰ মাছ ধৰাৰ কৌশলৰ বৰ্ণনাৰ মাজেৰেও গাঁৱলীয়া মানুহৰ অভিজ্ঞতালব্ধ জ্ঞান আৰু জীৱন-সংগ্ৰামৰ ছবি প্ৰকাশ পাইছে৷

‘টোপ’ গল্পত হৰিবল বুঢ়া অসমীয়া গ্ৰাম্য সমাজৰ বিশেষ প্ৰতিনিধিত্বমূলক চৰিত্ৰ৷ তেওঁ সমাজৰ পৰম্পৰা, লোকবিশ্বাস আৰু পাৰস্পৰিক সহমৰ্মিতাৰ বাহক৷ গল্পকাৰে লিখিছে–

‘‘গাঁৱৰ ‘হৰিবল বুঢ়া’ বুলি জনাজাত, ল’ৰা-ছোৱালীৰ ‘হৰিবল-ককা’ গাঁৱৰ এমূৰত অকলে থাকে৷ দোকমোকালিতে উঠিয়ে ‘হৰিবোল’ বুলি যিটো চিঞৰ মাৰে, গাঁৱৰ মূৰ সৰকি যায়গৈ৷ সকলোৱে জানে, হৰিবল বুঢ়া উঠিল৷ ৰাতি পুৱাল৷ মূৰৰ চুলিবিলাক দীঘল, চাৰিওফালৰ পৰা আঁচুৰি ওপৰলৈ খোপা বান্ধি থোৱা৷ খোপাৰ ওপৰত ফুল এপাহ৷ দীঘলীয়া দাঢ়ি কোছাই বুকু চুইছেহি৷ কপালত ৰঙা বগা ফোঁট৷ মুখত হৰিনাম পুৱা এবাৰ আৰু সন্ধিয়া এবাৰ শুনা যায়৷ বাকী কথাৰ প্ৰতি দুটা শব্দৰ অন্তত এটাকৈ ‘অবাইচ’ কথা থাকে৷ ...কাৰোবাৰ ঘৰত  সবাহ পাতিলে মাহ-প্ৰসাদ তিওৱা, ধোৱা, কলৰ দোৰোল সঁজা কাম বুঢ়াৰ৷ তদুপৰি পানী জাৰি দিয়া, তেল জাৰি দিয়া, পৰীক্ষাৰ সময়ত ল’ৰা-ছোৱালীৰ পেঞ্চিল-কলম জাৰি দিয়া কাম দিনটোত লাগি আছেই৷ সেই কাৰণে গঞাই বুঢ়াক ধান, চাউল বয়-বস্তু দি সহায় কৰে৷ বুঢ়াৰ গাইজনী পালত ৰখি দিয়ে, তাৰ বাবে বুঢ়াৰ পালৰ কোনেও হেঙা নধৰে৷ ’’

এই হৰিবল বুঢ়া গাঁৱলীয়া সমাজৰ বাবে চিৰপৰিচিত৷ মাহ-প্ৰসাদ তিওৱা, কলৰ দোৰোল সজা, পানী জাৰি দিয়া, তেল জাৰি দিয়া, পৰীক্ষাৰ সময়ত পেঞ্চিল-কলম জাৰি দিয়া আদি কামৰ মাজেৰে তেওঁ সমাজৰ সকলো স্তৰৰ লগত জড়িত হৈ আছে৷ একেদৰে ‘ৰস’ গল্পৰ ভটাগুটি চৰিত্ৰও অসমীয়া গাঁওজীৱনৰ এক অনন্য প্ৰতিভূ৷ ভটাগুটি গাঁৱৰ সকলো কামতে সহায় কৰা, সৰবৰহী আৰু পৰোপকাৰী মানুহ৷ গল্পকাৰে লিখিছে–

‘‘ল’ৰা, তিৰোতা, ডেকা, বুঢ়া সকলোৰে সমাজতে ভটাগুটি সৰবৰাহী৷’’

বিয়া-ভাওনা, সভা-সমিতি, নামঘৰৰ কাম, তাঁতশালৰ সঁজুলি বনোৱা, ল’ৰা-ছোৱালীৰ হাতৰ কাম কৰি দিয়া– এইধৰণৰ সকলো কামত ভটাগুটিৰ সক্ৰিয় উপস্থিতিয়ে গাঁৱলীয়া সমাজৰ সহযোগিতামূলক জীৱন-ব্যৱস্থাক স্পষ্ট কৰি তোলে৷ এই চৰিত্ৰটোৰ মাজেৰে মহিম বৰাই অসমীয়া গাঁৱৰ সহজ-সৰল, হৃদয়বান আৰু আত্মীয়তাপূৰ্ণ সমাজ-ব্যৱস্থাক ৰূপায়িত কৰিছে৷

মহিম বৰাৰ গল্পৰ আন এটা গুৰুত্বপূৰ্ণ দিশ হৈছে গাঁৱলীয়া সংস্কৃতি আৰু লোক ঐতিহ্য সংৰক্ষণৰ সচেতন প্ৰয়াস৷ তেওঁৰ গল্পসমূহত তাঁতশালৰ সঁজুলি–ফুলচিৰি, শলি, লেটাই, চেৰেকীৰ পাহ, নাচনী জৰী, টাকুৰি, টোলোঠা জৰী আদিৰ নাম উল্লেখ কৰিছে৷ একেদৰে মাছ ধৰা, বৰশি বোৱা, কোকাটোপ, ফুল বৰশি, টাম্‌চিং বৰশি, বৰল আদি গ্ৰাম্য জীৱনৰ বিভিন্ন উপাদানকো তেওঁ গল্পত স্থান দিছে৷ এই শব্দসমূহ অসমীয়া গ্ৰাম্য সংস্কৃতিৰ এক মূল্যবান দলিল৷

এইটো ঠিক যে মহিম বৰাই কেৱল অতীতৰ গৌৰৱময় গ্ৰাম্য-জীৱনক ৰোমাণ্টিক ৰূপত দেখুৱাই থমকি ৰোৱা নাই৷ তেওঁ সময়ৰ পৰিৱৰ্তনৰ লগে লগে গাঁৱলীয়া সমাজলৈ অহা অৱক্ষয়, আধুনিকতাৰ প্ৰভাৱ আৰু সামাজিক পৰিৱৰ্তনকো বাস্তৱধৰ্মীতাৰে উপস্থাপন কৰিছে৷

‘হৰাজিকাৰ খেল’ গল্পত স্বাধীনতাৰ পিছৰ অসমৰ গ্ৰাম্যসমাজৰ পৰিৱৰ্তনৰ এখন স্পষ্ট ছবি দেখা যায়৷ গল্পটোত আগৰ ধনী-মানী, প্ৰভাৱশালী গৃহস্থ পৰিয়ালৰ পতনৰ ছবি ফুটাই তোলা হৈছে–

‘‘তেওঁলোকৰ ম’হখুঁটি বিক্ৰী কৰি দিলে, চাওঁতা-চিতোতা নাই, তেওঁলোকৰ পূৰ্বৰ সন্মান, সম্পদ, ক্ষমতাও আজি নাই৷’’

এইধৰণৰ বৰ্ণনাৰ মাজেৰে গাঁৱলীয়া আৰ্থ-সামাজিক পৰিকাঠামোৰ ভাঙোনৰ ছবিখন প্ৰকাশ পাইছে৷ একেদৰে শিক্ষিত নতুন প্ৰজন্মৰ চহৰমুখী মানসিকতাৰ ফলত গাঁওৰ কৃষিভিত্তিক সমাজ-ব্যৱস্থা কেনেদৰে ক্ষতিগ্ৰস্ত হৈছে, সেয়াও গল্পকাৰে স্পষ্টকৈ দেখুৱাইছে–

‘‘স্বাধীন দেশৰ ল’ৰাহঁত শিক্ষিত হ’ল– চহৰত, কাছাৰীত কেৰাণী-মহৰী হৈ নগৰীয়া হ’ল৷’’

ইয়াৰ ফলত খেতি-বাতি, গৰু-ম’হৰ খুঁটি, চাপৰিৰ জীৱন– এই সকলো ক্ৰমে অৱহেলিত হৈ পৰিছে৷ এইধৰণৰ পৰিৱৰ্তনৰ মাজেৰে মহিম বৰাই গ্ৰাম্যজীৱনৰ ক্ৰমশঃ ক্ষয়িষ্ণু ৰূপটোক গভীৰ বেদনাৰে চিত্ৰিত কৰিছে৷

‘পঁইতাচোৰা’ গল্পতো গাঁৱলীয়া সমাজলৈ অহা আধুনিকতাৰ নেতিবাচক প্ৰভাৱৰ কথা উল্লেখ কৰা হৈছে৷ তিনপাট্টি, জুৱা, অসামাজিক প্ৰবৃত্তি আৰু চৰকাৰী বিষয়াৰ প্ৰভাৱত গাঁৱৰ যুৱসমাজ বিপথগামী হোৱাৰ কথা গল্পকাৰে বাস্তৱধৰ্মীতাৰে উপস্থাপন কৰিছে–

‘‘আজিকালি টুৱেণ্টি নাইন নিৰামিষ, তিনপাট্টি, ফিছ, ৰামি...’’

এই বক্তব্যৰ মাজেৰে গাঁৱলীয়া সমাজৰ নৈতিক অৱক্ষয় আৰু সামাজিক মূল্যবোধৰ সংকট প্ৰকাশ পাইছে৷

১.০৪ : লোকবিশ্বাস আৰু কুসংস্কাৰৰ বাস্তৱ চিত্ৰ

মহিম বৰাৰ গল্পসাহিত্যৰ অন্য এক উল্লেখযোগ্য বৈশিষ্ট্য হৈছে অসমীয়া সমাজত প্ৰচলিত লোকবিশ্বাস, কুসংস্কাৰ, অলৌকিক ধাৰণা আৰু গ্ৰাম্য মানসিকতাৰ বাস্তৱধৰ্মী চিত্ৰায়ণ৷ তেওঁ এই বিশ্বাসসমূহক গ্ৰাম্য সমাজৰ মনোজগত, জীৱন-দৰ্শন, ভয়-আতংক, আশা-আকাংক্ষা আৰু সামাজিক বাস্তৱতাৰ অংশ হিচাপে উপস্থাপন কৰিছে৷ তেওঁৰ গল্পসমূহত লোকবিশ্বাস আৰু কুসংস্কাৰ মানুহৰ দৈনন্দিন জীৱনৰ লগত অতি স্বাভাৱিকভাৱে জড়িত৷ সেইবাবেই এই দিশত তেওঁৰ গল্পত কৃত্ৰিম বা আৰোপিত যেন নালাগি জীৱন্ত সামাজিক বাস্তৱতা হিচাপেই ধৰা পৰিছে৷

‘এখন নদীৰ মৃত্যু’ গল্পত অসমীয়া সমাজত প্ৰচলিত অন্ধবিশ্বাস আৰু নজৰ-লগা ধাৰণাৰ স্পষ্ট প্ৰকাশ দেখা যায়৷ মনেশ্বৰৰ বিশ্বাস যে নলীয়াৰ ঘৈণীয়েক ভদ্ৰেৰ ‘‘নজৰ বেয়া’’; মাছ মাৰিবলৈ যাওঁতে তাইক দেখিলে সেইদিনা মাছ পোৱা নাযায়৷ গল্পকাৰে লিখিছে–

‘‘ভদ্ৰে বোলা ওচৰঘৰৰ নলীয়াৰ ঘৈণীয়েকজনীক সি দুচকু পাৰি দেখিব নোৱাৰে৷ সেই মানুহজনীৰ নজৰ বেয়া...’’

এই বিশ্বাস যুক্তিবাদী দৃষ্টিত কুসংস্কাৰ হ’লেও গ্ৰাম্য সমাজত এনে ধাৰণা বিশেষভাৱে প্ৰচলিত৷ মাছ পোৱাৰ পিছতো ‘‘ৰতন বুঢ়াৰ ওচৰত তামোল-পাণ দুখন দি জালখন জৰাই নল’লে’’ মাছ নষ্ট হয় বুলি বিশ্বাস কৰা ঘটনাই এইটো প্ৰতিপন্ন কৰে যে লোকবিশ্বাস গাঁৱলীয়া মানুহৰ মানসিক নিৰাপত্তাৰ অংশ হৈ পৰিছিল৷ মহিম বৰাই এই বিশ্বাসসমূহক উপহাস কৰা নাই৷ সমাজৰ বাস্তৱ অভিজ্ঞতা হিচাপে নিৰপেক্ষভাৱে গল্পত উপস্থাপন কৰিছে৷

‘টোপ’ গল্পত বৰ্ণিত সন্তান প্ৰসৱৰ সৈতে জড়িত লোকবিশ্বাসৰ চিত্ৰ অতি তাৎপৰ্যপূৰ্ণ৷ হৰিবল বুঢ়া গাঁৱৰ লোকসমাজত এক প্ৰকাৰ আধ্যাত্মিক ক্ষমতাসম্পন্ন ব্যক্তি হিচাপে গণ্য৷ গল্পকাৰে লিখিছে–

‘‘যাৰ জন্মৰ সময়ত মাকে বুঢ়াৰ হাতৰ ডোল বা মজিয়াৰ মাটি গোলা পানী এঢোক খোৱা নাই৷’’

ইয়াৰ মাজেৰে অসমীয়া সমাজত প্ৰচলিত বিশ্বাসভিত্তিক চিকিৎসা আৰু লোকাচাৰৰ কথা প্ৰকাশ পাইছে৷ ভঁূইকপৰ সময়ত মাটি কামুৰি আনি ‘‘জাৰি’’ কৰা পানী খালে প্ৰসৱ-বেদনা লাঘৱ হয় বুলি বিশ্বাস কৰা ঘটনাই সমাজৰ অশিক্ষা, চিকিৎসা-সুবিধাৰ অভাৱ আৰু লোকবিশ্বাসনিৰ্ভৰ জীৱনপদ্ধতিক উন্মোচিত কৰিছে৷ একেদৰে এই গল্পতে বৰশীত মাছে খোৱা মন্ত্ৰৰ উল্লেখ আছে৷ ই অসমীয়া লোকসমাজত প্ৰচলিত মন্ত্ৰ-তন্ত্ৰৰ ওপৰত থকা বিশ্বাসৰ প্ৰতিফলন৷ মাছ ধৰা, খেতি কৰা, গৰু-ম’হ ৰখা আদি জীৱিকাৰ লগতো লোকবিশ্বাস ওতপ্ৰোতভাৱে জড়িত আছিল৷ মহিম বৰাই এইবোৰ দিশ বাস্তৱধৰ্মীতাৰে গল্পত অন্তৰ্ভুক্ত কৰি অসমীয়া লোকজীৱনৰ অন্তৰঙ্গ ৰূপ ফুটাই তুলিছে৷

‘মাছ আৰু মানুহ’ গল্পত ‘‘কালিকা লগা মাছ’’ৰ কাহিনীৰ বৰ্ণনাৰ মাজেৰে অসমীয়া সমাজৰ অলৌকিক বিশ্বাস আৰু ভয়ভাৱৰ প্ৰকাশ ঘটিছে৷ বুঢ়া মানুহজনৰ সতৰ্কবাণী–

‘‘ই এলাপেচা মাছ নহয়, এই বিলৰ কালিকা লগা মাছ৷’’

–এই কথাষাৰে মাছটোক এক অলৌকিক আৰু ভয়ংকৰ সত্তা হিচাপে ৰূপায়িত কৰিছে৷ আগতে এই মাছ ধৰি কোনোবাই মৃত্যুবৰণ কৰা কথাও উল্লেখ কৰা হৈছে৷ ইয়াৰ মাজেৰে গাঁৱলীয়া সমাজত প্ৰচলিত অতিপ্ৰাকৃত শক্তিৰ ভয় আৰু কুসংস্কাৰ প্ৰকাশ পাইছে৷ কিন্তু লক্ষণীয় যে জীৱকান্ত আৰু ৰত্নৰ দৰে ডেকাসকলে এই বিশ্বাস সম্পূৰ্ণ মানি লোৱা নাই৷ ইয়াৰ ফলত গল্পটোত পুৰণি লোকবিশ্বাস আৰু নতুন যুক্তিবাদী মানসিকতাৰ সংঘাতো সূক্ষ্মভাৱে ধৰা পৰিছে৷

মহিম বৰাৰ গল্পত ভাগ্য গণনা, মঙল চোৱা, লক্ষণ বিচাৰ আদি লোকবিশ্বাসৰো উল্লেখ দেখা যায়৷ হৰিনাথৰ চাকৰি হ’বনে নহয় চাবলৈ ঘৈণীয়েকে চাউলত ‘‘মঙল’’ চোৱা ঘটনাই অসমীয়া গাঁৱলীয়া সমাজত ভাগ্যনিৰ্ভৰ মনোবৃত্তিৰ ছবিখন ধৰা দিছে৷ জীৱনৰ অনি(য়তাৰ মাজত মানুহে এনে বিশ্বাসৰ মাজতে মানসিক সাbLনা বিচাৰিছিল৷

‘ৰস’ গল্পত অসমীয়া সমাজত প্ৰচলিত ভূত-প্ৰেত, ‘‘দেওলগা’’ ঠাই আৰু ‘‘বুঢ়া ডাঙৰীয়া’’ৰ বিশ্বাসৰ এক জীৱন্ত চিত্ৰ দাঙি ধৰা হৈছে৷ গাঁৱৰ মানুহে বিশ্বাস কৰে যে আঁহত গছজোপাত অলৌকিক শক্তিয়ে বাস কৰিছে৷ গল্পকাৰে লিখিছে–

‘‘এই বাহ যে দেওলগা মৌ, এইখন দেওলগা হাবি, এইজোপা যে বুঢ়া ডাঙৰীয়া থকা গছ৷’’

গছজোপাক কেন্দ্ৰ কৰি গাঁৱৰ মানুহৰ ভয়, কাহিনী আৰু অলৌকিক কল্পনাই এক বিশেষ সামাজিক মানসিকতা গঢ়ি তুলিছে৷ ‘‘পকা থেকেৰাৰ দৰে মুখ’’, ‘‘কলচীৰ দৰে জিলিকি থকা পাগ’’ আদি বৰ্ণনাই লোককথাৰ অলৌকিক চৰিত্ৰৰ এক চাক্ষুষ ৰূপ সৃষ্টি কৰিছে৷ এই বিশ্বাসৰ ফলত মানুহৰ আচৰণ কেনেদৰে নিয়ন্ত্ৰিত হয়, সেয়াও গল্পটোৱে প্ৰকাশ কৰিছে৷ বহুতে ভটাগুটিৰ বিপদৰ আশংকাত আঁতৰি যায়, কিন্তু এই ভয় বাস্তৱ নহয়– সামূহিক কল্পনা আৰু লোকবিশ্বাসৰ ফল৷

মহিম বৰাই লোকবিশ্বাস আৰু কুসংস্কাৰসমূহক অন্ধ সমৰ্থন কৰা নাই, কিন্তু সেয়া একেবাৰে খণ্ডনো কৰা নাই৷ তেওঁ এইবোৰক সমাজৰ বাস্তৱ মানসিকতা আৰু সাংস্কৃতিক ঐতিহ্যৰ অংশ হিচাপে উপস্থাপন কৰিছে৷ তেওঁৰ দৃষ্টিভংগী মূলত বাস্তৱবাদী আৰু সমাজ-মনস্তাত্ত্বিক৷ লোকবিশ্বাসৰ মাজেৰে তেওঁ গাঁৱলীয়া মানুহৰ ভয়, অসহায়তা, অনিশ্চয়তা, বিশ্বাসপ্ৰবণতা আৰু সামাজিক অভিজ্ঞতাক বুজিবলৈ চেষ্টা কৰিছে৷

বিশেষকৈ এই বিশ্বাসসমূহৰ উৎস বিশ্লেষণ কৰিলে দেখা যায় যে–

(ক) চিকিৎসা আৰু শিক্ষাৰ অভাৱ,

(খ) প্ৰকৃতি-নিৰ্ভৰ জীৱন,

(গ) অজানাৰ ভয়,

(ঘ) সামাজিক অনিশ্চয়তা,

আৰু (ঙ) লোকসংস্কৃতিৰ ঐতিহ্য–

এইবোৰ কাৰণতেই অসমীয়া সমাজত এনে বিশ্বাসৰ জন্ম হৈছিল৷ মহিম বৰাই এই বাস্তৱতাক শিল্পসন্মতভাৱে গল্পত ৰূপায়িত কৰিছে৷

১.০৫ : আধুনিকতাৰ অভিঘাত আৰু সমাজবাস্তৱৰ ৰূপান্তৰ

মহিম বৰাৰ গল্প-সাহিত্যত আধুনিকতাৰ প্ৰভাৱত অসমীয়া সমাজলৈ অহা পৰিৱৰ্তনৰ বাস্তৱধৰ্মী আৰু সমালোচনামূলক চিত্ৰ ফুটাই তোলা হৈছে৷ তেওঁ আধুনিকতাক একপক্ষীয়ভাৱে গ্ৰহণ বা প্ৰত্যাখ্যান কৰা নাই৷ আধুনিক সমাজ-ব্যৱস্থাই মানুহৰ চিন্তা, মূল্যবোধ, সামাজিক সম্পৰ্ক, সংস্কৃতি আৰু জীৱনযাত্ৰালৈ কিদৰে ইতিবাচক আৰু নেতিবাচক দুয়োটা পৰিৱৰ্তন আনিছে, সেয়া নিৰপেক্ষ শিল্পদৃষ্টিৰে উপস্থাপন কৰিছে৷ তেওঁৰ গল্পসমূহত আধুনিকতাৰ ফলত শিক্ষা, নাৰীৰ স্থান, চিন্তাধাৰা আৰু সামাজিক দৃষ্টিভংগীত পৰিৱৰ্তন অহাৰ ছবি যেনেদৰে দেখা যায়, তেনেদৰে ভোগবাদ, স্বাৰ্থপৰতা, দুৰ্নীতি, সাংস্কৃতিক অৱক্ষয় আৰু মানৱীয় মূল্যবোধৰ সংকটো স্পষ্টভাৱে ধৰা পৰিছে৷

‘হাড়মাল’ গল্পত আধুনিক শিক্ষাৰ প্ৰভাৱত সমাজত নাৰীৰ স্থান আৰু মৰ্যাদাৰ ক্ষেত্ৰত অহা পৰিৱৰ্তনৰ ইতিবাচক ছবি দেখা যায়৷ সোণেশ্বৰীয়ে হাইস্কুল পাছ কৰাৰ পিছতেই মনুৰ বিয়াৰ কথা ভাবিলেও ৰামেশ্বৰে তাৰ বিপৰীত মত পোষণ কৰিছে৷ ৰামেশ্বৰে কৈছে–

‘‘আজিকালি ছোৱালীয়ে ল’ৰাৰ সমান৷ আজিকালি স্বাধীন দেশত মুনিহৰ সমানে তিৰোতা গৈছে৷’’

এই বক্তব্যই সমাজত নাৰীশিক্ষা আৰু নাৰীৰ অধিকাৰৰ বিষয়ে নতুন চিন্তাধাৰাৰ উন্মেষক সূচিত কৰিছে৷ স্বাধীনোত্তৰ সময়ত শিক্ষাৰ প্ৰভাৱত সমাজত নাৰীৰ প্ৰতি মনোভাৱ ক্ৰমে সলনি হোৱাৰ বাস্তৱতা মহিম বৰাই ইয়াত ফুটাই তুলিছে৷

কিন্তু আধুনিকতাৰ নেতিবাচক দিশসমূহৰ প্ৰতি লেখকৰ দৃষ্টিভংগী অধিক তীক্ষ্ণ আৰু সমালোচনামূলক৷ ‘আবুৰ’ গল্পত আধুনিকতাৰ নামত সমাজত নৈতিক আৰু সাংস্কৃতিক অৱক্ষয় বৃদ্ধি পোৱাৰ প্ৰতি গল্পকাৰৰ তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে৷ গল্পটোত বৰঠাকুৰ চৰিত্ৰটোৱে এইদৰে কৈছে– ‘‘সৰস্বতী পূজাৰ নামত যিহে গোসাঁনীৰ ৰূপ, মাইকত যিহে বিহুনাম, বিহুৰ নামত যিহে মাইকত অশ্লীল চিঞৰ-বাখৰ...’’

–এইধৰণৰ বক্তব্যৰ মাজেৰে গল্পকাৰে আধুনিক বিনোদনসংস্কৃতি আৰু তথাকথিত ‘‘সংস্কৃতি চৰ্চা’’ৰ অন্তৰালত লুকাই থকা অশ্লীলতা আৰু মূল্যবোধহীনতাক সমালোচনা কৰিছে৷ গা-দেখা সাজ-পাৰ, ফটুৱাসুলভ আচৰণ, কোলাহলমুখৰ সংস্কৃতি– এই সকলোকে তেওঁ গ্ৰাম্য সমাজৰ সুস্থ ঐতিহ্যৰ অৱক্ষয় হিচাপে চিহ্নিত কৰিছে৷

‘স্মৃতিগন্ধা’ গল্পত সময়ৰ পৰিৱৰ্তনৰ লগে লগে মানুহৰ জীৱনশৈলী আৰু মানসিকতাৰ পৰিৱৰ্তন দেখুওৱা হৈছে৷ জনাৰ্দন চৌধুৰীৰ মতে যি আচৰণ আগৰ সমাজত স্বাভাৱিক আৰু গ্ৰহণযোগ্য আছিল, নতুন প্ৰজন্মৰ বাবে সেই আচৰণ অত্যাচাৰৰ দৰে অনুভূত হৈছে৷ গল্পকাৰে লিখিছে–

‘‘দেউতা বুঢ়ামানুহ, টোপনি কম, গতিকে ভাবে যে সকলোৰে টোপনি কম৷’’

এই বক্তব্যৰ মাজেৰে পৰিয়ালক পৰিকাঠামো, শিক্ষা-ব্যৱস্থা, কৰ্মপদ্ধতি আৰু সামাজিক জীৱনৰ পৰিৱৰ্তনৰ ছবি ফুটাই তোলা হৈছে৷ আগৰ যুগৰ নিয়ম-শৃঙ্খলাবদ্ধ জীৱনধাৰা আধুনিক সময়ত অসামঞ্জস্যপূৰ্ণ হৈ পৰিছে৷

‘এটি পুৱাৰ জন্ম’ গল্পত নতুন প্ৰজন্মৰ দায়িত্বহীনতা আৰু বাহ্যিক আধুনিকতাৰ অনুকৰণৰ সমালোচনা কৰা হৈছে৷ ৰূপৰ বিষয়ে কোৱা হৈছে এইদৰে– ‘‘তিৰোতাৰ দৰে এহতীয়া চুলি ৰাখি বাৰেবৰণীয়া চোলা পিন্ধি মুখত চিগাৰেট টনাৰ কোব৷’’ ইয়াৰ মাজেৰে গল্পকাৰে আধুনিকতাৰ প্ৰতি আকৃষ্ট কিন্তু মূল্যবোধহীন এক যুৱসমাজৰ ছবি আঁকিছে৷ এই প্ৰজন্ম কৰ্মবিমুখ, আত্মকেন্দ্ৰিক আৰু বাস্তৱ দায়িত্বৰ পৰা পলায়নবাদী মানসিকতাৰ৷

মহিম বৰাই আধুনিক সমাজত অৰ্থকেন্দ্ৰিকতা আৰু দুৰ্নীতিপৰায়ণ মানসিকতাৰ তীব্ৰ সমালোচনা কৰিছে৷ ‘দোস্ত’ গল্পত কেৰাণী আৰু পিয়নৰ ঘোচ¸খোৰ মনোভাৱৰ মাজেৰে আধুনিক প্ৰশাসনিক সমাজৰ নৈতিক অৱক্ষয় প্ৰকাশ পাইছে– ‘‘কেৰাণীটোক দহ টকা নিদিলে মূৰ তুলিয়ে নাচায়৷’’

এই বক্তব্যৰ সমাজত গা কৰি উঠা সুবিধাবাদী আৰু দুৰ্নীতিগ্ৰস্ত মানসিকতাৰ নগ্ন ছবি প্ৰতিফলিত হৈছে৷ আধুনিকতাৰ লগে লগে মানুহৰ মানৱীয় মূল্যবোধ ক্ষয়িষ্ণু হৈ পৰাৰ দিশটো ইয়াত স্পষ্ট৷

‘তিনিৰ তিনি গ’ল’ গল্পত সমাজৰ শোষণমূলক অৰ্থনৈতিক পৰিকাঠামোৰ সমালোচনা কৰা হৈছে৷ পূৰ্ণকান্তৰ দৰে সাধাৰণ গঞা মানুহক মহৰীবাবুৱে শোষণ কৰা ঘটনাৰ মাজেৰে লেখকে এইটো প্ৰতিপন্ন কৰিছে যে স্বাধীনতা আৰু আধুনিকতাৰ পিছতো সাধাৰণ মানুহৰ অৱস্থা সলনি হোৱা নাই৷ গল্পকাৰে লিখিছে–‘‘দোকানীৰ পৰা বেপাৰীলৈ, এমেলেৰপৰা মন্ত্ৰীলৈ সকলো এই হালোৱাকিটাৰ ওপৰতে বৰমতা৷’’ ইয়াৰ মাজেৰে সমগ্ৰ সমাজ-ব্যৱস্থাৰ দুৰ্নীতি, শোষণ আৰু নৈতিক পতনৰ চিত্ৰ ফুটাই তোলা হৈছে৷

‘এই নদীৰ সোঁতে’ আৰু ‘এখন নদীৰ মৃত্যু’ গল্পত তথাকথিত উন্নয়ন আৰু আধুনিকতাৰ নামত সাধাৰণ মানুহৰ জীৱন ধবংস হোৱাৰ কৰুণ বাস্তৱতা চিত্ৰিত হৈছে৷ ‘এখন নদীৰ মৃত্যু’ গল্পত কলং নদীৰ বুকুত মথাউৰি বন্ধা আৰু নদী শুকাই যোৱাৰ ফলত নৈপৰীয়া মাছুৱৈ সমাজৰ জীৱিকা ধবংস হৈ হৈছে৷ গল্পকাৰে লিখিছে–‘‘কলংপৰীয়া নদীয়াল মানুহখিনি মাতৃস্তন্যৰপৰা বঞ্চিত হোৱাৰ দৰে হ’ল৷’’

এইধৰণৰ উপমাৰ মাজেৰে নদী আৰু মানুহৰ অন্তৰঙ্গ সম্পৰ্ক প্ৰকাশ পোৱাৰ লগতে উন্নয়নৰ নামত প্ৰকৃতি আৰু সমাজ ধবংস কৰাৰ ভয়াবহতা ফুটাই তোলা হৈছে৷ নদীৰ মৃত্যু মানে একধৰণৰ জীৱনপদ্ধতি, সংস্কৃতি আৰু সমাজ-ব্যৱস্থাৰ অপমৃত্যু৷

মহিম বৰাই নতুন প্ৰজন্মৰ ভোগবাদী আৰু কৰ্মবিমুখ মনোভাৱৰো সমালোচনা কৰিছে৷ ‘আবুৰ’ গল্পত বৰঠাকুৰে কৈছে–‘‘চাইকেল বা ৰিক্সা নহ’লে এখোজ আগবাঢ়িব নোৱৰা এই পিতমৰাখনৰ কথা কৈছা?’’ এইধৰণৰ বক্তব্যৰ মাজেৰে নতুন প্ৰজন্মৰ শাৰীৰিক শ্ৰমবিমুখতা আৰু আৰামপ্ৰিয় মানসিকতাৰ সমালোচনা কৰা হৈছে৷ ‘অপৰাজিত’ গল্পত অসমীয়া মানুহৰ আত্মহীনতা, ইংৰাজী ভাষাৰ প্ৰতি মোহ আৰু নিজস্ব সংস্কৃতিৰ প্ৰতি হীনমন্যতাৰ ছবি ফুটাই তোলা হৈছে৷ গল্পটোত শইকীয়াই স্বীকাৰোক্তি দিছে এইদৰে–‘‘ইংৰাজীয়ে কাল হ’ল৷ সকলো একাকাৰ ‘ম্লেছ’ হ’ল৷’’

এই বক্তব্যত ব্ৰিটিছ শাসনৰ পৰিণতিস্বৰূপ অসমীয়া সমাজত জন্ম লোৱা সাংস্কৃতিক সংকট আৰু আত্মবিশ্বাসহীনতাৰ সমালোচনা নিহিত আছে৷

১.০৬ : ৰূপান্তৰিত মূল্যবোধ আৰু প্ৰজন্মগত দ্বন্দ্ব

মহিম বৰাৰ গল্পত পৰিৱৰ্তিত সময়ৰ লগে লগে সমাজত মূল্যবোধ, ৰুচিবোধ, চিন্তাধাৰা আৰু জীৱনদৃষ্টিত অহা পৰিৱৰ্তনৰ এক বাস্তৱধৰ্মী আৰু গভীৰ বিশ্লেষণ দেখা যায়৷ তেওঁ সমাজৰ এই ৰূপান্তৰে মানুহৰ মানসিকতা, নৈতিকতা, পাৰিবাৰিক সম্পৰ্ক আৰু সামাজিক আদৰ্শত কেনে দ্বন্দ্ব আৰু সংকটৰ সৃষ্টি হৈছে, তাক শিল্পসন্মতভাৱে উপস্থাপন কৰিছে৷ বিশেষকৈ পুৰণি আৰু নতুন প্ৰজন্মৰ মাজত গঢ় লৈ উঠা মূল্যবোধগত সংঘাত মহিম বৰাৰ গল্পৰ এক গুৰুত্বপূৰ্ণ বিষয়৷

‘ৰাতি ফুলা ফুল’ গল্পত পুৰণি আৰু নতুন প্ৰজন্মৰ ৰুচিবোধ আৰু বিবাহসম্পৰ্কীয় দৃষ্টিভংগীৰ পৰিৱৰ্তন স্পষ্টভাৱে ফুটাই তোলা হৈছে৷ নমিতাই উপলব্ধি কৰিছে– ‘‘আজিৰ পুৰুষে ফটোৰ চেহেৰাটোহে ভাল পায়, ভিতৰৰ মানুহজনীক চাবলৈ নিবিচাৰে৷’’ এই বক্তব্যত আধুনিক সমাজত বাহ্যিক সৌন্দৰ্যৰ প্ৰতি অধিক আকৰ্ষণ বৃদ্ধি পোৱাৰ এক তাৎপৰ্যপূৰ্ণ ইংগিত দিছে৷ একেদৰে তপনৰ মদ্যপানৰ কথা জানিও নমিতাৰ মাকে কৈছে–

‘‘খাওক মদ, কোনেনো নাখায়?’’

এই বক্তব্যত সমাজৰ নৈতিক মূল্যবোধৰ পৰিৱৰ্তনৰ স্পষ্ট৷ আগৰ সমাজত যি আচৰণ নিন্দনীয় বুলি বিবেচিত হৈছিল, আধুনিক সময়ত সেয়া সামাজিকভাবে গ্ৰহণযোগ্য হৈ উঠিছে৷ ইয়াত গল্পকাৰে আধুনিকতাৰ ফলত নৈতিক মানদণ্ডৰ শিথিলতা আৰু বাস্তৱবাদী মানসিকতাৰ উন্মেষ দেখুৱাইছে৷

মহিম বৰাৰ গল্পত মূল্যবোধৰ পৰিৱৰ্তনৰ লগে লগে পুৰণি আৰু নতুন প্ৰজন্মৰ মাজত সৃষ্টি হোৱা সংঘাতো বিশেষভাৱে প্ৰতিফলিত হৈছে৷ ‘আবুৰ’ গল্পত আধুনিক ফেশ্বন, সাজ-পোছাক আৰু জীৱনশৈলীলৈ পুৰণি প্ৰজন্মৰ নেতিবাচক মনোভাৱ স্পষ্টকৈ প্ৰকাশ পাইছে৷ বলোৰাম কাকতিয়ে ক্ষোভেৰে কৈছে–

‘‘ঘৰতে ছোৱালীজনীয়ে যিটোহে ড্ৰেছ পিন্ধি কলেজলৈ গৈছে, মই আৰু চাব নোৱাৰিলোঁ৷’’

এই মন্তব্যৰ মাজেৰে নতুন প্ৰজন্মৰ আধুনিক সাজ-পোছাক আৰু স্বাধীন জীৱনদৃষ্টিৰ প্ৰতি পুৰণি প্ৰজন্মৰ অস্বস্তি আৰু বিৰাগ ফুটাই তোলা হৈছে৷ কিন্তু একে সময়তে কাকতিৰ পত্নীয়ে কৈছে–‘‘আজিকালি আধুনিক ফেশ্বনেই হৈছে৷’’

ইয়াৰ দ্বাৰা নতুন মূল্যবোধক গ্ৰহণ কৰিবলৈ চেষ্টা কৰা এক নতুন মানসিকতাৰো প্ৰকাশ ঘটিছে৷ অৰ্থাৎ, মহিম বৰাই সমাজত মূল্যবোধ কিদৰে লাহে ধীৰে ৰূপান্তৰিত হৈছে, তাৰো বাস্তৱসন্মত ছবিও আঁকিছে৷

‘আবুৰ’ গল্পত বৰঠাকুৰৰ চিন্তাধাৰাৰ মাজেৰে পুৰণি প্ৰজন্মৰ ৰক্ষণশীলতা আৰু সংকীৰ্ণ মানসিকতাও উদঙাই তোলা হৈছে৷ নাতিনীয়েক ছন্দিতাৰ আধুনিক আচৰণ আৰু পছন্দৰ প্ৰতি থকা বিৰাগ ক্ৰমে সমস্ত নাৰীজাতিৰ প্ৰতি ঘৃণালৈ পৰিণত হৈছে৷ বৰঠাকুৰে কৈছে– ‘‘এই তিৰোতাবোৰেই নিজক সস্তীয়া কৰি পৃথিৱীখন জাবৰেৰে ভৰাই পেলালে৷’’

এই বক্তব্যত পুৰুষতান্ত্ৰিক আৰু ৰক্ষণশীল মনোভাৱৰ প্ৰকাশ ঘটিছে৷ বৰঠাকুৰ আধুনিক সমাজৰ নানা সমস্যাৰ কাৰণো নাৰীজাতিয়েই বুলি ভাবিবলৈ আৰম্ভ কৰিছে৷ গল্পকাৰে ইয়াৰ মাজেৰে এইটো প্ৰতিষ্ঠা কৰিছে যে মূল্যবোধৰ সংঘাতৰ ক্ষেত্ৰত পুৰণি প্ৰজন্মৰ সংকীৰ্ণতা আৰু মানসিক অস্থিৰতাও কম দায়ী নহয়৷

‘এটি পুৱাৰ জন্ম’ গল্পত নতুন প্ৰজন্মৰ দায়িত্বহীনতা, এলাহ আৰু বাহ্যিক আধুনিকতাৰ অনুকৰণৰ সমালোচনা কৰা হৈছে৷ আধুনিকতাৰ প্ৰভাৱত যুৱসমাজ ক্ৰমে শ্ৰমবিমুখ আৰু দায়িত্বহীন হৈ পৰাৰ দিশটো গল্পকাৰে ব্যঙ্গাত্মকভাৱে উপস্থাপন কৰিছে৷ এই নতুন প্ৰজন্মৰ জীৱনদৃষ্টিত আত্মশৃংখলা আৰু সামাজিক দায়িত্ববোধৰ অভাৱ পুৰণি প্ৰজন্মৰ মানসিকতাত বিৰক্তি আৰু অসহায়তা সৃষ্টি কৰিছে৷

‘তৃতীয় শ্ৰেণীৰ যাত্ৰী’ গল্পত মূল্যবোধৰ পৰিৱৰ্তনক বৃহত্তৰ সামাজিক আৰু ৰাজনৈতিক প্ৰেক্ষাপটত বিশ্লেষণ কৰা হৈছে৷ স্বাধীনতা আন্দোলনৰ সময়ত সমাজত দেশপ্ৰেম, ত্যাগ আৰু আদৰ্শবাদৰ যে উ২৬৩াস দেখা গৈছিল, স্বাধীনতাৰ পিছত সেয়া লাহে লাহে অৰ্থলোভ আৰু ব্যক্তিস্বাৰ্থত পৰিণত হৈছে৷ গল্পকাৰে লিখিছে–‘‘মানুহ পাগল টকাৰ কাৰণে৷’’

এই বক্তব্য আধুনিক সমাজৰ ভোগবাদী আৰু অৰ্থকেন্দ্ৰিক মানসিকতাৰ তীব্ৰ সমালোচনা৷ আগৰ আদৰ্শবাদী সমাজচেতনা আধুনিক যুগত ব্যক্তিস্বাৰ্থ আৰু অৰ্থলোভৰ ওচৰত পৰাজিত হৈছে৷

মহিম বৰাৰ গল্পত মূল্যবোধৰ পৰিৱৰ্তন কেৱল নেতিবাচক ৰূপতেই দেখুওৱা হোৱা নাই৷ তেওঁ উপলব্ধি কৰিছে যে সময়ৰ লগে লগে সমাজৰ চিন্তা আৰু দৃষ্টিভংগী সলনি হোৱাটো স্বাভাৱিক৷ কিন্তু এই পৰিৱৰ্তনে যদি মানৱীয়তা, নৈতিকতা আৰু সামাজিক সংহতি নষ্ট কৰে, তেতিয়াহে সমস্যা সৃষ্টি হয়৷ সেয়ে তেওঁৰ গল্পত একপক্ষীয় নিন্দা নাই; আছে বাস্তৱতা সম্পৰ্কে গভীৰ সচেতনতা৷

তেওঁ এইটো প্ৰতিপন্ন কৰিছে যে আধুনিকতাৰ প্ৰভাৱত সমাজত স্বাধীন চিন্তা, নাৰীশিক্ষা, ব্যক্তিস্বাতন্ত্ৰ্য আৰু নতুন জীৱনদৃষ্টিৰ উন্মেষ ঘটিছে৷ কিন্তু তাৰ লগে লগে মানুহৰ আন্তৰিকতা, দায়বদ্ধতা, নৈতিকতা আৰু সামাজিক মূল্যবোধো ক্ৰমে ক্ষয়িষ্ণু হৈ পৰিছে৷ পুৰণি মূল্যবোধৰ মাজত যিদৰে সংকীৰ্ণতা আৰু ৰক্ষণশীলতা আছিল, নতুন মূল্যবোধৰ মাজতো ভোগবাদ, আত্মকেন্দ্ৰিকতা আৰু নৈতিক অৱক্ষয় আছে৷ এই দ্বৈত বাস্তৱতাকেই মহিম বৰাই অত্যন্ত শিল্পসচেতন আৰু যুক্তিনিষ্ঠভাৱে উপস্থাপন কৰিছে৷

১.০৭ : সাধাৰণ মানুহৰ জীৱন-সংগ্ৰাম আৰু বঞ্চনাৰ বাস্তৱ চিত্ৰ

মহিম বৰাৰ গল্পত সাধাৰণ শ্ৰেণীৰ মানুহৰ জীৱন সংগ্ৰাম এক গভীৰ বাস্তৱবোধ আৰু মানৱীয় সহানুভূতিৰে প্ৰতিফলিত হৈছে৷ তেওঁ অসমীয়া মধ্যবিত্ত, নিম্ন-মধ্যবিত্ত আৰু দৰিদ্ৰ লোকসকলৰ জীৱনৰ দুখ-কষ্ট, আৰ্থিক সংকট, অপমান, আশা-আকাংক্ষা আৰু অবিৰাম সংগ্ৰামক অত্যন্ত বাস্তৱধৰ্মী ৰূপত উপস্থাপন কৰিছে৷ তেওঁৰ গল্পত উপস্থাপন কৰা জীৱন-সংগ্ৰাম হৈছে সমাজৰ সাধাৰণ মানুহৰ দৈনন্দিন বাস্তৱতা৷ সেইবাবেই তেওঁৰ গল্পৰ চৰিত্ৰসমূহ জীৱন্ত আৰু বিশ্বাসযোগ্য হৈ উঠিছে৷

‘চক্ৰৱৎ’ গল্পত হৰিনাথৰ জীৱনৰ মাজেৰে মধ্যবিত্ত শ্ৰেণীৰ অসহায়তা আৰু অনি(য়তাপূৰ্ণ জীৱনৰ ছবি প্ৰকাশ পাইছে৷ হৰিনাথৰ পুৰণি বাইচাইকেলখন তাৰ জীৱন-সংগ্ৰাম, অতীত গৌৰৱ আৰু বৰ্তমান দৰিদ্ৰতাৰ প্ৰতীক৷ এই বাইচাইকেলখন বাৰে বাৰে মেৰামতি কৰাৰ মাজেৰে হৰিনাথৰ আৰ্থিক অসহায় অৱস্থাৰ প্ৰকাশ ঘটিছে৷ এসময়ত চাহাবৰ পৰা পোৱা এই চাইকেলখন তাৰ গৌৰৱৰ বস্তু আছিল৷ কিন্তু সময়ৰ পৰিৱৰ্তনৰ লগে লগে চাকৰি গ’ল, সামাজিক মৰ্যাদা হেৰাল, তথাপিও সি নতুন চাকৰিৰ আশাত সেই চাইকেলখন লৈ ঘূৰি ফুৰিছে৷ ইয়াৰ মাজেৰে মধ্যবিত্ত মানুহৰ অবিৰাম আশা আৰু ব্যৰ্থতাৰ কৰুণ বাস্তৱতা ফুটাই তোলা হৈছে৷

‘এটি পুৱাৰ জন্ম’ গল্পত শইকীয়াৰ জীৱনৰ মাজেৰে মধ্যবিত্ত পৰিয়ালৰ আৰ্থিক চাপ আৰু দৈনন্দিনতাৰ ছবি দাঙি ধৰা হৈছে৷ শইকীয়াই ৰিক্সাৰ ভাড়া বচাবলৈ খোজকাঢ়ি বা চাইকেলত অফিচলৈ যায়৷ গল্পত উল্লেখ আছে–‘‘ৰিক্সাত পইচা এটকা খৰচ কৰিবলৈ সত নগ’ল৷’’

এই সামান্য এটকা খৰচ কৰোঁতে যিজন মানুহে দহবাৰ ভাবিবলগীয়া হয়, তেওঁৰ জীৱনৰ আৰ্থিক অনি(য়তা সহজেই বুজা যায়৷ ঘৰৰ পানীৰ কল মেৰামতি, সন্তানৰ পঢ়া-শুনা, গানৰ ৰিহাৰ্চেল, যাতায়াত–প্ৰত্যেকটো খৰচেই যেন মধ্যবিত্ত জীৱনত বোজা হৈ পৰিছে৷ মহিম বৰাই ইয়াৰ মাজেৰে মধ্যবিত্ত মানুহৰ সীমাবদ্ধ আয় আৰু অসীম প্ৰয়োজনৰ সংঘাত অত্যন্ত বাস্তৱধৰ্মীতাৰে প্ৰকাশ কৰিছে৷

‘এখন নদীৰ মৃত্যু’ গল্পত কলং নদীৰ মৃত্যুৰ লগে লগে মাছুৱৈ সমাজৰ জীৱন-সংগ্ৰাম আৰু আৰ্থিক বিপৰ্যয়ৰ ছবি ফুটাই তোলা হৈছে৷ নদীখন মাছুৱৈসকলৰ জীৱিকা, সংস্কৃতি আৰু অস্তিত্বৰ আধাৰ৷ সেয়ে গল্পকাৰে ক্ষোভেৰে লিখিছে–‘‘জীয়া কলংখন মাৰি পেলালে৷ এই কলংপাৰৰ মাছুৱৈ ৰাইজখনকো যে লগতে মাৰি পেলালে...’’

ইয়াৰ মাজেৰে উন্নয়নৰ নামত সাধাৰণ শ্ৰেণীৰ জীৱন কেনেকৈ ধবংস কৰা হয়, তাৰ বাস্তৱ চিত্ৰ প্ৰকাশ পাইছে৷ কলং শুকাই যোৱাৰ লগে লগে মাছ ধৰা, নাও বোৱা, যাত্ৰী পাৰ কৰা আদি জীৱিকাৰ পথ বন্ধ হৈ গ’ল৷ ফলত দৰিদ্ৰতা, হতাশা আৰু সামাজিক অৱক্ষয় বৃদ্ধি পালে৷ গল্পকাৰৰ মতে উন্নয়নৰ লাভ এচাম সুবিধাবাদী লোকে ভোগ কৰে, কিন্তু তাৰ বলিপঠা হ’বলগীয়া হয় সাধাৰণ জনগণ৷

‘ওচৰঘৰীয়া’ গল্পত নিম্ন-মধ্যবিত্ত জীৱনৰ দাৰিদ্ৰ্য আৰু অৱক্ষয়ৰ অত্যন্ত বাস্তৱ ছবি দাঙি ধৰা হৈছে৷ গল্পত নতুনকৈ অহা পৰিয়ালটোৰ ঘৰখনৰ বৰ্ণনা এইদৰে দিয়া হৈছে–‘‘কেঁচা ভেটিত বাঁহৰ খুঁটাৰ ঘৰ৷’’ এই ঘৰটোৱেই পৰিয়ালটোৰ আৰ্থিক দৈন্যৰ প্ৰতীক৷ চাউল, খৰি, নিমখ ধাৰে লোৱা, ছিঙা কাপোৰ পিন্ধা ল’ৰা-ছোৱালী, নিস্তেজ শৰীৰ–এই সকলোবোৰ বৰ্ণনাৰ মাজেৰে লেখকে নিম্ন-মধ্যবিত্ত জীৱনৰ কঠোৰ বাস্তৱতা ফুটাই তুলিছে৷ বিশেষকৈ– ‘‘শৰীৰৰ ক’তো শক্তি বোলা বস্তু এটা নাই৷’’ এই বাক্যাংশই দৰিদ্ৰতাৰ শাৰীৰিক আৰু মানসিক অভিঘাতক অত্যন্ত মৰ্মস্পৰ্শী ৰূপত প্ৰকাশ কৰিছে৷

‘তিনিৰ তিনি গ’ল’ গল্পত পূৰ্ণকান্তৰ সংসাৰৰ মাজেৰে নিম্নবিত্ত জীৱনৰ অভাৱ-অনাটন আৰু দৈনন্দিন চিন্তাৰ ছবি ফুটাই তোলা হৈছে৷ কল তিনি আষি বিক্ৰী কৰি পোৱা সামান্য টকাৰে কাগজ, সূতা, নিমখ, লুজেন আদি কিনিব লাগিব– এই বৰ্ণনাই এইটো প্ৰতিপন্ন কৰে যে সাধাৰণ মানুহৰ জীৱনত ক্ষুদ্ৰ প্ৰয়োজনবোৰ পূৰণ কৰাটোৱেই কিমান কঠিন৷ মাছ-মাংসৰ কথা ভাবিবও নোৱাৰা অৱস্থাই দৰিদ্ৰতাৰ গভীৰতাক সূচায়৷

উপসংহাৰ

মহিম বৰাৰ গল্প অসমীয়া সমাজ-জীৱনৰ বহুমাত্ৰিক বাস্তৱতাৰ এক শিল্পসন্মত প্ৰকাশক৷ তেওঁ গল্পৰ মাজেৰে মানুহৰ অন্তৰ্জীৱন, সামাজিক সংকট, সময়ৰ ৰূপান্তৰ, মূল্যবোধৰ অৱক্ষয়, প্ৰকৃতিৰ সৈতে মানুহৰ সম্পৰ্ক আৰু সাধাৰণ শ্ৰেণীৰ দুখ-কষ্টক অসাধাৰণ বাস্তৱবোধেৰে ৰূপায়িত কৰিছে৷ তেওঁৰ গল্পত যিদৰে মানৱীয় সহমৰ্মিতা আছে, তেনেদৰে আছে সমাজ-সমালোচনাৰ তীক্ষ্ণ দৃষ্টি; আছে পৰম্পৰাগত সংস্কৃতিৰ মাটিৰ গোন্ধ, আকৌ আধুনিকতাৰ সংকটৰ গভীৰ উপলব্ধিও৷ সেইবাবেই মহিম বৰাৰ গল্পসমূহ অসমীয়া সমাজ-সংস্কৃতি আৰু সময়চেতনাৰ এক মূল্যবান দলিল৷ তেওঁৰ গল্পই পাঠকক একেধাৰে চিন্তা, অনুভৱ আৰু আত্মসমালোচনাৰ দিশলৈ লৈ যায়৷ অসমীয়া চুটি গল্প সাহিত্যত এই ধৰণৰ বাস্তৱবোধ, শিল্পসচেতনতা আৰু মানৱীয় দৃষ্টিভংগীৰ বাবেই মহিম বৰাৰ স্থান চিৰস্মৰণীয়৷

 ***

ফোন : ৭০০২৯-৬৬১৯৯

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ