অন্যযুগ/


খিৰিকীৰে এখন সেউজীয়া পৃথিৱী

ড° ৰমেন ঠাকুৰীয়া

ৰাতি তেওঁ এটা অদ্ভুত সপোন দেখিছিল৷ তেওঁ অফিচলৈ বুলি যাবলৈ সাজু হৈছে৷ ঘৰৰ কামৰ পৰা মূৰ দাঙিব নোৱৰা ঘৈণীয়েক জানকীয়ে তাৰ মাজতো সুৰুঙা উলিয়াই তেওঁৰ হাতত তুলি দিছেহি অফিচলৈ নিয়া বেগটো৷ বৰুৱাই ইফালে-সিফালে চাইছে৷ পূৰঠ হৈ আহিব ধৰা ৰদৰ বাহিৰে ওচৰত কোনো সক্ৰিয় হৈ থকা নাই৷ কোনো নথকাৰ এই সুযোগতে বৰুৱাই জানকীৰ গালত টিপা মাৰি দিছে৷ লাজতে ৰঙা-চিঙা পৰি গৈছে জানকী৷ পুৱাৰ ৰদখিনি যেন আহি থূপ খাইছেহি তাইৰ দুগালত৷ তায়ো ইফালে-সিফালে চাই কোনোবাই দেখিছে নেকি তাৰ উমান লৈছে, আৰু বৰুৱাক মৃদু ঢকা এটা দি লাজ লাজকৈ ঘৰৰ ভিতৰলৈ সোমাই গৈছে৷ মুখত প্ৰসন্নতাৰ হাঁহি এটা গুঁজি লৈ দিনটোৰ কৰ্মব্যস্ততাৰ বাবে ওলাই আহিছে জগন্নাথ বৰুৱা৷

তেনে সময়তে সাৰ পাই গল তেওঁ৷ আৰু আগ বাঢ়িবলৈ সক্ষম নহল তেওঁৰ সপোনটো৷ দিঠকত যি কোনোকালেই সম্ভৱ নহল তাক সপোনতে অনুভৱ কৰি বৰুৱাৰ মনটো অলপ সময়ৰ বাবে হলেও অজান পুলকত বুৰ গল৷ দেহৰ ৰন্ধ্ৰে ৰন্ধ্ৰে বিয়পি পৰিল সপোনটোৰ সুখানুভূতি৷

বিছনাৰ পৰা নামি এটা দীঘল এঙামুৰি দি জগন্নাথ বৰুৱা সেই নিৰ্দিষ্ট খিৰিকীখনৰ মুখলৈ আহিল৷ খিৰিকীৰ মুখলৈ আহিয়ে তেওঁ এবাৰ ৱালঘড়ীটোলৈ চালে। নাই, এতিয়াও সময় হোৱা নাই৷ আজি তেওঁ সময়তকৈ আগতেই সাজু হোৱা যেন লাগিল৷ তথাপি তেওঁ এক প্ৰত্যাশা ভৰা চাৱনিৰে চাই পঠিয়ালে৷

দুমহলীয়া বিল্ডিংটোৰ পূব ফালৰ খিৰিকীৰে তেওঁৰ দৃষ্টি সেই নিৰ্দিষ্ট ঠাইটুকুৰাত বিয়পি পৰিল৷ যত এতিয়া কেৱল শূন্যতা বিৰাজ কৰিছে৷ শূন্য ঠাইটুকুৰাত কেৱল পাৰ চৰাই কেইটামানে পুৱাৰ কোমল ৰদ গাত লৈ শীতৰ আমেজ অনুভৱ কৰিছে৷ পাৰ চৰাইকেইটা থকা ঠাইখিনিৰ পৰা কিছু দূৰত এটা শিলগুটিৰ দম৷ বহু দিন ধৰি ব্যৱহাৰ নকৰাৰ ফলত শিলগুটিৰ দমটোৰ মাজত ঠায়ে ঠায়ে ঘাঁহ কেইডালমান গজি উঠিছে৷ তাৰ বুকুতেই হালি-জালি নাচি আছে নিয়ৰৰ টোপাল কেইটামান৷ পুৱাৰ ৰদৰ আন কেইটামান টুকুৰা আহি নিয়ৰৰ টুকুৰাকেইটাৰ সতে কিবা এক অচিন সম্ভোগত লিপ্ত হৈছে৷

হঠাতে পাৰকেইটা উৰি গল৷ কঁপি উঠিল দমটোৰ ঘাঁহকেইডাল৷ জগন্নাথ বৰুৱা সচকিত হৈ উঠিল৷  পিছে‍  নহয়৷ তেওঁ প্ৰত্যক্ষ কৰিবলৈ ৰৈ থকা দৃশ্যটোৰ আগজাননী নহয়৷ চাইকেল এখন ঠেলি কোনোবা মানুহ এজন আহিছে৷ মানুহজনে কোনো মাত-বোল নকৰাকৈ চিধাই ঘৰৰ ভিতৰলৈ সোমাই গৈছে৷ হয়তো কোনোবা আপোন মানুহ৷

বেচ কিছু সময় ধৰি থিয় দি থকাত বৰুৱাৰ ভৰি দুটা কেঁকাই উঠিল৷ খিৰিকীৰ মুখৰ পৰা পুনৰ তেওঁ বিছনালৈ  আহিল৷ কিছু সতেজ হৈ লোৱা যাওক৷ বিছনাত তেওঁ গাটো পোনাবলৈ ললে৷ বাৰুকৈয়ে ভাগৰুৱা হৈ পৰিছে তেওঁ৷ শাৰীৰিকভাৱে  হলেও মানসিকভাৱে৷ মানসিক যন্ত্ৰণাই তেওঁৰ বাৱন্ন বছৰীয়া দেহটোত সত্তৰ বছৰীয়া অসাৰতা আনি দিছে৷ তীব্ৰ মানসিক চাপে এনেকৈ চেপি ধৰিছে যেন দেহত কেইবাটাও মৃত্যুমুখী ৰোগ লৈ মৃত্যুৰ  বাবে বাট চাই থকা লোকহে৷ অথচ তেওঁৰ চিনাকি জীৱন কাকতি নামৰ লোকজনে সৌ সিদিনা তেষষ্ঠি বছৰ বয়সত নিজৰ দ্বিতীয় বিবাহ সম্পন্ন কৰিলে৷ পুত্ৰ-বোৱাৰী, নাতি-নাতিনীৰ ওচৰত দ্বিতীয় বিবাহ কৰিবলৈ লোৱা সিদ্ধান্তটোৱেই জানো তেওঁৰ মজবুত মানসিকতাৰ পৰিচয় নিদিয়ে? নিজকে কিমান সতেজ আৰু শক্তিসম্পন্ন কৰি ৰাখিলে বাৰু মানুহে এনে কিছুমান সিদ্ধান্ত লব পাৰে? হয়তো নীতি-আদৰ্শ, ন্যায়-নিষ্ঠাত থকা মানুহৰহে গঢ়ি উঠে এনে শক্তিশালী মানসিকতা৷ যাক অলপ-অচৰপ ধুমুহাই ভাঙি থানবান কৰিব নোৱাৰে, হাৰি হাৰিও যি জিকি যায় জীৱনৰ ৰণ৷

জগন্নাথ বৰুৱাৰ দেউতাক অংকৰ শিক্ষক আছিল৷ স্কুলত তেওঁ অংক শিকালে কোনো ছাত্ৰই নুবুজা বুলি কব পৰা নাছিল৷ অংকক তেওঁ এনে এক কলালৈ ৰূপান্তৰিত কৰি পেলাইছিল যে সেই কলাই হৈ‍ পৰিছিল তেওঁৰ জীৱন৷ সেই কলাৰ নিৰ্দেশতেই হৈছিল তেওঁৰ গতিপথ৷ খুব হিচাপী মানুহ আছিল দেউতাক৷ সকলো কথাকে তেওঁ অংকৰ সূত্ৰৰে জুখি চাইছিল৷ সেই হিচাপী মানুহজনৰ একমাত্ৰ সন্তান আছিল বৰুৱা৷ দেউতাকক গাঁৱতে এৰি তেওঁ গুচি আহিছিল গুৱাহাটীলৈ৷ তেতিয়াৰ পৰাই মাজে মাজে তেওঁৰ অংক ভুল হবলৈ আৰম্ভ কৰিছিল৷ গুৱাহাটীৰ ছোৱালী জানকীক বিয়া পতাৰ পাছত, ছোৱালী বৰ্ণালী আৰু লৰা গৌতমৰ জন্ম হোৱাৰ পাছত সিহঁত ডাঙৰ-দীঘল হোৱাত তেওঁৰ অংক একেবাৰেই ভুল হৈ গৈছিল৷ গুৱাহাটীত মাটি লোৱা, ঘৰ সজা, জানকীৰ বিলাসিতা, ৰা-ছোৱালীক বাহিৰত ৰাখি পঢ়ুওৱা এই সকলোতে তেওঁ অংক ভুল কৰা বাবেই সম্ভৱ হৈছিল৷ আৰু আজি তাৰেই পৰিণতি তেওঁৰ এই জীৱন৷ চাৰিওফালৰ পৰা অহা চেপা-খুন্দাত বিন্দুমাত্ৰ অস্তিত্বহে ৰৈছেগৈ তেওঁৰ৷

আত্মমন্থন কৰি থাকোঁতেই দুৱাৰখনত শব্দ এটা হল৷ বৰুৱাই বিছনাৰ পৰাই দুৱাৰখনলৈ  কেৰাহিকৈ চালে৷ কাম কৰা লৰা ৰতন সোমাই আহি কলেখুড়া, কীলজন আহিছে৷

ৰতনৰ মুখত উকীলৰ নাম শুনাৰ লগে লগে বৰুৱাৰ তৎক্ষণাৎ ৱালঘড়ীটোলৈ চকু গল আৰু বিৰক্তিত তেওঁৰ মুখখন কোঁচ খাই গল৷ ই এতিয়াহে আহিব পাৰিলেনে? বৰুৱাই মুখৰ ভিতৰতে ভোৰভোৰালে৷ ইফালে উকীলৰ লগত কথা পাতোঁতে যদি...? নাই৷ তেওঁক সোনকালে বিদায় দিয়াটোৱেই ভাল হব৷ ৰতনৰ পিছে পিছে বৰুৱাও তললৈ নামি গল৷

কীলজনে চাহৰ কাপত চুমুক দিবলৈ লৈছিল৷ বৰুৱা গৈ তেওঁৰ কাষতে বহিল৷ আৰু কলেআকৌ কি হ? কালি  দেখোন...?” কালিও তেওঁ আহিছিল৷ কিছু টকাৰ লগতে দুখনমান কাগজ আৰু দুটামান চহী কৰাই লৈ গৈছিল৷ আজি পুনৰবাৰ আহিবলগা হোৱাত তেওঁ যেন নিজেই লজ্জিত হল৷ তদুপৰি বৰুৱাৰ প্ৰশ্নটোৱে তেওঁক আৰু বেছি শলঠেকত পেলাই দিলে৷ বৰুৱাৰ মুখলৈ নোচোৱাকৈয়ে তেওঁ কাগজ এখন আগবঢ়াই দিলে আৰু লাহেকৈ কলে আৰু দুটামান চহী কৰিবলৈ বাকী থাকিল৷’’ ইফালে তীব্ৰ গতিত ঘড়ীটো ঘূৰিবলৈ আৰম্ভ কৰিছে৷ তেওঁ আৰু অলপো পলম কৰিব নোৱাৰে৷ আৰু অলপ দেৰি কৰিলেই যেন হেৰাই যাব তেওঁৰ দিনটোৰ ইন্ধন৷ হাতৰ পৰা খহি পৰিব তেওঁৰ বাবে অত বছৰে অচিন হৈ থকা মহামূল্যৱান জীৱনৰ এটা ক্ষণ৷

কীলজনক বিদায় দি বৰুৱা খৰধৰকৈ নিজৰ কোঠালৈ আহিল৷ কোঠালৈ আহি ঘড়ীটোত চকু থৈহে তেওঁ দীঘলকৈ উশাহটো ললে৷ এতিয়াও সময় হোৱা নাই৷ হয়তো অন্তিম পৰ্যায়ৰ পিনে আগবাঢ়িছে তেওঁৰ আকাংক্ষিত দৃশ্যটোৰ৷

কেনেকৈ যে সলনি হৈ যায় জীৱনৰ অৰ্থ! কেতিয়াবা ভাবিছিলনে তেওঁ এনে এটা পৰ্যায়ত ভৰি থব লাগিবগৈ বুলি৷ টকা-পইচা, সা-সম্পত্তি, মান-সন্মান, প্ৰাচুৰ্যৰে‍ উপচি আছিল তেওঁৰ চৌদিশ৷ অভাৱ নাছিল কোনো সাদৰ-সম্ভাষণৰ৷ এই সকলোতে‍ মজি থাকোঁতে জীৱনৰ প্ৰকৃত ৰং আৰু ৰূপ তেওঁৰ বাবে অচিনাকি হৈ পৰিছিল৷ সুখ-আশা, সম্ভোগ, সন্তোষ সকলো তেওঁ টকা-পইচাৰ জৰিয়তেই আহৰণ কৰি লবলৈ যত্ন কৰিছিল৷ কিন্তু তাৰ মাজত কৃত্ৰিমতাৰ ফেঁটীসাপ এডালে যে অহৰহ তেওঁক দংশন কৰিবলৈ সুৰুঙা বিচাৰি ফুৰিছিল, তাক তেওঁ ধৰিবই পৰা নাছিল৷ কাৰণ অন্ধ হৈ গৈছিল তেওঁ৷ দুৰ্নীতিৰ বোকাপানীত লুতুৰি-পুতুৰি হৈ উঠিও নিজকে নিয়ন্ত্ৰণ কৰিব নোৱৰাটো অন্ধতাৰ বাহিৰে আৰুনো কি! আত্মম্ভৰীও হৈ উঠিছিল তেওঁ৷ সময় আৰু সমাজৰ গতিক নিজৰ হাতৰ মুঠিত ৰাখিছোঁ বুলি প্ৰবল গৰ্বিত হৈ আছিল তেওঁ৷

চশ্‌মাযোৰ খুলি লৈ  আকৌ এবাৰ বৰুৱাই চকুহাল মোহাৰি ললে৷ ঘড়ীৰ কাটাৰ ফালে চকু যোৱাৰ লগে লগে খিৰিকীখনৰ ফালে যেন কিবা এক শক্তিয়ে তেওঁক আকৰ্ষণ কৰিবলৈ ধৰিলে৷ মানসিক যন্ত্ৰণাই জঠৰ কৰি তোলা তেওঁৰ দেহ-মনত হঠাতে এক সঞ্জীৱনী সুধা বিয়পি পৰিল৷ যি সঞ্জীৱনীয়ে আকৌ শিকাই থৈ গল জীৱন যাপনৰ মন্ত্ৰ৷

বৰুৱা সাজু হৈ গল৷ খিৰিকীৰ গ্ৰীলত এক বিশেষ ভংগিমাৰে আঁউজি লৈ তেওঁ দৃষ্টি নিক্ষেপ কৰিলে সেই বিশেষ ঘৰটোৰ বাৰণ্ডাখনলৈ যিখন বাৰাণ্ডা এতিয়া আধা ৰদ আৰু আধা ছাঁই আগুৰি আছে৷ বাৰাণ্ডাত মেলি থোৱা মানুহগৰাকীৰ তিতা কাপোৰখিনিত বতাহ লাগি কিবা এটা নাচৰ মুদ্ৰাৰ সৃষ্টি হৈছে৷

আৰু সৌৱা মানুহজন ওলাই আহিছে৷ এখন ৰঙীয়াল মুখ৷ তেওঁৰ পিছে পিছে হাতত তামোলৰ বটা লৈ মানুহগৰাকী৷ যেন এটা সেন্দূৰীয়া বেলিহে! মানুহগৰাকী ওলাই অহাৰ লগে লগে বাৰাণ্ডাখন সেন্দূৰেৰে ভৰি পৰিছে৷ মাগুৰবৰণীয়া মানুহজন হঠাতে সেন্দূৰবৰণীয়া হৈ পৰিছে৷ আঃ! কি মনোৰম! কি মনোৰম!

তামোলৰ বটাৰ পৰা তামোলখন লৈ তেওঁ মানুহগৰাকীৰ চকুত চকু থৈছে৷ সেন্দূৰীয়া বেলিটো লাজতে কমাৰশালৰ লোহা এটুকুৰাৰ দৰে টিক্‌টিকীয়া ৰঙা হৈ পৰিছে৷ আৰু সেই ছে‍গতে মানুহজনে তেওঁৰ কপালত টপক্‌কৈ চুমা এটা আঁকি দিছে৷

বৰুৱাই খন্তেকৰ বাবে চকুহাল জপাই দিলে৷ যেন অনুধাৱন কৰিবলৈহে যত্ন কৰিলে মনে মনে৷ যেন দৃশ্যটো আত্মসাৎ কৰিবলৈ চেষ্টা চলালে যিয়ে তেওঁৰ দিনটোৰ বাবে ইন্ধনৰ কাম কৰিব৷

চকুহাল মেলি বৰুৱাই পুনৰ তলৰ বাৰাণ্ডাখনলৈ চালে৷ শূন্য বাৰাণ্ডা, শূন্য চোতাল৷ কিন্তু কিছু পৰৰ আগতে হৈ যোৱা ৰঙৰ উৎসৱ এটিৰ অৱশিষ্ট চিন কিছুমান এতিয়াও ঠায়ে ঠায়ে পৰি ৰৈছে৷ শূন্য চোতালখনৰ ঠায়ে ঠায়ে বাজি আছে মানুহগৰাকীৰ মিচিকীয়া হাঁহিটো৷

খিৰিকীৰ ওচৰৰ পৰা বৰুৱা বিছনালৈ আহিল৷ বিছনাত পৰাৰ লগে লগে তেওঁক বহু কথাই আহি আগুৰি ধৰিলে৷ যিটো পৰিয়ালৰ বাবে বৰুৱাই সৰ্বস্ব ত্যাগ কৰিলে, যাৰ কাৰণে তেওঁৰ জীৱন বদনামী হৈ গল, সেই পৰিয়ালটোৰ আজি কোনোৱেই তেওঁৰ কাষত নাই৷ নানান অজুহাত লৈ সকলোৱে অৱস্থান কৰিছেগৈ নিৰাপদ দূৰত্বত৷ অথচ এদিন সকলোৱে তেওঁৰ বাবে জীৱন পৰ্যন্ত দিবলৈ সাজু আছিল৷ ছেঃ ! কিয় কৰিছিল তেওঁ এনে কাম...? ধিক্কাৰ আহিছিল তেওঁৰ৷ আৰু সেই ধিক্কাৰ এনে এটা পৰ্যায় পাইছিলগৈ যে তেওঁ আত্মহত্যা পৰ্যন্ত কৰিবলৈ আগবাঢ়িছিল চাকৰিৰ পৰা নিলম্বিত হোৱাৰ দুদিন পাছতেই৷ তেনে পৰতেই তেওঁৰ চকুত পৰিছিল সেই দৃশ্যটো৷ যিটো দৃশ্য দেখি তেওঁ অবাক হৈ গৈছিল৷ ই কি...? এই প্ৰশ্নৰ উত্তৰ বিচাৰোঁতেই হাতৰ পৰা সৰি পৰিছিল শ্লিপিং টেবলেটৰ পেকেটটো৷ সলনি হৈ গৈছিল সকলো গতিপথ৷

সলনি হৈ গৈছে৷ সলনি হৈ গৈছে তেওঁৰ জীৱনৰ পট৷... আজিকালি তেওঁ সপোন দেখে খিৰিকীখনেৰে প্ৰায়ে সেই সপোনটো সোমাই আহি তেওঁৰ বিছনাৰ কাষত ৰয়৷ কেতিয়াবা শিতানত বহি লৈ আগবঢ়াই দিয়ে পানী এগিলাচ আৰু খাবৰ সময় হোৱা টেবলেট এটা৷

বৰুৱা বুৰ যায় সেই সপোনত৷ শ্লিপিং টেবলেট নহলে টোপনি নহা মানুহজনে আজিকালি যেতিয়াই তেতিয়াই শুব পাৰে৷ এতিয়াও তেওঁৰ চকুত তন্দ্ৰাৰ মায়াৱী আৱেশ৷

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ