পংকজ প্ৰতিম বৰদলৈ
দিফলুজান সাক্ষী হৈ আছে
বহু উত্থান-পতনৰ। দিফলুপাৰৰ প্ৰতিঘৰ মানুহৰ বহু গুপ্ত কথাৰ সাক্ষী দিফলুজান দিফলুজানৰ সোঁতত বৈ গৈছে বহু আৱেগ, বহু স্মৃতি, বহু আনন্দ-উত্সাহ। দিফলুজানে কঢ়িয়াই
ফুৰে বহুতৰ যন্ত্রণা। বহু নোকোৱা কথা। দিফলুজানৰ লগত কথা পাতি শাঁত পৰে মন। উৎসাহ
আহে মনলৈ। আৰু কেতিয়াবা দিফলুজানে সামৰি লয় দুখবোৰ। বুকুবোৰ দুখেৰে ভৰুণ হ’লে, আশাবোৰ চেঁচা পৰিলে দিফলুজানে আঁকোৱালি লয়।
সুৰেন হাজৰিকাৰ ল’ৰা অৰ্ণৱদাক বিমুখ কৰা নাছিল দিফলুজানে, বেদনাত ওপঙি থকা ডেকা ল’ৰাটো দিফলুত ওপঙি আছিল।
বেলিটো ৰঙা হোৱা সময়ত এজাক মানুহৰ সৈতে ময়ো আছিলোঁ দিফলুজানৰ পাৰত সেইদিনা। ভাবুক, চোকা অৰ্ণৱদাৰ শুধ বগা ছাৰ্টতো বহু দিনলৈ মনত আছিল মোৰ। অৰ্ণৱদাৰ কি দুখ আছিল
বাৰু?
মোৰ বাবেও প্রিয় ঠাই দিফলুৰ পাৰ। সিপাৰৰ সেউজীয়া নগা পাহাৰটোলৈ চাই বহু কথা পাতিছিলোঁ
দিফলুৰ সৈতে। মোৰ কৈশোৰ, যৌৱনৰ বহু গোপন কথা দিফলুজানে আজিও ক’ব পাৰিব। দিফলুজানক
সাক্ষী কৰিয়ে জীৱনৰ কেইবাটাও সিদ্ধান্ত গ্রহণ কৰিছোঁ। সোঁতবোৰে কাণ পাতি শুনিছিল কথাবোৰ, কহুঁৱাবোৰে সঁহাৰি দিছিল আৰু দিফলুজানৰ কান্ধত মূৰ থৈ যেন পৰম শান্তি
পাইছিলোঁ! দিফলুজান যেন দিফলুপৰীয়াৰ পৰম সুহৃদ, নিত্য সংগী। সুখৰ-দুখৰ দুর্দিন-সুদিন সকলো সময়ৰে পৰম বান্ধৱ। বন্ধু। আত্মাৰ
বন্ধু।
চহৰৰ নিকটৱৰ্তী যদিও দিফলুপাৰৰ গ্ৰাম্য সৰলতা আছে। শান্ত অথচ প্রাণৱন্ত।
প্রকৃতি আৰু জীৱনবোধৰ গূঢ় তত্ত্ববোৰ ইয়াত সৰলৰৈখিক৷ মোৰ জীৱনবোধৰ প্রথম পাঠশালা
দিফলু পাৰ। আৱেগ আৰু অন্তর্দ্বন্দ্বৰে মন-মগজুত কছৰৎ চলি থকা দিনবোৰে দিফলুপাৰত উত্তৰ নাপাই বহল পৃথিৱীখনলৈ চকু মেলি চাবলৈ লোৱা
সময়তো দিফলুজান আশ্বাসেৰে বৈ আছিল। মোৰ বাবে বহল সাগৰ এখনে অপেক্ষা কৰি আছিল।
দিফলুজানৰ পৰিধিৰ বাহিৰৰ। আশা, আকাংক্ষা, আৱেগ-অনুভূতি দ্বন্দ্ব, বিবাদ, যুক্তি, তর্ক এই— সকলোৰে পোখা মেলিছিল। এইবোৰত
দিফলুজানৰ সোঁততকৈ প্ৰাৱল্য আছিল।
২
মই খিৰিকীৰে দেখিলোঁ, সোণাৰু ফুলবোৰ হালধীয়া হৈছে। কেম্পাছটোত বহুত সোণাৰু গছ আছে। পৰিৱেশতো
মনোমোহা হৈছে। মই পঢ়ি থকা কিতাপখনত মন দিলোঁ। ডেনিয়েল ডেনেট নামৰ বিখ্যাত দার্শনিকজনৰ
কনছিয়াছ এক্সপ্লেইনড্’ নামৰ কিতাপখন পঢ়ি আছোঁ। ফ্রয়েড, নীৎসে আদিৰ মনস্তত্ত্বৰ চিন্তাবোৰ বহু দূৰ আগুৱাই গৈছে।
ছাইক’লজি আৰু মনৰ দৰ্শনৰ ভিন্নতা আছে। বিবেকনিৰ্দিষ্ট কার্য বা চিন্তাৰ আলোচনাৰ
নতুন দিশ উদ্ভাসিত হৈছে। আর্মষ্ট্রং, ক্লার্ক আদিৰ দর্শনে মানৱ চিন্তাৰ
লগতে কৃত্রিম বুদ্ধিমত্তাৰ প্ৰগতিকো চর্চা কৰিছে। দর্শন সামগ্রিকভাৱে বৰ জনপ্রিয়
বিষয় নহয়। প্রায়োগিক দিশৰ অজ্ঞানতাৰ বাবে জনতাৰ পৰা ই দূৰৈত। কলেজত সৰহকৈ নম্বৰ
পোৱা বিষয়। মই কিন্তু তেনেকৈ ভাবি দর্শন পঢ়া নাছিলোঁ। মই ভাবুক আছিলোঁ সৰুৰে পৰা।
মোৰ প্ৰশ্নবোৰৰ উত্তৰৰ বাবে হাবাথুৰি খাইছিল দেউতাই, হাইস্কুলৰ গজেন ছাৰহঁতে। বহুতৰ মতে
সৰুতেই মাৰ মৰম নোপোৱাৰ বাবেই মই এনে হ’লোঁ। হ’বও পাৰে। মাৰ চকুহালি বন্ধ হৈ থকা, শেঁতা পৰা মুখখন আৰু চাদৰৰ মচলাৰ গোন্ধটোৰ
বাদে আন একোৱেই মনত নাই মোৰ। মাৰ মৃত্যুৰ সেই শূন্যতা আজিও কঢ়িয়াই ফুৰোঁ বুকুত। সেয়াই আৰম্ভণি আছিল মোৰ কিবা এটাৰ সন্ধানত যাত্রা আৰম্ভ কৰাৰ।
দিফলুজানৰ পৰা ক্ৰমাৎ প্ৰসাৰিত হোৱা এক সন্ধিৎসু অভিযানহে যেন। কিবা এটাৰ সন্ধান। কিহৰ বাবে সেই যাত্ৰা আছিল বাৰু?
৩
“ঐ গুণ! ধৰ আকৌ। এস্, তই যে বৰ বেঙা! মাছটোও ধৰিব নোৱাৰ!”— মই গুণক
ডবিয়ালো, মৃদুকৈ। চকু বৰশীৰ পুঙাটোত। স্কুলৰ গৰমৰ বন্ধত মোৰ প্রিয় কাম। বৰশী বোৱাটো।
কামটো ঠিক মোৰ ভাল নালাগে, অলপ আমনিদায়ক, তথাপি প্রিয় কাম। মাছলৈ বাট চোৱা, আকর্ষণ কৰা, তাক ধৰা, কেতিয়াবা আকৌ মাছটো টোপটো খাই পলাই যোৱা। বিভিন্ন পর্যায় আছে। মানসিক সংযোগ
আছে। মনস্বত্ত্ব আছে। গুণ আৰু মই কাণসমনীয়া। গুণ অলপ ডাঙৰ হ’ব, দুবছৰমান। একে বয়সীয়া অজিত, নৃপেন আদিতকৈ গুণকান্তৰ সংগ মোৰ বেছি পছন্দৰ। গুণই বহু কথা জানে। বহু কাম
জানে। শিকিব পাৰি। (ভদ্রেশ্বৰ নামতীৰ ল’ৰা-ছোৱালীকেইটা যে
ভায়েক নৰেনৰ ফালৰ মই গুণৰ পৰাই গম পাইছিলো!) নাভিৰ তলৰ এনেয়ে লেতুসেতু
দণ্ডনলীকাত আঙুলীৰ এক বিশেষ স্পর্শত যে কিবা এক অনুভূতি সৃষ্টি হৈ এক কাঠিন্য আৰু
দীর্ঘতা আহে, সেয়া প্রমাণ চাবলৈ মোক মান্তি কৰোৱা মানুহটোৱেই গুণকান্ত। সমনীয়া বা কেইবছৰমান
ডাঙৰ নতুনকৈ গাভৰু হোৱা ছোৱালীবোৰৰ পৰিৱর্তনবোৰ চকুত পেলাই দিয়া মানুহটো হৈছে
গুণ। গুণকান্ত। মই মেট্রিক পাছ কৰি দিফলুপাৰ এৰিছিলোঁ, গুণৰ লগত পাছলৈ যোগাযোগ লাহে লাহে শীতল হৈ আহিছিল, পাছলৈ প্রায় নিয়মমাফিক। কলেজৰ লাইব্রেৰিত সময় পাৰ কৰি, মোৰ অনুভৱ হৈছিল কিমান কাষত থাকিও আচলতে গুণ মোৰ পৰা কিমান দূৰৈত আছিল। মোৰ
ক্ৰমাৎ প্রসাৰিত পৃথিৱীখনত গুণৰ সেই এসময়ৰ প্রখৰ জ্ঞান চৰম দৈন্য হৈ ধৰা দিছিল।
কিন্তু মোৰ জ্ঞান অন্বেষণৰ প্রথম সংগী
আছিল গুণ। গুণকান্ত শইকীয়া।
৪
দিফলুপাৰৰ পৰা গুৱাহাটীত পঢ়িবলৈ আহি মই যেন দিফলুপাৰৰ সীমাবদ্ধতাক প্রথম
উপলব্ধি কৰিলোঁ। দিফলুপাৰে জীৱনবোধৰ শিক্ষা দিছিল, বীক্ষা দিব পৰা নাছিল। জ্ঞান আছিল, কিন্তু প্রজ্ঞাৰ অভাৱ
আছিল। বিখ্যাত কলেজখনৰ লাইব্রেৰিটো আৰু পাণবজাৰৰ গধূলিবোৰে নতুন চিন্তাৰ বাট
মুকলি কৰিছিল। মেট্রিক আৰু হায়াৰ ছেকেণ্ডাৰিত চমকপ্রদ ৰিজাল্টৰ পাছতো মই দৰ্শনৰ
ছাত্র হ’ব খোজাটো বহুতৰে বোধগম্য হোৱা নাছিল। মই পিছে নতুনত্ব পাইছিলোঁ বিষয়টোত।
জীৱনটো, মনটোক আৰু নতুনকৈ চোৱাৰ অৱকাশ দিছিল। বিষয়টোত যেন বিচাৰি ফুৰা প্রশ্নবোৰৰ
উত্তৰ আছিল। গিৰীন বৰুৱা ছাৰৰ ক্লাছত, ছাৰৰ লগত কৰা তাত্ত্বিক তর্ক আৰু আলোচনাবোৰে
শিপাই পেলাইছিল মন।
মই দৰ্শনৰ গভীৰৰ পৰা গভীৰতৰলৈ গতি কৰিছিলোঁ৷ আন্দোলনৰ পাছত সময়বোৰ সলনি হৈছিল।
জাতীয়তাবাদী দলৰ পৰা ৰাইজৰ অতি আশা আৰু আশাভংগৰ বেদনাই হতাশ কৰিছিল বহুতক। বহু
ডেকা ল’ৰা ৰঙা আধা উদয় হোৱা সূর্য এটাৰ দিশে ধাৱমান হৈছিল। নতুন লক্ষ্য আৰু নতুন
সপোন এটাই হাতবাউলি দিছিল। অৰণ্যক ঘৰ কৰিছিল, বন্দুকক আপোন কৰিছিল। মই কিন্তু
ব্যস্ত আছিলোঁ, জ্ঞান কৰ্ষণৰ নিত্য নতুন চিন্তাত। দৰ্শনৰ জগতখনৰ নতুন সূত্র আৰু চিন্তাবোৰে
আচ্ছন্ন কৰি ৰাখিছিল মোক। পাটগিৰি ছাৰক দৰ্শনৰ বিশ্বপ্রসিদ্ধ গৱেষণা আলোচনীখন তিনি
মাহৰ মূৰত হ’লেও কলেজ লাইব্রেৰিলৈ আনিবলৈ মান্তি
কৰাইছিলোঁ।
কলেজৰ লাইব্রেৰিতে মই এদিন লগ পাইছিলো দীপেনক। যোৰহাটৰ ল’ৰা দীপেন ফুকন। ফিজিক্সৰ ছাত্র। চোকা মগজ। দীপেন প্রেক্টিকেল! সি জ্ঞান
সাধনাৰ জৰিয়তে সমাজক সেৱা কৰাত বিশ্বাস কৰে। নিজৰ মধ্যবিত্তীয় সপোনবোৰ পূৰণ কৰাৰ
হয়তো সোয়া আছিল একমাত্র উপায়। কিবা এটা মিল হৈছিল দুয়োৰে। চিন্তাৰ মিল, জ্ঞান সাধনাৰ মিল নে মধ্যবিত্তীয় সপোনৰ মিল?
‘‘এই অসমৰ বুদ্ধিজীৱীসকলে কি বিচাৰে হে?’’ — হাতত থকা অসমীয়া বাতৰিকাকতখন জাপি লৈ দীপেনে সুধিলে।
‘‘জানো কি বিচৰে? ভাল হোৱাটোৱেই বিচৰে নিশ্চয়।’’ — মোৰ উত্তৰটোৱে দীপেনক হতাশ কৰিলে।
‘‘নহয় হে! এই গোহাঁই ছাৰ আৰু হোমেন বৰগোহাঞি ছাৰে কাগজত লিখিয়েই সকলো ঠিক
কৰিব বিচাৰে! নোৱাৰেহে, তেনেকে নোৱাৰে।’’ — দীপেনে ক’লে।
‘‘জাতিৰ সংকটৰ সময়ত বাট দেখুওৱাটো বুদ্ধিজীৱীৰ কাম, তাকেই কৰিছে।’’ — মই ক’লোঁ।
‘‘মই শইকীয়া ছাৰকহে ভাল পাওঁ। নিজৰ কামেৰে প্ৰমাণ কৰি আছে। অযথা বিতর্কত নাই।’’ — দীপেনে ক’লে।
হয়। দীপেন অযথা বিতর্কত নোসোমাইছিল। সকলোৰে পৰা দূৰৈত আছিল তাৰ স্থিতি। ছাত্ৰ
সংস্থা, সংগঠন বা কলেজৰ পলিটিক্স, সকলোৰে পৰা দূৰৈত। কিন্তু ফিজিক্সৰ বাদেও দীপেনে যি অধ্যয়ন কৰিছিল সেয়া
বিস্ময়ৰ বিষয় আছিল। অদ্ভুত দখল আছিল প্রায় সকলো বিষয়তে আৰু যুক্তি আছিল পানী
নসৰকা। কিন্তু প্রদর্শনৰ উচ্চাকাংক্ষা নাছিল। ইন্দ্ৰই এবাৰ সমজুৱাকৈ আমাৰ দুয়োকে ‘bloody coward’ বুলি কৈছিল। মই ফেপেৰি পাতিব খুজিছিলোঁ, কিন্তু দীপেনে হাতখন ধৰি ৰখাই দিছিল।
ইন্দ্র তেতিয়া ছাত্র সংগঠনৰ নেতা আছিল আৰু এতিয়া ছাৰেণ্ডাৰ কৰা প্রাক্তন বিপ্লৱী।
দীপেনৰ লগত বহু কথা আলোচনা কৰিছিলোঁ। সমাজ, ৰাজনীতি, কবিতা, দর্শন আৰু বিজ্ঞানৰ সম্বন্ধ। দীপেনৰ মতে মানুহৰ সকলো চিন্তা, সম্পর্ক, আদর্শ, উদ্ভাৱন এটা কথাত কেন্দ্রীভূত— স্বার্থ। মানুহে সকলো কর্ম কেৱল স্বার্থ পূৰণৰ বাবে কৰে। তাকে মানুহে, মানে আমি, লক্ষ্য, আদর্শ উচ্চাকাংক্ষা ইত্যাদি ইতিবাচক নাম দি লওঁ। আৰু সম্পর্কবোৰটো স্বার্থৰ
প্রথম জখলা। দীপেনৰ মতে মানুহৰ মাজত স্বার্থহীন সম্পর্ক থকা অসম্ভৱ। পাছৰ কালত মই
এয়িন ৰেণ্ডৰ দৰ্শনৰ কিতাপ পঢ়ি গম পাইছিলোঁ, স্বার্থপৰতা এটা গ্রহণযোগ্য নৈতিক
অৱস্থা। নিজক সর্বোপৰি ভালপোৱাটো ভুল হ’ব নোৱাৰে! সঁচাকৈ
নোৱাৰেনে?
৫
মই জালুকবাৰীৰ বাসিন্দা হ’লোঁ। দীপেন দিল্লীত পঢ়িবলৈ গ’ল। মোৰ আৰু দীপেনৰ
সম্পৰ্কৰ স্বার্থ শেষ হৈছিল নিশ্চয়। প্রথমতে যোগাযোগ কমি আহিল আৰু পাছত একেবাৰেই
নোহোৱা হ’ল। ৰাজ্যখনৰ এজন মহান পণ্ডিতৰ নামত থকা বিশ্ববিদ্যালয়খনৰ লাইব্রেৰিটোতে মই
বেছি সময় পাৰ কৰিছিলোঁ। ফিল’ছ’ফি অৱ মাইণ্ড, দৰ্শনৰ চালুকীয়া নহ’লেও বেছি জনপ্রিয় শাখা নহয়। নতুনত্বই মোক
আকর্ষণ কৰিলে। মোৰ আগ্রহ বাঢ়িল। শৰতচন্দ্রন ছাৰ মালায়ালী মানুহ। বুদ্ধিদীপ্ত
চিন্তাৰে তগবগ। মোক উৎসাহ যোগালে। ক’লে, এইটো বিষয়ত বিশেষ চিন্তা-চৰ্চা হোৱা নাই, তুমি কৰা। পাৰিলে পি এইছ ডিটো জার্মানিত
কৰিবা, তাত গৱেষণা হৈছে, অলপ। ইতিমধ্যে য়ুনিভাৰ্ছিটিত মোৰ পৰিচয় এটা সৃষ্টি হৈছিল। দৰ্শনৰ চোকা ছাত্র।
ভাবুক, হয়টো আধা পাগল। মই বেয়া পোৱা নাছিলো চিনাকিটো। দৰ্শনৰ বাকীবোৰে নম্বৰ আৰু
সহজ চাকৰিৰ আশাত পঢ়িছিল। মই কিন্তু পঢ়া বিষয়টোক লৈ সম্পূৰ্ণ সমৰ্পিত আছিলোঁ।
বহুতে কথা-বতৰাৰ মাজতে মোক ঠাট্টা-মস্কৰা
কৰিছিল, কিন্তু সকলোৰে মাজতে মোক লৈ এক সমীহ ভাবো আছিল। এক দূৰত্ব আছিল।
তেনেকুৱা দিনতে নমিতাক লগ পাইছিলোঁ। কেণ্টিনত। ইংৰাজী সাহিত্যৰ ছোৱালী। আমাৰ ঘনিষ্ঠতা হৈছিল।
ঘণ্টা জুৰি আমি আড্ডা দিওঁ। অসমীয়া সাহিত্যটো নমিতাৰ অবাধ বিচৰণ। কবিতা, গল্প, উপন্যাস সকলো নখ-দর্পণত। মই গল্প পঢ়ি ভাল পাওঁ। তাকো কেৱল তিনিজন গল্পকাৰৰ।
সৌৰভ চলিহা, ভবেন শইকীয়া আৰু মহিম বৰাৰ। উপন্যাস নপঢ়োঁ, ধৈর্যৰ অভাৱ। নমিতাই সোধে চলিহা আৰু
শইকীয়া, কোন শ্রেষ্ঠ ? মোৰ দ্ব্যর্থহীন উত্তৰ। চলিহা। না... শইকীয়া—
নমিতাই কৈ যায়। শইকীয়া ছাৰৰ গল্পত জীৱন বাস্তৱ। চলিহাৰ গল্প বেপৰোৱা। গোহাঁই
ছাৰে সম্ভৱত চলিহাৰ গল্প ‘তাড়ীখানাৰ গল্পতকৈ অলপ
উন্নত’ জাতীয় মন্তব্য কৰিছিল। মই নামানো। চলিহাৰ গল্প মোৰ বেছি আপোন, চেলেঞ্জ কৰে তেওঁ পাঠকক! সৌৰভ চলিহাৰ গল্প বুজিবলৈ সাহিত্যৰ জ্ঞান যথেষ্ট নহয়, দর্শন বুজিব লাগিব। ফিল’ছ’ফি অৱ মাইণ্ড। মই
কটাক্ষ কৰোঁ। তর্ক জমি উঠে আমাৰ। নমিতা প্রাণোচ্ছল এক সত্তাৰ নাম। মোৰ বিপৰীত সত্তা।
মোৰ গোঁৱাৰ কম কথা কোৱা স্বভাৱ আৰু নমিতাৰ অনর্গল কথা। নমিতাই জীৱনক উদ্যাপনৰ কথা
কয়। মই জীৱনক বুজাৰ কথা কওঁ। দীপেনৰ পাছত নমিতাৰ বৌদ্ধিক আৰু মানসিক সান্নিধ্য মই
উপভোগ কৰিছিলোঁ৷ মই বন্ধুত্বৰ ফিল’ছ’ফিৰ থিয়ৰিৰে বুজিব খুজিছিলোঁ বহু কথা। নমিতাই মোৰ যত্ন লৈছিল নাৰীৰ
স্বভাৱজাত আদৰেৰে। মোৰ সপোনবোৰ মন দি শুনিছিল। দিফলুজানৰ কথাও মই নমিতাক কৈছিলোঁ। নমিতাৰ সপোনটো মোৰ দৃষ্টিত তেনেই সৰু আছিল। কলেজৰ অধ্যাপিকা আৰু এখন ঘৰ। হেঁপাহৰ ঘৰ। আনৰ চকুত আমি আছিলো ‘সফল’ প্রেমিক-প্রেমিকা। য়ুনিভাৰ্ছিটিৰ কমন
ফেন’মেনন্।
আমি প্ৰেমত পৰিছিলোঁনে?
৬
সময়বোৰ পাখিলগা। জালুকবাৰীৰ পৰা জার্মানিৰ প্রসিদ্ধ বিশ্ববিদ্যালয়ৰ দৰ্শনৰ
সর্বশ্রেষ্ঠ প্রতিষ্ঠানৰ পৰা পিএইছ. ডি., তাৰ পাছত তাতে অধ্যাপনা। গৱেষণাৰ
মেটমৰা বোজা। বহুত পাব্লিকেশ্যন। কিতাপ-পত্র, ছেমিনাৰ, কনফাৰেঞ্চ! আৰু এদিন দেশলৈ ঘূৰাৰ সংকল্প। আকৌ সেই একেই পুনৰাবৃত্তি। সকলো
আচৰিত হোৱাৰ পাল। যোছেফ নিয়েলছনৰ মতে ‘‘ডু বিষ্ট এইন্ ভেডামটে
ডুমকফ্!’’ য়ু আৰ এ ব্লাডি ফুল! হয়। মই ব্লাডি ফুলেই চাগৈ। যি প্রতিষ্ঠা, সন্মান, খ্যাতি এৰি মই যাবলৈ ওলাইছোঁ, সি এটা ‘ফুল’-ৰেই কাম হ’ব পাৰে! যোছেফ সহপাঠি আৰু সহকর্মী। বহু গৱেষণাপত্র একেলগে লিখিছোঁ৷ বহু কথা পাতিছোঁ। মোৰ নিত্য সহচৰ। নমিতাৰ
কথা, দীপেনৰ কথা, আনকি গুণ আৰু দিফলু পাৰৰ প্রতিটো গল্প মই যোছেফক কৈছোঁ। গতিকে মোৰ সিদ্ধান্তই যোছেফক দুখ দিয়াটো স্বাভাৱিক।
যোছেফে মোক নিকট বন্ধু জ্ঞান কৰিছিল! আই আই টি বম্বেত
প্রফেছৰৰ পদটো পোৱাত বিশেষ কষ্ট নহ’ল। প্রায় ত্রিছ বছৰ
বিদেশত থাকি ঘূৰি যাবলৈ ওলাইছোঁ। কিন্তু যোছেফ মোৰ নিকট বন্ধু আছিলনে?
৭
তিনিকুৰি পাৰ কৰিব খোজা জীৱনটোৱে মোক সকলো দিলে। যশ, খ্যাতি, সন্মান, অর্থ। মানুহে ঈর্ষা কৰিব পৰা প্ৰতিটো বস্তুৰ সোৱাদ মোক জীৱনে দিলে। বম্বেত
যোৱা আঠটা বছৰ অতি ব্যস্ততাৰেই পাৰ হৈ গ’ল। যোছেফৰ লগত গৱেষণা
সংক্রান্তীয় যোগাযোগ হৈ থাকিল। নিয়ম মাফিক। দর্শনৰ পৃথিৱীখনত মজি থাকোঁতে
ঘৰ-সংসাৰৰ কথা চিন্তা কৰাই নহ’ল। এইটো লৈ মোৰ কোনো
ব্যক্তিগত আক্ষেপ নাই। আচলতে মই সন্দিহান আছিলোঁ মোৰ তেনে এক বন্ধনত বান্ধ খাই
থাকিব পৰাৰ সামর্থ্যক লৈ। মানুহৰ সংগ মই ভাল পাওঁ। উপভোগ কৰোঁ মানুহৰ মনৰ
বিচিত্রতা। চিন্তাৰ বিবিধতা। কিন্তু দীঘলীয়া এৰাব নোৱৰা সম্পর্ক এটা মোৰ কাম্য
নাছিল কেতিয়াও। এৰিষ্ট’টলে তিনি প্রকাৰৰ বন্ধুত্বৰ কথা কৈছিল।
য়ুটিলিটি, প্লিজাৰ আৰু গুড্নেছ। ব্যৱহাৰযোগ্য, আনন্দ আৰু সাত্ত্বিক। গুড্নেছ মানে
সাত্ত্বিক নহয় চাগৈ! তেওঁৰ মতে শেষৰবিধ সর্বশ্রেষ্ঠ আৰু দীর্ঘস্থায়ী! জেক
ডেৰিডাই কৈছিল— ‘‘অ ফিলই, অউদেয়িছ ফিল’ছ’’ — ‘‘অ’ মাই ফ্রেণ্ড, ডেয়াৰ ইজ ন’ ফ্রেণ্ড!”— এটা আচৰিত আৱেগ। হি হো হেজ মেনি
ফ্রেণ্ডছ্, হেজ ন’ ফ্রেণ্ড! ডেৰিডাৰ মতে বন্ধুত্বৰ আৰম্ভণিতেই ক্ষণভংগুৰতা থাকে।
বন্ধুত্বৰ আৰম্ভণিতেই আমি সেই বন্ধুজন বা তেওঁ আমাক এৰি বাচি থাকিব পৰাৰ বীজ ৰোপণ
হয়। নেহমেছৰ মতে বন্ধুত্ব এক প্ৰকাৰৰ আংশিক সম্পর্ক আৰু আমাৰ পছন্দৰ মূল্য। সহজ
ভাষাত অর্থাৎ যাক ভাল লাগে তাক বিশেষ গুৰুত্ব দিওঁ। মোৰ অসীম অধ্যয়ন আৰু নিৰলস
চিন্তা চেতনাৰে আজি বিশ্বাস কৰোঁ যে, মই জীৱনত পত্নী, প্রেমিকা, পিতৃ-মাতৃ এইবোৰ বিচৰা নাছিলোঁ৷ মোৰ বাবে সেইবোৰ আছিল আক্ষৰিক সম্পর্ক। হয়তো দীপেনৰ মতে স্বার্থজড়িত
সম্পর্ক। তেন্তে কি বিচাৰিলোঁ মই অত বছৰে?
৮
বহু সময় মই পাৰ কৰিলোঁ সিহঁতৰ লগত। কিন্তু বিমুখ হৈছিলোঁ মই। গুণৰ গ্রাম্য
সৰলতা, দীপেনৰ প্রখৰতা আৰু নমিতাৰ প্রাণচাঞ্চল্য অথবা যোছেফৰ সাহচর্য। মোৰ সন্ধান
অপূৰ্ণ হৈ ৰ’ল। মই আচলতে ইমান বছৰে এজন বন্ধুৰ সন্ধান
কৰিছিলোঁ। এৰিষ্ট’টলৰ সেই ‘গুডনেছ বন্ধু’-জন। নমিতাৰ মই প্রেমত পৰা নাছিলোঁ। বন্ধুত্ব বিচাৰিছিলোঁ। নমিতাই হেঁপাহৰ ‘ঘৰ’-খন মোৰ লগতে বন্ধাৰ সপোন হয়তো দেখিবও পাৰে। নমিতা বহু ওচৰ চাপিছিল, ‘গুডনেছ বন্ধু’-ৰ সংজ্ঞাৰ। কিন্তু মোৰ ভয় লাগিছিল। আক্ষৰিক
সম্পৰ্কৰ ভৰত নমিতাৰ মাজৰ ‘বন্ধু’-জন হেৰুৱাম বুলি।
এদিন দিফলুজানৰ পৰা দূৰলৈ গুচি অহাৰ দৰে মই নমিতাৰ পৰা আঁতৰি আহিলোঁ। হয়। মই বুজিছোঁ। ইমান দিনে মই এজন
বন্ধুৰ বাবে বাট চালোঁ। যাৰ ওচৰত নিজৰ আত্মাক উন্মুক্ত কৰিব পাৰি, যাৰ কান্ধত মূৰ থৈ কান্দিব পাৰি এসোঁতা। যাৰ লগত
গঢ়ি উঠে আত্মাৰ সম্পর্ক। দৰ্শনৰ সকলো থিয়ৰিৰ ঊৰ্ধ্বৰ এক বন্ধু। তেনে এজন বন্ধুৰ
সন্ধান মোৰ অব্যাহত থাকিব। হয়তো শেষৰ দিনটোলৈকে।
আজি বহু দিনৰ মূৰত এটা প্রিয় গীত শুনিবলৈ মন গ’ল। মই উঠি গৈ মিউজিক প্লেয়াৰটো অন কৰি দিলোঁ। খিৰিকীৰে মই বাহিৰলৈ চালোঁ। সোণাৰু ফুলবোৰ পৰি পাৰ্কখন হালধীয়া হৈ পৰিছে। বেলিটো পাটত বহিবলৈ আৰু কিছু পৰ
মাত্র। আকাশখন ৰক্তিম হৈ উঠিছে। মই চকু দুটা মুদি আৰামী চকীখনত হেলান দিলোঁ! দৰদী
গায়িকাৰ কণ্ঠত গীতটো বাজি আছে “বন্ধু মেলি দে তোৰ দুখৰ দুখনি হাত। এবাৰ জিৰাওঁ তোৰ বুকুৰ শীতল ছাঁত/ বন্ধু”৷ এটা
সান্ধ্যস্বপ্নই মোক আচ্ছন্ন কৰি পেলালে, দিফলুজানৰ সোঁতবোৰ উজাই আহিছে, মই পাৰত বহি কথা পাতি আছোঁ সোঁতবোৰৰ লগত।
অনর্গল।
অবিৰাম।