অন্যযুগ/


এজন ওখ মানুহৰ প্ৰয়োজন

ভৰত ৰাজখোৱা



জিলাখনৰ এমূৰীয়া পঞ্চায়তটোত বাস কৰা মানুহখিনিৰ এটাই দুঃখ তেওঁলোকে এজন ওখ মানুহ বিচাৰি পোৱা নাই৷ এজন ওখ মানুহৰ অভাৱে আজি দীৰ্ঘদিন ধৰি মানুহখিনিক কষ্ট দি আহিছে৷

পঞ্চায়তটোক সন্মিলিত জনগোষ্ঠীৰ পঞ্চায়ত বুলি কলেও ভুল কৰা নহব৷ সকলো ধৰ্ম আৰু বৰ্ণৰ মানুহে ইয়াত বসবাস কৰি আহিছে৷ শান্তি-সম্প্ৰীতিৰে কোনো কালেই কেতিয়াও জাত-পাত বা ধৰ্মৰ কথা তেওঁলোকৰ বাবে সমস্যা হৈ দেখা দিয়া নাই৷

পঞ্চায়তটোৰ কোনোবা এখন গাঁৱত পুৱা-গধূলি দবা কোবায়, শঙ্খ বজায়৷ সকলোৱে শুনে৷ হাত দুখন ওপৰলৈ তুলি নেদেখাজনৰ উদ্দেশ্যে সেৱা এটি জনায়৷ কোনোবা এখন গাঁৱত পুৱা-গধূলি আজান দিয়ে৷ পুৱাৰ আজানৰ শব্দত শ্ৰমজীৱী মানুহবোৰে খৰধৰকৈ বিছনা এৰে৷ একেখিনি মানুহেই গীৰ্জাৰ ঘণ্টাও শুনে, মন্দিৰৰ আৰতিও শুনে৷ তাৰ বাবে কাৰো একো ওজৰ আপত্তিও নাই, আক্ষেপো নাই৷

হিন্দুখিনি মাজতো কোনোবা সঙ্ঘীয়া, কোনোবা বামুণীয়া৷ নিজৰ নিজৰ নিয়মমতে সকলো চলি থাকে৷ সামাজিকভাৱে ভিন্নতা থাকিলেও ঘৰুৱাভাৱে একো নাই৷ বিপদে-আপদে খা-খবৰ কৰে৷ বিহুৱে সংক্ৰান্তিয়ে জা-জলপান খায়৷

যজমানী কৰা ডিম্বেশ্বৰৰ লগত মাছ পুঁহি, মাছ বিক্ৰী কৰি পৰিয়াল চলোৱা ৰামেশ্বৰৰ ভাল বন্ধুত্ব আছে৷ এবাৰ ডিম্বেশ্বৰৰ মানুহজনী ডিব্ৰুগড়ৰ মেডিকেল কলেজত পৰি থাকোঁতে ৰামেশ্বৰে ঘৰৰ গাভিনী গাইজনীক বিক্ৰী কৰি টকা দুহেজাৰ দি সহায় কৰিছিল৷

তেতিয়া পঞ্চায়তটোৰ প্ৰায়বোৰ মানুহেই ওখ ওখ আছিল৷ মানুহবোৰে বহু দূৰলৈকে দেখিছিল, গতিকে একো সমস্যাৰ সৃষ্টি হোৱা নাছিল৷

পঞ্চায়তটোত কাষৰ পঞ্চায়তটোৰ কিছু মানুহো আহি বসবাস কৰিছিল৷ বেলেগ জিলাৰ পৰাও কিছু আহিছিল৷ কিন্তু এই পঞ্চায়তটোৰ মানুহখিনি খুব পৰিশ্ৰমী আছিল৷ সৰহখিনিয়েই আছিল কৃষিজীৱী৷ খেতি আৰু ঘৰুৱাভাৱে পালন কৰা হাঁহ–কুকুৰা, গৰু-ছাগলীৰ পৰা উপাৰ্জিত ধনেৰে তেওঁলোকৰ অৱস্থা নদন-বদন আছিল৷

হঠাৎ আজিৰ পৰা চল্লিছ বছৰমানৰ আগেয়ে পঞ্চায়তটোত কেইজনমান ওখ মানুহ ওলাল৷ এইটো পঞ্চায়তৰ মানুহখিনিয়ে যিবোৰ বস্তু দেখা নাছিল, সেই ওখ মানুহখিনিয়ে সেইবোৰ সৱ দেখা পালে৷ পঞ্চায়তটোৰ মানুহখিনিক সেই ওখ মানুহ কেইজনে ভালেমান নতুন কথা বুজাবলৈ ধৰিলে৷

সেই ওখ মানুহকেইজনে পঞ্চায়তৰ মানুহখিনিৰ সুখ-দুখ, শান্তি-সম্প্ৰীতিৰ দায়িত্ব কান্ধ পাতি ল’লে৷ তেওঁলোকে দঢ়াই দঢ়াই ক’লে যে ওচৰৰ পঞ্চায়ত আৰু অন্য জিলাৰ মানুহখিনিক এই পঞ্চায়তৰ পৰা খেদি পঠাব পাৰিলেই সকলো সমস্যা নাইকিয়া হ’ব৷ নহ’লে এদিন সিহঁতে পঞ্চায়তটো আমাৰ পৰা কাঢ়ি ল’ব৷ আমাক মাৰিব, কাটিব৷ আমাৰ জীয়ৰী, বোৱাৰীৰ সতীত্ব হৰণ কৰিব৷ আমাৰ ভঁৰালৰ ধান, বাৰীৰ তামোল-পাণ সৱ কাঢ়ি নিব৷

পঞ্চায়তটোৰ মানুহখিনিয়ে ওখ মানুহকেইজনৰ কথাবোৰ ভালকৈ বুজি নাপালেও নিৰ্বিবাদে মানি ল’লে৷ ইমান ধুনীয়া কথা কৈছে এই মানুহকেইজনে৷ নিজৰ পঞ্চায়তৰে ল’ৰা৷ কিয় বেয়া কথা ক’ব৷

গোটেই পঞ্চায়টোত হুলস্থূল লাগিল৷ জিলা উপায়ুক্তৰ ওচৰত আৱেদন নিৱেদন কৰা হ’ল৷ জিলা উপায়ুক্ত বাৰু জিলা সমিতিৰ মানুহে বজালেহে বুজালে, এই পঞ্চায়তৰ মানুহখিনিয়ে নুবুজিলে৷ বুজিবনো কেনেকৈ, বুজা-বুজিৰ কাৰবাৰটো ওখ মানুহখিনিৰ লগতহে আছে৷

পঞ্চায়তটোৰ মানুহখিনিয়ে ওখ মানুহখিনি আৰু তেওঁলোকৰ লীডাৰক ঈশ্বৰৰ অৱতাৰ হেন জ্ঞান কৰা হ’ল৷ পঞ্চায়তটোৰ মানুহখিনিক দুঃখ-দুৰ্দশাৰ পৰা মুক্ত কৰিবৰ বাবেই তেওঁলোকৰ আবিৰ্ভাৱ হৈছে৷ এনে এটা ভাৱ হ’ল সকলোৰে মনত৷ লীডাৰজনৰ ফট’ ঘৰে ঘৰে ওলমিল৷ কোনোবাই কোনোবাই সন্ধিয়া ধূপ-চাকিও জ্বলালে৷

ওখ মানুহকেইজনে জিলা সমিতিৰ মানুহৰ লগত কিবা বুজাবুজি কৰিলে৷ সিদ্ধান্ত হ’ল যে অন্য পঞ্চায়ত আৰু অন্য জিলাৰ মানুহবোৰ সোনকালে যাবগৈ৷ সেইদিনা পঞ্চায়তটোৰ মানুহবোৰে বেধুম ফূৰ্তি কৰিলে৷

ইয়াৰ পাছৰ দৃশ্যবোৰ সোনকালে সলনি হ’ল৷ ওখ মানুহকেইটাই এইবাৰ ৰাইজৰ কাম কৰিবলৈ ওলাই আহিল৷ পঞ্চায়তৰ নিৰ্বাচন খেলিলে৷ ৰাইজে হেঁপাহেৰে সিহঁতক ভোট দিলে৷ লীডাৰজন সভাপতি হ’ল৷ বাকীকেইজন উপসভাপতি, কাউন্সিলাৰ, সদস্যা আদি৷

দিন যোৱাৰ লগে লগে সেই ওখ মানুহকেইটা চাপৰ হৈ গৈ থাকিল৷ সিহঁত যিমানে চাপৰ হ’ল, সিমানে শকত হ’ল৷ ফলত ডিঙি লৰাই ইফালে সিফালে ঘূৰি চাব নোৱৰা হ’ল৷ মাতষাৰো সৰু হৈ পৰিল৷ আগৰ সিহঁৰ দৰে মাতষাৰ উলিয়াবলৈ চেষ্টা কৰিলেও গাধৰ দৰে চিচিঁয়া মাতহে সিহঁতৰ ডিঙিৰ পৰা ওলোৱা হ’ল৷

এসময়ৰ ওখ মানুহকেইটা একেবাৰে চাপৰ হৈ পৰিল৷ এতিয়া সিহঁতৰ মাতষাৰ শুনিলেহে সিহঁতৰ অস্তিত্ব গম পোৱা হ’ল৷

পঞ্চায়তটোৰ মানুহবোৰে বুজিলে সকলো সমস্যা দূৰৈৰ পৰা দেখা পোৱা এসময়ৰ ওখ মানুহকেইটা কেৱল চাপৰ হোৱাই নহয়, কলা, অন্ধ আৰু বোবাও হ’ল৷

সিহঁত হেৰাই গ’ল ঠিকেই, কিন্তু সিহঁতে সৃষ্টি কৰি যোৱা সমস্যাবোৰ থাকি গ’ল৷

বিশেষকৈ যিখিনি অন্য পঞ্চায়তৰ মানুহে আগতে ইয়াৰ মানুহকে বুকুৰ কুটুম বুলি সাবট মাৰি ধৰি আছিল, তেওঁলোকৰ মনবোৰ বেয়া হৈ গ’ল৷ বিশ্বাস হেৰাই গ’ল, মৰম-চেনেহ হেৰাই গ’ল৷ বাটত দেখিলে মুখবোৰ ঘূৰাই দিয়া হ’ল৷ এই বীজাণুটো লাহে লাহে তেওঁলোকৰ সতি-সন্তানলৈও বিয়পি পৰিল৷ এই পঞ্চায়তটোৰ পুৰণি অধিবাসী আৰু অন্য পঞ্চায়তৰ পৰা অহা মানুহখিনিৰ সম্পৰ্ক মাজে মাজে ফাটি যোৱা বাঁহ এডালৰ দৰে হৈ পৰিল৷

সেই তেতিয়াৰ পৰা পঞ্চায়তটোত ওখ মানুহ ওলায়েই আছে৷ যে‍তিয়াই অন্য এজন ওখ মানুহ ওলায় মানুহবোৰে বৰ আসাৰে তেওঁৰ মুখলৈ চায়৷ এটাই আশা, এইজন মানুহে কিজানি আমাৰ অসুবিধাবোৰ দূৰ কৰিব৷

কিন্তু শেষত সেয়া নহয়গৈ৷ প্ৰত্যেকজন ওখ মানুহেই এতা নতুন ইছ্যু লৈ মানুহবোৰৰ মাজলৈ যায়৷ সেই ইছ্যুটো মানুহবোৰৰ মনঃপূত হয়৷ কাৰণ তেওঁলোক হ’ল চাপৰ মানুহ, সহজ সৰল কৃষিজীৱী মানুহ৷ গতিকে, সমস্যাবোৰ চাব নাজানে৷ কিন্তু যেতিয়া এজন ওখ মানুহে সেইবোৰ আঙুলিয়াই দেখুৱাই তেওঁলোকে বুজি পায়৷ আৰু সেই সমস্যাটো সমাধান হ’লেই তেওঁলোকৰ মাজলৈ শান্তি-সম্প্ৰীতি আহি যাব বুলি ওখ মানুহজনৰ কথামতে কাম কৰিবলৈ আৰম্ভ কৰে৷ কিন্তু শেষত একো নহয়গৈ৷ নতুন সমস্যা এটা তেওঁলোকৰ মূৰত জাপি দি প্ৰত্যেকজন ওখ মানুহেই চাপৰ হ’বলৈ আৰম্ভ কৰে৷ চাপৰ হোৱাৰ লগে লগে শকত হৈ যায়৷ লগতে অন্ধ, বোবা আৰু কলা হৈ যায়৷

একেবাৰে আজৱ ঘটনা৷ একো সমস্যা নাইকিয়া পঞ্চায়তটোত এতিয়া সমস্যাই সমস্যা৷ মানুহবোৰ প্ৰায়ে থানালৈ যাবলগীয়া হয়৷ মাজে-মধ্যে মাৰ-পিট হৈয়েই থাকে৷ পুলিচেও আহি ধৰি নিয়ে৷

মানুহবোৰে বুজি উঠিছে, এয়া ওখ মানুহবোৰৰ কথা শুনাৰ ফল৷

এতিয়া মানুহবোৰে দবা-কাঁহৰ মাত শুনিলে ভয় খোৱা হ’ল, আজানৰ সুৰ শুনি বেয়া পোৱা হ’ল, মন্দিৰৰ আৰতি আৰু গীৰ্জাৰ ঘণ্টাৰ শব্দত মুখ বিকটাই দিয়া হ’ল৷ ইজনে সিজনলৈ চাই মৰা ধুনীয়া হাঁহিবোৰ নাইকিয়া হ’ল৷ পঞ্চায়তটোৰ মানুহবোৰৰ মাজৰ আমাৰ মিঠা সম্পৰ্কবোৰ এতিয়া শীতল শত্ৰুতালৈ পৰিণত হ’ল৷ ট্ৰাইবেল, নন ট্ৰাইবেল, সাধাৰণ শ্ৰেণী, অন্যান্য পিছপৰা, বহুবোৰ শব্দ বেছিকৈ প্ৰচলন হ’বলৈ ল’লে৷ এইবোৰ আগতেও আছিল৷ কিন্তু মানুহে গুৰুত্ব দিবলগা কথা বুলি ভবাই নাছিল৷
কোনোবা দুজনমান ওখ মানুহে এইটো এটা ডাঙৰ সমস্যা বুলি পঞ্চায়তটোৰ মানুহবোৰৰ মূৰত ভৰাই দিলে৷ এই সমস্যাটোৰ সৃষ্টি কৰি সেইকেইজন ওখ মানুহো আকৌ চাপৰ হৈ গ’ল৷

হিন্দুখিনিৰ মাজতে উচ্চ আৰু দলিত হৈ গ’ল৷ সম্পৰ্ক হেৰাই গ’ল৷ উচ্চ বুলি ভবাখিনিয়েৰ দলিতখিনিক ইতিকিং কৰি ভাল পোৱা হ’ল৷ এইবোৰো নতুনকৈ ওখ হ’বলৈ চেষ্টা কৰা মানুহে সৃষ্টি কৰা সমস্যা৷

আটাইতকৈ ডাঙৰ কথা হ’ল কিছুমান চাপৰ মানুহেও ওখ মানুহৰ পোছাক পিন্ধি না না সমস্যাৰ কথা পঞ্চায়তটোৰ মানুহবোৰৰ মাজত বিলাবলৈ আৰম্ভ কৰিলে৷

পঞ্চায়তটোৰ মানুহখিনিয়ে এতিয়া গোটেই কথাবোৰ বুজি পোৱা হ’ল৷ কিন্তু ভালেমান দিন লাগিল৷

বিভিন্ন সময়ৰ ওখ মানুহবোৰে সৃষ্টি কৰি যোৱা সমস্যাই তেওঁলোকক দুৰ্বল কৰি পেলালে৷ তেওঁলোকে এতিয়া এইটোও বুজি পাইছে যে এইবোৰ আচলতে ওখ মানুহ নাছিল৷ ওখ মানুহৰ ভাওজোৰা চাপৰ মানুহহে৷ ঠিক নীলৰ চৰিয়াত ডুব মৰা শিয়ালটোৰ দৰে৷ এই ওখ মানুহবোৰৰ অকল শিয়ালৰে নহয় কুকুৰনেচীয়াৰো তেজ আছে৷

সেয়েহে এতিয়া পঞ্চায়তটোৰ মানুহে এজন সঁচাসঁচি ওখ মানুহ বিচাৰিছে৷ যিজন মানুহে অন্ততঃ হেৰাই যোৱাখিনি ঘূৰাই আনিব পাৰিব আৰু সঁচা অৰ্থত দূৰলৈকে দেখিব৷

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ