অন্যযুগ/


ফটাচোলাৰ ৰং

(পূৰ্ণাংগ নাটক)

নাট্যকাৰ – ড জ্যোতি প্ৰসাদ শইকীয়া

 

একাদশ দৃশ্য


(মঞ্চ মুকলি হোৱাৰ লগে লগে দেৱীক দেখা পোৱা যাব৷ (Music) দেৱীয়ে মাক জয়াই পিন্ধা শাৰী এখন গাত মেৰিয়াই একান্তমনে কিবা ভাবি থকে৷ এনেতে ধনীৰাম সোমাই আহে)

ধনীৰাম – দৰ্জা খোলা থকাৰ ববে সোমাই আহিলোঁ৷ নাপায় কিন্তু চিনাকী যে! আইজনী কি কৰিছা?

দেৱী – এইখন মই নিদো! (শাৰীখন খামুচি)

ধনীৰাম – কি নিদিয়া অ’ মাজনী?

দেৱী – মাৰ শাৰীখন! তুমিতো চব শাৰী লৈ গ’লা!

ধনীৰাম – শাৰী মোক নালাগে৷ (Mood Change) বাৰু মাজনী! তুমি কোৱাচোন মোক বাৰু আজি কেনেকুৱা লাগিছে? শকত-খীন, ওখ-খটিয়া, কেৰেপাই-খাৱৈচ, পেটুৱা-লেৰেলা?

দেৱী – মই কেনেকৈ জানিম?

ধনীৰাম – হাঃ হাঃ! (হাঁহে) কথা সেইটোৱেই৷

(এনেতে বেদনাথ ভিতৰৰ পৰা ওলাই আহে)

দেৱী – ককা এই মানুহজনক মোৰ অলপো ভাল নালাগে৷ মই এওঁক শাৰীখন নিদিওঁ৷

(দেৱী উচাট মাৰি ভিতৰলৈ সোমাই যায়)

ধনীৰাম – মই মানুহবোৰক কওঁ – মোৰ নাম আৰু কাম একেই নহয়৷ মোৰ নামটোহে ধনীৰাম, পিছে ধন-পইচা নাই৷

বেদনাথ – তুমি আকৌ আহিলা যে? আৰু পুৰণা কাপোৰ নাই৷ যিখিনি নিলা, সেইখিনিয়েই সকলো উদং কৰি থৈ গ’লা৷

ধনীৰাম – মই এইবাৰ নিবলৈ অহা নাই, দিবলৈ আহিছোঁ, (Music)

বেদনাথ – দিবলৈ মানে?

ধনীৰাম – যিখিনি নিছিলোঁ (Music) মই বেপাৰ কৰি ঘৰ চলাওঁ, কিন্তু মানুহৰ আবেগবোৰ চোবাই নাখাওঁ৷

(এনেতে নিৰদা ওলাই আহে)

নিৰদা – কি আবেগ চোবোৱাৰ কথা ক’বলৈ আহিলা?

ধনীৰাম – খুড়ীদেউ! ময়ো মানুহ৷ আবৰেগ মোৰো আছে৷ মাথো অভাৱ অনাটনবোৰক লুকুৱাই ৰাখিবৰ বাবে হাঁহি-ধেমালিৰে দিনবোৰ পাৰ কৰিব বিচাৰোঁ৷

বেদনাথ – মানে?

ধনীৰাম – সিদিনা কাপোৰবোৰ লৈ যাওঁতে কণমানিজনীয়ে পদূলিতে মোক আগচি কাপোৰবোৰ থৈ যাবলৈ কৈছিল৷ সেইবোৰ হেনো তাইৰ মাকৰ কাপোৰ (Music) বৰ বেয়া লাগিছিল৷ (Mood Change) কিন্তু বেপাৰীয়ে তাইক এখন শাৰী ওভটাই দি আঁতৰি গ’লোঁ!

নিৰদা – তাৰ পিছৰপৰা ছোৱালীজনীয়ে খাবলৈ-শুবলৈ এৰিলে …

বেদনাথ – তাই একেবাৰে জঠৰ হৈ পৰিল৷

ধনীৰাম – সেইবাবেই ময়ো কাপোৰবোৰ নিয়াৰ দৰে সযত্নে থৈ দিছিলোঁ৷ এতিয়া …

বেদনাথ – এতিয়া মানে?

ধনীৰাম – মই কাপোৰখিনি ওভটাই দিবলৈ লৈ আহিছো! (Music)

বেদনাথ + নিৰদা – (সমস্বৰে) কি?

ধনীৰাম – পলী বাইদেৱে কাপোৰবোৰ ওভটাই বিচাৰিলে৷ (Music) মই ভালেই পালোঁ! বাইদেৱে কৈছে, কাপোৰখিনি ওভটাই দিয়াতৰ বাবে দহ শতাংশ বেছিকৈ পইচা ঘূৰাই দিব৷ (Music) কিন্তু মই নলওঁ৷ ময়ো মানুহহে৷ মোৰো এখন অন্তৰ আছে৷ (Mood Change) খুড়াদেউ, মই যিদৰে হাঁহিব পাৰোঁ, ঠিক একেদৰে কান্দিবও পাৰোঁ! ৰ’ব মই কাপোৰখিনি লৈ আনো …

(ধনীৰাম বাহিৰলৈ ওলাই যায়৷ বেদনাথ আৰু নিৰদাই দুয়োৱে দুয়োৰে মুখলৈ চায়৷ (Music)

বেদনাথ – নিৰদা, তুমি আৰু ফটাচোলাটো চিলাব নালাগিব৷ (Music)

[বেদনাথ আৰু নিৰদা দুয়ো Freeze হ’ব৷ পোহৰ ক্ৰমাগতভাৱে কমি আহে৷ (Music)]

***

(আগলৈ)

 

 

    

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ