অন্যযুগ/


ফৰেনছিক ছায়েন্স (Forensic Science)


° বুলজিৎ  বুঢ়াগোহাঁই

ফৰেনছিক ছায়েন্স’-ত বৈজ্ঞানীক সূত্রবোৰ প্রয়োগ কৰি কোনো এক অপৰাধ অনুসন্ধান  কৰে। ‘ফৰেনছিক ছায়েন্স’ পঢ়ি ছাত্র-ছাত্রীসকলে উন্নত কেৰিয়াৰ গঢ়িব পাৰে। উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত ছাত্র-ছাত্রীসকলে ‘ফৰেনছিক ছায়েন্স’-ৰ স্নাতক পাঠ্যক্রমত নামভৰ্তি কৰিব পাৰে। ‘ফৰেনছিক ছায়েন্স’-ত স্নাতকোত্তৰ পাঠ্যক্রমত নামভৰ্তি কৰিব বাবে ছাত্র-ছাত্রীসকলে সাধাৰণতে পদাৰ্থ বিজ্ঞান (Physics), ৰসায়ন বিজ্ঞান (Chemistry), প্ৰাণীবিজ্ঞান (Zoology), উদ্ভিদ বিজ্ঞান (Botany), জৈৱৰসায়ন (Bio-chemistry), মাইক্ৰ’বায়’লজি (Microbiology), বি.ফাৰ্ম. (B. Pharm.), এম.বি.বি.এছ. (M.B.B.S.), বি.ডি.এছ. (B.D.S.), প্ৰায়োগিক বিজ্ঞান (Applied Science) আদি বিষয়ত  প্রথম  বিভাগত স্নাতক পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগে। ইয়াৰ উপৰি ‘ফৰেনছিক ছায়েন্স’-ত চাৰ্টিফিকে, ডিপ্লমা, এম.ফিল., পিএই.ডি. আদি পাঠ্যক্রম অধ্যয়ন কৰাৰ সুবিধা আছে।
এজন সফল  ফৰেনছিকবিদ হবলৈ   হ’লে প্ৰাৰ্থীগৰাকীৰ  কিছুমান গুণ থকা দৰকাৰ, যেনে— স্পৰ্শকাতৰ তথ্য আলচ কৰা দক্ষতা থকা, অনুসন্ধিৎসু, কষ্ট কৰাৰ মানসিকতা, যথেষ্ঠ ধৈৰ্য ধৰিব পৰা গুণ, দলগতভাৱে কাম কৰা
দক্ষতা, সুন্দৰ যোগাযোগৰ দক্ষতা,
 ভাল পৰ্যবেক্ষক আদি।
ফৰেনছিক ছায়েন্স’-ত শিক্ষা গ্রহণ কৰিব পৰা কেইখনমান শিক্ষানুষ্ঠান হ’ল— ইনষ্টিটিউট  অৱ  ফৰেনছিক ছায়েন্স, নাগপুৰ (http://ifscnagpur.in), ওছমানিয়া বিশ্ববিদ্যালয় (www.osmania.ac.in), কৰ্ণাটক বিশ্ববিদ্যালয় (http://www.kud.ac.in), গভৰ্নমেণ্ট ইনষ্টিটিউট  অৱ  ফৰেনছিক ছায়েন্স, ঔৰাঙ্গাবাদ (http://www.gifsa.in), গুজৰাট ফৰেনছিক ছায়েন্স বিশ্ববিদ্যালয় (www.gfsu.edu.in), গুজৰাট বিশ্ববিদ্যালয় (https://www.gujaratuniversity.ac.in/), ° বি. আৰ. আম্বেদকাৰ বিশ্ববিদ্যালয়  (http://www.dbrau.org.in/), ° হৰিসিং গৌৰ বিশ্ববিদ্যালয় (http://www.dhsgsu.ac.in),  দিল্লী বিশ্ববিদ্যালয় (www.du.ac.in), নেচনেল ইনষ্টিটিউট  অৱ  ক্ৰিমিনজি এণ্ড ফৰেনছিক ছায়েন্স (http://nicfs.gov.in/), পঞ্জাৱ বিশ্ববিদ্যালয় (https://puchd.ac.in/), পঞ্জাৱী বিশ্ববিদ্যালয় (http://www.punjabiuniversity.ac.in/), বেনাৰস হিন্দু বিশ্ববিদ্যালয়  (www.bhu.ac.in), লক্ষ্নৌ বিশ্ববিদ্যালয় (www.lkouniv.ac.in)  আদি।
ফৰেনছিক ছায়েন্স’-ৰ শিক্ষাগত অৰ্হতা ওপৰত ভিত্তি কৰি বিভিন্ন পদ (যেনে— Investigative officers, Forensic Auditor, Forensic Scientist, Forensic Consultant, Forensic Investigator, Crime Reporter, Laboratory Analyst, Laboratory Assistant, Legal counselor, Forensic Expert, Chief Information Officer, Assistant Central Intelligence Officer আদি)-ত চৰকাৰী-বেচৰকাৰী বিভিন্ন খণ্ডত নিযুক্তি লাভ কৰিব পাৰে। যেনেহায়দৰাবাদ, কলকতা, চণ্ডীগড় আৰু দিল্লীত অৱস্থিত ‘চে‍ণ্ট্ৰেল ফৰেনছিক ছায়েন্স লেবৰেটৰি’-ত চাকৰি পাব পাৰে। ৰাজ্য আৰু কেন্দ্রীয় চৰকাৰৰ Police Departments, Law Enforcing Agencies, Legal systems, Investigative Agencies, Directorate of Forensic Science Services, Intelligence Bureau (IB), Central Bureau of Investigation (CBI) আদিত নিযুক্তি লাভ কৰিব পাৰে। ৰাজ্য আৰু কেন্দ্রীয় চৰকাৰৰ ফৰেনছিক ডিপাৰ্টমেণ্ট’-ত চাকৰি পাব পাৰে। চৰকাৰী আৰু বেচৰকাৰী হস্পিটেলত চাকৰি পাব পাৰে। মহাবিদ্যালয়/বিশ্ববিদ্যালয়ত অধ্যাপক হিচাপে কেৰিয়াৰ আৰম্ভ কৰিব পাৰে। সাংবাদিক হিচাপে কেৰিয়াৰ আৰম্ভ কৰিব পাৰে। ‘ফৰেনছিক ছায়েন্স’ গৱেষণাও এটা কেৰিয়াৰ হ’ব  পাৰে।

লেখকৰ ঠিকনা:

কেৰিয়াৰ পৰামৰ্শদাতা
ভ্ৰাম্যভাষ: ৯৪৩৫১৮৮৬৩০
ই-মেইল: buljit@gmail.com

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ