অন্যযুগ/


ফুটৱেৰ ডিজাইনিং (Footwear Designing)

 ° বুলজিৎ বুঢ়াগোহাঁই

 

ফুটৱেৰ ডিজাইনিং (Footwear designing) পঢ়ি ছাত্র-ছাত্রীসকলে কেৰিয়াৰ গঢ়িব পাৰে৷ ইয়াৰ বাবে ছাত্র-ছাত্রীসকলে সাধাৰণতে পাঠ্যক্রমৰ ওপৰত ভিত্তি কৰি  উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত বিজ্ঞান শাখা বা যিকোনো শাখাত উত্তীৰ্ণ হোৱা পাছত ফুটৱেৰ ডিজাইনিঙৰ স্নাতক পাঠ্যক্রমত নাম ভৰ্তি কৰিব পাৰে৷  ফুটৱেৰ ডিজাইনিঙত চাৰ্টিফিকেট,  ডিপ্লমা, স্নাতকোত্তৰ আৰু পি. এইছ. ডি. পাঠ্যক্রম  অধ্যয়ন কৰিব পাৰে৷

 এজন সফল ফুটৱেৰ ডিজাইনাৰ হবলৈ হলে প্ৰাৰ্থীগৰাকীৰ কিছুমান গুণ থকা দৰকাৰ, যেনেসৃষ্টিশীল মন, সুকুমাৰ কলাৰ প্রতি আসক্তি, আৰ্টৰ সুন্দৰ দক্ষতা আদি।

ফুটৱেৰ ডিজাইনিঙত শিক্ষা গ্রহণ কৰিব পৰা কেইখনমান শিক্ষানুষ্ঠান হ চেন্ট্ৰেল ফুটৱেৰ ট্ৰেইনিং ইনষ্টিটিউট, চেন্নাই ( https://www.cftichennai.in), চেন্ট্ৰেল ফুটৱেৰ ট্ৰেইনিং ইনষ্টিটিউট, আগ্রা (https://www.cftiagra.org.in), চেন্ট্ৰেল লেডাৰ ৰিচাৰ্চ   ইনষ্টিটিউট  (http://www.clri.org), ফুটৱেৰ ডিজাইন এণ্ড  ডেভেলপমেণ্ট ইনষ্টিটিউট (http://www.fddiindia.com), গভৰ্ণমেণ্ট কলেজ  অৱ ইঞ্জিনিয়াৰিং    এণ্ড লেডাৰ টেকনলজী (www.gcelt.gov.in), হৰকোৰ্ট  বটলাৰ    টেকনিকেল ইউনিভাৰছিটি , কানপুৰ (http://hbtu.ac.in), মুজাফ্ফৰপুৰ   ইনষ্টিটিউট অৱ   টেকনলজী (http://www.mitmuzaffarpur.org), নেচনেল ইনষ্টিটিউট অৱ  ফেচন  টেকনলজী (www.nift.ac.in) আদি।

 ফুটৱেৰ ডিজাইনিঙৰ বিভিন্ন  ডিপ্লমা  আৰু ডিগ্রী লাভ কৰা সকলে ফুটৱেৰ উৎপাদনকাৰী  কোম্পানীত বিভিন্ন পদত নিযুক্তি লাভ কৰিব পাৰে ৷ নিযুক্তি লাভ কৰিব পৰা  বিভিন্ন পদবোৰ হল -   ফুটৱেৰ ডিজাইনাৰ (Footwear Designer), ফুটৱেৰ টেকনজিষ্ট (Footwear Technologist),মাৰ্কেটিং  এক্সিকিউটিভ  (Marketing Executive),  মাৰচেনণ্ডাইজাৰ  (Merchandiser), প্লেনিং এক্সিকিউটিভ ( Planning Executive), প্ৰডাক্ট ডেভেলপাৰ (Product Developer), প্ৰডাক্ট ডেভেলপমেণ্ট মেনেজাৰ (Product Development Manager), কোৱালিটি কন্ট্ৰলাৰ (Quality Controller) আদি। তাৰোপৰি ফুটৱেৰ ডিজাইনিং বিষয়ত অধ্যাপক হিচাপে কেৰিয়াৰ আৰম্ভ কৰিব পাৰে৷

ফুটৱেৰ ডিজাইনিঙৰ শিক্ষাগত অৰ্হতা আৰু অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি   নিযুক্তি দিয়া কেইটামান  ফুটৱেৰ উৎপাদনকাৰী  কোম্পানী হবাটা (http://bata.in),  লিবাৰ্টি (http://www.libertyshoes.com), খাদিমছ( http://www.khadims.com), লখানী (http://www.lakhanifootwear.com), মেট্ৰ(http://www.metroshoes.net), একচন (http://www.actionshoes.com), লী কুপাৰ (https://www.leecooper.com), এডিডাচ (https://www.adidas.co.in), নাইকী (https://www.nike.com), ৰিবক (https://www.reebok.com), উডলেণ্ড (https://www.woodlandworldwide.com), পুমা (https://in.puma.com) আদি।

 

 কেৰিয়াৰ পৰামৰ্শদাতা   তথা

মুৰব্বী, যান্ত্রিক অভিযান্ত্রিক বিভাগ, অসম ডনবস্কবিশ্ববিদ্যালয়

ভ্ৰাম্যভাষ: ৯৪৩৫১৮৮৬৩০

ই-মেইল: buljit@gmail.com

www.buljit.com

 

বিদ্র: কেৰিয়াৰ পৰামৰ্শৰ বাবে লেখকলৈ শনিবাৰে বিয়লি ছয় বজাৰ পৰা ন বজালৈ ফন (৯৪৩৫১৮৮৬৩০)কৰিব পাৰে।

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ