অন্যযুগ/


ফুটপাথৰ ঈশ্বৰ

অৰ্চনা পূজাৰী


বিষাণু অহাৰ বহু আগৰ কথা

বন্ধ নাছিলেই৷ দেওবাৰে ভিৰ বাঢ়েহে

ফুটপাথৰ ঈশ্বৰৰ দুৱাৰ

চৌবিছ ঘণ্টাই খোলা থাকে

সকলোৰে বাবে

শ্যেলীয়ে দেওবৰীয়া ফুটপাথত কবিতাৰ সভা পাতে

কবিতাৰ সভাত সমাগম বেছি

ঈশ্বৰে একাষৰীয়াকৈ বহি ৰেহৰূপ

চাই থাকে

এজাক ডেকা-ডেকেৰীয়ে আৱেগত

জেপ খুচৰি-খুচৰি

কবিতাবোৰৰ শোভাযাত্ৰাত নামে

*

আন এদিন

ৰজনজনোৱা বাতৰি এটাত

ম্ৰিয়মাণ হল ফুটপাথৰ ঈশ্বৰ

ফুটপাথৰ মেনহত ভুলতে ভৰি দি

কেৰাণী শ্যেলী উটি গ

মানুহটো ভাবুক আছিল

অন্তৰত প্ৰেম যেনেকৈ আছিল

বেদনায়ো খুলি খুলি খাই আছিল

সেইজন আকৌ

কবি মহেন্দ্ৰ বৰাৰ আপোন সন্তান

*

ফুটপাথৰ ঈশ্বৰে সৰ্বেশ্বৰকো চিনিছিল

বিষ্ণুৰ দোকানৰ পৰা ধাৰত কিনা

চাৰমিনাৰেৰে

কুণ্ডলী পকাই ক্ষোভবোৰ

 ধোঁৱাময় কৰিছিল সি

*

দুখবোৰ সামৰি সুতৰি

ৰং সনা মুখেৰে বেশ্যাজনীও

বটগছজোপাৰ আঁৰ লৈ থিয় দিছিল

ঈশ্বৰে দেখিও নেদেখাৰ ভাও জুৰিছিল

সন্ধিয়া কলা আইনাৰ গাড়ীখন

বটগছ জোপাৰ পৰা ঠিক

দহ গজ দূৰৈত

অকণমান ৰৈ উধাও হৈছিল

*

ফোঁ-ফোঁৱাই যোৱা মো-চাহেব

মৰ্নিং ৱাকত যোৱা গাঁঠলু মহাজনৰ

সোৱাদ ভৰা ট্‌কা চাহপিয়লা ফুটপাথৰ ঈশ্বৰে নিজেই কৰিছিল

আই. এ. এছ. পোৱা লৰাটোৱে

পঢ়িছিল নিয়ন লাইটৰ তলতে

ভিক্ষাৰীবোৰৰ বেৰ নোহোৱা শান্তিৰ ঘৰবোৰত ঈশ্বৰ বহিছিল

*

চিপাহীবোৰৰ হাজাৰখন ভৰিৰ গিৰিপনি

আৰ্তজনৰ বুকুভঙা চিঞৰ

পানীপুৰিত প্ৰেমৰ বুৰবুৰণি

এইবোৰ ফুটপাথৰ ঈশ্বৰৰ নখদৰ্পণত

*

অচিন শত্ৰুৰ পৰা বাচিবলৈ

নগৰত লক ডাউন আৰম্ভ হৈছিল

মালতীৰ বিননিটো উকি হব ধৰোঁতে

নগৰত কাৰ্ফিউ নামিছিল

অভাৱে গাঁৱৰ পৰা খেদালে

বিষাণুৱে পৰিয়ালটোকে উচন কৰিলে

*

যায় কলৈ তাই

কৰবালৈ গুচি গল ফলৰ বেপাৰীটো

ফটা জোতা চিলোৱা মুচিটো

 

গান এটা ওঁঠত লৈ ফুৰা

অন্ধ মানুহটো

ফুটপাথৰ ঈশ্বৰৰ বুকুত ডাঙৰ তলা

*

এইবোৰ ফ্ৰণ্ট্ লাইন্ বাতৰি নহল ৷৷

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ