অন্যযুগ/


ফুটবল পয়েট্ৰি

ফুটবলৰ জন্ম

সৌৰভ শইকীয়া

পাহাৰৰ গৰ্ভ ফালি শিশু সূৰ্য ওলাই আহিল

সৰল, প্ৰাথমিক

সৌ বেলিটোৰ মাজতে

ফুটবলৰ জন্ম:

নিৰ্জন শালবন ভেদি জীয়া সূৰ্য উঠি আহিল

তেজাল, জ্যামিতিক

সৌ বেলিটোৰ মাজতে

ফুটবলৰ জন্ম


গোলাকাৰ বেলি মানেই মুক্তি

প্ৰচণ্ড গতি আৰু শক্তি

হে ফুটবল, উঠি আহাঁ

সোণৰ দিগন্ত জুৰি উদ্ভাসিত হোৱাঁ

এতিয়াই উদয় হোৱা হে সূৰ্য

এতিয়াই, এতিয়াই


অলিম্পিক মৈত্ৰী হওক ফুটবল

বিশাল আলিংগন হওক

জীৱনৰ ঘোষণা হওক ফুটবল

আৰ্টৰ দুৰ্ধৰ্ষ বিপ্লৱ

চেম্পিয়ন৷ কাৰণ, স্বপ্নৰ ফেৰীৱালা ফুটবল

স্বাধীনতাৰ আনন্দ ফুটবল৷

 

ৰেফাৰী :

এনেকি, ডাগআউটৰ চকীবোৰো অসন্তুষ্ট৷


ঘনে ঘনে বজায় বাঁহী

ডঁহাচকুৱাটো অহংকাৰী

কাৰ্ডৰ ভয় দেখুৱায়৷ ৰাবিছ্

ষাঠি হাজাৰ মাৰাকানাই চিঞৰিছে সমস্বৰে

কেনেকৈ দিব পেনাল্টি?

পেনাল্টি?

 

ঘনে ঘনে বজায় বাঁহী

ডঁহাচকুৱাটো অহংকাৰী

 

প্ৰশিক্ষক :

‘দ্ৰোণাচাৰ্য আসন’ত বহি আছে৷

উদগ্ৰীৱ৷

মাজে মাজে উঠি গৈ ৰক্ষণ সেনানীক ভুকিছে

এই ক্লাবৰ জাৰ্ছীয়ে যিমানখিনি বিচাৰে

আক্ৰমণৰ তেজ...

অসাধাৰণ গেমৰিডিং

তথাপি তেওঁৰ সিংহাসন বতাহত দুলিছে

 

খেদা নোখোৱাকৈ সঁচাসঁচি কচ হ’ব নোৱাৰি

খেদা নোখোৱাকৈ সঁচাসঁচি কচ হ’ব নোৱাৰি

 

গোটেই দলটোক এডাল সূতাৰে তেওঁ গাঁথি পেলাইছে৷

 

ৰাইট উইংগাৰ :

উজাৰি দিম শেষ মিনিট পৰ্যন্ত৷

 

পইচাৰে কিনিব নোৱাৰি এই অনুভূতি৷

অপৰাধীৰ লগত ঈশ্বৰৰ সাক্ষাৎ হ’বলৈ

এতিয়াও কেইটামান ঘণ্টা বাকী৷

 

সংবাদ সন্মিলন :

কোনো প্ৰশংসাই যথেষ্ট নহয়৷

ই যেন অৰ্জুনৰ লক্ষভেদ ব্ৰাজুকা বুকুত ৰাখি

আচল সত্য ফুটবল

আচল সত্য আক্ৰমণ

এই ৰাতিবোৰ ৰঙীন কৰি তোলাৰ নেপথ্যত

ফুটবলাৰসকলৰ অৱদানেই সকলোতকৈ বেছি৷

সোণালী পৰীৰ জয় হওক

ঐতিহ্যৰ জয় হওক


ফৰাচী ফুটবলৰ গভীৰতা আৰু সূক্ষ্মতাৰ

এওঁলোকেই প্ৰমাণ কৰিছে৷

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ