ড° বুলজিৎ বুঢ়াগোহাঁই
ফিন্টেক (ফাইনেন্চিয়েল টেকন’লজী) অৰ্থাৎ আৰ্থিক প্ৰযুক্তি হৈছে ভাৰতৰ অন্যতম দ্ৰুতগতিত বৃদ্ধি পোৱা খণ্ডসমূহৰ এটা, য’ত অৰ্থনীতিৰ সৈতে অত্যাধুনিক প্ৰযুক্তিৰ সংমিশ্ৰণেৰে ব্যক্তি আৰু ব্যৱসায়ীয়ে কেনেকৈ ধন উপাৰ্জন কৰে, বিত্তব্যৱস্থা পৰিচালনা কৰে আৰু বিনিয়োগ কৰে তাৰ ৰূপান্তৰ ঘটোৱা হয়৷ ফিন্টেক ইঞ্জিনিয়াৰ(FinTech Engineer)-সকলে ম’বাইল পে’মেণ্ট ছিষ্টেম, ডিজিটেল ৱালেট, ব্লকচেইনভিত্তিক সেৱা, স্বয়ংক্ৰিয় ঋণ প্ৰদান মঞ্চ, ৰ’ব’ এডভাইজাৰ, আৰু এআই-ভিত্তিক জালিয়াতি চিনাক্তকৰণ ব্যৱস্থাৰ দৰে উদ্ভাৱনীমূলক সমাধানৰ ডিজাইন কৰে আৰু তেনে ডিজাইনৰ বিকাশ ঘটায়৷
ভাৰতত স্মাৰ্টফোন ব্যৱহাৰ বৃদ্ধি, ডিজিটেল ব্যৱহাৰৰ দ্ৰুত বিস্তাৰ আৰু ডিজিটেল ইণ্ডিয়া, ইউপিআই, ভাৰত বিলপে’, আৰু একাউণ্ট এগ্ৰিগেটৰৰ দৰে চৰকাৰী পদক্ষেপে ইয়াক বিশ্বব্যাপী ফিনটেকৰ আগশাৰীৰ কৰি তুলিছে৷ ইয়াৰ ফলত অৰ্থনীতি আৰু প্ৰযুক্তিৰ মাজত সেতুবন্ধন কৰিব পৰা দক্ষ পেছাদাৰীৰ চাহিদা বৃদ্ধি পাইছে৷
ফিনটেক ইঞ্জিনিয়াৰ
(FinTech Engineer) হিচাপে কেৰিয়াৰ আৰম্ভ কৰিবলৈ হ’লে সাধাৰণতে কম্পিউটাৰ বিজ্ঞান,
তথ্য প্ৰযুক্তি বা ইয়াৰ সৈতে জড়িত অন্য কোনো বিষয়ত স্নাতক ডিগ্ৰীৰ প্ৰয়োজন হয়৷
বিত্ত, অৰ্থনীতিৰ ডিগ্ৰী বা প্ৰযুক্তি আৰু
বিত্তৰ সংমিশ্ৰণেৰে দ্বৈত ডিগ্ৰী লাভ কৰাটো সুবিধাজনক হ’ব পাৰে৷ প্ৰতিযোগিতামূলক চাকৰিৰ
বাবে ফিন্টেক, ডেটা ছায়েন্স বা ফাইনেন্চিয়েল ইঞ্জিনীয়াৰিঙত স্নাতকোত্তৰ অথবা প’ষ্টগ্ৰাজুৱেট ডিপ্ল’মা বিবেচনা কৰিব পাৰি৷ এটা উল্লেখযোগ্য পাঠ্যক্রম হৈছে
BITS Pilaniৰ Post Graduate Diploma in
Fintech৷ ফিন্টেক ইঞ্জিনিয়াৰসকলে ফিন্টেকত বহুল ব্যৱহৃত Python, Java আৰু C++ ভাষাত
দখল থাকিব লাগে৷ ডাটা বিশ্লেষণ, মেচিন লাৰ্নিং
এলগৰিথম আৰু SQL আদি টুলৰ ব্যৱহাৰত দক্ষতা গঢ়ি তুলিব লাগে৷ ব্লকচেইন প্ৰযুক্তি, ক্ৰিপ্ট’গ্ৰাফি
আৰু চাইবাৰচিকিউৰিটিৰ জ্ঞান লাভ কৰা প্ৰয়োজন ৷ AWS, Google Cloud, বা Azureৰ দৰে ক্লাউড
প্লেটফৰ্মসমূহৰ সৈতে পৰিচিত হোৱাটো গুৰুত্বপূৰ্ণ কাৰণ ফিন্টেক কোম্পানীসমূহে মাপনক্ষমতাৰ
বাবে ক্লাউডৰ আধাৰ-ব্যৱস্থাৰ সুবিধা লয়৷
বিত্তীয় অৱস্থিতিৰ সৈতে পৰিচিত হোৱাটোৱেই এজন ফিন্টেক ইঞ্জিনিয়াৰক এজন সাধাৰণ ছফ্টৱেৰ ডেভেলপাৰৰ পৰা পৃথক কৰে৷ এজন ফিন্টেক ইঞ্জিনিয়াৰে ষ্টক, ব’ণ্ড আৰু ডেৰিভেটিভসমূহে কেনেকৈ কাম কৰে সেই সম্পৰ্কে শিকিব লাগে৷ পৰম্পৰাগত বেংকিং কৰ্মপ্ৰণালী আৰু ডিজিটেল বেংকিং অভিনৱতাসমূহৰ জ্ঞান আহৰণ কৰিব লাগে৷ কে ৱাই চি (Know Your Customer) আৰু এ এম এল (Anti-Money Laundering)ৰ দৰে বিত্তীয় নিয়মকৰণৰ জ্ঞান আহৰণ কৰিব লাগে৷
ভাৰতৰ ফিন্টেক খণ্ডখনে ইয়াৰ দ্ৰুত বৃদ্ধি আৰু উদ্ভাৱনৰ জৰিয়তে যথেষ্ট সফলতা লাভ কৰিছে, য’ত বেংগালুৰু, মুম্বাই, আৰু গুৰগাঁৱৰ দৰে চহৰসমূহে ইয়াৰ মুখ্য কেন্দ্ৰ হিচাপে গঢ় লৈ উঠিছে৷ এই খণ্ডই নানা ধৰণৰ চাকৰিৰ সুযোগ আৰু আকৰ্ষণীয় বেতন পে’কেজ প্ৰদান কৰে, যিয়ে প্ৰতিভাসম্পন্ন পেছাদাৰীসকলক বিশেষভাৱে আকৰ্ষিত কৰে৷
ভাৰতত ফিন্টেক খণ্ডত
কেইবাটাও শীৰ্ষ কোম্পানীয়ে আধিপত্য বিস্তাৰ কৰিছে, যিয়ে বিভিন্ন ধৰণৰ বিত্তীয় সেৱা
আগবঢ়ায় ৷ যেনে – Paytm, PhonePe, Razorpay, CRED, Zerodha আদি৷
Paytm: ই এটা অগ্ৰণী ডিজিটেল পে’মেণ্ট প্লেটফৰ্ম, যিয়ে ম’বাইল ৱালেট, ইউপিআই পেমেণ্ট, ঋণ, আৰু বীমা সেৱা প্ৰদান কৰে৷
PhonePe: ইউপিআই ভিত্তিক পে’মেণ্টত ইয়াৰ আধিপত্যৰ বাবে জনাজাত, PhonePe-য়ে ডিজিটেল পে’মেণ্ট, বীমা, মিউচুৱেল ফাণ্ড বিনিয়োগ, আৰু ষ্টক ট্ৰেডিঙৰ দৰে সেৱা প্ৰদান কৰে৷
Razorpay: ই এটা পে’মেণ্ট গে’ট-ৱে সমাধান, যিয়ে ব্যৱসায়সমূহক অনলাইন পেমেণ্ট সুৰক্ষিতভাৱে গ্ৰহণ কৰিবলৈ সক্ষম কৰে৷
CRED: ই এটা প্ৰিমিয়াম ৰিৱাৰ্ড-ভিত্তিক প্লে’টফৰ্ম, যিয়ে সদস্যসকলক তেওঁলোকৰ ক্ৰেডিট কাৰ্ডৰ বিল সময়মতে পৰিশোধ কৰিবলৈ উৎসাহিত কৰে৷
Zerodha: ই এটা অগ্ৰণী ডিছকাউণ্ট ব্ৰ’কিং প্লেটফৰ্ম, যিয়ে কম খৰচাত ষ্ট’ক ট্ৰে’ডিঙৰ সুবিধা প্ৰদান কৰে৷
ভাৰতত ফিন্টেক কেৰিয়াৰৰ
ভৱিষ্যত অত্যন্ত গতিশীল আৰু সম্ভাৱনাময়৷ কৃত্ৰিম বুদ্ধিমত্তা (AI), এম্বেডেড ফাইনেন্স,
আৰু গ্ৰীণ ফিন্টেকৰ দৰে নতুন ধাৰাসমূহ উদ্ভাৱনৰ পথ দেখুৱাই লৈ যোৱা অৱস্থাত, কাৰিকৰী,
ব্যৱসায়িক বা উভয় ধৰণৰ বৈচিত্ৰ্যময় দক্ষতা থকা পেছাদাৰীসকলে যথেষ্ট সুযোগ লাভ কৰিব৷
কেৰিয়াৰ পৰামৰ্শদাতা তথা
মুৰব্বী, যান্ত্রিক
অভিযান্ত্রিক বিভাগ, অসম ডন বস্ক’ বিশ্ববিদ্যালয়
ভ্ৰাম্যভাষ : ৯৪৩৫১৮৮৬৩০
ই-মেইল:
buljit@gmail.com
www.buljit.com
বি.দ্র. কেৰিয়াৰ
বিষয়ৰ বিভিন্ন কথা কোনো আগ্ৰহী শিক্ষাৰ্থীয়ে জানিব বিচাৰে ,তেন্তে প্ৰত্যেক শনিবাৰে
বিয়লি ৬-৯ বজাৰ ভিতৰত ফোন(৯৪৩৫১৮৮৬৩০)ত যোগাযোগ কৰিব পাৰে ৷