অন্যযুগ/


মহাবৃত্ত

 মৃদুল শৰ্মা

 

 

৬ শকুনি ৷

যুদ্ধনিপুণ ভীষ্মই ভাৰতৰ ৰাজবংশৰ ৰাজপুত্ৰলৈ ভগ্নী গান্ধাৰীৰ পাণিপ্ৰাৰ্থনা  কৰাত প্ৰথমে আ(ৰ্যবোধ কৰিছিলোঁ আনন্দত৷ পিছে সামান্য সময়ৰ ব্যৱধানতে জ্যেষ্ঠ কুৰু ৰাজ¸কুমাৰ অন্ধ ধৃতৰাষ্ট্ৰলৈ গান্ধাৰীৰ পাণিপ্ৰাৰ্থনা কৰাত আমি সপৰিবাৰে আহত হৈছিেলাঁ৷ গান্ধাৰৰ পৰিৱেশ-পৰিস্থিতি, সামাজিক নীতি-বিধি একোৱেই ভাৰতৰ সৈতে নিমিলে৷ তাতকৈও ডাঙৰ কথা, যি ৰাজকুমাৰলৈ মোৰ ভগ্নীৰ পাণিপ্ৰাৰ্থনা কৰা হৈছিল সেই ধৃতৰাষ্ট্ৰ আছিল জন্মান্ধ৷ মোৰ বিৰুদ্ধাচৰণ কৰিবলৈ মন গৈছিল সেই প্ৰস্তাৱৰ৷

কিন্তু ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ যোদ্ধা ভীষ্মই বহু ৰাজ্যতে নিজৰ বীৰত্ব প্ৰদৰ্শন কৰি তেনেকৈ আনৰ কাৰণে কন্যা অৰ্জন কৰাৰ উদাহৰণ দেখি ভীষ্মক প্ৰত্যক্ষভাৱে প্ৰত্যাহ্বান জনাবলৈ মোৰ অথবা আমাৰ কাৰো সাহস নহ’ল৷

কিন্তু মইতো ভাৰতীয় ক্ষত্ৰিয় নহওঁ! মই সৌবল৷ প্ৰত্যক্ষ আৰু পৰোক্ষৰ, সৎ আৰু অসতৰ মধ্যৱৰ্তী সীমাৰেখাডাল মই সূক্ষ্মভাৱে জানো৷ হ্ৰস্বম্যাদী আৰু দীৰ্ঘম্যাদী কৰ্মপন্থাৰ ফল কেনে হয় মই জানো৷ সেয়ে মই ভাৰতবৰ্ষৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাজশক্তিবোৰৰ কাৰণে অভিশাপস্বৰূপ সমগ্ৰ কুৰুবংশকে শেষ কৰাৰ এক দীৰ্ঘম্যাদী আঁচনি প্ৰস্তুত কৰিলোঁ৷

সেই আঁচনিৰে প্ৰথমটো সবল অথচ গোপন পদক্ষেপ আছিল মোৰ স্নেহশীলা ভগ্নী গান্ধাৰীৰ নেত্ৰপট্ৰ৷

মোৰ অভ্যন্তৰত এক ৰাজপুৰুষ সুপ্ত হৈ আছে৷ নহয়৷ মোৰ অন্তৰ্জগতত জাগ্ৰত জ্বালামুখী হৈ আছে এক অক্ষম ৰাজপুৰুষ৷

আৰু মোৰ ভগ্নী গান্ধাৰী! যাৰ কুমাৰী জীৱনৰ সমস্ত সঞ্চিত স্বপ্ন ধ্বংস কৰি দিছিল এক অন্যায় বিৱাহ প্ৰস্তাৱে৷ জম্বুদ্বীপৰ শ্ৰেষ্ঠ ৰাজ্য বুলি দাবী কৰা ভাৰতৰ কুৰু ৰাজবংশৰ জন্মান্ধ পুত্ৰ ধৃতৰাষ্ট্ৰৰ সৈতে গান্ধাৰীৰ বিৱাহৰ সেই প্ৰস্তাৱৰ বিৰোধিতা কৰাৰ সাহস গান্ধাৰ নৰেশ, মোৰ পিতৃদেৱ মহাৰাজ সুবল কিংবা তেওঁৰ পুত্ৰ আমি এশজনৰ কাৰো নাছিল৷ অক্ষমতা আৰু হতাশাই কিংকৰ্তব্যবিমূঢ় কৰি তুলিছিল আমাৰ অন্তৰাত্মাক৷

আৰু মনোজগতত হোৱা অনেক ভাব-চিন্তাৰ শেষত মই মোৰ স্নেহৰ ভগিনীক কৈছিলোঁ, ‘ভগিনী মোৰ! তুমি এই অপমানৰ প্ৰতিশোধ ল’ব লাগিব৷ তুমি সহ্য কৰিব লাগিব৷ অন্ধ স্বামীৰ অন্ধত্বক তুমি তোমাৰ নেত্ৰালোকেৰে বিধৌত কৰিবও পাৰাঁ অথবা সেই অন্ধত্বৰ সুযোগ গ্ৰহণ কৰি এই ভাৰতবৰ্ষত কুৰুবংশৰ চিৰন্তন উৎপীড়ণৰ সমাপ্তি ঘটাবও পাৰাঁ৷ মোৰ পৰ্যবেক্ষণ অনুসৰি ধৃতৰাষ্ট্ৰ মদমত্ত৷ তেওঁৰ অক্ষিদ্বয়ৰ দৰেই তেওঁৰ মনোজগতো সৎ আৰু অসতৰ পাৰ্থক্য উপলব্ধি কৰিব পৰাকৈ সক্ষম নহয়৷

এতেকে প্ৰথমটো সুযোগ নি(য় আমাৰ জীৱনলৈ কদাপি নাহিব৷ গতিকে, তুমি শক্তিশালী হ’লে, তুমি কঠোৰতকৈও কঠোৰ হ’ব পাৰিলে দ্বিতীয় সুযোগটো ব্যৱহাৰ কৰি আমি কেৱল আমাৰ ওপৰত চলা অবিচাৰৰে নহয়, সমগ্ৰ জম্বুদ্বীপতে ভাৰতৰ কুৰুবংশই দীৰ্ঘদিন ধৰি পৈত্তিক অধিকাৰৰ ৰূপত চলাই অহা অত্যাচাৰৰ যৱনিকাপাত কৰিব পাৰিম৷

গান্ধাৰীয়ে মোৰ প্ৰস্তাৱ ভাল পাইছিল৷ তেওঁ কৈছিল, ‘সেই ৰাজপুত্ৰক মই কদাপি চাব নোখোজোঁ, ভাতৃ৷’

তেন্তে তুমি সতী-সাধ্বীৰ অভিনয় কৰাঁ, স্নেহৰ ভগিনী মোৰ৷ তুমি তেওঁৰ অন্ধত্বৰ অনুগামিনী হোৱাৰ সিদ্ধান্ত প্ৰকাশ কৰাঁ৷ তেতিয়া সকলো ফালৰপৰাই পৰিস্থিতি আমাৰ বাবে সুবিধাজনক হ’ব৷’ মই কৈছিলোঁ৷

সেইমতেই হৈছিল সকলো৷ সময় আগ বাঢ়িছিল৷

আৰু গান্ধাৰীৰ বিৱাহৰ কিছুদিনৰ পাছতে তেওঁৰ বাল্যকালৰ প্ৰথম বিৱাহৰ বাৰ্তা লাভ কৰি ধৃতৰাষ্ট্ৰই আক্ৰমণ কৰাইছিল আমাৰ স্নেহৰ গান্ধাৰ৷ আৰু ৰাজকুমাৰ পাণ্ডুৰ নেতৃত্বত পিতৃদেৱ সুবল সহিতে আমি এশজন পুত্ৰ বন্দী হৈছিলো কুৰুসেনাৰ হাতত৷ সেই আক্ৰমণত মোৰ বাওঁ ভৰিখন এনেভাৱে ক্ষতিগ্ৰস্ত হ’ল যে পৰৱৰ্তী সুদীৰ্ঘকাল মই স্বাভাৱিকভাৱে খোজ কাঢ়িবলৈও অক্ষম হৈ পৰিলোঁ৷

আমাৰ অপৰাধ কি আছিল?

ভগ্নী গান্ধাৰীৰ জন্মপত্ৰিকাত উল্লেখ কৰা এক অমঙ্গলক মঙ্গললৈ ৰূপান্তৰিত কৰিবলৈ চেষ্টা কৰাটো আছিল গান্ধাৰৰাজৰ অপৰাধ৷ কোনোবা জ্যোতিষ-শাস্ত্ৰীয়ে কৰা গণনা অনুসৰি গান্ধাৰীৰ জন্মকুণ্ডলী অনুসৰি তেওঁৰ প্ৰথম স্বামীৰ অকাল মৃত্যু ঘটিবলগীয়া আছিল৷ গতিকে তেওঁৰ শৈশৱতে সেই অমঙ্গল খণ্ডনৰ অৰ্থে গান্ধাৰ ৰাজ্যৰ বিধি অনুসৰি এক প্ৰতীকী বিৱাহ সম্পন্ন কৰোৱা হৈছিল৷ এটি ছাগশাৱকৰ সৈতে গান্ধাৰীৰ সেই প্ৰতীকী বিৱাহ অনুষ্ঠিত কৰোৱা হৈছিল৷ আৰু বিৱাহান্তত সেই ছাগশিশুটোক হত্যা কৰা হৈছিল৷

আৰু হাস্যকৰ ধৰণে, সেইটো কাৰণতে গান্ধাৰী হ’লগৈ পতিহাৰা, বিধৱা!

আৰু বিধৱা গান্ধাৰীক জ্যেষ্ঠ কুৰুকুমাৰ ধৃতৰাষ্ট্ৰলৈ বিৱাহ দিয়াটোৱেই আছিল আমাৰ অপৰাধ!

যুদ্ধবন্দীক নীতিগতভাৱে হত্যা কৰিব নোৱাৰি৷ গতিকে হস্তিনাপুৰৰ কাৰাগাৰৰ অন্ধকাৰ কুঠৰীত আমাক খাদ্যাভাৱত অকালতে মৃত্যুবৰণ কৰাবলৈ চক্ৰান্ত ৰচিত হ’ল৷

সেই মুহূৰ্ততে পিতৃদেৱ আৰু আমি শতভ্ৰাতাই প্ৰতিজ্ঞা কৰিছিলোঁ, ইতিপূৰ্বে লাভ কৰা অপমানখিনিৰ লগতে এই ৰাজনৈতিক হত্যাকাণ্ডৰ প্ৰতিশোধ আমি ল’বই লাগিব৷ আৰু প্ৰতিশোধ ল’বলৈ জীয়াই থাকিলোঁ মই, হতভাগ্য শকুনি৷

মোৰ পিতৃদেৱ আৰু নৱনৱাতি সংখ্যক ভাতৃৰ ভোজনৰ উদ্দেশ্যে হস্তিনাপুৰৰ ৰাজ-ৰাজেশ্বৰৰ ইচ্চা-অভীপ্সাত কাৰাগাৰ কতৃৰ্পক্ষই দিয়া এজনৰ খাদ্য কেৱল ময়েই উদৰস্থ কৰিববগীয়াত পৰিলোঁ প্ৰতিদিন৷ কেৱল অনিশ্চিত ভৱিষ্যৎ কৰ্তব্যৰ আহ্বানত নিৰন্তৰ অশ্ৰুধাৰাকো সম্বৰণ কৰি কৰি এটা সময়ত মই পাষাণ যেন কঠোৰ হৈ পৰিলোঁ৷ মোৰ কোলাতে এজন এজনকৈ মোৰ অন্তৰতম শতজনে কৰুণ মৃত্যু বৰণ কৰিলে৷

তেনে নিঃসঙ্গ অসহায় অৱস্থাতো ভৱিষ্য-কৰ্তব্যকে কেৱল প্ৰধান্য দি জীৱন ধাৰণ কৰাটো বৰ সহজ কাম নাছিল৷ আজি পৰ্যন্ত এই জগতৰ কোনো ব্যক্তিয়ে এনে জীৱন জীৱ পাৰিছে বুলি মোৰ ধাৰণা নহয়৷

তেনে অন্তৰ্দাহী সময়খিনিতো ভগ্নী গান্ধাৰীৰ সৈতে গোপন পত্ৰৰ আদান-প্ৰদান হৈ থাকিল কেৱল৷ পিতৃদেৱ আৰু শত জ্যেষ্ঠভাতৃক নিজৰ কোলাতে লৈ মই মৰিবলৈ দিলোঁ৷ তেওঁলোকৰ ছটফটনি মই মোৰ অন্তৰৰ গোপনতম অভ্যন্তৰত আৱিষ্কাৰ কৰিলোঁ প্ৰতি ক্ষণতে, নৈমিত্তিক৷

সিমানখিনিৰ মাজতো মই কৰ্তব্য সম্পাদনৰ উদেশ্যে নিজৰ মস্তিষ্কক কেইবাটাও দিশৰপৰা প্ৰস্তুত কৰি ল’ব লাগিছিল৷ প্ৰথমে, মোৰ প্ৰতিশোধৰ পথ প্ৰশস্ত কৰা৷ দ্বিতীয়তে হস্তিনাপুৰৰ ৰজাৰ কাৰণে কিবা কৌশলপূৰ্বক সাহায্যমূলক কাম কৰি নিজৰ বন্দীদশাৰপৰা মুক্ত হোৱা৷ আৰু তৃতীয়তে, সম্ভৱ ক্ষেত্ৰত কুৰুবংশৰ ৰাজকুমাৰসকলৰ প্ৰিয়ভাজন হোৱা, পাৰিলে একেবাৰে এৰাব নোৱৰা অঙ্গ হ’বলৈ যত্ন কৰা৷

সৌভাগ্যক্ৰমে একাধিক ৰাজনৈতিক সঙ্কটৰ মুহূৰ্তত হস্তিনাৰাজ ধৃতৰাষ্ট্ৰক গান্ধাৰীৰ সৈতে কৰা গোপন মন্ত্ৰণা অনুসৰিয়েই কাৰাগাৰৰপৰাই উপযুক্ত ৰাজনৈতিক পৰামৰ্শ প্ৰদান কৰি ৰক্ষা কৰিব পাৰি মই মোৰ গোপন অভিযানত প্ৰাৰম্ভিকভাৱে উত্তীৰ্ণ হৈছিলোঁ৷ জন্মান্ধ ধৃতৰাষ্ট্ৰই মোৰ অভিসন্ধিৰ গভীৰতা মনৰ চক্ষুৰেও উপলব্ধি কৰিব নোৱাৰিলে৷

কাৰণ তেওঁ মদমত্ত!

কাৰণ তেওঁ স্বাৰ্থপৰ!!

কাৰণ তেওঁ অহংকাৰী!!!

আৰু মহামহিম ভীষ্ম প্ৰমুখ্যে বিজ্ঞসকলে? তেওঁলোকেও মোৰ অভিসন্ধি উপলব্ধি কৰিব পৰা নাছিল সামান্যতমো৷ কাৰণ, তেওঁলোকৰ বাবে বন্দী তথা শাৰীৰিকভাৱে অসমৰ্থ শকুনি আছিল উপেক্ষণীয় এটা ক্ষুদ্ৰ অস্তিত্ব মাথোন৷

আৰু কোনোবা এক অপ্ৰতিভাত প্ৰভাতত সুদীৰ্ঘ কাৰাৰুদ্ধ জীৱনৰ সমাপ্তি ঘটিছিল মোৰ৷ ভগ্নী গান্ধাৰীৰ পৰোক্ষ প্ৰযত্নতে৷

মোৰ একমাত্ৰ ৰক্ত-সম্পৰ্কৰ জীৱিত ব্যক্তি, মোৰ প্ৰাণৰো অধিক ভগিনী, হস্তিনাপুৰৰ ৰাজ ৰাজেশ্বৰী গান্ধাৰীৰ প্ৰয়াসতে৷

তাৰ পাছত মোৰ কাৰণে কুৰুৰাজ্যখন অবাধ বিচৰণস্থলীলৈ ৰূপান্তৰিত হ’ল৷ ইতিমধ্যেই যি স্বাধীন গান্ধাৰ ৰাজ্য কুৰু সাম্ৰাজ্যৰে অঙ্গৰাজ্যত পৰিণত হ’ল সেই গান্ধাৰৰ সন্ধানত মই ভিতৰি ভিতৰি জ্বলি-পুৰি ভষ্ম হ’লোঁ৷ কিন্ত গান্ধাৰীৰ ব্যতিৰেকে কোনোৱেই মোৰ সেই অন্তৰ্দহনৰ সামান্যতমো আভাস পাবলৈ সক্ষম নহ’ল৷

শামুকৰ দৰে কঠিন আৱৰণৰ ভিতৰত মোৰ অৱশিষ্ট মইটোক জীয়াই ৰাখিলোঁ প্ৰাণপণে৷ প্ৰকৃততে মোক আৰু ভগ্নী গান্ধাৰীক জী থাকিবলৈ বাধ্য কৰিলে আমাৰ যন্ত্ৰণাদগ্ধ অতীতে৷

অনেক সহনেৰে মই সংগোপনে জীয়াই ৰাখিলোঁ মোৰ প্ৰতিশোধৰ কঠোৰ বহ্নিশিখাক৷

কুৰু সাম্ৰাজ্য হস্তিনাপুৰক ভিতৰৰপৰাই ধ্বংস কৰিব লাগিব৷ এই অঙ্গীকাৰেৰে মই গঙ্গাৰ জলেৰে তৰ্পণ কৰিলোঁ মোৰ পিতৃ প্ৰমুখ্যে নিৰান্নব্বৈজন জ্যেষ্ঠ ভাতৃৰ স্মৃতিক৷

গান্ধাৰীৰ পুত্ৰগণৰ ভৱিতব্য যে অন্ধকাৰ সেয়া মই যিদৰে জানিছিলোঁ সেইদৰেই জানিছিল গান্ধাৰীয়েও৷ কিন্তু একে সময়তে কুন্তী আৰু মাদ্ৰীৰ পুত্ৰসকলৰ ভৱিষ্যৎ কি হ’ব জনা নাছিল কুন্তীয়ে৷ মাদ্ৰী অথবা পঞ্চপাণ্ডৱৰ আভাসী পিতৃ পাণ্ডু তেতিয়ালৈ জীৱিত অৱস্থাত নাছিল৷

মোৰ পথ আছিল কণ্টকাকীৰ্ণ৷ ভীষ্ম, দ্ৰোণ, কৃপৰ দৰে জ্ঞান-বিদ্যাৰে শক্তিশালী কুটকৌশলী ব্যক্তিসকলৰ মাজত থাকি অভীষ্ট সিদ্ধি কৰাটো সহজ নাছিল৷ আটাইতকৈ ডাঙৰ কথা আছিল এয়ে যে ক্ষত্ৰবিদ্যা অথবা শাস্ত্ৰজ্ঞান, শাৰীৰিক সক্ষমতা কিংবা সামাজিক দৃষ্টিত সম্মান– এবিধো মোৰ নাছিল৷ মই নিজে নিজৰ সীমাৱদ্ধতাখিনি উপলব্ধি কৰি, নিমাখিত হৈ কাৰো দৃষ্টিত সন্দেহৰ সৃষ্টি নকৰাকৈ গোপনে আগ বঢ়াটোৱেই মোৰ সঠিক পন্থা হ’ব বুলি বিৱেচনা কৰিছিলোঁ৷

কিন্তু আমি কেনেকৈ পাহৰিম আমাৰ অতীতৰ কালছায়াবোৰক? কেনেকৈ পাহৰিম মোৰ আত্মাৰ আপোন গান্ধাৰৰ দৰে স্বচ্চল আৰু আত্মমৰ্যাদাৰে গৰীয়ান ৰাজ্যখনৰ অকাৰণ শ্মশানৰূপ?

সেই অতীতক বিস্মৰণ কৰা অসম্ভৱ৷

অতীতৰ প্ৰতি দায়িত্বশীল হৈয়ে দুটা প্ৰাণে কঠোৰতকৈও কঠোৰ ব্ৰত অৱলম্বন কৰিবলগীয়া হৈছিল৷ ব্যক্তিগত স্বাৰ্থত নহয়৷ জম্বুদ্বীপবাসীয়ে মহান বুলি কোৱা ক্ষুদ্ৰ কিন্তু প্ৰভাৱশালী ভাৰত ৰাজ্যৰ প্ৰায় একচ্চত্ৰী কুৰু ৰাজবংশৰপৰা সমগ্ৰ উপদ্বীপটোৰ সকলো স্তৰৰ মানুহৰে মুক্তিৰ স্বাৰ্থত৷ যি শকুনিয়ে নিজৰ কোলাত পিতৃ আৰু নিৰান্নব্বৈজন ভাতৃক মৃত্যুবৰণ কৰালে, সেই শকুনিয়ে মহাপৰিৱৰ্তনৰ স্বাৰ্থত এশজন ভাগিন কিয় কৌটি কৌটিজন আত্মীয়কো বলিদান দিবলৈ বদ্ধপৰিকৰ হ’ল৷

মোৰ কৰ্মপন্থা সম্পৰ্কে মোৰ মৃত্যুৰ হাজাৰ বছৰৰ পাছতো হাজাৰজনে চিন্তা কৰিব ঃ কি উদ্দেশ্য আছিল বাৰু শকুনি নামৰ সেই পৰজীৱী ৰাজপুৰুষৰ?

পৰজীৱী!

মই পৰজীৱী৷

কিন্তু কিয়? সকলো আত্মসম্মান, অত্মমৰ্যাদা জলাঞ্জলি দি পৰজীৱী হৈ জীৱন পাত কৰি মই কি আত্মস্বাৰ্থ চৰিতাৰ্থ কৰিব খুজিছোঁ?

মইতো জানো, মোৰো এই পাৰ্থিৱ জীৱনৰ পৰিণতি খুব নিকৰুণ হ’ব৷

কিন্তু মোৰ সন্তানদ্বয় উলুক আৰু বৃকক ইতিমধ্যে মই সকলো বিষয় মুক্তভাৱে বুজাই দিছোঁ৷ মই নিজে এক মহাপৰিৱৰ্তনৰ কালচক্ৰত ঘূৰিব লাগিছোঁ৷ এই ঘূৰ্ণনত মই নিজে জাহ যাব লাগিব বুলি জানো৷ সেয়ে মোৰ পুত্ৰদ্বয়ক মই হস্তিনাপুৰৰ সাম্ভাব্য ঘটনাৱলীৰপৰা নিলগত অৱস্থান কৰিবলৈ নিৰ্দেশ দিছোঁ৷ এইকণ স্বাৰ্থপৰ মই হ’বই লাগিব৷ পৰিৱৰ্তনৰ কাৰণে আত্মবলিদান মই দিম৷ মোৰ সন্তানে নহয়৷

জীৱনৰ প্ৰতিটো কথাকে বিপৰীত দিশৰপৰা লক্ষ্য কৰা মোৰ যিটো দৰ্শন তাৰ আঁৰত ক্ৰিয়াশীল কাৰক বাৰু কি? মই নিজেও বাৰম্বাৰ চিন্তা কৰোঁ– শকুনিয়ে সঁচাকৈয়ে সুযোধনৰ উন্নতি কামনা কৰেনে?

কিন্তু সুযোধনক মইতো বেয়া নাপাওঁ! তেওঁ মোৰ স্নেহৰ ভাগিন, মোৰ ভগ্নীপুত্ৰ, কুৰুবংশৰ ভৱিতব্য...

কিন্তু তেৱেঁ আজি সুযোধনৰ ঠাইত দুৰ্যোধন নামেৰে খ্যাতি অৰ্জন কৰিছে৷ সুযোধন বা দুৰ্যোধন যিয়েই নহওক, তেওঁলোকক ভাল পোৱা আৰু ঘৃণা কৰা মানুহৰ এটা সংখ্যাকো উপেক্ষা কৰিব নোৱাৰি৷

অৱশ্যে দুৰ্যোধন আৰু তেওঁৰ ভাতৃগণ মোৰ ভগ্নীৰ স্বাভাৱিক সন্তান নহয়৷

----

৭ ব্যাস৷

হিমালয়ৰ চিৰতুষাৰাবৃত এই নিৰ্জন শৈলগহ্বৰত আশ্ৰয় লৈ সম্প্ৰতি মই সামান্যতমো শীত অনুভৱ কৰা নাই৷ মোৰ অভ্যন্তৰত যেন লক্ষ লক্ষ চিতাগ্নিয়ে সৃষ্টি কৰা কৰুণ উত্তাপে বিস্ফোৰণৰ ৰূপ ল’ব খুজিছে৷ ময়ে যেন সদ্য অতীত মানৱীয় ঘৃণা আৰু প্ৰলোভনৰ, দুৰভিসন্ধি আৰু অনৈতিকতাৰ এই প্ৰচণ্ড ধ্বংসাত্মক বিস্ফোৰণৰ কৰুণ নেপথ্য নায়ক!

ধ্বংস প্ৰাৰ্থনা কৰিছিলোঁ অত্যাচাৰী কুৰুবংশৰ৷ ময়ো আৰু সেই বংশৰে কুলবধু মোৰ মাতৃদেৱী সত্যৱতীয়েও৷ আজীৱন প্ৰয়াস কৰিছিলোঁ এক ধ্বংসযজ্ঞ সংঘটিত কৰিবলৈ৷ মোৰ প্ৰয়াসে যিকোনো সময়তে বাস্তৱিক ৰূপ লাভ কৰিব বুলিয়েই আজিৰপৰা পাঁচ দশকৰো পূৰ্বেই মাতৃদেৱী সত্যৱতীক হস্তিনাপুৰৰপৰা মই আঁতৰাই প্ৰশান্ত আশ্ৰমলৈ আনিছিলোঁ যদিও সেই সংঘটন মোৰ বাবে সম্ভৱপৰ হৈ উঠা নাছিল৷

কিন্তু কৃষ্ণ!

কৃষ্ণৰ প্ৰৱেশেৰ ফলতে হস্তিনাপুৰত মই সুদীৰ্ঘকাল যত্ন কৰিও ঘটাব নোৱৰা ঘটনাবোৰ দ্ৰুত গতিৰে সংঘটিত হ’ব ধৰিলে৷ কল্পনা কৰিব পৰাতকৈও ভয়াৱহ ধৰণে ঘটনাবোৰ ঘটাই দিলেহি কৃষ্ণই৷

ঘটনাক্ৰম যে ইমান জটিলতালৈ অগ্ৰসৰ হ’ব, যিসকলৰ অপমৃত্যু ঘটিল সেইসকলৰ অধিকাংশই যে মোৰ ৰক্তৰ অংশ হৈ পৰিবগৈ মইতো কল্পনাও কৰিব পৰা নাছিলোঁ৷ অদৃশ্য শক্তিৰদ্বাৰা এখন মহাযুদ্ধৰ পৰিকল্পনা কৰা হৈছিল আৰু তাৰ কাৰণে সকলো প্ৰস্তুতিও গোপনেই আৰম্ভ হৈ গৈছিল দূৰ অতীতৰ কোনোবা এটা বিন্দুত৷

অথচ সেই সুদূৰ অতীতেই যে এনে নিৰন্ধ্ৰভাৱে অন্ধ বৰ্তমানৰ ভিত্তিভূমি ৰচনা কৰিছিল তাৰ ধাৰণা কোনে কৰিছিল?

মাতৃ সত্যৱতীয়ে?

গান্ধাৰৰাজ সুবলে?

পৰজীৱি গান্ধাৰকুমাৰ শকুনিয়ে?

যদুনেতা কৃষ্ণই?

দেৱনেতা ইন্দ্ৰই?

নে মই?

সমগ্ৰ জম্বুদ্বীপ সম্প্ৰতি প্ৰায় পুৰুষশূন্য৷ কেৱল দ্বাৰকাত যুদ্ধবিৰত কিছু সংখ্যক পুৰুষ জীৱিত অৱস্থাত ৰক্ষা পৰিছে৷ সম্ভৱতঃ অৰণ্য অঞ্চলবোৰত কিছু সংখ্যক নাগ, অসুৰ, আভীৰ, বানৰ আদি জনজাতীয় সমাজত কিছু পুৰুষ বাকী ৰৈছেগৈ৷ কিন্তু হস্তিনাপুৰ, পাঞ্চাল, মৎস্য, চেদি, মগধ, বিদেহ, ত্ৰিগৰ্ত, কম্বোজ, গান্ধাৰ, সিন্ধু, সৌবীৰ, কাম্পিল্য, কোশল, অৱন্তী, মদ্ৰ, ভোজকূট, বহ্লীক, কুন্তী, মহিস্মতী, বিদৰ্ভ, বঙ্গ, অঙ্গ আদি জম্বুদ্বীপৰ প্ৰায় সকলো ৰাজ্যৰে সেনা আৰু সেই সেনাৰ অধিপতিস্বৰূপ বহু বীৰ ৰজা-ৰাজন্য এই যুদ্ধত মৃত্যুৰ মুখত পৰিছে৷ আহত অৱস্থাত থকাসকলৰ পৰিচৰ্যাকাৰীৰো অভাৱ হৈছে সাম্প্ৰতিক সময়ত৷ বিভিন্ন ৰাজ্যৰ সেনাদলত অংশ গ্ৰহণ কৰা বহু জনজাতীয় পুৰুষেও এই যুদ্ধত প্ৰাণ হেৰুৱাইছে৷

সৰ্বমুঠ কিমান লোকে যুদ্ধখনত অংশ গ্ৰহণ কৰিছিল গণনা কৰা সহজ নহয়৷ কৌৰৱৰ পক্ষৰ একাদশ আৰু পাণ্ডৱৰ পক্ষৰ সাত, সৰ্বমুঠ অষ্টাদশ অক্ষৌহিণী৷ প্ৰতি অক্ষৌহিণীত থাকে ২১৮৭০ ৰথ আৰু ৰথী, ২১৮৭০ গজ আৰু গজাৰোহী, ৬৫৬১০ অশ্ব আৰু অশ্বাৰোহীৰ সৈতে ১০৯৩৫০ পদাতিক৷ তদুপৰি প্ৰতিখন ৰথৰ সৈতে এজনকৈ মুখ্য সাৰথিৰ উপৰি সৰ্বাধিক দুজনকৈ সহকাৰী সাৰথি, প্ৰতিটো হাতীৰ সৈতে কমেও গজচালক আছিল৷ অৰ্থাৎ? পাণ্ডৱ পক্ষত গোট খাইছিল ইয়াৰ সাতগুণ সৈন্যশক্তি আৰু কৌৰৱ পক্ষত গোট খাইছিল একাদশগুণ৷ হাতী-ঘোঁৰাৰ আহাৰ যোগানকাৰী, অস্ত্ৰ-শস্ত্ৰৰ তত্ত্বাৱধায়ক, যোদ্ধাসকলৰ বাবে অস্থায়ী আশ্ৰয়গৃহ নিৰ্মাণ কৰা, খাদ্যসামগ্ৰীৰ যোগানকাৰী আৰু খাদ্য প্ৰস্তুতকাৰী, আহতসকলৰ শুশ্ৰূষাকাৰী আদিকৈ প্ৰকৃততে কুৰুক্ষেত্ৰত কিমান লোকৰ সমাগম হৈছিল তাৰ কোনেও ক’ব নোৱাৰিব৷ পূৰ্বতে নিৰ্দিষ্ট কৰি লোৱা নিয়ম যুদ্ধত পদে পদে উলংঘা কৰা হৈছিল৷ সাৰথি, গজ আৰু অশ্বক বধ কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল যদিও যুদ্ধৰ অন্তত এটাও ঘোঁৰা বা হাতী আৰু কৃষ্ণ ব্যতিৰেকে এজনো সাৰথি জীৱিত অৱস্থাত নাথাকিল৷ সূৰ্যাস্তৰ লগে লগে যুদ্ধান্ত ঘোষিত হৈছিল আৰু ৰাত্ৰিকালত নিষিদ্ধ আছিল যুদ্ধ৷ কিন্তু সেইটো নিয়মো বহুবাৰ লংঘন কৰা হৈছিল৷ নিৰস্ত্ৰ আৰু আত্মসমৰ্পণকাৰীক হতা কৰা নহ’ব বুলি স্থিৰ কৰা নিয়মো পালন কৰা হোৱা নাছিল৷ 

অসহনীয়৷

অসহনীয়৷

অথচ এইখন যুদ্ধকে মই ধৰ্মযুদ্ধ বুলি বিবৃত কৰিব খুজিছোঁ কিয়?

সত্যক সত্যৰূপত লিপিৱদ্ধ কৰিব পৰাকৈ মই স্বাধীন নহওঁ নেকি? মই স্বাধীন নহওঁ কিয়?

প্ৰকৃততেই মই স্বাধীন হ’ব নোৱাৰিম৷ কাৰণ মই মোৰ বদ্ধমূল ধাৰণাৰে বহুকাল ধৰি হস্তিনাপুৰৰ ওপৰত প্ৰতিশোধ লোৱাৰ বাবে ব্যাকুল এযুৰি আহত নেত্ৰৰ অধীন হৈ আহিছোঁ৷ নেত্ৰদ্বয় মোৰ অসহায়া মাতৃদেৱীৰ৷

মাতৃদেৱীৰ নিৰৱ আহ্বানতে প্ৰথমে এই মহাযুদ্ধৰ গোপন প্ৰস্তুতি আৰম্ভ হৈছিল৷ দ্বিতীয়টো পদক্ষেপ পুনৰ মোৰ জৰিয়তেই দিয়াইছিল মাতৃদেৱীয়ে৷

অম্বা আৰু অম্বালিকা নামৰ বধুদ্বয়ৰ গৰ্ভসঞ্চাৰ কৰিবলৈ মোক নিয়োগ কৰোঁতে সম্ভৱতঃ তেওঁ বধুদ্বয়ৰ বাহ্যিক অৱয়বৰ সুন্দৰতা দেখি কল্পনাও কৰিব পৰা নাছিল যে ক্ৰমে ক্ৰমে ক্ষয়ৰোগত আক্ৰান্ত হোৱা সেই নাৰীদুগৰাকীয়ে কদাপি সুস্থ সন্তান জন্ম দিব নোৱাৰিব৷ সেয়ে যৌনমিলনৰ পূৰ্বে তেওঁলোক দুয়োৰে শৰীৰত ক্ষয়ৰোগৰ লক্ষণ দৰ্শন কৰি মই সামান্য কঁপি উঠিছিলোঁ নিজৰ শৰীৰৰ কথা ভাবি৷ অৱশ্যে লগে লগে মই তেওঁলোকক তেওঁলোকৰ ৰোগলক্ষণৰ বিষয়ে জিজ্ঞাসা কৰিছিলোঁ আৰু সকলোখিনি অৱগত হোৱাৰ পাছত নৈমিত্তিকভাৱে মোৰ জ্ঞাত ভেষজ ঔষধ ব্যৱহাৰ কৰিবলৈ দিছিলোঁ আৰু নিজৰ ক্ষেত্ৰত প্ৰতিষেধক ব্যৱহাৰ কৰিছিলোঁ৷

মাতৃদেৱীক জনাইছিলোঁ যে নিজকে কনিষ্ঠ ভাতৃবধুৰ সৈতে সম্ভোগৰ বাবে মানসিকভাৱে প্ৰস্তুত কৰিবলৈ মোক অন্ততঃ কেইদিনমান সময়ৰ প্ৰয়োজন হ’ব৷

কেইবাটাও দিন, কেইবাটাও ৰাতি পাৰ হৈছিল৷

... আৰু মিলনৰ পাছত মাতৃদেৱীক মই কৌশলেৰে জনাইছিলোঁ যে অম্বা আৰু অম্বালিকাৰ সন্তান শাৰীৰিকভাৱে বিকৃত হৈ জন্ম হ’ব পাৰে৷

মাতৃৰ মুখখন মলিন হৈ পৰিছিল৷ তেওঁ মোক পুনৰাই অম্বিকাৰ সৈতে যৌনমিলনৰ নিৰ্দেশ দিলে৷ মাতৃদেৱীৰ অজ্ঞতাত মোৰ হাঁহি উঠিছিল৷ ইতিমধ্যে যদি অম্বিকাৰ গৰ্ভসঞ্চাৰ হৈছেই তেন্তে সেই অৱস্থাত একে গৰ্ভত দ্বিতীয়বাৰ কেনেকৈ সন্তানোৎপাদন সম্ভৱ? মই অম্বিকাক অৱগত কৰিলোঁ৷ তেওঁ সামান্য চিন্তিত হৈ পুনৰ ৰাত্ৰিযাপনৰ বাবে মোক আমন্ত্ৰণ জনালে৷

সেই ৰাতি পিছে অম্বিকাৰ ৰূপ সম্পূৰ্ণ পৃথক আছিল৷ তেওঁ মোক সাদৰে গ্ৰহণ কৰিছিল– শৰীৰৰ লগতে মনেৰেও৷ ৰাতিৰ আন্ধাৰত তেওঁৰ মুখখন প্ৰত্যক্ষ কৰিব নোৱাৰিলেও মোৰ ধাৰণা হৈছিল যে সেয়া অম্বিকা নাছিল৷ সুখকৰ যৌনমিলনৰ অন্তত মই তেওঁৰ পৰিচয় বিচাৰিছিলোঁ–

হে দেৱী! তুমি প্ৰকৃততে কোন? তুমিতো অম্বিকা নোহোৱাঁ৷’

তেওঁ মোৰ চৰণ স্পৰ্শ কৰি অকম্পিত মৃদু কণ্ঠে ক’বলৈ ধৰিলে–

হে ঋষিবৰ, মোৰ ধৃষ্টতাৰ বাবে ক্ষমা কৰক৷ মই এক সামান্যা দাসী, বৰ্ণত মই শুদ্ৰী৷ মোৰ নাম পৰিশ্ৰমি৷ মই একেবাৰে অসহায় নাৰী৷ মই স্বেচ্চায় আপোনাৰ সান্নিধ্য গ্ৰহণ কৰা নাই মহাশয়৷ ৰাণী অম্বিকাৰ নিৰ্দেশতহে মই এই অপৰাধ কৰিছোঁ৷’

মোৰ হাঁহি উঠিছিল অম্বিকাৰ বুদ্ধিৰ পৰিসৰ অনুভৱ কৰি৷ কিন্তু মই সুখী হৈছিলোঁ৷ অন্ততঃ শুদ্ৰীৰ সৈতে মোৰ মিলনৰ ফলত যি সন্তান জন্মিব তেওঁ সুস্থ-সবল হ’ব বুলি মোৰ দৃঢ় বিশ্বাস হৈছিল৷

মাতৃ সত্যৱতীক শুদ্ৰীৰ পুত্ৰ যে সুস্থ-সবল হ’ব সেই বাৰ্তা প্ৰদান কৰি সেই শিশুকো ৰাজসন্তানৰ দৰে ৰাখিবলৈ অনুৰোধ জনাই মই হস্তিনাপুৰ ত্যাগ কৰিছিলোঁ৷ কিন্তু সেই সময়ৰপৰাই মই প্ৰকৃততে প্ৰত্যক্ষভাৱেই হস্তিনাপুৰৰ সৈতে সম্পৰ্কিত হৈ পৰিলোঁ৷ মোৰ ৰক্তৰ অংশ হস্তিনাপুৰৰ ৰাজবংশত প্ৰৱাহিত হৈ আছে– ই মোৰ কাৰণে পৰম গৌৰৱ আৰু একে সময়তে আশ্বৰ্যজনকভাৱে অস্বস্তিৰো কাৰণ হৈ উঠিল৷

বিচিত্ৰবীৰ্যৰ দৰেই তেওঁৰ পুত্ৰদ্বয়ো সুস্থ নাছিল৷ প্ৰসঙ্গক্ৰমে মই মোকো সুধি চাওঁ– তেওঁলোক জৈৱিকভাৱে মোৰ সন্তানহে? তেন্তে? তেওঁলোক অসুস্থ হ’ল কিয়? কিয় তেওঁলোক স্বাভাৱিক মানৱ নহ’ল?

প্ৰকৃততে বিচিত্ৰবীৰ্যৰ ক্ষয়ৰোগে তেওঁৰ পত্নী অম্বা আৰু অম্বালিকাকো স্পৰ্শ কৰিছিল৷ সুদীৰ্ঘদিন চিকিৎসাৰ অন্তত পাছত তেওঁলোক সুস্থ হ’ল৷ কিন্তু সন্তান জন্ম দিয়াৰ সময়ত তেওঁলোক আছিল ৰোগাক্ৰান্ত অৱস্থাত৷

গতিকে পৰৱৰ্তী প্ৰজন্মত আকৌ এবাৰ নিযোগ প্ৰথা প্ৰয়োগ কৰা হ’ল৷ এইবাৰ পাণ্ডুৰ অনুমোদনক্ৰমে কুন্তীয়ে তিনিজনকৈ পৰপুৰুষৰ বীৰ্য ধাৰণ কৰিলে৷ বিৱাহৰ পূৰ্বে তেওঁ জন্ম দিয়া সন্তান কৰ্ণকো গণন কৰিলে তেওঁ সৰ্বমুঠ চাৰিবাৰকৈ পৰপুৰুষৰ বীৰ্যধাৰণ কৰি পুত্ৰ জন্ম দিলে৷ আনহাতে পাণ্ডুৰ কনিষ্ঠ পত্নী মাদ্ৰীয়ে কেৱল এবাৰেই ধাৰণ কৰিলে কোনোবা পুৰুষৰ বীৰ্য আৰু জন্ম দিলে এক যমজ সন্তানৰ৷ আনহাতে জন্মান্ধ ধৃতৰাষ্ট্ৰৰ সৈতে আৰম্ভ হ’ল এটা বিপৰীত প্ৰক্ৰিয়া৷

ভীষ্মৰদ্বাৰা জন্মান্ধ ধৃতৰাষ্ট্ৰলৈ গান্ধাৰীৰ পাণিপ্ৰাৰ্থনা কাৰ্যতঃ দাবীহে আছিল৷ পৰৱৰ্তী সময়ত সেই গান্ধাৰ আক্ৰমণ কৰি ধ্বংসস্তুপত পৰিণত কৰিছিল কৌৰৱ সেনাই৷

সেই বিৱাহৰ সময়ৰপৰাই গান্ধাৰীয়ে ধৃতৰাষ্ট্ৰক দৰ্শন নকৰিবলৈ কৃতসংকল্প হৈছিল৷ পাছত গান্ধাৰ আক্ৰমণ আৰু পিতৃ সমন্বিতে ভাতৃবোৰৰ অকাল মৃত্যুৰ পাছত গান্ধাৰীয়ে ধৃতৰাষ্ট্ৰৰ সৈতে এখন জৈৱিক যুদ্ধ আৰম্ভ কৰিলে৷ আৰু কালক্ৰমত কৌশলেৰে শতপুত্ৰৰ জননী হোৱা বুলি ঘোষণা কৰিলে৷

পুত্ৰ লাগে সকলোকে৷ ৰজাসকলক পুত্ৰ আনতকৈ বেছিকৈ লাগে৷

সিংহাসন ৰক্ষা কৰিবলৈ পুত্ৰ লাগে৷

এখন সিংহাসনক কেন্দ্ৰ কৰি গৃহযুদ্ধ কৰি অকালমৃত্যু আঁকোৱালি ল’বলৈ অনেক পুত্ৰ লাগে৷

... শেষত যুদ্ধখন আৰম্ভ হ’ল৷ সামৰণিও পৰিল৷

অৱশ্যে যুদ্ধখন ধৰ্মযুদ্ধৰ আৱৰণে গ্ৰাস কৰিব বুলি সেই সুদূৰ অতীতত কোনেও কল্পনা কৰিব পৰা নাছিল৷

সম্ভৱতঃ প্ৰস্তাৱিত যুদ্ধখন সংঘটিত নহ’লহেঁতেন যদিহে দ্বাৰকাৰ সৰ্বেসৰ্বা কৃষ্ণ অনাহূতভাৱে এই প্ৰকল্পটোত প্ৰৱেশ নকৰিলেহেঁতেন৷

হস্তিনাপুৰৰ ৰাজনীতিত কৃষ্ণৰ প্ৰৱেশ কেনেকৈ হ’ল সি আজিও মোৰ বাবে এটা উত্তৰবিহীন প্ৰশ্ন৷ এই সম্পৰ্কে মই ক্ষীণ ধাৰণা এটা কৰোঁ মাত্ৰ৷ ধাৰণাটো হৈছে কুন্তী৷

জন্মসূত্ৰে যাৰ প্ৰকৃত নাম পৃথা৷

মথুৰাৰ যাদৱ বংশৰ অষ্টপ্ৰধানৰ অন্যতম শূৰসেনৰ কন্যা আৰু কুন্তীৰাজ্যৰ ৰজা কুন্তীভোজৰ পালিতা কন্যা এই কুন্তী৷ হস্তিনাপুৰৰ ৰজা পাণ্ডুৰ পত্নী হৈ স্বামীৰ অপাৰগতাৰ ফলত প্ৰচলিত নিয়োগ প্ৰথাকো বিকৃত কৰি তিনিজনকৈ পুত্ৰৰ জন্ম দিব পৰাকৈ সাহসী নাৰী তেওঁ৷ পিতৃ বসুদেৱৰ ভগ্নী এই কুন্তীৰ আহ্বানতে বাৰু তেওঁৰ পুত্ৰগণৰ স্বাৰ্থৰক্ষাৰ আৰ্থে কৃষ্ণৰ প্ৰৱেশ ঘটিল নেকি হস্তিনাপুৰৰ ৰাজনৈতিক ক্ষেত্ৰত?

মোৰ স্পষ্টকৈ মনত পৰিছে, কৃষ্ণই প্ৰথম বাৰৰ বাবে মোৰ মুখামুখি হোৱাৰ অভিজ্ঞতা৷ বৃন্দাবনৰপৰা গৈ মথুৰাৰ সৰ্বেসৰ্বা হোৱাৰ সময়তে বাসুদেৱ কৃষ্ণই মোৰ সাক্ষাৎ বাঞ্ছা কৰাৰ বিষয়ে বাৰ্তা প্ৰেৰণ কৰিছিল৷ শিশুকালৰেপৰা বিভিন্ন উপায়েৰে শত্ৰুনাশ কৰা সামান্য গোপালকৰ সন্তান কৃষ্ণ যে কালক্ৰমত জম্বুদ্বীপৰ ৰাজনীতিত এটা গুৰুত্বপূৰ্ণ চৰিত্ৰ হৈ উঠিবগৈ সেয়া মই পূৰ্বেই উপলব্ধি কৰিছিলোঁ৷

মথুৰাৰ মহাবিক্ৰমশালী ৰজা কংসবধৰ অব্যৱহিত পৰৱৰ্তী কালতে অৱশ্যে মই অৱগত হৈছিলোঁ যে তেওঁৰ লগতে তেওঁৰ জ্যেষ্ঠভাতৃ বলৰামৰ প্ৰকৃত পিতৃ-মাতৃ বসুদেৱ আৰু দৈৱকীহে৷

কিন্তু কৃষ্ণ তথা বলৰামৰ জননী সম্পৰ্কে মোৰ মনত এটা বিশেষ প্ৰশ্নৰ উদ্ৰেক হ’ল৷ জনসমাজত প্ৰচলিত কথা আৰু মই লাভ কৰা বিশেষ চৰৰ বাৰ্তা অনুসৰি বলৰাম গৰ্ভস্থ হৈ থকা অৱস্থাতে তেওঁৰ মাতৃগৰ্ভ পৰিৱৰ্তন কৰা হৈছিল– দৈৱকীৰপৰা ৰোহিণীলৈ!

তেনে কৰাটো বাৰু কেনেকৈ সম্ভৱ? আৰু কৃষ্ণৰ মাতৃ!

তদুপৰি কৃষ্ণ ভূমিস্থ হোৱাৰ প্ৰায় লগে লগেই তেওঁৰ পিতৃ বন্দী বসুদেৱে হেনো অৱলীলাক্ৰমে মুক্তিলাভ কৰিছিল আৰু সদ্যোজাত কৃষ্ণক আন্ধাৰ ৰাতি ধাৰাসাৰ বৰষুণকো গণ্য নকৰি বৰ্ষাজনিত কাৰণত স্ফীতোদৰা হৈ উঠা যমুনা নদীকে ধৰি সুদূৰ পথ অতিক্ৰম কৰি গোকূলৰ নেতা নন্দৰ পত্নী যশোদাৰ পালঙ্কত থৈ আহিছিল৷ কৃষ্ণৰ পৰিৱৰ্তে বসুদেৱে লৈ আহিছিল যশোদাৰ সদ্যজন্মা কন্য সন্তানক৷

চিন্তা কৰিছিলোঁ, এইবোৰ বাৰু কৌশলপূৰ্বক প্ৰচাৰ কৰা বাগ্‌ধাৰা নহয়নে?

এইবোৰ নিশ্চিতভাৱে কৃষ্ণৰ বিশেষ গুণ প্ৰত্যক্ষ কৰি তেওঁক সাক্ষাৎ ঈশ্বৰ বুলি ভাবি লোৱা মানুহে প্ৰচাৰ কৰা কষ্টকল্পিত বৃত্তান্ত৷ কিন্তু মই যি বুলিয়ে গ্ৰহণ নকৰোঁ কিয়, কৃষ্ণৰ জনপ্ৰিয়তা আৰু তেওঁৰ সৰ্ববিদ্যাপাৰঙ্গত গুণৰাশিলৈ লক্ষ্য কৰি আশঙ্কা কৰোঁ যে এনে বাগ্‌ধাৰাই কালক্ৰমত নিশ্চিতভাৱে শাস্ত্ৰৰ পৃষ্ঠাতো স্থান লাভ কৰিব৷

সি যি নহওক, মোৰ শিষ্যৰ জৰিয়তে তেওঁক মোৰ আশ্ৰমলৈ আমন্ত্ৰণ জনাইছিলোঁ৷

সেই প্ৰথম সাক্ষাততে কৃষ্ণৰ প্ৰতিভা আৰু ব্যক্তিত্বৰ পোহৰত মই আশ্বৰ্য বোধ কৰিছিলোঁ৷ জম্বুদ্বীপৰ ৰাজনীতি-সমাজনীতি তেওঁৰ নখ-দৰ্পণত৷ ইতিহাসৰ প্ৰতিটো ঘটনাকে তেওঁ স্বকীয় দৃষ্টিকোণেৰে ব্যাখ্যা কৰিব পাৰে আৰু মুহূৰ্তৰ অন্তৰালতে বিষয়ান্তৰ ঘটাব পাৰে৷ আটাইতকৈ ডাঙৰ কথা, ভৱিষ্যত সম্পৰ্কে তেওঁৰ এক বিশাল পৰিকল্পনা তেওঁ মোৰ সম্মুখত দাঙি ধৰিলে৷

তেওঁ ক’লে–

হে সম্মাননীয়, সম্প্ৰতি ভাৰত ৰাজ্যক, কেৱল ভাৰতেই নহয়, সমগ্ৰ জম্বুদ্বীপকে নতুনকৈ প্ৰতিষ্ঠা কৰিবৰ সময় হৈছে৷ বিভিন্ন ৰাজ্যত প্ৰজাপালনৰ নামত কেৱল উৎপীড়ণ চলিছে৷ সৰ্বসাধাৰণৰ পৰিশ্ৰমক ক্ষত্ৰিয়সকলে নিজৰ ভোগ-উপভোগৰ প্ৰাপ্য অধিকাৰ বুলি ভাবিবলৈও আৰম্ভ কৰিছে৷ প্ৰকৃত ক্ষত্ৰিয়ৰ ধৰ্ম-কৰ্ম সম্পৰ্কে বিস্মৃত হৈ দানসূত্ৰে লাভ কৰা ৰাজ্যৰ অধিকাৰো সম্প্ৰতি লজ্জাজনকভাৱে নীতিগত অধিকাৰৰ ৰূপ দিয়া হৈছে৷ এনে ব্যৱস্থাৰ প্ৰতিকাৰৰ একো উপায় নাইনে ঋষিবৰ?’

দানসূত্ৰে লাভ কৰাৰাজ্য বুলি আপুনি কোনখন ৰাজ্যৰ কথা বুজাইছে?’ – মই আচৰিত হৈছিলোঁ আৰু সুধিছিলোঁ৷

মই হস্তিনাপুৰৰ কথা কৈছোঁ৷ য’ত কাৰ্যতঃ আপোনাৰ পুত্ৰ ধৃতৰাষ্ট্ৰ সম্প্ৰতি ৰাজসিংহাসনৰ ৰক্ষী হৈ থাকিবহে লাগিছিল৷ কিন্তু তেওঁ ৰাজ সিংহাসনৰ অধিস্থাতা হৈ বহি আছে৷ মহাৰাজ পাণ্ডুৱে কেৱল কিছু বছৰৰ বাবে শতশৃঙ্গ পৰ্বতত বাস কৰিবলৈ বুলি যাওঁতে জ্যেষ্ঠভ্ৰাতা ধৃতৰাষ্ট্ৰক ৰাজ্য পৰিচালনাৰ ভাৰ দি গৈছিল৷ দুৰ্ভাগ্যক্ৰমে শতশৃঙ্গতে মহাৰাজৰ বিয়োগ ঘটিল৷ মহাৰাজৰ পাঁচজন পুত্ৰৰ জ্যেষ্ঠজনে বিধি অনুসৰি হস্তিনাপুৰৰ অধিকাৰ লাভ কৰিব লাগে৷’

আপুনি বাৰু হস্তিনাপুৰৰ ৰাজনীতিত অনধিকাৰ প্ৰৱেশ কৰিব খুজিছে নেকি, বাসুদেৱ?’

আপুনি অনধিকাৰ বুলি বিৱেচনা কৰিলে মই নতমস্তক হৈ আঁতৰি যাম, হে নমস্য৷ কিন্তু মহাৰাণী কুন্তী মোৰ পিতৃদেৱৰ আপোন ভগ্নী৷ মোৰ পিতামহ  অষ্ট যাদৱ প্ৰধানৰ অন্যতম শূৰসেন কুন্তীদেৱীৰ পিতৃ৷ এইসূত্ৰেই কুন্তীদেৱীৰ ভগ্ন ভাগ্যদশাক লৈ মই বৰ উদ্বিগ্ন হৈ উঠিছোঁ৷ অদ্যাপি মই কুন্তীপুত্ৰ এজনকো লগ পোৱা নাই৷ কিন্তু শুনিবলৈ পাইছোঁ জ্যেষ্ঠ কৌন্তেয় যুধিষ্ঠিৰ সাক্ষাৎ ধৰ্মদেৱতাৰ প্ৰতিফলক৷ আনহাতে জ্যেষ্ঠ ধাৰ্তৰাষ্ট্ৰ সুযোধনৰ কথাতেওঁৰ স্বভাৱৰ কাৰণেই হস্তিনাপুৰৰ সৰ্বসাধাৰণে দুৰ্যোধন বুলিহে ক’বলৈ আৰম্ভ কৰিছে৷ এতিয়া আপুনি কওকচোন, হস্তিনাপুৰৰ সিংহাসনৰ মৰ্যাদা কোনে ৰক্ষা কৰিব পাৰিব?’

বাসুদেৱ, মই অতিশয় আহ্লাদিত হৈছোঁ যে কেৱল ভাৰতৰে নহয়, সমগ্ৰ জম্বুদ্বীপৰে ভৱিষ্যত সম্পৰ্কে আপোনাৰ দৰে এজন প্ৰতিশ্ৰুতিসম্পন্ন উদীয়মান তৰুণে ইমান গভীৰভাৱে চিন্তা-চৰ্চা কৰিছে৷ মই আশা কৰোঁ, ভাৰতবৰ্ষক এখন ধৰ্মৰাজ্যৰূপে গঢ় দিবলৈ সম্ভৱপৰ সকলো যত্ন আমি কৰা উচিত৷ এজন ব্ৰহ্মচাৰী ঋষি হিচাপে মই এই ক্ষেত্ৰত আপোনাক সম্ভৱপৰ সকলো সাহায্য আগ বঢ়াম৷’

মই কোৱাখিনিত দুটা ভ্ৰান্তি আছিল৷ প্ৰথমটো মোৰ পৰিচয়সূচক বিশেষণটো৷ আপাততঃ মই এজন ব্ৰহ্মচাৰী, ঋষি৷ কিন্তু মোৰ ব্ৰহ্মচৰ্য ইতিপূৰ্বেই ক্ষয় হৈছে৷ কাৰণ, ধৃতৰাষ্ট্ৰ, পাণ্ডু আৰু বিদূৰৰ জন্মত মই তিনিগৰাকী নাৰীৰ সৈতে যৌনমিলনত প্ৰবৃত্ত হৈছোঁ৷ দ্বিতীয় ভ্ৰান্তি আছিল কেৱল কৃষ্ণৰ বাকচাতুৰ্যৰ জ্বাজল্যত নিজৰ চিন্তাশক্তিক অসাৰ হৈ পৰিবলৈ দিয়াটো৷ সামান্য পৰিমাণৰ ভূমিৰে গঠিত দ্বাৰকা নামৰ নতুন ৰাজ্যখনৰ সৰ্বেসৰ্বা কৃষ্ণ নামৰ সৰ্বজনৰ মুখত নাম উচ্ছাৰিত হোৱা নৱোদিত প্ৰতিভাশালী ব্যক্তিজনৰ চিন্তা-চৰ্চাত কেৱল জম্বুদ্বীপৰ সামূহিক স্বাৰ্থৰ পৰিৱৰ্তে তেওঁৰ ব্যক্তিগত স্বাৰ্থ থাকিব পাৰে বুলি  বুজিব নোৱৰাটোও মোৰ সীমাৱদ্ধতা কিম্বা ভুল আছিল৷ তেওঁ কিন্তু বিষয়ৰ সৈতে তেওঁৰ ব্যক্তিগত স্বাৰ্থ নিহিত থকাৰ ইঙ্গিত মোৰ সম্মুখত স্পষ্টকৈ প্ৰকাশ কৰিছিল৷

... উঃ! মই যদি কৃষ্ণৰ সমান বাক্‌চতুৰ হ’লোহেঁতেন!

মই কেৱল লিখিবহে পাৰোঁ৷ কিন্তু মই লিখাবোৰ মানুহে পঢ়িবলৈ যেতিয়া পাব তেতিয়ালৈ জগতখনৰ বহু পৰিৱৰ্তন হ’ব৷ তেতিয়ালৈ মই লিখাখিনিক যে কোনোবাই বিকৃত নকৰিব, পৰিৱৰ্ধন নঘটাব কোনে জানে!

 

৮ গান্ধাৰী৷

শৈশৱৰ সুবলা অথবা বসুমতী দুয়োটা নাম হেৰুৱাই ক্ৰমে ক্ৰমে গান্ধাৰৰ ৰাজকন্যাসূত্ৰে মই গান্ধাৰী হৈ উঠিছিলোঁ৷

এজনী সাধাৰণ বালিকা আছিলোঁ মই৷ লাহে লাহে গম পাবলৈ ধৰিলোঁ যে মই সাধাৰণ বালিকা নহওঁ৷ মই গান্ধাৰ নৰেশ মহাৰাজ সুবলৰ কন্যা হোৱা হেতুকে মই এক অসাধাৰণ কন্যা, এক ৰাজনন্দিনী৷ কিন্তু সৌবলী পৰিচয়টো মোৰ জীৱনৰ জটিল ঘটনা পৰিক্ৰমাই বিস্মৃত কৰি পেলালে৷

জীৱনক লৈ মোৰ কোনো উচ্ছাকাংক্ষা নাছিল৷ কিন্তু জীৱনটোক মানুহে নিজে আশা কৰাৰ দৰে পৰিচালিত কৰিব নোৱাৰে৷

সেয়েহে কালক্ৰমত আকাংক্ষা মোৰ প্ৰিয় শব্দ হৈ উঠিল৷ উচ্ছাকাংক্ষা হৈ উঠিল মোৰ চৰম ঈপ্সিত শব্দ৷ কেৱল উচ্ছাকাংক্ষাই মোক চিৰন্তন অন্ধ মাতৃ কৰি তুলিলে৷

মোৰ উচ্ছাকাংক্ষা পিছে ব্যক্তিগত স্বাৰ্থৰক্ষাৰ আকাংক্ষা নাছিল৷ মোৰ উচ্ছাকাংক্ষা আছিল ক্ষমতাৰ ক্ষেত্ৰত উচ্ছ-নীচৰ মাজৰ সীমাৰেখা নিঃশেষ কৰিবলৈ যত্ন কৰা বিষয়ত৷ মোৰ উচচাকাংক্ষা আছিল দুৰ্বলীৰ ওপৰত বলীয়ে যাতে চিৰন্তন কাললৈ নিস্পেষণ চলাই যাব নোৱাৰে তাৰ ব্যৱস্থা কৰাতহে৷

কিন্তু মোৰ কুমাৰী জীৱনৰ স্বপ্ন জানো এনে আছিল?

প্ৰথমে মই নজনাকৈয়ে মোৰ বিধিলিপি খণ্ডন কৰিবলৈ কোনো এক নিস্পাপ পশুশাৱকৰ সৈতে মোৰ বিৱাহ সম্পন্ন কৰা হৈছিল৷ মই স্মৰণ কৰিব পৰা বয়ঃপ্ৰাপ্ত হোৱাই নাছিলোঁ তেতিয়া৷ বয়ঃসন্ধিকালতহে মোৰ মাতৃয়ে মোক জনাইছিল যে গোপনভাৱে মই এগৰাকী বিধৱা৷ মোৰ জন্মকুণ্ডলীৰ সত্য খণ্ডন কৰিবলৈ শিশু অৱস্থাতে মোৰ বিৱাহ আয়োজন কৰা হৈছিল এটি ছাগশাৱকৰ সৈতে আৰু বিৱাহৰ অব্যৱহিত পৰৱৰ্তী কালতে হেনো সেই ছাগশিশুক নিষ্ঠুৰভাৱে হত্যা কৰা হৈছিল৷

মোৰ প্ৰথম স্বামী সেই নিস্পাপ পশুৰ অকাৰণ মৃত্যুৰ দুখৰ ব্যতিৰেকে মোৰ জগৎ-প্ৰপঞ্চ সম্পৰ্কীয় জ্ঞান হোৱাৰ পূৰ্বেই ঘটা সেইটো ঘটনাই মোৰ মানস-পটত একো ক্ষত চিহ্নিত কৰিব পৰা নাছিল৷ তেতিয়াও মোৰ নেত্ৰদ্বয় আছিল জগৎ-প্ৰপঞ্চৰ সকলো ৰূপসুধা পান কৰিবৰ কাৰণে লালায়িত৷ কিন্তু!

অৱশ্যেই আকস্মিক ধুমুহা এজাক আহিছিল মোৰ স্বপ্নময় তৰুণ জীৱনলৈ৷ এজাক ঘূৰ্ণিবাত হৈ মোৰ পিতৃ-মহাৰাজৰ ৰাজসভালৈ আহিছিল ভাৰতবৰ্ষৰ সৰ্বশ্ৰেষ্ঠ পুৰুষ ভীষ্ম৷

কুৰুবংশৰ কুলবধূৰূপে মোৰ পাণিপ্ৰাৰ্থনা কৰিছিলহি তেওঁ৷ মই আ(ৰ্য-চকিতা হৈ পৰিছিলোঁ৷ জগতৰ সৰ্বশ্ৰেষ্ঠ ৰাজবংশৰ পুৰুষৰ অৰ্ধাঙ্গিনী হোৱাৰ অনাহুত সপোনটোৱে আকস্মিকভাৱে বিহ্বলা কৰিছিল মোক৷

কিন্তু! তাতোকৈ ভয়াৱহ ধুমুহা এজাকৰ সূত্ৰপাত কৰিছিল ভীষ্ম নামৰ সেই পুৰুষে৷ মোৰ স্বপ্ন নিমিষতে হৈ পৰিছিল দুঃস্বপ্ন৷ মুহূৰ্তৰ ভিতৰতে ভাগি পৰিছিল মোৰ সপোনৰ সৌধ৷

ধৰ্মতঃ তেওঁৰে পুত্ৰ হস্তিনাপুৰৰ যুৱৰাজ জন্মান্ধ ধৃতৰাষ্ট্ৰৰ কাৰণে তেওঁ হেনো মোক বধূৰূপে বৰণ কৰিছে৷

মুহূৰ্ততে স্বপ্নভঙ্গৰ পীড়া, ঘৃণা আৰু স্বভাগ্যৰ বিড়ম্বনাত মই প্ৰকৃততে মৃত্যুকে বৰণ কৰিছিলোঁ সেই মুহূৰ্ততে৷ কাৰণ মই জানিছিলোঁ, সেই প্ৰস্তাৱৰ বিৰোধিতা কৰাৰ সাহস অথবা ক্ষমতা মোৰ পিতৃ-মহাৰাজৰ নাছিল৷

কিন্তু মোক মৃত্যুৰ পৰিৱৰ্তে জীৱনৰ প্ৰতি আগ্ৰহী কৰি তুলিছিল মোৰ কণিষ্ঠ ভাতৃয়ে৷ ভাতৃ শকুনিয়ে৷

শকুনিয়ে মোক সমগ্ৰ জগতে স্বামীপৰায়ণা বুলি যুগ যুগান্তৰলৈ চিহ্নিত কৰিব পৰাকৈ সাহসী কৰি তুলিছিল৷

মই এতিয়াও মোৰ ভিতৰৰ গান্ধাৰী নামৰ অসূৰ্যস্পৰ্শা কুমাৰী অস্তিত্বটোক প্ৰশ্ন কৰোঁ ঃ উচ্ছাকংক্ষী ধৃতৰাষ্ট্ৰ নেত্ৰহীন বাবেই গান্ধাৰীয়ে বিৱাহ-মুহূৰ্ততে নিজৰ নেত্ৰদ্বয় চিৰদিনৰ বাবে আচ্চাদিত কৰি লোৱাৰ কাৰণ কি? ধৃতৰাষ্ট্ৰৰ মদমত্ততাক প্ৰত্যক্ষ কৰি পাপ অৰ্জন নকৰিবৰ উদ্দেশ্যেইনে? নহয়৷ কোনো আত্মমৰ্যাদাসচেতন ব্যক্তিয়ে নিজৰ অকাৰণ অপমান সহ্য কৰিব নোৱাৰে৷ ময়ো নোৱাৰিলোঁ৷

মোৰ মনত প্ৰচণ্ড ঘৃণা ভাব জাগ্ৰত হৈছিল ক্ষমতান্ধ ক্ষত্ৰিয় বীৰ পুঙ্গৱসকললৈ৷

... অন্ধ বুলিয়েই কোনোবা পুৰুষে ৰাজসভাতে কোনো নাৰীৰ সমগ্ৰ শৰীৰটো হাতেৰে স্পৰ্শ কৰিবলৈ যত্ন কৰাটো কেনে অস্বস্তিকৰ!

অথচ সেয়েতো হৈছিল!

... ক্ৰমে ক্ৰমে ধৃতৰাষ্ট্ৰৰ আঙুলিবোৰ মোৰ হস্ত, বাহু, গ্ৰীৱা, মুখমণ্ডলেদি... যিমানে আগ বাঢ়িছিল সিমানে মোৰ অৱস্থা হৈ পৰিছিল মৃতকল্প৷ ভাগ্যে ভাতৃ শকুনিৰ পৰামৰ্শ অনুসৰি মই ইতিপূৰ্বেই মোৰ অক্ষদ্বয় আৱদ্ধ কৰি লৈছিলোঁ৷ লাহে লাহে মোৰ বক্ষযুগলো স্পৰ্শ কৰিলে সেই অবাঞ্ছিত অন্ধই... আৰু মৰ্দন কৰিলে ভৰা সভাগৃহত ...!

ঘৃণনীয়! চৰম ঘৃণনীয়! সেই মুহূৰ্ততে মই গোপনে সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ, এই লাম্পট্যৰ প্ৰতিভূ দুৰ্জনক মই আৰু কদাপি মোৰ শৰীৰ স্পৰ্শ কৰিবলৈ নিদিম৷

তেনে অসহজ আৰু জটিল পৰিস্থিতিবোৰত উচিত সিদ্ধান্ত গ্ৰহণ কৰাত মোক সৰ্বাধিক সাহায্য কৰিছিল শকুনিয়ে৷ কাৰণ, মোৰ স্বামী ধৃতৰাষ্ট্ৰৰ অন্ধত্বৰ সুবিধা লৈ মোৰ ভ্ৰাতা শকুনি হ’ব খুজিছিল হস্তিনাপুৰৰ ৰাজেশ্বৰ৷

কিন্তু সেই পথো কণ্টকেৰে আকীৰ্ণ হৈ উঠিল৷ মই নিজে অৱগত নোহোৱা মোৰ প্ৰথম বিৱাহৰ প্ৰসঙ্গটো কিবা প্ৰকাৰে ধৃতৰাষ্ট্ৰ তথা হস্তিনাপুৰৰ সম্ৰাট পাণ্ডুৰ কৰ্ণগোচৰীভূত হ’ল৷ লগে লগেই গান্ধাৰক নীতিবিগৰ্হিতভাৱে আক্ৰমণ কৰা হ’ল আৰু শতভাতৃসহিতে মোৰ পিতৃমহাৰাজ সুবলক কৰা হ’ল বন্দী৷ গান্ধাৰ ৰাজ্যক সম্পূৰ্ণ বিধ্বস্ত কৰি পৰিৱৰ্তন ঘটাই কৰা হ’ল কুৰুবংশৰ ভাৰত ৰাজ্যৰ এক ক্ষুদ্ৰ অঙ্গৰাজ্য মাথোন৷

বন্দী পিতৃ তথা শতভ্ৰাতাক হেনো আহাৰৰ নামত যোগান ধৰা হৈছিল এজন ব্যক্তিৰ ভোজ্যহে৷

ৰাজ্য হেৰুওৱাৰ যন্ত্ৰণা আৰু অপমান তথা বুভুক্ষাত এজন এজনকৈ মোৰ পিতৃদেৱকে ধৰি নৱনৱাতিজন ভাতৃয়ে অকালতে মৃত্যুবৰণ কৰিলে কাৰাগাৰৰ ভিতৰতে৷ জীৱিত অৱস্থাত ৰ’ল কেৱল ভ্ৰাতা শকুনি৷ কিন্তু শকুনিকো শাৰীৰিকভাৱে বিপন্ন কৰা হ’ল৷ তেওঁ বাওঁভৰিখন অসুস্থ হৈ পৰিল চিৰকাললৈ৷

হস্তিনাপুৰৰ জ্যেষ্ঠ ৰাজভ্ৰাতা ধৃতৰাষ্ট্ৰ মদমত্ত৷ দৰ্শনেন্দ্ৰিয় সক্ৰিয় নহ’লেও প্ৰায় হস্তীৰ শক্তিৰে বলীয়ান ধৃতৰাষ্ট্ৰ৷ কামুক, লম্পট ধৃতৰাষ্ট্ৰ৷ মোৰ শৰীৰটো দৰ্শন কৰিব নোৱৰাৰ যন্ত্ৰণাত তেওঁ আছিল প্ৰকৃতিৰ ওপৰত অসন্তুষ্ট৷

আৰু সম্ভৱতঃ সেই কাৰণেই তেওঁৰ বীভৎস যৌন বাসনাক চৰিতাৰ্থ কৰিবলৈ অপাৰগ হৈ মই বিসৰ্জন দিবলগীয়া হ’ল গৰ্ভত সন্তান ধাৰণ কৰাৰ হেঁপাহ৷ অৱশ্যে কাৰণ কেৱল সেইটোৱেই নহয়৷ ধৃতৰাষ্ট্ৰক মই ঘৃণা কৰিছিলোঁ৷

অথচ মই আছিলোঁ শতপুত্ৰ জন্ম দিব পৰাকৈ সৌভাগ্যৱতী আৰু সুস্থ শৰীৰৰ অধিকাৰিণী৷ কিন্তু মই যাক ঘৃণা কৰোঁ সেই ধৃতৰাষ্ট্ৰৰ শয্যাসঙ্গী নহ’লোঁ৷ ধৃতৰাষ্ট্ৰ জন্মান্ধ, সেয়ে মই তেওঁক ঘৃণা নকৰোঁ৷ মই তেওঁক ঘৃণা কৰোঁ, কাৰণ তেওঁ মোক সভাগৃহত যৌন নিৰ্যানতন চলাইছিল, মোক তেওঁৰ উপভোগৰ সম্পদ বুলি গণ্য কৰিছিল৷ তেওঁ জন্মান্ধৰূপে সৰ্বত্ৰ তেওঁৰ বাবে লোকশূন্য৷ কিন্তু হস্তিনাপুৰৰ ৰজাৰূপে তেওঁৰ সামান্য জ্ঞান থকা উচিত আছিল যে তেওঁ চৌপাশে অন্ধকাৰ দেখিলেও সেই অন্ধকাৰৰ মাজতে বহু ব্যক্তিয়ে অৱস্থান কৰি আছে!

অৱশেষত শতপুত্ৰৰ জননী হোৱাৰ সৌভাগ্যই দুৰ্ভাগ্যৰ জীৱন্ত যন্ত্ৰণা হৈ মোৰ গৰ্ভত দুটা বছৰতকৈও অধিক কাল বিহাৰ কৰি থকাৰ অভিনয় চলি থাকিল৷ তিল তিলকৈ মই সহ্য কৰিলোঁ জীৱনৰ অশেষ যন্ত্ৰণা৷

তেনে অৱস্থাতো মই নৈমিত্তিক ধৃতৰাষ্ট্ৰৰ যৌন বিকৃতিৰ সকলো পীড়া সহ্য কৰি থাকিবলগীয়াত পৰিলোঁ৷

কিন্তু মই কিয় সহ্য কৰিম? কিয় সহ্য কৰিম?

গান্ধাৰৰ ৰাজকুমাৰী হ’লেও হস্তিনাপুৰততো মই এক ৰাজবন্দিনীতকৈ অধিক একোৱেই নহওঁ! সেয়েহে সকলো দুখ সহ্য কৰি থাকি মই অনুসন্ধান কৰি আছিলোঁ এক বিকল্প উপায়ৰ৷ ইতিমধ্যে মোৰ পিতৃ আৰু ভাতৃসকলৰ অকাল মৃত্যুৰ বাতৰি আহি থাকিল অনুদিন৷ কেৱল ভ্ৰাতা শকুনিয়েহে নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হ’ল৷ কেৱল প্ৰাণৰক্ষাই নহয়, নিজৰ বিচক্ষণতাৰ বলত তেওঁ কাৰাৰুদ্ধ অৱস্থাৰপৰাই ধৃতৰাষ্ট্ৰৰ বিশ্বাসভাজন হ’বলৈও সক্ষম হ’ল৷

প্ৰকৃততে ৰাজ্যৰ একাধিক বিপদৰ মুহূৰ্তত মই ভ্ৰাতা শকুনিৰ সৈতে আলোচনা কৰি স্বামী ধৃতৰাষ্ট্ৰক তেওঁৰ কৰণীয় সম্পৰ্কে অৱগত কৰিছিলোঁ৷ মোৰ সেই পৰামৰ্শ ৰাজসভাত যথাবিহিত আলোচনা হৈছিল আৰু গৃহীত হৈছিল৷ সেই পৰামৰ্শৰ আধাৰতে ভাৰত ৰাজ্য সময়ত তৎকালিন বিপদৰপৰাও ৰক্ষা পৰিছিল আৰু আন সময়ত অনেক গুণে লাভান্বিত হৈছিল৷

ৰজা ধৃতৰাষ্ট্ৰই বাৰম্বাৰ মোৰ প্ৰশংসা কৰোঁতে মই তেওঁক অৱগত কৰিছিলোঁ যে মই দিয়া পৰামৰ্শ প্ৰকৃততে মোৰ নাছিল, আছিল মোৰ দুৰ্দশাগ্ৰস্ত ভ্ৰাতা হস্তিনাপুৰৰ ৰাজনৈতিক বন্দী শকুনিৰহে৷

বাৰম্বাৰ৷

আৰু এটা মুহূৰ্তত বন্দী শকুনিয়ে মুক্তিলাভ কৰিছিল৷

ৰজা ধৃতৰাষ্ট্ৰই মোৰ ভ্ৰাতাক সৌহাদ্যপূৰ্ণভাৱে গান্ধাৰ ৰাজ্য প্ৰত্যাৰ্পণ কৰিছিল৷ কিন্তু শকুনিয়ে সেয়া অগ্ৰাহ্য কৰি কৈছিল–

‘মহাৰাজ, গান্ধাৰ ৰাজ্য পুনপ্ৰৰ্তিষ্ঠা কৰিবৰ শক্তি মোৰ মাজত আৰু অৱশিষ্ট হৈ ৰোৱা নাই৷ বন্দীদশা তথা পিতৃৰ লগতে ভাতৃগণৰ বিয়োগে মোক সম্পূৰ্ণৰূপে মানসিকভাৱে বিধ্বস্ত কৰি পেলালে৷ এতিয়া মই আপোনাক আৱেদন জনাওঁ যাতে যি হস্তিনাপুৰত শকুনিৰ পিতৃ তথা ভাতৃগণৰ অৱশেষ আছে সেই হস্তিনাপুৰতে এই দুৰ্ভাগ্যসন্তান শকুনিকো আমৰণ বাস কৰিবলৈ অনুমতি দিয়ে৷ মই আপোনাক কথা দিছোঁ, মৃত্যু পৰ্যন্ত মই ভাৰত ৰাজ্যৰ একান্ত অনুগত হৈ থাকিম৷’

স্বামী ধৃতৰাষ্ট্ৰই অনুমতি প্ৰদান কৰিছিল৷

প্ৰকৃততে ভ্ৰাতা শকুনিৰ মনৰ ভিতৰত প্১৮লিত অগ্নিকুণ্ডটোৰ সম্ভেদ মোৰ ব্যতিৰেকে কোনেও লাভ কৰা নাছিল৷ মোৰ আৰু শকুনিৰ একমাত্ৰ লক্ষ্য আছিল অত্যাচাৰী কুৰুবংশ ধ্বংস কৰা৷

পুনৰাই এবাৰ মোৰ দুৰ্ভগীয়া ভ্ৰাতা শকুনিয়েই অৱতীৰ্ণ হ’লহি মোক জঠৰৰ পীড়াৰপৰা মুক্তি দিয়াৰ গোপন উপায়ৰ আয়োজনত৷

তেওঁৰ উদ্যোগতে ধৃতৰাষ্ট্ৰৰ অধীন মোৰ পিতৃৰাজ্যৰপৰা গোপনে আগমন ঘটিল এদল যৌনদাসীৰ৷ ধৃতৰাষ্ট্ৰৰ স্বভাৱ সম্পৰ্কে ভ্ৰাতা শকুনিয়েই সৌবালী গোষ্ঠীৰ সেই দাসীগণৰ প্ৰত্যেককে প্ৰয়োজনীয় সকলো প্ৰশিক্ষণ প্ৰদান কৰিলে৷

আৰু কোনোবা এক বিশেষ ৰজনীত মোৰ অঙ্গভূষণেৰে ভূষিতা হৈ মোৰ পৰিৱৰ্তে এক সৌবালী প্ৰৱেশ কৰিলেগৈ ধৃতৰাষ্ট্ৰৰ শয়নকক্ষত৷ সৌবালী নামৰ মোৰ হিতাকাংক্ষী সেই দাসীগণৰ প্ৰথমগৰাকী দাসীয়ে ধৃতৰাষ্ট্ৰৰ পুত্ৰ যুযুৎসুক জন্ম দিলে৷ আ(ৰ্যকৰ কথা এয়ে যে পৰৱৰ্তী কুৰু ৰাজবংশত যিমান দাসীপুত্ৰ জন্ম হ’ল সেই সকলোকে মই মোৰ সন্তানৰূপে গ্ৰহণ কৰিছিলোঁ, স্নেহ-আশিসেৰে বুকুত সাবটি লৈছিলোঁ৷ তেওঁলোক প্ৰতিজনেই কৌৰৱৰ হৈ চিন্তা কৰিলে, কামো কৰিলে, আনকি প্ৰত্যেকেই বীৰৰ দৰে মৃত্যুকো বৰণ কৰিলে৷ 

তেওঁ ঋষিশ্ৰেষ্ঠ ব্যাসৰ সৈতেও গোপনে মন্ত্ৰণা কৰি আহি মোক অনুৰোধ জনালেহি, মই যেন গৰ্ভধাৰণ কৰাৰ বাৰ্তা মহাৰাজ ধৃতৰাষ্ট্ৰক দিওঁ৷

তাৰ পাছত সুদীৰ্ঘ দুটা বছৰলৈ মোৰ গৰ্ভৰপৰা একোকে জন্ম নহ’ল৷ সেই দ্বিবাৰ্ষিক অভিনয় মোৰ জীৱনৰ অন্যতম অগ্নিপৰীক্ষা আছিল৷ তাৰ পাছত মোৰ শৰীৰী যন্ত্ৰণা আৰম্ভ হ’ল অভিনয়েৰে৷

ধৃতৰাষ্ট্ৰৰ মতে গান্ধাৰীয়ে প্ৰতিনিয়ত তেওঁৰ যৌন প্ৰয়োজন পূৰণ কৰে নিৰ্বিবাদে৷

কিন্তু সৌবালীগণক বিশেষভাৱে প্ৰশিক্ষণ দিছিলোঁ মই৷ মোৰ পৰিধেয় বস্ত্ৰৰ সম্পূৰ্ণ সদৃশ বস্ত্ৰ পৰিধান কৰাৰ, মই মোৰ শৰীৰত লেপন কৰা বিশেষ সুগন্ধি লেপনৰ, পদক্ষেপনৰ প্ৰশিক্ষণ মই নিজে প্ৰদান কৰিছিলোঁ৷

সৰ্বাধিক গুৰুত্ব আৰোপ কৰা হৈছিল অতি অনুচ্ছ কণ্ঠৰে বাৰ্তালাপৰ যাতে ধৃতৰাষ্ট্ৰক কৰ্ণকূহৰত সেই ধ্বনি বতাহৰ সোঁ-সোঁৱনিতকৈ অধিক প্ৰকট হৈ প্ৰৱেশ নকৰে৷ কাৰণ দ্বাৰহীন ৰাজকক্ষৰ দ্বাৰত থকা অতি সামান্য বস্ত্ৰপ্ৰস্তুত আভৰণৰ অন্তৰালতে সৰ্বদা প্ৰস্তুত হৈ অহৰ্নিশ অপেক্ষা কৰে অনামী দাসীয়ে, যিসকল নিজেও একোটা জৈৱিক শৰীৰৰ অধিকাৰিণী কিম্বা চক্ষু-কৰ্ণবিশিষ্টা জীৱিতা প্ৰত্যক্ষদৰ্শিনী৷

আৰু প্ৰতি ৰজনীতে চাৰি-পাঁচ বাৰকৈ ধৃতৰাষ্ট্ৰৰ যৌন উৎপীড়ণৰ বলি হোৱা সৌবালীগণে গোপনে জন্ম দি গৈছিল এটা এটাকৈ প্ৰায় শতেক সন্তান৷ মই প্ৰতিটো সন্তানকে গোপনে পৰিচৰ্যা কৰাৰ ব্যৱস্থা কৰিছিলোঁ আৰু আমি সুযোগপূৰ্ণ সময়লৈ অপেক্ষা কৰি অপেক্ষা কৰিছিলোঁ৷ প্ৰকৃততে সেই শিশুসকলৰ প্ৰত্যেককে মই গ্ৰহণ কৰিছিলোঁ স্বগৰ্ভজাত সন্তানৰূপেই৷

ভ্ৰাতা শকুনিয়েই আকৌ মোক গৰ্ভস্থ সন্তান জন্ম দিব নোৱৰা হোৱা বাবে মই ভুগি থকা পাৰ্থিৱ যন্ত্ৰণাৰ একাংশৰ উপশম ঘটাবলৈ যাৱতীয় ব্যৱস্থা কৰি পেলালে৷

আৰু এদিন অতি আকস্মিকভাৱে কুৰুবংশৰ ৰক্তনেতা যুগশ্ৰেষ্ঠ ঋষি বেদব্যাসে মোৰ গৰ্ভৰপৰা উৎপন্ন হোৱা মাংসপিণ্ডৰপৰা বিশেষ কৌষিক চিকিৎসাৰে শতপুত্ৰৰ জন্ম দিয়া বুলি এক বৃত্তান্ত প্ৰচাৰ কৰা হ’ল৷

মহৰ্ষি বেদব্যাসো আনন্দিত হ’ল তেওঁ নিজে নজনা বিদ্যাত পাৰদৰ্শী বুলি প্ৰচাৰ হোৱাত৷ আৰু ভ্ৰাতা শকুনিৰ পৰামৰ্শ অনুসৰি মই দাসীগণক নিজা নিজা সন্তানবোৰক লৈ সমৱেত হ’বলৈ নিৰ্দেশ দিলোঁ৷

মহাৰাজ ধৃতৰাষ্ট্ৰৰ আগমন ঘটিল৷ শতপুত্ৰ প্ৰাপ্তিৰ আনন্দত তেওঁ মোৰ প্ৰতি পঞ্চমুখ হৈ পৰিল –

‘শতপুত্ৰ! আঃ গান্ধাৰী! কি আনন্দ!’

ধৃতৰাষ্ট্ৰই ধাৰণাই কৰিব পৰা নাছিল যে এশটা সন্তানৰ ভাৰ কোনো চৰ্ততে কোনো নাৰীৰ উদৰে বহন কৰিব নোৱাৰে৷ প্ৰকৃততে কুৰুবংশৰ কোনোজন দিগ্‌গজেই অনুমান কৰিব পৰা নাছিল যে এগৰাকী মহিলাই কোনো কাৰণতে প্ৰাকৃতিকভাৱে একে সময়তে এশটা সন্তান জন্ম দিব নোৱাৰে৷ একমাত্ৰ পিতৃব্য ভীষ্মই এই বিষয়টো সূক্ষ্মভাৱে বিশ্লেষণ কৰি সত্য আৰু মিথ্যাৰ মাজৰ পাৰ্থক্য নিৰ্ণয় কৰিবলৈ সক্ষম হ’লহেঁতেন৷ কিন্তু তেখেতৰ চিৰকুমাৰত্ব অথবা ব্ৰহ্মচৰ্য-ব্ৰতে তেখেতক কিছুমান প্ৰাকৃতিক অভিজ্ঞতাৰপৰা বঞ্চিত কৰা বাবে পাৰিবাৰিক তথা জৈৱিক সম্পৰ্কৰ জ্ঞান তেখেতৰ নাছিল৷

ধৃতৰাষ্ট্ৰৰ আনন্দৰ প্ৰকাশে মোৰ মনত সৃষ্টি কৰিছিল সম্পূৰ্ণ বিপৰীত তাৎপৰ্যৰ প্ৰতিধ্বনি–

‘শতপুত্ৰ! আঃ! কি ভয়াৱহ ভৱিতব্যৰ আশঙ্কা!’

ধৃতৰাষ্ট্ৰই তেওঁৰ প্ৰতিটো সন্তানকে স্পৰ্শ কৰিছিল বুলি মোৰ দাসী পুষ্পগন্ধাই অনুচ্ছ কণ্ঠে মোক জনাইছিল৷ মোৰ দাসীগণৰ লগতে ভ্ৰাতা শকুনিয়ে পাছত মোক বিবৃত কৰিছিল যে পুত্ৰহঁতক স্পৰ্শ কৰোঁতে ধৃতৰাষ্ট্ৰৰ অন্ধ নয়নেৰে অনৰ্গল বাগৰিছিল আনন্দাশ্ৰু৷

হস্তিনাপুৰৰ ৰাজেশ্বৰীস্বৰূপে ৰাজ্যখনৰ প্ৰতিটো শিশুৰে মাতৃ বুলি মোৰ এটা উপলব্ধি আছিল আৰু এতিয়াও আছে৷ একেটা উপলব্ধিৰেই মই ধৃতৰাষ্ট্ৰৰ পুত্ৰগণৰো মাতৃত্ব বৰণ কৰিলোঁ৷ পৱিত্ৰ শিশুহঁতৰ মাতৃ বুলি নিজকে প্ৰতিষ্ঠা কৰি গৌৰৱত মোৰ হৃদয়খন আন্দোলিত হৈ উঠিছিল৷ প্ৰকৃততেই৷

মই মোৰ পুত্ৰগণৰ নাম লিপিবদ্ধ কৰাই লৈছিলোঁ ভূৰ্জপত্ৰত৷ সেই নাম মোৰ সহচৰী আনন্দিনীৰদ্বাৰা পাঠ কৰাই স্মৰণ কৰিবলৈ যত্ন কৰিছিলোঁ৷ স্পৰ্শ কৰি অনুভৱ কৰিবলৈ প্ৰয়াস কৰিছিলোঁ প্ৰতিটো সন্তানৰ শৰীৰৰ বিশেষত্ব৷

আঃ! শতপুত্ৰ মোৰ৷ এশটা নাম৷

সুযোধন, সুশাসন, সুসহ, সুশল, জলসন্ধ, সম, সাহ, বিন্দ, অনুবিন্দ, সুহৰ্ষ, সুভানু, সুপ্ৰদৰ্শন, সুমৰ্ষণ, সুমুখ, সুকৰ্ণ, বিৱিংশতি, বিকৰ্ণ, শল, সত্ব, সুলোচন, চিত্ৰ, উপচিত্ৰ, চিত্ৰাক্ষ, চাৰুচিত্ৰ, শৰাসন, সুমদ, সুভিগহ, বিৱিৎসু, শুভানন, উৰ্ণনাভ, সুনাভ, নন্দক, উপনন্দক, চিত্ৰবান, চিত্ৰবৰ্মন, সুবৰ্মন, দুৰ্বিমোচন, আয়ুবাহু, মহাবাহু, চিত্ৰাঙ্গ, চিত্ৰকুণ্ডল, ভীমবেগ, ভীমবল, বলাকি, বলবৰ্ধন, উগ্ৰায়ুধ, ভীম, কৰ্ণ, কনকায়, দৃধায়ুধ, দৃধবৰ্মন, দৃধক্ষত্ৰ, সোমকীৰ্তি, অনুদাৰ, দৃধসন্ধ, জৰাসন্ধ, সত্যসন্ধ, সদ, সুবক, উগ্ৰস্ৰৱা, উগ্ৰসেন, সেনানী, দুস্পৰাজয়, অপৰাজিত, কুন্দাশায়ী, বিশালাক্ষ, স্বাধাৰ, দৃধহস্ত, সুহস্ত, বাতবেগ, সুৱৰ্চ, আদিত্যকেতু, বহ্বাচিন, নাগদত্ত, অগ্ৰযায়ী, কুবাচিন, ক্ৰথান, কুন্দ, কুন্দাধাৰ, ধনুৰ্ধৰ, উগ্ৰ, ভীমৰথ, বীৰবাহু, আললুপ, অভয়, ৰৌদ্ৰকৰ্ম, দৃধৰথ, অনধৃশ্য, কুন্দভেদী, বীৰভি, দীৰ্ঘলোচন, প্ৰমথ, প্ৰামথী, দীৰ্ঘৰোম, দীৰ্ঘবাহু, মহাবাহু, ব্যোধৰু, কনকধ্বজ, কুন্দাশি আৰু বীৰযশ৷

আৰু মোৰ একান্ত কন্যা সুশলা৷

(আগলৈ)

 


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ