অন্যযুগ/


এজেবা কেঁচা নিমখ

 ৰিপুঞ্জয় বৰুৱা ঋমন

 

নিয়মত নচলা ৰজাৰ বজাৰ

জীৱশ্ৰেষ্ঠ নে জানোৱাৰ ?

 

ব্যস্ত ফুটপাথ ভিৰ চিটিবাছ

কোনে শুনে কাৰ কথা

ভগাব নোৱাৰি জিভাৰ আধা !

 

ইণ্টেনচিভ্ কেয়াৰত আয়ুসৰ কেক্ কটা-কটি 

উদং উদৰৰ সমদলত কবিৰাজ বনবাসী

 

আবতৰত গৰুছালৰ বেবনি

এগৰাকী মগনীয়া আইৰ চকুত চকুপানী

কিজানি আয়ে জানে, চুলেই মহামাৰী !

 

পৰিৱৰ্তনে মাতে হাত বাউল দি

 

ডিঙিলৈকে উজায় পেন্দুকণা আশ্বাস

চহৰত চলন্ত বিস্কুটৰ বিজ্ঞাপন

 

বাত বিষত গেঙাই উঠে ভাবৰ ভাববাদন

কিম্বা আদমৰ বাতুলতা

টোপনি নাহে

বিষ ধুবলৈ হাতত লওঁ এবটল হুইস্কী

আৰু এজেবা কেঁচা নিমখ।

 

ভোক আৰু যুদ্ধৰ দুটা চকু

ধুমুহাতো সাৰে থাকে

সপোনতো সাৰে থাকে

সাৰে থাকে ব্যৰ্থ টোপনিতো।

 

ঠিকনা :

বিৰিণা পথ, গৃহ নং - ৩

জনকপুৰ চাৰিআলি, কাহিলিপাৰা

গুৱাহাটী-১৯

ভ্ৰাম্যভাষ-৬৯০০৫২৪১২০

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ