অন্যযুগ/


সু-পৰিকল্পিত আঁচনিৰে ব্যৱসায়িক ভিত্তিত এৰী পলু পালন

 ড° মণিমালা শইকীয়া



সমৰ বিভিন্ন জনগোষ্ঠীয়ে এৰী পলু পালনৰ লগতে এৰী লেটাক খাদ্য হিচাপে পৰম্পৰাগতভাৱে গ্ৰহণ কৰি আহিছে৷ অসমৰ ২,৪০,৯৩৯ টা পৰিয়াল এৰী পালনৰ সৈতে জডি.ত আৰু ৰাজ্যখনৰ ৪২,৪৭১.০১ হেক্টৰ ভূমি এৰী পলুৰ খাদ্যবৃক্ষৰ অন্তৰ্গত৷ আমাৰ গাঁৱে-ভূঞে বিঘাই বিঘাই মাটি খেতি-বাতি নকৰাকৈ এতিয়াও এনেয়ে পেলাই থোৱা আছে৷ এইবোৰ মাটিত যদি সমবায়ভিত্তিত নিবনুৱাসকলে এৰা খেতি কৰি এৰী পালনত আত্মনিয়োগ কৰে তেনেহলে তেখেতসকল নিজেও উপকৃত হব আৰু আনকো কৰ্ম-সংস্থাপন দিব পাৰিব৷ আমাৰ ৰাজ্যখনত বিভিন্ন নিয়োগ বিনিময় কেন্দ্ৰত নামভৰ্তি  কৰা নিবনুৱাৰ সংখ্যা কুৰি লাখৰো অধিক৷ আনহাতে নামভৰ্তি নকৰাকৈ থকা নিবনুৱাৰ সংখ্যা কিমান তাৰ কোনো সঠিক পৰিসংখ্যা আমাৰ হাতত নাই৷ এই বৃহৎ সংখ্যক নিবনুৱাৰ একাংশ যদি ৰেচম উদ্যোগৰ সৈতে জডি.ত হয় তেনেহলে ৰেচম উদ্যোগৰ চেহেৰাই সলনি হৈ যাব৷

        এইখিনিতে প্ৰশ্ন হব পাৰে এৰী পলু পালনৰ যোগেদি লাভৱান হম কেনেকৈএৰী পলু পালনৰ যোগেদি লাভৱান হোৱাৰ বাট কেইবাটাও হব পাৰে৷ লাভৱান হোৱাৰ গোটেই  কথাটো সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰিব আমি কিমানলৈকে যাম বা যাব পাৰিম৷ ধৰা হওকএজনে কেৱল খোলা উৎপাদনলৈকে নিজৰ কাম-কাজ সীমাৱদ্ধ ৰাখিব বিচাৰিছেসেই একে সময়তে আন এজনে আকৌ এৰী খোলা বা বাহৰ পৰা সূতা কাটি কাপোৰ বোৱালৈকে নিজৰ কাম-কাজ প্ৰসাৰিত কৰিব বিচাৰিছে৷ এনে ক্ষেত্ৰত নিশ্চিতভাৱে প্ৰথম জনতকৈ দ্বিতীয়জনৰ লাভৰ অংকটো বেছি হোৱাতো তেনেই স্বাভাৱিক কথা৷ বজাৰৰ চাহিদা আৰু সেই অনুসাৰে সঠিক পৰিকল্পনা কৰিব পাৰিলে লাভৱান হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে৷

        ৰেচম পলু বিলাকক ঘৰচীয়া আৰু বনৰীয়া এই দুভাগত বিভক্ত কৰা হয়৷ ঘৰচীয়া বা মালবেৰী পলু বুলিলে পাট পলুক বুজায়৷ আনহাতে বনৰীয়া পলু বুলিলে এৰীমুগা আৰু টচৰ পলুক বুজা যায়৷ বনৰীয়া পলু বিলাকৰ ভিতৰত এৰী পলুক ঘৰৰ ভিতৰত পালন কৰা হয়৷ এৰী ৰেচমৰ অধিকাংশ অসমতে উৎপাদন হয়৷ দেশৰ মুঠ উৎপাদনৰ ৭০.০৯ শতাংশ এৰী অসমতে উৎপাদন হয়৷ উত্তৰ-পূব ভাৰতৰ অন্যান্য ৰাজ্যসমূহতো এৰী পলু পালন আৰু উৎপাদন হয়৷ অসমত ব্যৱসায়িকভাৱে তিনিবিধ ৰেচম পলুৰ খেতি হয়সেয়া হল ক্ৰমে এৰীমুগা আৰু পাট পলু৷ ইয়াৰে সৰ্বাধিক উৎপাদন এৰীৰে হয়৷ ২০১৯-২০ বৰ্ষত অসমত এৰী ৰেচম সূতাৰ উৎপাদন আছিল ৫০৪৯.৩ মেট্ৰিক টন৷ আজিৰ তাৰিখত বন্য ৰেচম উৎপাদনত অসমৰ স্থান ভাৰতৰ ভিতৰত প্ৰথম হোৱাৰ মূল কাৰণটো হল ক্ৰমবৰ্ধমান এৰী ৰেচমৰ উৎপাদন৷ অসমৰ বৃহৎ সংখ্যক পৰিয়াল এৰী পালনৰ যোগেদি আৰ্থিকভাৱে লাভান্বিত হোৱাৰ লগতে ভাৰতবৰ্ষকো বিশ্বৰ ভিতৰত সৰ্বাধিক এৰী ৰেচম উৎপাদনকাৰী দেশ হিচাপে পৰিগণিত হোৱাত সহায় কৰিছে৷

        পাট পলুক বাদ দি এৰী পলুৱেই হল একমাত্ৰ বন্য ৰেচম যাক ঘৰৰ ভিতৰতে পুহিব পৰা যায়৷ এৰী পলুৰ বাবে অসমৰ জলবায়ু অতিকে অনুকূল৷ আনহাতে এৰী পলুৰ খাদ্যবৃক্ষ সুলভ হোৱাৰ লগতে এই বিধ পলুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা আনবিলাক পলুতকৈ বহুত বেছি৷ অসমীয়া মানুহে অতীজৰে পৰাই এইবিধ পলু পালন কৰি আহিছে৷ এইবিধ পলু পালনৰ কৌশল সহজেই আয়ত্ত কৰিব পাৰি৷ মুগাপাট আৰু টচৰ পলু পালনতকৈ এৰী পলু পালনৰ সুবিধা বেছি৷ তদুপৰি এৰী লেটা অসমৰ প্ৰায় প্ৰতিটো জনগোষ্ঠীৰে এবিধ প্ৰিয় খাদ্য৷ গতিকে সূতা আৰু লেটা দুয়োটাৰ উৎপাদনেৰে অৰ্থ উপাৰ্জন সম্ভৱ৷

        কোনো লোকে নিজকে যদি এৰী পলু পালনত নিয়োজিত কৰিব বিচাৰে তেনেহলে তেখেতক প্ৰথমতে প্ৰয়োজন হব এৰী পলুৰ খাদ্যবৃক্ষ ৰোপনৰ বাবে মাটিখাদ্যবৃক্ষৰ সঁচখাদ্যবৃক্ষ ৰোপণ আৰু  প্ৰতিপালনৰ বাবে বিভিন্ন সঁজুলি আৰু ৰোগ নিৰ্মূল আৰু পতঙ্গ নিয়ন্ত্ৰণৰ বাবে ৰাসায়নিক দ্ৰব্য৷ দ্বিতীয়তেদৰকাৰ হব পলুৰ সঁচ৷ তৃতীয়তে লাগিবপলু পালনৰ বাবে এটি আচুতীয়া ঘৰ আৰু বিভিন্ন সা-সঁজুলি৷ পলু পালনৰ যোগেদি খোলা বা বাহ উৎপাদনৰ পাছত ব্যক্তিগৰাকীয়ে যদি ভাবে খোলাবোৰ বিক্ৰী কৰাতকৈ তাৰ পৰা সূতা কটা যাওকতেন্তে সূতা কাটিবৰ বাবে উন্নত যন্ত্ৰ যেনে, CSTRI এৰী সূতা কটা যন্ত্ৰ এটাৰো দৰকাৰ হব৷ 

        এৰী পলুৰ প্ৰধান খাদ্যবৃক্ষ হল এৰা গছ আৰু কেচেৰু গছ৷ আনহাতে গৌণ খাদ্যবৃক্ষ হল বৰপাতবৰকেচেৰুশিমলু আলুপয়াম আদি৷ এৰা গছ একবৰ্ষী উদ্ভিদ৷ ৰঙা আৰু সেউজীয়া ৰঙৰ কাণ্ড আৰু ঠালৰ পাউডাৰহীন অধিক উৎপাদনক্ষম জাত NBR-1, NBG-1 উপযোগী৷ বালিচহীয়া ওখ পানী জমা নোহোৱা মাটি এৰা খেতিৰ বাবে উপযুক্ত৷ প্ৰথমে মাটিডৰা ২-৩বাৰ ভালকৈ হালবাই এক মিটাৰ দূৰত্বত গাঁত খান্দি লব লাগে৷ গাঁতবিলাকত পচন সাৰ নাইবা গোৱৰ দিব লাগে৷ বীজবিলাক কেপটাফ নাইবা বেভিষ্টিন ভেঁকুৰনাশকৰ দ্বাৰা প্ৰতিলিটাৰ পানীত ৩ গ্ৰামকৈ মিহলাই ১৬-১৮ ঘণ্টা তিয়াই শোধন কৰি লব লাগে৷ পানীত ডুব যোৱা গুটিবোৰহে সিঁচিবৰ বাবে উপযুক্ত৷ চত-বহাগ মাহ আৰু আহিন-কাতি মাহ বীজ সিঁচিবৰ বাবে উপযুক্ত৷ প্ৰতিটো গাঁতত ৩টাকৈ পূৰঠ এৰা গুটি ৬ চেণ্টিমটাৰ দকৈ পূতিব লাগে৷ বীজ সিঁচাৰ পাছত দৈনিক দুই-তিনিবাৰ পানী দিয়াৰ ব্যৱস্থা কৰা উচিত৷ বীজবিলাক ৯-১০ দিনৰ ভিতৰত গজিবলৈ আৰম্ভ কৰিব৷ অলপ ডাঙৰ হলে ভাল পুলিটো ৰাখি বাকী দুটা পুলি উঘালি পেলাব লাগে৷ বীজ গজাৰএক মাহৰ পাছত গছৰ চাৰিওফালে বৃত্তাকাৰে নলা খান্দি গছে প্ৰতি ১৩ গ্ৰামকৈ ইউৰীয়া২৫ গ্ৰামকৈ ছুপাৰ ফছফেট আৰু ৩ গ্ৰামকৈ মিউৰেট অফ পটাছ্ সাৰ দিব লাগে৷ ইয়াৰ তিনি মাহৰ পাছত অথবা প্ৰথম কিস্তিৰ পাত ছিঙাৰ পাছত গছে প্ৰতি ৭ গ্ৰাম ইউৰীয়া আৰু ১ কিলোগ্ৰাম পচন সাৰ প্ৰয়োগ কৰিলে গছৰ শ্ৰীবৃদ্ধিৰ লগতে পাতৰ উৎপাদন বাঢে.৷ মাজ-মাজে এৰা খেতিডৰাত ঘাঁহ-বন নিৰাই থাকিব লাগে৷ এৰা খেতিত সাধাৰণতে মজা খোৱা পোকগুটি খোৱা পোকে আক্ৰমণ কৰিলে আক্ৰান্ত হোৱা গছৰ ডাল-পাতবোৰ কাটি পাতত থকা পোকবোৰ মাৰি পেলাব লাগে৷ পুলি গজাৰ দুই-তিনিমাহৰ পাছত পাত সংগ্ৰহ কৰিব পাৰি৷ এক একৰ মাটিত ১ মিঃ × ১ মিঃ ব্যৱধানত প্ৰায় ৪০০০ জোপা এৰা গছ ৰোপণ কৰিব পাৰি৷ এৰা গছৰ ক্ষেত্ৰত পুলি গজাৰ তিনি মাহৰ পাছৰ পৰা পাত সংগ্ৰহ কৰিব পাৰি৷ এক একৰ মাটিৰ এৰা বাগান এখনৰ পৰা বছৰি প্ৰায় ৫০০০ কিলোগ্ৰাম পাত সংগ্ৰহ কৰিব পাৰি৷ 

        কেচেৰুবৰপাত আৰু বৰকেচেৰু গছৰ নিৰ্দিষ্ট কোনো জাত নাই৷ বছৰৰ সকলো ঋতুতে এৰী পলু পালনৰ বাবে শিমলু আলু ব্যৱহাৰ কৰিব নোৱাৰি৷ বসন্ত আৰু গ্ৰীষ্ম ঋতুতহে শিমলু আলুৰ পাত এৰী পলুক খুৱাবৰ বাবে উপযুক্ত৷ আনকেইটা ঋতুত কেৱল শিমলু আলুৰ পাত খুৱাই এৰী পলু বচাই ৰখা টান৷ শিমলু আলুৰ পাত ব্যৱহাৰ কৰি এৰী পলু পালনৰ লগতে এৰী ৰেচম উৎপাদকে শিমলু আলু (tuber)ৰ উৎপাদনৰ যোগেদি উপাৰ্জন বৃদ্ধি কৰিব পাৰে৷ পাহাৰীয়া অঞ্চলবোৰত এৰী পলুৰ অন্যতম প্ৰধান খাদ্যবৃক্ষ হৈছে পয়াম৷ নগালেণ্ড আৰু মেঘালয়ৰ এৰী পালকে পয়ামৰ পাত সণ্ঢালনিকৈ ব্যৱহাৰ কৰে৷  

        কেচেৰু গছৰ কাৰণে প্ৰথমে নাৰ্ছাৰী প্ৰস্তুত কৰি তাৰ পৰা পুলিবোৰ মূল পথাৰত অৰ্থাৎ মুখ্য বাগিচাত ৰোপণ কৰা হয়৷ ফাগুন-চত মাহত বীজবোৰ সংগ্ৰহ কৰি পানী জমা নোহোৱা ঠাইত আগতীয়াকৈ প্ৰস্তুত কৰি থোৱা নাৰ্ছাৰীত সিঁচিব লাগে৷ বীজ সিঁচাৰ আগতে বীজখিনি এৰাতিৰ বাবে পানীত তিয়াই ৰখা উচিত৷ পাছদিনা বীজখিনি এখন বস্তাৰে ঘঁহি বাকলিসমূহ আঁতৰাই এটা পাত্ৰত পানী লৈ ভালদৰে ধুব লাগে৷ পাত্ৰৰ পানীত ডুব যোৱা বীজখিনিহে সিঁচিবৰ বাবে সংগ্ৰহ কৰা উচিত৷ কেচেৰু গুটিয়ে ১৮-ৰ পৰা ২৫ দিনৰ ভিতৰত গজালি মেলে৷ মুখ্য বাগিচাখনত পুলি ৰোপণৰ আগতে ভালদৰে চহাই-মৈয়াই ২ মিটাৰ ব্যৱধানত গাঁত খান্দি লোৱা উচিত৷ গাঁতবিলাকত পচন সাৰ বা গোবৰ প্ৰয়োগ কৰিব লাগে৷ ভাদ-আহিন মাহত পুলিবোৰ ৰোপন কৰা উচিত৷ গছ ৰোৱাৰ ৰ বছৰৰ পাছত গছৰ গুৰিত নলা খান্দি ৫০ গ্ৰাম¸ ইউৰিয়া৯০ গ্ৰাম¸ একক ছুপাৰ ফছফেট আৰু ১০ গ্ৰাম মিউৰেট অফ্ পটাছ প্ৰথম কিস্তি চত-বহাগ মাহত আৰু দ্বিতীয় কিস্তি আহিন-কাতি মাহত প্ৰয়োগ কৰা ভাল৷ কেচেৰু বাগানখনত মাজে-সময়ে কোৰ মাৰি বন-বাত নিৰাই থাকিব লাগে৷ গছ ৰোৱাৰ তিনি বছৰৰ পাছত প্ৰতিজোপা গছ প্ৰায় ১.৭৫ মিটাৰ উচ্চতাত কলম দিব লাগে৷ মাঘ-ফাগুন মাহ কলম দিয়াৰ বাবে উপযুক্ত সময়৷ কীট- পতঙ্গৰ পৰা হাত সাৰিবলৈ ৰগৰডাইমেক্ৰণনুভান আদি প্ৰয়োগ কৰিব পাৰি৷ পুলি ৰোৱাৰ ৩-৪ বছৰৰ মাজৰে পৰাই পাত সংগ্ৰহ কৰিব পাৰি যদিও পঞ্চম বছৰৰ পৰা সৰহীয়াকৈ আৰু নিয়মীয়াকৈ পাত সংগ্ৰহ কৰিব পাৰি৷ এক একৰ মাটিত ২ মিঃ × ২ মিঃ ব্যৱধানত প্ৰায় ১০০০ জোপা কেচেৰু গছ  ৰোপণ কৰি বছৰি তিনিটা ঋতুত সবৰ্মুঠ ১১,০০০ কিলোগ্ৰাম পাত সংগ্ৰহ  কৰিব পাৰি৷  আমাৰ এই চমু আলোচনাত মূলতঃ এৰী পলুৰ দুবিধ প্ৰধান খাদ্যবৃক্ষৰ বিষয়েহে সামৰি লোৱা হল৷ 

        এৰী পলু বছৰটোত চাৰি-পাঁচবাৰ পুহিব পাৰি৷ এৰী পলু পালনৰ বাবে এটা আছুতীয়া ঘৰৰ প্ৰয়োজন৷ ঘৰটো ভালদৰে বতাহ চলাচল কৰিব পৰা আৰু চাৰিওকাষে বাৰাণ্ডা থকা আৰু উত্তৰমুৱা হোৱা উচিত৷ ঘৰটোৰ দুৱাৰ-খিৰিকীভেণ্টিলেটৰত তাঁৰৰ জালি লগাই মাখি প্ৰতিৰোধ কৰি লব লাগে৷ পলু পালনৰ বাবে নিৰোগী সঁচহে লব লাগে৷ CSB-ৰ C-2 জাত এটা উচ্চ উৎপাদনক্ষম জাত৷ নাইবা বৰদুৱাৰডিফুতিতাবৰখানাপাৰাকোকৰাঝাৰ আদি জাতো ব্যৱহাৰ কৰিব পাৰি৷ পলু পোহাৰ তিনিদিন আগতে ২% ফৰ্মেলিন বা ৫% ব্লিচিং পাউডাৰেৰে ঘৰটো পৰিশোধন কৰি লব লাগে৷ পলু পুহিবৰ বাবে ডলাষ্টেণ্ডপাত সংৰক্ষণৰ বাবে বাকচপলুৱে বাহ বা খোলা বান্ধিবৰ বাবে চন্দ্ৰকী আৰু বিজাণু মাৰিবৰ বাবে পৰিশোধকৰ দৰকাৰ হব৷ পলুৰ বয়সৰ লগত সামঞ্জস্য ৰাখি পলুৰ প্ৰথম আৰু দ্বিতীয় অৱস্থাত কুমলীয়াতৃতীয় অৱস্থাত মধ্যমীয়াচতুৰ্থ আৰু পঞ্চম অৱস্থাত দিনে চাৰি-পাঁচবাৰকৈ পূৰঠ পাতৰ যোগান ধৰিব লাগে৷ এজনী চকৰীৰ কণীৰ পৰা ওলোৱা পলুখিনিক সম্পূৰ্ণ পলুকালত ১০ কিলোগ্ৰাম এৰাপাত নাইবা কিলোগ্ৰাম কেচেৰু পাতৰ দৰকাৰ হয়৷ পলু পালনৰ সময়ছোৱাত প্ৰতিদিনে ডলা পৰিস্কাৰ কৰাটো অতিকে দৰকাৰী৷ প্ৰতিদিনে পুৱা পাত যোগানৰ সময়ত ডলাবোৰৰ ওপৰত পলু সৰকিব পৰাকৈ একোখন কপাহী সূতাৰ জাল পাৰি তাৰ ওপৰত নতুন পাত খাবলৈ দিব লাগে৷ ডলাৰ পৰা পলুবোৰ জালৰ ওপৰলৈ পাত খাবলৈ বগাই আহিব৷ তেনে অৱস্থাত পাতেৰে সৈতে পলুবোৰ আন এখন পৰিস্কাৰ ডলালৈ স্থানান্তৰ কৰি তলৰ ডলাখন আঁতৰাই পৰিস্কাৰ কৰি পেলাব লাগে৷ পলুৰ অৱস্থা অনুসৰি নিৰ্ধাৰিত পৰিমানৰ পলুহে ডলাত ৰাখিব লাগে৷ তৃতীয় স্তৰৰ পৰা এৰী পলু পালন কৰোঁতেএৰা বা কেচেৰু পাতৰ মুঠা বান্ধি  মুঠাবোৰ বাঁহৰ দাঙত ওলোমাই দি পুহিব লাগে৷ এনেদৰে পলু পালন কৰিলে পলুৰ লাদ সহজতে পৰিস্কাৰ কৰিব পাৰি আৰু পলুবোৰ স্বাভাৱিক পৰিৱেশত  ডাঙৰ-দীঘল হোৱাত সুবিধা হয়৷ এৰী পলুৱে চাৰিবাৰ মোট সলায় বা ছাল কাটে৷ ছাল কটাৰ সময়ত পলুক পাত দিয়াটো বা হাতেৰে স্পৰ্শ কৰাটো অনুচিত৷ এই সময়ত পলু পালন কৰা ঘৰটো পৰিস্কাৰ আৰু শুকান কৰি ৰাখিব লাগে৷পলুবোৰ পূৰঠ হোৱাৰ পাছত খোলা বান্ধিবৰ বাবে চন্দ্ৰকীত দিয়া হয়৷ গৰমকালি ছয়-সাতদিনৰ ভিতৰত আৰু শীতকালি আঠ ন দিনৰ পাছত খোলা সংগ্ৰহ কৰা উচিত৷ খোলা সংগ্ৰহ কৰাৰ পাছত ভাল আৰু বেয়া খোলাবোৰ পৃথককৈ ৰাখিব লাগে৷ এশজনী চকৰীৰ কণীৰ পৰা প্ৰায় ৮০-১০০ কিলোগ্ৰাম খোলা (লেটাসহ) অথবা ৮-১০ কিলোগ্ৰাম কাটনি খোলা (লেটাবিহীন) পাব পাৰি৷ প্ৰায় ১.৩ কিলোগ্ৰাম কাটনি খোলাৰ পৰা এক কিলোগ্ৰাম এৰী ৰেচম সূতা কাটি উলিয়াব পাৰি৷ সামান্য মূলধন আৰু পৰিয়ালৰ সদস্যসকলৰ শ্ৰমদানৰ বিনিময়ত এক একৰ মাটিৰ এৰা বাগান এখনৰ পৰা উৎপাদিত পাতেৰে এজন এৰী পলু পালকে  ছশজনী চকৰীৰ কণীৰ পৰা ওলোৱা পলু পুহি ৪৮-৬০ কিলোগ্ৰাম কাটনি খোলা (বৰ্তমান বজাৰ মূল্য ৩৬,০০০-৫৭,০০০ টকা)  নাইবা ৩৬-৪৬ কিলোগ্ৰাম এৰী ৰেচম সূতা (বৰ্তমান বজাৰ মূল্য ৯০,০০০-১,৩৩,৪০০ টকা) পাব পাৰে৷ এৰা গছৰ লগত অন্তৱতীৰ্ শস্যৰ খেতি কৰিয়ো  উপাৰ্জন বৃদ্ধি কৰাটো সম্ভৱ৷ তাৰোপৰিএৰী পালনৰ লগতে আন আন উৎসৰ পৰা আহৰণ কৰা উপাৰ্জনৰ যোগেদি কৃষিজীৱী পৰিয়াল এটা সুকলমে চলি থাকিব পাৰিব৷ 

        এৰী পলুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বহুত বেছি৷ পলু পোহা ডলাত ৰৈ যোৱা পাত আৰু মল-মূত্ৰৰ ওপৰতে পলু পুহিলে অথবা এখন ডলাতে বহু পলু ৰাখিলে বেমাৰ-আজাৰ হব পাৰে৷ প্ৰধানকৈ ফুটুকাভেঁকুৰ ৰোগভাইৰাচজনিত ৰোগ আৰু মুখলগা বা বেক্টেৰিয়াজনিত ৰোগেই এৰী পলুৰ মাজত দেখা যায়৷ এই বেমাৰ-আজাৰবোৰৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় হল - বীজাণুমুক্ত কণী বা সঁচৰ ব্যৱহাৰপৰিস্কাৰ-পৰিচ্ছন্নতা বৰ্তাই  ৰখা আৰু পুষ্টিকৰ পাত যোগান ধৰা৷





        এৰী পলু পালনৰ যোগেদি খোলা বা বাহএৰী সূতা আৰু লেটা উৎপাদন কৰাটো সম্ভৱ৷ এৰী লেটা এবিধ সুস্বাদু আৰু পুষ্টিকৰ খাদ্য সামগ্ৰী৷ বজাৰত ইয়াৰ চাহিদা আছে৷ এৰী খোলাৰ পৰা লেপ আৰু ব্লেংকেট প্ৰস্তুত কৰিব পাৰি৷ এৰী সূতাৰ পৰা বৰকাপোৰশ্বলচাদৰ-মেখেলামোজাকুচন-কভাৰএৰী কোটটুপীমোনাপাৰ্চমাফলাৰটাই আদি প্ৰস্তুত কৰি বিক্ৰী কৰিব পাৰি৷ এৰী সূতা বিভিন্ন প্ৰাকৃতিক সূতাৰ লগত মিহলি কৰি ব্লেণ্ড সূতা প্ৰস্তুত কৰিব পৰা যায়৷ এৰী সূতা ঊলৰ নিচিনাকৈ গুঠিবও পৰা যায়৷  লেটাটো নমৰাকৈ এৰী সূতা প্ৰস্তুত কৰা হয় বাবে ইয়াক অহিংস ৰেচম’ বুলি কোৱা হয়৷ অহিংস নীতিত বিশ্বাস কৰা বিভিন্ন ধৰ্ম আৰু দেশৰ নাগৰিকে আন ৰেচমতকৈ এৰী ৰেচমৰ পৰা প্ৰস্তুত কৰা সামগ্ৰীক অগ্ৰাধিকাৰ দিয়ে৷ এৰা গছৰ গুটিৰ পৰা এৰাতেল প্ৰস্তুত কৰিব পাৰি৷ বৰ্তমান সময়ত অথাৰ্ৎ কৰনা মহামাৰীৰ প্ৰকোপৰ সময়ত বহুতো ব্যৱসায়ীয়ে এৰী মাস্ক প্ৰস্তুত কৰি বিক্ৰী কৰা দেখা গৈছে৷ অসমৰ স্পান চিল্ক মিলকেইটাত উন্নত মানৰ খোলাৰ চাহিদা আছে৷ সেয়েএৰী পলু পালন কৰি খোলা উৎপাদন কৰিলে বজাৰৰ কাৰণে চিন্তা কৰিব লগা একো নাই৷ এইখিনিতে উল্লেখ কৰা প্ৰয়োজনব্যক্তিগত চাহিদা পূৰণৰ বাবে এৰী পলু পালন আৰু ব্যৱসায়িকভাৱে এৰী পলু পালন একে কথা নহয়৷ ব্যক্তিগত চাহিদা পূৰণাৰ্থে পালন কৰা এৰী পলুৰ খাদ্যৰ বাবে বাৰীতে থকা কেইজোপামান এৰা গছ অথবা বাটৰ কাষৰ অত-তত গহৰা  গজা এৰা গছৰ ওপৰত নিৰ্ভৰ কৰি বহু সময়ত চলিব পাৰিকিন্তুব্যৱসায়িকভাৱে এৰী পলু পালন কৰিবলৈ হলে তেনে পদ্ধতিক অৱলম্বন কৰি আগনবঢ়াই শ্ৰেয়:৷

        এৰী পলু পালনক লৈ আমি যথেষ্ট আশাবাদী হোৱাৰ থল আছে৷ এৰী পলু পালন বিশেষকৈ ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ মানুহৰ জীৱন-সংস্কৃতিৰ এক অভিন্ন অঙ্গ৷ আমি প্ৰত্যেকেই কম-বেছি পৰিমাণে এৰী পালনৰ বিষয়ে জানো৷ মাথোঁ আমাৰ জীৱন-যাপনৰ সৈতে জডি.ত এৰী পলু পালন কৰ্মটিক উপযুক্ত পৰিকল্পনা আৰু বিজ্ঞানসন্মত পদ্ধতিৰে আগবঢ়াই  নিলেআৰু ব্যৱসায়িক দৃষ্টিভঙ্গী এটা সমুখত ৰাখি আগবাঢ়িলে আমি নিশ্চিতভাৱে নিজৰ লগতে আনৰো নিয়োগৰ দিহা কৰিব পাৰিম আৰু আৰ্থিকভাৱে লাভান্বিত হম৷

 

ঠিকনা :
সহকাৰী অধ্যাপকৰেচম বিভাগ,
অসম কৃষি বিশ্ববিদ্যালয়যোৰহাট - ১৩অসম৷

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ